মিৰি জীয়ৰী ৰচনা | মোৰ প্রিয় গ্রন্থ ৰচনা – মিৰি জীয়ৰী | My Favorite Book Miri Jiyori Essay | Mor Priya Grantha Miri Jiyori Essay in Assamese | Miri Jiyori Rosona | Miri Jiyori Axomiya Essay | Miri Jiyori Asomiya Rosona | তোমাৰ প্রিয় গ্রন্থ মিৰি জীয়ৰী ৰচনা | মোৰ প্রিয় গ্রন্থ মিৰি জীয়ৰী ৰচনা | Your Favorite Book Miri Jiyori Essay
মোৰ প্রিয় গ্রন্থ – মিৰি জীয়ৰী
আৰম্ভণি
ৰজনীকান্ত বৰদলৈঃ অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্রসিদ্ধ নাম। তেওঁক উপন্যাস সম্রাট বুলি কোৱা হয়। মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত মনোমতী, ৰহদৈ লিগিৰী, দন্দোৱা-দ্রোহ, নির্মল-ভকত বংগিলী আদি উল্লেখযোগ্য।
ৰজনী কান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামেৰে এমন উপন্যাস আছে। এইখন সামাজিক উপন্যাস। চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাব সুবিধা পাইছিল। তাৰ অভিজ্ঞতাৰে তেওঁ এইখন উপন্যাস লিখিছে। অসমীয়া সাহিত্যৰ আন দুই চাৰিখন উপন্যাস, নাটক, জীৱনী, গল্প-গ্রন্থ মই পঢ়িছো কিন্তু “মিৰি জীয়ৰী” পঢ়ি মই বৰ ভাল পালো। উপন্যাসখন এবাৰ নহয় দুবাৰ পঢ়িছো। সেই বাবে মোৰ প্রিয় গ্রন্থৰূপে “মিৰি জীয়ৰী”ৰ বিষয়ে লিখিবলৈ লৈছো।
মিৰি জীয়ৰী
“মিৰি জীয়ৰী”ত এহাল মিৰি (মিচিং) ডেকা- গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বর্ণনা কৰা হৈছে। ডেকাজনৰ নাম জংকি আৰু গাভৰুজনীৰ নাম পানেই। সোৱণশিৰিৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল। এনেকৈ দুয়ো শৈশৱত ৰং-ধেমালিৰ লগৰী হৈ পৰিছিল। কালক্ৰমত দুয়ো ডাঙৰ হ’ল, ল’ৰালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্র-পাত্ৰী হৈ পৰিল। বিহুৱে পাৰৱে নাচি বাগি সিহঁত আপোন পাহৰা হ’ল। পানেইৰ দেউতাক তামোদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল। মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্রথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল। ইপিনে জংকি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প আৰু কৰিলে।
টকা-পইচা যোগাৰ কৰিবলৈ জংকি ঘৃনা সুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল’লে। কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ’ল, পানেইয়ে সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ। ঘূনা সুঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জাংকিক ভাল পাইছিল। পিছে জংকিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ললে। জংকি পানেই ধৰা পৰিল, কাছাৰীত বিচাৰ হল, মাক-বাপেকে পানেইক লৈ আহিল। কিছুদিনৰ পাছত পানেই আকৌ পলাল। সেই খবৰ পাই জংকিয়ে পানেইৰ মাক বাপেকক লগ ধৰি কলে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ’ব। মাক-বাপেকে এইবাৰ তাইক জংকিলৈকে বিয়া দিবলৈ সৈমান হ’ল।
জংকিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে পানেইকো সিহঁতে বন্দী কবি এদিন তালৈকে আনে। বন্দী অৱস্থাতে জংকি পানেইৰ দেখা-দেখি হ’ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোতেই পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ’ল। বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে। শাল-মাৰি দুয়োটা দেহবান্ধি গাছি মিকিয়ে সিহঁতক উটুৱাই দিলে, নিষ্প্রাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰিৰ ঘাটত লাগিলহি।
জংকি পানেইৰ ভালপোৱাৰ প্রতি পানেইৰ মাক বাপেক আৰু সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল’ব লগাত পৰিল । ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনো দোষ নাছিল। দোষ সমাজৰ, সামাজিক ব্যৱস্থাৰ।
গ্রন্থখন প্রিয় হোৱাৰ কাৰণ
চৰিত্ৰঃ উপন্যাসখনৰ প্ৰধান চৰিত্র জংকি আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু হোজা আৰু সৰল। পানেইৰ দেউতাক তামেদ সমাজৰ নির্দেশত চলা মানুহ। মাক সহজ সৰল। কুমুদ ধনী গামৰ ল’ৰা। বাৰেগাম নিষ্ঠুৰ।
সামৰণি
উপন্যাসমনৰ পটভূমিত আমি সোঁৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূণা সূঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ। পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে। “মিৰি জীয়ৰী” কেৱল এহাল ডেকা-গাভৰুৰ প্রেম কাহিনীয়েই নহয়, মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায়। কাহিনী, চৰিত্র, পটভূমি আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ “মিৰি জীয়ৰী” এখন সুখপাঠ্য সামাজিক উপন্যাস। সেইবাবেই “মিৰি জীয়ৰী” গ্ৰন্থখন মোৰ অতিকৈ প্রিয় গ্রন্থ।