সৰস্বতী পূজা ৰচনা | Saraswati Puja Essay in Assamese

সৰস্বতী পূজা ৰচনা | Saraswati Puja Essay in Assamese

সৰস্বতী পূজা ৰচনা | বসন্ত পঞ্চমী ৰচনা | সৰস্বতী পূজাৰ বিষয়ে ৰচনা | সৰস্বতী পূজাৰ বিষয়ে অসমীয়া ৰচনা | Saraswati Puja Essay in Assamese | Assamese Essay on Saraswati Puja | Essay on Saraswati Puja in Assamese | Saraswati Puja Asomoya Rosona | Saraswati Puja Axomiya Rosona | Basant Panchami Essay in Assamese | Assamese Essay on Basant Panchami | Essay on Basant Panchami in Assamese


সৰস্বতী পূজা ৰচনা

আৰম্ভণি

সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁক শিক্ষাৰ্থীয়ে জ্ঞান আৰু বিদ্যাৰ অধিকাৰী ৰূপে পূজা কৰে। তেওঁক বাগদেৱী বীনাপাণি বুলিও কোৱা হয় ৷ সৰস্বতীৰ আন এটা নাম হৈছে বাণী। বাণী জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। বিদ্যাক আর্য ঋষি -মুনি সকলে শুক্লৰূপে কল্পনা কৰিছিল। বিদ্যাই মানুহৰ সকলো অন্ধকাৰ দূৰ কৰি জ্ঞান আৰু পৱিত্ৰতাৰে শুদ্ধ কৰে বাবে তেওঁলোকে দেৱীক শুক্ল বস্ত্ৰ পিন্ধাই শ্বেত পদ্ম আসনত বহুৱাই হংস বাহন দি পূজা অৰ্চনা কৰিছিল।

সৰস্বতীৰ বাহন আৰু অৰ্থ

চতুৰ্ভুজাৰূপী দেৱী সৰস্বতীৰ চাৰিখন হাতত থাকে বেদ (কিতাপ), অক্ষমালা আৰু বীণা। দেৱী সৰস্বতীৰ হাতত থকা প্ৰত্যেকটো সামগ্ৰীয়েই জ্ঞানৰ একো একোটা গভীৰ অৰ্থ বহন কৰি আছে। বেদে (কিতাপে) দেৱীৰ অসীম জ্ঞানৰ কথা সূচায়। সেয়ে দেৱী বিদ্যাধিষ্ঠাত্রী,জ্ঞানদায়িনী। অক্ষমালা হৈছে সময় আৰু কালৰ প্ৰতীক। দুখন হাতত থকা বীণা হল সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰা। দেৱী সৰস্বতীৰ বাহন হ’ল ৰাজহংস। ৰাজহংস জ্ঞানৰ প্ৰতীক। দেৱীৰ হাতত থকা কিতাপ আৰু বীনাই জ্ঞান, বিদ্যা আৰু সংগীতৰ মাজত থকা গভীৰ সম্বন্ধৰ কথা বজায়।

সৰস্বতী পূজা উদযাপন

মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু আন শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ছাত্ৰী সকলে অতি উৎসা আৰু উদীপনাৰে সৰস্বতী পূজা পালন কৰে। পূজাৰ আগদিনা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্রী সকলে লগ-লাগি মংগল ধ্বনি দি দেৱীক ভক্তি ভাবে মণ্ডপত প্রতিষ্ঠা কৰে। পূজাৰ দিনা ছাত্র-ছাত্রী সকলে ফুল, তুলসী, আৰু বেলপাত লৈ দেৱীক পূজা কৰে।পূজাৰ অন্তত মাহ-প্ৰসাদ আৰু খিচিৰি বা লুচী পুৰী আদি খায়। পূজাৰ পিছদিনা ছাত্র-ছাত্রী সকলে এক শোভাযাত্ৰা কৰি ধূপ-ধূনা জ্বলাই দেৱী ৰ ধ্বনি দি পুখুৰীত বা নদীত বিসর্জন দিয়ে।

READ MORE  অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | Essay on Natural Resources of Assam

সামৰণি

এই পূজাৰ দ্বাৰা শিক্ষাৰ্থীৰ মনত এক পবিত্র ভাবে ঠাই লয়,জ্ঞান আৰু বিদ্যাৰ প্ৰতি আগ্ৰহ বাঢ়ে। সৰস্বতী পূজা হৈছে প্ৰজ্ঞা, শিক্ষা, সংস্কৃতিৰ উদযাপন। আমি দেৱী সৰস্বতীৰ আশীৰ্বাদ বিচৰাৰ সময়ত চিন্তা, নবীকৰণ, আৰু কৃতজ্ঞতাৰ সময়। তেখেতৰ ঐশ্বৰিক পোহৰ আমাক জ্ঞান আৰু জ্ঞানৰ পথত পৰিচালিত কৰক, আৰু তেখেতৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকক।

Leave a Comment

error: Content is protected !!
Scroll to Top