দূৰদৰ্শন ৰচনা | Television Essay in Assamese

দূৰদৰ্শন ৰচনা | Television Essay in Assamese

দূৰদৰ্শন ৰচনা | দূৰদৰ্শনৰ বিষয়ে ৰচনা | দূৰদৰ্শনৰ বিষয়ে অসমীয়া ৰচনা | টেলিভিচন ৰচনা | টেলিভিচনৰ বিষয়ে ৰচনা | টেলিভিচনৰ বিষয়ে অসমীয়া ৰচনা | টেলিভিছন ৰচনা | টেলিভিছনৰ বিষয়ে ৰচনা | টেলিভিছনৰ বিষয়ে অসমীয়া ৰচনা | Television Essay in Assamese | Doordarshan Essay in Assamese | Doordarshan Axomiya Rosona | Doordarshan Asomiya Rasana | Durdorshon Essay in Assamese | Assamese Essay on Television | Asomiya Rosona Television | Axomiya Rosona Television | Essay on Television in Assamese


দূৰদৰ্শন

আৰম্ভণি

 দূৰদৰ্শন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ। দূৰদৰ্শনৰ ইংৰাজী প্রতিশব্দ হৈছে “টেলিভিচন”। “টেলি” শব্দই দূৰ আৰু “ভিচন” শব্দই দেখা বা দর্শন কাৰ্যক বুজায়। অর্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কার্য বা ঘটনাৰ লগতে মাত-কথাও শুনিব পাৰি।

দূৰদৰ্শন আবিষ্কাৰৰ ইতিহাস

দূৰদৰ্শন বা টেলিভিচন আবিষ্কাৰ কৰিবলৈ ১৯ শতিকাৰ আৰম্ভণিৰে পৰা ভালেকেইজন বিজ্ঞানীয়ে অহৰহ চেষ্টা কৰিছিল। অৱশেষত ১৯২৫ চনৰ ২৫ মাৰ্চ তাৰিখে ইংলেণ্ডৰ জন লগি বেয়ার্ড নামৰ বিজ্ঞানীজনে প্ৰথম বাৰৰ বাবে দূৰদৰ্শনৰ কাৰ্যপদ্ধতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। সেয়ে টেলিভিচনৰ স্ৰষ্টা বুলি কলে জন লগি বেয়াৰ্ডৰ নামে ল’ব লাগিব। ১৯৩৬ খ্রীঃত ইংলণ্ডৰ বৃটিছ ব্রডকাষ্টিং কৰপ’ৰেছনে (B.B.C) প্রথমে দূৰদৰ্শন যোগে বাতৰি আদি প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। ভাৰতবৰ্ষত ১৯৫৯ চনত আৰু অসমত ১৯৮২ চনত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয়।

দূৰদৰ্শনৰ কাৰ্য প্ৰণালী

টেলিভিচনৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা দৃশ্যবোৰ প্ৰথমতে শক্তিশালী কেমেৰাৰে তুলি সেইবোৰ উজ্জ্বল আৰু অনুজ্জ্বল পোহৰ বিন্দুলৈ ৰূপান্তৰিত কৰা হয়। তাৰ পিছত ইয়াক বিদ্যুৎ তৰঙ্গলৈ সলনি কৰি শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ পঠোৱা হয়। গ্রাহক যন্ত্ৰই এইবোৰ পূৰ্বৰ ছবি আৰু শব্দলৈ ৰূপান্তৰ কৰে, ফলত টেলিভিচনৰ জৰিয়তে দূৰত ঘটা ঘটনা চাব আৰু শব্দ শুনিব পৰা যায়।

READ MORE  মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese

দূৰদৰ্শনৰ উপকাৰিতা

বিজ্ঞানৰ শ্ৰেষ্ঠ অৱদান, দূৰদৰ্শন পৃথিৱীৰ অন্যতম প্ৰচাৰ মাধ্যম। এখন দেশ, জাতিৰ ই দাপোনৰ দৰে৷ দূৰদৰ্শনে পৃথিৱীক নিচেই ওচৰ চপাই আনিলে। চকুৰ পচাৰতে দেশ-বিদেশৰ সকলো খা-খবৰ, সাংস্কৃতিক জগৎ, জ্ঞান-বিজ্ঞানৰ, ৰাজনীতি, খেলা-ধূলা আদি মানৱ জীৱনৰ লাগতীয়াল সকলো দিশ ইয়াৰ দ্বাৰা উপভোগ কৰিব পাৰি। শিক্ষা জগতৰৰ ই শক্তিশালী মাধ্যম। বিভিন্ন চেনেলৰ দ্বাৰা কেন্দ্ৰবোৰ নিয়ন্ত্রিত হয়। “ডিচকভাৰী”, “নেচনেল জিঅ’গ্ৰাফী” আদি শিক্ষামূলক চেনেল।

দূৰদৰ্শনৰ অপকাৰিতা

যদিও এই যন্ত্রই আমাক জ্ঞান আহৰণৰ সুবিধা দিছে, ঠিক সেইদৰে উপযুক্ত ব্যৱহাৰ কৰিব নাজানিলে ইয়াৰ দ্বাৰা অপকাৰো নোহোৱা নহয়। ওচৰৰ পৰা বহু সময় চালে আমাৰ চকুৰ অনিষ্ট হ’ব পাৰে। অনবৰতে চাই থাকিলে পঢ়া-শুনাটো ব্যাঘাত জন্মে। কিছুমান কোম্পানীৰ বিজ্ঞাপনো হানিকাৰক। দূৰদৰ্শনে বয়স্থ লোকৰো চিন্তা-ভাৱনাত ব্যাঘাত জন্মাইছে। গতিকে কার্য-সূচী প্রণয়ন কৰোঁতে যেনেকৈ দূৰদৰ্শনৰ কেন্দ্ৰ সমূহে সাৱধান হোৱা উচিত, তেনেকৈ দূৰদৰ্শনৰ কাৰ্যসূচী চোৱাৰো নিৰ্দিষ্ট সময় বান্ধি ল’ব লাগে। বিজ্ঞানৰ এই শ্রেষ্ঠ অৱদানক সু-বিবেচনাৰে কৰি উপভোগ কৰিব লাগে।

সামৰণি

সামৰণিত ক’ব পাৰি যে দূৰদৰ্শন নিজৰ সুবিধা আৰু অসুবিধাৰ সৈতে দুধাৰি তৰোৱাল হৈয়েই আছে। ই এক শক্তিশালী মাধ্যম যিয়ে আমাৰ জীৱনলৈ জ্ঞান, মনোৰঞ্জন, আৰু সুবিধা কঢ়িয়াই আনে। কিন্তু ইয়াৰ ভুল তথ্য, স্বাস্থ্যজনিত নেতিবাচক প্ৰভাৱ, সামাজিক পৰিণতিৰ সম্ভাৱনাক আওকাণ কৰিব নোৱাৰি।

সংবাদ মাধ্যমৰ দায়িত্বশীল গ্ৰাহক হিচাপে দূৰদৰ্শনক ইয়াৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা আৰু ইয়াৰ সম্ভাৱ্য ফান্দসমূহ পৰিচালনা কৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। বিবেচনাশীল দৰ্শক হৈ আৰু সংবাদ মাধ্যমৰ সাক্ষৰতাক প্ৰসাৰিত কৰি আমি দূৰদৰ্শনৰ ইতিবাচক দিশসমূহ ব্যৱহাৰ কৰিব পাৰো আৰু লগতে ইয়াৰ নেতিবাচক প্ৰভাৱসমূহো লাঘৱ কৰিব পাৰো। চিন্তাশীল ব্যৱহাৰৰ দ্বাৰা দূৰদৰ্শন আমাৰ নিত্য বিকাশশীল সমাজত এক মূল্যৱান সম্পদ হৈ থাকিব পাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top