মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese | Manab Sabhyatar Kroma Bikashot Bigyanor obodan Axomiya Rosona


মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা

আৰম্ভণি

মানৱ সমাজৰ বৌদ্ধিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে ঘটা উত্তৰণকে চমুকৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশ বুলিব পাৰি। এই ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানৱ সমাজক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে।

সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান

আদিম অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈকে মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ যিমানবোৰ অৱদান আছে, তাক এখন ৰচনাত লিখি শেষ কৰিব পৰাটো সম্ভৱ নহয়। তাৰে কিছুমান উল্লেখযোগ্য অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে ।

যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান

বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদিৰ আৱিষ্কাৰে যাতায়াত ব্যৱস্থাত আমূল পৰিবৰ্তন আনিলে। এই উন্নত মানৰ যাতায়াতৰ মাধ্যম সমূহে গোটেই পৃথিৱীখনকে পৰিভ্ৰমণ কৰাৰ পথ সূচল কৰিলে ।

যোগাযোগৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান যথেষ্ট। টেলিগ্ৰাম, টেলিফোন, ছপাশাল, ৰেডিঅ’, টেলিভিশ্যন আদিৰ উপৰিও বৰ্তমান যুগৰ মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মুহুৰ্ততে পৃথিৱীৰ যি কোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিলে।

অৰ্থনৈতিক বিকাশত বিজ্ঞানৰ ভূমিকা

অৰ্থনৈতিক বিকাশৰ ঘাই দিশ সমূহ যেনে- কৃষি, শিল্প, বাণিজ্য আদি সকলো দিশতে বিজ্ঞানৰ অৱদান অপৰিসীম। বিজুলি বাতিৰ আৱিষ্কাৰে কেৱল পৃথিৱীখনকে পোহৰাই তোলা নহয়, অনেক কল কাৰখানা, উদ্যোগ আদি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। কৃষিৰ ক্ষেত্ৰতো অনেক যন্ত্ৰপাতি, সাৰ, কীটনাশক দ্ৰব্য আদিৰ আৱিষ্কাৰে মানুহৰ কষ্ট লাঘৱ কৰাৰ লগতে উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

উপৰুক্ত অৱদান সমূহৰ বাহিৰেও মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত অনেক সা-সামগ্ৰী যেনে- ৰন্ধন গেছ, ৰিফ্ৰিজাৰেটৰ (ফ্ৰিজ), ফেন, হিটাৰ, কাপোৰ ধোৱা মেচিন আদিকে ধৰি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে যিমানবোৰ বস্তু ব্যৱহাৰ কৰা হয়, প্ৰায়বোৰেই বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিলে।

READ MORE  বাতৰি কাকত ৰচনা | News Paper Essay in Assamese

সামৰণি

বিজ্ঞানৰ অৱদান সমূহৰ বাবেই মানৱ সমাজ আজিৰ এই অৱস্থাত উপনীত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সহায়ত মানুহে জল, স্থল, আকাশ, বতাহ সকলোতে আধিপত্য স্থাপন কৰি ইতিহাস সৃষ্টি কৰিছে। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে যি উন্নতি হৈছে, সেয়া কেৱল বিজ্ঞানৰ বলতে হৈছে।

Leave a Comment

error: Content is protected !!
Scroll to Top