অসমৰ ক্ষুদ্ৰ উদ্যোগ : সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ | Small Scale Industries in Assam Essay in Assamese | অসমৰ ক্ষুদ্ৰ উদ্যোগ ৰচনা | Asomor Khudra Udyog Essay in Assamese | Axomor Khudra Udyog Essay in Assamese | Essay on Axomor Khudra Udyog | Axomiya Rosona Asomor Khudra Udyog
অসমৰ ক্ষুদ্ৰ উদ্যোগ ৰচনা
(আৰম্ভণি – ক্ষুদ্ৰ উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ – ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ – বাণিজ্যিকীকৰণ – অসমত ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা – আৰ্থিক সৱলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা – সামৰণি)
আৰম্ভণি
উদ্যোগ বুলি ক’লে সাধাৰণতে বস্তু বা সামগ্ৰী উৎপাদন কৰা ক্ষেত্ৰ বা কল-কাৰখানাক বুজায়। এই উদ্যোগবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰা হয়— ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ আৰু বৃহৎ উদ্যোগ। ক্ষুদ্ৰ উদ্যোগবোৰক কুটীৰ শিল্প বুলিও কোৱা হয়। এই উদ্যোগবোৰত আধুনিক বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱহাৰ নহয়। ই সম্পূৰ্ণৰূপে ঘৰুৱা আৰু দৈহিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল। পুৰণি কালৰে পৰা অসম ক্ষুদ্ৰ উদ্যোগ বা কুটীৰ শিল্পত যথেষ্ট চহকী।
ক্ষুদ্ৰ উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ
‘ক্ষুদ্ৰ’ শব্দটোৰ পৰাই ক্ষুদ্ৰ উদ্যোগৰ ধাৰণা অতি সহজে কৰিব পাৰি। গতিকে ক্ষুদ্ৰ উদ্যোগ হৈছে বৃহৎ যন্ত্ৰপাতি, প্ৰচুৰ পৰিমাণৰ মূলধন আৰু অধিক শ্ৰমিকৰ অবিহনে সাধাৰণ সা-সামগ্ৰীৰে, ঘৰতে দৈহিক শ্ৰমৰ দ্বাৰা বস্তু উৎপাদন কৰা উদ্যোগ বা শিল্প। অসমত প্ৰচুৰ পৰিমাণে সহজলভ্য কেঁচা-সামগ্ৰী আৰু অসমীয়া মানুহৰ শৈল্পিক কাৰুকাৰ্যৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে এই উদ্যোগে এক সুকীয়া স্থান দখল কৰি আহিছে। অসমৰ ক্ষুদ্ৰ উদ্যোগ সমূহক নিম্নোক্ত ধৰণে শ্ৰেণী বিভাগ কৰিব পাৰি—
ক) ৰেচম| বয়ন শিল্প।
খ) বাঁহ বেতৰ শিল্প।
গ) কাঁহ-পিতলৰ’ শিল্প।
ঘ) মৃৎ শিল্প।
ঙ) কমাৰ শিল্প।
চ) হাতী দাঁতৰ শিল্প ইত্যাদি।
ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ
অসম অতীতৰে পৰা ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত চহকী যদিও বিশেষ কেইটামান উদ্যোগ ৰাজ্যখনৰ কেইটামান নিৰ্দ্দিষ্ট অঞ্চলতে সীমাবদ্ধ। উদাহৰণ স্বৰূপে– শুৱালকুছিৰ পাৰ্ট-সুগাৰ শিল্প, নগাঁৱৰ কপাহী কাপোৰ আৰু এড়ী শিল্প, বৰপেটাৰ হাতীদাঁতৰ শিল্প, হাজো সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প ইত্যাদি। অৱশ্যে বাঁহ-বেত, কাঠ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, সোণ-ৰূপৰ অলংকাৰ তৈয়াৰী শিল্প, লোহাৰ সা-সঁজুলি নিৰ্মিত শিল্প আদিবোৰ অসমৰ বিভিন্ন অঞ্চলত সম্প্ৰসাৰিত। এই উদ্যোগসমূহ নিৰ্দ্দিষ্ট কিছুমান অঞ্চলতে সীমাবদ্ধ নাৰাখি বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত বা বিস্তাৰিত কৰাটো প্ৰয়োজন।
বাণিজ্যিকীকৰণ
বৃহৎ আৰু মজলীয়া উদ্যোগত উৎপাদিত সামগ্ৰী সমূহৰ যিদৰে ডাঙৰ বজাৰ আৰু চাহিদা আছে, সেইদৰে ক্ষুদ্ৰ উদ্যোগজাত সামগ্ৰীসমূহৰো এখন উপযুক্ত বজাৰ আৰু চাহিদা থাকিলেহে এই উদ্যোগ সমূহ জীয়াই থাকিব। সেয়ে এই উদ্যোগসমূহৰ বাণিজ্যিকীকৰণ হোৱাটো অতি প্ৰয়োজন । কেবল ঘৰুৱা চাহিদা পূৰণৰ বাবে প্ৰতিষ্ঠিত হলে এনে উদ্যোগ দীৰ্ঘদিন বৰ্ত্তি থাকিব নোৱাৰে। গতিকে উদ্যোক্তা- সকলে উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰি বজাৰ দখল কৰিবলৈ চেষ্টা কৰিব লাগে। অসমৰ কেইবিধমান ক্ষুদ্ৰ উদ্যোগজাত সামগ্ৰী যেনে- পাৰ্ট-মুগাৰ কাপোৰ, কাঁহ-পিতলৰ সামগ্ৰী, বাঁহ-বেতৰ সামগ্ৰী আদিৰ চাহিদা কেবল অসমতে নহয়, ভাৰতৰ বিভিন্ন ঠাই আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰতো দেখা যায়। তেনেকৈ আন উদ্যোগ সমূহেও অৰ্থনৈতিক লাভা-লাভৰ বাবে বজাৰ দখলৰ প্ৰতিযোগিতাত ফেৰ মাৰিবলৈ চেষ্টা কৰিব লাগে।
অসমৰ ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা
সাম্প্ৰতিক কালত অসমৰ ক্ষুদ্ৰ উদ্যোগ সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যেনে— কেঁচা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি আৰু দুষ্প্ৰাপ্যতা, আধুনিক যন্ত্ৰ শিল্পৰ দ্বাৰা বা বৃহৎ উদ্যোগ সমূহৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে ফেৰ মাৰিব নোৱাৰা, বৃহৎ উদ্যোগৰ জাক্-জমকীয়া বস্তুৰ প্ৰতি মানুহৰ বাঢ়ি অহা আকৰ্ষণ আৰু চাহিদা, মানুহৰ ৰুচিৰ পৰিবৰ্তন আৰু ক্ষুদ্ৰ উদ্যোগি সকলৰ আৰ্থিক দুৰৱস্থা আৰু দক্ষতাৰ অভাব ।
আৰ্থিক সৱলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা
আৰ্থিক সৱলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগ সমূহৰ ভূমিকা যথেষ্ট। যিহেতু অসমৰ ৭০ শতাংশৰো অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষিয়েই একমাত্ৰ জীৱিকাৰ সম্বল হ’ব নোৱাৰে, সেয়ে এই ক্ষুদ্ৰ উদ্যোগ সমূহে বহু লোকৰ স্ব-নিয়োজিত আৰু জীবিকা অৰ্জনৰ সম্বল হিচাপে অৰিহণা যোগাই আহিছে। বৰ্তমান নিবনুৱাৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি হৈছে কিন্তু নিয়োগৰ সুবিধা সীমিত। এনে ক্ষেত্ৰত অনেক লোকে ক্ষুদ্ৰ উদ্যোগ সমূহত নিয়োজিত হৈ আৰ্থিকভাবে টনকীয়াল হ’ব পাৰিছে আৰু কেবল চাকৰিমুখী নহৈ বহুতৰ বাবে আদৰ্শ হ’ব পাৰিছে ।
সামৰণি
ক্ষুদ্ৰ উদ্যোগ সমূহে অসমৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি অহাৰ লগতে বহু লোকৰ উপাৰ্জনৰ এক সুন্দৰ পথ হিচাপে পৰিগণিত হৈ আহিছে। বৰ্তমান এই উদ্যোগ সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাবোৰৰ মাজতো উদ্যোগ সমূহ জীয়াই ৰখাটো সকলোৰে কৰ্তব্য। চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি এই উদ্যোগ সমূহৰ সংৰক্ষণ আৰু উন্নয়ন নিশ্চিত কৰা দৰকাৰ।