এশ গৰু মাৰিলে বাঘৰো মৰণঃ বাঘ মাংসভোজী তথা শক্তিশালী প্রাণী আৰু বাঘে জীয়াই থাকিবৰ বাবে গৰু ম’হ আদিৰ বধ কৰে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব লাগিব।
তেতিয়া যদি বাঘে বনত খাদ্য নাপাই কৃষকৰ পোহনীয়া গৰু এটা দুটাকৈ বহুতো গৰু নিধন কৰি গৈ থাকে তেনে পৰিস্থিতিত সেইটো অঞ্চলত এক ত্ৰাসৰ সৃষ্টি হব। গতিকে মানুহবোৰে তেতিয়া যি কোনো উপায়েৰে বা যি কোনো কষ্টৰ বিনিময়তে হওক সেই বাঘক মাৰিবলৈ সংকল্প বদ্ধ হয়। প্রয়োজন হ’লে প্রশিক্ষণ প্ৰাপ্ত চিকাৰীৰ সহায় লৈও তেনে অত্যাচাৰী বাঘক বধ কৰে।
ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্রবঞ্চকে কৰা এটা দুটা ঘটনাৰ কথা মানুহৰ চকুত পৰকে বা নপৰক, কিন্তু তাৰ সীমা অতিক্রম কৰিলে কোনো লোকে বা ৰাইজে সহ্য নকৰে। অৱশেষত এনে লােকৰ ধংস অনিবার্য্য। অর্থাৎ সকলোে কাৰ্যৰ্যৰে এটা নির্দিষ্ট সীমা থাকে, এই সীমা অতিক্ৰম কৰিলেই বিপদ আহিব।