আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা | ফকৰা যোজনা

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাঃ যাত্রাকালত অংগক্ষত মানুহ দেখিলে যাত্রা ভংগ হয় বুলি বিশ্বাস কৰা হয় (অন্ধ-বিশ্বাস)। তেনে অমংগলীয়া মানুহ দেখি কোনো ঠাইলৈ যাত্ৰা কৰা নহয়। সতিনীয়ে সতিনীয়েকক সদায় ঈৰ্ষা কৰে, ভাল দেখিব নোৱাৰে।

ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে কোনো সতিনীয়েকে কোনো ঠাইলৈ (মাক আদিৰ ঘৰলৈ) যাত্ৰা কৰিবলৈ ওলাওঁতে অইন সতিনীয়েকে তাক সহ্য কৰিব নোৱাৰি নিজৰ নাকটোকে কাটি যাত্ৰা ভংগ কৰিবলৈ ওলাল।

ইয়াৰে ইয়াকে বুজাইছ যে ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অমংগল সাধন কৰিও লোকৰ সামান্য অপকাৰ কৰি আনন্দ লাভ কৰে।

READ MORE  একতাই পৰম শক্তি | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top