অসমীয়া ব্যাকৰণ | Assamese Grammar 

1. ব্যাকৰণ কাক বোলে ? ব্যাকৰণত ভাষাৰ কোনকেইটা উপাদানৰ আলোচনা কৰা হয় ?
উত্তৰঃ কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্ন তন্ন বিচাৰ-বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ । অৰ্থাৎ ব্যাকৰণত নিৰ্দিষ্ট ভাষা এটাৰ গাঁথনিক দিশৰ বিশ্লেষণ বিজ্ঞানসন্মত তথা শৃংখলাবদ্ধভাৱে দাঙি ধৰা হয় ।
প্ৰধানতঃ চাৰিটা উপাদানৰ সমন্বয়ত ভাষা এটাৰ গঠন পদ্ধতি সম্পাদন হয় । সেই উপাদানকেইটা হৈছে- ধ্বনি, শব্দ আৰু বাক্য- এই তিনিটা উপাদানৰ আলোচনা কৰা হয় ।

2. বাগ্ধ্বনি বা ধ্বনি কাক বোলে?
উত্তৰঃ ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান । মানুহে শ্বাস-প্ৰশ্বাস লওঁতে হাঁওফাঁওলৈ বায়ু সোমায় আৰু হাঁওফাঁওৰ পৰা বায়ু ওলাই আহে । এই বায়ুপ্ৰবাহক বাগিন্দ্ৰিয়ৰ অন্তৰ্গত অংগ ওঁঠ আৰু জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয়, তাকে বাগ্ধ্বনি বা ধ্বনি বোলে । অন্য কথাত মানুহৰ মাত বা কথাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবোৰেই হৈছে বাগ্ধ্বনি বা ধ্বনি ।

3. বৰ্ণ কাক বোলে ?
উত্তৰঃ ধ্বনিৰ বিশিষ্ট ৰূপটোৱেই হৈছে বৰ্ণ । অৰ্থাৎ কোনো এটা ভাষাৰ সুকীয়া উচ্চাৰণ বৈশিষ্ট্য থকা ধ্বনিবোৰেই হৈছে সেই ভাষাটোৰ বৰ্ণ । ইহঁতৰ নিজা কোনো অৰ্থ নাই ।

4. শব্দ কাক বোলে ?
উত্তৰঃ এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে । যেনে— মানুহ, ঘৰ, গছ, নদী, প্ৰকৃতি, ই, সি ইত্যাদি ।

5. বাক্য বুলিলে কি বুজা ?
উত্তৰঃ পৰস্পৰ সম্বন্ধযুক্ত শব্দ-সমষ্টিয়ে একোটা মনোভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য । অৱশ্যে পূৰ্ব-প্ৰসঙ্গ থাকিলে কেতিয়াবা এটা শব্দৰেও বাক্য গঠন হ’ব পাৰে । যেনে—
তুমি ক’লৈ যোৱা? (তিনিটা শব্দযুক্ত বাক্য) । গুৱাহাটীলৈ(এটা শব্দৰে গঠিত বাক্য)।

6. ৰূপ বা প্ৰাকৃতি কাক বোলে ? ইয়াক কেই ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ ভাষাৰ ক্ষুদ্ৰতম অৰ্থৱহ গোটবোৰেই হৈছে ৰূপ বা প্ৰাকৃতি । যেনে— মানুহ, গৰু, ফুল, ফল, যা, গা, কৰ, -জন, -বোৰ আদি ।
ৰূপ বা প্ৰাকৃতিক দুই ভাগত ভাগ কৰা হয়—

(ক) মুক্ত প্ৰাকৃতি
(খ) যুক্ত প্ৰাকৃতি বা সৰ্গ ।

7. মুক্ত প্ৰাকৃতি বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ প্ৰাকৃতিৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ পায়, সেইবোৰ প্ৰাকৃতিয়েই মুক্ত প্ৰাকৃতি ।
যেনে— মানুহ, গৰু, ফুল, গছ, ঘৰ, কৰ, খা আদি ।

8. যুক্ত প্ৰাকৃতি বা সৰ্গ বুলিলে কি বুজা ? উদাহৰণৰ সৈতে বুজাই লিখা ।
উত্তৰঃ যিবোৰ প্ৰাকৃতিৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ নাপায়, আন মুক্ত প্ৰাকৃতিৰ লগত যোগ হ’লেহে সেইবোৰ প্ৰাকৃতিৰ অৰ্থ প্ৰকাশিত হয়, তেনেবোৰ প্ৰাকৃতিকে যুক্ত প্ৰাকৃতি বা সৰ্গ বোলে । যেনে—
-জন (মানুহজন), -বোৰ (গৰুবোৰ), -এ(ৰহিমে), -অনি(ধাননি), -ওঁ(কৰোঁ, খাওঁ) ইত্যাদি । উল্লিখিত উদাহৰণবোৰৰ –জন, -বোৰ, -এ, -অনি, -ওঁ আদি প্ৰাকৃতিবোৰ হৈছে মুক্ত প্ৰাকৃতি বা সৰ্গ ।

9. প্ৰত্যয় আৰু বিভক্তি কাক বোলে ? ইহঁতৰ মাজত থকা পাৰ্থক্য সম্পৰ্কে লিখা ।
উত্তৰ— যিবোৰ সৰ্গই আন প্ৰাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, সেইবোৰ সৰ্গকে প্ৰত্যয় বোলে ।
যেনে—
ফুল + অনি = ফুলনি
খেতি + অক = খেতিয়ক
মৰম + ইয়ান = মৰমিয়াল
খা + অন = খাৱন
কান্দ + উৰা = কান্দুৰা
আনহাতে যিবোৰ সৰ্গই বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ ক্ৰম ৰক্ষা কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গৰ সংযোগত শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গকে বিভক্তি বোলে । যেনে—
অসমীয়া ভাষাৰ ‘মানুহ’ এটা শব্দ । এই শব্দটোৰ লগত –এ, -ক, -বে, -লৈ, -ত, আদি সৰ্গ সংযোগ কৰি ক্ৰমে মানুহে, মানুহক, মানুহেৰে, মানুহলৈ, মানুহত আদি পদ সৃষ্টি হৈছে । গতিকে ইহঁত প্ৰত্যেকেই একোটাকৈ বিভক্তি ।

প্ৰত্যয় আৰু বিভক্তি পাৰ্থক্যঃ

প্ৰত্যয় বিভক্তি
(ক) প্ৰত্যয়ে সদায় নতুন নতুন শব্দ সাধন কৰে।(ক) বিভক্তিয়ে নতুন শব্দ সাধন কৰিব নোৱাৰে, কেৱলশব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটায় ।
(খ) প্ৰত্যয়ৰ সংযোগত শব্দৰ মূল অৰ্থৰ পৰিৱৰ্তন ঘটে ।
যেনে— ফুল + অনি = ফুলনি ।
(খ) বিভক্তিৰ সংযোগত শব্দৰ মূল অৰ্থৰ পৰিৱৰ্তন নঘটে । বিভক্তিয়ে বাক্যত প্ৰয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে ।

10. শূন্য বিভক্তি বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণতে বাক্যত ব্যৱহৃত শব্দবোৰৰ লগত বিভক্তি যোগ হৈ শব্দৰ স্থান নিৰ্ণয় কৰা হয় । কেতিয়াবা বিভক্তি যোগ নোহোৱাকৈ বাক্যত শব্দৰ প্ৰয়োগ হোৱা দেখা যায় । যেনে—
মানুহ আহিছে । { মানুহ + -0 (শূন্য) বিভক্তি }
বাঘে মাংস খায় । { মাংস + -0 (শূন্য) বিভক্তি }
তই পঢ় । { পঢ় + 0 (শূন্য) বিভক্তি }
ওপৰৰ তিনিটা বাক্যৰ আঁচটনা শব্দকেইটা বিভক্তি যোগ নোহোৱাকৈ বাক্যত প্ৰয়োগ হৈছে । বিভক্তিহীনভাৱে বাক্যত ব্যৱহৃত এনেবোৰ শব্দত -0 (শূন্য) বিভক্তি যুক্ত হৈছে বুলি ধৰি লোৱা হয় ।

11. বিভক্তি বুলিলে কি বুজা? অসমীয়া ভাষাৰ বিভক্তি কেই প্ৰকাৰৰ কি কি?
উত্তৰঃ যিবোৰ সৰ্গই বাক্যত ব্যৱহাৰ হোৱা ক্ৰম ৰক্ষা কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গৰ সংযোগত শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গকে বিভক্তি বোলে ।
অসমীয়া ভাষাৰ বিভক্তিবোৰ দুই প্ৰকাৰৰ—
(ক) ক্ৰিয়াবিভক্তি বা ধাতুৰূপৰ পুৰুষ বাচক বিভক্তি
(খ) নাম বিভক্তি
নামবিভক্তিকো আকৌ দুই ভাগৰ ভাগ কৰা হয়—
(ক) পুৰুষবাচক বিভক্তি
(খ) কাৰকবাচক বিভক্তি

12. ক্ৰিয়াবিভক্তি ভা ধাতুৰূপৰ পুৰুষবাচক বিভক্তি কাক বোলে ? পুৰুষ অনুযায়ী উদাহৰণসহ ক্ৰিয়া-বিভক্তিৰ প্ৰয়োগ দেখুওৱা ।
উত্তৰঃ পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰকে ক্ৰিয়াবিভক্তি বা ধাতুৰূপৰ পুৰুষবাচক বিভক্তি বোলে । তলত পুৰুষ অনুযায়ী এই বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা হ’ল—
(ক) প্ৰথম পুৰুষৰ বিভক্তি। অসমীয়া ভাষাৰ প্ৰথম পুৰুষত ধাতুৰ পিছত যোগ হোৱা বিভক্তি হৈছে দুটা—
১। (অ) বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ‘-ওঁ’
২। (আ) ভৱিষৎ কালৰ প্ৰথম পুৰুষৰ বিভক্তি ‘-ইম’ । স্বৰান্ত শব্দত ‘-ইম্’ টো ‘-ম্’ হিচাপে ব্যৱহাৰ হয় ।

(১) বৰ্তমান আৰু অতীত কালত ‘-ওঁ’ বিভক্তিৰ ব্যৱহাৰ—
বাক্য, ক্ৰিয়াপদ = ধাতুশব্দ + বিভক্তি
মই/আমি খাওঁ- খাওঁ = খা + -ওঁ
মই/আমি খাইছোঁ- খাইছোঁ = খা-ইছ + -ওঁ
মই/আমি খাইছিলোঁ- খাইছিলোঁ = খা-ইছ্-ইল্ + -ওঁ
মই/আমি খেলিছিলোঁ- খেলিছিলোঁ = খেল-ইছ্-ইল্ + -ওঁ

READ MORE  সমাস |Shomash| অসমীয়া ব্যাকৰণ | Compound in Assamese Grammar

(২) ভৱিষ্যত কালত –ইম্/ -ম্ বিভক্তিৰ ব্যৱহাৰ—
বাক্য, ক্ৰিয়াপদ = ধাতুশব্দ + বিভক্তি
মই/আমি কৰিম- কৰিম = কৰ্ + -ইম্
মই/আমি পঢ়িম- পঢ়িম = পঢ়্ + -ইম্
মই/আমি খাম- খাম = খা + -ম্
মই/আমি কৰাম- কৰাম = কৰা + -ম্

(খ)  দ্বিতীয় পুৰুষৰ বিভক্তি। অসমীয়া ভাষাত দ্বিতীয় পুৰুষত বিভক্তিৰ ৰূপ দুটা—
১। মান্য
২। তুচ্ছ

(১) মান্য ৰূপত ক্ৰিয়াবিভক্তিৰ প্ৰয়োগঃ মান্য ৰূপত ব্যৱহৃত ক্ৰিয়াবিভক্তি হৈছেঃ ‘-আ’ ৰ প্ৰয়োগ।
উদাহৰণ—

বাক্য, ক্ৰিয়াপদ = ধাতুশব্দ + বিভক্তি
তুমি/তোমালোকে কিতাপখন পঢ়া- পঢ়া = পঢ়্ + -আ
তুমি/তোমালোকে কিতাপখন পঢ়িছা- পঢ়িছা = পঢ়্ -ইছ্ + -আ
তুমি/তোমালোকে কিতাপখন পঢ়িলা- পঢ়িলা = পঢ়্ -ইল্ + -আ
তুমি/তোমালোকে কিতাপখন পঢ়িছিঁলা- পঢ়িছিলা = পঢ়্ -ইছ্ -ইল্ + -আ
তুমি/তোমালোকে কিতাপখন পঢ়িবা- পঢ়িবা = পঢ়্ -ইব্ + -আ

(২) তুচ্ছ ৰূপত ক্ৰিয়াবিভক্তি প্ৰয়োগঃ তুচ্ছ ৰূপত ব্যৱহাৰ হোৱা ক্ৰিয়াবিভক্তি হৈছেঃ ‘-অ’ আৰু ‘-ই’ ৰ প্ৰয়োগ।
উদাহৰণ—
বাক্য, ধাতুশব্দ + বিভক্তি
তই/তহঁতে কামটো কৰ- কৰ = কৰ্ + -অ
তই/তহঁতে কামটো কৰিছিলি- কৰিছিলি = কৰ্-ইছ্-ইল + -ই
তই/তহঁতে কামটো কৰিবি- কৰিবি = কৰ্-ইব্ + -ই

(গ) তৃতীয় পুৰুষৰ বিভক্তি। অসমীয়া ভাষাৰ তৃতীয় পুৰুষত প্ৰয়োগ হোৱা ক্ৰিয়া বিভক্তি হৈছে দুটা—
১। -এ, -এ ব্যঞ্জনান্ত যোগ হয় ।
২। –য়, –য় স্বৰান্ত ধাতুত যোগ হয় ।

১। ‘-এ’ ৰ ব্যৱহাৰ—
বাক্য, ক্ৰিয়াপদ = ধাতুপদ + বিভক্তি
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰে- কৰে = কৰ্ + -এ

২। –য়, ৰ ব্যৱহাৰ—
বাক্য, ক্ৰিয়াপদ = ধাতুপদ + বিভক্তি
সি/সিঁহতে/তেওঁ/তেওঁলোকে খায়- খায় = খা + -য়

মন কৰিবলগীয়া যে অতীত আৰু ভৱিষ্যত কালৰ তৃতীয় পুৰুষত কোনো বিভক্তি যোগ নহয় । যেনে—
বাক্য, ক্ৰিয়াপদ = ধাতুশব্দ + বিভক্তি
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰিছিল- কৰিছিল = কৰ্-ইছ্-ইল্+ -0
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰিব- কৰিব = কৰ্-ইব্ + -0

অসমীয়া ভাষাত অনুজ্ঞা ভাৱত (আদেশ, অনুৰোধ, অনুমতি, আৰ্শীবাদ, ইচ্ছা আদি বুজোৱা) দ্বিতীয় আৰু তৃতীয় পুৰুষত ধাতুৰ পিছত কিছুমান বিভক্তি হয় । এইবোৰ অনুজ্ঞাৰ বিভক্তি । এই বিভক্তিবোৰ হৈছে—
১। দ্বিতীয় পুৰুষঃ মান্য ৰূপত- -আ আৰু তুচ্ছ ৰূপত- -0, ই
২। তৃতীয় পুৰুষঃ –অক (-ওক)

১। দ্বিতীয় পুৰুষত অনুজ্ঞাৰ বিভক্তিৰ ব্যৱহাৰ—
মান্য ৰূপ = তুচ্ছ ৰূপ
তুমি/তোমালোকে কৰা (কৰ্ + -আ) = তই/তহঁতে কৰ্ (কৰ্ + -0)
তুমি/তোমালোকে কৰিবা (কৰ্+-ইব্+-আ) = তই/তহঁতে কৰিবি (কৰ্+-ইব্+-ই)
তুমি/তোমালোকে দিবা (দি+-ব+-আ) = তই/তহঁতে দিবি (দি+-ব্+-ই)
দ্বিতীয় পুৰুষৰ বৰ্তমান আৰু ভৱিষ্যত কালৰ বাক্যতহে অনুজ্ঞাৰ ভাব প্ৰকাশ হয় । এনে বাক্যবোৰত অনুজ্ঞাবাচক সুৰ বা লয় নিহিত হৈ থাকে ।

২। তৃতীয় পুৰুষত অনুজ্ঞাৰ বিভক্তিৰ ব্যৱহাৰ—
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰক (কৰ্ + -অক)
সি/সিঁহতে/তেওঁ/তেওঁলোকে খাওক (খা + -ওক)
অসমীয়া ভাষাত পুৰুষ অনুযায়ী ক্ৰিয়াবিভক্তিসমূহৰ প্ৰয়োগ উল্লিখিত ধৰণে দেখুৱাব পাৰি ।

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি আৰু কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহ একেলগে কি বিভক্তিৰ অন্তৰ্গত ?
উত্তৰঃ সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি আৰু কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহ একেলগে নাম বিভক্তিৰ অন্তৰ্গত ।

14. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে ? পুৰুষ অনুযায়ী উদাহৰণসহ এই বিভক্তিসমূহৰ প্ৰয়োগ দেখুওৱা ।
উত্তৰঃ অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুৰুষ অনুযায়ী কিছুমান নিৰ্দিষ্ট বিভক্তি যোগ হয়, সেই বিভক্তিবোৰ সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বোলে । অসমীয়া ভাষাৰ এই বিভক্তিকেইটা হ’ল— -ৰা (-এৰা), -ৰ(-অৰ), -ক(-অক)
প্ৰথম পুৰুষত এই বিভক্তি যোগ নহয় বাবে তাত -0 (শূন্য) বিভক্তি যোগ হোৱা বুলি ধৰা হয় ।
দ্বিতীয় আৰু তৃতীয় পুৰুষত যোগ হোৱা –ৰা(-এৰা), -ৰ(-এৰ), -ক(-এক) বিভক্তিকেইটা ধ্বনি সাপেক্ষে প্ৰয়োগ হয় । অৰ্থাৎ -আ স্বৰান্ত সম্বন্ধবাচক শব্দ ।
যেনে— মা, দেউতা, পেহা, মহা আদিৰ –ৰা, -ৰ, -ক বিভক্তি তিনিটা তিনিটা যোগ হয় ।
–আ ভিন্ন অন্য স্বৰান্ত তথা ব্যঞ্জনান্ত শব্দ।

যেনে— খুৰী, শহুৰ, ভিনিহি আদিৰ পিছত –এৰা, -এৰ, -এক বিভক্তি তিনিটা যোগ হয় ।

অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত যুক্ত হোৱা এই পুৰুষবাচক বিভক্তিসমূহৰ প্ৰইয়োগ তলত দেখুওৱা হ’ল—
দ্বিতীয় পুৰুষৰ বিভক্তি— -ৰা(-এৰা), -ৰ(-এৰ) মান্য ৰূপ = তুচ্ছ ৰূপ
তোমাৰ দেউতাৰা(দেউতা + -ৰা) = তোৰ দেউতাৰ (দেউতা + -ৰ)
তোমাৰ মাৰা (মা + -ৰা) = তোৰ মাৰ (মা + -ৰ)
তোমাৰ খুৰীয়েৰা (খুৰী + -এৰা) = তোৰ খুৰীয়েৰ (খুৰী + -এৰ)
তোমাৰ পেহীয়েৰা (পেহী + -এৰা) = তোৰ পেহীয়েৰ (পেহী + -এৰ)
তোমাৰ শহুৰেৰা (শহুৰ + -এৰা) = তোৰ শহুৰেৰ (শহুৰ + -এৰ)
তৃতীয় পুৰুষৰ বিভক্তি— -ক(-এক)
তাৰ/তাইৰ/সিহঁতৰ দেউতাক(দেউতা + -ক)
তাৰ/তাইৰ/সিহঁতৰ মাক (মা + -ক)
ৰামৰ খুৰীয়েক (খুৰী + -এক)
সীতাৰ পেহীয়েক (পেহী + -এক)
তাৰ/তাইৰ/সিহঁতৰ/যদুৰ শহুৰেক(শহুৰ +-এক)
অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যশব্দৰ পিছত এনেদৰে পুৰুষবাচক বিভক্তিসমূহ লগ লাগে । ভাৰতীয় আৰ্যভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ ই এক স্বকীয় বৈশিষ্ট্য ।

15. কাৰকবাচক বিভক্তি বা শব্দবিভক্তি কাক বোলে ? অসমীয়া ভাষাৰ কাৰক বাচক বিভক্তিসমূহৰ তালিকা প্ৰস্তুত কৰি এই বিভক্তিসমূহৰ প্ৰয়োগ দেখুওৱাঁ ।
উত্তৰঃ অসমীয়া ভাষাৰ বাক্যত বিভিন্ন নামশব্দই ক্ৰিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰে, তাকে কাৰক বোলে । বাক্যৰ বিভিন্ন স্থানত বহি কাৰকে ক্ৰিয়াৰ সৈতে সম্বন্ধ স্থাপন কৰে । কাৰকৰ লগত যোগ হোৱা বিভক্তি বোৰকে কাৰকবাচক বিভক্তি বা শব্দবিভক্তি বোলা হয় । অসমীয়া ভাষাত কাৰক ছবিধ—
1. কৰ্তাকাৰক
2. কৰ্মকাৰক
3. কৰণকাৰক
4. নিমিত্তকাৰক
5. অপাদানকাৰক আৰু
6. অধিকৰণকাৰক
এই প্ৰত্যেকবিধ কাৰকতেই নিৰ্দিষ্ট বিভক্তি যোগ হয় । কেতিয়াবা এটা নামশব্দৰ ক্ৰিয়াৰ পৰিৱৰ্তে অন্য এটা নামশব্দৰ লগতহে সম্বন্ধ স্থাপিত হয় । তাকে সম্বন্ধ পদ বোলে ।
যেনে— মোৰ কিতাপ ।
দেউতাৰ কলম ।
সম্বন্ধপদ বিশুদ্ধ কাৰক নহয় যদিও 6ষ্ঠী বিভক্তি যোগ হোৱাৰ বাবে কাৰকৰ শিতানত সম্বন্ধপদৰ আলোচনা কৰা হয় । তলৰ তালিকাত কাৰকবাচক বিভক্তি বা শব্দবিভক্তিবোৰক দেখুওৱা হৈছে—
কাৰক, বিভক্তি, স্বৰান্ত শব্দত, ব্যঞ্জনান্ত শব্দত
কৰ্তা: শূ্ন্য প্ৰথমা -0 -এ -ই = -0 -এ
কৰ্ম: শূন্য দ্বিতীয়া -0 -ক = -0 -অক
কৰণ: তৃতীয়া -ৰে = -এৰে
নিমিত্ত: চতুৰ্থী -লৈ = -অলৈ
অপাদান: – – = –
সম্বন্ধপদ: ষষ্ঠী -ৰ = -অৰ
অধিকৰণ: সপ্তমী -ত= -অত
*অসমীয়া ভাষাত কৰ্তা আৰু কৰ্ম কাৰকত কেতিয়াবা কোনো বিভক্তি যোগ নহ’লে -0(শূন্য) বিভক্তি যোগ হোৱা বুলি ধৰা হয় ।

 অসমীয়া ভাষাৰ কাৰক অনুযায়ী কাৰক বাচক বিভক্তিবোৰৰ প্ৰয়োগ দাঙি ধৰা হ’ল—
(১) কৰ্তা কাৰকৰ বিভক্তিঃ যিক্ৰিয়া সম্পাদন কৰে বা হয়, সিয়ে কৰ্তাকাৰক । কৰ্তাকাৰকত -0(শূন্য) বিভক্তি আৰু প্ৰথমাৰ –এ(ই) বিভক্তি যোগ হয় । ব্যঞ্জনান্ত শব্দত –এ আৰু স্বৰান্ত শব্দত –ই ।
যেনে— মানুহ (মানুহ + -0) আহিছে ।
মানুহে (মানুহ + -এ) খায় ।
সীতাই (সীতা + -ই) খেলিছে ।

READ MORE  ণত্ব বিধি আৰু ষত্ব বিধি | অসমীয়া ব্যাকৰণ | Assamese Grammar

(২) কৰ্মকাৰকৰ বিভক্তিঃ কৰ্তাই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰে, তাকে কৰ্মকাৰক বোলে । কৰ্মকাৰকত -0(শূন্য) আৰু দ্বিতীয়াৰ –ক(-অক) বিভক্তি যোগ হয় । স্বৰান্ত শব্দত –ক আৰু ব্যঞ্জনান্ত শব্দত –ওকে যোগ হয় ।
যেনে— মানুহে ভাত (ভাত + -0) খায় ।
মানুহে প্ৰকৃতিক (প্ৰকৃতি + -ক) ভাল পাব লাগে ।
মানুহে মানুহক (মানুহ + -অক) সহায় কৰিব লাগে ।

(৩) কৰণকাৰকৰ বিভক্তিঃ যাৰ সহায়ত কৰ্তাই ক্ৰিয়া সম্পাদন কৰে, তাকে কৰণকাৰক বোলে । এই কাৰকত স্বৰান্ত শব্দত –ৰে আৰু ব্যঞ্জনান্ত শব্দত –এৰে বিভক্তি যোগ হয় ।
যেনে— তাই কটাৰীৰে (কটাৰী + -ৰে) তামোল কাটিছে ।
আমি হাতেৰে (হাত + -এৰে) কাম কৰোঁ ।
তদুপৰি দি, দ্বাৰা, জৰিয়তে, হতুৱাই, সৈতে আদি অনুপদৰ সহায়তো কৰণকাৰকৰ অৰ্থ প্ৰকাশ কৰিব পাৰি । এইক্ষেত্ৰত প্ৰথমবাৰ –এ আৰু ষষ্ঠী -ৰ(-অৰ) বিভক্তিযুক্ত পদৰ পিছত –এ অনুপদবোৰ যোগ হয় ।

(৪) নিমিত্তকাৰকৰ বিভক্তিঃ দিশ, উদ্দেশ্য, লক্ষ্য, নিমিত্ত আদি বুজাবলৈ ক্ৰিয়াৰ সৈতে সম্বন্ধ ঘটা পদকে নিমিত্তকাৰক বোলে । স্বৰান্ত শব্দত –লৈ আৰু ব্যঞ্জনান্ত শব্দত –অলৈ যোগ হয় ।
যেনে— মই দিল্লীলৈ (দিল্লী + -লৈ) গৈছিলোঁ ।
দেউতা বজাৰলৈ (বজাৰ + -অলৈ) গ’ল ।

(৫) অপাদান কাৰকৰ বিভক্তিঃ যাৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা, পতিত হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, আঁতৰ হোৱা আদি বুজায়, সিয়ে অপাসান কাৰক । অসমীয়া ভাষাত সম্বন্ধপদত যোগ হোৱা ষষ্ঠী –ৰ(-অৰ)
বিভক্তিৰ পিছত ‘পৰা’ অনুপদ যোগ দিহে অপাদান কাৰক বুজোৱা হয় ।
যেনেঃ
গুটিৰ পৰা (গুটি + -ৰ+ পৰা) গছ হয় ।
কুকুৰৰ পৰা (কুকুৰ + -অৰ + পৰা) সাৱধান ।
ৰামৰ (ৰাম +-অৰ) ভনীয়েক ।
দেউতাৰ (দেউতা + -ৰ) কলম ।

(৬) অধিকৰণ কাৰকৰ বিভক্তিঃ স্থান, কাল, পাত্ৰ আদি যিহৰ আধাৰত ক্ৰিয়া সম্পাদন হয়, তাকে অধিকৰণ কাৰক বোলে । অধিকৰণ সপ্তমী –ত(স্বৰান্ত শব্দত) আৰু –অত(ব্যঞ্জনান্ত শব্দত) বিভক্তি যুক্ত হয়।
যেনে— হাবিত (হাবি + -ত) বনৰীয়া জীৱ-জন্তু থাকে ।
আকাশত (আকাশ + -অত) চৰাই উৰিছে ।
প্ৰথমা –এ(ই) বিভক্তিৰ সহায়তো কেতিয়াবা অধিকৰণ কাৰকৰ অৰ্থ প্ৰকাশ হয় ।
যেনে— সি ঘাটে ঘাটে পানী খাইছে ।
কথাই কথাই তৰ্ক নকৰিবা ।
এনেদৰে অসমীয়া কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহৰ প্ৰয়োগ দেখুৱাব পাৰি ।

16. প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাত প্ৰত্যয়ৰ সংযোগত কেনেদৰে শব্দ সাধন হয়, উদাহৰণসহ দেখুওৱাঁ ।
নাইবাঃ প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ প্ৰত্যয় কেইবিধ ? এই প্ৰত্যয়সমূহৰ সংযোগত অসমীয়া ভাষাৰ শব্দ সাধনৰ বিষতে উদাহৰণসহ আলোচনা কৰা ।
উত্তৰঃ যিবোৰ সৰ্গই আন প্ৰাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, সেইবোৰ সৰ্গকে প্ৰত্যয় বোলে ।
যেনে— ফুল + -অনি = ফুলনি
খেতি + -অক = খেতিয়ক
খা + -অন = খাৱন
অনা- + অসমীয়া = অনাঅসমীয়া

অসমীয়া ভাষাত প্ৰত্যয়ৰ সংযোগত দুই ধৰণে শব্দৰ সাধন হয়
১। মূল শব্দৰ আগত সৰ্গ যোগ হয়।
২। মূল শব্দৰ পিছত সৰ্গ যোগ হৈ মূল শব্দৰ আগত যোগ হোৱা সৰ্গবোৰক উপসৰ্গ বা পূৰ্বসৰ্গ আৰু মূল শব্দৰ পিছত যোগ হোৱা সৰ্গবোৰক পৰসৰ্গ বোলে । যিহেতু শব্দ সাধনৰ এই সৰ্গবোৰকে প্ৰত্যয় বোলা হয় । সেইপিনৰ পৰা অসমীয়া ভাষাৰ প্ৰত্যয়ক দুটা ভাগত ভগাব পাৰি—

১। পূৰ্ব প্ৰত্যয়
২। পৰ প্ৰত্যয়

পূৰ্ব প্ৰত্যয়ঃ মূল শব্দৰ আগত যোগ হোৱা উপসৰ্গবোৰেই হৈছে পূৰ্ব প্ৰত্যয় । সংস্কৃতিৰ প্ৰ-, পৰা-, অপ-, নি-, সম-, নিৰ- আদি কুৰিটা উপসৰ্গৰ সংযোগত ক্ৰমে প্ৰহাৰ, পৰাজয়, অপমান, নিয়ম, সংযোগ, নিৰ্দেশ আদি শব্দ সাধন হোৱাৰ উপৰিও অসমীয়া ভাষাত আন কেইবাটাও উপসৰ্গৰ প্ৰয়োগ হয় ।
যেনে—
বে- : বেদখল, বেআইন
আও- : আওমৰণ, আওবাট
অ- : অমিল, অসময়, অসমান
অনা- : অনাহক, অনাঅসমীয়া
বিনা- : বিনাশ্ৰম, বিনাদুখ
সহ- : সহকৰ্মী, সহ-উদৰ
ন- : নহয়, নকৰে
সু : সুকবি, সুনাম

পৰ প্ৰত্যয়ঃ অসমীয়া ভাষাত মূল শব্দৰ পাছত যোগ হোৱা পৰসৰ্গ বা পৰ প্ৰত্যয় দুই প্ৰকাৰৰ—
(ক) কৃৎ প্ৰত্যয়
(খ) তদ্ধিৎ প্ৰত্যয়

(ক) কৃৎ প্ৰত্যয়ঃ ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্ৰত্যয়কে কৃৎ প্ৰত্যয় বোলে । অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃৎ প্ৰত্যয়ৰ ব্যৱহাৰ এনেধৰণৰ—
ধাতু + কৃৎ প্ৰত্যয় = নতুন অৰ্থবাচক শব্দ
বহু + -উৱা = বহুৱা
শো + -অন = শোৱ্ন
উজা / উজ্ + -অনি = উজনি
নাচ্ + -অনী = নাচনী
কান্দ্ + -উৰা = কান্দুৰা

(খ) তদ্ধিৎ প্ৰত্যয়ঃ নামশব্দ বা প্ৰাতি পাদিকৰ পিছত যোগ হৈ নতুন অৰ্থৰ শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিৎ প্ৰত্যয় বোলে । অসমীয়া ভাষা কিছুমান তদ্ধিৎ প্ৰত্যয়ৰ উদাহৰণ হৈছে- নামশব্দ/প্ৰাতিপাদিক + তদ্ধিৎ প্ৰত্যয় = নতুন অৰ্থবাচক শব্দ
খেত + -ই = খেতি
ধান + -অনি = ধাননি
ৰস + -আল = ৰসাল
ধাৰ + -উৱা = ধৰুৱা
বেগ + -আই = বেগাই
সাধু + -তা = সাধুতা
গাঁও + -অলীয়া = গাঁৱলীয়া
উচ্চ + -তৰ = উচ্চতৰ
এনেদৰে অসমীয়া ভাষাত প্ৰত্যয়ৰ সংযোগত শব্দ সাধন হয় ।

17. ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদানটো কি?
উত্তৰঃ ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদানটো হ’ল— ধ্বনি ।

18. অসমীয়া ভাষাত কেতিয়াবা কৰ্তা আৰু কৰ্মকাৰকত কোনো বিভক্তি যোগ নহ’লে কি বিভক্তি যোগ হোৱা বুলি ধৰা হয় ?
উত্তৰঃ -0(শূন্য) বিভক্তি যোগ হোৱা বুলি ধৰা হয় ।

19. অসমীয়া ভাষাত পূৰ্বসৰ্গ বা উপসৰ্গই শব্দ সাধন কৰেনে?
উত্তৰঃ অসমীয়া ভাষাত পূৰ্বসৰ্গ বা উপসৰ্গই শব্দ সাধন কৰে ।
যেনে- অ- + সমান = অসমান
অনা- + অসমীয়া = অনাঅসমীয়া
বি- + পাক = বিপাক

20. জতুৱা ঠাঁচৰ দুই ধৰনৰ প্ৰয়োগ কি কি ?
উত্তৰঃ জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ হৈছে-
(ক) সাধাৰণ অৰ্থ প্ৰকাশক
(খ) সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক

21. অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানতঃ কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ অসমীয়া ভাষাৰ বিভক্তিবোৰ ধাতুমূলীয়া আৰু নামমূলীয় শব্দত যোগ হোৱা হিচাপে বিভক্তিবোৰৰ প্ৰধানতঃ দুই ভাগত ভাগ কৰিব পাৰি-
(ক) ক্ৰিয়া বিভক্তি বা ধাতুৰূপৰ পুৰুষবাচক বিভক্তি
(খ) নামবিভক্তি ।
নামবিভক্তি আকৌ দুই প্ৰকাৰৰ—
(ক) সম্বন্ধবাচক শব্দৰ পাছত যোগ হোৱা পুৰুষবাচক বিভক্তি
(খ) কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি

READ MORE  প্ৰত্যয় | অসমীয়া ব্যাকৰণ | Affix in Assamese Grammar

22. ক্ৰিয়াবিভক্তি কাক বোলে ? দুটা উদাহৰণ দিয়াঁ ।
উত্তৰঃ পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰকেই ক্ৰিয়াবিভক্তি বোলে । ইহঁতক ধাতুৰূপৰ পুৰুষবাচক বিভক্তি বুলিও কোৱা হয় । ইয়াৰ দুটা উদাহৰণ হৈছে—
(ক) বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি –ওঁ;
যেনে— মই খাওঁ (খা + -ওঁ)
(খ) ভৱিষ্যৎ কালৰ প্ৰথম পুৰুষৰ বিভক্তি –ইম্ ।
যেনে— মই/আমি কামটো কৰিম (কৰ্ + -ইম্)

23. পৰ প্ৰত্যয় বা পৰসৰ্গক কি কি দুটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ পৰপ্ৰত্যয় বা পৰসৰ্গক দুটা ভাগত ভাগ কৰিব পাৰি । সেয়া হৈছে—
(ক) কৃৎ প্ৰত্যয়
(খ) তদ্ধিৎ প্ৰত্যয় ।

24. ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্ন তন্ন বিচাৰ বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ । ব্যাকৰণৰ ভাষাৰ গঠন পদ্ধতিৰ চাৰিটা উপাদান (ধ্বনি, শব্দ, বাক্য আৰু অৰ্থ)ৰ ভিতৰত ধ্বনি, শব্দ বা ৰূপ আৰু বাক্য- এই তিনিটা উপাদানৰ বিষয়ে আলোচনা কৰা হয় ।

(ক) ধ্বনিঃ ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান । মানুহে শ্বাস-প্ৰশ্বাস লওঁতে হাওঁফাওঁলৈ বায়ু সোমায় আৰু হাওঁফাওঁৰ পৰা বায়ু ওলাই আহে । এই বায়ুপ্ৰবাহক বাগিন্দ্ৰিয়ৰ অন্তৰ্গত অংগ ওঁঠ আৰু জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয়, তাকে ধ্বনি বা বাগ্ধ্বনি বোলে । ধ্বনিৰ বিশিষ্ট ৰূপক বৰ্ণ বোলে । আনহাতে আখৰ হৈছে ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীক ।

(খ) শব্দঃ এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে ।
যেনে— মানুহ, ঘৰ, গছ, নদী, ই, সি, ইত্যাদি ।
কেতিয়াবা দুটা ভিন্ন অৰ্থযুক্ত শব্দ লগ লাগিও অন্য অৰ্থযুক্ত বেলেগ এটা শব্দ গঠন হয় ।
যেনে— তল-সৰা, তলা-নলা, চুক-ভেকুলী আদি ।

(গ) বাক্যঃ পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টিয়ে একোটা মনোভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য । অৱশ্যে পূৰ্ব প্ৰসঙ্গ থাকিলে কেতিয়াবা এটা শব্দৰেও বাক্য গঠন হ’ব পাৰে ।
যেনে— তুমি ক’লৈ যোৱা ? (তিনিটা শব্দযুক্ত বাক্য)
গুৱাহাটীলৈ । (এটা শব্দৰে গঠিত বাক্য)

35. তলৰ শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা ।
উত্তৰঃ খেতি, খাৱন, লিখক, ধাননি, কান্দুৰা
খেতি = খেত্ + -ই (তদ্ধিৎ প্ৰত্যয়)
খাৱন + খা + -অন (কৃৎ প্ৰত্যয়)
লিখক = লিখ্ + -অক (কৃৎ প্ৰত্যয়)
ধাননি = ধান + -অনি (তদ্ধিৎ প্ৰত্যয়)
কান্দুৰা = কান্দ্ + -উৰা (কৃৎ প্ৰত্যয়)

36. তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে দেখুওৱা ।
উত্তৰঃ বহুৱা = বহ্ + -উৱা (কৃৎ প্ৰত্যয়)
শোৱন + শো + -অন (কৃৎ প্ৰত্যয়)
উজনি = উজা/উজ্ + অনি (কৃৎ প্ৰত্যয়)
মগনিয়াৰ = মাগ্/মগ্ + -অনিয়াৰ (কৃৎ প্ৰত্যয়)
নাচনী = নাচ্ + -অনি (কৃৎ প্ৰত্যয়)
খেতি = খেত্ + -ই (তদ্ধিৎ প্ৰত্যয়)
ৰসাল = ৰস + -আল (তদ্ধিৎ প্ৰত্যয়)
ধৰুৱা = ধাৰ + -উৱা (তদ্ধিৎ প্ৰত্যয়)
বেগাই = বেগ + -আই (তদ্ধিৎ প্ৰত্যয়)
সাধুতা = সাধু + -তা (তদ্ধিৎ প্ৰত্যয়)
বেআইন = বে- + আইন (পূৰ্ব প্ৰত্যয়)
আওমৰণ = আও- + মৰণ (পূৰ্ব প্ৰত্যয়)
আওবাট = আও + বাট (পূৰ্ব প্ৰত্যয়)
অমিল = অ- + মিল (পূৰ্ব প্ৰত্যয়)
অসময় = অ- + সময় (পূৰ্ব প্ৰত্যয়)
অকামিলা = অ- + কামিলা (পূৰ্ব প্ৰত্যয়)
অনাহক = অনা- + হক (পূৰ্ব প্ৰত্যয়)
বিজাত = বি- + জাত (পূৰ্ব প্ৰত্যয়)
নাখায় = ন- + খায় (পূৰ্ব প্ৰত্যয়)
সুকবি = সু- + কবি (পূৰ্ব প্ৰত্যয়)
নিদিয়ে + ন- + দিয়ে (পূৰ্ব প্ৰত্যয়)
বিনাশ্ৰম = বিনা- + শ্ৰম (পূৰ্ব প্ৰত্যয়)
ল’ৰালি = ল’ৰা + -অলি (তদ্ধিৎ প্ৰত্যয়)
খেতিয়ক = খেতি + -অক (তদ্ধিৎ প্ৰত্যয়)
নাৱৰীয়া = নাও + -অৰীয়া (তদ্ধিৎ প্ৰত্যয়)
কাঠনি = কাঠ + -অনি (তদ্ধিৎ প্ৰত্যয়)
নিম্নতৰ = নিম্ন + -তৰ (তদ্ধিৎ প্ৰত্যয়)
গুৰুতৰ = গুৰু + -তৰ (তদ্ধিৎ প্ৰত্যয়)
দীৰ্ঘতম = দীৰ্ঘ + -তম (তদ্ধিৎ প্ৰত্যয়)
দেখুৱা = দেখ্ + -উৱা (কৃৎ প্ৰত্যয়)
নচুৱা = নাচ্ + -উৱা (কৃৎ প্ৰত্যয়)
কৰোৱা = কৰ্ + -ওৱা (কৃৎ প্ৰত্যয়)
খোৱা = খা + -আ (কৃৎ প্ৰত্যয়)
ধোৱা = ধো + আ (কৃৎ প্ৰত্যয়)
ফুলাম = ফুল + আম (তদ্ধিৎ প্ৰত্যয়)
ৰূপহ = ৰূপ + অহ (তদ্ধিৎ প্ৰত্যয়)
গাঁৱলীয়া = গাওঁ + -অলীয়া (তদ্ধিৎ প্ৰত্যয়)
কপাহী = কপাহ + -ঈ (তদ্ধিৎ প্ৰত্যয়)
মৰমিয়াল = মৰম + -ইয়াল (তদ্ধিৎ প্ৰত্যয়)
নদীয়াল = নদী + -ইয়াল (তদ্ধিৎ প্ৰত্যয়)
ভালৰি = ভাল + -অৰি (তদ্ধিৎ প্ৰত্যয়)
মূৰ্খামি = মূৰ্খ + -আমি (তদ্ধিৎ প্ৰত্যয়)
লগৰী = লগ + -অৰী (তদ্ধিৎ প্ৰত্যয়)
ভণ্ডামি = ভণ্ড + -আমি (তদ্ধিৎ প্ৰত্যয়)
ভুকুৱা = ভুকু + -আ (তদ্ধিৎ প্ৰত্যয়)
মৰিয়া = মৰি + -আ(তদ্ধিৎ প্ৰত্যয়)
গুৰিয়া = গুৰ + -ইয়া (তদ্ধিৎ প্ৰত্যয়)
চৰিয়া = চৰ + -ইয়া (তদ্ধিৎ প্ৰত্যয়)
তপতা = তপত + -আ (তদ্ধিৎ প্ৰত্যয়)
ভগা = ভাগ +-আ (তদ্ধিৎ প্ৰত্যয়)
খাৱন = খা + -অন (কৃৎ প্ৰত্যয়)
মাগন = মাগ্ + -অন (কৃৎ প্ৰত্যয়)
শোৱন = শো + -অন (কৃৎ প্ৰত্যয়)
ৰান্ধনি = ৰান্ধ্ + -অনি (কৃৎ প্ৰত্যয়)
শিকাৰু + শিক্ + -আৰু (কৃৎ প্ৰত্যয়)
খুন্দনা = খুন্দ্ + -অনা (কৃৎ প্ৰত্যয়)
লাগতিয়াল = লাগ + অতিয়াল (কৃৎ প্ৰত্যয়)
সাঁচতীয়া = সাঁচ + অতীয়া (কৃৎ প্ৰত্যয়)
দেখনিয়াৰ = দেখ্ + অনিয়াৰ (কৃৎ প্ৰত্যয়)
কৰা = কৰ্ + আ (কৃৎ প্ৰত্যয়)
পঢ়া = পঢ় + আ (কৃৎ প্ৰত্যয়)
দিয়া = দি + আ(কৃৎ প্ৰত্যয়)
দিওঁতা = দি + ওঁত্ + আ (কৃৎ প্ৰত্যয়)
পকিল = পক্ + ইল (কৃৎ প্ৰত্যয়)
কৰোঁতা = কৰ্ + ওঁত্ + আ (কৃৎ প্ৰত্যয়)
খাওঁতা = খা + ওঁত্ + আ (কৃৎ প্ৰত্যয়)
ফুকননী = ফুকন + অনী (তদ্ধিৎ প্ৰত্যয়)
নাগিনী = নাগ + ইনী (তদ্ধিৎ প্ৰত্যয়)
চুৰুনী = চোৰ + উনী (তদ্ধিৎ প্ৰত্যয়)
বাঘিনী = বাঘ + ইনী (তদ্ধিৎ প্ৰত্যয়)
জাতি = জাত + -ই (তদ্ধিৎ প্ৰত্যয়)
পেটু = পেট্ + -উ (তদ্ধিৎ প্ৰত্যয়)
মানুহজন = মানুহ + জন (তদ্ধিৎ প্ৰত্যয়)
আকাশখন = আকাশ + খন (তদ্ধিৎ প্ৰত্যয়)
ল’ৰাটো = ল’ৰা + টো (তদ্ধিৎ প্ৰত্যয়)
গছডাল = গছ + ডাল (তদ্ধিৎ প্ৰত্যয়)
সিহঁত = সি + হঁত (তদ্ধিৎ প্ৰত্যয়)
আপোনালোক = আপোনা + লোক (তদ্ধিৎ প্ৰত্যয়)
তৰাবোৰ = তৰা + বোৰ (তদ্ধিৎ প্ৰত্যয়)
তিৰোতাগৰাকী = তৰোতা + গৰাকী (তদ্ধিৎ প্ৰত্যয়)
কৰিছোঁ = কৰ্ + ইছ্ + ওঁ (কৃৎ প্ৰত্যয়)
কৰিলা = কৰ্ + ইল + আ (কৃৎ প্ৰত্যয়)
কৰিবি = কৰ্ + -ইব + ই (কৃৎ প্ৰত্যয়)
ফুটিল = ফুট্ + ইল (কৃৎ প্ৰত্যয়)
শিকাওঁতা = শিক্ + ওঁত্ + আ (কৃৎ প্ৰত্যয়)
ঘৰখন = ঘৰ + খন (তদ্ধিৎ প্ৰত্যয়)
লাগনী = লাগ্ + অনী (কৃৎ প্ৰত্যয়)
অসমীয়া = অসম + ঈ + আ (তদ্ধিৎ প্ৰত্যয়)

1 thought on “অসমীয়া ব্যাকৰণ | Assamese Grammar”

  1. , প্ৰত্যয় আৰু বিভক্তিৰ স্থান অসমীয়া ব্যাকৰণ ত কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি?

Leave a Comment

error: Content is protected !!
Scroll to Top