ভাব সম্প্ৰসাৰণ
1. অতি ভক্তি চোৰৰ লক্ষণ।
উত্তৰঃ মানুহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেছি টান কাম৷ কোনােবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনাে মানুহৰ প্ৰিয়পাত্ৰ হ’ব পাৰে আৰু তেনে স্বাভাৱিক ভক্তি প্ৰদৰ্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্ৰা ভক্তি, নিষ্ঠা দেখুওৱা জনক চিনি পােৱা উচিত। বিশ্বাসভাজন তথা প্ৰিয়পাত্ৰ হৈ চুৰ কৰাৰ সুযােগ উলিয়াই ল’বলৈ অসৎ লােকে অতিমাত্ৰা ভক্তি ভাব দেখুৱায়। গতিকে, কোনােবাই অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে, তেওঁক সহজে বিশ্বাসত লােৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকহে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে। দুষ্ট বা চোৰ স্বভাৱৰ লােকে সদায় নিজৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্ৰা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে৷ সেয়েহে অতিমাত্ৰা ভক্তিপৰায়ণ, নিষ্ঠাবান হৈ দেখুওৱা ব্যক্তিসকলৰ প্ৰতি সজাগ হৈ থকাই ভাল।
2. হস্তীৰৰা পিছলে পাৱ সজ্জনৰাে বুৰে নাও।
উত্তৰঃ হাতী হ’ল এক বৃহদাকায় জন্তু আৰু ই খােজ কাঢ়োতে ভৰি পিছলি যােৱাৰ সম্ভাৱনা খুবেই ক্ষীণ। তথাপি ‘কেতিয়াবা হঠাতে খােজ কাটোতে এনে বিঘিনি ঘটি যায় যে হাতীৰ ভৰিও পিছলি যায়। সৎ ব্যক্তিয়ে সদায় আনৰ হিত চিন্তাই কৰে আৰু সহজ জীৱন যাপন কৰে। তেওঁলােকে অতি সাৱধানেৰে নৌকা যাত্ৰা কৰে। গতিকে তেওঁলােকৰ পানীত বুৰ যােৱাৰ সম্ভাৱনাও একেবাৰে ক্ষীণ। তথাপি কেতিয়াবা তেনে ব্যক্তিকো এনে বিপদে লগ দিব পাৰে যে সাৱধানে চলােৱা নাৱাে ডুব যাব পাৰে। অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱনযাপন কৰা ব্যক্তিকো কেতিয়াবা দুৰ্ভাগ্যই লগ দিব পাৰে৷ বিপদ সংকট সকলােৰে ভাগ্যত থাকে। গতিকে, কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰত ওফন্দি থকা উচিত নহয়। হাতীৰ দৰে শক্তিশালী ভৰিৰ গৰাকীৰাে খােজ কাৰ্টোতে যিদৰে ভুল হৈপিছল খাব পাৰে, অতি নিৰ্ভুল ব্যক্তিৰাে কেতিয়াবা ভুল হৈ যাব পাৰে, সাৱধানী ব্যক্তিও অসুবিধাত পৰিব পাৰে।
3. এশ গৰু মাৰিলে বাঘৰৰ মৰণ।
উত্তৰঃ এটা, দুটা গৰু হত্যা কৰা বাঘ সহজতে চকুত নপৰে৷ কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতাে গুৰু নিধন কৰি গৈ থাকিব আৰু মানুহৰ তথা জীৱ-জন্তুৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব তেতিয়া সেইবাঘক মাৰিব লগীয়া হােৱা বুলি সকলােৱে সহজেই অনুভৱ কৰিব। অৰ্থাৎ তেনে অৱস্থাত সেইবাঘৰ মৃত্যু অনিবাৰ্য হ’ব।ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্ৰবঞ্চকে এটা বা দুটা বেয়া কাম কৰিলে সমাজৰ চকুত নপৰে যদিও, একাদিক্ৰমে তেনে কৰিয়েই থাকিলে সি ধৰা পৰাৰ উপৰি তেনে লােকৰ ধ্বংসও অনিবাৰ্য হৈ পৰে। এজনক প্ৰবঞ্চনা কৰি কোনােবাই সাৰি যাব পাৰে, কিন্তু অনেকক প্ৰৱঞ্চনা কৰাজন ধৰা পৰাটো অনিবাৰ্য। গতিকে, এশটা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবাৰ্য হােৱাৰ দৰেই বহূতক ঠগােৱাৰ পাছত তেনে প্ৰৱঞ্চকৰ ধ্বংসও অনিবাৰ্য। তেওঁ যিমানেই প্ৰভাৱশালী তথা প্ৰতাপীনহওক কিয়, ৰাইজৰ আগত সেও মানিবই লাগিব।
4. উপকাৰীক অজগৰে খায়।
উত্তৰঃ অকৃতজ্ঞ লােকসকলে উপকাৰী লােকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱৰ্তে, পাছত বৰং তেওঁলােকক অপকাৰহে কৰে৷ অজগৰ সাপ এটিক যদি কেতিয়াবা প্ৰাণনাশৰ পৰা ৰক্ষা কৰি তাক উপকাৰ কৰি থােৱা বুলি তাৰ পৰা সাৱধান হােৱা নাযায় আৰু সি সেই উপকাৰৰ কথা মনত কৰি একো নকৰে বুলি ভবা যায়, তেন্তে তেনেদৰে ভজনক অজগৰে খাবই। অজগৰে কেতিয়াও উপকাৰৰ মােল বুজি নাপায় আৰু সেয়ে তাৰ পৰা কৃতজ্ঞতা আশা কৰিও লাভ নাই। একেদৰে অকৃতজ্ঞ মানুহৰ পৰাও উপকাৰৰ কৃতজ্ঞতা বিচাৰি লাভ নাই। বৰং উপকাৰ কৰা ব্যক্তিৰ অসাৱধানতা তথা উদাৰতাৰ সুযােগ লৈ তেনে লােকে উপকাৰীজনৰ অনিষ্টহেকৰে। তেনে অকৃতজ্ঞ, অশলাগী লােকৰ পৰা সাৱধানে থকা উচিত।
5. একতাই পৰম বল।
উত্তৰঃ বহুজনে লগ হৈ কোনাে কাম কৰিলে যিকোনাে কামত সহজে কৃতকাৰ্য্য হ’ব পৰা যায়। সকলােৰে ঐক্যৱদ্ধ প্ৰচেষ্টাৰে যি শক্তি পােৱা যায়, সেই শক্তি বেচ প্ৰবল হয়। অকলে গধুৰ বস্তু এটা দাঙিব নােৱাৰি, কিন্তু বহুজনে মিলি তাক সহজেই সমাধা কৰিব পাৰি। ইয়াৰ দ্বাৰা এয়াই ক’ব বিচৰা হৈছে যে মিলি থাকিলে শৰুই বলে নােৱাৰে। ভাই ককাই মিলি থাকিলে দুষ্ট লােকে তেওঁলােকৰ অনিষ্ট কৰিব নােৱাৰে। গতিকে, একতাতকৈ বেছি শক্তি কোনাে উৎসতে নাই।
6. অল্প বিদ্যা ভয়ংকৰী
উত্তৰঃ ভালদৰে বিদ্যা শিক্ষা অৰ্জা ব্যক্তিসকলক জ্ঞানী বুলি গণ্য কৰা হয়। কিন্তু অলপ অচৰপ বিদ্যা অৰ্জন কৰা সকলে নিজকে বৰ জ্ঞানী বুলি দেখুৱাবলৈ চেষ্টা কৰে আৰু জনাই নজনাই সেই আধৰুৱা বিদ্যাক য’তে ত’তে প্ৰয়ােগ কৰিবলৈ চেষ্টা কৰে। তেনেকুৱা লােকে নিজেই সকলাে জানি উঠা বুলি ভাবে আৰু নিজৰ প্ৰভুত্ব জাহিৰ কৰিবলৈ গৈ মুখ থেকেচা খায়। গতিকে, অলপ অচৰপ শিক্ষা উপকাৰী হােৱাতকৈ বেছি অপকাৰী বা ভয়ংকৰহে হৈ উঠে। তেনে অল্পশিক্ষিত ব্যক্তিৰ পৰা কেতিয়াবা অনিষ্ট হােৱাৰাে সম্ভাৱনা থাকে। উদাহৰণস্বৰূপে অলপ অচৰপ ডাক্তৰী পঢ়ি, আধাতে শিক্ষা সামৰা অৰ্ধ-ডাক্তৰ এগৰাকীয়ে নিজৰ সীমিত জ্ঞানেৰে ৰােগীক জধে-মধে চিকিৎসা কৰিলে বিপদৰ আশংকাই বেছি। এনেদৰে, বস্তু, ক্ষেত্ৰতেই এই অল্প জ্ঞানেৰে শিক্ষিত ব্যক্তিসকল সমাজৰ তথা নিজৰ কাৰণেই ভয়ংকৰ হৈ পৰে।
7. অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
উত্তৰঃ অভ্যাসেই হ’ল কৃতকাৰ্যতাৰ মূল চাবিকাঠি। প্ৰচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। যিমান টান কামেই নহওক, নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণৰ ফুটাইদি শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে; আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা সচৰাচৰ চাই থকা চাৰ্কাছসমূহৰ কিছুমান খেললৈকে আঙুলিয়াব পাৰোঁ, যিবােৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেই লাগে। তেনে অস্বাভাৱিক কামবােৰ অভ্যাস তথা প্ৰচুৰ অনুশীলন তথা অধ্যৱসায়ৰ বলতহে তেওঁলােকৰ বাবে স্বাভাৱিক হৈ পৰিছে।
8. ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনাে এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বােৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গােটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বােৱাইনিয়াটো একো টান কাম নহয়। ৰাইজৰনখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বােৱাব পৰাৰ নিচিনাকৈ এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্য্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে, উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। (সমাৰ্থক যােজনাঃ ৰাইজৰ নাও বামেৰেও চলে)।
9. চোৰ গ’লে বুদ্ধি, বৰষুণ গলে জাপি।
উত্তৰঃ প্ৰতিটো কামৰে একো একোটা প্ৰাসংগিক সময়, স্থান বা পাত্ৰ থাকে। উপযুক্ত সময়ত, উপযুক্ত স্থান বা কাৰ্য্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নােৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে। চোৰে যাতে সৰ্বস্ব চুৰি কৰি লৈ যাব নােৱাৰে তাৰ বাবে বুদ্ধি খটুৱাই নিজৰ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথা চোৰে চুৰি কৰি লৈ যােৱাৰ পাছত সেইবুদ্ধিৰ কোনাে মূল্য নাথাকে।ঠিক সেইদৰে, বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণ দি থকাৰ সময়ত প্ৰয়ােজন হােৱা জাপিটো ব্যৱহাৰ নকৰি, বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে, সেই জাপিৰ ব্যৱহাৰ অনৰ্থক হৈ পৰে। গতিকে, চোৰে চুৰি কৰি গুচি যােৱাৰ আগেয়েই নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব পাৰিব লাগে। গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ ল’বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হােৱাৰ পূৰ্বেই নিবাৰণৰ সম্ভাৱ কাৰ্যকৰী উপায় কামত খটুৱাব লাগে।।
10. হৰিণাৰ মাংসই বৈৰী।
উত্তৰঃ বহু ক্ষেত্ৰত মানুহৰ নিজৰ গুণখিনিয়েই কাৰােবাৰ বাবে বিপদৰ কাৰণ হৈ পৰে হৰিণাৰ মাংস খাবলৈ বৰ সােৱাদ। গতিকে, মাংসৰ কাৰণে হৰিণাক বধ কৰিবলৈ চিকাৰী, বাঘ আদি টিঘিলঘিলাইঘূৰি ফুৰে; যাৰ কাৰণে হৰিণাবােৰৰ জীৱন ধাৰণ তেনেই বিপদসংকুল হৈ পৰে। বিশেষকৈ নিৰীহ লােকৰ কাৰণে এই সমস্যাটো অধিক। সমাজত এনে বহুতাে নিৰীহ লােক আছে, যিবােৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলােকৰ কাৰণে বিপদ কাৰণ হৈ পৰে। অজস্ৰ সাসম্পত্তি বা সম্পদ থকা লােকৰ প্ৰতি লােকৰ প্ৰতিহিংসা জাগে। ফলত তেনে লােকৰ শত্ৰুও বাঢ়ে। অৰ্থাৎ হৰিণাৰ মাংসই যেনেদৰে হৰিণাৰ মৃত্যুৰ কাৰ্ণ হৈ শত্ৰু হিচাপে চিহ্নিত হয়, ঠিক সেইদৰে মানুহৰ বিশেষ গুণ, সৌন্দৰ্য্য বা সম্পদো কেতিয়াবা মানুহৰ (সম্পদ বা গুণৰ গৰাকীৰ) শত্ৰুৰূপে দেখা দিয়ে।
11. যত্ন কৰিলেহে ৰত্ন পায়।
উত্তৰঃ যিকোনাে কামৰে ভাল প্ৰতিফল পাবলৈ হ’লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা। ৰত্ন নিজে নিজে আহি কপালত নালাগে। ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্ৰস্তুতি চলালেহে পৰীক্ষাত ভাল ফল। পােৱা যায়। কোনাে কামত একাণপতীয়াভাৱে মনােনিৱেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি; নহলে কেতিয়াবা ভাল পুৰস্কাৰ পােৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ’ব লগীয়া হয়। গতিকে, ভাল ফল আশা কৰিলে তাৰ বাবে হাতে-কামে লাগি প্ৰচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ভাল। ফল পাব পাৰি৷
12. কথাত কটা যায় কথাত বঁটা পায়।
উত্তৰঃ কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক’ব লাগে, তাক মানুহে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী,নম্ৰ কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে। কৰ্কশ, দুটা মাত কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলােৰে অপ্ৰিয় হয়। কৰ্কশ সুৰত ভাল কথা ক’লেও মানুহে ভাল নাপায়। তদুপৰি মানুহেনকবলগীয়া পৰিস্থিতিত, নক’ব লগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্ৰাণৰ সংশয় পৰ্য্যন্ত আহি পৰাও দেখা যায়। আনহাতে সুন্দৰ, সময়ােপযােগীকৈ কথা ক’ব পৰা ব্যক্তি লােকৰ প্ৰিয়পাত্ৰ হ’ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়ত নম্ৰ, ভদ্ৰ ব্যৱহাৰেৰে শত্ৰুৰ মন পৰ্যন্ত জয় কৰি অহাৰাে উদাহৰণ আমাৰ মাজত আছে। গতিকে দেখা যায়, কৰ্কশ তথা সময়জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্ৰ, কৌশলী তথা সময়ােপযােগী কথা ক’ব পৰা জনে নিজৰ কথাৰেই বহু কিবাকিবি লাভ কৰিবলৈ সক্ষম হয়।
13. আপােন ভালেই জগত ভাল।
উত্তৰঃ এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে। সৎব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা, নম্ৰ ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে৷ বৰং আনৰ উপকাৰ কৰা, মিষ্টভাষী উপযােগী মানুহ এজনৰ বিপদৰ সময়তাে তেওঁৰ ওচৰ-চুবুৰীয়া বা বন্ধুবান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগ বঢ়ায়। এনেদৰেই ভালব্যক্তি এজনৰ কাৰণে গােটেই জগতখনেই ভাল হৈ পৰে।ঠিক তেনেদৰে বেয়া লােকৰ ক্ষেত্ৰত পৃথিৱীৰ আটায়েই বেয়া হৈ পৰে। গতিকে, নিজে ভাল হৈ থকাটোৱেই সকলােতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লােৱা উচিত নহয়৷ নিজৰ চৰিত্ৰৰ ওপৰতে ভাল-বেয়া নিৰ্ভৰ কৰে। নিজৰ চাৰিত্ৰিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন যাপন কৰিব পাৰি।
14. বিদ্যা পৰম ধন।
উত্তৰঃ বহুতেই টকা-পইচা, সা-সম্পত্তিকে জীৱনৰ আটাইতকৈ মূল্যবান বস্তু বুলি অভিহিত কৰি এইবােৰৰ কাৰণেই নিজৰ সৰ্বৰ্ষ জলাঞ্জলি দিয়ে। কিন্তু সকলােৱে জনা উচিত যে এই বৈষয়িক সা-সম্পত্তিবােৰ চিৰদিনৰ বাবে তেনেই অস্থায়ী আৰু অনিশ্চিত ব্যক্তিত্বৰ ফালৰ পৰা এইবােৰৰ প্ৰয়ােজন আছে যদিও ইয়াতকৈ মূল্যবান বস্তুটো হ’ল বিদ্যা। টকা-পইচা, সম্পত্তি আদি বস্তুবােৰ কালক্ৰমত চুৰি হ’ব পাৰে বা প্ৰাকৃতিক কাৰণত ধ্বংস হৈও হাতৰ পৰা ওলাই যাব পাৰে। তদুপৰি, কেৱল টকা-পইচাৰ দ্বাৰা হােৱা ধনী ব্যক্তিক অকল সহায়ৰ প্ৰয়ােজন হােৱা বা সুযােগ সন্ধানীয়েহে মানি চলে বা সন্মান। কৰে। তদুপৰি, ধনসম্পত্তি আনক দিলে এসময়ত কমি যায়। কিন্তু বিদ্যা শিক্ষা এনে এক সম্পত্তি যাক ব্যক্তি এজনৰ পৰা চুৰি কৰিব নােৱাৰি আৰু আনক দান কৰিলেও ই কমি নাযায়। বিদ্যান লােক সৰ্বত্ৰতে সন্মানৰ পাত্ৰ। সেয়েহে বিদ্যাকে শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হৈছে।
15. শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে।
উত্তৰঃ শিয়ালে খাবৰবাবে হাঁহচিকাৰ কৰিবলৈ হ’লে হাঁহৰ গৰাললৈ যাবই লাগিব। কিন্তু শুই থকা শিয়াল এটিৰ গাঁতলৈ গৈ হাঁহ বা অন্য খাদ্য কেতিয়াও নােসােমায়। তেনে শিয়াল চিকাৰ অবিহনে নাখাই শুকাই মৰিব লাগিব। এই একেই কথা মানুহৰ ক্ষেত্ৰতাে প্ৰয়ােগ কৰিব পাৰি। কষ্ট নকৰিলে বিচৰা বস্তুটো কেতিয়াও হাতত আহি নপৰেহি। কাম্য বস্তুটো পাবলৈ হ’লে কষ্ট কৰিবই লাগিব। পঢ়া-শুনা নকৰি আৰামত শুই থকা, ঘূৰি ফুৰা ছাত্ৰই কেতিয়াও ভাল ফলাফল আশা কৰিব নােৱাৰে। কষ্ট নকৰিলে মুখ নভৰে। যেনেদৰে শিয়ালে খাবলৈ হ’লে কষ্টকৰি ৰাতি অতি বিপদৰ মাজত গৈও গৃহস্থৰ ঘৰৰ পৰা হাঁহ-কুকুৰা আদি ধৰি আনিব লাগিব, মানুহেও আশা কৰা বস্তুটো পাবলৈ তাৰ কাৰণে প্ৰয়ােজনীয় কষ্ট মূৰ পাতি ল’বই লাগিব।
16. সময় অমূল্য ধন।
উত্তৰঃ সময় সকলােৰে বাবে সীমিত। তদুপৰি ইসদায় গতিশীল, কাৰাে বাবে, কোনাে প্ৰকাৰে ইয়াক ধৰি ৰাখিব নােৱাৰি। গতিকে, মানৱ জীৱনত সময়ৰ মূল্য অপৰিসীম৷ আন কথাত, কোনাে বিনিময়েৰেই ইয়াক কিনিব বা সাঁচিব নােৱাৰি। আমাৰ চুটি আৰু ব্যস্ত জীৱনত বহু কামেই কৰিব লগীয়া থাকে আৰু তাৰ কাৰণে সময় পােৱা যায় তেনেই কম। গতিকে, কোনাে কাৰণতে সময় অপচয় কৰা উচিত নহয়। সময়ৰ কাম সময়মতে কৰি সময়ৰ সতেই খােজ পেলাব লাগে, তেতিয়াহে আমি আমাৰ জীৱনত পােৱা সীমিত সময়কণৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম৷ তদুপৰি, এবাৰ পাৰ হৈ যােৱা সময়কণ কেতিয়াও ঘুৰাই পােৱাও সম্ভৱ নহয় । এনেদৰেই আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনত সময়ৰ মূল্য কিমান। এই সময়ক আমি সকলােৱে সঠিক ব্যৱহাৰৰ কৰি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত।
17. ভুকুতে কল নপকে।
উত্তৰঃ যিকোনাে কাম এটা সম্পন্ন হৈ উঠিবলৈ ইয়াক পৰ্যাপ্ত সময়ৰ-প্ৰয়ােজন হয়। ইয়াক একাষাৰে হৈ উঠক বুলি জোৰ দিলেই নহয়। কেঁচা কল এটা তৎক্ষণাত পকাবলৈ ভুকু মাৰি দিলেই ই লগে লগে নপকে, বৰং ই পচাৰহে সম্ভাৱনা থাকে। ঠিক তেনেদৰেই নিৰ্দিষ্ট সময়তকৈ আগতে জোৰ কৰি কোনাে এটা কাম সিদ্ধি কৰিব বিচাৰিলে, ই পণ্ড (অসম্পাদিত / ব্যর্থ / নিষ্ফল / নষ্ট) হােৱাৰহে সম্ভাৱনা বেছি, সময়তকৈ আগত ই মুঠেও সম্পূৰ্ণৰূপে হৈনুঠে। একেদিনাই কোনাে এজন মানুহেই পণ্ডিত হৈ উঠিব নােৱাৰে। একেৰাহে চলা দীঘলীয়া পৰিক্ৰমাৰ ফলতহে মানুহে তেনে গুণবােৰ আয়ত্ত কৰিব পাৰে। গতিকে, লগে লগে লাগে বুলি জোৰ দিলেই কাম এটাৰ সফল সম্পাদন নহয়, ইয়াক ক্ৰম অনুসৰিহে সফলতাৰে সম্পূৰ্ণভাৱে সম্পন্ন কৰিব পাৰি।
18. শ্ৰম সিদ্ধিৰ অমােঘ অস্ত্ৰ।
উত্তৰঃ যিকোনাে কামত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম অপৰিহাৰ্য প্ৰয়ােজন অনুপাতে পঢ়া-শুনা নকৰিলে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলােকৰ কাৰ্য্যৰ ফলাফল আশা কৰাটো বৃথা। খেতিয়কেও খেতিৰ পৰা ভাল ফচল আশা কৰিলে তাৰ বাবে পৰ্যাপ্ত পৰিশ্ৰম কৰি খেতিৰ যতন ল’ব লাগিব। মুঠতে যিকোনাে কামতে সিদ্ধি লাভ কৰাৰ আটাইতকৈ প্ৰয়ােজনীয় উপায় হ’ল শ্ৰম। শ্ৰম নকৰি কোনাে কামৰ ফলাফল বিচাৰি ভাগ্যক ধিয়াই থাকিলে তাত সিদ্ধি লাভ কৰিব নােৱাৰি। পৰিশ্ৰমেহে আমাক সিদ্ধিৰ শিখৰলৈ লৈ যাব পাৰে।
19. ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ।
উত্তৰঃ সামান্য একোটা কামৰ পৰাও একো একোটা ডাঙৰ ঘটনা সংঘটিত হৈ যাব পাৰে। সাধাৰণ ফিৰিঙতি এটিৰ পৰা যেনেদৰে সমগ্ৰ অৰণ্যত জুই লাগি গােটেই অৰণ্য পুৰি ছাৰখাৰ হ’ব পাৰে, ঠিক তেনেদৰে সৰু একোটা ভুলৰ পৰিণতিয়েই বিৰাট ধ্বংসকাৰ্যৰ কাৰণ হ’ব পাৰে। গতিকে, সামান্য ঘটনা বা বস্তু বুলি একোকে অৱমাননা তথা অৱহেলা নকৰি তাৰ প্ৰতি প্ৰাৰম্ভণিতে সজাগ হৈ থাকিব লাগে, যাতে সেই সামান্য ঘটনাটোৰ পৰাই ডাঙৰ অঘটন হ’বলৈ নাপায়।
20. দুখ কৰিলেহে মুখ ভৰে।
উত্তৰঃ সুচল জীৱন-যাপন কৰিবলৈ হ’লে দুখ-কষ্ট-যাতনা সহ্য কৰিবই লাগিব। দুখ-কষ্ট কৰি খেতিবাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাত মুঠি আহিব। সেইখিনি কষ্ট, শ্ৰম সহিব নােৱাৰিলে ভােকে পিয়াহে মৰিব লাগিব; এনেদৰে কেতিয়াও পেট নভৰে৷ অৰ্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমৰে মৰ্যাদাৰ কথা ক’ব বিচৰা হৈছে৷ পৰিশ্ৰমৰ বেলিকা ই সদায়ে পীড়াদায়ক, শ্ৰম কৰি কোনেও সুখ নাপায়। কিন্তু এইখিনি দুখ মানি ল’বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম, কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেপাঁহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈৰ্য ধৰি পঢ়াশুনাত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ বেলিকা মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্যৰ আনন্দই তেওঁলােকৰ মন ভৰাই তােলে।
21. আয় চাই ব্যয় কৰিবা।
উত্তৰঃ মানুহে খৰচ পাতি কৰাৰ বেলিকা নিজৰ পৰ্যাপ্ত উপাৰ্জনৰ কথা ভাবি চাব লাগে। নিজৰ আয়তকৈ বেছিকৈ খৰচ কৰাজনে কেতিয়াও সঞ্চয় কৰিবই নােৱাৰে, বৰং ঋণতহে পােত যাবলৈ বাধ্য হয়। বেছিকৈ উপাৰ্জন কৰা লােক এজনে বেছিকৈ খৰচ কৰিব পাৰে৷ প্ৰাথমিক প্ৰয়ােজনীয় সা-সামগ্ৰী কিনা, সাধাৰণ বজাৰ-পাতি কৰাৰ উপৰি তেওঁলােকে বিলাসী সামগ্ৰী আদি কিনি এক বিলাসী জীৱন কটাব পাৰে৷ কিন্তু কম উপাৰ্জনৰ লােকে তেওঁৰ উপাৰ্জনৰ জোখাৰে সামৰিব পৰাকৈহে খৰচ পাতি কৰিব পাৰে। গতিকে, তেনে লােক ধন ব্যয় কৰাৰ বেলিকা সাৱধানী আৰু মিব্যয়ী হােৱা উচ্চ।