এটা শব্দত প্ৰকাশ কৰা | Ata Shobdot Prakash Kora | Expression in One Word In Assamese Language
এটা শব্দত প্ৰকাশ কৰা
* যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে – দূৰদৰ্শী।
* যি আগেয়ে হােৱা নাই – অভূতপূৰ্ব।
* যাৰ দুই হাত সমানে চলে – সব্যসাচী।
* নিজে নিজে হােৱা – স্বয়ম্ভু।
* যি নিজৰ দেশক ভাল পায় – দেশপ্ৰেমিক।
* যিলােকে ভৱিষ্যতৰ কথা ক’ব পাৰে – ভৱিষ্যৎ দ্ৰষ্টা।
* কুলাৰ দৰে নখ যাৰ — শূৰ্পনখা।
* যাৰ পূৰ্বজন্মৰ কথা মনত আছে—জাতিস্মৰ।
* কৰিবলগীয়া কাম – কৰ্তব্য।
* যাক সহজে পােৱা যায় – সুলভ।
* যাক পাবলৈ টান – দুৰ্লভ।
* যাৰ পুত্ৰ নাই- অপুত্ৰক।
* যি সংকল্প কৰিছে – কৃতসংকল্প।
* যি অনাই বনাই ঘুৰি ফুৰে – যাযাবৰ, অঘৰী।
* যাৰ মূৰত চুলি নাই – তপামূৰা।।
* যি মৰৰ মৰাে অৱস্থাত আছে – মুমূৰ্য।
* যি কোনাে পক্ষ নলয় – নিৰপেক্ষ।
* যি সমাপ্ত হােৱা নাই – অসমাপ্ত।
* যি বিষ্ণুক পূজা কৰে – বৈষয়।
* যি শিৱক পূজা কৰে – শৈৱ।
* যি শক্তিক পূজা কৰে – শাক্ত।
* যাৰ দয়া মমতা নাই – নিৰ্দয়।
* (কথা) কোৱাৰ যি ইচ্ছা – বিবক্ষা।
* মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা – জিঘাংসা।
* দেশৰ হকে যিয়ে আত্ম বলিদান দিছে – শ্বহীদ।
* আনৰ ভাল দেখিব নােৱাৰা লােক – পৰশ্ৰীকাতৰ ৷
* যাৰ কোনাে শৰু জন্ম হােৱা নাই – অজাতশত্ৰু।
* ধৰ্ম প্ৰচাৰ কৰা লােক – ধৰ্ম প্ৰচাৰক।
* বয় বস্তু বেচা-কিনা কৰা ঠাই – বজাৰ৷
* যাৰ মাক নাই – বৈমাত্ৰিক।
* যিলােকে ভাল-বেয়া বিচাৰ কৰিহে কাম কৰে – দূৰদৰ্শী।
* যিলােকে ভাল-বেয়া বিচাৰ নকৰাকৈ কাম কৰে – অদূৰদৰ্শী।
* বিয়া বাৰু নােহােৱা পুৰুষ – দাং বলা।
* যি তিৰােতাৰ সন্তান জন্ম নাপায় —বন্ধ্যা (কাঠবাঁজী)।
* বিহুৰ আগদিনা – উৰুকা৷
* দুই মাহৰ সন্ধি – দোমাহী।
* লিখা-পঢ়া জনা লােক – সাক্ষৰ৷
* লিখা-পঢ়া নজনা লােক – নিৰক্ষৰ৷
* ধান থােৱা ঘৰ – ভঁৰাল।
* পি খােৱা বস্তু – পেয়।
* গৰু বন্ধা ঘৰ – গােহালি।
* মাকৰ ভায়েক – মামা।
* মাকৰ ভনীয়েক – মাহী।
* সখীৰ মাক – আমৈ।
* সখীৰ দেউতাক – তাৱৈ।
* খাবলৈ অনা কলপুলি – পচলা।
* এবাৰ ফল দি মৰা উদ্ভিদ – ঔষধি।
* শিং নােহােৱা গৰু – লাওমূৰা।
* একে মাতৃৰ সন্তান – সহােদৰ।
* একে গুৰুৰ শিষ্য – সতীৰ্থ।
* যি তিৰােতাৰ গিৰিয়েক মৰিছে – বিধৱা।
* যি তিৰােতাৰ গিৰিয়েক আছে – সধবা।
* যি পুৰুষৰ পত্নী ঢুকাইছে বিপত্নীক।
* উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লােক – কৃতজ্ঞ।
* উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লােক – অকৃতজ্ঞ, কৃতঘ্ন।
* যি ঠাইলৈ যােৱা কঠিন – দুৰ্গম।
* যি ঠাইলৈ সহজে যাব পাৰি – সুগম।
* ঘৰৰ চালৰ পৰা পানী পৰা ঠাই – পানীপােতা।
* যি ইন্দ্ৰিয়ক জয় কৰিছে – জিতেন্দ্ৰিয়।
* যি সকলাে জানে – সৰ্বজ্ঞ।
* যিয়ে ঈশ্বৰক বিশ্বাস কৰে – আস্তিক।
* যিয়ে ঈশ্বৰক বিশ্বাস নকৰে – নাস্তিক।
* যাৰ পিতৃ পৰিচয় নাই – জাজ।
* যাৰ মাক-দেউতাক নাই – মাউৰা।
* হিমালয়ৰ পৰা সমুদ্ৰ পৰ্যন্ত – আসমুদ্ৰহিমাদ্ৰী।
* বােকাত যাৰ জন্ম – পঙ্কজ।
* কণীৰ পৰা জন্মা – অণ্ডজ।
* যিলােকে খুজি-মাগি পেট প্ৰৱৰ্ণয় – মগনীয়া।
* যাৰ সকলাে শেষ হৈ গৈছে – সৰ্বহাৰা।
* যি কথা কোৱা উচিত নহয় – অকথ্য।
* যি কথাৰ অৰ্থ নাই – অৰ্থহীন, নিৰ্থক।