চোৰেহে চোৰৰ ঠেং দেখে | ফকৰা যোজনা

চোৰেহে চোৰৰ ঠেং দেখেঃ চোৰ সমাজৰ অনিষ্টকাৰী ব্যক্তি। চোৰৰ অনিষ্টৰ পৰা হাত সাৰিবৰ বাবে মানুহে চোৰক ধৰা পেলাবলৈ যত্ন কৰে। কিন্তু সাধাৰণ মানুহৰ মাজতে থকা চোৰজনক মানুহে চিনিব নোৱাৰে। পিছে এজন চোৰে আনজন চোৰক চিনি উলিয়াব পাৰে। আনে তৰকিব নোৱাৰাকৈ চোৰে চোৰক চিনি পোৱা অৱস্থাটোকে চোৰে চোৰৰ ঠেং দেখা বুলি কোৱা হয়।

চোৰৰ দৰে সমাজত থকা আন আন দুষ্ট বা অনিষ্টকাৰী লোকসকলেও নিজৰ স্বভাৱৰ লগত মিল থকা আন দুষ্ট বা অনিষ্টকাৰী লোকসকলেও নিজৰ স্বভাৱৰ লগত মিল থকাসকলক বিচাৰি ল’ব পাৰে বা চিনিব পাৰে।

READ MORE  চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top