ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Chapter 1 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

MCQs Questions and Answers

1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন।
(b) বিযোজন।
(c) অপসৰণ।
(d) তাপবর্জী।
উত্তৰঃ  (b) বিযোজন।

2. Fe, O + 2Al → Al2O3 + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ—
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসাৰণ বিক্ৰিয়াৰ
উত্তৰঃ (d) এটা অপসাৰণ বিক্ৰিয়াৰ

3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ?
(a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

4. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ?
2PbO(s) + C(s) – → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) ওপৰৰ আটাইকেইটা
উত্তৰঃ (i) (a) আৰু (b)

5. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে—
(a) অপসাৰণ।
(b) বিযোজন।
(c) দ্বিঅপসৰণ।
(d) সংযোজন।
উত্তৰঃ  (c) দ্বিঅপসৰণ। 

6. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) তাপগ্রাহী।
(b) তাপবর্জী।
(c) সংযোজন।
(d) অধঃক্ষেপণ।
উত্তৰঃ (b) তাপবর্জী।

7. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়—
(a) SO2
(b) SO3
(c) Fe2O3
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ  (d) ওপৰৰ আটাইকেইটা।

8. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন।
(b) বিযোজন।
(c) অপসৰণ।
(d) তাপবর্জী।
উত্তৰঃ (b) বিযোজন।

9. লেড নাইট্রেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয়—
(a) PbO
(b) NO2
(c) N2
(d) O2
উত্তৰঃ (c) N2 

10. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক’লা।
(b) মুগা।
(c) সেউজীয়া।
(d) ৰঙা।
উত্তৰঃ (c) সেউজীয়া।

11. তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় ?
(a) পানীৰ বাষ্পীকৰণ
(b) শৰীৰত খাদ্যৰ হজম
(c) খাদ্যৰ প্ৰস্তুতিকৰণ
(d)মমৰ দহন
উত্তৰঃ (a) পানীৰ বাষ্পীকৰণ

12. হাইদ্ৰক্লৰিক এছিদ লোৰ টুকুৰাত ঢালিলে কি হ’ব ?
(a) ক্ল’ৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ’ব
(b) লোৰ লৱণ আৰ্ পানী প্ৰস্তুত হ’ব
(c) হাইড্ৰ’জেন গেছ আৰু লোৰ ক্ল’ৰাইড প্ৰস্তুত হ’ব ।
(d) কোনো বিক্ৰিয়া নহয়
উত্তৰঃ (c) হাইড্ৰ’জেন গেছ আৰু লোৰ ক্ল’ৰাইড প্ৰস্তুত হ’ব ।

13. তলৰ কোনবোৰ সংযোজন বক্ৰিয়া ?
(i) Zn + FeSO4 → ZnSO4 +Fe
(ii) 4Al + 302 → 2Al2O3
(iii) MgO + H2O → Mg (OH)2
(iv) 2KClO3 → 2KCl + 3O2

(a) (iv) আৰু (ii)
(b) (ii) আৰু (i)
(c) (iii) আৰু (i)
(d) (iii) আৰু (ii)
উত্তৰঃ (d) (iii) আৰু (ii)

14. বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ ?
(i) লেড অক্সাইডৰ বিজাৰণ
(ii) কাৰ্বনৰ জাৰণ
(iii) কাৰ্বন ডাই অক্সাইডৰ জাৰণ
(iv) লেডৰ বিজাৰণ

(a) (iv) আৰু (iii)
(b) (iv) আৰু (ii)
(c) (ii), (iii) আৰু (iv)
(d) সকলোবোৰ
উত্তৰঃ (b) (iv) আৰু (ii)

15. বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ ?
(a) প্ৰতিস্থাপন বিক্ৰিয়া
(b) বিয়োজন বিক্ৰিয়া
(c) দ্বিপ্ৰতিস্থাপন বিক্ৰিয়া
(d) সংযোজন বিক্ৰিয়া
উত্তৰঃ (a) প্ৰতিস্থাপন বিক্ৰিয়া 

16. তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিবৰ্তন নহয় ?
(a) পানীৰ উতলীকৰণ
(b) LPG গেছৰ দহন
(c) বৰফ গলি পানী হোৱা বায়ুত লৱণৰ দ্ৰবীভূত হোৱা ।
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (b) LPG গেছৰ দহন

17. পোৰা চুণে পানীৰ লগত কৰা ৰিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন।
(b) বিযোজন।
(c) তাপবর্জী।
(d) (a) আৰু (c)।
উত্তৰঃ (d) (a) আৰু (c)।

18. যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰবত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয় তেতিয়া লোৰ গজালটোৰ ৰং হ’ব—
(a) ৰঙা
(b) মুগা(c) ক’লা
(d) মাটিয়া বৰণৰ
উত্তৰঃ(d) মাটিয়া বৰণৰ।

19. যেতিয়া বেৰিয়াম ক্লাইড দ্রব এটা ছডিয়াম ছালফেট দ্ৰবৰ সৈতে মিশ্রণ ঘটোৱা হয়, তেতিয়াতলৰকোনটো যুক্তি সত্য নহয় ?
(a) এইটো ৰেডক্স বিক্রিয়া
(b) এইটো তীব্ৰবেগী বিক্রিয়া
(c) এইটো এটা দ্বি-প্ৰতিস্থাপন বিক্রিয়া
(d) এইটো এটা অধঃক্ষেপন বিক্রিয়া।
উত্তৰঃ(a) এইটো ৰেডক্স বিক্রিয়া 

20. তলৰ কোনটো প্ৰতিস্থাপন বিক্রিয়া ?
(a) MgCO,→MgO +CO2
(b) 2Na +2H,O↔ 2NaOH +H,
(c) 2H, + O2 → 2H O
(d) 2Pb (NO3)2 → 2PbO + 4NO2 +O
উত্তৰঃ(b) 2Na +2H,O 2NaOH +H

21. Agক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত পৰা ক’লা প্ৰলেপটো হৈছে—
(a) AgNO
(b) Ag2S
(c) Ag, O
(d) Ag,CO,
উত্তৰ: (b) Ag2S

22. তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া ?
(a) ছালফিউৰিক এছিদৰ লঘুকৰণ
(b) শুকান বৰফৰ ঊৰ্ধ্বপাতন
(c) জলীয় বাষ্পৰ ঘনীভৱন
(d) পানীৰ বাষ্পীকৰণ

(a) (i) আৰু (iii)
(b) মাত্ৰ (ii)
(c) মাত্ৰ (iii)
(d) (ii) আৰু (iv)
উত্তৰঃ (d) (ii) আৰু (iv)

23. তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায় ?
(a) পেট্ৰ’লক মুকলি অৱস্থাত ৰখা
(b) গেছ চিলিণ্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গেছ সংৰক্ষণ কৰা
(c) বায়ুৰ তৰলীকৰণ
(d) বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা
উত্তৰঃ (d) বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা

24. তলৰ কোনটো সংযোজন বিক্রিয়া ?
(i) 2KCIO,→ 2KCI + 3O2
(ii) MgO + H2O Mg(OH)2
(iii) 4Al +3O→2Al,O
(iv) Zn +FeSO, ZnSO4 +Fe

(a) (i) আৰু (iii)
(b) (iii) আৰু (iv)
(c) (ii) আৰু (iv)
(d) (ii) আৰু (iii)
উত্তৰঃ(d) (ii) আৰু (ii)

25. তিনিটা বিকাৰত A, B আৰু C ৰে লেবেল কৰি তাত 25ml পানী ভৰোৱা হ’ল। এতিয়া এই তিনিটা বিকাৰত ক্ৰমে অলপমান NaOH, আৰ্দ্ৰ CuSO, আৰু NaCl লোৱা হ’ল। পৰ্য্যবেক্ষণ কৰি পোৱা গ’ল যে A আৰু B বিকাৰত থকা দ্রবণখিনি উষ্ণতা বৃদ্ধি আৰু C বিকাৰত থকা দ্রবণখিনিৰ উষ্ণতা হ্রাস পালে —
(i) A আৰু B বিকাৰত তাপবৰ্জী প্ৰক্ৰিয়া হৈছে
(ii) A আৰু B বিকাৰত তাপশোষক প্রক্রিয়া হৈছে
(iii) C বিকাৰত তাপবৰ্জী প্ৰক্ৰিয়া হৈছে
(iv) C বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে।

(a) (i)
(b) (ii)
(c) (i) আৰু (iv)
(d) (ii) আৰু (iii)
উত্তৰঃ(c) (i) আৰু (iv)

26. তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰ হ’লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ’ব ?
(a) নাইট্ৰ’জেন বা অক্সিজেন

(b) হিলিয়াম বা নাইট্ৰ’জেন
(c) কাৰ্বনডাই অক্সাইড বা অক্সিজেন
(d) কাৰ্বনডাই অক্সাইড বা হিলিয়াম
উত্তৰঃ (b) হিলিয়াম বা নাইট্ৰ’জেন

27. চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে—
(a) সংযোজন প্ৰক্ৰিয়া
(b) দ্বি-প্ৰতিস্থাপন বিক্ৰিয়া
(c) বিযোজন প্ৰক্ৰিয়া
(d) প্ৰতিস্থাপন বিক্ৰিয়া
উত্তৰঃ (a) সংযোজন প্ৰক্ৰিয়া

28. তলৰ কোনটো কাৰ্য্য সাধাৰণতে কৰা নহয় ? 
(a) কপাৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা
(c) ৰূপৰ পাত্ৰত কপাৰ ছালফেট দ্রব থোৱা
(b) কপাৰ পাত্ৰত জিংক ছালফেট দ্রব থোৱা (d) জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা
উত্তৰঃ(d) জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা

29. লঘু ছালফিউৰিক এছিডৰ সৈতে জিংকৰ বিক্রিয়া হৈছে—
(a) প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া

(b) সংযোজন আৰু বিযোজন বিক্ৰিয়া
(c) ৰেডক্স আৰু দ্বি প্রতিস্থাপন বিক্রিয়া
(d) অধঃক্ষেপন আৰু দ্বি-প্ৰতিস্থাপন বিক্রিয়া।
উত্তৰঃ(a) প্রতিস্থাপন আৰু ৰেডক্স বিক্রিয়া। 

30. ছিলভাৰ ব্ৰ ‘মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) বিযোজন।
(b) সংযোজন।
(c) তাপগ্রাহী।
(d) (a) আৰু (c)
উত্তৰঃ (d) (a) আৰু (c)

31. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–
(a) অপসৰণ।

(b) অধঃক্ষেপণ।
(c) দ্বিঅপসৰণ।
(d) সংযোজন।
উত্তৰঃ (a) অপসৰণ।

32. BaCl2 + H2 SO4 → BaSO4 + 2HCl – এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) অপসৰণ।
(b) দ্বিঅপসৰণ।
(c) অধঃক্ষেপণ।
(d) (b) আৰু (c)
উত্তৰঃ (d) (b) আৰু (c)

33. তলৰ কোনটো তাপোদ্ভৱ প্ৰক্ৰিয়া ?
(a) এচিডৰ লঘুকৰণ
(b) পানীৰ বাষ্পীকৰণ
(c) কৰ্পূৰৰ ঊৰ্ধ্বপাতন
(d) মৰাচূণৰ সৈতে পানীৰ বিক্ৰিয়া

(i) (d)  আৰু (a)
(ii) (a) আৰু (b)
(iii) (d) আৰু (c)
(iv) (b) আৰু (c)
উত্তৰঃ (i) (d)  আৰু (a)

34. যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰাহয়, ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ’ল । ছাইখিনি হৈছে—
(a) মেগনেছিয়াম নাইট্ৰাইড
(b) মেগনেছিয়াম অক্সাইড
(c) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড ।
(d) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইড।
উত্তৰঃ (b) মেগনেছিয়াম অক্সাইড

35. 2Cu + O2 → 2CuO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) CuO, O2

(b) Cu, O2
(c) O2, CuO
(d) Cu, CuO
উত্তৰঃ (b) Cu, O2

36. MnO2 + 4HCI → MnCl2 + 2H2O + Cl2এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) HCI, MnO2
(b) HCI, MnCl2
(c) MnO2, HCI
(d) MnO2, Cl2
উত্তৰঃ (a) HCI, MnO2

37. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল—
(a) মেগনেছিয়াম কার্বনেট।
(b) মেগনেছিয়াম নাইট্রেট।
(c) মেগনেছিয়াম অক্সাইড।
(d) মেগনেছিয়াম হাইড্রক্সাইড।
উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড।

38. যেতিয়া অম্লপানীৰ মাজেৰে বিদ্যুৎ প্রবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্রিয়া ঘটে? 
(a) দ্বি-প্রতিস্থাপন বিক্রিয়া
(b) সংযোজন বিক্রিয়া
(c) প্রতিস্থাপন বিক্রিয়া
(d) বিয়োজন বিক্রিয়া
উত্তৰঃ(d) বিযোজন বিক্রিয়া 

39. চী আৰু তেলজাতীয় খাদ্যবস্তুৰ জাৰণ হোৱাৰ ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা প্ৰক্ৰিয়াটো হৈছে—
(a) বিজাৰণ

(b) চীৰ দুৰ্গন্ধিতা (c) ক্ষয়ীভৱন
(d) প্ৰতিজাৰক
উত্তৰঃ(b) চীৰ দুৰ্গন্ধিতা। 

40. যেতিয়া সেউজীয়া ৰঙৰ ফেৰাচ ছালফেট স্ফটিকউত্তপ্ত কৰা হয়, তেতিয়া স্ফটিকৰ ৰং পৰিবৰ্ত্তন হোৱা কাৰণ হৈছে—
(b) ফেৰিক অক্সাইডলৈ বিয়োজন হয়
(a) SO, প্রস্তুত হয়
(c) SO, প্রস্তুত হয়
(d) ই পানীৰ অণু হেৰুৱায় ।
উত্তৰঃ(d) ই পানীৰ অণু হেৰুৱায়।

READ MORE  বিদ্যুৎ | Chapter 12 | Class 10 General Science - SEBA

41. 4NH3(g) + 5O→4NO(g)+6H2O বিক্ৰিয়াটো তলৰ কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ ?
(a) প্ৰতিস্থাপন বিক্ৰিয়া
(b) সংযোজন বিক্ৰিয়া
(c) ৰেড’ক্স বিক্ৰিয়া
(d) প্ৰশমন বিক্ৰিয়া

(i) (a) আৰু (d)
(ii) (b) আৰু (c)
(iii) (a) আৰু (c)
(iv) (c) আৰু (d)
উত্তৰঃ (iii) (a) আৰু (c)

42. ZnO + C →  Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) ZnO, C (b) Zn, CO
(c) ZnO, CO
(d) C, ZnO
উত্তৰঃ (d) C, ZnO

43. কপাৰ ছালফেটক অতি উত্তপ্ত কৰিলে—
(a) Cu2O আৰু CuOৰ অৱশেষ পোৱা যাব।
(b) Cu2O ৰ অৱশেষ পোৱা যাব
(c) Cu2O নাইবা কোনোটোৱে নহয়
(d) CuO ৰ অৱশেষ পোৱা যাব
উত্তৰঃ (b) Cu2O ৰ অৱশেষ পোৱা যাব

Short Type Questions and Answers

1. এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে কি কি উপস্থাপন কৰে ?
উত্তৰঃ এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে বিক্ৰিয়ক, বিক্ৰিয়াজাত পদাৰ্থ আৰু সিঁহতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপন কৰে ।

2. কিয় এটা ৰাসায়নিক বিক্ৰিয়াক সন্তুলিত কৰা হয় ?
উত্তৰঃ এটা ৰাসায়নিক বিক্ৰিয়াক সন্তুলিত কৰা হয় কাৰণ, যাতে সমীকৰণটোৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিবিধ পৰমাণুৰ সংখ্যা একে হয় ।

3. ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন লিখা ।
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন হ’লঃ অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন ৷

4. ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of mass) টো লিখা ।
উত্তৰঃ ভৰৰ নিত্যতা সূত্ৰ অনুসৰি এক ৰাসায়নিক বিক্ৰিয়া ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে । ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ’ব লাগিব ।

5. যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰক কি বিক্ৰিয়া বোলে ?
উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে ।

6. 3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g), এই সমীকৰণত H2O সংকেতৰ লগত চিহ্ন (g) ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ 3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g), এই সমীকৰণত H2O সংকেতৰ লগত চিহ্ন (g) ব্যৱহাৰ কৰা হৈছে, কাৰণ এই বিক্ৰিয়াত পানীক হলীয় বাষ্প অৱস্থাত ব্যৱহাৰ কৰা হৈছে ।

7. চূণ বা পোৰা চূণৰ সংকেত কি ?
উত্তৰঃ চূণ বা পোৰা চূণৰ সংকেত হ’ল— CaO(s)

8. কেলছিয়াম অক্সাইডৰ লগত পানী সংযোজন কৰিলে, হোৱা ফলাফল লিখা ।
উত্তৰঃ কেলছিয়াম অক্সাইড পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ (Slacked Lime), কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে ।

CaO(s) (পোৰা চূণ) + H2O(l) → Ca(OH)2 (aq)

9. মাৰ্বলৰ ৰাসায়নিক সংকেত কি ?
উত্তৰঃ মাৰ্বলৰ ৰাসায়নিক সংকেত হ’ল— CaCO3

10. কয়লাৰ দহনৰ সমীকৰণটো লিখা ।
উত্তৰঃ কয়লাৰ দহন—

C(s) + O2(g) → CO2(g)

11. পানীৰ গঠনৰ সমীকৰণটো কি ?
উত্তৰঃ H2(g) আৰু O2(g) ৰ পৰা পানীৰ গঠন হয় । ইয়াৰ সমীকৰণটো হ’ল—

2H2(g) + O2(g) → 2H2O(l)

12. বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এক কি বিক্ৰিয়া?
উত্তৰঃ বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এক তাপবৰ্জী বিক্ৰিয়া ।

13. মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কি? এই বিক্ৰিয়াটো কোন শ্ৰেণীৰ/প্ৰকাৰৰ বিক্ৰিয়াৰ ভিতৰত পৰে?
উত্তৰঃ মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম- মেগনেছিয়াম অক্সাইড । এই বিক্ৰিয়াটো তাপবৰ্জী শ্ৰেণীৰ/প্ৰকাৰৰ বিক্ৰিয়াৰ ভিতৰত পৰে ।

14. কিয় চিপচ উৎপাদকসকলে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰে’জেনৰ দৰে গেছ ভৰাই থয় ?
উত্তৰঃ যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় । ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় । ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি (Rancidity) বোলে । এই দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি নহবৰ বাবে আৰু জাৰণ নঘটিবৰ বাবে, চিপচ উৎপাদকসকলে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰে’জেনৰ দৰে গেছ ভৰাই থয় ।

15. এটা সংযোজন বিক্ৰিয়াত কেইটা নতুন পদাৰ্থ উৎপন্ন হয় ?
উত্তৰঃ এটা সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে ।

16. সংযোজন বিক্ৰিয়াটোৰ বিপৰীত বিক্ৰিয়াটোৰ নাম কি ?
উত্তৰঃ সংযোজন বিক্ৰিয়াটোৰ বিপৰীত বিক্ৰিয়াটোৰ নাম বিযোজন বিক্ৰিয়া ।

17. এটা বিযোজন বিক্ৰিয়াত কেইটা পদাৰ্থ বিযোজিত হয় আৰু কেইটা পদাৰ্থ উৎপন্ন হয় ?
উত্তৰঃ এটা বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হয় আৰু দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হয় ।

18. অধঃক্ষেপন বিক্ৰিয়াত কি উৎপন্ন হয় ?
উত্তৰঃ অধঃক্ষেপন বিক্ৰিয়াত অদ্ৰাৱ্য লৱণ উৎপন্ন হয় ।

19. যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে, তেতিয়া কি বিক্ৰিয়া ঘটে ?
উত্তৰঃ যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে, তেতিয়া অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটে ।

20. ফেৰিক অক্সাইড জুলীয়া/গেছীয়/গোটা পদাৰ্থ?
উত্তৰঃ ফেৰিক অক্সাইড গোটা পদাৰ্থ ।

21. দুটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ (i) ZnO + C Zn + CO

(ii) MnO2 + 4HCl MnCl2 + 2H2O +Cl2

22. তাপগ্ৰাহী বিক্ৰিয়াৰ এটা ব্যৱহাৰ লিখা ।
উত্তৰঃ কলা-বগা ফট’গ্ৰাফিত তাপগ্ৰাহী বিক্ৰিয়াৰ ব্যৱহাৰ হয় ।

23. চূণশিলৰ সংকেতটো লিখা ।
উত্তৰঃ চূণশিলৰ সংকেতটো- CaCO3(s)

24. লেড নাইট্ৰেটক উত্তাপন কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কি? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা ।
উত্তৰঃ লেড নাইট্ৰেটক উত্তাপন কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম হ’ল— নাইট্ৰ’জেন ডাই অক্সাইড । সংঘটিত হোৱা বিক্ৰিয়াটো হ’ল—

2Pb(NO3)2(s) (লেড নাইট্ৰেট) 2PbO(s)(লেড অক্সাইড) + 4NO2(g)(নাইট্ৰ’জেন ডাইঅক্সাইড) + O2(g) (অক্সিজেন)

25. যিবোৰ বিক্ৰিয়াত তাপ শোষিত হত সেইবোৰক ______ বিক্ৰিয়া বোলে ।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত তাপ শোষিত হত সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে ।

26. দ্বিঅপসৰণ বিক্ৰিয়াত _____ দুটা বেলেগ বেলেগ পৰমাণ্য বা পৰমাণুৰ থুপ (আয়ন) ৰ পৰস্পৰৰ লগত _______ ঘটে ।
উত্তৰঃ দ্বিঅপসৰণ বিক্ৰিয়াত দুটা বিক্ৰিয়াৰ দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থুপ (আয়ন) ৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে ।

27. জাৰণত পদাৰ্থই ___লাভ কৰে বা ____হেৰুৱাই আৰু বিজাৰণত _____ হেৰুৱায় আৰু ___ লাভ কৰে ।
উত্তৰঃ জাৰণত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱাই আৰু বিজাৰণত অক্সিজেন হেৰুৱায় আৰু হাইড্ৰ’জেন লাভ কৰে ।”

Long Type Questions and Answers

1. বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজা ? উদাহৰণ সহ বুজাই লিখা ।
উত্তৰঃ যি বোৰ পদাৰ্থ আন কোনো দুই বা ততোধিক পদাৰ্থ বিক্ৰিয়া ঘটি উৎপন্ন হয় । তাক বিক্ৰিয়াজাত পদাৰ্থ বোলা হয় । উদাহৰণস্বৰূপে, মেগনিছাম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিমায় অক্সাইডৰ উৎপন্ন হয় । এই বিক্ৰিয়াটোৰ শব্দ সমীকৰণটো হ’ল—
মেগনেছিয়াম (বিক্ৰিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্ৰিয়াজাত পদাৰ্থ)
এই বিক্ৰিয়াটোৰ সাংকেতিক সমীকৰণটো হ’ল—
Mg + O2 → Mgo

2. ৰাসায়নিক বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখাৰ প্ৰক্ৰিয়া, নিয়ম আৰু চিহ্নবোৰ লিখা ।
উত্তৰঃ শব্দ সমীকৰণ এটাই বিক্ৰিয়কৰ বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাঁড় চিনেৰে দেখুৱায় । বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাঁড় চিনটো থাকে । কাঁড় চিনৰ বাঁওফালে বিক্ৰিয়কবোৰ লিখা হয় । বিক্ৰিয়কবোৰ লিখোতে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডালগৈ যোগ চিন (+) দিয়া হয় । একেদৰে বিক্ৰিয়াজাত পদাৰ্থবোৰ সোঁফালে যোগ চিন (+) দি লিখা হয় । কাঁড় চিনটোৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থবোৰ ফালে থাকে আৰু ই বিক্ৰিয়াটীৰ দিশটো দেখুৱায় ।

মেগনেছিয়াম (বিক্ৰিয়ক)+ অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্ৰিয়াজাত পদাৰ্থ)

3. ৰাসায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি উদাহৰণসহ লিখা ।
উত্তৰঃ ৰায়ায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি হ’লঃ
ক) শব্দ সমীকৰণ পদ্ধতিঃ
মেগনেছিয়াম (বিক্ৰিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্ৰিয়াজাত পদাৰ্থ)
খ) সাংকেতিক সমীকৰণ পদ্ধতিঃ
Mg + O2 → Mgo

4. তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় । তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া (Exothermic Chemical Reactions) বোলা হয় । উদাহৰণস্বৰূপে প্ৰাকৃতিক গেছৰ দহনত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও তাপৰ উৎপন্ন হয় ।

CH4(g) + 2O2(g) → CO2(g) + 2H2O (g)

5. দুটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ দুটা সংযোজন বিক্ৰিয়া হ’ল—

(ক) কয়লাৰ দহন—
C(s) + O2(g) → CO2(g)

(খ) পানীৰ গঠন—
2H2(g) + O2(g) → 2H2O(l)

6. দুটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ (ক) প্ৰাকৃতিক গেছৰ দহন—

CH4(g) + 2O2(g) → CO2(g) + 2H2O (g)

(খ) শ্বসন—
C6H12O6(aq)(গ্লুক’জ)+ 6O2(aq) + 6H2O(l) → 6CO2(aq) + 12H2O(l) + শক্তি

7. ‘শ্বসন’ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সংঘটিত হয়? সমীকৰণসহ বুজাই লিখা ।
উত্তৰঃ সকলো প্ৰাণী জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন হয় যি আমি খাদ্যৰ পৰা আহৰণ কৰো । হজম প্ৰক্ৰিয়াত খাদ্য বস্তুসমূহ সৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় । কাৰ্বহাইড্ৰেট, প্ৰটিন আদিবোৰ গ্লক’জলৈ ভাঙি যায় । এই গ্লক’জসমূহে আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ শক্তিৰ যোগান ধৰে । এই প্ৰক্ৰিয়াটোকে শ্বসন বোলা হয় ।

C6H12O6(aq)(গ্লুক’জ) + 6O2(aq) + 6H2O(l) → 6CO2(aq) + 12H2O(l) + শক্তি

8. বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে কি হয়? এই বিক্ৰিয়াটোৰ সমীকৰণটো লিখা ।
উত্তৰঃ বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে উজ্বল বগা শিখাৰে জ্বলি এবিধ পাউদাৰত পৰিণত হব । এই পাউদাৰখিনি হ’ল— মেগনেছিয়াম অক্সাইড । বায়ুত থকা অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটি মেগনিছাম অক্সাইডৰ উৎপন্ন হয় । এই বিক্ৰিয়াটোৰ শব্দ সমীকৰণটো হ’ল—

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

মেগনেছিয়াম (বিক্ৰিয়ক) + অক্সিজেন → মেগনেছিয়াম অক্সাইড (বিক্ৰিয়াজাত পদাৰ্থ)
এই বিক্ৰিয়াটোৰ সাংকেতিক সমীকৰণটো হ’ল—
Mg + O2 → Mgo

9. অসমতুলিত বা জঁকা ৰায়ায়নিক সমীকৰণ কাক বোলে? উদাহৰণ দিয়া ।
উত্তৰঃ এক ৰাসায়নিক বিক্ৰিয়াত যেতিয়া বিক্ৰিয়ক পদাৰ্থসমূহৰ ভৰ আৰু উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ অসমান হয় । তেতিয়া তাক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা জঁকা ৰায়াসনিক সমীকৰণ (Skeletel Chemical Equation) বোলা হয় ।উদাহৰণ—
Mg + O2 → Mgo

এই সমীকৰণটোত বাঁওফালৰ আৰু সোঁফালৰ মৌলৰ পৰিমাণ সমান নহয় । সেয়েহে এইটো এক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা জঁকা ৰায়াসনিক সমীকৰণ (Skeletal Chemical Equation) ।

10. সমতুলিত বা সন্তুলিত সমীকৰণ বোলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ এক ৰাসায়নিক বিক্ৰিয়াত যেতিয়া বিক্ৰিয়ক পদাৰ্থসমূহৰ ভৰ আৰু উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান হয় । তেতিয়া তাক সমতুলিত বা সন্তুলিত সমীকৰণ সমীকৰণ বোলা হয় । উদাহৰণ—
Zn + H2SO4 → ZnSO4 + H2

এই সমীকৰণটোত বাঁওফালৰ আৰু সোঁফালৰ মৌলৰ পৰিমাণ সমান। সেয়েহে এইটো এক সমতুলিত বা সন্তুলিত সমীকৰণ ।

11. বিযোজন বিক্ৰিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থজাত পদাৰ্থলৈ ভাগি যায় বা সলনি হয় বা পদাৰ্থৰ উৎপন্ন হয় । তাকে বিযোজন বিক্ৰিয়া বোলে । উদাহৰণ—
2FeSO4¬(s) → Fe2O3(s) + SO2(g) + SO2(g)

এইটো এক বিযোজন বিক্ৰিয়া । তাপ দিলে ফেৰাছ ছালফেট স্ফটিকৈ (FeSO4 7H2O), পানী হেৰুৱায় আৰু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন হয় । লগতে, এই বিক্ৰিয়াত দেখা গৈছে যে ফেৰাছ ছালফেট(FeSO4) বিক্ৰিয়া ঘটি ফেৰিক অক্সাইড(Fe2O3), ছালফাৰ ডাই অক্সাইড(SO2) আৰু ছালফাৰ ট্ৰাইওক্সাইড(SO3) লৈ বিযোজিত হৈছে ।

12. কেলছিয়াম অক্সাইড কেনেদৰে পাব পাৰি? ইয়াৰ দুটা কাম উল্লেখ কৰা ।
উত্তৰঃ তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইডলৈ পৰিৱৰ্তন কৰি পাব পাৰি । কেলছিয়াম অক্সাইড বা চূণ (lime) বা পোৰা চূণ (quick lime)ৰ দুটা কাম হ’ল—

(ক) চিমেণ্ট উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় ।
(খ)এই বিক্ৰিয়াক বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় ।

13. তাপীয় বিযোজন বিক্ৰীয়া কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যেতিয়া কোনো এক বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় । তেনে বিক্ৰিয়াক তাপীয় বিযোজন বিক্ৰীয়া বোলে ।

উদাহৰণ— তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰা প্ৰক্ৰিয়াটো এক তাপীয় বিযোজন বিক্ৰীয়া ।
CaCO3(s)(চূণশিল) CaO(s)(পোৰা চূণ) + CO2(g)

14. বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত কি ৰঙলৈ পৰিৱৰ্তন হয় ?

অথবাঃ ছিলভাৰ ক্ল’ৰাইড কিছুসময় সূৰ্যৰ পোহৰত থাকিলে কি হ’ব ? এনে হোৱৰ কাৰণ কি? এই বিক্ৰিয়াটোৰ নাম কি? সমীকৰণটো লিখা ।
উত্তৰঃ বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ হৈ পৰে । পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰাৰ বাবে এনে হয় । এই বিক্ৰিয়াটোৰ নাম হ’ল— তাপগ্ৰাহী (Endothermic) বিযোজন প্ৰক্ৰিয়া ।

বিক্ৰিয়াটোৰ সমীকৰণটো হ’ল—
2AgCl(s) 2Ag(s) + Cl2(g)

15. দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলিলে কি বুজা/কাক বোলে ? উদাহৰণস্বৰূপে বুজাই লিখা । ইয়াৰ প্ৰতিকাৰ কি বা ইয়াৰ দুটা প্ৰতিকাৰ লিখা ?
উত্তৰঃ যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় । ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় । ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি (Rancidity) বোলে । উদাহৰণস্বৰূপে- পুৰণি তেল আৰু চৰ্বি যুক্ত খাদ্যবস্তুৰ স্বাদ আৰু গোন্ধ সলনি হয় । ইয়াৰ দুটা প্ৰতিকাৰক হ’ল—

(ক)সাধাৰণ জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদাৰ্থ অৰ্থাৎ প্ৰতিজাৰক পদাৰ্থ(Antioxidants) যোগ কৰা হয় ।
(খ) লগতে, বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখলে জাৰণ মন্থৰ হয় ।
(গ)চিপচ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰে’জেনৰ দৰে গেছ ভৰাই থয় ।

16. কলা-বগা ফট’গ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম কি ? এনে এক বিক্ৰিয়াৰ নাম লিখা ।
উত্তৰঃ কলা-বগা ফট’গ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম- তাপগ্ৰাহী (Endothermic) বিক্ৰিয়া । এনে এক বিক্ৰিয়া হ’ল—

সূৰ্যৰ পোহৰে ছিলভাৰ ব্ৰ’মাইডক ছিলভাৰ আৰু ব্ৰমাইনলৈ বিযোজিত কৰে ।
2AgBr(s) 2Ag(s) + Br2(g)

17. তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী (Endothermic) বিক্ৰিয়া বোলে ।

উদাহৰণ— ১
সূৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে ।
2AgCl(s) 2Ag(s) + Cl2(g)

উদাহৰণ— ২
সূৰ্যৰ পোহৰে ছিলভাৰ ব্ৰ’মাইডক ছিলভাৰ আৰু ব্ৰমাইনলৈ বিযোজিত কৰে ।
2AgBr(s) 2Ag(s) + Br2(g)

18. অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি বিক্ৰিয়াত কোনো এক দ্ৰৱৰ পৰা কিছুমান যৌগ বা মৌলক অপসাৰিত কৰে বা আতৰাই । সেই বিক্ৰিয়াবোৰক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে ।

উদাহৰণ— আইৰণ আৰু ক’পাৰ ছালফেট দ্ৰৱ্যৰ বিক্ৰিয়াত ক’পাৰ মৌলটোক অপসাৰিত কৰিছে ।
Fe(s) + CuSO4(aq)(ক’পাৰ ছালফেট) → FeSO4(aq)(আইৰন ছালফেট) + Cu(s)

19. ভৌতিক অৱস্থাৰ লিখন পদ্ধতিটো উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কোনো এক সমীকৰণত ভৌতিক অৱস্থাৰ বিষয়ে তথ্য দিবৰ বাবে কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয় । বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ গেছীয় বুজাবলৈ (g), তৰল মৌলৰ বাবে (l), জলীয় বুজাবৰ বাবে (aq) আৰু গোটা অৱস্থাক সূচাবলৈ (s) ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে—

3Fe + 4H2O → Fe3O4 + 4H2

এই সমীকৰণটোৰ ভৌতিক অৱস্থাৰ লিখন হ’ব—
3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)

20. তলত দিয়া সমীকৰণকেইটা ভৌতিক অৱস্থাবোৰ উল্লেখ কৰা ।
3Fe + 4H2O → Fe3O4 + 4H2
CO + 2H2 (340 বায়ুমণ্ডলীয় চাপ) CH3OH
6CO2 + 12H2O → C6H12O6 + 6O2 + 6H2O

উত্তৰঃ
3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)

CO(g) + 2H2(g) (340 বায়ুমণ্ডলীয় চাপ) → CH3OH(l)
6CO2 (aq) + 12H2O(l) → C6H12O6(aq) + 6O2(aq) + 6H2O

21. সংযোজন বিক্ৰিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি বিক্ৰিয়াজাত বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় । তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপে— কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ (Slaked Lime), কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে ।
CaO(s) (পোৰা চূণ) + H2O(l) → Ca(OH) 2(aq) (শিথিলিত চূণ)

এই বিক্ৰিয়াত কেলছিয়াম অক্সাইড আৰু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰিছে ।

22. অধঃক্ষেপ বা অধাঃক্ষেপন কাক বোলে ?উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কোনো দুটা বা ততোধিক দ্ৰৱ্যৰ বিক্ৰিয়াৰ ফলত কোনো অদ্ৰাৱ্য পদাৰ্থ গঠন হয় । তেনেহ’লে এই অদ্ৰাৱ্য পদাৰ্থক অধঃক্ষেপ(Precipitate) বোলে । অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধঃক্ষেপন বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপে- ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইড দ্ৰৱ মিহলালে বা বিক্ৰিয়া ঘটি অদ্ৰাৱ্য বেৰিয়াম ছালফেট(BaSO4) ৰ বগা অধঃক্ষেপ উৎপন্ন হয় । আনটো বিক্ৰিয়াজাত পদাৰ্থ হ’ল— ছ’ডিয়াম ক্ল’ৰাইড যি দ্ৰৱীভূত অৱস্থাত থাকে ।

Na2SO4(aq)(ছ’ডিয়াম ছালফেট) + BaCl2(aq)(বেৰিয়াম ক্ল’ৰাইড) → BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

23. দ্বিঅপসৰণ বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপে— ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইড দ্ৰৱ মিহলালে বা বিক্ৰিয়া ঘটি অদ্ৰাৱ্য বেৰিয়াম ছালফেট(BaSO4) ৰ বগা অধঃক্ষেপ উৎপন্ন হয় । আনটো বিক্ৰিয়াজাত পদাৰ্থ হ’ল— ছ’ডিয়াম ক্ল’ৰাইড যি দ্ৰৱীভূত অৱস্থাত থাকে । অৰ্থাৎ বিক্ৰিয়াটোত আয়নৰ বিনিময় ঘটিছে ।

Na2SO4(aq)(ছ’ডিয়াম ছালফেট) + BaCl2(aq)(বেৰিয়াম ক্ল’ৰাইড) → BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

24. জাৰণ/জাৰিত আৰু বিজাৰিত/বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কোনো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয় আৰু বিক্ৰিয়াটোক জাৰণ বিক্ৰিয়া বোলে । লগতে, যদি কোনো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱাই তেন্তে তাক বিজাৰিত হোৱা বোলা হয় আৰু বিক্ৰিয়াটোক বিজাৰণ বিক্ৰিয়া বোলে । অৰ্থাৎ যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় । তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স (Redox) বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপে— উত্তপ্ত ক’পাৰ অক্সাইডৰ (CuO) ওপৰেদি হাইড্ৰ’জেন গেছ পঠালে ক’পাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হ’ব আৰু হাইড্ৰ’জেনে অক্সিজেন লাভ কৰি জাৰিত হব ।
Cuo + H2 Cu + H2O

25. কোনবোৰ বিক্ৰিয়াক জাৰিত বা বিজাৰিত হোৱা বুলি কোৱা হয় ? উদাহৰণ দিয়া ।
উত্তৰঃ কোনো বিক্ৰিয়াত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱাই, তেতিয়া ই জাৰিত হয় আৰু যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱাই বা হাইড্ৰ;জেন লাভ কৰে, তেন্তে ই বিজাৰিত হয় ।

উদাহৰণস্বৰূপে— উত্তপ্ত ক’পাৰ অক্সাইডৰ (CuO) ওপৰেদি হাইড্ৰ’জেন গেছ পঠালে ক’পাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হ’ব আৰু হাইড্ৰ’জেনে অক্সিজেন লাভ কৰি জাৰিত হব ।
Cuo + H2 Cu + H2O

26. শিথিলিত চূণৰ দ্ৰৱক বা কেলছিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰিতা সম্পৰ্কে লিখা ।

উত্তৰঃ শিথিলিত চূণৰ দ্ৰৱক বা কেলছিয়াম হাইড্ৰক্সাইডক বেৰত বগা ৰং সানিবৰ বাবে ব্যৱহাৰ কৰা হয় । কেলছিয়াম হাইড্ৰ’ক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাডৰে সৈতে লাহে লাহে বিক্ৰিয়া কৰি বেৰৰ গাত কালছিয়াম কাৰ্বনেটৰ এক পাতল প্ৰলেপ সৃষ্টি কৰে । এই প্ৰলেপটো ৰং সোনাৰ দুই-তিনিদিন মানৰ ভিতৰত উৎপত্তি হয় আৰু যাৰ বাবে বেৰত চিকমিকনি হয় ।

READ MORE  মৌলৰ পৰ্যাবৃত্ত শ্ৰেনীবিভাজন | Chapter 5 | Class 10 General Science - SEBA

27. লোত মামৰে ধৰা বুলিলে কি বুজা ? কিয় লোত মামৰে ধৰে বা কিয় এনে হয় ?
উত্তৰঃ লোৰ নতুন বস্তুবোৰ প্ৰথমে চিকচিকীয়া হৈ থাকে, কিন্তু কিছু দিন বা মাহৰ পাছত সিঁহতৰ গাত ৰঙচুৱা মুগা, বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয় । এই প্ৰক্ৰিয়াটোক লোত মামৰে ধৰা বোলা হয় । যেতিয়া ধাতু বা লোৰ এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে- জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় । তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন (Corrosion) বোলা হয় । লোত মামৰে ধৰাটোও ক্ষয়ীভৱনৰ কাৰণে সংঘটিত হয় ।

28. ক্ষয়ীভৱন কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে- জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় । তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন (Corrosion) বোলা হয় । লোত মামৰে ধৰাটোও ক্ষয়ীভৱনৰ কাৰণে সংঘটিত হয় ।

ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি আৰু ক’পাৰৰ ওপৰত পৰা সেউজীয়া চামনি ক্ষয়ীভৱনৰ উদাহৰণ ।

29. সংযোজন বিক্ৰিয়া কাক বোলে? উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ এটা বিক্ৰিয়াত য’ত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে ।

সৰল ভাষাত আমি ক’ব পাৰোঁ যে, যেতিয়া দুটা বা ততোধিক পদাৰ্থ (মৌল বা যৌগ) লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয়, তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বোলা হয় । অৰ্থাৎ, সংযোজন বিক্ৰিয়া হৈছে এনে এক ৰাসায়নিক বিক্ৰিয়া য’ত দুই বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ।

উদাহৰণ— ১
Cao (S) + H2O (l) Ca (OH2) (aq) + তাপ / Heat
এই বিক্ৰিয়াত কেলছিয়াম অক্সাইড বা পূৰা চূণ (Cao) আৰু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্ৰ’ক্সাইড বা শিথিলত চূণৰ (বেৰত বগা ৰং কৰাৰ বাবে ব্যৱহৃত) উৎপন্ন হৈছে ।

উদাহৰণ— ২
Ca(OH)2 (aq) + CO2 (g) CaCO3 (s) + H2O (l)
এই বিক্ৰিয়াত, কেলছিয়াম হাইড্ৰ’ক্সাইড { Ca(OH)2 (aq) } আৰু কাৰ্বন ডাই অক্সাইড { CO2+ (g)} লগ লাগি কেলছিয়াম কাৰ্বনেটৰ {CaCO3 (s)} সৃষ্টি হৈছে ।

উদাহৰণ— ৩
কয়লাৰ দহন / Burning of Coal

C(s) + O2 (g) CO2 (g)

উদাহৰণ— ৪
পানীৰ গঠন / Formation of Water
2H2 (g) + O2 (g) 2H2O (l)

30. তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে? উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ বা উৎপন্ন হয়, সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয় । অৰ্থাৎ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হৈছে এনে এক বিক্ৰিয়া য’ত তাপৰ উদ্ভৱ বা উৎপন্ন হয় ।

উদাহৰণ— ১
Cao (S) + H2O (l) Ca (OH2) (aq) + তাপ / Heat
এই বিক্ৰিয়াত, কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে।

উদাহৰণ— ২
প্ৰাকৃতিক গেছৰ দহন / Burning of natural gas
CH4 (g) + 2O2 (g) CO2 (g) + 2H2O (g)

উদাহৰণ— ৩
শ্বসন প্ৰক্ৰিয়া / Respiration Process
C6H12O6 (aq) (গ্লুক’জ / Glucose) + 6O2 (aq) 6CO2 (aq) + 6H2O (l) + শক্তি / Energy

31. বিযোজন বিক্ৰিয়া কাক বোলে? উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ এটা বিক্ৰিয়াত য’ত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক সৰল বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে । অৰ্থাৎ, সংযোজন বিক্ৰিয়া হৈছে এনে এক ৰাসায়নিক বিক্ৰিয়া য’ত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায় ।

উদাহৰণ— ১
2FeSO4 (s) (ফেৰাছ ছালফেট/Ferrous Sulphate) Fe2O3 (s) (ফেৰিক অক্সাইড/Ferric Oxide) + SO2 (g) (ছালফাৰ ডাই অক্সাইড/Sulphur dioxide) + SO3 (g) (ছালফাৰ ট্ৰাইঅক্সাইড/Sulphur trioxide)

তাপ দিলে ফেৰাছ ছালফেট স্ফটিকে (FeSO4. 7H2O) পানী হেৰুৱায় আৰু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে । তাৰ পাছত, ই ফেৰিক অক্সাইড (Fe2O3), ছালফাৰ ডাই অক্সাইড (SO2) আৰু ছালফাৰ ট্ৰাইঅক্সাইড (SO3)ৰ লৈ বিযোজিত হয় বা এই তিনি সৰল বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয় ।

উদাহৰণ— ২
CaCO3 (s) (চূণশিল/Limestone) Cao (s) (পোৰা চূণ/Quick lime) + CO2 (g)
তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত কৰা এটা বিযোজন বিক্ৰিয়া (যিটো বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয়) ।

উদাহৰণ— ৩
2Pb(NO3)2 (s) (লেড নাইট্ৰেট/Lead nitrate) 2PbO(s) (লেড অক্সাইড/Lead Oxide) + 4NO2 (g) (নাইট্ৰ’জেন ডাইঅক্সাইড/Nitrogen dioxide) + O2 (অক্সিজেন/Oxygen)
লেড নাইট্ৰেটক তাপ দিলে বিযোজন ঘটি লেড অক্সাইড, নাইট্ৰ’জেন ডাইঅক্সাইড আৰু অক্সিজেনৰ উৎপন্ন হয় ।

উদাহৰণ— ৪
2Agcl (s) 2Ag (s) + Cl2 (g)
বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত মটীয়া (Grey) ৰঙৰ হৈ পৰে আৰু পোহৰে ছিলভাৰ ক্ল’ৰাইডক (Agcl) ছিলভাৰ (Ag) আৰু ক্ল’ৰিন (Cl2) লৈ বিযোজিত কৰে ।

উদাহৰণ— ৫
2AgBr (s) 2Ag (s) + Br2 (g)
ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত বিযোজন ঘটি, ছিলভাৰ (Ag) আৰু ব্ৰোমিনৰ উৎপন্ন হয় ।

32. তাপীয় বিযোজন বিক্ৰিয়া কাক বোলে? উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তেতিয়া তাক তাপীয় বিযোজন বোলা হয় ।

উদাহৰণ— ১
2FeSO4 (s) (ফেৰাছ ছালফেট/Ferrous Sulphate) Fe2O3 (s) (ফেৰিক অক্সাইড/Ferric Oxide) + SO2 (g) (ছালফাৰ ডাই অক্সাইড/Sulphur dioxide) + SO3 (g) (ছালফাৰ ট্ৰাইঅক্সাইড/Sulphur trioxide)

উদাহৰণ— ২
CaCO3 (s) (চূণশিল/Limestone) Cao (s) (পোৰা চূণ/Quick lime) + CO2 (g)

উদাহৰণ— ৩
2Pb(NO3)2 (s) (লেড নাইট্ৰেট/Lead nitrate) 2PbO(s) (লেড অক্সাইড/Lead Oxide) + 4NO2 (g) (নাইট্ৰ’জেন ডাইঅক্সাইড/Nitrogen dioxide) + O2 (অক্সিজেন/Oxygen)

তাপগ্ৰাহী বিক্ৰিয়াঃ যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয়, তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে ।

উদাহৰণ— ১
2Agcl (s) 2Ag (s) + Cl2 (g)

উদাহৰণ— ২
2AgBr (s) 2Ag (s) + Br2 (g)

32. ৰাসায়নিক সমীকৰণ সমতুল কৰা প্ৰক্ৰিয়াটো উদাহৰণ সহ ব্যাখ্যা কৰা ।
উত্তৰঃ উদাহৰণস্বৰূপে- Fe + H2O → Fe3O4 + H2
এই সমীকৰণটো লোৱা হ’ল—

প্ৰথম পৰ্যায়ঃ প্ৰতিটো সংকেতৰ চাৰিওফালে একোটাকৈ বাকচ অংকণ কৰিব লাগে ।
Fe + H2O → Fe3O4 + H2

দ্বিতীয় পৰ্যায়ঃ মৌলবোৰৰ পৰমাণুৰ সংখ্যাবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে ।

মৌলবিক্ৰিয়ক LHS ত বিক্ৰিয়ক পৰমাণু সংখ্যাবিক্ৰিয়ক RHS ত বিক্ৰিয়ক পৰমাণু সংখ্যা
Fe13
H22
O14

তৃতীয় পৰ্যায়ঃ এতিয়া, আটাইতকৈ অধিক বা বেছি পৰমাণু থকা যৌগটোৰ পোন প্ৰথমে সন্তুলন/সমতা কৰিব লাগিব । উল্লেখিত সমীকৰণটোত আটাইতকৈ বেছি থকা মৌলটো হ’ল— অক্সিজেন(O), যাৰ সোঁহাতে 4 টা পৰমাণু আছে আনহাতে বাওঁফালে 1 টা পৰমাণু আছে । সেয়েহে বাওঁফালে সহগ 4 ক যোগ কৰিব লাগিব আৰু অক্সিজেন(O) পৰমাণুক সমতুল কৰিব লাগে ।
Fe + 4H2O → Fe3O4 + H2

চতুৰ্থ পৰ্যায়ঃ যেতিয়া আমি নতুন সহযোগ যোগ কৰো তেতিয়া কোনো যৌগৰ পৰিপেক্ষিতত/কাৰণে আংশিক সন্তুলিত/সমতা হ’ব । তেতিয়া চতুৰ্থ পৰ্যায়ত এই আংশিক সমীকৰণক সন্তুলিত/সমতা কৰিব লাগিব ।

উল্লেখিত সমীকৰণটোত যেতিয়া 4 যোগ কৰা হ’ল তেতিয়া দেখা গ’ল যে বাওঁফালে থকা হাইড্ৰ’জেন (H) পৰমাণু সোঁফালতকৈ 4 বৃদ্ধি হৈ গ’ল (4H2O) । সেয়েহে সন্তুলিত কৰিবৰ বাবে সোঁফালে আমি সহগ 4 যোগ কৰিব লাগিব, এনেদৰে—
Fe + 4H2O → Fe3O4 + 4H2

পঞ্চম পৰ্যায়ঃ ইয়াৰ পাছত, আমি যিবোৰ সন্তুলিত কৰিবলৈ বাকী থাকে সেইবোৰক সন্তুলিত/সমতা কৰিব লাগিব ।
উল্লেখিত সমীকৰণত, Fe যৌগটো সন্তুলিত কৰিবলৈ এতিয়াও বাকী ৰৈছে । কাৰণ, ইয়াৰ সোঁফালে তিনিটা পৰমাণ্য আছে (Fe3) কিন্তু বাওঁফালে এটা পৰমাণুহে আছে (Fe) । সেয়েহে, বাওঁফালে সহযোগ 3 যোগ কৰিলে সন্তুলিত/সমতা হ’ব, এনেদৰে—
3 Fe + 4H2O → Fe3O4 + 4H2

মৌলবিক্ৰিয়ক LHS ত বিক্ৰিয়ক পৰমাণু সংখ্যাবিক্ৰিয়ক RHS ত বিক্ৰিয়ক পৰমাণু সংখ্যা
Fe33
H44
O44

দেখা গ’ল যে- দুয়ুফালৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা সন্তুলিত/সমান হৈছে ।

ষষ্ঠ পৰ্যায়ঃ আমি সকলো সন্তুলিত কৰা যৌগসমূহৰ পৰমাণুৰ সংখ্যাৰ শুদ্ধতা পৰীক্ষণ কৰিব লাগিব, এনেদৰে—

সপ্তম পৰ্যায়ঃ অন্তিম পৰ্যায়টো হৈছে- ভৌতিক অৱস্থাৰ বাবে লিখন । এই লিখনৰ সন্দৰ্ভত গেছীয় মৌলৰ বাবে (g), তৰল মৌলৰ বাবে (l), জলীয় মৌলৰ বাবে (aq) আৰু গোটা মৌলৰ বাবে (s) হিচাপে মৌলটোৰ কাষতে লিখিব লাগে, এনেদৰে—
3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)

33. পাঁচ প্ৰকাৰ উদাহৰণসহ ৰাসায়নিক বিক্ৰিয়াৰ নাম লিখা ।
উত্তৰঃ পাঁচ প্ৰকাৰ উল্লেখনীয় ৰাসায়নিক বিক্ৰিয়া হ’ল—

(ক) সংযোজন বিক্ৰিয়াঃ সংযোজন বিক্ৰিয়াজাত বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ।

উদাহৰণ— CaO(s) (পোৰা চূণ) + H2O(l) → Ca(OH)2 (aq)

(খ) বিযোজন বিক্ৰিয়াঃ বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থজাত পদাৰ্থলৈ ভাগি যায় বা সলনি হয় বা পদাৰ্থৰ উৎপন্ন হয় ।

উদাহৰণ— CaCO3(s)(চূণশিল) → CaO(s) (পোৰা চূণ) + CO2(g)

(গ) অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াঃ অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াত কোনো এক দ্ৰৱৰ পৰা কিছুমান যৌগ বা মৌলক অপসাৰিত কৰে বা আতৰাই ।

উদাহৰণ— Fe(s) + CuSO4(aq) (ক’পাৰ ছালফেট) → FeSO4(aq) + Cu(s)

(ঘ) দ্বিঅপসৰণ বিক্ৰিয়াঃ দ্বিঅপসৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ।

উদাহৰণ— Na2SO4(aq) (ছ’ডিয়াম ছালফেট) + BaCl2(aq) (বেৰিয়াম ক্ল’ৰাইড) → BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

(ঙ) জাৰণ আৰু বিজাৰণঃ জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে ।

উদাহৰণ— 2Cu + O2 → 2Cuo

বিজাৰণ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থটোৱে অক্সিজেন হেৰুৱাই ।

উদাহৰণ— Cuo + H2 → Cu + H2O

Leave a Comment

error: Content is protected !!
Scroll to Top