বংশগতি আৰু ক্ৰমবিকাশ | Chapter 9 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


বংশগতি আৰু ক্ৰমবিকাশ

Multiple Choice Questions and Answers

1. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে—
(a) এজন চীনা স্কুলীয়া ল’ৰা।
(b) এটা চিম্পাঞ্জী।
(c) এটা মকৰা।
(d) এটা বেক্টেৰিয়া।
উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল’ৰা।

2. ‘ফিল’ছফি জুলজিক’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল—
(a) মিলাৰ
(b) ডাৰউইন
(c) লেমার্ক
(d) হেনচ্‌ল’
উত্তৰ : (c) লেমার্ক

3. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল—
(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং।
(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত।
(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

4. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল—
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ : (d) ওপৰৰ আটাইকেইটা।

5. বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কার্যত একে ধৰণৰ অংগবোৰ হ’ল—
(a) সমসংস্থ।
(b) সমবৃত্তিক।
(c) নিকটবর্তী।
(d) অৱশেষাংগ।
উত্তৰঃ (b) সমবৃত্তিক।

6. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত—
(a) এজন চীনা স্কুলীয়া ছাত্ৰ
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
উত্তৰঃ (a) এজন চীনা স্কুলীয়া ছাত্ৰ

7. বংশগতিৰ ভৌতিক আধাৰ হ’ল—
(a) কোষকেন্দ্র।
(b) কোষপ্রৰস।
(c) ক্ৰম’জ’ম।
(d) এটাও শুদ্ধ নহয়।
উত্তৰঃ (c) ক্ৰম’জ’ম।

8. সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী উদ্ভিদটো হ’ল—
(a) কলচী উদ্ভিদ
(b) নেটাম
(c) মন’ট্রাপা,

(d) পাইন
উত্তৰ : (b) নেটাম

9. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল৷ ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
উত্তৰঃ (c) TtWW

10. মানুহৰ বিকাশ হৈছিল—
(a) এছিয়া।
(b) আফ্রিকা।
(c) অষ্ট্ৰেলিয়া।
(d) ইউৰোপ।
উত্তৰঃ (b) আফ্রিকা।

11. সৰীসৃপ আৰু স্তন্যপায়ী দুয়োৰে চৰিত্ৰ বহন কৰা সংযোগী প্রাণীবিধ হ’ল—
(a) প্লেটিপাচ
(b) পেৰিপেটাচ্
(c) পেৰামিচিয়াম
(d) প্লেটিথেচিয়াম
উত্তৰ : (a) প্লেটিপাচ

12. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল—
(a) সমসংস্থ।
(b) সমবৃত্তিক।
(c) নিকটৱৰ্তী।
(d) অৱশেষাংগ।
উত্তৰঃ (a) সমসংস্থ।

13. মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ—
(a) পুচ্ছ অস্থি
(b) ভৰিৰ আঙুলি
(c) কিডনী
(d) মস্তিষ্ক
উত্তৰ : (a) পুচ্ছ অস্থি

14. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়—
(a) প্ৰজাতিকৰণ।
(b) ক্রমবিকাশ।
(c) বংশানুক্রম।
(d) বিভিন্নতা।
উত্তৰঃ (a) প্ৰজাতিকৰণ।

15. ওখ (TT) আৰু চাপৰ (tt) মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ অপত্য উদ্ভিদ ওখ হয়, কাৰণ—
(a) চাপৰ প্ৰভাৱী চৰিত্ৰ
(b) ওখটো প্ৰভাৱী চৰিত্ৰ
(c) ওখটো অপ্ৰভাৱী চৰিত্ৰ
(d) ‘T’ আৰু ‘t’ দ্বাৰা মটৰমাহৰ ওখটো নিয়ন্ত্ৰিত হয়।
উত্তৰ : (b) ওখটো প্ৰভাৱী চৰিত্ৰ ৷

READ MORE  এছিড, ক্ষাৰক আৰু লৱণ | Chapter 2 | Class 10 General Science - SEBA

16. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম—
(a) TT
(b) Tt
(c) tt
(d) tT
উত্তৰঃ (c) tt

17. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ—
(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং।
(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং।
(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত।
(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।
উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

18. আনুবংশিক বিজ্ঞানৰ জনক কাক বোলে ?
(a) ওৱাটছন
(b) বেটিছন
(c) ফ্লেমিং
(d) মেণ্ডেল
উত্তৰ : (b) মেণ্ডেল

19. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব—
(a) F₂ জনুত।
(b) F₃ জনুত।
(c) F₁ জনুত।
(d) এটাও শুদ্ধ নহয়।
উত্তৰঃ (a) F₂ জনুত।

20. প্ৰজাতিৰ উৎপত্তি সম্পর্কে প্রাকৃতিক মতবাদ আগবঢ়াইছে—
(a) ডাৰউইন
(b) লেমার্ক
(c) মৰগেন
(d) মেণ্ডেল
উত্তৰ : (a) ডাৰউইন

21. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—
(a) 9 : 1 : 1 : 3
(b) 9 : 3 : 3 : 1
(c) 1 : 3 : 9 : 3
(d) 9 : 3 : 1 : 3
উত্তৰঃ (b) 9 : 3 : 3 : 1

22. ‘জেনিটি’ক্স’শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল—
(a) ডি ড্ৰিছ
(b) মেণ্ডেল
(c) বেটিছন
(d) ছুটন
উত্তৰ : (c) বেটিছন।

23. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়—
(a) ডাৰউইন।
(b) জোহানসেন।
(c) বেটিছন।
(d) মেণ্ডেল।
উত্তৰঃ (d) মেণ্ডেল।

24. তলৰ কোনটোত আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে ?
(a) আংগিক বিস্তাৰণ
(b) অযৌন প্ৰজনন
(c) যৌন প্রজনন
(d) মুকুলোদ্‌গম
উত্তৰ : (c) যৌন প্ৰজনন।

25. ল’ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে—
(a) যোজন কোষত Xx ক্রম জ ‘ম থাকিলে
(b) যোজন কোষত y ক্ৰম’জ’ম থাকিলে
(c) জনন কোষৰ কোষ প্ৰৰসে লিংগ নিৰ্ধাৰণ কৰে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰ : b. যোজন কোষত y ক্ৰম’জ’ম থাকিলে।

26. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—
(a) 1 : 9
(b) 9 : 3 : 3 : 1
(c) 3 : 1
(d) 9 : 1 : 3 : 3
উত্তৰঃ (c) 3 : 1

27. জীৱৰ এটা চৰিত্ৰ তলৰ কোনটোৰ দ্বাৰা প্ৰভাৱিত হয় ?
(a) মাত্র পিতৃ DNA
(b) মাত্র মাতৃ DNA
(c) দুয়োটা পিতৃ-মাতৃ DNA
(d) পিতৃৰ DNAও নকৰে আৰু মাতৃৰ DNAও নকৰে।
উত্তৰ : (c) দুয়োটা পিতৃ-মাতৃ DNA

28. তলৰ কোনযোৰ যৌন ক্ৰম জ’মে এটি ছোৱালী শিশুক সূচায়—
(a) XY
(b) XX
(c) YY
(d) এটাও শুদ্ধ নহয়।
উত্তৰঃ (b) XX

Short Questions and Answers

1. মানুহৰ ক্ষেত্ৰত লিংগ শামোকে নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াটো কাৰ দ্বাৰা নিয়ন্ত্ৰিত বা কাৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত বা জিনৰ ওপৰত নিৰ্ভৰ কৰে।

2. সন্তানৰ প্ৰত্যেকটো চৰিত্ৰৰ বাবে দুটা সংস্কৰণ থাকিব লাগিব। সেইকেইটা কি কি?
উত্তৰঃ সন্তানৰ প্ৰত্যেকটো চৰিত্ৰৰ বাবে দুটা সংস্কৰণ থাকিব লাগিব। সেয়া হ’ল— পিতৃ সংস্কৰণ আৰু মাতৃ সংস্কৰণ।

3. শামুকৰ লিঙ্গ নিৰ্দ্ধাৰণ কেনেদৰে কৰা হয় ?
উত্তৰঃ শামোকে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে, ইহঁতৰ ক্ষেত্ৰত জিনীয়ভাবে নিৰ্দ্ধাৰণ নহয়।

4. কোনটো প্ৰক্ৰিয়াত নাম মাত্ৰহে বৈসাদৃশ্যতা দেখা যায়? যৌন নে অযৌন প্ৰক্ৰিয়াত?
উত্তৰঃ অযৌন প্ৰক্ৰিয়াত।

5. ডাৰউইন কি সূত্ৰৰ লগত জড়িত ? তেওঁৰ অধ্যয়ণৰ এটা বিষয়বস্তুৰ নাম লিখা।
উত্তৰঃ ডাৰউইন ক্ৰমবিকাশ সূত্ৰৰ লগত জড়িত। তেওঁৰ অধ্যয়ণৰ এটা বিষয়বস্তু আছিল- মাটি সাৰুৱা কৰাত কেচুঁৰ ভূমিকা।

6. বংশ বিস্তাৰ বা প্ৰজনন প্ৰক্ৰিয়াৰ ফলাফল কি?
উত্তৰঃ বংশ বিস্তাৰ বা প্ৰজনন প্ৰক্ৰিয়াৰ ফলাফল হ’ল একে আৰ্হিৰ জীৱৰ উৎপত্তি।

7. ল’ৰা বা ছোৱালীৰ কোনডাল ক্ৰ’ম’জ’ম মাতৃফালৰ হয় ?
উত্তৰঃ ল’ৰা বা ছোৱালীৰ X ক্ৰ’ম’জ’মডাল মাতৃফালৰ হয়।

8. চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ (Inherited Traits) বুলিলে কি বুজা?
উত্তৰঃ কেঁচুৱা এটাই মানুহৰ সকলো বোৰ মৌলিক বৈশিষ্ট্য বহন কৰে। কিন্তু কেচুঁৱাটো সাইলাখ মান-দেউতাকৰ দৰে একেও নহয়।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

9. মানুহৰ ক্ৰ’ম’জ’মবিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা কিমান ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে।
উত্তৰঃ মানুহৰ ক্ৰ’ম’জ’মবিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা ২২ ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে।

10. প্ৰত্যেকটো চাৰিত্ৰিক বৈশিষ্ট্য________দুয়োৰে প্ৰভাৱত সৃষ্টি হয়।
উত্তৰঃ প্ৰত্যেকটো চাৰিত্ৰিক বৈশিষ্ট্য পিতৃ-মাতৃ দুয়োৰে প্ৰভাৱত সৃষ্টি হয়।

Long Questions and Answers

1. পৃথিৱীৰ জীৱৰ উৎপত্তি সম্পৰ্কে ডাৰউইন আৰু মেণ্ডেলৰ সূত্ৰই কি জানিবলৈ দিছে ?
উত্তৰঃ ডাৰউইনৰ ক্ৰমবিকাশ সূত্ৰই আমাক জানিবলৈ দিয়ে যে জীৱবিলাক ক্ৰমবিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। মেণ্ডেলৰ সূত্ৰই আমাক জানিবলৈ দিয়ে যে বংশগত চৰিত্ৰবিলাক কি কৌশলেৰে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়।

2. কিয় অযৌন প্ৰক্ৰিয়াত নাম মাত্ৰহে বৈসাদৃশ্য পৰিলক্ষিত হয়? উদাহৰণস্বৰূপে বুজাই লিখা।
উত্তৰঃ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে কেৱল অকলে অৰ্থাৎ এককভাবে এটা জীৱই বংশ বিস্তাৰ কৰে।  উদাহৰণস্বৰূপে— যদি কোনো এটা বেক্টেৰিয়াৰ দ্বি-বিভাজন ঘটে, তাৰ পৰা দুটা বেক্টেৰিয়াৰ সৃষ্টি হয় আৰু সেই দুয়োটা পুনৰ এবাৰ বিভাজন ঘটে তেন্তে সৃষ্টি হোৱা চাৰিওটা বেক্টেৰিয়া আকৃতিগতভাবে দেখাত প্ৰায় একে হয়।

3. বিভিন্ন লিঙ্গ কৌশলসমূহ লিখা।
উত্তৰঃ কিছুমান প্ৰাণীৰ লিঙ্গ নিৰ্ধাৰণ সম্পূৰ্ণৰূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান প্ৰাণীৰ ক্ষেত্ৰত সিহঁতিৰ ডিম্ব (EGG) টো কিমান উষ্ণতাত যোজন ঘটিছিল তাৰ ওপৰত নিৰ্ভৰ কৰি নিষিক্তকৰণ ডিম্বটোৰ পৰা পুংলিংগ নে স্ত্ৰীলিংগ ধাৰী সন্ততিৰ উৎপত্তি হব সেয়া নিৰ্ধাৰণ কৰা হয়। অন্য কিছুমান প্ৰাণী বিশেষকৈ শামোকে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে, ইহঁতৰ ক্ষেত্ৰত জিনীয়ভাবে নিৰ্দ্ধাৰণ নহয়। মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত।

4. পুৰুষৰ ক্ৰ’ম’জ’ম দুডাল কিয় যোৰা লাগি নাথাকে ?
উত্তৰঃ মানুহৰ ক্ৰ’ম’জ’মবিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা ২২ ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে। কিন্তু অন্য এযোৰ ক্ৰ’ম’জ’ম যি লিংগ নিৰ্দ্ধাৰণ কৰে যাক লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম বোলে। মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মডাল যোৰা পাতি থাকে আৰু সেই দুয়ুডালক ‘X’ ক্ৰম’জ’ম বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল যোৰা পাতি নাথাকে। কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্ৰ’ম’জ’ম বোলা হয় আৰু দীঘল ডালক ‘X’ ক্ৰ’ম’জ’ম বোলা হয়। সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হ’ল— ‘XX’ আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ ‘XY’।

5. মহিলা আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম কেইডালৰ নাম লিখা।
উত্তৰঃ মানুহৰ ক্ৰ’ম’জ’মবিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা ২২ ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে। কিন্তু অন্য এযোৰ ক্ৰ’ম’জ’ম যি লিংগ নিৰ্দ্ধাৰণ কৰে যাক লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম বোলে। মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মডাল যোৰা পাতি থাকে আৰু সেই দুয়ুডালক ‘X’ ক্ৰম’জ’ম বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল যোৰা পাতি নাথাকে। কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্ৰ’ম’জ’ম বোলা হয় আৰু দীঘল ডালক ‘X’ ক্ৰ’ম’জ’ম বোলা হয়। সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হ’ল— ‘XX’ আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ ‘XY’।

6. লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম কাক বোলে ?
উত্তৰঃ মানুহৰ ক্ৰ’ম’জ’মবিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা ২২ ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে। কিন্তু অন্য এযোৰ ক্ৰ’ম’জ’ম যি লিংগ নিৰ্দ্ধাৰণ কৰে যাক লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম বোলে। মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মডাল যোৰা পাতি থাকে আৰু সেই দুয়ুডালক ‘X’ ক্ৰম’জ’ম বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল যোৰা পাতি নাথাকে। কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্ৰ’ম’জ’ম বোলা হয় আৰু দীঘল ডালক ‘X’ ক্ৰ’ম’জ’ম বোলা হয়। সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হ’ল— ‘XX’ আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ ‘XY’।

7. বংশানুক্ৰমিক চৰিত্ৰ আৰু আৰ্জিত চৰিত্ৰ কাক বোলে ? উদাহৰণস্বৰূপে বুজাই লিখা। আৰ্জিত চৰিত্ৰসমূহ জননকোষৰ DNA লৈ গতি কৰেনে বা পিছৰ প্ৰজন্মত ইয়াৰ কোনো প্ৰভাৱ পৰেনে ?
উত্তৰঃ যি চৰিত্ৰসমূহ জিনীয়ভাৱে পিতৃ-মাতৃৰ পৰা সন্তানৰ গালৈ আহে। তাকে বংশানুক্ৰমিক চৰিত্ৰ বোলা হয়। উদাহৰণ- মাক আৰু জীয়েকৰ মুখৰ মিলন, বাপেক আৰু পুতেকৰ মাতবোৰ অলপ একেধৰণৰ আদি।

READ MORE  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Chapter 1 | Class 10 General Science - SEBA

যি চৰিত্ৰসমূহ জিনীয়ভাৱে পিতৃ-মাতৃৰ পৰা সন্তানৰ গালৈ নাহে আৰু শিক্ষা, অভিজ্ঞতা, অনুশীলনা বা অভ্যাস, কৰ্ম ৰাজিৰ আদিৰ মাধ্যমেৰে অৰ্জন কৰে, সেই চৰিত্ৰসমূহ আৰ্জিত চৰিত্ৰ কাক বোলে। উদাহৰণ- বাপেক শিক্ষক হ’লে পুতেক শিক্ষক নহ’বও পাৰে, মাক ডক্টৰ হ’লে জীয়েক নাৰ্ছো হ’ব পাৰে বা নহ’বও পাৰে আদি।

আৰ্জিত চৰিত্ৰসমূহ জননকোষৰ DNA লৈ গতি নকেৰে আৰু পিছৰ প্ৰজন্মত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

8.  জে.বি.এচ. হেলডানে পৃথিৱীত জীৱৰ উৎপত্তি সম্পৰ্কে কি ব্যাখ্যা ডাঙি ধৰিছে?
উত্তৰঃ 1929  চনত জে.বি.এচ. হেলডানে (J.B.S. Haldane) নামৰ ব্ৰিটিছ্ বিজ্ঞানীগৰাকীয়ে উল্লেখ কৰিছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱ পদাৰ্থৰ পৰাই জীৱৰ আৰ্ৱিভাৱ ঘটিছিল। তেওঁ জনাইছিল যে বৰ্তমান কালৰ পৃথিৱীখনৰ বাতাবৰণতকৈ ইয়াৰ উৎপত্তি কালত বিৰাজমান হৈ থকা বাতাবৰণৰ মাজত বহু ক্ষেত্ৰত তাৰতাম্য আছিল যাৰ বাবেই জীৱনৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অণুবিলাকৰ সৃষ্টি হোৱাতো সম্ভৱপৰ হৈছিল। সেই ৰাসায়নিক পদাৰ্থবিলাকৰ মাজতে পুনৰ সংশ্লেষণ ঘটিয়েই পোন প্ৰথমে আদিম জীৱটোৰ আৰ্ৱিভাৱ হৈছিল।

9. ডাৰউইনে ক’ত আৰু কিহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাইছিল ? ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰটো লিখা।
উত্তৰঃ চচাৰ্লচ্ ৰবাৰ্ট ডাৰউইনে ২২ বছৰ বয়সতে দক্ষিণ আমেৰিকা, ইয়াৰ উপকূলীয় অঞ্চল আৰু দ্বীপ-পুঞ্জবিলাকত প্ৰকৃতিৰ ওপৰত গৱেষণামূলক অধ্যয়ণ কৰিছিল। তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি জীৱৰ ক্ৰমবিকাশ যে প্ৰাকৃতিক নিৰ্বাচন যোগে সাধন হয় তাক প্ৰতিপন্ন কৰি ঊনৈশ শতিকাত জীৱৰ ক্ৰমবিকাশৰ সূত্ৰ আগবঢ়াইছিল।

ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰ অনুসৰি, জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত প্ৰাকৃতিক নিৰ্বাচন যোগে প্ৰজাতিৰ উৎপত্তি হয়। তেওঁৰ মতে, জীৱবিলাক ক্ৰমবিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়।

9. জৈৱ অণুবিলাকৰ কেনেকৈ উৎপত্তি হৈছিল ?
উত্তৰঃ 1953 চনত ষ্টেনলি এল. মিলাৰ (Stanley L. Miller) আৰু হেৰল্ড চি. ইউৰি (Harold C. Urey) নামৰ দুজন বিজ্ঞানীয়ে এক সজুঁলি আৱিস্কাৰ কৰিছিল। সেই সজুঁলিটোৰ ভিতৰখনত অনুমান ভিত্তিত উৎপত্তি কালৰ পৃথিৱীখনৰ বাতাবৰণ, (পানীৰ লগতে এমোনিয়া, মিথেন আৰু হাইড্ৰজেন ছালফাইড্ কিন্তু অক্সিজেন নাছিল) সৃষ্টি কৰি লৈছিল। সেই সজুঁলিটো প্ৰায় প্ৰায় 1000 চেন্টিগ্ৰেড উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰৰ গেছীয় পদাৰ্থৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলি বা বজ্ৰপাত সৃষ্টিৰ দৰে এক পৰিবেশ ৰচনা কৰিছিল। প্ৰায় একসপ্তাহৰ পাছত দেখা গ’ল যে 15% কাৰ্বন (মিথেনৰ)ৰ ৰূপান্তৰ ঘটি এমিন’ এচিডকে ধৰি কিছুমান কাৰ্বনযুক্ত সৰল যৌগ যিয়ে প্ৰ’টিন অণুৰ সংশ্লেষণত ভাগ লয়, সেইবিলাকৰ সৃষ্টি হৈছিল। এনেধৰণৰ প্ৰাকৃতিক পৰিস্থিতিত জৈৱ অণুবিলাকৰ উৎপত্তি হৈছিল বুলি অনুমান কৰিছিল।

10. মানুহৰ লিঙ্গ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ? বুজাই লিখা।
উত্তৰঃ মানুহৰ এযোৰ ক্ৰ’ম’জ’ম থাকে যি লিংগ নিৰ্দ্ধাৰণ কৰে, সেইযোৰক লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম বোলে। মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মডাল যোৰা পাতি থাকে আৰু সেই দুয়ুডালক ‘X’ ক্ৰম’জ’ম বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল যোৰা পাতি নাথাকে। কাৰণ, ইয়াৰে এডাল ছুটি যাক ‘Y’ ক্ৰ’ম’জ’ম বোলা হয় আৰু দীঘল ডালক ‘X’ ক্ৰ’ম’জ’ম বোলা হয়। সেয়েহে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হ’ল— ‘XX’ আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ ‘XY’।

ল’ৰা বা ছোৱালীৰ X ক্ৰ’ম’জ’মডাল সদায় মাতৃফালৰ হয়। সেয়েহে ল’ৰা আৰু ছোৱালীৰ লিংগ নিৰ্দ্ধাৰণ কৰিবৰ বাবে কোনডাল পিতৃফালৰ পৰা লিংগ নিৰ্ণায়ক প্ৰবাহিত হৈছে তাক নিৰ্ণয় কৰিলেই হয়। যি সন্তানলৈ পিতৃফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম ডাল প্ৰবাহ ঘটে, তেনেহ’লে সন্তানটো ল’ৰা হয়। লগতে, যদি সন্তানটোলৈ পিতৃফালৰ পৰা ‘X’ ক্ৰ’ম’জম ডাল প্ৰবাহিত হয়, তেনেহ’লে সন্তানটো ছোৱালী হয়। যিহেতু, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হ’ল— ‘XX’ আৰু পুৰুষৰ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ ‘XY’।

Leave a Comment

error: Content is protected !!
Scroll to Top