এছিড, ক্ষাৰক আৰু লৱণ | Chapter 2 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


এছিড, ক্ষাৰক আৰু লৱণ

Multiple Choice Questions and Answers

1. ছডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—
(a) প্রশম।

(b) ক্ষাৰকীয়।
(c) আম্লিক।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) প্রশম।

2. দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এছিড বেচ সূচক হিচাপে ব্যৱহাৰ হয়?
(a) লিটমাছ

(b) হালধি
(c) ভেনিলা আত
(d) পিটুনিয়াৰ পাত
উত্তৰ : (c) ভেনিলা আতৰ

3. তলৰ কোনটো আম্লিক ধৰ্মৰ ?
(a) নেমুৰ ৰস

(b) মানুহৰ তেজ
(c) চূণৰ পানী
(d) অম্লনাশক (Antacid)
উত্তৰ : (a) নেমুৰ ৰস

4. ব্ৰাহন হৈছে—
(a) ছ’ডিয়াম বাই কার্বনেটৰ জলীয় দ্রৱ

(b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ
(c) ছ’ডিয়াম কার্বনেটৰ জলীয় দ্রৱ
(d) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ জলীয় দ্রৱ।
উত্তৰঃ (b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ ।

5. এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—
(a) ক্ষাৰকীয়।

(b) আম্লিক।
(c) প্রশম।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) আম্লিক।

6. এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—
(a) ক্ষাৰকীয়।

(b) প্রশম।
(c) আম্লিক।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) ক্ষাৰকীয়।

7. তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—
(a) প্রশম।

(b) আম্লিক।
(c) ক্ষাৰকীয়।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) প্রশম।

8. প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ—
(a) কপাৰ ছালফেট।

(b) ছ’ডিয়াম কার্বনেট।
(c) বেকিং ছডা। 
(d) জিপছাম।
উত্তৰঃ (d) জিপছাম।

9. তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়?
(a) কাপোৰ ধোৱা ছডা।

(b) বেকিং ছ’ডা।
(c) ছ’ডিয়াম হাইড্রক্সাইড।
(d) ব্লিচিং পাউদাৰ। 
উত্তৰঃ (a) কাপোৰ ধোৱা ছডা।

10. পানীৰ অম্ল দ্ৰবই বিদ্যুৎ পৰিবহণ কৰে, কাৰণ—
(a) অম্লই নিজে নিজেই আয়নীয় হয়

(b) পানীৰ উপস্থিতিত অম্ল আয়নীয় হয়
(c) পানীয়ে বিদ্যুৎ পৰিবহণ কৰে
(d) মাত্র পানী আয়নীয় হয়।
উত্তৰ : (d) মাত্ৰ পানী আয়নীয় হয় ।

11. টেঙা দৈত থকা এছিডটো হল—
(a) অক্‌জেলিক এছিড

(b) টাৰটাৰিক এছিড
(c) লেকটিক এছিড
(d) ওপৰৰ এটাও নহয় ।
উত্তৰ : (c) লেকটিক এছিড

12. পনীয়া ছালফিউৰিক এছিড দ্ৰৱত ছডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় ?
(a) H2

(b) SO
(c) H,S 
(d) O2
 উত্তৰ : (a) H2

13. তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে?
(a) ছ’ডিয়াম হাইড্রক্সাইড।
(b) কেলছিয়াম হাইড্রক্সাইড।
(c) ছ’ডিয়াম কার্বনেট।
(d) পটেছিয়াম হাইড্রক্সাইড।
উত্তৰঃ (b) কেলছিয়াম হাইড্রক্সাইড।

14. এটা দ্রৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাব্য pH মান হ’ব—
(a) 1
(b) 7
(c) 8
(d) 10
উত্তৰঃ (a) 1

15. তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি—
(a) শিথিলিত চূণ।
(b) বেকিং ছডা।
(c) জিপছাম।
(d) প্লাষ্টাৰ অব পেৰিছ।
উত্তৰঃ (b) বেকিং ছডা।

16. চোৰাত পাতৰ শুঙে বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়-
(a) এছেটিক এচিড।
(b) চাইট্রিক এচিড।
(c) লেক্‌টিক এচিড।
(d) মিথানয়িক এচিড।
উত্তৰঃ (d) মিথানয়িক এচিড।

17. NaOH দ্ৰৰ এটাৰ 10mL HCI দ্ৰৱএটাৰ 8m L সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হব—
(a) 4mL
(b) 8mL
(c) 12mL
(d) 16mL
উত্তৰ : (a) 4ml (10 x 8 = 20 × 4) 

18. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায়’টিক
(b) বেদনানাশক (analgesic)
(c) অম্লনাশক (antacid)
(d) বীজাণুবাৰক (antiseptic)
উত্তৰ : (c) অম্লনাশক ( antacid) 

19. ক্ল’ৰ – এলকালি পদ্ধতিত উৎপন্ন হয়—
(a) ছ’ডিয়াম হাইড্র’ক্সাইড।
(b) ক্ল’ৰিণ।
(c) হাইড্ৰ’জেন।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

20. তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল নাথাকে ?
(a) ব্লভিটৰিওল
(b) বেকিং ছ’ডা
(c) জিপচাম
(d) কাপোৰ ধোৱা ছ’ডা
উত্তৰঃ (b) বেকিং ছ’ডা

21. ছডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰটো হৈছে—
(a) তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ
(b) তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ
(c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ
(d) দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰ
Ans: (c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ

22. যদি এটা অম্লৰ দ্ৰব, ক্ষাৰকৰ দ্ৰবৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ?
(a) দ্ৰবটোৰ উষ্ণতা বাঢ়িব
(b) দ্ৰবটোৰ উষ্ণতা
(c) দ্ৰবৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়
(d) লৱণ আৰু পানীৰ উৎপত্তি হ’ব ।

(i) মাত্ৰ (a)
(ii) (a) আৰু (c)
(iii) (a) আৰু (d)
(iv) (b) আৰু (c)
উত্তৰঃ (iii) (a) আৰু (d)

23. তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে—
(a) 5.6 তকৈ কম।
(b) 5.5 তকৈ কম।
(c) 7.0 ৰ পৰা 7.8।
(d) 0 ৰ পৰা 14।
উত্তৰঃ (c) 7.0 ৰ পৰা 7.8।

24. তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়—
(a) 7.0 তকৈ কম।
(b) 5.5 তকৈ কম।
(c) 5.6 তকৈ বেছি।
(d) 5.5 তকৈ বেছি।
উত্তৰঃ  (b) 5.5 তকৈ কম।

25. তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধতম ক্ৰম ?
(a) পানী < এচেটিক এছিদ < হাইড্ৰ’ক্লৰিক এছিড
(b) পানী < হাইড্ৰ’ক্লৰিক এছিড < এচেটিক এছিড
(c) হাইড্ৰ’ক্লৰিক এছিড < পানী < এচেচিক এছিড
(d) এছেটিক এচিড < পানী < হাইড্ৰ’ক্লৰিক  এছিড
উত্তৰঃ (a) পানী < এচেটিক এছিদ < হাইড্ৰ’ক্লৰিক এছিড

26. এছেটিক এচিডত যেতিয়া ছ’ডিয়াম বা ই কার্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয় । তলৰ কোনটো উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ?
(1) ই চূণৰ পানী ঘোলা কৰে
(2) ই জ্বলি থকা শিখা নুমাই দিব
(3) ই ছ’ডিয়াম হাইড্র’ক্সাইডৰ দ্ৰবত দ্রবীভূত হ’ব
(4) ইয়াৰ এটা উগ্ৰ জনজনাই যোৱা গোন্ধ আছে।

(a) (1) আৰু (2)
(b) (1), (2) আৰু ( 3 )
(c) (2), (3) আৰু ( 4 )
(d) (1) আৰু (4)
উত্তৰ : (a) (1) আৰু ( 2 )

27. সাধাৰণ নিমখ তলৰ কোনটোত কেঁচা সামগ্ৰীৰূপে ব্যৱহাৰ হয় ?
(1) কাপোৰ ধোৱা ছ’ডা
(2) ব্লিচিং পাউদাৰ
(3) বেকিং ছ’ডা
(4) শিথিলিত চূণ

(a) (1) আৰু (2)
(b) (1), (2) আৰু ( 4 )
(c) (1) আৰু (3)
(d) (1), (3) আৰু ( 4 )
উত্তৰ : (a) (1) আৰু ( 2 )

28. বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে ছডিয়াম বাই- কার্বনেট, আনবিধ সামগ্ৰী হৈছে—
(a) হাইড্ৰ’ক্লৰিক এছিড
(b) টাটাৰিক এছিড
(c) এচেটিক এছিড
(d) ছালফিউৰিক এছিড
উত্তৰ : (b) টাৰ্টাৰিক এচিড

29. তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্রশম—
(a) CO2
(b) SO2
(c) H2O
(d) SO3
উত্তৰঃ (c) H2

30. কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্রবৰ বাবে কোনটো উক্তি সত্য ?
(1) যিমানে pH বেছি হয়, সিমানেই অম্লৰ গাঢ়তা বাঢ়িব।

(2) যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব।
(3) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়তা বাঢ়িব।
(4) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়ত কমিব।

(a) (1) আৰু (3)
(b) (2) আৰু (3)
(c) (1) আৰু (4)
(d) (2) আৰু (4)
উত্তৰ : (d) (2) আৰু ( 4 )

31. মিল্ক অব্ মেগনেছিয়া হৈছে—
(a) জিংক হাইড্রক্সাইড

(b) মেগনেছিয়াম হাইড্রক্সাইড
(c) কেলচিয়াম হাইড্রক্সাইড
(d) এলুমিনিয়াম হাইড্রক্সাইড
উত্তৰ : (b) মেগনেছিয়াম হাইড্রক্সাইড

32. নেমুটেঙাৰ ৰস আৰু কফি হল—
(a) দুয়োবিধেই ক্ষাৰকীয়

(b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ’ল ক্ষাৰকীয়
(c) দুয়োবিধেই আম্লিক
(d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ’ল আম্লিক
উত্তৰঃ (b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ’ল ক্ষাৰকীয় ৷

33. তলৰ কোনটো ক্ষাৰক নহয়—
(a) C₂H,OH

(b) KOH
(c) NH, OH
(d) NaOH.
উত্তৰ : (a) C,H,OH

34. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত p”ব পাৰে—
(a) 1

(b) 4
(c) 5
(b) 10
উত্তৰ : (d) 10 

35. খাদ্যবস্তু হজম হবৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে—
(a) 7 তকৈ কম
(b) 7 তকৈ বেছি

(c) 7 ৰ সমান(d) শূন্য
উত্তৰ : (a) 7 তকৈ কম

READ MORE  ধাতু আৰু অধাতু | Chapter 3 | Class 10 General Science - SEBA

36. অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো হৈছে
(a) ভিনেগাৰ
(b) কাপোৰ ধোৱা ছ’ডা

(c) বেকিং ছ’ডা
(d) টাটাৰিক এছিড
উত্তৰঃ (c) বেকিং ছ’ডা 

37. কাপোৰ ধোৱা ছ’ডাত কিমান পানীৰ অণু আছে?
(b) 2

(a) 5
(c) 7
(d) 10
উত্তৰ : (d) 10

38. তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান
(a) ছ’ডিয়াম হাইড্রক্সাইড।
(b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(c) ছ’ডিয়াম কার্বনেট।
(d) ব্লিচিং পাউদাৰ।
উত্তৰঃ (b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

39. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে—
(a) NaCl (b) HCl
(c) LiCl
(d) KCI
উত্তৰ : (b) HCl 

Short Questions and Answers

1. অধাতৱীয় অক্সাইডবোৰ কি ধৰ্মী ?
উত্তৰঃ অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী ।

2. কোনো এক দ্ৰব্যত কিহৰ সহায়েৰে বিদ্যুৎ প্ৰবাহিত হয় ?
উত্তৰঃ দ্ৰৱৰ মাজেদি দ্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্ৰবাহিত হয় ।

3. কেলছিয়াম কাৰ্বনেটৰ তিনিটা ভিন্ন ৰূপ লিখা ।
উত্তৰঃ কেলছিয়াম কাৰ্বনেটৰ তিনিটা ৰূপ হ’ল- চূণশীল, চক আৰু মাৰ্বল ।

4. এছিডত থকা কেটায়নটো কি? দ্ৰৱত এছিডে কি উৎপন্ন কৰে?
উত্তৰঃ এছিডত থকা কেটায়ণটো হ’ল- H+
দ্ৰৱত এছিডে হাইড্ৰ’জেন আয়ন H+ (aq) উৎপন্ন কৰে ।

5. pH স্কেলৰ P শব্দটো কি ভাষা আৰু কোনটো শব্দৰ পৰা আহিছে ? ইয়াৰ অৰ্থ কি ?
উত্তৰঃ pH স্কেলৰ P শব্দটো জাৰ্মান ভাষাৰ ‘Potenx’ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল- ক্ষমতা (Power) ।

6. pH স্কেলত এছিড বা ক্ষাৰকৰ তীব্ৰতা কেনেদৰে জোখা হয় ?
উত্তৰঃ pH স্কেলত সচৰাচৰ 0 (খুব বেছি আম্লিক) ৰ পৰা 14 (খুব বেছি ক্ষাৰকীয়) লৈ pH জুখিব পৰা যায় । pH স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্ৰৱটো আম্লিক আৰু 7 ৰ পৰা 14 লৈকে বৃদ্ধি ঘটাটোৱে OH- আয়নৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায় ।

7. ক্ষাৰকবোৰে পানীত কি আয়ন উৎপন্ন কৰে ?
উত্তৰঃ ক্ষাৰকবোৰে পানীত হাইড্ৰ’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে ।

8. ক্ষাৰ (alkali) কাক বোলে ?
উত্তৰঃ ক্ষাৰকবোৰে পানীত হাইড্ৰ’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে । যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় । সেইবোৰক ক্ষাৰ (alkali) বোলা হয় ।

9. পানীৰ উপস্থিতিত HCL য়ে কি উৎপন্ন কৰে? বিক্ৰিয়াটোৰ সমীকৰণটো উল্লেখ কৰা ।
উত্তৰঃ পানীৰ উপস্থিতিত HCL য়ে হাইড্ৰ’জেন আয়ন উৎপন্ন কৰে । পানীৰ অনুপস্থিতিত HCL অণুৰ পৰা H+ আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে ।
বিক্ৰিয়াটোৰ সমীকৰণটো—
HCL + H2O → H3O+ + Cl-

10. সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয়নে ? পানীত দ্ৰৱীভূত হোৱা এবিধ ক্ষাৰকৰ নাম লিখা ।
উত্তৰঃ সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় । পানীত দ্ৰৱীভূত হোৱা এবিধ ক্ষাৰক (Base) হ’ল- ক্ষাৰ (Alkali) ।

11. এটা প্ৰশম দ্ৰৱ্যৰ pH ৰ মান কিমান ?
উত্তৰঃ এটা প্ৰশম দ্ৰৱ্যৰ pH ৰ মান 7

12. pH স্কেলত 7 তকৈ কম হোৱাটোয়ে আৰু 7 বা 7 তকৈ অধিক/বেছি হোৱাটোয়ে কি বুজায় ?
উত্তৰঃ pH স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্ৰৱটো আম্লিক আৰু 7 ৰ পৰা 14 লৈকে বৃদ্ধি ঘটাটোৱে OH- আয়নৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায় ।

13. কিয় হাইড্ৰ’জন আয়নক H+(aq) বা হাইড্ৰ’নিয়াম আয়ন (H3O+) বা H2O হিচাপে দেখুৱায় ?
উত্তৰঃ হাইড্ৰ’জেন আয়ন অকলে বৰ্তি থাকিব নোৱাৰে । পানী অণুৰে সৈতে লগ হৈ থাকে । সেয়েহে হাইড্ৰ’জন আয়নক H+(aq) বা হাইড্ৰ’নিয়াম আয়ন (H3O+) বা H2O হিচাপে দেখুৱায় ।

14. পানীত ক্ষাৰক এটা দ্ৰৱীভূত কৰিলে কি ঘটে ?
উত্তৰঃ পানীত ক্ষাৰক এটা দ্ৰৱীভূত কৰিলে ক্ষাৰকবোৰে পানীত হাইড্ৰ’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে ।
NaOH(s) Na+ (aq) + OH-(aq)

15. pH ৰ মান 7 ৰ পৰা 14 লৈ বৃদ্ধি ঘটাটোয়ে কি আয়নৰ গাঢ়তা বৃদ্ধিক বুজায় ?
উত্তৰঃ pH ৰ মান 7 ৰ পৰা 14 লৈ বৃদ্ধি ঘটাটোয়ে OH- আয়নৰ গাঢ়তা বৃদ্ধিক বুজায় অৰ্থাৎ ক্ষাৰৰ বৃদ্ধি হোৱাটো বুজায় ।

16. এছিডবোৰৰ সোৱাদ কি? এছিডবোৰৰ ক্ষেত্ৰত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয় ?
উত্তৰঃ এছিডবোৰৰ সোৱাদ টেঙা । এছিডবোৰে নীলা লিটমাছক ৰঙা কৰে ।

17. চাবোন কেনে প্ৰকৃতিৰ, অম্ল নে ক্ষাৰ ?
উত্তৰঃ চাবোন ক্ষাৰক প্ৰকৃতিৰ ।

18. ক্ষাৰকবোৰৰ সোৱাদ কি? ক্ষাৰবোৰৰ ক্ষেত্ৰত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয় ?
উত্তৰঃ ক্ষাৰকবোৰৰ সোৱাদ তিতা । ক্ষাৰকবোৰে ৰঙা লিটমাছক নীলা কৰে ।

19. লিটমাছ এবিধ কেনে প্ৰকৃতিৰ সূচক ?
উত্তৰঃ লিটমাছ এবিধ প্ৰাকৃতিক সূচক ।

20. তীব্ৰ এছিড আৰু মৃদ্যু এছিড বুলিলে কি বুজা ?
উত্তৰঃ বেছি H+ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্ৰ এছিড আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদ্যু এছিড বোলে ।

21. আমাৰ শৰীৰ বা প্ৰাণীৰ লগত pH ৰ সম্পৰ্ক কি ? pH কেনে অৱস্থাত জীৱ বৰ্তি থাকিব পাৰে ?
উত্তৰঃ আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 লৈ পৰিসৰৰ ভিতৰত কাৰ্য কৰে । ঠেক পৰিসৰত pH পৰিৱৰ্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে ।

22. ক্ষাৰৰ তিনিটা গুণ লিখা ।
উত্তৰঃ ক্ষাৰবোৰ চাবোনৰ দৰে পিছল, তিতা আৰু ক্ষয়কাৰী ।

23. পানীত এছিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো কি ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত পৰে ?
উত্তৰঃ পানীত এছিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো তাপবৰ্জী প্ৰক্ৰিয়াৰ ভিতৰত পৰে ।

24. মুখৰ ভিতৰত pH ৰ মান কিমান হ’লে দন্তক্ষয় হয় ?
উত্তৰঃ মুখৰ ভিতৰত pH ৰ মান 5.5 তকৈ কম হ’লে দন্তক্ষয় হয় ।

25. বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ কেনে হয়? ইয়াৰ কাৰণ কি ?
উত্তৰঃ বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ ৰঙচুৱা মুগা হয় । চাবোন ক্ষাৰক প্ৰকৃতিৰ হোৱাৰ বাবে এনে হয় ।

26. দুবিধ সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ নাম লিখা ।
উত্তৰঃ দুবিধ সাংশ্লেষিক বা কৃত্ৰিক সূচকৰ নাম হ’ল- মিথাইল অৰেঞ্জ আৰু ফিন’লফথেলিন ।

27. যিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ যোগ কৰিলে পোৱা সমীকৰণটো লিখা ।
উত্তৰঃ যিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱ যোগ কৰিলে পোৱা সমীকৰণটো হ’ল- 2NaOH + Zn → Na2ZnO2 (ছ’ডিয়াম যিংকেট)+ H2

28. ছডিয়াম কাৰ্বনেটৰ (Na2CO3) লগত লঘু HCL যোগ কৰিলে কি হয়, ইয়াৰ সমীকৰণটো লিখা ।
উত্তৰঃ ছডিয়াম কাৰ্বনেটৰ (Na2CO3) লগত লঘু HCL যোগ কৰিলে লৱণ, পানী আৰু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয় ।

সমীকৰণ—
Na2CO3(s) + 2HCL (aq) → 2NaCl(aq) + H2O(l) + CO2(g)

29. ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (NaHCO3) ৰ লগত লঘু HCL যোগ কৰিলে কি উৎপন্ন হয়? ইয়াৰ সমীকৰণটো উল্লেখ কৰা ।
উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (NaHCO3) ৰ লগত লঘু HCL যোগ কৰিলে লৱণ, পানী আৰু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয় ।

সমীকৰণ—
NaHCO3(s) + HCl(aq) → NaCl(aq) + H2O(l) + CO2(g)

30. লিটমাছ দ্ৰৱ কি? ই কোনবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় ?
উত্তৰঃ লিটমাছ দ্ৰৱ হ’ল- বেঙুনীয়া ৰঙৰ এবিধ প্ৰাকৃতিক এছিড-ক্ষাৰক সূচক । ইয়াক থেল’ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় ।

31. কেইবিধমান ৰঞ্জক পদাৰ্থৰ নাম লিখা ।
অথবাঃ কেইবিধমান এছিড-ক্ষাৰক বা কেৱল সূচক বা প্ৰাকৃতিক সূচক কেইবিধৰ নাম লিখা ।
উত্তৰঃ কেইবিধমান ৰঞ্জক পদাৰ্থ বা এছিড-ক্ষাৰক বা কেৱল সূচক বা প্ৰাকৃতিক সূচক নাম হ’ল—

লিটমাছ, ৰঙা বন্ধাকবিৰ পাত, হালধী, কিছুমান ফুল যেনে হাইড্ৰেনজিয়া, পিটুনিয়া, জিৰেনিয়াম আদিৰ ৰঙীন পাহি ।

32. কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে কি উৎপন্ন হয়? সমীকৰণটো লিখা ।
উত্তৰঃ কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে বগা অধঃক্ষেপ কেলছিয়াম কাৰ্বনেট আৰু পানীৰ উৎপন্ন হয় ।

সমীকৰণ—
Ca(OH)2 (aq) (চূণপানী) + CO2(g) → CaCO3(s) (বগা অধঃক্ষেপ) + H2O(l)

33. ঘ্ৰানেন্দ্ৰিক সূচক বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ পদাৰ্থ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে । সেই পদাৰ্থবোৰক ঘ্ৰানেন্দ্ৰিক সূচক (Olfactory indicators) বোলা হয় । উদাহৰণ- পিঁয়াজ, ভেনিলা, লবঙ্গ তেল আদি ।

34. এছিড আৰু ধাতুৰ বিক্ৰিয়াৰ ক্ষেত্ৰত কিহৰ উৎপন্ন হয়? ইয়াৰ সমীকৰণটো লিখা ।
উত্তৰঃ এছিড আৰু ধাতুৰ বিক্ৰিয়াবোৰত ধাতুৱে এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে । লগতে, এছিডৰ অৱশিষ্ট অংশৰ সৈতে ধাতু লগ হৈ লৱণ যৌগৰ গঠন কৰে ।
এছিড + ধাতু → লৱণ + হাইড্ৰ’জেন গেছ ।

READ MORE  পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Class 10 General Science - SEBA

Long Questions and Answers

1. সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি ?
উত্তৰঃ সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ এইয়ে যে সকলো এছিডে ধাতুৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে । গতিকে সকলো এছিডতে সাধাৰণভাৱে হাইড্ৰ’জেন থাকে । ছ’ডিয়াম হাইড্ৰ’অক্সাইড, কেলছিয়াম হাইড্ৰ’ক্সাইড আদিৰ দৰে ক্ষাৰকৰ দ্ৰৱই একেধৰণৰ নিয়মেই পালন কৰে ।

2. কিয় এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে ?
উত্তৰঃ এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে । অন্যথা যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লগাব পাৰে । লগতে, অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰ হ’লে ভাগিব পাৰে ।

3. সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্ৰিয়া কৰি কি কি উৎপন্ন কৰে? ইয়াৰ বিক্ৰিয়াটো লিখা ।
উত্তৰঃ সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্ৰিয়া কৰি ল\u200Dৱন, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে । বিক্ৰিয়াটো হ’ল—
ধাতৱ কাৰ্বনেট/ধাতৱ হাইড্ৰ’জেনকাৰ্বনেট + এছিড → লৱন + কাৰ্বন ডাই অক্সাইড + পানী

4. প্ৰশমন বিক্ৰিয়া বুলিলে কি বুজা? বিক্ৰিয়াটো লিখা ।
অথবাঃ ক্ষাৰক আৰু এছিডৰ বিক্ৰিয়াৰ ফলত কি হয়? বিক্ৰিয়াটো উল্লেখ কৰা ।
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া (Neutralisation Reaction) বোলে । বিক্ৰিয়াটো হ’ল-
ক্ষাৰক + এছিড → লৱণ + পানী

5. পেট অজীৰ্ণ/খালী হ’লে বা আহাৰ গ্ৰহণ নকৰিলে বা লঘুণে থাকিলে আমাৰ দেহত এছিডৰ ক্ৰিয়া কেনেদৰে হয় ?
উত্তৰঃ পেট অজীৰ্ণ/খালী হ’লে বা আহাৰ গ্ৰহণ নকৰিলে বা লঘুণে থাকিলে আমাৰ দেহত পেটে অত্যাধিক এছিড উৎপন্ন কৰে । ইয়াৰ ফলত পেটত জ্বলাপোৰা আৰু বিষ হয় ।

6. লৱণৰ pH সম্পৰ্কে লিখা ।
উত্তৰঃ তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰশম আৰু এইবিলাক লৱণৰ বা জলীয় দ্ৰৱ্যৰ pH ৰ মান 7 । আনহাতে, তীব্ৰ এছিড আৰু মৃদ্যু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক, এইবোৰ লৱণৰ জলীয় দ্ৰৱৰ মান 7 তকৈ কম । লগতে, তীব্ৰ ক্ষাৰক আৰু মৃদ্যু এছিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয়, এইবোৰৰ জলীয় দ্ৰৱৰ pH ৰ মান 7 তকৈ বেছি ।

7. এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া হ’লে কি হয়? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া হ’লে দ্ৰৱটোৰ বৰণ সলনি হয় আৰু লগতে লৱণ আৰু পানী উৎপন্ন কৰে । এটা ধাতৱ অক্সাইড আৰু এটা এছিডৰ মাজত ঘটা বিক্ৰিয়াক এনেদৰে লিখিব পৰা যায়—
ধাতৱ অক্সাইড + এছিড → লৱণ + পানী

উদাহৰণস্বৰূপে— ক’পাৰ অক্সাইড্ৰৰ লগত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ নীলা-সেউজীয়া হৈ পৰে আৰু ক’পাৰ অক্সাইডখিনি দ্ৰৱীভূত হয় লগতে লৱণ আৰু পানীৰ উৎপন্ন হয় । দ্ৰৱটোৰ নীলা-সেউজীয়া ৰঙ বিক্ৰিয়াত ক’পাৰ ক্ল’ৰাইড গঠন হোৱাৰ বাবে হয় ।

8. এছিড প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা অম্লনাশক বা ক্ষাৰকবিধৰ নাম কি?/আমি খোৱা/সেৱন কৰা এবিধ ক্ষাৰকৰ নাম লিখা । ই কেনে প্ৰকৃতিৰ ?
উত্তৰঃ এছিড প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা অম্লনাশক বা ক্ষাৰকবিধৰ নাম- মেগনেছিয়াম হাইড্ৰ’ক্সাইড (মেগনেছিয়ামৰ দুগ্ধ)। ই এটা মৃদু ক্ষাৰক ।

9. কিয় ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলা হয় ?
উত্তৰঃ ক্ষাৰক এটাই এছিড এটাৰ সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইডসমূহে এছিডৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে । সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড (Basic Oxides) বোলা হয় ।

10. আমি খোৱা লৱণবিধৰ নাম আৰু সাংকেতিক চিহ্ন কি? কি কি পদাৰ্থ লগ লাগি এই লৱণবিধৰ উৎপন্ন হয় ?
উত্তৰঃ আমি খোৱা লৱণবিধৰ নাম ছ’ডিয়াম ক্লৰাইড আৰু ইয়াৰ সাংকেতিক চিহ্ন হ’ল- NACL ।

হাইড্ৰ’ক্ল’ৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড লগ লাগি এই লৱণবিধৰ (ছ’ডিয়াম ক্লৰাইড) উৎপন্ন হয় ।
Hcl + NaoH = Nacl

11. অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া হ’লে কি উৎপন্ন হয়? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া হ’লে লৱণ আৰু পানী উৎপন্ন কৰে । উদাহৰণস্বৰূপে- কাৰ্বন ডাই অক্সাইড (অধাতৱীয় অক্সাইড) আৰু কেলছিয়াম হাইড্ৰ’অক্সাইড (চূণ পানী) (ক্ষাৰক) মাজত বিক্ৰিয়া হ’লে লৱণ আৰু পানী উৎপন্ন কৰে । বিক্ৰিয়াটো এটা ক্ষাৰক আৰু এটা এছিডৰ মাজত ঘটা বিক্ৰিয়াৰ দৰে একে হয় । সেয়ে অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী বোলা হয় ।

12. লঘুকৰণ বা লঘু হোৱা বুলিলে কি বুজা ?
উত্তৰঃ এছিড আৰু ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়ন ( H3O+/OH- ) ৰ গাঢ়তা হ্ৰাস পায় । এনে প্ৰক্ৰিয়াক লঘুকৰণ (Dilute) বোলা হয় আৰু এছিড বা ক্ষাৰকটো লঘু হোৱা বোলা হয় ।

13. দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা পৰিমাণৰ বাবে ব্যৱহাৰ স্কেলবিধৰ নাম কি ?
উত্তৰঃ দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা পৰিমাণৰ বাবে ব্যৱহাৰ স্কেলবিধৰ নাম pH স্কেল (PH Scale) বোলে ।

14. আমাৰ দাঁত কিয় টুথপেষ্টেৰে ঘঁহা হয় ? টুথপেষ্ট কি প্ৰকৃতিৰ, আম্লিক নে ক্ষাৰকীয় ?
উত্তৰঃ আহাৰ গ্ৰহণ কৰাৰ পিছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখ্ৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এছিড উৎপন্ন কৰে । যাৰ ফলত আমাৰ দাঁত ক্ষয় বা দন্তক্ষয় হয় । সেয়েহ, দাঁত পৰিষ্কাৰ কৰাৰ বাবে টুথপেষ্ট(ক্ষাৰকীয়) ব্যৱহাৰ কৰি এই ক্ষতিকাৰক এছিড আৰু বেক্টেৰীয়া প্ৰশমিত কৰি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা ৰোধ কৰিব পৰা যায় । টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় ।

15. এছিড বৰষুণ কাক বোলে ? এছিড বৰষুণ পানী বা নদীলৈ বৈ গ’লে কি হয় ? এছিডে জলজ জীৱৰ ওপৰত কেনে প্ৰভাৱ পেলায় ?
উত্তৰঃ বৰষুণৰ পানীৰ pH ৰ মান 5.6 ৰ কম হ’লে তাক এছিড বৰষুণ বোলে । এছিড বৰষুণৰ পানী নদীলৈ বৈ গ’লে বা কোনো পানীৰ উৎসলৈ বৈ গ’লে পানীখিনিৰ pH হ্ৰাস পায় । এনেকুৱা এছিড বৰষুণ সন্নিবিষ্ট পানী বা নদীত জলজ জীৱ (aquatic life) বৰ্তি থকাটো টান হৈ পৰে ।

16. মৌ-মাখিয়ে কামুৰিলে বিন্ধিলে কিয় বিষ বা পোৰণি সৃষ্টি হয় ? ইয়াৰ পৰা কেনেদৰে সকাহ বা আৰাম পাব পাৰি ?
উত্তৰঃ মৌ-মাখি কামুৰিলে এবিধ ফৰ্মিক এছিড বা মিথানইক এছিড (Formic Acid or Methanolic Acid) এছিড নিঃসৰণ হয় । ইয়াৰ বাবেই বিষ আৰু পোৰনি সৃষ্টি হয় । বিন্ধা বা কামুৰাৰ স্থানত বেকিং চ’ডাৰ দৰে মৃদ্যু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ বা আৰাম পাব পাৰি ।

17. উদ্ভিদৰ বাবে pH গুৰুত্বপূৰ্ণনে বা উদ্ভিদৰ বাবে pH ৰ কাম কি ?
উত্তৰঃ গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ pH নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে ।

18. চোৰাত পাতে বিন্ধিলে আমাৰ কিয় কষ্টকৰ বিষ-বেদনা হয়? ইয়াৰ প্ৰতিকাৰ কি ?
উত্তৰঃ চোৰাত পাতত এবিধ শুং থাকে আৰু এই শুংবোৰৰ পৰা মিথানইক এছিড নিঃসৃত হয় । সেয়েহে এই শুংবোৰে বিন্ধিলে আমাৰ কষ্টকৰ বিষ-বেদনা হয় । ইয়াৰ প্ৰতিকাৰ হ’ল- ঠাইদুখৰত পাহাৰী পালেং (Dock Plant) ৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ বা উপশম পাব পাৰি ।

19. আমাৰ পেটত উৎপন্ন হোৱা এছিডবিধৰ নাম কি? আমাৰ দেহত এছিডৰ কাম কি ?
উত্তৰঃ আমাৰ পেটত উৎপন্ন হোৱা এছিডবিধৰ নাম- হাইড্ৰ’ক্ল’ৰিক এছিড । পেটৰ কোনো অপকাৰ নকৰাকৈ এছিডে বা হাইড্ৰ’ক্ল’ৰিক এছিডে আমাৰ খাদ্য-বস্তু হজম হোৱাত সহায় কৰে ।

20. ক্ল’ৰাইড শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম লিখা ।
উত্তৰঃ ক্ল’ৰাইড শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম- NaCl অৰ্থাৎ ছ’ডিয়াম ক্লৰাইড (Sodium Chloride) অৰ্থাৎ নিমখ আৰু KCL অৰ্থাৎ পটেছিয়াম ক্ল’ৰাইড(Potassium Chloride) ।

21. অত্যাধিক এছিড উৎপন্নৰ ফলত পেটত পেটত জ্বলাপোৰা আৰু বিষ হ’লে ইয়াৰ প্ৰতিকাৰ কি ?
উত্তৰঃ অত্যাধিক এছিড উৎপন্নৰ ফলত পেটত পেটত জ্বলাপোৰা আৰু বিষ হ’লে ইয়াৰ প্ৰতিকাৰ/পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক (Antacids) হিচাপে ক্ষাৰক ব্যৱহাৰ কৰিব লাগে ।

22. খোৱা লৱনটো কি কি সামগ্ৰী উৎপাদনৰ কেচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ খোৱা লৱনটো ছ’ডিয়াম হাইড্ৰ’ক্সাইড, বেকিং ছ’ডা, কাপোৰ ধোৱা ছ’ডা, ব্লিচিং পাউডাৰ আৰু বহু নিত্য ব্যৱহৃত সামগ্ৰী উৎপাদনৰ বাবে কেচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

23. ছ’ডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম লিখা ।
উত্তৰঃ ছ’ডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্গত দুবিধ লৱণৰ নাম হ’ল- NaCl অৰ্থাৎ ছ’ডিয়াম ক্লৰাইড (Sodium Chloride) অৰ্থাৎ নিমখ আৰু Na2SO4 অৰ্থাৎ ছ’ডিয়াম ছালফেট (Sodium Sulfate) ।

24. স্ফটিকাবদ্ধ জল (Water of Crystallization) কি? এবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ নাম লিখা ।
উত্তৰঃ স্ফটিকাবদ্ধ জল (Water of Crystallization) হ’ল- লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু । এবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ নাম হ’ল- জিপছাম ।

25. কপাৰ ছালফেটৰ এটা সংকেত এককত কেইটা পানীৰ অণু থাকে ? জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত কি?
উত্তৰঃ কপাৰ ছালফেটৰ এটা সংকেত এককত পাঁচটা পানীৰ অণু থাকে । জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হ’ল- CuSO4.5H2O

26. “প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে ।” উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ “প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে ।” উদাহৰণস্বৰূপে-চোৰাত পাতত এবিধ শুং থাকে আৰু এই শুংবোৰৰ পৰা মিথানইক এছিড নিঃসৃত হয় । সেয়েহে এই শুংবোৰে বিন্ধিলে আমাৰ কষ্টকৰ বিষ-বেদনা হয় । ইয়াৰ প্ৰতিকাৰ হ’ল- ঠাইদুখৰত পাহাৰী পালেং (Dock Plant) ৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ বা উপশম পাব পাৰি । এই গছজোপা চোৰাত গছৰ আশে-পাশেই গজে ।

27. জিপছাম কি? জিপছামত স্ফটিকাবদ্ধ জল হিচাপে কেইটা পানীৰ অণু থাকে ? জিপছামৰ সংকেত কি ?
উত্তৰঃ জিপছাম হ’ল— স্ফটিকাবদ্ধ জল থকা এবিধ লৱণ । জিপছামত স্ফটিকাবদ্ধ জল হিচাপে দুটা পানীৰ অণু থাকে । জিপছামৰ সংকেত হ’ল- CaSO4.2H2O

28. লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকাননে ?
উত্তৰঃ লৱণ বিশেষকৈ কপাৰ ছালফেটৰ আদিৰ দৰে লৱণবোৰৰ স্ফটিকবোৰ শুকান যেন দেখাত লাগে যদিও স্ফটিকাবদ্ধ জল থকা পৰিলক্ষিত হয় । এই লৱণবোৰক তাপ প্ৰয়োগ কৰিলে পানী আঁতৰি যায় । লগতে, লৱণটো বৰণহীন হৈ পৰা দেখা যায় ।

29. খনিজ লৱণ বুলিলে কি বুজা ? খনিজ লৱণবোৰ ক’ত পোৱা যায় ?ইয়াক কেনেদৰে আহৰণ কৰা হয় ? ইয়াৰ পৰা কি পোৱা যায় বা আমি খোৱা লৱণবিধৰ ক’ৰ পৰা তৈয়াৰ কৰা হয় ?
উত্তৰঃ পৃথিৱীৰ অনেক প্ৰান্তত আৰু গোটা লৱণৰ ভাণ্ডাৰ পোৱা যায় । অশুদ্ধিৰ বাবে এই বৃহৎ স্ফটিকবোৰ সচৰাচৰ মুগা বৰণৰ হয় । ইয়াক খনিজ লৱণ (Rock Salt) বোলা হয় । খনিজ লৱণ কয়লাৰ দৰে খান্দি আহৰণ কৰা হয় । এই গোটা লৱণবোৰৰ পৰা আৰু সাগৰ পানীত দ্ৰৱীভূত হৈ থকা লৱণবোৰৰ পৰা ছ’ডিয়াম ক্ল’ৰাইড পৃথক কৰি আমি খোৱা লৱণবিধৰ তৈয়াৰ কৰা হয় ।

30. প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ হ’ল—
(ক) ডাক্তৰ সকলে ভগা হাঁড় জোৰা দিবলৈ আৰু হাড় সঠিক স্থানত ধৰি ৰাখিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰে ।

(খ)প্লাষ্টাৰ অব পেৰিছক পুতলা সজা কামত ব্যৱহাৰ কৰা হয় ।
(গ) ঘৰ সজোৱাৰ বিভিন্ন সামগ্ৰি আৰু মসৃন তল সাজিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহৃত হয় ।

31. প্ৰাকৃতিকভাৱে পোৱা কেইবিধমান এছিডৰ নাম লিখা ।
উত্তৰঃ

ক্ৰমিক নংপ্ৰাকৃতিক উৎসএছিড
1ভিনেগাৰএছেটিক এছিড
2কমলা টেঙাচাইট্ৰিক এছিড
3তেতেলিটাৰটাৰিক এছিড
4বিলাহীঅকজেলিক এছিড
5টেঙা গাখীৰ বা দৈলেকটিক এছিড
6নেমু টেঙাচাইট্ৰিক এছিড
7পৰুৱাৰ/মৌ মাখিৰ শুংমিথানইক এছিড
8চোৰাতৰ শুংমিথানইক এছিড

32. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ গঠন আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।
অথবাঃ ছ’ডিয়াম হাইড’ক্সাইড উৎপন্ন হোৱা পদ্ধতিটোৰ নাম কি?
অথবাঃ ক্ল’ৰ-এলকালি পদ্ধতি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ এক জলীয় দ্ৰৱ (ব্ৰাইন) ৰ মাজেদি বিদ্যুত প্ৰবাহ কৰাৰ ফলত ছ’ডিয়াম ক্ল’ৰাইড বিয়োজিত হয় । ইয়াৰ ফলত ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ সৃষ্টি হয় । এই পদ্ধতিটোক ক্ল’ৰ-এলকালি পদ্ধতি বোলে । এই পদ্ধতিৰ নামটো, ক্ল’ৰিনৰ বাবে ক্ল’ৰ আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ বাবে এলকালি হৈছে ।
2Nacl(aq) + 2H2O(1) → 2NaOH(aq) + Cl2(g) + H2(g)

ক্ল’ৰিন গেছবিধ এন’ডত আৰু হাইড্ৰ’জেন গেছ সাধাৰণতে কেথ’ডত মুক্ত হোৱা দেখা যায় । লগতে এই পদ্ধতিত ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱটো কেথ’ডৰ সমীপতেই উৎপন্ন হয় ।

33. দাঁতৰ এনামেল(Tooth enamel) অংশটো কিহেৰে তৈয়াৰী? দন্তক্ষয় বা দাঁতৰ ক্ষয় বুলিলে কি বুজা/কাক বোলে ? কেতিয়া আমাৰ দন্তক্ষয় বা দাঁতৰ ক্ষয় হয়? ইয়াৰ দুটা প্ৰতিকাৰ লিখা ।
উত্তৰঃ কেলছিয়াম ফছফেটেৰে দাঁতৰ এনামেল অংশটো তৈয়াৰী । দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ । ই পানীত দ্ৰৱীভূত নহয় । কিন্তু মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় হয় অৰ্থাৎ দন্তক্ষয় বা দাঁতৰ ক্ষয় । আহাৰ গ্ৰহণ কৰাৰ পিছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখ্ৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এছিড উৎপন্ন কৰে । যাৰ ফলত আমাৰ দাঁত ক্ষয় বা দন্তক্ষয় হয় ।
ইয়াৰ দুটা প্ৰতিকাৰ হ’ল—

(ক) আহাৰ খোৱাৰ পিছত মুখখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে ।
(খ) দাঁত পৰিষ্কাৰ কৰাৰ বাবে টুথপেষ্ট(ক্ষাৰকীয়) ব্যৱহাৰ কৰি এই ক্ষতিকাৰক এছিড প্ৰশমিত কৰি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা ৰোধ কৰিব পাৰি ।

34. ছ’ডিয়াম কাৰ্বনেট কেনেদৰে সৃষ্টি হয় ? ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটক তাপ দিলে ছ’ডিয়াম কাৰ্বনেটৰ সৃষ্টি হয় ।
ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ তিনিটা ব্যৱহাৰ হ’ল—

(ক)বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট ব্যৱহাৰ কৰা হয় ।
(খ) এবিধ অম্লনাশক হিচাপে পেটৰ অতিৰিক্ত এছিড প্ৰশমিত কৰাৰ বাবে ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট ব্যৱহাৰ কৰা হয় ।
(গ) ছ’ডা এছিডক অগ্নি নিৰ্বাপন যন্ত্ৰত প্ৰয়োগ কৰা হয় ।

35. বেকিং ছ’ডা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো লিখা । বেকিং ছ’ডাৰ ৰাসায়নিক নাম আৰু সংকেতটো কি? বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি বেকিং ছ’ডা প্ৰস্তুত কৰা হয় ।
NaCl + H2O + CO2 + NH3 → NH4Cl (এ’মনিয়াম ক্ল’ৰাইড) + NaHCO3 (ছ’ডিয়াম হাইড্ৰ’-কাৰ্বনেট)

বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল- ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট আৰু সংকেতটো হ’ল—
NaHCO3

বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল—
(ক) পকৰি দৰে মুৰমুৰিয়া খাদ্যসামগ্ৰী বনাবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰা হয় ।
(খ) খোৱা বস্তু অতি সোনকালে সিজিবৰ বাবে বেকিং ছ’ডা যোগ কৰা হয় ।

36. কাপোৰ ধোৱা চ’ডা (Washing Soda) কেনেদৰে প্ৰস্তুত কৰা হয়? কাপোৰ ধোৱা চ’ডাৰ ৰাসায়নিক নাম কি? ইয়াৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ বেকিং ছ’ডা উত্তপ্ত কৰিলে ছ’ডিয়াম কাৰ্বনেট পোৱা যায় । এই ছ’ডিয়াম কাৰ্বনেটৰ পুনঃৰ্স্ফটিকী্কৰণ (Recrystallisation) ঘটায় কাপোৰ ধোৱা চ’ডা (Washing Soda) প্ৰস্তুত কৰা হয় ।

কাপোৰ ধোৱা চ’ডাৰ ৰাসায়নিক নাম হ’ল—
Na2CO3.10H2O

ইয়াৰ তিনিটা ব্যৱহাৰ হ’ল—
(ক)কাপোৰ ধোৱা চ’ডাক পানীৰ স্থায়ী কঠিনতা দূৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ।
(খ) ইয়াক ঘৰুৱা চাফাই কৰা কাৰ্যত ব্যৱহাৰ কৰা হয় ।
(গ) ব’ৰাক্সৰৰ নিচিনা ছ’ডিয়াম যৌগৰ পণ্য উৎপাদন কামত ব্যৱহৃত হয় ।
(ঘ) কাঁচ, কাগজ আৰু চাবোন উদ্যোগসমূহত বাৰুকৈয়ে ইয়াক ব্যৱহাৰ কৰে ।

37. ব্লিচিং পাউদাৰ কিহেৰে/কেনেদৰে প্ৰস্তুত কৰা হয় ? ব্লিচিং পাউদাৰৰ সংকেত কি? ইয়াৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ এক জলীয় দ্ৰৱ (ব্ৰাইন) ৰ মাজেদি বিদ্যুত বিশ্লেষণ কৰাৰ ফলত ক্লৰিনৰ সৃষ্টি হয় । শুকান শিথিলিত চূণ [Ca (OH)2 ] ৰ সৈতে ক্ল’ৰিনৰ ক্ৰিয়াৰ জৰিয়তে ব্লিচিং পাউদাৰ উৎপন্ন কৰা হয় ।

Ca(OH)2 + Cl2 → CaOCl2 + H2O
ব্লিচিং পাউদাৰৰ সংকেত হ’ল- CaOCl2

ব্লিচিং পাউদাৰৰ তিনিটা ব্যৱহাৰ হ’ল—
(ক) খোৱা পানী বীজাণুমুক্ত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।
(খ) ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।
(গ) বস্ত্ৰ উদ্যোগসমূহত কপাহী কাপোৰ আৰু লিনেন কাপোৰবোৰ বিৰঞ্জিত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।

38. প্লাষ্টাৰ অব পেৰিছ কি বা বুলিলে কি বুজা ? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা । প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত কি ?
উত্তৰঃ জিপছামক 373k উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট (CaSO4. H2O) ত পৰিণত হয় । ইয়াকে প্লাষ্টাৰ অব পেৰিছ বোলা হয় । প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ । পানী মিহলালে এই প্লাষ্টাৰ অব পেৰিছ পুনৰ জিমছামলৈ পৰিৱৰ্তিত হয় আৰু টান গোটা পদাৰ্থলৈ সলনি হয় ।
CaSO4. H2O (প্লাষ্টাৰ অব পেৰিছ) + 1 H2O → CaSO4. 2H2O (জিপছাম)

প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত হ’ল—
CaSO4. H2O

Leave a Comment

error: Content is protected !!
Scroll to Top