বিদ্যুৎ | Chapter 12 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


বিদ্যুৎ

Multiple Choice Questions and Answers

1. পৰিবাহীৰ ৰোধ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল নহয়—
(a) উষ্ণতা
(b) তাঁৰডালৰ আকৃতি
(c) তাঁৰডালৰ পদাৰ্থ
(d) প্রস্থচ্ছেদৰ কালি।
উত্তৰঃ (b) তাঁৰডালৰ আকৃতি।

2. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব—
(a) 5C
(b) 50C
(c) 600C
(d) 300C
উত্তৰঃ (c) 600C

3. তাঁৰ এডালৰ আপেক্ষিক ৰোধ—
(a) ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক
(b) ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক
(c) তাঁৰডালৰ ভৰৰ ওপৰত নিৰ্ভৰশীল
(d) তাঁৰডালৰ দৈৰ্ঘ্য, প্রস্থচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়।
উত্তৰঃ (d) তাঁৰডালৰ দৈৰ্ঘ্য, প্রস্থচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়।

4. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব ?
(a) 1.6 × 1015
(b) 1.6 × 1019
(c) 1.6 × 1012
(d) 1.6 × 106
উত্তৰঃ (c) 1.6 × 1012

5. দুডাল তামৰ তাঁৰৰ A আৰু B ৰ দীঘ 5m. কিন্তু A, B তকৈ মোটা। গতিকে—
(a) A ৰ ৰোধ বেছি
(b) A ৰ ৰোধ কম
(c) A আৰু Bৰ ৰোধ সমান
(d) A আৰু B ৰ ৰোধ তুলনা কৰিব নোৱাৰি।
উত্তৰঃ (b) A ৰ ৰোধ কম।

6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়—
(a) 1JC-1
(b) 1Cs-1
(c) 1Js-1
(d) 1VC-1
উত্তৰঃ (a) 1JC-1

7. 1 কিলোৱাট ঘণ্টা =
(a) 1.6×10-19 জুল—
(b) 3.6×10° জুল
(c) 1000 জুল
(d) 1 জুল
উত্তৰঃ (a) 3.6×10° জুল।

8. 1 ৱাট =
(a) 1 ভ’ল্ট ×1 এম্পিয়াৰ
(b) ভি`ল্ট ×1 ওম
(c) 1 এম্পিয়াৰ × 1 ওম
(d) 1 ভ’ল্ট × 1 ছেকেণ্ড
উত্তৰঃ (a) 1 ভ’ল্ট ×1 এম্পিয়াৰ

9. এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব—
(a) 100 W
(b) 75 W
(d) 25 W
(c) 50 W
উত্তৰঃ (d) 25 W

10. যদি এটা বৰ্তনীত প্রবাহ দুগুণ কৰা হয়, তেন্তে ৰোধ—
(a) নাইকিয়া হ’ব
(b) দুগুণ হ’ব
(c) আধা হ’ব
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) আধা হ’ব।

11. বৈদ্যুতিক আধানৰ SI একক হ’ল—
(a) এম্পিয়াৰ।
(b) ভল্ট।
(c) কুলম্ব।
(d) ৱাট।
উত্তৰঃ (c) কুলম্ব।

12. কিছুমান বৈদ্যুতিক কোষ শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰি কি সজা হয় ?
(a) জেনেৰেটৰ (Generator)
(b) ডাইনেম’ (Dynamo)
(c) ইন্‌ভাৰ্টাৰ (Inverter)
(d) বেটাৰী (Battery)
উত্তৰঃ (d) বেটাৰী (Battery)

13. বৈদ্যুতিক প্ৰবাহৰ SI একক—
(a) ভল্ট।
(b) ৱাট।
(c) কুলম্ব।
(d) এম্পিয়াৰ।
উত্তৰঃ (d) এম্পিয়াৰ।

14. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ—
(a) 1.6 × 10-19C
(b) 1.6 × 10-18C
(c) 1.6 × 10-11C
(d) 1.6 × 10-6C
উত্তৰঃ (a) 1.6 × 10-19C

15. আধানৰ S.I একক কি ?
(a) ভ’ল্ট
(b) এম্পিয়াৰ
(c) ওম
(d) কুলম্ব
উত্তৰঃ (d) কুলম্ব

16. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—
(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ।
(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।
(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত।
(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।
উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।

17. বিভৱ পাৰ্থক্যৰ S.I একক কি?
(a) ভল্ট
(b) কুলম্ব
(c) ওম
(d) ওম মিটাৰ
উত্তৰঃ (a) ভল্ট

READ MORE  এছিড, ক্ষাৰক আৰু লৱণ | Chapter 2 | Class 10 General Science - SEBA

18. যিজন বিজ্ঞানীৰ নামেৰে প্ৰবাহৰ একক লোৱা হৈছে সেই বিজ্ঞানীজনৰ নামটো কি?
(a) নিউটন
(b) ব’ল্ট
(c) ওম

(d) এন্দ্ৰে মেৰী এম্পিয়াৰ
উত্তৰঃ (d) এন্দ্ৰে মেৰী এম্পিয়াৰ

19. তলৰ কোনটো ৰাশিয়ে বৈদুতিক ক্ষমতা নির্দেশ নকৰে ?
(a) I2R
(b) IR2
(c) VI
(d) V2/R
উত্তৰঃ (b) IR±

20. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা—
(a) 6.25 x 1019
(b) 6.25 x 1020
(c) 6.25 x 1012
(d) 6.25 x 1018
উত্তৰঃ (d) 6.25 x1018

21. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব—
(a) 1/25
(b) 1/5
(c) 5
(d) 25
উত্তৰঃ (d) 25
22. প্রবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ—
(a) ভ’ল্টমিটাৰ
(b) এমিটাৰ
c) ওম মিটাৰ
(d) AVO মিটাৰ
উত্তৰঃ (b) এমিটাৰ

23. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল—
(a) ভল্টমিটাৰ।
(b) এমিটাৰ।
(c) গেলভেন’মিটাৰ।
(d) পৰিৱৰ্তনশীল ৰোধ।
উত্তৰঃ (b) এমিটাৰ।

24. এটা বৰ্তনীত ৰোধ পৰিবৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি—
(a) ৰোধক
(b) বিওষ্টেট
(c) বাল্ব
(d) প্লাগ ছাবি
উত্তৰঃ (b) ৰিওষ্টেট (Rheostat)

25. এটা উচ্চ বিভবক বিভক্ত কৰিবলৈ আমিৰোধকবোৰ কেনেধৰণে সংযোগ কৰিব লাগিব—
(a) সমান্তৰাল সজ্জাত
(b) শ্ৰেণীবদ্ধ সজ্জাত
(c) কেইটামান শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) শ্ৰেণীবদ্ধ সজ্জাত

26. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়।
(a) IC/ IV
(b) IV/ IC
(c) IC/ IS
(d) IJ/ IC
উত্তৰঃ (c) IC/ IS

27. একে পৰ্দাথৰ দুদাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত—
(a) 1: 2
(b) 2 : 1
(c) 1 : 4
(d) 4 : 1
উত্তৰঃ (c) 1 : 4

Short Questions and Answers

1. বিদ্যুৎ প্ৰবাহ কি?
উত্তৰঃ কোনো বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনৰ গতিয়েই বিদ্যুৎ প্ৰবাহ।

2. বিদ্যুৎ সৰবৰাহ তাঁৰত কি ধাতু ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বিদ্যুৎ সৰবৰাহ তাঁৰত কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

3. এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ কিহেৰে জোখা হয় ?
উত্তৰঃ এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ কিহেৰে জোখা হয় ।

4. ওমৰ সূত্ৰ মতে ৰোধ কি?
উত্তৰঃ ওমৰ সূত্ৰ মতে, এক নিৰ্দিষ্ট উষ্ণতাত প্ৰদত্ত পৰিবাহী এডালৰ বাবে এটা ধ্ৰুৱক আৰু ইয়াক ৰোধ বোলা হয়।

5. ৰোধক কাক বোলে?
উত্তৰঃ ৰোধযুক্ত পৰিবাহীক ৰোধক বোলে।

6. ইলেক্ট্ৰন বিলাক পৰিবাহীৰ মাজেৰে কি গড়ৰ আধাৰত গতি কৰে বা গতিটোৰ নাম কি?
উত্তৰঃ যেতিয়া কোনো এক স্থিৰ প্ৰবাহ এডাল পৰিবাহীৰ মাজেৰে পৰিবাহিত হয়, তেতিয়া তাত উপস্থিত থকা ইলেক্ট্ৰনবোৰ পৰিবাহীৰ মাজেৰে এক বিশেষ গড় ‘অপৱাহ দ্ৰুতিৰে’ (Drift Speed) গতি কৰে।

7. প্ৰবাহৰ সৰু মানক কিহত প্ৰকাশ কৰা হয় ?
উত্তৰঃ প্ৰবাহৰ সৰু মানক মিলিএম্পিয়াৰ (1 mA= 10-3 A) বা মাইক্ৰ’এম্পিয়াৰ ত প্ৰকাশ কৰা হয়।

8. তামৰ তাঁৰ এডালৰ মাজেৰে আধানবিলাক স্বয়ংক্ৰিয়ভাৱে গতি কৰেনে?
উত্তৰঃ তামৰ তাঁৰ এডালৰ মাজেৰে আধানবিলাক স্বয়ংক্ৰিয়ভাৱে গতি নকেৰে।

9. বিভৱভেদৰ এচ আই একক কি? ই কোনজন ব্যক্তিৰ নামৰ পৰা আহিছে ?
উত্তৰঃ বিভৱভেদৰ এচ আই একক হ’ল— ভল্ট (V)। ই ইটালীৰ পদাৰ্থ বিজ্ঞানী Alessandro Volta (1745-1827), নামৰ পৰা আহিছে।

10. 1 ভল্টৰ সংজ্ঞা দিয়া।
অথবাঃ ১ ভল্ট মানে কি বুজা ?
উত্তৰঃ 1 ভল্ট হৈছে- প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ, যদি 1 কুলম্ব আধান তাৰে এক বিন্দুৰ পৰা আন এক বিন্দুলৈ চলিত কৰিবৰ বাবে 1 জুল কাৰ্য কৰিব লাগে।

1V= 1JC-1

11. কোনে আৰু কেতিয়া কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্ৰবাহ (I)  আৰু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল ?
উত্তৰঃ জাৰ্মান পদাৰ্থ বিজ্ঞানী জিঅৰ্জ সিমন ওমে (Georg Simon Ohm) 1827 চনত কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্ৰবাহ (I)  আৰু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল।

READ MORE  বংশগতি আৰু ক্ৰমবিকাশ | Chapter 9 | Class 10 General Science - SEBA

12. 1 ওমৰ সূত্ৰ লিখা লিখা।
উত্তৰঃ ওমৰ সূত্ৰ মতে, যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ 1V আৰু ইয়াৰ মাজেৰে 1 A প্ৰবাহ চালিত হয়, তেন্তে পৰিবাহীডালৰ ৰোধ 1Ω হ’ব।

13. পৰিবাহীত আধানৰ প্ৰবাহৰ ক্ষেত্ৰত মাধ্যাকৰ্ষণৰ ভূমিকা আছেনে?
উত্তৰঃ পৰিবাহীত আধানৰ প্ৰবাহৰ ক্ষেত্ৰত মাধ্যাকৰ্ষণৰ কোনো ভূমিকা নাই।

14. এটা ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ ৰোধৰ ……………। যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্ৰবাহৰ মান ………হ’ব।
উত্তৰঃ এটা ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ ৰোধৰ ব্যস্তানুপাতিক। যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্ৰবাহৰ মান আধা হ’ব।

15. বৰ্তনী কাক বোলে ? বৰ্তনী এটা কোনো এক ঠাইত ভংগ বা মুক্ত কৰিলে কি হয় ?
উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে। যদি কোনো এক ঠাইত বৰ্তনীটো ভংগ বা মুক্ত কৰিলে প্ৰবাহ বন্ধ হয়।

16. পৰিবাহীৰ ইলেক্ট্ৰনবিলাক গতিৰ বাবে সম্পূৰ্ণৰূপে মুক্ত হয়নে ?
উত্তৰঃ পৰিবাহীৰ ইলেক্ট্ৰনবিলাক গতিৰ বাবে সম্পূৰ্ণৰূপে মুক্ত নহয়।

17. এম্পিয়াৰ কাক বোলে ? ইয়াৰ সূত্ৰটো লিখা। এম্পিয়াৰ এককটি কোনজন বিজ্ঞানীৰ নামৰ পৰা আহিছে ?
উত্তৰঃ প্ৰতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বোলে।
এম্পিয়াৰ এককটি ফৰাচী বিজ্ঞানী Andre-Marie Ampere (1775-1836) ৰ নামৰ পৰা আহিছে।

18. সু-পৰিবাহী আৰু কু-পৰিবাহী বুলিলে কি বুজা ?
উত্তৰঃ প্ৰদত্ত আকাৰৰ উপাদান এটাৰ ৰোধ কম হ’লে তাক সু-পৰিবাহী বুলি কোৱা হয়। একে আকাৰৰ বেছি ৰোধযুক্ত পৰিবাহীক কু-পৰিবাহী বুলি কোৱা হয়।

19. ৰ’ (ρ) কি? ইয়াক কি বুলা জনা যায় ? ৰোধকতাৰ এচ আই একক কি?
উত্তৰঃ ৰ’ (ρ) হ’ল— এটা সমানুপাতিক ধ্ৰুৱক। ইয়াক পৰিবাহীৰ পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয় বা জনা যায়। ৰোধকতাৰ এচ আই একক  Ω m

20. প্ৰবাহী আধান কি?
উত্তৰঃ ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ’ল— প্ৰবাহী আধান।

21. ধাতু বা সংকৰ ধাতুৰ ৰোধকতা কম নে বেছি? ধাতু বা সংকৰ ধাতুৰ ৰোধকতাৰ মানৰ পৰিসৰ কিমান? সিহঁত বিদ্যুতৰ সু-পৰিবাহী নে কু-পৰিবাহী?
উত্তৰঃ ধাতু বা সংকৰ ধাতুৰ ৰোধকতা অতি কম।
ধাতু বা সংকৰ ধাতুৰ ৰোধকতাৰ মানৰ পৰিসৰ 10-10 Ω m ৰ পৰা 10-6 Ω m ৰ ভিতৰত।
সিহঁত বিদ্যুতৰ সু-পৰিবাহী।

22. ৰবৰ আৰু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ কিমান ?
উত্তৰঃ ৰবৰ আৰু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ হ’ল— 1012 Ω m ৰ পৰা 1017  Ω m ৰ ভিতৰত।

23. বিদ্যুত আধানৰ এচ. আই. একক কি? ই কিহৰ সমপৰ্যায়ৰ ?
উত্তৰঃ বিদ্যুত আধানৰ এচ. আই. একক হ’ল— কুলম্ব (C)। ই প্ৰায় 6×1018 টা ইলেকট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ।

24. কিয় সংকৰ ধাতুক বৈদ্যুতিক ইস্ত্ৰি, পাউ ৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে বা জ্বলি নাযায়। সেয়েহে, সংকৰ ধাতুক বৈদ্যুতিক ইস্ত্ৰি, পাউ ৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয়।

25. ইলেক্ট্ৰনবোৰক কোনে বাধা দিয়ে?
উত্তৰঃ ইলেক্ট্ৰনবোৰৰ চৌপাশৰ পৰমাণুৰ আকৰ্ষণে ইলেক্ট্ৰনবোৰক বাধা দিয়ে।

26. বিদ্যুৎ প্ৰবাহে কি বুজায় ? বিদ্যুৎ প্ৰবাহ কি ?
উত্তৰঃ একক সময়ত কোনো এক বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। বিদ্যুৎ প্ৰবাহ হ’ল— আধানৰ প্ৰবাহৰ হাৰ।

27. বিদ্যুতৰ পৰিঘটনাবোৰৰ আৱিষ্কাৰৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত আছিলনে? এই সময়ছোৱাত কাক/কিহক বিদ্যুৎ প্ৰবাহ আৰু বিদ্যুতৰ দিশ বুলি বিবেচনা কৰিছিল ?
উত্তৰঃ বিদ্যুতৰ পৰিঘটনাবোৰৰ আৱিষ্কাৰৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত নাছিল। সেয়েহে, এই সময়ছোৱাত ধনাত্মক আধানৰ গতিকহে বিদ্যুৎ প্ৰবাহ বুলি আৰু ইয়াৰ গতিকেই বিদ্যুৎ প্ৰবাহৰ দিশ বুলি বিবেচনা কৰিছিল।

28. বৈদ্যুতিক বাল্বত কি ধাতু ব্যৱহৃত হয়?
উত্তৰঃ বৈদ্যুতিক বাল্বত টাংষ্টন ব্যৱহৃত হয়।

29. বিদ্যুত প্ৰবাহৰ সূত্ৰটো লিখা।
উত্তৰঃ যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে ‘t’ সময়ত মুঠ ‘Q’ আধান চালিত হয় তেতিয়া প্ৰস্থচ্ছেদটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ’ব ‘I’

READ MORE  মৌলৰ পৰ্যাবৃত্ত শ্ৰেনীবিভাজন | Chapter 5 | Class 10 General Science - SEBA

30. বিভৱভেদক কি সঁজুলিৰ সহায়েৰে জুখা হয় ? বিভৱভেদ জুখিবৰ বাবে কি কৰা হয় ?
অথবাঃ বিভৱভেদ জুখিবৰ বাবে কি এক সঁজুলিৰ ব্যৱহাৰ কৰা হয়? বা সঁজুলিটোৰ নাম কি? বিভৱভেদ কেনেদৰে জোখা হয় ?
উত্তৰঃ বিভৱভেদ জুখিবৰ বাবে ভল্টমিটাৰ নামৰ এক সঁজুলিৰ ব্যৱহাৰ কৰা হয়।  জুখিব লগা বিন্দু দুটাৰ লগত ভল্টমিটাৰক সমান্তৰালভাৱে সংযোগ কৰি বিভৱভেদ জোখা হয়।

31. এটা ইলেক্ট্ৰনত কিমান পৰিমাণৰ আধান থাকে ?
উত্তৰঃ এটা ইলেক্টনত 1.6 x 10-19 ঋণাত্মক আধান থাকে।

32. সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘৰ (l) সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ……..।
উত্তৰঃ সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘৰ (l) সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক

33. বিদ্যুৎ প্ৰবাহক কি প্ৰকাশ কৰা হয় ?
উত্তৰঃ বিদ্যুৎ প্ৰবাহক এম্পিয়াৰ (A)  এককত প্ৰকাশ কৰা হয়।

Long Questions and Answers

1. ওমৰ সূত্ৰ কাক বোলে?
উত্তৰঃ জাৰ্মান পদাৰ্থ বিজ্ঞানী জিঅৰ্জ সিমন ওমে (Georg Simon Ohm) 1827 চনত কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্ৰবাহ (I)  আৰু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল। উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ বিভৱভেদ, V তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বোলে।

2. পৰিবৰ্তনশীল ৰোধ (Rheostat) কাক বোলে? ইয়াক কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ বিদ্যুৎ বৰ্তনীত বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত প্ৰবাহৰ মান বেছি বা কম কৰিব লগা হয়। বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিবৰ্তনশীল ৰোধ (Rheostat) বোলে।
এটা বৰ্তনীত ৰোধৰ মান পৰিবৰ্তন কৰিবলৈ পৰিবৰ্তনশীল ৰোধ, এই সঁজুলিটো ব্যৱহাৰ কৰা হয়।

3. বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা কেইবিধমান উপাদানৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা কেইবিধমান উপাদানৰ নাম হ’ল— এটা বৈদ্যুতিক কোষ, এটা বেটেৰী বা কোষৰ সমষ্টি, এটা প্লাগ চাবি (মুক্ত), এটা প্লাগ চাবি (বন্ধ), এডাল তাঁৰৰ সংযোগ, সংযোগহীনভাৱে পাৰ হোৱা তাঁৰ, বৈদ্যুতিক বাল্ব, R ৰোধৰ এটা ৰোধক, পৰিবৰ্তনশীল ৰোধ বা ৰিঅ’ষ্টেট, এমিটাৰ, ভল্টমিটাৰ আদি।

4. ৰোধ কি? ৰোধ কাক বোলে? ৰোধৰ এচ আই একক কি? ৰোধৰ এচ আই এককক কি আখৰে সূচায়?
উত্তৰঃ ৰোধ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এক ধৰ্ম বা ব্যৱস্থা।
কোনো এক নিৰ্দিষ্ট উষ্ণতাত প্ৰদত্ত পৰিবাহী এডালৰ মাজেৰে চালিত ইলেক্ট্ৰনে পোৱা বাধাক ৰোধ বোলে।
ৰোধৰ এচ আই একক হ’ল— ওম।
ৰোধৰ এচ আই এককক Ω আখৰে সূচায়।

5. বিভৱভেদ কাক বোলে ? ই কেনেদৰে সৃষ্টি হয় ? দুটা বিন্দু মাজৰ বিভৱভেদ কাক বোলে? ইয়াৰ সূত্ৰটো লিখা।
উত্তৰঃ তামৰ তাঁৰ এডালৰ মাজেৰে আধানবিলাক স্বয়ংক্ৰিয়ভাৱে গতি নকেৰে। পৰিবাহীত আধানৰ প্ৰবাহৰ মাজত এক বৈদ্যুৎ চাপৰ পাৰ্থক্য থাকে বা ঘটে যাৰ বাবে ইলেক্ট্ৰনবোৰে গতি কৰে। এই চাপৰ পাৰ্থক্যকে পৰিবাহীডালৰ বিভৱভেদ বোলে।
কোনো এক কোষৰ (বৈদ্যুতিক বা বেটাৰীৰ) অন্তৰ্ভাগৰ ৰাসায়নিক বিক্ৰিয়াই কোষটোৰ মূৰ দুটাৰ মাজত বিভৱভেদৰ সৃষ্টি কৰে আৰু কোষটোৰ পৰা প্ৰবাহ নগ’লেও এই বিভৱভেদৰ সৃষ্টি হয়।
প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এক বিন্দুৰ পৰা আন এক বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যক, বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে।

6.পৰিবাহী এডালৰ ভিতৰত আধানৰ প্ৰবাহ কেনেদৰে হয় ?
অথবাঃ ধাতুৱে কেনেকৈ বিদ্যুৎ প্ৰবাহিত কৰে ?
উত্তৰঃ পৰিবাহীৰ মাজেৰে ইলেকট্ৰনৰ গতি আৰু শূণ্যস্থানৰ মাজেৰে আধানৰ গতিৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। যেতিয়া কোনো এক স্থিৰ প্ৰবাহ এডাল পৰিবাহীৰ মাজেৰে পৰিবাহিত হয়, তেতিয়া তাত উপস্থিত থকা ইলেক্ট্ৰনবোৰ পৰিবাহীৰ মাজেৰে এক বিশেষ গড় ‘অপৱাহ দ্ৰুতিৰে’ (Drift Speed) গতি কৰে। কম পৰিমাণৰ তামৰ তাঁৰ এডালৰ বাবে এই অপৱাহ দ্ৰুতিৰ মান অতি কম, প্ৰায় 1mms-1  ৰ সমান হয়। এটা ইলেক্ট্ৰনে বিদ্যুৎ উৎসৰ এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈ কায়িকভাৱে উপনীত হ’লেহে যেন প্ৰবাহৰ সূচনা হ’ব এনে কোনো বিষয় জড়িত নাই। কাৰণ, পৰিবাহী তাঁৰৰ মাজেৰে ইলেক্ট্ৰনৰ কায়িক প্ৰৱাহ এক অতি মন্থৰ প্ৰক্ৰিয়া। প্ৰবাহ সঞ্চালনৰ প্ৰকৃত দ্ৰুতি পোহৰৰ দ্ৰুতিৰ প্ৰায় সমান।

Leave a Comment

error: Content is protected !!
Scroll to Top