মৌলৰ পৰ্যাবৃত্ত শ্ৰেনীবিভাজন | Chapter 5 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


মৌলৰ পৰ্যাবৃত্ত শ্ৰেনীবিভাজন

Multiple Choice Questions and Answers

1. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে—
(a) বাঢ়ে। 

(b) কমে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) বাঢ়ে।

2. তলৰ কোনটোৰ মৌলই আম্লিক অক্সাইড গঠন কৰে—
(a) পৰমাণু ক্রমাংক 7 যুক্ত মৌলই

(b) পৰমাণু ক্রমাংক 3 যুক্ত মৌলই
(c) পৰমাণুক্রমাংক 12 যুক্ত মৌলই
(d) পৰমাণু ক্রমাংক 19 যুক্ত মৌলই
উত্তৰঃ (a) পৰমাণু ক্রমাংক 7 যুক্ত মৌলই

3. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে—
(a) কমে।

(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) একে থাকে।

4. পৰমাণু ক্রমাংক 17, 34, 36 আৰু 53 যুক্ত মৌলবোৰে আগুৰি থকা মৌলটোৰ পৰমাণুক্রমাংক হৈছে—
(a) 18

(b) 52
(c) 37
(d) 35
উত্তৰঃ (d) 35

5. আধুনিক পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে—
(a) কমে।

(b) থাকে।
(c) একে থাকে।
(d) প্রথমে বাঢ়ি পিছত কমে।
উত্তৰঃ (d) প্রথমে বাঢ়ি পিছত কমে।

6. পর্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধর্মী হৈ পৰে।

(b) যোজক ইলেকট্রনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰঃ (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

7. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে—
(a) কমে।

(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।

8. পাৰমাণবিক ব্যাসাৰ্দ্ধৰ শুদ্ধ ক্ৰমটো হৈছে—
(a) Na) Mg) Al) Si

(b) Ala) Si) Na) Mg
(c) Si) Al) Mg) Na)
(d) Si ) Al) Na ) Mg
উত্তৰঃ (c) Si) Al) Mg ) Na )

9. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে—
(a) কমে।

(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।

10. মৌল X যে XCI, সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na

(b) Mg
(c) Al
(d) Si
উত্তৰঃ (b) Mg

11. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্রৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে—
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।

12. তলৰ কোনটো ধাতুকল্প নহয় ?
(a) Ge
(b) Se
(c) Sb
(d) Si
উত্তৰঃ (d) Si

13. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে—
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।

14. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা K মৌলৰ অক্সাইডৰ সংকেত হ’ল
(a) KO2
(b) K2O
(c) K2O3
(d) KO
উত্তৰঃ (b) K₂O

15. এটা মৌল Xয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি XO সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গত থাকিব?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ  (a) Na

16. তলৰ কোনটো মৌললৈ অষ্টক নীতি প্রযোজ্য হ?
(a) অক্সিজেন
(b) কেলছিয়াম
(c) ক’বাল্ট
(d) ছ’ডিয়াম
উত্তৰঃ (b) কেলছিয়াম

17. নিউলেণ্ডছে তেওঁৰ সময়লৈকে জ্ঞাত ৫৬ টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল। তেওঁৰ তালিকাৰ প্ৰথম মৌলটো যদি হাইড্ৰ’জেন আছিল, তেন্তে ৫৬ তম মৌলটো আছিল—
(a) জিৰক নিয়াম।
(b) ছেলেনিয়াম।
(c) থ’ৰিয়াম।
(d) ষ্ট্ৰনছিয়াম।
উত্তৰঃ (c) থ’ৰিয়াম।

18. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা—
(a) ছ’ডিয়াম।
(b) এলুমিনিয়াম।
(c) ক্ল’ৰিণ।
(d) ব’ৰণ।
উত্তৰঃ (d) ব’ৰণ। 

19. আধুনিক পর্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য ?
(a) আধুনিক পর্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণুক্রমাংকৰ অধঃ ক্ৰমত সজ্জিত কৰা হৈছে।
(b) আধুনিক পর্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অধঃক্রমত সজ্জিত কৰা হৈছে
(c) পৰ্য্যাবৃত্ত তালিকাত বাওঁহাতৰ পৰা সোঁহাতলৈ সমস্থানিকবোৰ একেটা পৰ্য্যায়ত স্থান দিয়া হৈছে।
(d) পর্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণু ক্ৰমাংকৰ বৰ্দ্ধিত ক্ৰমত সজ্জিত হৈ আছে।

(i) মাত্র A
(ii) A, B আৰু C
(iii) A, B আৰু
(iv) মাত্র D
উত্তৰঃ (b) আধুনিক পৰ্য্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অধঃক্রমত সজ্জিত কৰা হৈছে।

20. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে—
(a) বাঢ়ে।
(b) কমে।
(c) একেই থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) কমে।

21. মৌল A, B, C, D আৰু E ত থকা ইলেকট্ৰনৰ সংখ্যা ক্রমে 9, 11, 17, 12 আৰু 14। কোনবোৰ মৌল একেটা বৰ্গৰ অন্তৰ্গত ?
(a) A আৰু B
(b) B আৰু D
(c) A আৰু C
(d) D আৰু E
উত্তৰঃ (c) A আৰু C 

22. তলৰ কোনটো এটা ড’বেৰেইনাৰৰ ট্ৰায়াড?
(a) Li, Na, Ca
(b) K, Sr, Ba
(c) Ca, Sr, Be
(d) Cl, Br, I
উত্তৰঃ (d) Cl, Br, I

23. পৰ্য্যায় 3 ত থকা মৌলৰ বাবে তলৰ কোনটো বহিতম কক্ষ?
(a) K খোল
(b) L খোল
(c) M খোল
(d) N খোল
উত্তৰঃ (c) M খোল।

24. মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক— এই কথাষাৰি কোনে আগবঢ়াইছিল?
(a) মেণ্ডেলিভ।
(b) ড’বেৰেইনাৰ।
(c) ব’ৰ।
(d) হেনৰী ম’জলে।
উত্তৰঃ (d)হেনৰী ম’জলে।

25. কোনো এটা মৌলৰ সমস্থানিকৰ বাবে তলৰ কোনটো বৈশিষ্ট্য হ?
(a) মৌলৰ সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰ একে হয়।
(b) মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্রমাংক একে হয়।
(c) মৌলৰ সমস্থানিকবোৰৰ একে ভৌতিক ধর্ম দেখুৱায়।
(d) মৌলৰ সমস্থানিকবোৰৰ একে বাসায়নিক ধর্ম দেখুৱায়।

(a) A, C আৰু D
(b) B, C আৰু D
(c) B আৰু C
(d) B আৰু D
উত্তৰঃ (b) মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্রমাংক একে হয়।

26. দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li, Be B, C, N, O, F আৰু Ne – ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ?
(a) Li
(b) Be
(c) Ne
(d) F
উত্তৰঃ (a) Li

27. তলত দিয়া মৌলসমূহক অধাতবীয় চৰিত্ৰৰ বৰ্দ্ধিত ক্ৰমত সজালে সজ্জাটো হব— Li, O, C, Be আৰু F
(a) O (F ( Be ( C (Li
(b) Li ( Be ( C (O (F
(c) F ( C (O ( Be (Li
(d) F (O ( Be ( C (Li
উত্তৰঃ (b) Li (Be (C (O (F

28. প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্রমে Li, Na, K Rh, Cs, Fr ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ’ল—
(a) Rb
(b) Cs
(c) Li
(d) Fr
উত্তৰঃ (d) Fr

29. তলৰ কোনটো মৌলৰ ন্যূনতম সংখ্যাৰ যোজক ইলেকট্রন থাকিব?
(a) Na
(b) Al
(c) Si
(d) P
উত্তৰঃ (a) Na

Short Questions and Answers 

1. পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ অৱস্থানে কি বুজায় বা কি ধাৰণা দিয়ে ?
উত্তৰঃ পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ অৱস্থানে মৌলটোৰ ৰাসায়নিক সক্ৰিয়তাৰ বিষয়ে আমাক ধাৰণা দিয়ে। মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আৰু বান্ধনিৰ প্ৰকৃতিক যোজক ইলেকট্ৰনে নিৰ্ণয় কৰে।

2. কেইবিধমান ধাতুকল্প বা অৰ্ধ-ধাতুৰ উদাহৰণ দিয়া।
উত্তৰঃ কেইবিধমান ধাতুকল্প বা অৰ্ধ-ধাতু হ’ল- ছিলিকন, আৰ্চেনিক, টেলুৰিয়াম, ব’ৰন, জামেনিয়াম, এন্টিমনি আৰু পল’নিয়াম।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

3. অধাতুবোৰ বিদ্যুৎ ধনাত্মক নে ঋণাত্মক ? ইহঁতে কেনেদৰে বান্ধনি গঠন কৰে?
উত্তৰঃ অধাতুবোৰ বিদ্যুৎ ঋণাত্মক। ইহঁতে সাধাৰণতে ইলেকট্ৰন লাভ কৰি বান্ধনি গঠন কৰে।

4. বান্ধনি গঠন কৰোঁতে ধাতুবোৰে কি হেৰুৱায় ? ইহঁত বিদ্যুৎৰ ধনাত্মক নে ঋণাত্মক ?
উত্তৰঃ বান্ধনি গঠন কৰোঁতে ধাতুবোৰে ইলেকট্ৰন হেৰুৱায় ? ইহঁত বিদ্যুৎৰ ধনাত্মক না ঋণাত্মক।

5. আধুনিক পৰ্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুবোৰ ক’ত থাকে ? উদাহৰণসহ লিখা।
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত ধাতুবোৰ বাওঁফালে আৰু অধাতুবোৰ সোঁফালে থাকে। উদাহৰণস্বৰূপে- ছ’ডিয়াম (Na), মেগনেছিয়াম (Mg) আদি ধাতুবোৰ বাঁওফালে আৰু ছালফাৰ, ক্ল’ৰিন আদি অধাতুবোৰ সোঁফালে থাকে।

6. পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাই কি সূচায় ?
উত্তৰঃ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাই একে বহিৰ্কক্ষীয় ইলেকট্ৰনীয় বিন্যাস একোটাক সূচায়। লগতে, বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে কক্ষবোৰৰ সংখ্যা বাঢ়ি আহে।

7. মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আৰু বান্ধনিৰ প্ৰকৃতিক কোনে নিৰ্ণয় কৰে ?
উত্তৰঃ মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আৰু বান্ধনিৰ প্ৰকৃতিক যোজক ইলেকট্ৰনে নিৰ্ণয় কৰে।”

8. আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ কি সূচায় ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায়।

9. আদিতে মৌলবোৰক কি হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল?
উত্তৰঃ আদিতে মৌলবোৰক ধাতু আৰু অধাতু হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল।

10. আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ কি? হাইড্ৰ’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্দ্ধ কিমান ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ হৈছে এটা বিযুক্ত পৰমাণুৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্ব।

হাইড্ৰ’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm অথবা পিক’মিটাৰ।

11. বৰ্তমানে কিমানবিধ মৌলৰ বিষয়ে জনা গৈছে?
উত্তৰঃ বৰ্তমানে ১১৪ বিধ মৌলৰ বিষয়ে জনা গৈছে।

12. 1 p.m.  অথবা পিক’মিটাৰ = ?
উত্তৰঃ 1 p.m.  অথবা পিক’মিটাৰ = 10-12m

13. আধুনিক পৰ্যাবৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে না বাঢ়ে ?
উত্তৰঃ বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে।

14. ১৮০০ চন মানত কিমান বিধ মৌলৰ বিষয় জনা গৈছিল?
উত্তৰঃ ১৮০০ চন মানত ৩০ বিধ মৌলৰ বিষয় জনা গৈছিল।

15. আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায় বুলিলে কি বুজা?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত 18 টা থিয় স্তম্ভ আছে। এইবোৰক বৰ্গ (Group) বুলি কোৱা হয়। লগতে, আধুনিক পৰ্যাবৃত্ত তালিকাত 7 টা আনুভূমিক শাৰী আছে। এইবোৰক পৰ্যায় (Period) বুলি কোৱা হয় ৷

16. মৌলবোৰত কেই প্ৰকাৰৰ পৰমাণু থাকে?
উত্তৰঃ মৌলবোৰত এক প্ৰকাৰৰ পৰমাণু থাকে।

17. হাইড্ৰ’জনৰ স্থিতিয়ে আধুনিক পৰ্যাবৃত্ত তালিকাত কেনে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰঃ হাইড্ৰ’জনৰ স্থিতিয়ে আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্যাৰ সৃষ্টি কৰে কাৰণ, হাইড্ৰ’জেনক প্ৰথম পৰ্যায়ত বৰ্গ 1 বা বৰ্গ 17 ৰ যিকোনো এটাতে ঠাই প্ৰদান কৰিব পৰা যায়।

18. আধুনিক পৰ্যাবৃত্ত তালিকাত Na, Mg, Al, Si, P, S, Cl, আৰু Ar ক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ কাৰণ কি ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত Na, Mg, Al, Si, P, S, Cl, আৰু Ar ক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ কাৰণ হ’ল- এইকেইটা মৌলৰ পৰমাণুত ইলেকট্ৰনে K, L,  আৰু M শ্বেলত স্থিতি লয়।

19. আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা স্তম্ভ আৰু শাৰী আছে ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত 18 টা থিয় স্তম্ভ আৰু 7 টা আনুভূমিক শাৰী আছে।

20. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মুখ্য সীমাবদ্ধতা কি?
উত্তৰঃ পৰ্যাবৃত্ত তালিকাত হাইড্ৰ’জেনক নিশ্চিতভাৱে কোনো নিৰ্দ্দিষ্ট স্থান দিব পৰা নাযায়। এইটো মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাৰ মূখ্য সীমাবদ্ধতা আছিল। মেণ্ডেলিভে হাইড্ৰ’জেনৰ বাবে তালিকাখনত এক সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।

21. কোনে কিমান চনত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰিছিল আৰু আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছিল?
উত্তৰঃ হেনৰী ম’জলে (Henry Moseley) 1913 চনত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰিছিল আৰু আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছিল।

22. মেণ্ডলিভৰ পৰ্যাবৃত্ত তালিকাখন প্ৰথমে ক’ত আৰু কেতিয়া প্ৰকাশ পাইছিল ?
উত্তৰঃ মেণ্ডলিভৰ পৰ্যাবৃত্ত তালিকাখন প্ৰথমে জাৰ্মানিৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল ৷

23. ক’বাল্ট আৰু নিকেলৰ পাৰমাণৱিক ভৰ কিমান ?
উত্তৰঃ ক’বাল্ট পাৰমাণৱিক ভৰ— 58.9 আৰু নিকেলৰ পাৰমাণৱিক ভৰ— 58.7

24. মেণ্ডলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা।
উত্তৰঃ মেণ্ডলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হ’ল- “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়।””

25. মেণ্ডেলিভে কাম আৰম্ভ কৰোতে কেইবিধ মৌলৰ বিষয়ে জনা গৈছিল ?
উত্তৰঃ মেণ্ডেলিভে কাম আৰম্ভ কৰোতে 63 টা মৌলৰ বিষয়ে জনা গৈছিল।

26. লিথিয়ামৰ পাছৰ অষ্টক মৌলটো  কি?
উত্তৰঃ লিথিয়ামৰ পাছৰ অষ্টক মৌলটো হ’ল ছ’ডিয়াম।

27. কেনেকৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰিছিল ?
উত্তৰঃ  পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰিছিল। তেওঁৰ মতে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ’ল- “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়।”

28. বেৰিলিয়ামৰ ধৰ্ম অষ্টক সূত্ৰৰ মতে কোনটো মৌলৰ লগত একে?
উত্তৰঃ বেৰিলিয়ামৰ ধৰ্ম অষ্টক সূত্ৰৰ মতে মেগনেছিয়াম মৌলৰ লগত একে।

29. আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ কিহৰ ৰূপত থাকে?
উত্তৰঃ আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ মৌল, যৌগ আৰু মিশ্ৰণৰ ৰূপত থাকে।

30. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ 17 ত কোনটা মৌল থাকে ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ 17 ত থকা মৌল দুটা হ’ল- ফ্লুৰিন (F) আৰু ক্ল’ৰিন (Cl)।

31. মেণ্ডেলেভে তেওঁৰ তালিকাত মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ কিহক আধাৰ হিচাপ বাচি লৈছিল ?
উত্তৰঃ মেণ্ডেলেভে তেওঁৰ তালিকাত মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যৌগৰ সংকেতক আধাৰ হিচাপ বাচি লৈছিল।

32. কোনে আৰু কিমান চনত একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল ?
উত্তৰঃ ১৮১৭ চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johnn Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল।

33. আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা কিহে নিৰ্ধাৰণ/নিৰ্ণয় কৰে?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্ৰনে নিৰ্ধাৰণ/নিৰ্ণয় কৰে।

34. আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই কি দেখুৱায় বা সূচায় ?
উত্তৰঃ আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই দেখুৱায় যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে।

35. ধাতুৰ অক্সাইডবোৰ _____ আৰু অধাতুৰ অক্সাইডবোৰ _____।
উত্তৰঃ ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক

36. কিয় ড’বাৰেইনাৰৰ ট্ৰায়াড হিচাপে কৰা শ্ৰেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ?
উত্তৰঃ ড’বাৰেইনাৰৰ সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ পৰা মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল। সেয়েহে, ড’বাৰেইনাৰৰ ট্ৰায়াড হিচাপে কৰা শ্ৰেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল।

37. কোনে প্লেটিনামৰ অনুঘটকীয় ধৰ্মক প্ৰথম বাৰৰ বাবে পোহৰলৈ আনিছিল আৰু মৌলৰ ট্ৰায়াড আৱিষ্কাৰ কৰি পৰ্যাবৃত্ত তালিকাৰ বিকাশৰ পথ মুকলি কৰিছিল ?
উত্তৰঃ ড’বাৰেইনাৰে প্লেটিনামৰ অনুঘটকীয় ধৰ্মক প্ৰথম বাৰৰ বাবে পোহৰলৈ আনিছিল আৰু মৌলৰ ট্ৰায়াড আৱিষ্কাৰ কৰি পৰ্যাবৃত্ত তালিকাৰ বিকাশৰ পথ মুকলি কৰিছিল।

38. কিমান চনত নিউলেণ্ডছৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল? তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ কোনটো মৌলৰ পৰা আৰম্ভ কৰিছিল আৰু কোনটো মৌলত শেষ কৰিছিল ?
উত্তৰঃ 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে (John Newlands) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰ’জেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল।

39. ট্ৰায়াড বা ত্ৰিক কি ?
উত্তৰঃ ১৮১৭ চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johnn Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেখেতে তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইসমূহক তেখেতে ট্ৰায়াড বা ত্ৰিক বুলিছিল।

40. ড’বাৰেইনাৰে মৌলৰ সক্ৰান্তত কৰা প্ৰমানটো উদাহৰণৰ সহায়ত বুজাই লিখা।
উত্তৰঃ ড’বাৰেইনাৰে প্ৰমাণ কৰি দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়।

READ MORE  বংশগতি আৰু ক্ৰমবিকাশ | Chapter 9 | Class 10 General Science - SEBA

উদাহৰণস্বৰূপে- লিথিয়াম (Li), ছ’ডিয়াম (Na) আৰু পটেছিয়ামেৰে (K) গঠিত ট্ৰায়াডটোৰ পাৰমাণৱিক ভৰ ক্ৰমে- ৬.৯, ২৩.০ আৰু ৩৯.০।

41. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গত তললৈ গ’লে পাৰমাণৱিক আকাৰ বাঢ়ে, ইয়াৰ কাৰণ কি?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গত তললৈ গ’লে পাৰমাণৱিক আকাৰ বাঢ়ে, ইয়াৰ কাৰণ হ’ল- বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটাকৈ আৰম্ভ হয়। ইয়ে বহিঃস্থতম ইলেকট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব ক্ৰমান্বয়ে বঢ়ায়। সেয়েহে নিউক্লীয় আধান বৃদ্ধিৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে।

42. মেণ্ডেলেভে কিয় তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল ?
উত্তৰঃ মেণ্ডেলিভে তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল। এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল। পাছত নতুনকৈ আৱিষ্কৃত হোৱা মৌলবোৰ এই ঘৰ সমূহত সংযোজন কৰিবলৈ সুবিধা হৈছিল।

43. আধুনিক পৰ্যাবৃত্ত তালিকাত কিয় বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে ?
উত্তৰঃ নিউক্লীয় আধান বঢ়াৰ বাবে বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে। বৰ্দ্ধিত নিউক্লীয় আধানে ইলেকট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে। সেয়েহে পৰমাণু আকাৰ কমে।

44. আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে কিয় ইলেকট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ইলেকট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে, কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেকট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধান (Effective nuclear charge) ৰ মান বাঢ়ে।

45. মেণ্ডেলিভ কোন দেশৰ বিজ্ঞানী আছিল ? তেওঁ আৱিষ্কাৰ কৰা তালিকাখনৰ নাম কি আছিল? তেওঁৰ তালিকাখন ৰাসায়ন বিজ্ঞানৰ কোনটো নীতিৰ ওপৰত প্ৰতিষ্ঠিত/ৰূপে গৃহীত হৈছিল ?
উত্তৰঃ ডিমিট্ৰি আইভানেভিচ্ মেণ্ডেলিভ (Dmitri Ivanovic Mendeleev) ৰুছ দেশৰ লোক আছিল। তেওঁ আৱিষ্কাৰ কৰা তালিকাখনৰ নাম ‘মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা’  বোলা হয়। তেওঁৰ তালিকাখন ৰাসায়ন বিজ্ঞানৰ এক একত্ৰিকৰণ (Unifying Principle) নীতিৰ ওপৰত প্ৰতিষ্ঠিত/ৰূপে গৃহীত হৈছিল।

46. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেকট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে, ইয়াৰ কাৰণ কি?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেকট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে, ইয়াৰ কাৰণ হ’ল- বহিৰতম ইলেকট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। সেয়েহে, এনে অৱস্থাত এটা মৌলই যোজক ইলেকট্ৰন সহজে হেৰুৱায়। গতিকে, পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে বাঢ়ে।

47. ভাৰতৰ সংগীতৰ স্কেল বা পংক্তিৰ লগত নিউলেণ্ডছৰ অষ্টক সূত্ৰ কি সম্পৰ্ক আছে?
উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰ অনুসৰি প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱাটো লক্ষ্য কৰিছিল। নিউলেণ্ডছে সংগীতৰ অষ্টক (Octaves)ৰ সৈতে (সা, ৰে, গা, মা, পা, ধা, নি, সা) এই ধৰ্মৰ সৈতে তুলনা কৰিছিল। কাৰণ, ভাৰতৰ সংগীতৰ স্বৰবোৰৰ প্ৰায়েই পুনৰাবৃত্তি ঘটে। প্ৰতিটো অষ্টম স্বৰ (সা) প্ৰথমটোৰ সৈতে (সা) একে হয় আৰু ই পাছৰটো স্কেলৰ প্ৰথম স্বৰ (সা) হয়।

48. মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ কোন দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুৰুত্ব দিছিল ? ইয়াৰ কাৰণ কি আছিল ?
অথবাঃ মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত কোন দুটা মৌলক বাছি লৈছিল ? তেওঁ কিয় এইদুটা মৌলকহে বাছনি কৰিছিল ?
উত্তৰঃ মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেন, এই দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুৰুত্ব দিছিল। তেখেতে হাইড্ৰ’জেন আৰু অক্সিজেনক বাচি লোৱাৰ কাৰণ হ’ল ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে।

49. কোনটো ধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্ৰকৃতি পূৰ্বানুমান কৰাটো সম্ভৱ হৈছে ?
অথবাঃ কেনেদৰে মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্ৰকৃতি পূৰ্বানুমান কৰা হয় ?
উত্তৰঃ আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই দেখুৱায় যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে। ধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্ৰকৃতি পূৰ্বানুমান কৰাটো সম্ভৱ হৈছে। কাৰণ, ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক।

50. মেণ্ডেলিভৰ তালিকাখনৰ স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰক কি আখৰে বৰ্গটোত থকা মৌল এটাক সূচাইছে ? উদাহৰণস্বৰূপে বুজাই লিখা ৷
অথবাঃ মেণ্ডেলিভৰ তালিকাখন “R” আখৰৰ তাৎপৰ্য কি? উদাহৰণস্বৰূপে বুজাই লিখা ৷
অথবাঃ মেণ্ডেলিভৰ তালিকাখনত “R” আখৰ কিয় ব্যৱহাৰ কৰিছে বা “R” আখৰে কি সূচাইছে  ? উদাহৰণস্বৰূপে বুজাই লিখা ৷
উত্তৰঃ মেণ্ডেলিভৰ তালিকাখনৰ স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰক “R”  আখৰে বৰ্গটোত থকা মৌল এটাক সূচাইছে ৷ উদাহৰণস্বৰূপে- কাৰ্বনৰ হাইড্ৰাইড CH4  ক RH4 হিচাপে আৰু অক্সাইড CO2  ক RO2 হিচাপে লিখা হৈছে।

Long Questions and Answers

1. আধুনিক পৰ্যাবৃত্ত তালিকাত ছিলিকন ক’ত থাকে ? ইয়াক কি বুলি কোৱা হয় আৰু ইয়াৰ কাৰণ কি?
অথবাঃ অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) কাক বোলে ? উদাহৰসহ বুজাই লিখা।
উত্তৰঃ যি বোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে কিছুমান ধৰ্ম প্ৰদৰ্শন কৰে, সেই মৌলবোৰক অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) বোলে।

উদাহৰণস্বৰূপে— ছিলিকন এবিধ অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) কিয়নো ই ধাতু আৰু অধাতুৰ কিছুমান ধৰ্ম প্ৰতিফলিত কৰে। সেয়েহে, আধুনিক পৰ্যাবৃত্ত তালিকাত ছিলিকন মাজত থাকে।

2. আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা ৰেখাই কি সূচায় ? ইয়াক কি ৰেখা বুলি কোৱা হয় ? এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাৰ গাতে লাগি থকা মৌলকেইটা কি কি? ইহঁতক কি বুলি কোৱা হয় ?
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাডালৰ কাম কি বা কিয় ব্যৱহাৰ কৰা হৈছে ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা ৰেখাই ধাতুবোৰক অধাতুবোৰৰ পৰা পৃথক কৰে বা পৃথক কৰাক সূচায়। ইয়াক জিগ-জাগ অৰ্থাৎ Zig-Zag ৰেখা বুলি কোৱা হয়।

এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাৰ গাতে লাগি থকা মৌলকেইটা হ’ল- ছিলিকন, আৰ্চেনিক, টেলুৰিয়াম, ব’ৰন, জাৰ্মেনিয়াম, এন্টিমনি আৰু পল’নিয়াম। এই মৌলবোৰে ধাতু আৰু অধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে, সেয়েহে এই মৌলবোৰক ধাতুকল্প বা অৰ্ধ-ধাতু বোলে।

3. মেণ্ডেলিভে তালিকাত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক)যোগ বা ব্যৱহাৰ কেনেদৰে কৰিছিল উদাহৰণসহ বুজাই লিখা ?
উত্তৰঃ  মেণ্ডেলিভে একেটা বৰ্গত থকা পূৰ্ববৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক) যোগ কৰি মেণ্ডেলিভে মৌলবোৰৰ নাম দিছিল।

উদাহৰণস্বৰূপে— সেই সময়ত আৱিষ্কৃত নোহোৱা মৌল স্কেনডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামক মেণ্ডেলিভে ক্ৰমে একা-ব’ৰন, একা-এলুমিনিয়াম আৰু একা-ছিলিকন নাম দিছিল। স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামৰ ধৰ্ম ক্ৰমে বৰ’ন এলুমিনিয়াম আৰু ছিলিকনৰ সৈতে একে আছিল।

4. নিউলেণ্ডছৰ অষ্টক সূত্ৰটো উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ  1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে (John Newlands) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰ’জেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেখেতে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱাটো লক্ষ্য কৰিছিল। নিউলেণ্ডছে সংগীতৰ অষ্টক (Octaves)ৰ সৈতে (সা, ৰে, গা, মা, পা, ধা, নি, সা) এই ধৰ্মৰ সৈতে তুলনা কৰিছিল। ইয়াক ‘নিউলেণ্ডছৰ অষ্টক সূত্ৰ’ নামেৰে (Newland’s Law of Octaves) জনা গৈছিল।

উদাহৰণঃ  নিউলেণ্ডছৰ অষ্টকত লিথিয়াম আৰু ছ’ডিয়ামৰ ধৰ্মসমূহ একে হোৱা পৰিলক্ষিত/দেখা হৈছিল। লিথিয়ামৰ পাছৰ অষ্টক মৌলটো হ’ল ছ’ডিয়াম। আন এক উদাহৰণ হ’ল- বেৰিলিয়াম আৰু মেগনেছিয়ামৰ, যাৰ ধৰ্ম এই অষ্টক সূত্ৰত পৰস্পৰ মিলে।

5. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ লিখা।
উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ হ’ল—

(ক)নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল। কাৰণ, কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল।

(খ) নিউলেণ্ডছে প্ৰকৃতিত কেৱল মাত্ৰ 56 টা মৌল থকা বুলিহে জানিছিল। লগতে, ভৱিষ্যতে আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলি ধৰি লৈছিল। কিন্তু পৰৱৰ্তী সময়ত, অনেক নতুন মৌলৰ আৱিষ্কাৰ হৈছিল যিবোৰ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল।

READ MORE  ধাতু আৰু অধাতু | Chapter 3 | Class 10 General Science - SEBA

(গ) নিউলেণ্ডছে তেখেতৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভূক্তও কৰিছে।

উদাহৰণস্বৰূপে— নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ তালিকাত ক’বাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফ্লু’ৰিন, ক্ল’ৰিন আৰু ব্ৰ’মিনৰ সৈতে একোটা স্তম্ভতে ৰখা হৈছে কিন্তু ইহঁতৰ ধৰ্ম এই কেইটা মৌলৰ পৰা যথেষ্ট পৃথক। লগতে, আইৰণৰ ধৰ্ম ক’বাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌল কেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে।

6. মেণ্ডেলিভে কেনেদৰে পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰিছিল ?
অথবাঃ মেণ্ডেলিভে কেনেদৰে মৌলবোৰক শ্ৰেণীভুক্ত কৰিছিল ?
অথবাঃ মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাখন চমুকৈ বৰ্ণনা।
উত্তৰঃ  মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকা প্ৰস্তুত কৰা পৰ্যায়সমূহ আছিল—

(ক) মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেন, এই দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুৰুত্ব দিছিল।

(খ) তেওঁ মৌল এটাক শ্ৰেণীভুক্ত কৰিবৰ বাবে মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। (

(গ) ইয়াৰ পাছত, তেওঁ 63 খন কাৰ্ড লৈ মৌল একোটাৰ ধৰ্মবোৰ একোখন কাৰ্ডত লিখি গৈছিল।

(ঘ) অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাচি সেইঅনুসৰি কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল।

(ঙ) এনে কৰাত তেওঁ লক্ষ্য কৰিছিল যে- মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকা এখনত ঠাই পাইছিল। লগতে, সিহঁত পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজ্জিত হৈছিল।

(চ) আন এক বিষয় তেওঁ লক্ষ্য কৰিছিল যে এটা/এক নিৰ্দ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে।

(ছ) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ(Group) আৰু পথালি শাৰীবোৰক পৰ্যায় (Period) বোলা হয়।

এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ পৰ্যাবৃত্ত সূত্ৰটি আৱিষ্কাৰ কৰিছিল এনেদৰে— “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়।”

7. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা।
উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ হ’ল—

(ক)মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত ঠাইবিশেষে অধিক/বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত স্থান দিছিল। যাৰ বাবে, একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈ সুবিধা হৈছিল। উদাহৰণস্বৰূপে- ক’বাল্ট যাৰ পাৰমাণৱিক ভৰ 58.9, এই মৌলটোক নিকেলৰ আগত স্থান দিয়া হৈছিল যাৰ পাৰমাণৱিক ভৰ আছিল- 58.7 

(খ) মেণ্ডেলিভে তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল। এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল। পাছত নতুনকৈ আৱিষ্কৃত হোৱা মৌলবোৰ এই ঘৰ সমূহত সংযোজন কৰিবলৈ সুবিধা হৈছিল।

(গ) মেণ্ডেলিভে একেটা বৰ্গত থকা পূৰ্ববৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক) যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নাম দিছিল। উদাহৰণস্বৰূপে- সেই সময়ত আৱিষ্কৃত নোহোৱা মৌল স্কেনডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামক মেণ্ডেলিভে ক্ৰমে একা- ব’ৰন, একা-এলুমিনিয়াম আৰু একা-ছিলিকন নাম দিছিল। স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামৰ ধৰ্ম ক্ৰমে বৰ’ন এলুমিনিয়াম আৰু ছিলিকনৰ সৈতে একে আছিল।

(ঘ)মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন শুদ্ধ আৰু ব্যৱহাৰোপযোগী আছিল।

(ঙ) মেণ্ডেলিভৰ ভৱিষ্যতবাণীৰ অসাধাৰণ সাফল্যই তেখেতৰ তালিকাখন ৰসায়নবিদসকলৰ বাবে গ্ৰহণযোগ্য কৰাইছিল। লগতে, এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

(চ) হিলিয়াম (He), নিয়ন (Ne) আৰু আৰ্গন (Ar) ৰ দৰে সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰীয় আৰু আমাৰ বায়ুমণ্ডলৰ এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হঁওতে বহু পলম হৈছিল। যেতিয়া এইবোৰ আৱিষ্কৃত হৈছিল তেতিয়া তালিকাখনত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো সাল-সলনি নকৰাকৈ এক নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল যিয়ে তালিকাখনৰ অন্যতম সাফল্যমণ্ডিত কৰিছিল।

8. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ অসফলতাসমূহ বা সীমাবদ্ধতাসমূহ লিখা।
অথবাঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ তিনিটা সীমাবদ্ধতা লিখা।
উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ অসফলতাসমূহ বা সীমাবদ্ধতাসমূহ হ’ল—

(ক) পৰ্যাবৃত্ত তালিকাত হাইড্ৰ’জেনক নিশ্চিতভাৱে কোনো নিৰ্দ্দিষ্ট স্থান দিব পৰা নাযায়। এইটো মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাৰ মূখ্য সীমাবদ্ধতা আছিল। মেণ্ডেলিভে হাইড্ৰ’জেনৰ বাবে তালিকাখনত এক সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।

(খ) মেণ্ডেলিভে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিক (Isotopes) সমূহ আৱিষ্কাৰ কৰা হৈছিল। মৌল এটাৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়, কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ আছিল।

(গ) মেণ্ডেলিভ মৌলৰ পৰ্যাবৃত্ত তালিকাৰ এন এক সমস্যা আছিল- এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাবে নঘটে। সেয়েহে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ’ব পাৰে তাক পূৰ্বানুমান কৰাটো সম্ভৱ নাছিল বিশেষকৈ গধূৰ মৌলবোৰৰ ক্ষেত্ৰত।

9. একা-এলুমিনিয়াম আৰু গেলিয়ামৰ ধৰ্মসমূহ লিখা।
উত্তৰঃ

ধর্মএকা এলুমিনিয়ামগেলিয়াম
পাৰমাণবিক ভৰ6869.7
অক্সাইডৰ সংকেতE2O3Ga2O3
ক্লোৰাইডৰ সংকেতECI3GaCI3

10. ম’জলেৰ আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা।
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকা ব্যাখ্যা কৰা।
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকা বোলিলে কি বুজা ?
উত্তৰঃ পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটোক সংশোধন কৰিছিল। তেওঁৰ মতে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ’ল— “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়।”

পাৰমাণৱিক সংখ্যাই এটা পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ সংখ্যাক বুজায় আৰু এই সংখ্যাটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে এককৈ বাঢ়ে। মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্যা (Z) ৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰৰ শ্ৰেণীবিভাজনৰ এক তালিকা পোৱা যাব, ইয়াকে আধুনিক পৰ্যাবৃত্ত তালিকা বোলা হয়। মৌলবোৰক বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজাই সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল।’

11. কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যা কি সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ?
অথবাঃ কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যা 2n2 সূত্ৰটো উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ  কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যা 2n2 সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত n হ’ল- নিউক্লিয়াছৰ পৰা প্ৰদত্ত কক্ষটোৰ ক্ৰমিক সংখ্যা।

উদাহৰণ—
K- শ্বেল- 2 x (1)2 =2, গতিকে প্ৰথম পৰ্যায়ত 2 টা মৌল থাকে।

L- শ্বেল- 2 x (2)2 =8, গতিকে দ্বিতীয় পৰ্যায়ত 8 টা মৌল থাকে।

M- শ্বেল- 2 x (3)2 =18,  কিন্তু বহিঃৰতম কক্ষত কেৱল 8 টা ইলেকট্ৰনহে থাকিব পাৰে, সেয়েহে তৃতীয় পৰ্যায়তো 8 টা মৌলহে থাকিব।

12. আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মৰ প্ৰৱণতা সমূহ ব্যাখা কৰা ৷
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ যোজ্যতা সম্পৰ্কে লিখা।
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ পাৰমাণৱিক আকাৰ (Atomic Size) সম্পৰ্কে লিখা।
অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ ধাতৱ আৰু অধাতৱৰ ধৰ্মৰ সম্পৰ্কে লিখা।
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মৰ প্ৰৱণতা সমূহ এনেধৰণৰ—

(ক) যোজ্যতাঃ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্ৰনে নিৰ্ধাৰণ/নিৰ্ণয় কৰে।

(খ) পাৰমাণৱিক আকাৰঃ  (i) এটা বিযুক্ত পৰমাণুৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্বক আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে— হাইড্ৰ’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm অথবা পিক’মিটাৰ। 

(ii) নিউক্লীয় আধান বঢ়াৰ বাবে বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে আৰু বৰ্দ্ধিত নিউক্লীয় আধানে ইলেকট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থকাৰ বাবে পৰমাণুৰ আকাৰ কমে।

(iii)বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয় সেয়েহে বৰ্গবোৰত তললৈ গ’লে ক্ৰমান্বয়ে পাৰমাণৱিক আকাৰ বাঢ়ে আৰু নিউক্লীয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে।

(গ) ধাতৱ আৰু অধাতুৰ ধৰ্মঃ (i) আধুনিক পৰ্যাবৃত্ত তালিকাত বাওঁফালে ধাতুবোৰ আৰু সোঁফালে অধাতুবোৰ থাকে। এঁকা-বেঁকা বা জিগ-জাগ ৰেখাই ধাতুক অধাতুৰ পৰা পৃঠক কৰিছে। ধাতু আৰু অধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰা ধাতুকল্পবোৰ বা অৰ্ধ-ধাতুবোৰ এঁকা-বেঁকা বা জিগ-জাগ ৰেখাৰ গাতে লাগি থাকে।

(ii) ধাতুবোৰ বিদ্যুৎ ধনাত্মক। ইহঁতে বান্ধনি গঠন কৰোঁতে ধাতুবোৰে ইলেকট্ৰন হেৰুৱায়।

(iii) অধাতুবোৰ বিদ্যুৎ ঋণাত্মক। ইহঁতে সাধাৰণতে ইলেক্ট্ৰন লাভ কৰি বান্ধনি গঠন কৰে।

(iv) আধুনিক পৰ্যাবৃত্ত তালিকাত ঋণাত্মক ধাৰণাই দেখুৱাই যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে। এইধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্ৰকৃতিৰ পূৰ্বানুমান কৰা হৈছে।

(v) আধুনিক পৰ্যাবৃত্ত তালিকাত থকা ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক।

Leave a Comment

error: Content is protected !!
Scroll to Top