প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | Chapter 16 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Multiple Choice Questions and Answers

1. তলৰ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয় ?
(a) তাপীয় পকল্প
(b) প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ
(c) পুনৰ বনানিকৰণ
(d) বনাঞ্চল ধ্বংসকৰণ আৰু বৰষুণৰ পৰিমান
উত্তৰঃ (c) পুনৰ বনানিকৰণ

2. তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি ?
(a) উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীৰ সুৰক্ষা প্ৰদান কৰি।
(b) মাত্র তৃণভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি।
(c) মাত্র মাংসভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি।
(d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি।
উত্তৰঃ (d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি।

3. বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ হ’ল—
(a) পৰিস্থিতিক
(b) সামাজিক
(c) অৰ্থনৈতিক
(d) ওপৰৰ গোটেই কেইটা
উত্তৰঃ (d) ওপৰৰ গোটেই কেইটা

4. তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়—
(a) আম গছ
(b) সাপ
(c) বতাহ
(d) কাঠৰ ঘৰ
উত্তৰঃ (d) কাঠৰ ঘৰ

5. চিপক’ আন্দোলনৰ প্ৰধান বাৰ্তাটো হ’ল—
(a) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক গুৰুত্ব দিব নালাগে।
(b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি ল’ব লাগে।
(c) উন্নয়নমূলক কাম-কাজৰ বাবে গছ-গছনি কাটিব লাগে।
(d) চৰকাৰী সংস্থাই কোনো প্রশ্ন নোহোৱাকৈ গছ-গছনি ধ্বংস কৰিব পাৰিব।
উত্তৰঃ (b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি লব লাগে।

6. পশ্চিম বংগৰ আৰাবাৰি বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায় ?
(a) সোণাক
(b) শাল
(c) বাঁহ
(d) মেংগ্র’ভ
উত্তৰঃ (b) শাল

7. তিনিটা ‘R’ এ প্রাকৃতিক সম্পদ সংৰক্ষণত দীর্ঘম্যাদী হিচাপে কাৰ্য কৰে, সেই তিনিটা ক্রমে—
(a) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃবিতৰণ (redistribution)
(b) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃ উৎপাদন (regeneration)
(c) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ (recycle), পুনঃ উৎপাদন (regeneration) (recycle), হ্রাসকৰণ (reduce )
(d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ
উত্তৰঃ (d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্রীয়কৰণ (recycle), হ্ৰাসকৰণ (reduce)।

8. তলৰ কোনটা প্ৰাকৃতিক সম্পদ দ্রুতগতিত হ্রাস পাই আছে—
(a) বনাঞ্চল
(b) পানী
(c) বতাহ
(d) সৌৰ শক্তি
উত্তৰঃ (a) বনাঞ্চল

Short Questions and Answers

1. সৌৰশক্তি কেনেদৰে ব্যৱহাৰ উপযোগী হয় ?
উত্তৰঃ সৌৰশক্তি আমি ব্যৱহাৰ কৰাৰ আগতেই কিছুমান জীৱ আৰু পৃথিৱীত সংঘটিত ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰ উপযোগী হয়।

2. জৈৱ বৈচিত্ৰ্যসমূহ বিনাশৰ ফলত বিশেষকৈ কি বিনষ্ট হয়?
উত্তৰঃ জৈৱ বৈচিত্ৰ্যসমূহ বিনাশৰ ফলত বিশেষকৈ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয়।

3. ভাৰতবৰ্ষত কোন জলবায়ুৰ প্ৰভাৱত বাৰিষা বৰষুণ হয় ?
উত্তৰঃ ভাৰতবৰ্ষত মৌছুমী জলবায়ুৰ প্ৰভাৱত বাৰিষা বৰষুণ হয়।

4. প্ৰদূষণৰ মাত্ৰা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম লিখা।
উত্তৰঃ প্ৰদূষণৰ মাত্ৰা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম হ’ল— pH

5. জৈৱ বৈচিত্ৰৰ প্ৰধান আশ্ৰয়স্থল কি?
উত্তৰঃ জৈৱ বৈচিত্ৰৰ প্ৰধান আশ্ৰয়স্থল হ’ল— বনাঞ্চলসমূহ।

6. একমাত্ৰ আমি বাহিৰৰ পৰা পোৱা বস্তুটো কি?
উত্তৰঃ একমাত্ৰ আমি বাহিৰৰ পৰা পোৱা বস্তুটো হ’ল— সৌৰশক্তি।

READ MORE  মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | Chapter 11 | Class 10 General Science - SEBA

7. পুৰণি কালত জলসিঞ্চনৰ ব্যৱস্থা কেনেদৰে গ্ৰহণ কৰিছিল ?
উত্তৰঃ পুৰণি কালত ভাৰতৰ কৃষক সকলে জলসিঞ্চনৰ বাবে খাল, নলা, পুখুৰী, আদি খান্দি পানীৰ ব্যৱস্থা কৰিছিল। বৰষুণৰ পানী গাত খান্দি সংৰক্ষণ কৰি সেইবোৰ নলাৰে বোৱাই নি খেতি পথাৰত প্ৰয়োগ কৰিছিল।

8. জৈৱ বৈচিত্ৰ্য কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ কোনো এক ঠাইত বসবাস কৰা আৰু বৰ্তি থকা বিভিন্ন প্ৰজাতিৰ জীৱসমষ্টিক জৈৱ বৈচিত্ৰ্য বোলে। উদাহৰণস্বৰূপে— কোনো এক ঠাইৰ গছ-গছনি, চৰাই-চিৰিকটি, ভেকুঁৰ, বেক্টেৰীয়া, পশু-পক্ষী আদি সকলোবোৰক সামৰি এক জৈৱ বৈচিত্ৰ্য।

9. জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য কি?
উত্তৰঃ জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হ’ল— বিলুপ্ত আৰু বিনাশ নোহোৱাকৈ সকলো প্ৰজাতিক ৰক্ষা কৰি থকা আৰু বৰ্তাই ৰখা।

10. বনাঞ্চল ধ্বংসৰ বাবে কোন দায়ী ?
উত্তৰঃ বনাঞ্চল ধ্বংসৰ বাবে চৰকাৰ, বনবিভাগ, চোৰাংচোৰা, স্থানীয় বাসিন্দা, উদ্যোগপতিসকল, ঠিকাদাৰসকল আদি সকলো দায়ী।

11. সম্পদৰ অপচয় বুলিলে কি বুজা?
উত্তৰঃ আমি সম্পদসমূহ আহৰণ কৰোতে আৰু ব্যৱহাৰ কৰাৰ সময়ত যথেষ্ট পৰিমাণে নষ্ট হয়। তাক সম্পদৰ অপচয় বুলি কোৱা হয়। উদাহৰণস্বৰূপে— অলাগতিয়াল ফেন চলোৱা, লাইট জ্বলোৱা আদি।

12. কিমান চনত কিয় গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল ?
উত্তৰঃ গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ বাবে ১৯৮৫ চনত গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল।

13. Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণ আৰু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত কোনটো প্ৰক্ৰিয়া উত্তম ? আৰু কিয়?
উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণ আৰু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত Reuse অৰ্থাৎ পুণঃব্যৱহাৰ প্ৰক্ৰিয়াটো অতি উত্তম। কাৰণ, পুণঃচক্ৰীয়াকৰণত ব্যৱহাৰ হোৱা শক্তিৰ অপচয় এই প্ৰক্ৰিয়াত নহয়।

Long Questions and Answers

1. অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এক উদাহৰণ দিয়া।
উত্তৰঃ ১৯৭২ চনত পশ্চিমবংগৰ বনবিভাগে দক্ষিণ পশ্চিম জিলাবোৰৰ শাল গছৰ বনাঞ্চলৰ দায়িত্ব গ্ৰহণ কৰিছিল। বনবিভাগে, প্ৰশাসনৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক  বনাঞ্চলৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰিছিল। সেয়েহে, বন বিভাগ আৰু গাওঁবাসীৰ মাজত সংঘৰ্ষৰ উদ্ভৱ হৈছিল। পাছলৈ, এই সূত্ৰ পাতৰ পৰা অৰণ্য আৰু মাটি-বাৰীক কেন্দ্ৰ কৰি নক্সালপন্থীৰ কৃষক আন্দোলন গঢ়ি তুলিছিল।

2. গংগা নদীৰ প্ৰদূষণৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ বিহাৰ, উত্তৰপ্ৰদেশ, পশ্চিম বংগ আদি সামৰি এশতকৈ অধিক নগৰ আৰু মগানগৰৰ আৱৰ্জনা গংগা নদীতে পেলাই। লগতে, কল-কাৰাখানা আৰু আন আন উদ্যোগৰ বৰ্জিত দূষিত পদাৰ্থ বৃহৎ হাৰত গংগা নদীৰ সস্পৰ্শলৈ আহে। লগতে, মানুহৰ দৈনন্দিত কাৰ্য্যকলাপ বিশেষকৈ মৃত দেহ দাহ কৰা ভস্ম প্ৰক্ষেপ, কাপোৰ ধুা, গা-ধোৱা, আদিয়েও কিছু পৰিমাণে গংগা নদীক দূষিত কৰি আহিছে। লগতে, গংগা নদীৰ গাতে লাগি থকা উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা কীটনাশক ৰাসায়নিক দ্ৰব্যবোৰে গংগা নদীৰ পানী প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি কৰিছে। ইয়াৰ ফলত, গংগা নদীৰ পানী ব্যৱহাৰ অযোগ্য হৈ পৰিছে।

3. বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাটো লিখা।
উত্তৰঃ বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাই ইয়াকে সূচায় যে সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দুটা দিশ লক্ষ্য কৰিব লাগে। প্ৰথমটো হ’ল— বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰা আৰু বৰ্তমান বিকাশ আৰু উন্নয়ণত সম্পদক ব্যৱহাৰ কৰা। দ্বিতীয়টো হ’ল—সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ইয়াৰ সংৰক্ষণ কৰা।

উদাহৰণস্বৰূপে— কয়লা, খাৰুৱাতেল আদি ব্যৱহাৰ ক্ষেত্ৰত লক্ষ্য কৰিব লাগে যাতে এই অনৱীকৰণ সামগ্ৰীসমূহে বৰ্তমান প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও ইয়াৰ ভাণ্ডাৰ বোৰ সংৰক্ষিত হয়।

4. স্থানীয় মানুহবোৰ কেনেদৰে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল ?
উত্তৰঃ বনাঞ্চলৰ কাষৰ স্থানীয় লোকসকলে তেওঁলোকৰ প্ৰয়োজনীয় খৰি, কাঠ, আদি বনাঞ্চলসমূহৰ পৰাই সংগ্ৰহ কৰে। ঘৰ-দোৱাৰ বনাবৰ বাবে বাঁহ, খোৱাৰ বাবে কিছুমান খাদ্য বিশেষকৈ ফল-মূল, শাক-পাঁচলী আদি বনাঞ্চলৰ পৰাই আহৰণ কৰে। লগতে, মাছ ধৰা, চিকাৰ কৰা, বনাঞ্চলৰ কিছুমান উদ্ভিদৰ পৰা ঐষধ তৈয়াৰ কৰা আদিৰে বাৰুকৈয়ে বনাঞ্চলসমূহৰ ওপৰত নিৰ্ভৰ কৰে। লগতে, পুহনীয়া জন্তুবোৰৰ চৰণীয়া ঠাই হিচাপে বনাঞ্চলে স্থানীয় বাসিন্দাসকলক সহায় কৰে। এনেদৰে, স্থানীয় বাসিন্দাসকলে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল

READ MORE  মৌলৰ পৰ্যাবৃত্ত শ্ৰেনীবিভাজন | Chapter 5 | Class 10 General Science - SEBA

5. বনাঞ্চল নিয়ন্ত্ৰণ আৰু ধ্বংসৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ প্ৰথমে, বৃটিছসকলে বনাঞ্চল নিয়ন্ত্ৰণ কৰিছিল যদিও, এফালে নিয়ন্ত্ৰণ কৰি আনফালে নিজৰ স্বাৰ্থত আৰু ব্যৱহাৰৰ বাবে বনাঞ্চল ধ্বংস কৰিছিল। দেশে স্বাধীনতা পোৱাৰ পিছৰ পৰাই বন বিভাগে বনাঞ্চল সুৰক্ষাৰ দায়িত্ব লৈছিল। কিন্তু কিছুমান স্বাৰ্থপৰ বনবিভাগৰ কৰ্মীয়ে স্থানীয় বাসিন্দাক সুবিধাৰ পৰা বঞ্চিত কৰি কিছুমান ঠিকাদাৰক বনাঞ্চলৰ গছবোৰ বিক্ৰী কৰি আহিছে। চোৰাং-চোৰা, গোণ্ডাবাহিনী আদি লোকসকলেও চোৰাং হিচাপে কাঠ বিক্ৰী, হাঁতীৰ দাঁত বিক্ৰী আদি কামবোৰ কৰি আহিছে। লগতে, ডাঙৰ উদ্যোগসমূহ স্থাপনৰ বেলিকা বহুতো অৰণ্য আৰু বনাঞ্চলৰ ধ্বংস কৰি আহিছে। সেয়েহে, এফালে বনবিভাগে বনাঞ্চল ৰক্ষা কৰি আহিছে যদিও আনফালে বনাঞ্চল ধ্বংস অব্যাহত আছে।

6. আমি আমাৰ সম্পদৰাজিৰ কিয় পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে? কাৰণ দৰ্শোৱা।
অথবাঃ আমি আমাৰ সম্পদৰাজিৰ কিয় সযতনে ব্যৱহাৰ কৰিব লাগে ? যুক্তি দিয়া।
উত্তৰঃ আমি আমাৰ সম্পদৰাজিৰ পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে/সযতনে ব্যৱহাৰ কৰিব লাগে, কাৰণ—

(ক) আমাৰ পৰিৱেশত থকা অনৱীকৰণযোগ্য সম্পদবোৰ সীমিত ভাণ্ডাৰ আছে।
(খ) সম্পদসমূহ ব্যৱহাৰৰ সময়ত ভৱিষ্যত প্ৰজন্মৰ বাবেও সংৰক্ষণ কৰিব লাগে।
(গ) ক্ৰমান্বয়ে বৃদ্ধি হৈ থকা জনসংখ্যাৰ পৰিমাণৰ খাতিৰত সম্পদৰ চাহিদা ক্ৰমান্বয়ে দ্ৰুত হাৰত বৃদ্ধি পাইছে। সেয়েহে ব্যৱহাৰ কৰাৰ সময়ত সকলোৱে লক্ষ্য ৰাখিব লাগে যাতে সম্পদসমূহ অযথা অপচয় নহয় আৰু সকলোৱে ব্যৱহাৰৰ সুযোগ পায়।

7. Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণ আৰু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণ আৰু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য হ’ল—

(ক)Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্ৰীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্ৰী প্ৰস্তুত কৰা। আনহাতে, Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে— ব্যৱহৃত সামগ্ৰী বা পেলনীয়া বা বৰ্জিত সামগ্ৰীসমূহ প্ৰত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা।

(খ)Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণত পেলনীয়া সামগ্ৰী আন বেলেগ সামগ্ৰী প্ৰস্তুত কৰাত পৰোক্ষভাৱে ব্যৱহাৰ কৰা হয়। আনহাতে, Reuse অৰ্থাৎ পুণঃব্যৱহাৰত পেলনীয়া সামগ্ৰী প্ৰত্যক্ষভাৱে সেই সামগ্ৰীবিধকে কোনো সাল-সলনি নঘটোৱাকৈ ব্যৱহাৰ কৰা হয়।

8. বনাঞ্চল সুৰক্ষাৰ বাবে আমি কেনে ধৰণৰ ব্যৱস্থাপনা ল’ব লাগিব ?
উত্তৰঃ বনাঞ্চল সুৰক্ষাৰ বাবে আমি ল’ব লগা ব্যৱস্থাপনাসমূহ হ’ল—
(ক) পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ আমি বনাঞ্চলসমূহ ব্যৱহাৰ কৰিব লাগে।
(খ) প্ৰাকৃতিক সম্পদসমূহ পৰিকল্পিতভাৱে ব্যৱস্থাপনা আৰু সুৰক্ষা দিব লাগে।
(গ) অৰ্থনৈতিক বিকেন্দ্ৰীকৰণৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক লাভান্বিত হব পৰাকৈ বনাঞ্চল আৰু পৰিৱেশ সংৰক্ষণ কৰিব লাগে।
(ঘ) আমি সকলোৱে মিলি বনাঞ্চল আৰু পৰিৱেশ সুৰক্ষা কৰিব লাগে।
(ঙ) চৰকাৰ আৰু বন বিভাগে উচিত আইনৰ ব্যৱস্থা কৰি বনাঞ্চল আৰু পৰিৱেশ সুৰক্ষাৰ দিশত আৰু কট-কটীয়া কৰি তুলিব লাগে।

9. বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ লিখা।
উত্তৰঃ বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ/সংৰক্ষকসমূহ হ’ল—
(ক) বনাঞ্চলত বা বনাঞ্চলৰ আশে পাশে থকা আৰু বাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে, সেয়ে এইলোকসকল বনজ সম্পদৰ প্ৰাথমিক অংশীদাৰ আৰু সংৰক্ষক।
(খ) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগে বনজ সম্পদৰ নিয়ন্ত্ৰণ কৰে, এওঁলোক দ্বিতীয়তে বনজ সম্পদৰ অংশীদাৰ আৰু সংৰক্ষক ।
(গ) বিভিন্ন উদ্যোগপতিসকল যিসকলে বনাঞ্চলবোৰৰ ওপৰত পৰোক্ষভাৱে নিৰ্ভৰ কৰে আৰু বনজ সম্পদৰ পৰা কাগজ প্ৰস্তুত, টেণ্ডু পাতৰ পৰা বিড়ি আদি তৈয়াৰৰ মাধ্যমেৰে বনাঞ্চলবোৰৰ অংশীদাৰ আৰু সংৰক্ষণৰ পৰিপেক্ষিতত এওঁলোকৰো দায়িত্ব আছে।
(ঘ) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমীসকল যিলোকসকলে প্ৰাকৃতিক সুন্দৰতা আৰু ভাৰসাম্যতা ৰক্ষা কৰি আহিছে তেওঁলোকেও বনাঞ্চলসমূহৰ অংশীদাৰ আৰু সংৰক্ষক।

READ MORE  পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Class 10 General Science - SEBA

10. চিপকো আন্দোলনৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ১৯৭০ চনত গাৰোৱাল পাহাৰৰ এক উচ্চ অঞ্চলৰ ‘ৰেনি’ (Reni) নামৰ গাওঁএখনত প্ৰথমে চিপকো আন্দোলনৰ সূত্ৰপাত ঘটিছিল। কৃষি সামগ্ৰীৰ আহিলা প্ৰস্তুত কৰিবৰ বাবে স্থানীয় বাসিন্দাসকলক গছ কটাৰ অনুমতি প্ৰদান নকৰি ক্ৰীড়া সামগ্ৰী প্ৰস্তত কৰাৰ বাবে বনবিভাগে প্ৰস্তুতকৰ্তা/ঠিকাদাৰ এজনক আবণ্টন দিছিল। এই বিষয়ক লৈ স্থানীয় বাসিন্দা অসন্তুষ্টি প্ৰকাশ কৰিছিল। এদিন, পুৰুষসকল গাঁৱত নথকাৰ সুযোগ লৈ ঠিকাদাৰৰ বনুৱাসকলে গছ কাটিবলৈ আহিছিল। সেয়েহে, মহিলাবোৰে গছবোৰ কাটিব নোৱাৰাকৈ আঁকোৱালি ধৰি ইয়াৰ প্ৰতিবাদ জনাইছিল। সেয়ে ইয়াক চিপকো আন্দোলন বুলি কোৱা হৈছিল। কাৰণ, ‘চিপকো’ শব্দৰ অৰ্থ হ’ল লাগি ধৰা অৰ্থাৎ সাবটি ধৰাক বুজায়। শেষত, ঠিকাদাৰ আৰু বনুৱাসকল উভতি যাবলৈ বাধ্য হৈছিল।

স্থানীয় বাসিন্দাসকলৰ অৰ্থাৎ চিপকো আন্দোলনৰ মূল দাবী সমূহ আছিল—
(ক) বাণিজ্যিক কাৰ্যৰ বাবে গছ কটা বন্ধ কৰা।
(খ) অঞ্চলৰ পাৰিপাৰ্শ্বিকতা আৰু অৰ্থনৈতিক শোষণ ৰোধ কৰা।
(গ) বনজ সম্পদ আহৰণ কৰাৰ ঠিকা বাহিৰৰ মানুহকদিয়া বন্ধ কৰা।
(ঘ) ভূমি, জল, অৰণ্য আদি প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত স্থানীয় সম্প্ৰদায়সমূহৰ ফলপ্ৰসূ নিয়ন্ত্ৰণ প্ৰদান কৰা।
(ঙ) অঞ্চলৰ ক্ষুদ্ৰ উদ্যোগসমূহলৈ কম খৰচত সামগ্ৰীৰ যোগান ধৰি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট নকৰাকৈ অঞ্চলটোৰ উন্নয়ণ নিশ্চিত কৰা।
(চ) ভূমিহীন বনকৰ্মীসকলক অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিসাধন কৰা আৰু ন্যূনতম মজুৰি নিশ্চিত কৰা।

এইদৰে সেই অঞ্চলৰ সাধাৰণ জনসাধাৰণৰ কাৰণে বন বিভাগে যাতে প্ৰাকৃতিক সম্পদসমূহৰ উপভোগৰ সুবিধা কৰি দিয়ে তাৰ বাবে চিপকো আন্দোলন গঢ়ি তুলিছিল।

11. ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা/কেইটামান কাৰণ লিখা।
উত্তৰঃ  ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা কাৰণ হ’ল—
(ক) মাটিৰ উপৰিভাগত গছ-গছনিৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।
(খ) মানুহে বিজ্ঞান-প্ৰযুক্তিৰ মাধ্যমেৰে অধিক পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি কৰিবলৈ লৈছে।
(গ) নগৰ, উদ্যোগ-প্ৰতিষ্ঠান আদিৰ আৱৰ্জনাই মাটি আৰু পানী প্ৰদূষণ কৰিছে।
(ঘ) জলসিঞ্চনৰ মাধেমেৰে পথাৰতে চেলু-ফিল্টাৰ বহুৱাই অত্যাধিক পানীৰ ব্যৱহাৰ কৰিছে।
(ঙ) গছ-গছনি কমি গৈছে আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে আৰু সেয়েহে বৰষুণৰ পৰিমাণ বহু পৰিমাণে আগতকৈ হ্ৰাস পাইছে।
(চ) উদ্যোগ-প্ৰতিষ্ঠানৰ বাবে পানী জমা হোৱা খাল-পুখুৰী আদিবোৰ পুতি পেলাইছে।

12. পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ কি কি? বুজাই লিখা।
উত্তৰঃ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ হ’ল এনেধৰণৰ—

(ক) Reduce অৰ্থাৎ হ্ৰাসকৰণঃ Reduce অৰ্থাৎ হ্ৰাসকৰণ অৰ্থ হৈছে- আমি নুন্যতম পৰিমাণৰ ব্যৱহাৰ কৰা। যিপৰিমাণৰ আমাক অতিকৈ লাগতিয়াল তাক ব্যৱহাৰ কৰা আৰু অযথা প্ৰয়োগ হ্ৰাস কৰা। উদাহৰণস্বৰূপে— ব্যৱহাৰ নোহোৱা সময়ত বৈদ্যুতিক চুইটচ্ বন্ধ কৰি ৰখা, ব্যৱহাৰ নোহোৱা পানীৰ টেপ বন্ধ কৰি পানীৰ অপচয় ৰোধ কৰা আদি।

(খ) Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণঃ Recycle অৰ্থাৎ পুনঃচক্ৰীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্ৰীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্ৰী প্ৰস্তুত কৰা। উদাহৰণস্বৰূপে— পেলনীয়া বাতৰি কাকতৰ পৰা বেগ প্ৰস্তুত কৰা, পেলনীয়া প্লাষ্টিকৰ বটল গলাই আন প্লাষ্টিকৰ সামগ্ৰী বা বটল প্ৰস্তুত কৰা আদি।

(গ) Reuse অৰ্থাৎ পুণঃব্যৱহাৰঃ Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে- ব্যৱহৃত সামগ্ৰী বা পেলনীয়া বা বৰ্জিত সামগ্ৰীসমূহ প্ৰত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপে— আচাৰ আনা প্লাষ্টিকৰ বটল বোৰ আচাৰ শেষ হোৱাৰ পাছত ঘৰৰ আন পাকঘৰৰ সামগ্ৰী ৰাখিবৰ বাবে ব্যৱহাৰ কৰা।

Leave a Comment

error: Content is protected !!
Scroll to Top