ভূ-আকৃতিক প্ৰক্ৰিয়া | Chapter 1 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Seba Class 10 HSLC Geography Chapter 1 Notes Assamese Medium | SEBA Class 10 Geography Chapter 1 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 1 ভূ-আকৃতিক প্ৰক্ৰিয়া | Questions and Answers Assam


ভূ- আকৃতিক প্ৰক্ৰিয়া

Multiple Choice Questions and Answers (MCQs)

1. বালিয়াৰিবোৰ কি অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান?
(ক) মৰু অঞ্চল
(খ) সমেৰু অঞ্চল
(গ) কুমেৰু অঞ্চল
উত্তৰঃ (ক) মৰু অঞ্চল

2. ধীৰ গতিৰে নামি অহা বৰফক কি বোলা হয়?
(ক) হিমবাহ
(খ) পানী
(গ)বৰষুন
উত্তৰঃ (ক) হিমবাহ

3. বেছিভাগ ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেন্টিমিটাৰতকৈ কম?
(ক) ১৬ চেন্টিমিটাৰ
(খ) ২০ চেন্টিমিটাৰ
(গ) ৩৫ চেন্টিমিটাৰ
উত্তৰঃ (খ) ২০ চেন্টিমিটাৰ

4. হিমবাহে সৃষ্ট কৰা অন্য এক ক্ষয়জনিত অৱয়বক কি বোলা হয়।
(ক) পাৰ্বত্য হিমবাহ
(খ) ওলোমা উপত্যকা
(গ) গিৰিপদ হিমবাহ
উত্তৰঃ (খ) ওলোমা উপত্যকা

5. উপত্যকাৰ দাতিয়েদি উটি অহা গ্ৰাবক কি গ্ৰাব বোলে?
(ক) মধ্য গ্ৰাব
(খ) প্ৰাৰ্শ্বগ্ৰাব
(গ) ভূমিগ্ৰাব
উত্তৰঃ (খ) প্ৰাৰ্শ্বগ্ৰাব

6. হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ ?
(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ
(গ) ৩ প্ৰকাৰৰ
উত্তৰঃ (গ) ৩ প্ৰকাৰৰ

6. হিমবাহৰ মাজভাগেৰে উটি অহা গ্ৰাবক কি গ্ৰাব বোলি কোৱা হয় ?
(ক) প্ৰান্ত গ্ৰাব
(খ) মধ্যগ্ৰাব
(গ) অন্তিম গ্ৰাব
উত্তৰঃ (খ) মধ্যগ্ৰাব

7. হঠাতে হোৱা বানপানীক কি বোলি কোৱা হয়?
(ক) বিস্তৃত বানপানী
(খ) স্থলাকৃতি বানপানী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) বিস্তৃত বানপানী

8. কিছুমান গ্ৰাব উপত্যকাটোৰ তলিয়েদি বাগৰি আহে। সেইবোৰক কি গ্ৰাব বোলা হয়?
(ক) ভূমিগ্ৰাব
(খ) প্ৰাৰ্শ্বগ্ৰাব
(গ) মধ্যগ্ৰাব
উত্তৰঃ (ক) ভূমিগ্ৰাব

9.কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয়। এই বোৰক কি বোলা হয়?
(ক) অনুপ্ৰস্থ বালিয়াৰি
(খ) বাৰখান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বাৰখান

10. ঘৰ্ষণৰ যোগেদি কৰা ক্ষয়কাৰ্যক কি বোলা হয় ?
(ক) অৱক্ষয়জনিত

(খ) অপঘৰ্ষণ
(ঘ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অপঘৰ্ষণ

11. হিমবাহ এটা নামি আহোতে ই বৰফৰ বহিৰে অন্য কি পদাৰ্থ কঢ়িয়াই আনে?
(ক) গ্ৰাব

(খ) ছুইছ আল্পাছত
(গ) অৱক্ষেপন
উত্তৰঃ (ক) গ্ৰাব

12. মৰুভূমিত বতাহে সৃষ্ঠ কৰা এটা ঘৰ্ষনজনিত প্ৰক্ৰিয়া কি?
(ক) নিঘৰ্যণ প্ৰক্ৰিয়া

(খ) সংনিঘৰ্ষণ প্ৰক্ৰিয়া
(গ) ভূ-আকৃতিক প্ৰক্ৰিয়া
উত্তৰঃ (খ) সংনিঘৰ্ষণ প্ৰক্ৰিয়া

13. কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক কি বোলা হয়?
(ক) অবনমন প্ৰক্ৰিয়া
(খ) ভূ-আকৃতিক প্ৰক্ৰিয়া
(গ) অৱক্ষেপন প্ৰক্ৰিয়া
উত্তৰঃ (ক) অবনমন প্ৰক্ৰিয়া

14. কিমান নিযুত ঘন কিল’মিটাৰ পৰিমাণৰ পানীয়ে বৰফ আকাৰে জমা কৰি ৰাখে?
(ক) ৫ নিযুত
(খ) ২৯ নিযুত
(গ) ১২ নিযুত
উত্তৰঃ (খ) ২৯ নিযুত

15. বৰ্তমান পৃথিৱীৰ স্থলভাগ কিমান শতাংশত ধীৰ গতিৰে নামি আহে?
(ক) ২০ শতাংশ
(খ) ২৯ শতাংশ
(গ) ১১ শতাংশ
উত্তৰঃ (গ) ১১ শতাংশ

17. ভূ-পৃষ্ঠৰ অৱয়ববোৰক কি বুলি কোৱা হয় ?
(ক) উপত্যকা

(খ) নিম্নভূমি
(গ) স্থলাকৃতি
উত্তৰঃ (গ) স্থলাকৃতি

18. কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলকৈ গঠিত হো ইয়াক কি বোলা বালিয়াৰী হয়?
(ক) অনুদৈৰ্ঘ্য় বালিয়াৰী

(খ) পাহাৰ বালিয়াৰী
(গ) চন্দ্ৰাকৃতিৰ বালিয়াৰি
উত্তৰঃ (ক) অনুদৈৰ্ঘ্য় বালিয়াৰী

19. হিমবাহে গতিপথেৰে বৰফখণ্ডৰ লগত কি কঢ়েয়াই আনে ?
(ক) শিলাখণ্ড, শিল বালি
(খ) বৰষুণ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শিলাখণ্ড, শিল বালি

Very Short Type Questions and Answers

1. ওলোমা উপত্য়কা কাক বোলে?
উত্তৰঃ উপহিমবাহৰ উপত্য়কাটো মূল হিমবাহৰ যেন লাগে। সেইয়েহে উপহিমবাহৰ উপত্য়কাটোক ওলোমা উপত্য়কা বুলি কোৱা হয়।

2. অবনমন কাক বোলে?
উত্তৰঃ কোনো এক অংশৰ পৰা ধূলি-বালি উৰিৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলে। এই প্ৰক্ৰিয়াটোক অবনমন বোলে।

READ MORE  ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী | Chapter 7 | Class 10 Geography (E) - SEBA

3. প্ৰান্তগ্ৰাৱ বা বা অন্তিম গ্ৰাৱ কাক বোলে?
উত্তৰঃ উচ্চভূমিৰ পৰা নামি অহা হিমবাহ যত গলিবলৈ ধৰে। তাতে গধূৰ গ্ৰাৱবোৰ জমা হবলৈ ধৰে। হিমবাহ এটা শেষ সীমাত জমা হোৱাৰ কাৰণে এই গ্ৰাৱক প্ৰন্তগ্ৰাৱ বা অন্তিম গ্ৰাৱ বোলে।

4. অনুদৈৰ্ঘ্য় বালিয়াৰি কাক বোলে?
উত্তৰঃ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াকে অনুদৈৰ্ঘ্য় বালিয়াৰি বুলি কোৱা হয়।

5. ভূ-আকৃতিক প্ৰক্ৰিয়া কাক বোলে?
উত্তৰঃ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াটোক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলে।

6. সামগ্ৰিক গ্ৰাৱ কাক বোলে?
উত্তৰঃ কোনো উপত্য়কাৰে হিমবাহ এটা নামি আহোতে ই বৰফৰ বাহিৰে অন্য় কিছুমান পদাৰ্থও কঢ়িয়াই আনে। সেইবোৰক সামগ্ৰীকভাৱে গ্ৰাৱ বোলে।

7. ভূ-আকৃতি বিজ্ঞান কাক বোলে?
উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰক উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্য়য়ন কৰে আৰু ইয়াকে ভূ-আকৃতি বিজ্ঞান বোলে।

8. সংনিঘৰ্ষণ কাক বোলে?
উত্তৰঃ ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিগি টুকুৰা-টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলে।

9. বালিয়াৰি বা বালিৰ পাহাৰ কাক বোলে?
উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ য’ত জমা হয়গৈ, সেই অংশটো ক্ৰমে ওখ হবলৈ ধৰে। এনেদৰে ঝমা হোৱা ধূলি-বালিবোৰ শেহলৈ পাহাৰ ৰূপ লবলৈ ধৰে। বালিৰ গঠিত হোৱা কাৰণে এই পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বুলি কোৱা হয়।

10. ভূমিগ্ৰাব কাক বোলে?
উত্তৰঃ গ্ৰাব উপত্য়কাটোৰ তলিয়েদি বাগৰি আহে। সেইবোৰক ভূমি গ্ৰাৱ বোলে।

11. অনুপ্ৰস্থ বালিয়াৰি কাক বোলে?
উত্তৰঃ পথালিকৈ বতাহৰ দিশৰহ লগত প্ৰায় লম্বভাৱে গঠিত হব পাৰে। তেনে বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বুলি কোৱা হয়।

12. বতাহে __________এই তিনিওটা কাৰ্য সম্পাদন কৰে।
উত্তৰঃ মৰুভূমিত খনন, পৰিবহন আৰু অৱক্ষেপন।

13. ক্ষয়কাৰ্য অপঘৰ্ষণ কাক বোলে?
উত্তৰঃ মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথ থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলে।

14. হিমবাহ কাক বোলে?
উত্তৰঃ দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্ৰম কৰে। এনেকৈ ধিৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলে।

15. বাৰখান কাক বালো ?
উত্তৰঃ কোনো কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয়। এইবোৰক বাৰখান বুলি কোৱা হয়।

16. স্থলাকৃতি কাক বোলে?
উত্তৰঃ নান আকৃতিৰ অৱয়ৱে পূথিৱীৰ উপৰিভাগক বৈচিত্ৰপূৰ্ণ কৰি তুলিছে। ভূ-পূষ্ঠত এই অৱয়ববোৰকে স্থানাকৃতি বোলে।

17. বিস্তৃত বানপানী কাক বোলে?
উত্তৰঃ বৰষুণে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পী হঠাতে হোৱা এনে বানপানীক বিস্তৃত বানপানী বোলে।

18. হিমবাহৰ প্ৰান্তীয় অঞ্চলত জমা হােৱা কিছুমান অবয়বৰ নাম লিখা।
উত্তৰঃ হিমবাহৰ প্ৰান্তীয় অঞ্চলত জমা হােৱা কিছুমান অৱয়ব হৈছে এস্কাৰ, ড্ৰামলিন, কেম ইত্যাদি।

Short Type Questions and Answers

1. স্থলাকৃতি বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱী পৃষ্ঠৰ ওপৰত থকা নানান ধৰণৰ ভূ – অৱয়ব যেনে— পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী – উপত্যকাৰ লগতে সাগৰ মহাসাগৰত তলত থকা ভিন্নাকৃতিৰ উমভূমি, নিম্নভূমি আদিক একেলগে স্থলাকৃতি (Land form) বুলি জনা যায়। অৰ্থাৎ স্থলাকৃতি হৈছে ভূ – পৃষ্ঠত থকা ভিন্ন প্ৰকাৰৰ ভূ – অৱয়বসমূহ।

2. ইয়াৰদাং কি?
উত্তৰঃ অপঘৰ্ষণ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত ইয়াৰদাঙৰ নিচিনা অৱক্ষয়জনিত অৱয়ৰ সৃষ্টি কৰে। ইয়াৰদাং হৈছে এক প্ৰকাৰৰ অৱয়ব য’ত দীঘলীয়া শিৰা আৰু অগভীৰ লােৰ বা গাঁতৰ উপস্থিতি দেখা যায়। দৰাচলতে বতাহৰ ক্ৰিয়াৰ ফলত দুটা কঠিন। শিলাস্তৰৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাস্তৰত বেছিকৈ অৱক্ষয় ঘটে। ইয়াৰ ফলত ভূ-পৃষ্ঠ ওখােৰা-মােখােৰা আকৃতিৰ হয়।

3. হিমবাহ কাক বােলে ? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি ?
উত্তৰঃ হিমবাহ হৈছে অতি ধীৰ গতিত প্ৰবাহিত হােৱা বৰফৰ ঘূপ। হিমবাহ বা বৰফৰ স্থূপবোৰ পাহাৰ – পৰ্বতৰ অতি উচ্চাংশত জমা হৈ থাকে, আৰু মাটিৰ তাল অনুসৰি তললৈ নামি আহে। হিমবাহৰ গতি অতি ধৰ, ইয়াৰ প্ৰধান কাৰণ হৈছে বৰফস্তুপৰ প্ৰৱল হেঁচা আৰু মধ্যাকৰ্ষণ শক্তি। হিমবাহৰ প্ৰৱল হেঁচা আৰু মধ্যাকৰ্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত ইয়াৰ গতি অতি মন্থৰ হয়। দিনটোৰ ভিতৰত হিমবাহবােৰ মাত্ৰ কেই মিলিমিটাৰ মানৰপৰা কেই মিটাৰ মানহে অতিক্ৰম কৰে।

READ MORE  ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল | Chapter 6 | Class 10 Geography (E) - SEBA

4. বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত — বতাহ, বৰষুণ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি পৰে।

5. ওলােমা উপত্যকা কি লিখা।
উত্তৰঃ ওলােমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। মূল হিমবাহলৈ কিছুমান উপহিমবাহ প্ৰবাহিত হয় আৰু মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে দ আৰু ডাঙৰ হয়। উপহিমবাহ বােৰ যি ঠাহত আহি মূল হিমবাহৰ সৈতে লগ লাগে সেই ঠাইত উপহিমবাহবােৰ মূল উপত্যকাৰ সৈতে ওলমি থকা যেন দেখা যায়। সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলােমা উপত্যকা (Hanging Valley) বুলি কোৱা হয়।

6. ভূ – আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগােলৰ যিটো শাখাই ভূ – পৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতি বােৰৰ উৎপত্তি (Origin), ক্ৰমবিকাশ (Evolution), আকাৰ – আকৃতি আৰু বিতৰণ (Distribution) সম্বন্ধে অধ্যয়ণ কৰে, সেই শাখাটোক ভূ আকৃতিক বিজ্ঞান (Geomorphology) বােলা হয়।

7. অপঘৰ্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?
উত্তৰঃ অপঘৰ্ষণ হৈছে বতাহে সংঘটিত কৰা একপ্ৰকাৰ ক্ষয়কাৰ্য। মৰুভূমিত প্ৰবাহিত হােৱা শক্তিশালী বতাহে কঢ়িওৱা শিল বালিয়ে তাৰ গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যােগেদি কৰা এই ক্ষয় কাৰ্যকে অপঘৰ্ষণ (Abrasion) বুলি কোৱা হয়।</p> <p>অপঘৰ্ষণৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ (Inselberg), ইয়াৰদাং (Yardang) আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি হয়। মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰবােৰেই হৈছে ইনছেলবাৰ্গ।

8. ভূ – আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।
উত্তৰঃ ভূ – আকৃতিক প্ৰক্ৰিয়া (Geomorphic Process) হৈছে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া। ভূপৃষ্ঠত থকা স্থলাকতিবােৰৰ সৃষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত। সেয়া হৈছে — বাহ্যিক প্ৰক্ৰিয়া (Exogenic Process) আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া (Endogenic Process)। এই ভূ – আকৃতিক প্ৰক্ৰিয়াবােৰে অহৰহ, কাৰ্য কৰি থকাৰ ফলতে ভূ – পৃষ্ঠৰ ভূ – অৱয়ববােৰৰ পৰিৱৰ্তন সাধন হয়।

9. অৱনমন বুলিলে কি বুজা ?
উত্তৰঃ বতাহে যি প্ৰক্ৰিয়াৰ জৰিয়তে ভূ – পৃষ্ঠৰ কোন এক অংশৰ পৰা ধূলি – বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তােলে, সেই প্ৰক্ৰিয়াক অৱনমন (Deflation) বােলা হয়। অৱনমনৰ ফলত ধূলি – বালি আৰু শিলবােৰ অন্য ঠাইলৈ প্ৰবাহিত হলে অবনমন ঘটা অংশটো ওখােৰা – মােখােৰা শিলাময় ঠাইলৈ পৰিৱৰ্তিত হ’ব পাৰে।

10. সংনিঘৰ্ষণৰ অৰ্থ লিখা।
উত্তৰঃ সংনিঘৰ্ষণ (Attrition) হৈছে এক ঘৰ্ষণজনিত প্ৰক্ৰিয়া। মৰুভূমিত বতাহৰ দ্বাৰা পৰিবাহিত হােৱা শিলবালিবােৰৰ মাজত পাৰস্পৰিক সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হৈ ভাঙি – ছিঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু ক্ষয় হৈ সৰু আকৃতিৰ হৈ পৰে। এনেদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হােৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বুলি কোৱা হয়।

Long Type Questions and Answers

1. ইনছেলবাৰ্গ কি ? ছবি আঁকি দেখুওৱা।
উত্তৰঃ ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। মৰুভূমিত বতাহে ঘৰ্ষণৰ জৰিয়তে এক অবক্ষয় ঘটায় আৰু এই অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনছেলবাৰ্গ (Inselberg), ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে। অৰ্থাৎ ইনছেলবাৰ্গ হৈছে বিশেষ আকৃতিযুক্ত এক ভূ – অৱয়ব। তলত ইনছেলবাৰ্গৰ চিত্ৰ দেখুওৱা হ’ল—

2. বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবােৰ জমা হৈ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয়। মূলতঃ বালিৰে গঠিত হােৱাৰ বাবে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বােলে। স্থান-কাল অনুসৰি এই পাহাৰবােৰৰ আকাৰ-আকৃতি বেলেগ হয়। বালিয়াৰিৰ গঠন মৰুভূমিত তিনি প্ৰকাৰৰ বালিয়াৰি দেখা যায়। সেইবােৰ হ’ল—
(ক) অনুদৈৰ্ঘ্য বালিয়াৰিঃ বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হােৱা বালিয়াৰিক অনুদৈৰ্ঘ্য বালিয়াৰি বােলে।

(খ) অনুপ্ৰস্থ বালিয়াৰিঃ পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হােৱা বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বােলে।

(গ) বাৰখানঃ কোনাে ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰিৰ সৃষ্টি হয়। ইয়াকে বাৰখান বােলে।

মৰুভূমি অঞ্চলত বতাহৰ অৱক্ষেপন কাৰ্যৰ দ্বাৰা বালিয়াৰি সৃষ্টি হয়। অৱনমনৰ ফলত ধূলি-বালি আৰু শিলৰ কণিকাবােৰ বতাহে উৰুৱাই নিয়ে। মৰুভূমি অঞ্চলত ওখ ভূ-অৱয়ব নথকা কাৰণে বতাহ অধিক বেগেৰে প্ৰবাহিত হয়। কিন্তু বতাহে জোপােহা গছ, খুঁটি বা বৃহৎ শিলৰ সন্মুখীন হলে ইয়াৰ বেগ হ্ৰাস পায় আৰু এনে প্ৰতিবন্ধকৰ বিপৰীত দিশত ধূলি-বালি আৰু শিলৰ কণিকা জমা কৰে। প্ৰাৰম্ভিক অৱক্ষেপনে প্ৰতিবন্ধক হিচাপে ক্ৰিয়া কৰে যিয়ে পৰৱৰ্তী অৱক্ষেপনত বৰঙণি যােগায়। কালক্ৰমত সংশ্লিষ্ট অঞ্চলৰ উচ্চতা বৃদ্ধি পােৱাৰ ফলস্বৰূপে বালিয়াৰি গঠন হয়। বালি শিল থকা মৰুভূমি অঞ্চলত সাধাৰণতে বালিয়াৰি পােৱা যায়।

READ MORE  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল | Chapter 4 | Class 10 Geography (E) - SEBA

3. হিমবাহ কেই প্ৰকাৰৰ ? প্ৰত্যেকৰে বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বৰফেৰে আবৃত অঞ্চলবােৰৰ পৰিস্থিতি, পৰিৱেশ অনুসৰি হিমবাহক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি। সেইবােৰ হৈছে—
(i) মহাদেশীয় হিমবাহ (Continentel Glacier).
(ii) পাৰ্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ (Mountain or Alpine or Valley Glacier) . আৰু
(iii) গিৰিপদ বা শৈলপদী হিমবাহ (Piedmont Glacier).

মহাদেশীয় হিমবাহবিলাক মেৰু অঞ্চলৰ বৃহৎ অঞ্চল জুৰি বিয়পি আছে। মহাদেশীয় হিমবাহ থকা প্ৰধান অঞ্চলসমূহ হৈছে — উত্তৰ কানাডা, গ্ৰীণলেণ্ড, এন্টাৰ্কটিকা, স্কান্দিনেভিয়া আদি। মহাদেশীয় হিমবাহবােৰ অতি ধীৰ গতিৰে ভূ – পৃষ্ঠৰ ঢাল অনুসৰি তললৈ নামি আহে।

পাৰ্বত্য হিমবাহ উচ্চ পৰ্বতৰ উচ্চাংশত থাকে। পাৰ্বত্য বা উপতাকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নিম্নগামী হয়। পাৰ্বত্য হিমবাহ থকা অঞ্চলসমূহ হৈছে প্ৰধানকৈ ইউৰােপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতমালা আৰু এচিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চল। পাৰ্বত্য হিমবাহৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ অধিক হয়।

গিৰিপদ হিমবাহ পৰ্বতৰ পাদদেশত থাকে। কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত সিঁচৰিত হৈ পৰে। উত্তৰ আমেৰিকাৰ আলাস্কাত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পােৱা যায়।

4. হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা।
উত্তৰঃ হিমবাহ উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা একপ্ৰকাৰ ক্ষয়জনিত অৱয়ব। তলৰ চিত্ৰত হিমবাহ উপত্যকাৰ ছবি অংকন কৰা হ’ল—

5. গ্ৰাৱ কি ? ই কেই প্ৰকাৰৰ ? চিত্ৰ আঁকি গ্ৰাৱৰ অৱস্থান দেখুওৱা।
উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত ভূ – অৱয়ব। কোনাে উপত্যকাৰে হিমবাহ এটা নামি আহোতে বাহিৰে আন কিছুমান পদাৰ্থ কঢ়িয়াই আনে। এই পদাৰ্থবােৰকে গ্ৰাৱ বুলি ফোৱা হয়।

গ্ৰাৱ চাৰি প্ৰকাৰৰ। সেইবােৰ হৈছে—
(i) পাৰ্শ্ব গ্ৰাৱ (Lateral Moraine).
(ii) ভূমি গ্ৰাৱ (Ground Moraine).
(iii) মধ্য গ্ৰাৱ (Medial Moraine) আৰু
(iv) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্ৰাৱ (Terminal or End Moraine)

(i) পাৰ্শ্ব গ্ৰাৱ (Lateral Moraine) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰৱক পাৰ্শ্ব গ্ৰাৱ বােলা হয়।
(ii) ভূমি গ্ৰাৱ (Ground Moraine) :-উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্ৰাৱবােৰ হৈছে ভূমি গ্ৰাৱ।
(iii) মধ্য গ্ৰাৱ (Medial Moraine) :-হিমবাহৰ মাজ ভাগেদি উটি ভাহি অহা গ্ৰাৱক মধ্য গ্ৰাৱ বােলা হয়। আৰু
(iv) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্ৰাৱ (Terminal or End Moraine) :- হিমবাহ এটাৰ প্ৰান্তত বা শেষ সীমাত জমা হোৱা গ্ৰাৱক অন্তিম গ্ৰাৱ বােলা হয়। সিপিঠৰ চিত্ৰত বিভিন্ন গ্ৰাৱৰ অৱস্থানসমূহ দেখুওৱা হ’ল—

6. মৰুদ্যান কাক বােলে ? ইয়াৰ তাৎপৰ্য কি ?
উত্তৰঃ মৰুভূমিৰ শুকান বালিময় উপৰিভাগৰ ওপৰত বতাহে বিশেষভাৱে ক্ৰিয়া কৰে। বতাহে মৰুভূমিৰ উপৰিভাগৰ ধূলি – বালি, শিল আদি বহু দূৰলৈ উৰুৱাই নি মৰুভূমিৰ কোনাে এক অংশ আপেক্ষিকভাৱে দ কৰি তুলিব পাৰে। অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পালে, সেই অংশটোক মৰুদ্যান (Oasis) বােলা হয়।

মৰুদ্যানৰ তাৎপৰ্য এয়ে যে — মৰুদ্যানত কিছু পৰ্মিাণে সৰু সৰু গছ – গছনি আৰু উদ্ভিদ থাকে। মৰুদ্যানত অলপ – অচৰপ খেতি – বাতিও কৰিব পাৰি কাৰণ ইয়াৰ মাটিভাগ জীপাল আৰু আংশিকভাৱে সাৰুৱা হয়।

7. গােলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায় সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।
উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। গােলকীয় উত্তাপ বৃদ্ধি হােৱাৰ ফলত হিমবাহবােৰ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিব আৰু পাহাৰ – পৰ্বতৰপৰা অতি বেগেৰে ভৈয়ামলৈ নামি আহিব। এনেদৰে নামি অহা পানীয়ে সমতল ভূমি বুৰাই পৈলাব আৰু দ অঞ্চলবােৰত বানপানীৰ সৃষ্টি হ’ব। নিম্নভূমি অঞ্চল প্লাবিত হােৱাৰ ফলত কৃষি পথাৰ, জীৱ – জন্তু তথা মানুহৰাে বিস্তৰ ক্ষতি সাধন হ’ব আৰু দ্ৰুতগতিত প্ৰবাহিত হােৱা পানীয়ে উদ্ভিদ তথা গছ – গছনিৰ অনিষ্ট সাধন কৰাৰ লগতে জীৱ – জন্তুৰ বাসস্থানৰাে হ্ৰাস কৰিৰ পাৰে। গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহ গলি সাগৰপৃষ্ঠ ওপৰলৈ উঠি অহাৰ সম্ভাৱনা অধিক।

Leave a Comment

error: Content is protected !!
Scroll to Top