জাপানৰ আঞ্চলিক ভূগােল | Chapter 5 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Seba Class 10 HSLC Geography Chapter 5 Notes Assamese Medium | SEBA Class 10 Geography Chapter 5 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল | Questions and Answers Assam


জাপানৰ আঞ্চলিক ভূগােল

Multiple Choice Questions and Answers (MCQs)

1. জাপানৰ সৰ্বমুঠ আয়ৰ ৪০% ______ ক্ষেত্ৰৰ পৰা আহে।
(ক) বাণিজ্যিক
(খ) ঔদ্যোগিক
(গ) কৃষি
(ঘ) তথ্য প্ৰযুক্তি
উঃ (খ) ঔদ্যোগিক

2. ______ পৃথিবীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ।
(ক) নিউয়ৰ্ক
(খ) পেৰিছ
(ঘ) ছিংগাপুৰ
গ) টকিঅ’
উঃ (গ) টকিঅ’

3. জাপানৰ পূব সীমাত ______ অৱস্থিত।
(ক) কোৰিয়া সাগৰ
(খ) চাখানিন দ্বীপ
(গ) চীন সাগৰ
(ঘ) প্ৰশান্ত মহাসাগৰ
উঃ (ঘ) প্ৰশান্ত মহাসাগৰ

4. ওছাকা-কোবে-কিওটো’ ঔদ্যোগিক অঞ্চল ______ সমভূমিত অৱস্থিত।
(খ) কান্ট’
(গ) টকিঅ’
(ঘ) কিওটো
(ঘ) কিনকি
উত্তৰঃ (ঘ) কিনকি ৷

5. জাপান গঠিত হােৱা চাৰিওটা মুখ্য দ্বীপৰ ভিতৰত ______ দ্বীপ সবাতােকৈ ডাঙৰ।
(ক) হনছু
(খ) হ’কাইডাে
(গ) ছিক’কু
(ঘ) কিউছিউ
উঃ (ক) হনছু

6. বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাপানে ______ স্থান দখল কৰিছে।
(ক) তৃতীয়
(খ) চতুৰ্থ
(গ) পঞ্চম
(ঘ) যষ্ঠ
উঃ (খ) চতুৰ্থ

7. ২০০৭ চনৰ গণনা অনুসৰি জাপানৰ মুঠ জনসংখ্যা ______ নিযুত।
(ক) ১২০
(খ) ১২৮
(গ) ১৩২
(ঘ) ১৪৫
উঃ (খ) ১২৮

8. জাপানী লােকৰ গড় আয়ুস ______ বছৰ।
(ক) ৭২
(খ) ৮২
(গ) ৬৫
(ঘ) ৮৫
উঃ (খ) ৮২

Very Short Type Questions and Answers

1. ______ জাপানৰ প্ৰধান শস্য।
উত্তৰঃ ধান।

2. জাপানৰ মুঠ জনসংখ্যাৰ ______ শতাংশ ঔদ্যোগিক উৎপাদনৰ সৈতে জড়িত।
উত্তৰঃ ৩৩

3. জাপান সাগৰৰ কাষত থকা পশ্চিম কৃষি অঞ্চলক বুলি জনা যায়।
উত্তৰঃ অন্তবৰ্তী অঞ্চল

4. জাপানীসকল ঘাইকৈ ______ ক পৱিত্ৰ পৰ্বত বুলি গণ্য কৰে।
উত্তৰঃ মংগােলীয়

5. জাপান ______ জলবায়ু অঞ্চলত পৰে।
উত্তৰঃ নাতিশীতােষ্ণ

6. হছু দ্বীপৰ মধ্যভাগ ______ জাপান বােলে।
উত্তৰঃ মধ্য ৷

7. মুঠ জনসংখ্যাৰ হিচাপত জাপানে পৃথিবীৰ ভিতৰত ______ স্থান অধিকাৰ কৰিছে।
উত্তৰঃ দশম

Short Type Questions and Answers

1. জাপানৰ দ্বীপসমূহ। টোকা লিখা।
উত্তৰঃ জাপানৰ দ্বীপসমূহঃ জাপান দেখখন প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতাে সৰু – ডাঙৰ দ্বীপৰ সমষ্টি। জাপানৰ প্ৰধান দ্বীপসমূহ হৈছে — হ’কাইডাে দ্বীপ, হনছু দ্বীপ, চিক’কু দ্বীপ, কিউছিউ দ্বীপ। ইয়াৰ উপৰিও ৰিউকিউ দ্বীপকে ধৰি জাপান দেশত অজস্ৰ সৰু সৰু দ্বীপ আছে। জাপানৰ দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ হৈছে হনছু দ্বীপ।

2. জাপান বেদিকা কৃষি। টোকা লিখা।
উত্তৰঃ জাপানৰ বেদিকা কৃষিঃজাপানৰ ভূখণ্ড সমান নােহােৱা বাবে ইয়াত বেদিকা কৃষি (Terrace Cultivation) পদ্ধতিৰেও কৃষিকাৰ্য কৰা হয়। পুৰণি জাপান অঞ্চলৰ অন্তৰ্গত অন্তঃৱৰ্তী অঞ্চলৰ পাহাৰবােৰৰ নামনিত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। বেদিকা কৃষিৰ ভিতৰত প্ৰধানকৈ নানাবিধ ফল – মূল, শাক – পাচলি আৰু ফুল আদি উৎপাদন কৰা হয়। আকৌ ছিট’ছি – কিনকি অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ফল – মূল, মিঠা আলু আদি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়।

3. জাপানৰ হনছু দ্বীপ অঞ্চল। টোকা লিখা।
উত্তৰঃ জাপানৰ হনছু দ্বীপ অঞ্চলঃ জাপানৰ হনছু দ্বীপ অঞ্চলটো এক বৃহৎ দ্বীপ অঞ্চল আৰু ই দেশখনৰ তিনি – চতুৰ্থাংশ ঠাই আগুৰি আছে। হনছু দ্বীপৰ উত্তৰ অংশক লৈ উত্তৰ – পূৱ জাপান অঞ্চল গঠিত হৈছে। এই অঞ্চলৰ কেইখনমান প্ৰধান নগৰ হৈছে — আওমােৰি, আকিটা, মাৰিওকা, হাচিনােহে, চেণ্ডাই, কোৰিয়ানা, যামাগাটা আদি। আকৌ হনছু দ্বীপৰ মধ্য অংশকলৈ মধ্য জাপান অঞ্চল গঠিত হৈছে। এই অঞ্চলত হনছু পৰ্বতশ্ৰেণী আৰু ছেচিটো মেৰিয়ানা পৰ্বতমালা মিলিত হৈ জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। হনছু দ্বীপৰ দক্ষিণ অংশকলৈ গঠিত হৈছে দক্ষিণ – পশ্চিম জাপান অঞ্চল। হনছু দ্বীপ অঞ্চলৰ আন কেইখনমান উল্লেখযােগ্য মহানগৰ হৈছে— ইয়ক’হামা, ট’কিঅ’, কাৱাছাকি, নাগােয়া, ট’য়াম আদি। জাপান দ্বীপসমূহৰ ভিতৰত হনছু দ্বীপ বৃহত্তম।

4. জাপান উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন। টোকা লিখা।
উত্তৰঃ জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়নঃ জাপানৰ উদ্যোগ আৰু বিভিন্ন সেৱাৰ বিকাশ অতিকৈ ব্যাপক। জাপানৰ মাটিকালিৰ এক বিস্তৃত অংশ বিভিন্ন ধৰণৰ উদ্যোগে আগুৰি আছে আৰু ইয়াৰ উদ্যোগ অঞ্চল অতি প্ৰশস্ত। দেশখনৰ উদ্যোগ অঞ্চল ট’কিঅ’ৰ পৰা উত্তৰ কিউছিউ পৰ্যন্ত প্ৰায় ১০০০ কিল’মিটাৰ দীঘল। ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। সমগ্ৰ জাপানৰ ভিতৰত মধ্য জাপানৰ ট’কিঅ’ – ইয়ােকোহামা আৰু দক্ষিণ পশ্চিম জাপানৰ কোবে – ওছাকা অঞ্চলত দ্ৰুত গতিত উদ্যোগীকৰণ হৈছে। জাপানত দ্ৰুত উদ্যোগীকৰণৰ ফলত বহু অঞ্চলত কৃষি উৎপাদনৰ গুৰুত্ব হ্ৰাস পাইছে আৰু লােকবােৰ উদ্যোগত নিয়ােজিত হৈছে।

সম্প্ৰতি জাপান দেশে জাহাজ নিৰ্মাণ, মটৰগাড়ী নিৰ্মাণ, তীখা উৎপাদন, উচ্চমানৰ প্ৰযুক্তিৰে নিৰ্মিত নানা ধৰণৰ ইলেকট্ৰনিক যন্ত্ৰপাতি উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে দেশখনৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন সম্ভৱ হৈছে। জাপান দেশৰ মুঠ ৰপ্তানি দ্ৰব্যৰ ৮১ শতাংশই উদ্যোগ উৎপাদিত সামগ্ৰী আৰু দেশৰ মুঠ আয় ৪০ শতাংশ উদ্যোগ খণ্ডই নিৰূপণ কৰে। এনেদৰে জাপানৰ দ্ৰুত উদ্যোগীকৰণে দেশখনক অৰ্থনৈতিক দিশত অগ্ৰসৰ হােৱাত সহায় কৰিছে আৰু দেশখন উন্নত দেশৰূপে চিহ্নিত হৈছে।

5. ট’কিঅ’-ইয়ােকোহামা উদ্যোগ অঞ্চল। টোকা লিখা।
উত্তৰঃ ট’কিঅ’ – ইয়ােকোহামা উদ্যোগ অঞ্চলউত্তৰঃ জাপানৰ ট’কিঅ’ – ইয়ােকোহামা উদ্যোগিক অঞ্চলটোৱে হনছু দ্বীপ ট’কিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো সমভূমিত অৱস্থিত হােৱা বাবে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বিশেষভাৱে উপযুক্ত।

এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ উদ্যোগ গঢ়ি উঠিছে। এই উদ্যোগ অঞ্চলৰ উল্লেখযােগ্য উদ্যোগসমূহ হৈছে — লাে – তীখাৰ উদ্যোগ, জাহাজ নিৰ্মাণ উদ্যোগ, উৰাজাহাজ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আদি। এই উদ্যোগিক অঞ্চলত ২৫ খনৰাে অধিক সৰু – ডাঙৰ নগৰ আছে আৰু এই নগৰ – মহানগৰবােৰত বিভিন্ন ধৰণৰ শিল্প – উদ্যোগ আছে। এই অঞ্চলত বহুতাে জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। দেশৰ মুঠ উদ্যোগিক উৎপাদন প্ৰায় ৩০ শতাংশ এই উদ্যোগ অঞ্চলে আগবঢ়ায়।

READ MORE  ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী | Chapter 7 | Class 10 Geography (E) - SEBA

6. হ’কাইডাে অঞ্চলৰ ভূ – প্ৰকৃতি। টোকা লিখা।
উত্তৰঃ হ’কাইডাে অঞ্চলৰ ভূ – প্ৰকৃতিঃ হ’কাইডাে অঞ্চলটো জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান নদী হ’কাইডোৰে গঠিত। হ’কাইডাে অঞ্চলৰ ভূ – প্ৰকৃতি পৰ্বতময়। হ’কাইডো পৰ্বতমালাৰ মাজভাগত আচাহিডাকে শৃংগ অৱস্থিত। পৰ্বতশ্ৰেণীৰ মাজত কেইবাটাও নদী গঠিত বিস্তীৰ্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে। সমভূমি অঞ্চলৰ অন্তৰ্গত টকাছি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত। হ’কাইডাে অঞ্চলৰ উপকূলীয় অঞ্চল কিছু পৰিমাণে ওখ চাপৰ।

7. জাপানৰ উপকূল অঞ্চল। টোকা লিখা।
উত্তৰঃ জাপানৰ উপকূল অঞ্চলঃ উত্তৰ – পূৱ জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো এক গভীৰ উপত্যকাই জাপান সাগৰীয় উপকূল অঞ্চলৰ পৰা পৃথক কৰিছে। এই উপত্যকা অঞ্চলৰ দক্ষিণৰ উপকূল ভাগ ঠেক আৰু উপকূল অংশ ভূ – আন্দোলনৰ ফলত তললৈ বহি গৈ গভীৰ ভগ্ন উপকূলৰ সৃষ্টি কৰিছে। জাপানৰ উত্তৰৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত। জাপানৰ উপকূল অঞ্চলসমূহৰ ভূমিভাগ সাৰুৱা আৰু অধিকাংশ সমতল ভূমি হােৱা কৃষিকাৰ্যৰ উপযােগী হৈছে। লগতে যােগাযােগ আৰু পৰিবহণৰ সুব্যৱস্থা থকা কাৰণে বৃহৎ বৃহৎ উদ্যোগ গঢ়াত সহজ হৈছে। জাপানৰ উপকূল অঞ্চলত ঘৰ – দুৱাৰ নিৰ্মাণ, বাট – পথ নিৰ্মাণৰ যথেষ্ট সুবিধা আছে, সেয়ে এই অঞ্চলত জনবসতি অধিক হয়। জাপানৰ উপকূল অঞ্চলৰ ভূ প্ৰকৃতি, জলবায়ু আৰু মানুহৰ বসবাস উপযােগী আৰু সেয়ে উপকূলীয় অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক।

8. জাপানৰ খনিজ সম্পদ। টোকা লিখা।
উত্তৰঃ জাপানৰ খনিজ সম্পদঃ খনিজ সম্পদত জাপান দেশ অধিক সম্পদশালী নহয় যদিও কিছু পৰিমাণে এই দেশত খনিজ সম্পদ পােৱা যায়। জাপানৰ উত্তৰ কিউছি উদ্যোগ অঞ্চলত প্ৰচুৰ পৰিমাণে কয়লা, চূণশিল, লো, তীখা আদি খনিজ সম্পদ আছে। এই সম্পদসমূহৰ প্ৰাচুৰ্যতাৰ বাবে এই অঞ্চলত লো – তীখা উদ্যোগ, চিমেন্ট উদ্যোগ আদি গঢ়ি উঠিছে। উদ্যোগৰ বাবে আৱশ্যকীয় কেঁচামাল আৰু খনিজ সম্পদ জাপানে বিদেশৰ পৰা আমদানি কৰে।

9. জাপান দেশৰ ভৌগােলিক অৱস্থান সম্পৰ্কে লিখা।
উত্তৰঃ এচিয়া মহাদেশৰ পূৱ প্ৰান্তত জাপান দেশখন অৱস্থিত। জাপান দেশখন প্ৰশান্ত মহাসানুৰৰ উত্তৰ অংশত থকা বহুতাে সৰু – ডাঙৰ দ্বীপ সমষ্টি। জাপান প্ৰধানকৈ চাৰিটা দ্বীপ, যেনে – হ’কাইডাে, হনছু, চিক’বু’ আৰু কিউছিউ আৰু ৰিউকিউ দ্বীপকে ধৰি বহুত সৰু – বৰ দ্বীপপুঞ্জ গঠিত হৈছে। প্ৰশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জৰ উত্তৰে আছে চাখালিন দ্বীপ, কুৰীল দ্বীপ আৰু ওখটস্ক সাগৰ, দক্ষিণে আছে টাইৱান আৰু পূৱ – চীন সাগৰ, পূৱে আছে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিম দিশত আছে জাপান, কোৰিয়া আৰু ৰাছিয়া সাগৰ।

10. জাপান দেশৰ এটি ভৌগােলিক পৰিচয় দাঙি ধৰা।
উত্তৰঃ জাপান দেশখন দক্ষিণে ২৪° উত্তৰৰ পৰা উত্তৰলৈ ৪৬° উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূৱৰপৰা পূৱলৈ ১৪৬° পূৱ দ্ৰঘিমাংশলৈকে বিস্তৃত হৈ আছে। জাপান দেশখনত প্ৰধানকৈ নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে। উত্তৰ – দক্ষিণাকৈ জাপান দেশৰ দৈৰ্ঘ্য প্ৰায় ২৪০০ কিল’মিটাৰ আৰু দেশখনৰ মাটিকালি হৈছে প্ৰায় ৩,৭৭,৭৬৫ বৰ্গকিল’মিটাৰ। ২০০৭ চনৰ এক তথ্যমতে জাপানৰ জনসংখ্যা হৈছে ১২৮ নিযুত। জনসংখ্যাৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ দেশসমূহৰ ভিতৰত দশম। জাপান দেশখনৰ তিনি চতুৰ্থাংশ ভূমি পৰ্বতময়, অৰ্থাৎ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পৰ্বতমালাই আগুৰি আছে। জাপান দ্বীপপুঞ্জৰ ভূতাত্বিক গাঁথনি অতি জটিল আৰু ই অস্থিৰ অৱস্থাত আছে। জাপান দেশখন নবীন ভংগিল পৰ্বতেৰে গঠিত আৰু জাপানৰ পাৰ্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে।

Long Type Questions and Answers

1. জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ জাপানৰ অৰ্থনীতিত কৃষিৰ অপৰিসীম গুৰুত্ব আছে। দেশখনৰ মুঠ মাটিকালিৰ মাত্ৰ ১৭ শতাংশ ভূমি কৃষিকাৰ্যৰ অন্তৰ্গত। জাপানত বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৃষিকাৰ্য সম্পাদন কৰা হয় বাবে কৃষি উৎপাদিকা অধিক আৰু মানদণ্ড উচ্চ। প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত জাপানৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ উৎপাদন হাৰ সৰ্বোচ্চ। পৰ্বত – পাহাৰ স্থিতি আৰু জনবসতি ঘন হােৱা বাবে জাপানৰ কৃষিক্ষেত্ৰবােৰ আকাৰত অতি ক্ষুদ্ৰ। জাপানত কেৱল বিজ্ঞানসন্মত পদ্ধতিৰে গহন কৃষি অধিকত পৰিমাণে কৰা হয় আৰু মাত্ৰাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়ােগ কৰি কৃষি ভূমিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা হয়।

জাপানৰ ভূ – প্ৰকৃতি অসমান হােৱা বাবে কৃষিকাৰ্য বিভিন্ন প্ৰকাৰে সম্পাদন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযােগ্য হৈছে — বেদিকা কৃষি (Terrace Cultivation), মিশ্ৰ কৃষি (Mixed Farming), অন্তঃপ্ৰৱেশী কৃষি (Inter – Culture) আৰু ঝুম খেতি (Jhum or Shifting Cultivation)। জাপান দেশৰ প্ৰধান কৃষি শস্য হৈছে ধান। দেশখনৰ মুঠ কৃষিভূমিৰ প্ৰায় দুই – তৃতীয়াংশ ভূমিত ধান খেতি কৰা হয় আৰু মুঠ জনসংখ্যাৰ ৬ শতাংশ লােক কৃষিকাৰ্যত নিয়ােজিত হৈ থাকে। উদ্যোগপ্ৰধান অঞ্চল হিচাপে পৰিচিত জাপান দেশখনত অতি কম ভূমিত বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য সম্পাদন কৰি অধিক পৰিমাণে উৎপাদন কৰা হয়। সেয়ে – জাপানৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব নুই কৰিব নােৱাৰি।

2. জাপানৰ ভূ – অৱয়বব এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ জাপান দেশত ভিন্ন প্ৰকৃতিৰ ভূ – অৱয়ব দেখিবলৈ পােৱা যায়। জাপান দেশখন যদিও বহুতাে সৰু – ডাঙৰ দ্বীপৰ সমষ্টি তথাপিও দেশখনৰ প্ৰায় ৭৫ শতাংশ ভূমিয়েই পৰ্বতময়। নবীন ভংগিল পৰ্বতমালাৰে গঠিত জাপান দ্বীপপুঞ্জ এতিয়াও অস্থিৰ অৱস্থাত আছে আৰু ইয়াত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। জাপানৰ হ’কাইভাে অঞ্চলত পৰ্বতৰ লগতে কেইবাটাও নদী গঠিত বিস্তীৰ্ণ পলসুৱা নিম্নভূমি, সমভূমি আৰু নদী – উপত্যকা আছে। আকৌ জাপান দেশৰ উত্তৰ – পূৱ অঞ্চলত অসংখ্য ভাজ আৰু চুতিৰ লগতে পৰ্বত শ্ৰেণী আছে।

জাপানত গেদীয় শিলাৰে গঠিত আৰু আগ্নেয় শিলাৰে গঠিত মালভূমি থকাৰ লগতে থিয়গৰাযুক্ত উপকূলীয় সমভূমি দেখা যায়। মধ্য জাপান অঞ্চলত সৰ্বোচ্চ পাৰ্বত্য অঞ্চল থকাৰ লগতে ওখ শৃংগ আৰু সমভূমি, প্লাৱনভূমি আদি আছে। দক্ষিণ – পশ্চিম জাপানৰ ভূ – অৱয়ব পুৰণি শিলাৰে গঠিত আৰু ইয়াত দ্বীপ আকৃতিৰ বহুতাে শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ লগতে গ্ৰস্ত উপত্যকা আছে। অৰ্থাৎ জাপান দেশত পৰ্বত – পাহাৰ, সমভূমি, মালভূমি, ব – দ্বীপ, নদী – উপত্যকা, শৃংগ আদি ভিন্ন প্ৰকাৰৰ ভূ – অৱয়ব দেখিবলৈ পােৱা যায়।

READ MORE  ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল | Chapter 6 | Class 10 Geography (E) - SEBA

3. জাপানৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ জাপানত জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয়। নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক আৰু তাৰ বিপৰীতে পাৰ্বত্য অঞ্চলবােৰত জনসংখ্যা ঘনত্ব কম। জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য, প্ৰধান কাৰক হৈছে ভূ – প্ৰকৃতিৰ পাৰ্থক্য, জলবায়ু তাৰতম্য আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ বৈষম্য। জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্ৰতি বৰ্গকিল’মিটাবত ৩৩৮ জন আৰু ইয়াৰ বিপৰীতে পাৰ্বত্য অঞ্চলবােবত জনসংখ্যা ঘনত্ব ১০০ জনতকৈ কম। আকৌ কৃষিভিত্তিক সমতল অঞ্চলবােৰত জনসংখ্যা ঘনত্ব ১০০ ৰ পৰা ৮০০ জনৰ ভিতৰত থাকে আৰু উদ্যোগিক অঞ্চলত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গকিল’মিটাৰত ৮০০ জনৰ অধিক।

জাপানৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ আন এক প্ৰধান কাৰণ হৈছে দ্ৰুত হাৰত হােৱা উদ্যোগীকৰণ আৰু নগৰীকৰণ। দ্ৰুত উদ্যোগীকৰণৰ ফলস্বৰূপে দেশত কৃষি উৎপাদন হ্ৰাস পাইছে আৰু কৃষিৰ সৈতে জড়িত লােকসকল নগৰত থকা উদ্যোগলৈ প্ৰব্ৰজন হৈছে আৰু ইয়াৰ জৰিয়তে নতুন নতুন চহৰ – নগৰৰ জন্ম হৈছে। উদ্যোগীকৰণৰ ফলত গাৱঁলীয়া জনসংখ্যা হ্ৰাস পাইছে আৰু নগৰীকৰণৰ যােগেদি নগৰীয়া জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য অনাত সহায়ক হৈছে।

4. জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি ? মানচিত্ৰসহ প্ৰতিটো বিভাগৰে ভূ – প্ৰকৃতি সম্পৰ্কে লিখা।
উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ হৈছে—
(ক) হ’কাইডাে অঞ্চল।
(খ) উত্তৰ – পূৱ জাপান অঞ্চল।
(গ) মধ্য জাপান অঞ্চল।
(ঘ) দক্ষিণ – পশ্চিম জাপান অঞ্চল।

উত্তৰ-পূৱ জাপান অঞ্চলক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে — অন্তঃ অঞ্চল আৰু বহিঃ অঞ্চল। আকৌ মধ্য জাপান অঞ্চলক দুভাগত ভাগ কৰা হৈছে — ফোছামেগ্না আৰু কাণ্টো সমভূমি অঞ্চল। তলৰ মানচিত্ৰত জাপানৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা হ’ল—

জাপানৰ উত্তৰ অংশত অৱস্থিত প্ৰধান দ্বীপ হ’কাইডােৰে গঠিত হৈছে হ’কাইডাে অঞ্চল আৰু, অঞ্চলটোৰ ভূ – প্ৰকৃতি পৰ্বতময়। হ’কাইডে পৰ্বতমালাৰ মাজভাগত আচাহিডাকে শৃংগ অবস্থিত আৰু এই পৰ্বত শ্ৰেণীৰ মাজৰ কেইবাটাও নদী গঠিত বিস্তীৰ্ণ নিম্নভূমি পলসুৱা অঞ্চল আছে। এই অঞ্চলৰ দুখন উল্লেখযােগ্য সমভূমি হৈছে টকাছি আৰু কনছেন। ইয়াৰে টকাছি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু কনছেন। সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত।

উত্তৰ – পূৱ জাপান অঞ্চলটো হনছু দ্বীপৰ উত্তৰ অংশক লৈ গঠিত হৈছে। এই অঞ্চলত আও আৰু উছু নামেৰে দুটা সমান্তৰাল পৰ্বতশ্ৰেণী আছে আৰু ইয়াৰ শৃংগবিলাকৰ উচ্চতা ১৫০০ ৰ পৰা ২০০০ মিটাৰৰ ভিতৰত থাকে। এই অঞ্চলত সৰলবৰ্গীয় উদ্ভিদ, আগ্নেয়গিৰিৰ শৃংগ আৰু হ্ৰদ আদি আছে। উত্তৰ – পূৱ জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক গভীৰ উপত্যকাই জাপান সাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। এই উপত্যকাৰ পূৱ দিশত পুৰণি শিলাৰে গঠিত কিটাকামি মালভূমি অৱস্থিত আৰু আগ্নেয় শিলাৰে গঠিত আবুকুমা মালভূমি আছে। উত্তৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি অঞ্চল।

মধ্য জাপান অঞ্চলটো হনছু দ্বীপৰ মধ্যভাগত অৱস্থিত আৰু এই অঞ্চলত হনছু পৰ্বতশ্ৰেণী ছিচিটো মেৰিয়ানা পৰ্বতমালা মিলিত হৈ জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। এই অঞ্চলত ফ’ছা। মেগানা নামক এক উপত্যকাই পৰ্বতশ্ৰেণীসমূহক পৃথক কৰিছে। ইয়াৰ দক্ষিণ ফালে ৩৭৭৬ মিটাৰ ওখ মাউন্ট ফুজি নামৰ এটা পৰ্বত শৃংগ আছে। মধ্য জাপানৰ দুটা উল্লেখযােগ্য সমভূমি হৈছে কান্টো আৰু নবি। এই সমভূমি অঞ্চলৰ মাজেদি বিভিন্ন নদী প্ৰবাহিত হৈ পলস সৃষ্টিৰ লগতে প্ৰশান্ত মহাসাগৰৰ উপকূল পৰ্যন্ত প্লাৱন ভূমিৰ সৃষ্টি কৰিছে।

দক্ষিণ – পশ্চিম জাপান অঞ্চলটো হনছু দ্বীপৰ দক্ষিণ – পশ্চিম অংশ, ছিক’কু আৰু কিউছিউ দ্বীপক লৈ গঠিত হৈছে। পূৱা – পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰিছে। দক্ষিণ – পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলাৰে গঠিত। এই অঞ্চলত বহুতাে দ্বীপ আকৃতিৰ শিলাময় পাহাৰ আৰু ভগ্ন উপকূল আছে। ছিগ’কু অঞ্চলৰ উপকূললৈকে বিস্তৃত হৈ থকা পৰ্বতৰ শাৰীবােৰক ঠেক উপত্যকাবােৰে পৃথক কৰি ৰাখিছে আৰু এই উপত্যকাবোৰ, পলসেৰে ভৰি সাৰুৱা কৃষিভূমি হৈছে। দক্ষিণ – পশ্চিম জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো পৰ্বতময় আৰু ইয়াৰ দক্ষিণ কিউছিউ অঞ্চলটোত সঘনাই আগ্নেয় উদ্গীৰণ ঘটে।

5. জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি? মানচিত্ৰসহ প্ৰতিটো বিভাগৰে ভূ-প্ৰকৃতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ উত্তৰে অৱস্থিত এলানি দ্বীপেৰে জাপান গঠিত হৈছে। ইয়াৰ ভূপ্ৰকৃতি প্ৰায় সকলােতে একে যদিও কিছুমান লঘু পাৰ্থক্য অনুযায়ী জাপানক ৪ টা ভূ-প্ৰাকৃতিক অঞ্চলত ভাগ কৰা হৈছে—

(ক) হ’কাইডাে অঞ্চলঃ এই অঞ্চলটো মুলতঃ জাপানৰ উত্তৰ ভাগত অৱস্থিত হ’কাইডাে দ্বীপেৰে গঠিত। অঞ্চলটোৰ সৰহভাগ ঠায়েই পৰ্বতীয়া। ইয়াৰ মধ্যভাগত হ’কাইডাে পৰ্বতমালা বিস্তৃত হৈ আছে। আচাইডাক শৃঙ্গ এই পৰ্বতমালাৰ উচ্চতম শৃঙ্গ (২২৯০ মি.)। সমান্তৰাল পৰ্বতমালাৰ মাজভাগত কিছু বিস্তীৰ্ণ পলসুৱা নিম্নভূমি পােৱা যায়। এই অঞ্চলটোৰ কিছুমান গুৰুত্বপূৰ্ণ সমভূমি অঞ্চল হ’ল ইছিকাৰি ইউফুটছ, টকাছি, কনছেন আদি। চাপ’ৰাে, কুচিৰাে, যুৰৰশ, আচাহিগাৱা, থাকোড়াটে আদি ইয়াৰ উল্লেখযােগ্য চহৰ।

(খ) উত্তৰ-পূব জাপান অঞ্চলঃ উত্তৰ-পূব জাপান অঞ্চল হছু দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। এই অঞ্চলৰ পশ্চিমভাগত বহুতাে ভাজ আৰু চ্যুতি আছে। তদুপৰি ইয়াত আও আৰু উটছু নামেৰে দুটা সমান্তৰাল পৰ্বতমালা আছে। এই পৰ্বতমালাৰ উচ্চতা ১৫০০-২০০০ মিঃ। সৰলবৰ্গীয় গছ-গছনি, হ্ৰদ, আগ্নেয়গিৰিৰ শৃংগ আদিয়ে এই অঞ্চলটো পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিছে। এই অঞ্চলটোৰ দুটা প্ৰধান মালভূমি হ’ল কিটাকামি মালভূমি আৰু আবুকামা মালভূমি। ইয়াৰ প্ৰথমটো পূৰণা গেদীয় শিলেৰে আৰু পিছৰটো আগ্নেয়গিৰীয় শিলেৰে গঠিত। উত্তৰ-পূব জাপান অঞ্চলৰ কেইখনমান। উল্লেখনীয় চহৰ হ’ল আওমােৰি, আকিটা, মৰিওকা, হাচিনােহে, ছোই,।কোৰিয়ামা, য়ামাগাটা আদি।

(গ) মধ্য জাপান অঞ্চলঃহছু দ্বীপৰ মাজ ভাগকে মধ্য জাপান বােলা হয়। হছু পৰ্বতমালা আৰু ছিচিটো মেৰিয়ানা পৰ্বতমালা লগলাগি জাপানৰ উচ্চতম পৰ্বতমালা গঠন কৰিছে। এই বিশেষ পৰ্বতমালাৰ পূবভাগক হিদা পৰ্বত বােলা হয়। জাপানীসকলৰ পৱিত্ৰ শৃঙ্গ মাউন্ট ফুজিও (৩,৭৭৬ মি.)এই হিদা পৰ্বততে অৱস্থিত। কোৱান্ট’ আৰু নাবি সমভূমি মধ্য জাপানৰ দুখন প্ৰধান সমভূমি। ট’ন নদীয়ে পলস পেলাই সৃষ্টি কৰা প্লাৱনভূমিৰ বাবে এই অঞ্চল। কৃষিৰ বাবে অতি উপযােগী। ইয়ক’হামা, টকিঅ’, নাগােয়া আৰু টয়ামা এই অঞ্চলৰ প্ৰধান চহৰ।

READ MORE  অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Chapter 3 | Class 10 Geography (E) - SEBA

(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চলঃ দ্বীপৰ দক্ষিণ-পশ্চিম অংশ, ছিক’কু আৰু কিউছিউ দ্বীপক লৈ দক্ষিণ-পশ্চিম জাপান অঞ্চলটো গঠিত হৈছে। এই অঞ্চলৰ পৰ্বতমালাসমূহ জাপানৰ দীৰ্ঘতম পৰ্বতমালা। তদুপৰি ইয়াৰ প্ৰায়ভাগ ঠাই প্ৰাচীন শিলেৰে গঠিত। কিয়ােটো, নাৰা আৰু বিৱা এই অঞ্চলৰ উল্লেখযােগ্য সমভূমি। পৰ্বতসমূহৰ মাজত কিছু উৰ্বৰ উপত্যকাও আছে। কিউছিউ দ্বীপৰ দক্ষিণত বহুতাে আগ্নেয়গিৰি আছে। এই অঞ্চলৰ কিছুমান প্ৰধান চহৰ হ’ল ওছাকা, কিওট’, কোবে, হিৰােছিমা, নাগাছাকি, কাগােছিমা, চাকাই, ওকায়ামা, কুমামােটো আদি।

6. মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ জাপান দেশৰ প্ৰধান কৃষি অঞ্চলসমূহ হৈছে—
(ক) পুৰণি জাপান অঞ্চল। আৰু
(খ) হ’কাইডাে অঞ্চল।

পুৰণি জাপান অঞ্চলক পুনৰ তিনি ভাগত বিভক্ত কৰা হৈছে। সেয়া হ’ল—
(i) অন্তঃবৰ্তী অঞ্চল।
(ii) পৰিধীয় অঞ্চল। আৰু
(iii) সীমামূৰীয়া অঞ্চল।

অন্তঃৱৰ্তী অঞ্চলটোক পুনৰ কেইটামান সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে। সেইবােৰ হৈছে—
(i) ছিট’ছি কিনকি অঞ্চল।
(ii) উত্তৰ কিউছিউ অঞ্চল।
(iii) চুক্যিও অঞ্চল।
(iv) টোকাই অঞ্চল।
(v) পশ্চিম কাণ্টো অঞ্চল।
(vi) টোছান অঞ্চল। আৰু
(vii) হাকুৰিকো অঞ্চল।

তলৰ মানচিত্ৰত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা হ’ল—

পুৰণি জাপান অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত। এই অঞ্চলৰ মূল বৈশিষ্ট্য হৈছে — ইয়াৰ কৃষি ক্ষেত্ৰৰে বৰ সৰু সৰু। এই অঞ্চলৰ জলবায়ু কৃষিৰ অনুকূল, সেয়ে বছৰত দুই – তিনিটা খেতি কৰা হয়। কৃষিৰ প্ৰাচুৰ্যতাৰ কাৰণে অঞ্চলটো ঘন জনবসতিপূৰ্ণ। এই অঞ্চলত বাণিজ্যিক ভিত্তিত বিভিন্ন ফল – মূল, শাক – পাচলি, ফুল আদি উৎপাদন কৰাৰ লগতে গাখীৰ আৰু মাংসৰ বাবে পশুপালন কৰা হয়। অঞ্চলটোৰ পাহাৰৰ নামনিত বেদিকা প্ৰণালীৰে কৃষিকাৰ্য কৰা হয় আৰু সমতল ভূমিত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়।

হ’কাইডাে অঞ্চলৰ ইচিকাৰী উপত্যকাই হৈছে প্ৰধান কৃষি ক্ষেত্ৰ। এই অঞ্চলৰ প্ৰধান বৈশিষ্ট্য হৈছে — ইয়াৰ জলবায়ু অতিশয় ঠাণ্ডা, সেয়ে এই অঞ্চলত বছৰটোৰ ভিতৰত মাত্ৰ এটা খেতি কৰা হয়। এই অঞ্চলৰ প্ৰধান শস্য হৈছে ধান আৰু আংশিকভাৱে কৰা আলু খেতি। এই অঞ্চলৰ চেঁচা জলবায়ু, পাৰ্বত্য ভূমি আৰু অনুৰ্বৰ মাটি কৃষিৰ উপযােগী নহয়।

7. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যৰােৰ চমুকৈ লিখা।
উত্তৰঃ কোনাে এখন ঠাইৰ জলবায়ু দেশখনৰ আকাৰ, বিযুৱৰ পৰা দূৰত্ব, সাগৰৰ পৰা দুৰত্ব, উচ্চতাৰ ভিন্নতা, প্ৰাকৃতিক উদ্ভিদ, মৌচুমী বায়ু আদি বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাবিত হয়। ভাৰতৰ জলবায়ু বহু পৰিমাণে এই কাৰকসমূহৰ দ্বাৰা প্ৰভাৱিত। মুঠতে ভাৰতৰ জলবায়ুত তলত দিয়া বৈশিষ্ট্যসমূহ দেখা যায়।

(ক) ভিন্ন জলবায়ুঃ ভিন্ন ভূ-প্ৰাকৃতিক গঠন যেনেঃ পৰ্বত, পাহাৰ, নদী, উপত্যকা, সমভূমি, মালভূমি, উপকূলীয় অঞ্চল আদিৰে ভাৰতবৰ্ষ এখন বিশাল দেশ। ভাৰতত বৰফাবৃত্ত পৰ্বত, মৰু অঞ্চল, অধিক বৃষ্টিপাত হােৱা অঞ্চল আছে। সেয়ে, ভাৰত এখন জলবায়বীয় ভিন্নতাৰে সমৃদ্ধ দেশ।

(খ) উত্তৰ আৰু দক্ষিণৰ মাজৰ ভিন্ন জলবায়বীয় অৱস্থাঃ ভাৰতৰ মাজেৰে পাৰ হৈ যােৱা কৰ্কটক্ৰান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে। উত্তৰ অংশটো নাতিশীতােষ্ণ মণ্ডল আৰু দক্ষিণ অংশটো ক্ৰান্তীয় অঞ্চলৰ অন্তৰ্গত। সেয়ে ভাৰতৰ দক্ষিণ অংশটো তুলনামূলকভাৱে উত্তৰ অংশতকৈ গৰম।

(গ) উচচতাৰ ভিন্নতাঃ ভাৰতত বিভিন্ন অঞ্চল সাগৰপৃষ্ঠৰ পৰা ভিন্ন স্তৰত অৱস্থিত। কোনাে এখন ঠাইৰ জলবায়ুক বিশেষভাৱে প্ৰভাৱিত কৰা এটা উল্লেখযােগ্য কাৰক হ’ল সাগৰপৃষ্ঠৰ পৰা উচ্চতা। সেয়ে, আগ্ৰা আৰু দাৰ্জিলিং একে অক্ষাংশত অৱস্থিত যদিও দুয়ােখন ঠাইৰে জলবায়ু ভিন্ন।

(ঘ) মৌচুমী বায়ুৰ প্ৰভাৱঃ ভাৰতৰ জলবায়ুৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল দেশখনৰ জলবায়ুত মৌচুমী বায়ুৰ প্ৰভাৱ। গ্ৰীষ্মকালত আৰব সাগৰৰ পৰা বলা দক্ষিণপশ্চিম মৌচুমী বতাহৰ বাবে ভাৰতত প্ৰচুৰ বৃষ্টিপাত হয়। এইবতাহআদ্ৰতাযুক্ত হােৱা বাবে ভাৰতৰ বহু অঞ্চলত যথেষ্ট পৰিমাণৰ বৃষ্টিপাতৰ সৃষ্টি কৰে।<p>শীতকালত উত্তৰ-পূব মৌচুমী বতাহে কিছু অঞ্চলত বৰষুণ আনে।

(ঙ) হিমালয়ৰ প্ৰভাৱঃ ভাৰতৰ জলবায়ু উত্তৰত অৱস্থিত হিমালয় পৰ্বতৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত। হিমালয়ে মধ্য এছিয়াৰ পৰা বলা ঠাণ্ডা বতাহক বাধা দিয়ে আৰু মধ্য এছিয়াৰ বেছিভাগ দেশৰ দৰে অতিপাত ঠাণ্ডা বতৰ হােৱাৰ পৰা ভাৰতক ৰক্ষা কৰে। দ্বিতীয়তে উত্তৰ আৰু উত্তৰ-পূব হিমালয়ে বংগ উপসাগৰৰ পৰা বলা আৰ্দ্ৰতাযুক্ত বতাহক বাধা দিয়ে আৰু সেইবাবে প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয়।

8. জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ কি কি ? জাপানৰ মানচিত্ৰত এই উদ্যোগিক অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰে চমু বিৱৰণ দিয়া।
উত্তৰঃ জাপানৰ উদ্যোগিক অঞ্চলটো ট’কিও’ৰ পৰা কিউছিউ পৰ্যন্ত প্ৰায় ১০০ কিল’মিটাৰ বিস্তৃত। জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ হৈছে—
(ক) ট’কিঅ’ – ইয়াকোহামা অঞ্চল।
(খ) ওছাকা – কোৱে – কিওটো অঞ্চল।
(গ) নাগােয়া অঞ্চল। আৰু
(ঘ) উত্তৰ কিউছিউ অঞ্চল।

তলৰ মানচিত্ৰত জাপানৰ প্ৰধান উদ্যোগ অঞ্চলসমূহ দেখুওৱা হ’ল—

ট’কিঅ’ – ইয়াকোহামা উদ্যোগিক অঞ্চলটো কান্টো সমভূমিত অৱস্থিত আৰু ই হনছু দ্বীপৰ ট’কিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আৱৰি আছে। এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ উদ্যোগ আছে। তাৰ ভিতৰত লাে – তীখাৰ জাহাজ নিৰ্মাণ উদ্যোগ, উৰা জাহাজে নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আদি উল্লেখযােগ্য। জাপানৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে।

ওছাকা – কোবে – কিওটো উদ্যোগ অঞ্চলটো ওছাকা উপসাগৰৰ উপকূল ভাগত অৱস্থিত আৰু এই অঞ্চলটোৱে কিনকি সমতল ভাগ আৱৰি আছে। উপসাগৰীয় জল – পৰিবহণ, সমতল ভাগৰ সুচল ৰেল পৰিবহণ আৰু দ্ৰুত নগৰীকৰণে কিনকি অঞ্চলটোত উদ্যোগ কেন্দ্ৰ গঢ়ি উঠাত সহায় কৰিছে। এই অঞ্চলটোত পৰম্পৰাগত বয়ন আৰু হস্তশিল্পৰ লগতে ৰেচম শিল্প, লাে – তীখৰ উদ্যোগ, খনিজ তেল উদ্যোগ, জাহাজ আৰু উৰাজাহাজ নিৰ্মাণ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ কেন্দ্ৰ আদি আছে।

নাগােয়া উদ্যোগ অঞ্চলটো হনছু দ্বীপৰ পূৱ অংশত অৱস্থিত। এই উদ্যোগ অঞ্চলটো পাট শিল্প, উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। নাগােয়া উদ্যোগ অঞ্চলটো জাপানৰ ডেট্ৰইট’ নামে পৰিচিত।

উত্তৰ কিউছিউ উদ্যোগ অঞ্চলটোৱে কিউছিউ দ্বীপৰ উত্তৰ অংশ আগুৰি আছে। এই অঞ্চলটোত কয়লাৰ প্ৰাচুৰ্যতাৰ বাবে বহুতাে লাে – তীখা উদ্যোগ, জাহাজ নিৰ্মাণ উদ্যোগ, চিমেন্ট উদ্যোগ আৰু যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ গঢ়ি উঠছে। এই অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰসমূহ হৈছে— য়াৱাটা, নাগাছাকি, ছিমনােছেকি আদি।

Leave a Comment

error: Content is protected !!
Scroll to Top