অনানুষ্ঠানিক শিক্ষা | Chapter 2 | Class 12 Education | Non-formal Education Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC


অনানুষ্ঠানিক শিক্ষা

শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)

1. অনানুষ্ঠানিক শিক্ষা নব্য সাক্ষৰৰ প্ৰয়ােজনীয়তা পূৰােৱাৰ সহায়ক।
উত্তৰঃ শুদ্ধ।

2. অনানুষ্ঠানিক শিক্ষা সকলাে ধৰণৰ অনমনীয়তাৰ পৰা মুক্ত।
উত্তৰঃ শুদ্ধ।

3. অনানুষ্ঠানিক শিক্ষা অত্যন্ত নমনীয়।
উত্তৰঃ শুদ্ধ।

4. দূৰৱৰ্তী শিক্ষা সদায় মুকলি।
উত্তৰঃ শুদ্ধ।

5. অনানুষ্ঠানিক শিক্ষাৰ নমনীয়তাই ইয়াক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰে।
উত্তৰঃ শুদ্ধ।

6. অনানুষ্ঠানিক শিক্ষাই সকলাে প্ৰকাৰৰ শৈক্ষিক প্ৰয়ােজনীয়তা পূৰণ কৰিব পাৰে।
উত্তৰঃ শুদ্ধ।

7. অনানুষ্ঠানিক শিক্ষা প্ৰযােজন ভিত্তিক নহয়।
উত্তৰঃ অশুদ্ধ।

8. অনানুষ্ঠানিক শিক্ষা হ’ল এক জীৱন জোৰা শিক্ষা।
উত্তৰঃ শুদ্ধ।

9. দূৰৱৰ্তী শিক্ষা হ’ল এক আওপকীয়া শিক্ষা।
উত্তৰঃ শুদ্ধ।

10. অনানুষ্ঠানিক শিক্ষা স্বেচ্ছাপ্ৰণােদিত নহয়।
উত্তৰঃ অশুদ্ধ।

11. অনানুষ্ঠানিক শিক্ষাৰ কোনাে নিৰ্দিষ্ট পাঠ্যক্ৰম নাই।
উত্তৰঃ অশুদ্ধ।

12. দূৰৱৰ্তী শিক্ষা হ’ল অনানুষ্ঠানিক শিক্ষা।
উত্তৰঃ শুদ্ধ।

13. দূৰ্বৱৰ্তী শিক্ষা হ’ল এক ব্যয়বহুল শিক্ষা পদ্ধতি।
উত্তৰঃ অশুদ্ধ।

14. মুক্ত শিক্ষাৰ একক প্ৰৱেশ পথ থাকে।
উত্তৰঃ শুদ্ধ।

15. অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল বিদ্যালয় বহিৰ্ভূত শিশুৰ বাবে।
উত্তৰঃ শুদ্ধ।

16. অনানুষ্ঠানিক শিক্ষা পৰীক্ষামুখী।
উত্তৰঃ অশুদ্ধ।

17. সকলাে দূৰৱৰ্তী শিক্ষা কাৰ্যসূচীৰে মুক্ত শিক্ষাৰ বৈশিষ্ট্য থাকে।
উত্তৰঃ শুদ্ধ।

18. অনানুষ্ঠানিক শিক্ষাই শিকাৰুৰ সাৰ্বিক উন্নয়নত সহায় কৰিব নােৱাৰে।
উত্তৰঃ শুদ্ধ।

19. মুক্ত নােহােৱাকৈ দূৰৱৰ্তী শিক্ষা সম্ভৱ।
উত্তৰঃ অশুদ্ধ।

20. দূৰৱৰ্তী শিক্ষা শিকাৰু কেন্দ্ৰিক।
উত্তৰঃ শুদ্ধ।

খালী ঠাই পূৰ কৰা (মূল্যাংক- ১)

1. অনানুষ্ঠানিক শিক্ষাক _____ শিক্ষাৰ ক্ষেত্ৰত সৌজন্যমূলক আৰু পৰিপূৰক হিচাপে গ্ৰহণ কৰা হৈছে।
উত্তৰঃ আনুষ্ঠানিক।

2. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় _____ত অৱস্থিত।
উত্তৰঃ নতুন দিল্লীত।

3. দিল্লী বিশ্ববিদ্যালযত প্ৰথম যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল _____ত।
উত্তৰঃ ১৯৬২ চনত।

4. ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় স্থাপন হয় _____।
উত্তৰঃ ১৯৮৯ চনত।

5. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল _____ ত।
উত্তৰঃ ১৯৮৫।

6. যােগাযােগমূলক শিক্ষা হ’ল _____ যােগাযােগৰ ওপৰত ভিত্তি কৰা।
উত্তৰঃ ডাক।

7. _____ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল শিক্ষক আৰু শিকাৰুৰ মাজৰ দূৰত্ব।
উত্তৰঃ দূৰৱৰ্তী।

8. মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমতে বিকশিত হয় _____ ত।
উত্তৰঃ ইউৰােপত।

9. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন হয় ____ ত।
উত্তৰঃ অন্ধ্ৰপ্ৰদেশত।

10. আনুষ্ঠানিক শিক্ষা: বিদ্যালয়, অনানুষ্ঠানিক শিক্ষা: _____।
উত্তৰঃ যােগাযােগ পাঠ্যক্ৰম।

11. অনানুষ্ঠানিক শিক্ষা হ’ল _____ আৰু স্বেচ্ছামূলক।
উত্তৰঃ স্বতঃস্ফূৰ্ত।

12. অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপিত হয় _____ত।
উত্তৰঃ ২০০৭ চনত।

13. নিজৰ ‘শ্বাৰ্ট হেণ্ড’ পাঠ্যক্ৰমত যােগাযােগ মূলক শিক্ষাৰ প্ৰথম আৰম্ভণি কৰিছিল _____।
উত্তৰঃ আইজাক পিটমেন।

14. ভাৰত চৰকাৰে _____ৰ অধ্যক্ষতাত যােগাযােগমূলক শিক্ষা সম্পৰ্কত এখন সমিতিৰ নিযুক্তি দিছিল।
উত্তৰঃ ড° ডি এছ কোঠাৰী।

15. কেন্দ্ৰীয় চৰকাৰে ভাৰতত স্থাপন কৰা প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হ’ল _____।
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।

16. অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা _____ নহয়।
উত্তৰঃ নিৰ্ধাৰিত।

17. ছাৰ আইজাক পিটমেনে _____এ দূৰৱৰ্তী ছাত্ৰসকলৰ বাবে প্ৰথমতে শ্বাৰ্ট হেণ্ড পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছিল।
উত্তৰঃ যােগাযােগ পাঠ্যক্ৰম।

18. অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব দিয়ে _____ বিষয় সমূহত।
উত্তৰঃ ব্যক্তিগত প্ৰযােজন ভিত্তিক।

19. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম _____।
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।

20.‘দূৰ শিক্ষা’ শব্দৰ ব্যৱহাৰ প্ৰথমে কৰিছিল _____এ।
উত্তৰঃ কিগান (Keegan) নামৰ চিন্তাবিদ গৰাকী।

অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)

1. IGNOU ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ IGNOU ৰ সম্পূৰ্ণ নাম হ’ল— Indira Gandhi National Open University.

2. বিশ্বৰ বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা।
উত্তৰঃ চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয়।

3. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ ১৯৮৫ চনত।

4. SLM ৰ অৰ্থ কি?
উত্তৰঃ Self Learning Material অৰ্থাৎ আত্ম শিক্ষণ সঁজুলি।

5. কোন বছৰত দিল্লী বিশ্ববিদ্যালয়ে যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল?
উত্তৰঃ ১৯৬২ চনত।

6. দূৰৱৰ্তী শিক্ষাক কোনে দূৰগ্ৰাহী শিক্ষা নাম দিয়ে?
উত্তৰঃ ম’ৰে( Moore)।

7. বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা।
উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)।

8. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা অনমনীয় কিন্তু অনানুষ্ঠানিক শিক্ষা নমনীয়।

9. অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

10. ভাৰতত যােগাযােগমূলক শিক্ষা কোনে আৰম্ভ কৰে?
উত্তৰঃ দিল্লী বিশ্ববিদ্যালয়।

11. অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিকৃত কৰা হৈছে নেকি?
উত্তৰঃ হােৱা নাই।

12. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।

13. তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ দিল্লী মুক্ত বিশ্ববিদ্যালয়।

14. যােগাযােগমূলক শিক্ষাত যােগাযােগ মাধ্যম কি?
উত্তৰঃ ছপা সামগ্ৰী, লিখিত টোকা, চিঠি – পত্ৰ ইত্যাদি।

15. শিক্ষক আৰু শিকাৰুৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ দূৰবৰ্তী শিফাত ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম লিখা।
উত্তৰঃ পৰােক্ষ পদ্ধতি।

16. কোনখন দেশে প্ৰথমে দূৰৱৰ্তী শিক্ষাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ইউৰােপ।

17. দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া।
উত্তৰঃ কীগানৰ মতে “ দূৰ শিক্ষাই দূৰ শিক্ষণ আৰু দূৰ শিক্ষণ এই দুটোকে প্ৰতিনিধিত্ব কৰে।

চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)

1. শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষাৰ সহাযকাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি।
(i) শিক্ষাৰ সাৰ্বজনীন ৰূপ দিয়াত ই সহায় কৰে।
(ii) আজি সময়ৰ উপযােগীকৈ এই শিক্ষাই শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰে।
(iii) বৃত্তিমূলক শিক্ষা আৰু ব্যৱসায়িক শিক্ষাত গুৰুত্ব আৰােপ কৰে।

2. যােগাযােগমূলক শিক্ষাক কি ডাক – শিক্ষা হিচাপে জনা যায়?
উত্তৰঃ ডাকযােগে শিক্ষা পৰিচালনাৰ বাবে বিশেষজ্ঞসকলে কোনাে বিষয়ৰ বিভিন্ন পাঠৰ ওপৰত বক্তৃতা যুগুত কৰে আৰু ছপা কৰি ডাকযােগে ছাত্ৰ – ছাত্ৰীলৈ পঠোৱা হয়। ছাত্ৰ – ছাত্ৰীযে ঘৰত এই ছপা সামগ্ৰী অধ্যয়ন কৰিব লাগে আৰু প্ৰশ্নাৱলীৰ উত্তৰ কৰি ছাত্ৰ – ছাত্ৰীযে শিক্ষকলৈ পঠাব লাগে। গতিকে ইয়াক ডাক – শিক্ষা হিচাপে জনা যায়।

3. অনানুষ্ঠানিক শিক্ষাক কি শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কৰা হয়?
উত্তৰঃ অনানুষ্ঠানিক শিক্ষাক শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কাৰৰ কাৰণবােৰ হ’ল—
(i) এই শিক্ষাত নামভৰ্তি, শিক্ষা আহৰণ, শিক্ষা প্ৰক্ৰিয়াৰ পৰা প্ৰস্থান এই সকলাে কাৰ্য শিক্ষাৰ্থীৰ সুবিধা অনুযায়ী সম্পাদন কৰা হয়।
(ii) শিক্ষাৰ্থী নিজস্ব প্ৰযােজন, সামৰ্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান অভিজ্ঞতা আহৰণত এই শিক্ষাই বিশেষভাৱে সহায় কৰে।

4. মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোৱে কি বুজায়?
উত্তৰঃ মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোৱেই এক মুক্ত প্ৰৱেশ পদ্ধতিৰ ব্যৱস্থা হিচাপে বুজায় যত বিদ্যালয় বহিৰ্ভুত ছাত্ৰ – ছাত্ৰী অকালতে স্কুল এৰা, কৰ্মৰত প্ৰাপ্তবয়স্ক লােকসকল, গৃহিণী সমাজ বঞ্চিত শিকাৰুসকলৰ বাবে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা হয়।

5. যােগাযােগমূলক শিক্ষাৰ উৎপত্তি সম্পৰ্কে লিখা।
উত্তৰঃ ইউৰােপৰ কিছুমান দেশত উনৈশ শতিকাতে যােগাযােগ শিক্ষাৰ প্ৰৱৰ্তন হৈছিল। ১৮৯৮ চনতে চুইডেনত হানচ হাৰমভ নামৰ লােক। এজনে এই পাঠ্যসূচী প্ৰকাশ কৰিছিল। ১৯৬২ চনত দিল্লী। বিশ্ববিদ্যালয়ত আমাৰ দেশৰ প্ৰথম যােগাযােগ শিক্ষা বিভাগ খােলা, হৈছিল। বৰ্তমানে ৫০ খন মান বিশ্ববিদ্যালয়ত যােগাযােগ পাঠ্যসূচীৰ ব্যৱস্থা আছে।

6. মুক্ত শিক্ষা কি?
উত্তৰঃ যি শিক্ষা ব্যৱস্থাত আধুনিক শিক্ষাৰ দৰে এক নিৰ্দিষ্ট বয়সৰ। সমযসীমা, নিৰ্দিষ্ট সমযলৈকে বিদ্যালযত থকা নিৰ্দিষ্ট বিষযৰ জ্ঞান লাভ কৰা ইত্যাদিৰে মাথাে বিদ্যালযত আবদ্ধ থকা ব্যৱস্থা সমূহ নাথাকে তাকেই মুক্ত শিক্ষা বােলে। ই এক অনানুষ্ঠানিক শিক্ষা ব্যবস্থা।

7. অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কি কোৱা হয়? দুটা কাৰণ লিখা।
উত্তৰঃ কাৰণ দুটা হ’ল—
(ক) এই শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ ত্ৰুটি – বিচ্যুতিসমূহ দূৰ কৰে।
(খ) যিসকল লােক আনুষ্ঠানিক শিক্ষাৰ বাবে অনুপযুক্ত বা যাৰ বাবে এই শিক্ষা সম্ভৱ নহয় তেওঁলােকক শিক্ষাৰ সুযােগ দিবৰ বাবে এই অগতানুগতিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

8. অনানুষ্ঠানিক শিক্ষা মানে কি বুজা?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এনে এক শিক্ষা ব্যৱস্থা যত আনুষ্ঠানিক শিক্ষাৰ দৰে বাধ্যবাধকতা নাথাকে। অনানুষ্ঠানিক এনে একপ্ৰকাৰ শিক্ষা ব্যৱস্থা যত সম্পূৰ্ণ অগতানুগতিক প্ৰথাৰে নিৰ্দিষ্ট সময়, ব্যস, স্থান, শিক্ষক আদি সকলােতে শিথিলতা অৱলম্বন কৰি আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হােৱা ল’ৰা – ছােৱালীক শিক্ষা দিব পৰা হয়।

9. সকলােবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলােবিলাক দূৰ শিক্ষাই মুক্ত নহ’- দুটা যুক্তি দিয়া।
উত্তৰঃ যুক্তি দুটা হ’ল—
(১) দূৰ শিক্ষাই গতানুগতিক নিয়ন্ত্ৰিত শিক্ষাৰ বিকল্প অথবা পৰিপূৰক হিচাপেহে শিক্ষাৰ সংযােগ সম্প্ৰসাৰিত কৰে। কিন্তু মুক্ত শিক্ষা এক। বহুমুখী শিক্ষা ব্যৱস্থা।
(২) দূৰ শিক্ষাৰ উদ্দেশ্য হ’ল শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত। শিক্ষাৰ্থীসকলৰ মাজত আৰু বিচ্ছিন্ন অঞ্চলসমূহত শিক্ষা বিস্তাৰ কৰি শিক্ষাৰ সমান সুযােগ প্ৰদান কৰা। ই মুক্ত শিক্ষাৰ দৰে সকলাে শ্ৰেণী শিকাৰুৰ বাবে উপযােগী নহয়।

10. দূৰৱৰ্তী শিক্ষা কি?
উত্তৰঃ দূৰশিক্ষা হ’ল এনে এটা পদ্ধতি য’ত জ্ঞান, কৌশল আৰু। মনােভাবক বিভিন্ন শ্ৰম প্ৰযােগৰে যুক্তিসংগত সূত্ৰ উদ্ভাৱনেৰে আৰু। বিভিন্ন প্ৰযুক্তিপূৰ্ণ মাধ্যমেৰে সমাজৰ সকলাে শ্ৰেণীৰ বাবে গ্ৰহণ কৰা। এক মুক্ত শিক্ষা ব্যৱস্থা। ইযাক ডাকযােগে শিক্ষা বা মুকলি শিক্ষা বুলিও কোৱা হয়।

11. অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা কি?
উত্তৰঃ অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা অতি সীমিত। এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে। প্ৰয়ােজন সাপেক্ষে শিক্ষাৰ্থীযে শিক্ষকৰ লগত যােগাযােগ স্থাপন কৰি পঠনৰ বিষয়ে আলােচনা কৰিবৰ সুবিধা পায়।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)

1. IGNOU ৰ বিষয়ে কি জানা ?
উত্তৰঃ ১৯৮৫ চনৰ চেপ্তেম্বৰ মাহত সংসদৰ এক অধ্যাদেশ অনুসৰি দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, চমুকৈ IGNOU আৰম্ভ কৰা হয়। ই্যাৰ শৈক্ষিক কাৰ্যাবলী, আৰম্ভ হয় ১৯৮৭ চনৰ জানুৱাৰী মাহৰ পৰাহে। IGNOU ৰ বৈশিষ্ট্যসমূহ এনে ধৰণৰ –
(ক) ইয়াত নামভৰ্তিৰ বাবে নিম্নতম শৈক্ষিক অৰ্হতাৰ মান দৃঢ় নিয়মেৰে বন্ধা নহয়, এই মানদণ্ড নমনীয়।
(খ) ছাত্ৰ – ছাত্ৰীযে নিজৰ চাহিদা অনুসৰি বহু বিষয়ৰ পৰা পাঠ্যক্ৰম বাছি ল’ব পাৰে।
(গ) শিক্ষণ কাৰ্য্যত আধুনিক আৰু উপযুক্ত শৈক্ষিক যােগাযােগ পদ্ধতি প্ৰযােগ কৰিব পাৰে।

2. মুক্ত শিক্ষাৰ তিনিটা গুণ উল্লেখ কৰা।
উত্তৰঃ মুক্ত শিক্ষাৰ তিনিটা গুণ হ’ল—
(i) গণমাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত ই বহুলভাৱে। লােকক সাক্ষৰ কৰি তােলাত সহায় হৈছে।
(ii) মুক্ত শিক্ষাত খৰচ কম।
(iii) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী।

3. মুক্ত শিক্ষাৰ তিনিটা গুণ লিখা।
উত্তৰঃ মুক্ত শিক্ষাৰ তিনিটা গুণ হ’ল—
(i) গণমাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত ই বহুলভাৱে লােকক সাক্ষৰ কৰি তােলাত সহায় হৈছে।
(ii) মুক্ত শিক্ষাত খৰচ কম।
(iii) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী।

READ MORE  স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা | Chapter 1 | Class 12 Education - AHSEC

4. যােগাযােগমূলক শিক্ষাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ যােগাযােগ শিক্ষাৰ তিনিটা উদ্দেশ্য হ’ল—
(i) ডাকযােগে শিক্ষা ব্যৱস্থাত কম খৰচতে যাতে অধিক সাফল্য লাভ কৰে তাৰ সুবিধা দিয়া।
(ii) যি সকল ছাত্ৰ – ছাত্ৰীযে বিভিন্ন কাৰণত শিক্ষানুষ্ঠানত ভৰ্তি হ’ব নােৱাৰে, তেওঁলােকক শিক্ষা গ্ৰহণত সুবিধা দিয়া।
(iii) কৰ্মৰত শিক্ষক, কৰ্মচাৰী আৰু অন্যান্যসকলে চাকৰিৰ যােগেদি জীৱন নিৰ্বাহ কৰি থাকিও যাতে উচ্চ শিক্ষা ল’ব পাৰে তাৰ সুবিধা দিয়া হয় আৰু শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাক চকু দিয়া হয়। দূৰ শিক্ষা ব্যৱস্থাই পৰােক্ষভাৱে শিক্ষা আহৰণত অৰিহণা যােগায়।
বিভিন্ন প্ৰকাৰৰ দূৰ শিক্ষা ব্যৱস্থাসমূহ তলত আলােচনা কৰা হ’ল—

(ক) যােগাযােগ শিক্ষা ( Correspondence Education):- ত ভিত্তি কৰি শিক্ষালাভ। কৰিব পৰা যায়। এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা পাঠবােৰৰ পৰা আৰম্ভ কৰি প্ৰশ্নোত্তৰ আদান – প্ৰদান, গৃহকাৰ্য প্ৰদান, মুল্যায়ন প্ৰদান কৰা আদি সকলাে কাৰ্য ডাৰ্ক ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হয় বাবে এই শিক্ষাক ডাক শিক্ষা (postal education) বুলিও কোৱা হয়।

(খ) মুক্ত শিক্ষা (Open education):- মুক্ত শিক্ষা এনে এক শিক্ষা ব্যৱস্থা যত শিক্ষাৰ্থীযে বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্ৰেণীকোঠাত নবহাকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ নীতি – নিয়মৰ কোনাে বান্ধোন নাথাৰ্কে, এই শিক্ষা সকলাে পৰ্য্যৰ সকলাে ব্যসৰ আৰু সকলাে শ্ৰেণীৰ ব্যক্তিৰ বাবে মুক্ত। মুক্ত শিক্ষাত শিক্ষাৰ্থীৰ হাতত সম্পূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰা হয়।
(গ) মুক্ত বিদ্যালয় (Open school):- মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই। ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ – দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তােলা হয়। এনেবােৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে।

(ঘ) মুক্ত বিশ্ববিদ্যালয় (Open University):- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থাৰ এটি উল্লেখযােগ্য ব্যৱস্থা। মুক্ত বিশ্ববিদ্যালয়ে বিদ্যালয় এৰা, কৰ্মৰত যুৱক, ঘৰৰ গৃহিণী আৰু চাকৰিয়ালসকলকো শিক্ষা আহৰণৰ সুবিধা দিয়ে। ইয়াৰ উপৰি। একেবাৰে পিছপৰা গ্ৰামাঞ্চলৰ দুৱাৰমুখলৈকো মুক্ত বিশ্ববিদ্যালয়ে শিক্ষা সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে। শিক্ষাৰ্থীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে মুক্ততাৰ ধাৰণা প্ৰৱৰ্তন কৰে আৰু বয়সৰ ক্ষেত্ৰত এই শিক্ষা ব্যৱস্থাত কোনাে ধৰাবন্ধা নিয়ম নাই।

5. মুক্ত বিদ্যালয়ৰ শিকাৰু কোন হ’ব পাৰে? অথবা, অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হােৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকল হ’ল—
(i) অৰ্থনৈতিভাৱে দুৰ্বল শিক্ষাৰ্থীসকল।
(ii) অবিৰতভাৱে শিক্ষা লাভৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকল।
(iii) মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসফল ছাত্ৰ – ছাত্ৰীসকল।
(iv) কৰ্মৰ ক্ষেত্ৰত সােমাই পৰা শিক্ষা আধৰুৱা ব্যক্তিসকল।

6. “বৰ্তমান বিশ্বই তিনি প্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে ” —এই বিস্ফোৰণবােৰ কি কি?
উত্তৰঃ বৰ্তমান বিশ্বই মুখামুখী হােৱা তিনিধৰণৰ বিস্ফোৰণ তলত দিয়া ধৰণৰ—
(ক) জন বিস্ফোৰণ:- জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা – সুবিধাসমূহ বৃদ্ধি কৰা স্বত্বেও এক বৃহৎ সংখ্যক লােকে আনুষ্ঠানিক। শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

(খ) জ্ঞানৰ বিস্ফোৰণ:- বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে। জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ লগে লগে জ্ঞান লাভৰ স্পৃহাও বৃদ্ধি হৈছে। এই জ্ঞানৰ স্পৃহাক পৰিতৃপ্ত কৰিব পৰাকৈ আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা যথেষ্ট নহয়।
(গ) আশা- আকাংক্ষাৰ বিস্ফোৰণ:- বৰ্তমান সামাজিক জীৱনৰ জটিলতা বৃদ্ধি পােৱাৰ লগে লগে মানুহৰ আশা – আকাংক্ষাৰাে বিস্ফোৰণ হােৱা দেখা গৈছে। ফলস্বৰূপে ব্যক্তি আৰু সমাজৰ সকলাে ধৰণৰ আশা – আকাংক্ষাসমূহ পৰিতৃপ্ত হােৱা ব্যৰ্থ হৈ পৰিছে।

7. মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল—
(i) স্কুলীয়া শিক্ষা আধৰুৱা কৰি এৰি অহা ব্যক্তিক শিক্ষাৰ সুযােগ দিয়া
(ii) আৰ্থিকভাৱে দুৰ্বল আৰু সমাজৰ দুখীয়া শ্ৰেণীৰ ল’ৰা – ছােৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰা।
(iii) ব্যক্তিগত আৰু অবিৰত শিক্ষা লাভৰ ইচ্ছুক ছাত্ৰ – ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান কৰা।

8. এই বিস্ফোৰণসমূহৰ বাবে হােৱা শৈক্ষিক সমস্যাসমূহৰ মুখামুখি হ’বলৈ দূৰৱৰ্তী শিক্ষাই কিদৰে আমাক সহায় কৰে ব্যাখ্যা কৰা।
উত্তৰঃ বৰ্তমান বিশ্বই তিনিপ্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হ’ব লগা হৈছে
(ক) জনসংখ্যাৰ বিস্ফোৰণ।
(খ) জ্ঞানৰ বিস্ফোৰণ। আৰু
(গ) আশা – আকাংক্ষাৰ বিস্ফোৰণ।
এই বিস্ফোৰণসমূহৰ ফলস্বৰূপে মানুহৰ প্ৰযােজনসমূহাে বৃদ্ধি পােৱা দেখা গৈছে। কেৱল আনুষ্ঠানিক শিক্ষাই এই প্ৰযােজনসমূহ তথা বৃত্তিৰ বৰ্ধিত চাহিদা সমূহ পূৰণ কৰিব নােৱাৰে। যাৰ ফলস্বৰূপে বৰ্তমান সমাজ। ব্যৱস্থাত এক বিকল্প শিক্ষা ব্যৱস্থাৰ প্ৰযােজন আহি পৰিছে। এই বিকল্প শিক্ষা ব্যৱস্থা হৈছে ‘দূৰ শিক্ষা।
এই শিক্ষা ব্যৱস্থাই আনুষ্ঠানিক শিক্ষাৰ সংকীৰ্ণতা দূৰ কৰি সকলাে মানুহৰ প্ৰযােজন আৰু চাহিদা পূৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

9. অনানুষ্ঠানিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যবােৰ হ’ল—
(i) অনানুষ্ঠানিক শিক্ষাত নামভৰ্তি কৰা অৰ্থাৎ শিক্ষা প্ৰক্ৰিয়াত। অন্তৰ্ভুক্ত হােৱাৰ বাবে আৰু শিক্ষা প্ৰক্ৰিয়াৰ পৰা প্ৰস্থান কৰাৰ বাবে কোনাে জটিলতাৰ সন্মুখীন হ’ব নালাগে।
(ii) শিক্ষাৰ্থীৰ নিজস্ব প্ৰযােজন, সামাৰ্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান, অভিজ্ঞতা আহৰণত এই শিক্ষাই বিশেষভাৱে সহায় কৰে।
(ii) শিক্ষা এক জীৱনব্যাপি চলা প্ৰক্ৰিয়া’— এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অনানুষ্ঠানিক শিক্ষাই গঢ় লৈ উঠিছে।

10. দূৰৱৰ্তী শিক্ষাত সাধাৰণতে হােৱা আধুনিক কাৰিকৰী সাহায্য তিনিটাৰ উল্লেখ কৰা।
উত্তৰঃ দূৰ শিক্ষাত ব্যবহৃত আধুনিক কাৰিকৰী সাহায্য তিনিটা হ’ল—
(১) ছপা সামগ্ৰী:- ইয়াৰ অন্তৰ্ভুক্ত উপাদান সমূহ হ’ল— পুস্তিকা, কিতাপ, বিভিন্ন বিষয়ৰ টোকা, বিশেজ্ঞই প্ৰস্তুত কৰা শিক্ষণৰ হাতপুথি ইত্যাদি।
(২) দৃশ্য – শ্ৰব্য সঁজুলি:- স্লাইড, ফিল্ম, শ্ৰব্য কেছেট, ভিডিঅ’ টেপ আদি ইত্যাৰ অন্তৰ্ভুক্ত উপাদান।
(৩) কম্পিউটাৰ:- দূৰ শিক্ষাত কম্পিউটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)

1. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ হ’ল—
(i) আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অতি সীমিত, ই জীৱনজোৰা প্ৰক্ৰিয়া নহয়।
(ii) ই এক সাধাৰণধৰ্মী শিক্ষা চাহিদা ভিত্তিক নহয়।
(iii) আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবােৰ অনমনীয় গতিকে সাধাৰণ আৰু সমাজৰ বঞ্চিত লােকৰ বাবে ই উপযােগী নহয়।
(iv) এই শিক্ষা লােৱাৰ বাবে খৰচ অতি বেছি হয় গতিকে দুখীয়া শ্ৰেণীৰ লােক এই শিক্ষাৰ পৰা বঞ্চিত হয়।
(v) এই শিক্ষা গণতান্ত্ৰিক নহয়।

2. যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শৱলী কি কি ?
উত্তৰঃ যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আযেংগৰ পৰামৰ্শসমূহ হ’ল—
(i) অংশকালীন শিক্ষা দিয়া অনুষ্ঠানৰ যােগেদিও শিক্ষা ল’বলৈ অসমৰ্থ হাজাৰ হাজাৰ লােকৰ বাবে ব্যাপকভাৱে ডাকযােগে শিক্ষাৰ ব্যৱস্থা। হাতত ল’ব লাগে।
(ii) ডাকযােগে শিক্ষা লােৱা ছাত্ৰ – ছাত্ৰীক মাজে মাজে তেওঁলােকৰ শিক্ষকক লগ পােৱাৰ সুযােগ দিব লাগে।
(iii) ডাকযােগে শিক্ষা লােৱাত সুবিধা হােৱাকৈ ৰেডিঅ’আৰু দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত হােৱা উচিত।
(iv) কৃষি উদ্যোগ আদিৰ লগত জড়িত কৰ্মীৰ বাবে বিশেষ বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে যাতে কৰ্মীসকলৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হয়।
(v) সাংস্কৃতিক আৰু নান্দনিক বিকাশৰ বাবে অধ্যয়ন কৰিব লগা। বিষয়বােৰৰ অধ্যয়ন কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ বাবেও ডাকযােগে শিক্ষা ব্যৱস্থা হ’ব লাগে।

3. ‘অনানুষ্ঠানিক শিক্ষা হ’ল গণতান্ত্ৰিক নীতি ভিত্তিক’- চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ অনানুষ্ঠানিক শিক্ষা হ’ল গণতান্ত্ৰিক নীতি ভিত্তিক। কথাষাৰ সম্পূৰ্ণৰূপে গ্ৰহণযােগ্য। এই উক্তিৰ সমৰ্থনত তলত দিয়া মতামতসমূহ আগবঢ়াব পাৰাে।
(i) সকলােৰে বাবে শিক্ষা’আৰু সকলােৰে বাবে কাম’ৰ ধাৰণা বাস্তৱায়িত কৰি তােলাৰ বাবে অনানুষ্ঠানিক শিক্ষাই চেষ্টা চলায়।

(ii) এনে শিক্ষাৰ বিভিন্ন মাধ্যমসমূহৰ দ্বাৰা ভাৰতবৰ্ষৰ দৰে বিশাল দেশখনত যত ২০১১ চনৰ লােকপিয়ল হিচাপে প্ৰায় ৭৪।০৪ শতাংশ। লােকহে শিক্ষিত। শিক্ষাৰ সুবিধা সাৰ্বজনীন কৰি তােলা সম্ভৱ।

(iii) বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰে ব্যক্তিক প্ৰয়ােজন অনুসৰি স্থানীয় বা বাহিৰৰ সম্পদৰাজি আহৰণ আৰু ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হােৱা আৰু জ্ঞান বৃদ্ধি কৰাত অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব আৰােপ কৰে।

(iv) এই শিক্ষা সম্পূৰ্ণৰূপে মুক্ত শিক্ষা। কৰ্মৰত, বিবাহিত, চাকৰিল শিক্ষক সমাজৰ পিছপৰা লােকসকল এই শিক্ষাৰ জৰিযতে শিক্ষা বা প্ৰশিক্ষণ ল’বলৈ সুবিধা পাইছে।

(v) গাঁও বা বিদ্যালয়ত নথকা অঞ্চলৰ এক বৃহৎসংখ্যক ল’ৰা – ছােৱালীক সামৰি এই শিক্ষা ব্যৱস্থাই গুৰুত্ব আৰােপ কৰে।

4. মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা উদ্দেশ্য লিখা।
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা উদ্দেশ্য হ’ল—
(i) উচ্চ শিক্ষা প্ৰত্যাশীসকলক বৃহৎ সুবিধা দি উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমতা প্ৰদান কৰা।
(ii) যি সকল প্ৰাপ্তবয়স্কই উচ্চ শিক্ষা লােৱাৰ আকাঙ্খা পূৰণ কৰিব পৰা নাছিল তেওঁলােকৰ বাবেও উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা।
(iii) যিসকল চাকৰিয়াল লােকে নিজৰ নিজৰ জ্ঞান নবীকৰণ কৰিব খােজে তেওঁলােকৰ বাবেও উচ্চ শিক্ষা লােৱাৰ সুবিধা প্ৰদান কৰা।
(iv) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণৰ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন কৰা।

5. আজিৰ সমাজত মুক্ত শিক্ষাৰ প্ৰযােজন কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত প্ৰতিজন ব্যক্তিকে শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ বাবে ১৯৮৬ চনত নতুন বাষ্ট্ৰীয় শিক্ষানীতিৰ যােগেদি কিছু নতুন পদক্ষেপ পৰিকল্পনা আগবঢ়োৱা হৈছে। শিক্ষা প্ৰক্ৰিয়াৰ সহায়ত দেশৰ ঐক্য – সংহতি সুদৃঢ় কৰি শিক্ষাৰ সমগ্ৰ পৰ্যাযতে সকলাে প্ৰকাৰৰ অসমতা আৰু বৈষম্য আঁতৰ কৰাৰ বাবে এটা শক্তিশালী জাতীয় শিক্ষানীতি বিকশিত কৰি তােলাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

এনে দৃষ্টিভংগী অনুসৰণ কৰি সকলােৰে বাবে শিক্ষা নীতি গ্ৰহণ কৰিযে অনানুষ্ঠানিক শিক্ষাই এক মুক্ত শিক্ষা ব্যবস্থা গ্ৰহণ কৰিছে। পৰম্পৰাগত প্ৰচলতি হৈ থকা বিধিসম্মত আনুষ্ঠানিক শিক্ষা প্ৰক্ৰিয়াৰ নানা ধৰণৰ দোষ ত্ৰুটী আৰু সমস্যাৰ বাবে সাধাৰণ তথা উচ্চ শিক্ষা আহৰণত ব্যৰ্থ হােৱা লােকসকলক উচ্চ শিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰি দেশৰ।

স্কুলীয়া আৰু উচ্চ শিক্ষাক জনমুখী কৰি তােলাৰ বাবে বৰ্তমান মুকলি শিক্ষা অতি জনপ্ৰিয় হৈ উঠিছে। এই সন্দৰ্ভত তলত দিয়া দিশসমূহ। উল্লেখ কৰিব পাৰে।
(i) মুক্ত শিক্ষাত খৰচ কম।
(ii) এই শিক্ষাৰ পাঠ্যক্ৰম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী।
(iii) এই শিক্ষা ব্যৱস্থাৰ পৰা ভিতৰুৱা অঞ্চল, পাহাৰীয়া অঞ্চল, গ্ৰাম্যাঞ্চলত থকা লােকেও সুবিধা পায়।
(iv) দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণত এই শিক্ষা অতি প্ৰযােজনীয়।

6. দূৰৱৰ্তী শিক্ষা কি? বিভিন্ন প্ৰকাৰৰ দূৰৱৰ্তী শিক্ষা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা। অথবা, দূৰশিক্ষা কি? দুৰশিক্ষাৰ প্ৰকৃতি সম্পৰ্কে তােমাৰ পৰিচিতি দেখুওৱা।
উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষা জগতৰ এটি অভিনৱ সংযােজন। এই শিক্ষা ব্যৱস্থা পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাতকৈ অধিকভাৱে বৈশিষ্ট্যপূৰ্ণ। দূৰ শিক্ষা ব্যবস্থাটো হ’ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰােৱা এবিধ শিক্ষা। এই শিক্ষা ব্যৱস্থাই প্ৰথমে শিক্ষাৰ্থীসকলক সামৰি লয়, তাৰ পিছতহে শিক্ষানুষ্ঠানক গুৰুত্ব দিয়ে। ইয়াত শিক্ষাৰ্থীসকলৰ য়ােজনীয়তাসমূহকহে প্ৰথমে গুৰুত্ব। বিভিন্ন বৃত্তিত নিযুক্ত জনসাধাৰণক কৰ্মবৃত্তি বজাই ৰাথিও শিক্ষা গ্ৰহণ কাৰ্য সম্ভৱ কৰি তােলাত সহায় কৰা।

7. অনানুষ্ঠানিক শিক্ষাই জীৱন জোৰা শিক্ষাৰ ব্যৱস্থা কৰে’— এই উক্তিৰ সমৰ্থনত নিজৰ মতামত আগবঢ়োৱা।
উত্তৰঃ ‘অনানুষ্ঠানিক শিক্ষাই জীৱন জোৰ শিক্ষাৰ ব্যৱস্থা কৰে’ – এই উক্তি সমৰ্থনত তলত দিয়া মতামতসমূহ আগবঢ়োৱা হ’ল—
(i) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে জীৱনৰ নানা অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা প্ৰক্ৰিয়া আকাঙ্খা অনুসৰি সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ হােৱা বা বঞ্চিত হােৱা লােকসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰা।

READ MORE  মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি | Chapter 6 | Class 12 Education - AHSEC

(ii) এনে শিক্ষাৰ পৰিসৰ অতি বিস্তাৰিত প্ৰকৃতিৰ। সমগ্ৰ জীবনজুৰি এনে শিক্ষা প্ৰসাৰিত হৈ আছে। জীৱনৰ যিকোনাে মুহূৰ্ততে এই শিক্ষা। লােৱাৰ সুবিধা প্ৰদান কৰা হৈছে।

(ii) এনে প্ৰক্ৰিয়াত নামভৰ্তিকৰণ পাঠ্যক্ৰম শিক্ষা প্ৰদান আৰু গ্ৰহণৰ স্থান, শিক্ষা প্ৰদান ৰীতি অথবা প্ৰণালী শিক্ষাৰ সময় আৰু স্থিতিকাল আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্ৰহণ কৰা হয়।

(iv) এনে প্ৰক্ৰিয়াৰে প্ৰদান কৰা অথবা আহৰণ কৰা শিফাত জীৱন আৰু কৰ্ম অখণ্ডভাৱে জড়িত হৈ পৰে। ই এক গণতান্ত্ৰিক শিক্ষা।

8. মুক্ত বিদ্যালয় কি? মুক্ত বিদ্যালয়ৰ প্ৰয়ােজনীয়তাৰ বিষযে চমুকৈ লিখা।
উত্তৰঃ মুক্ত বিদ্যালয়:- মুক্ত শিক্ষা বা মুক্ত বিদ্যালয়ৰ শিক্ষাদান। ক্ৰিযাটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই। ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ – দৰ্শন আহিলাৰ মাধ্যমৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তােলা হয়। এনেবােৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে। মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাখিনি তলত উল্লেখ কৰা হ’ল—
(i) দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণত সহায় কৰা।
(ii) উচ্চ শিক্ষাৰ প্ৰতি থকা হাবিয়াস পূৰণত শিক্ষাৰ্থীক সহায় কৰা।
(i) সকলােৰে বাবে শৈক্ষিক সুযােগৰ সমবিতৰণ কৰা।
(iv) শিক্ষাক ভিন্নমুখী আৰু বৃত্তিমুখীকৰণ কৰা।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)

1. অনানুষ্ঠানিক শিক্ষাৰ যিকোনাে এটা অভিকৰণৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৪৯ চনৰ নৱেম্বৰ মাহত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় নামৰ এক স্বায়ত্তশাসিত অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয়। ই্যাকে চমুকৈ NOS (National Open School ) বুলি। জানা যায়। NOS এ আগ্ৰহী ব্যক্তিক অবিৰত শিক্ষাৰ সুবিধা দিয়ে আৰু। প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আয়ত্ত কৰাত। সহায় কৰে। তদুপৰি NOS এ শিক্ষক, অধ্যক্ষ আৰু সাধাৰণ ৰাইজক। জীৱন সমৃদ্ধ পাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাশ অনুধাৱন কৰিবলৈ সুবিধা দিয়ে। বিদ্যালয়ৰ বাহিতৰ থকা ৬ ৰ পৰা ১৪ বছৰ বস্যৰ ল’ৰা – ছােৱালীৰ বাবে NOS এ মুক্ত বুনিয়াদী শিক্ষা প্ৰকল্প হাতত লৈছে।

এইসময়বিলাকতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে ব্যক্তিযে নিজৰ পৰুচি মতে, নিজে বাছি লােৱা বিষয়ত নিজৰ সুবিধাজনক গতিবেগত পাঠ্যক্ৰমৰ মাজেৰে পাৰ হ’ব পাৰে। NOS ৰ প্ৰধান তিনিটা উপাদান এনেধৰণৰ—
(ক) ছপা স্ব – শিকণ সামগ্ৰী
(খ) ব্যক্তিগত সংযােগ কাৰ্যসূচী
(গ) শ্ৰব্য আৰু দৃশ্য কাৰ্যসূচী।

2. মুক্ত শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ দ্বিতীয় আৰু আটাইতকৈ নমনীয় ব্যৱস্থাটো হ’ল মুক্ত শিক্ষা। এই মুক্ত শিক্ষা ব্যৱস্থাত ৰেডিঅ’, টেলিভিছনযােগে শিক্ষা প্ৰদানৰ লগতে অধ্যয়ন চক্ৰ, দলীয় শিক্ষা, দৃশ্য নিৰ্দেশনা আদি কৰ্মসূচীসমূহ সাঙুৰি লােৱা হয়।

মুক্ত শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ দৰে অনমনীয় নীতি গ্ৰহণ কৰা নহয়। ইয়াৰ নীতি – নিয়মসমূহ শিথিল কৰি দিয়া হৈছে। সাধাৰণতে। চাৰিটা দিশত ‘মুক্ত’শব্দটো বিশেষভাৱে জড়িত।সেইবােৰ হ’ল—
(১) শিকাৰুৱে পূৰ্ব অহৰ্তা নথকা কাৰণে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব নালাগে।
(২) শিক্ষা গ্ৰহণ শ্ৰেণীকোঠাত আবদ্ধ নাথাকি নিজৰ ঘৰতে বাস্তবায়িত কৰিব পাৰি।
(৩) পদ্ধতি বা মাধ্যম শিকাৰুৱে নিজৰ পচন্দৰ ওপৰত ভিত্তি কৰি বাছনি কৰিব পাৰে ইত্যাদি।

গতিকে এই শিক্ষা অতি উপযােগী। ইচ্ছুক ব্যক্তিযে জীৱিকাৰ বাবে কৰ্মৰত থকাৰ লগে লগে মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি থাকিব পাৰে।

3. অনানুষ্ঠানিক শিক্ষা হ’ল পলমকৈ বিকশিত, স্কুল এৰা আৰু বঞ্চিতসকলৰ বাবে এক উপহাৰ’— উক্তিটো ব্যাখ্যা কৰা।
উত্তৰঃ “ অনানুষ্ঠানিক শিক্ষা হ’ল পলমকৈ বিকশিত স্কুল এৰা আৰু বঞ্চিতসকলৰ বাবে এক উপহাৰ। ”
উত্তিটো সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক’লে ভুল নহ’ব। অনানুষ্ঠানিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প ব্যৱস্থা পৰিকল্পনা য’ত। নমনীয়তা শিক্ষাৰ মূল চাবিকাঠি। অৰ্থাৎ এনে শিক্ষাত নামভৰ্তিকৰণ পাঠ্যক্ৰম, শিক্ষা প্ৰদান আৰু গ্ৰহণৰ স্থান, শিক্ষা প্ৰদানৰ ৰীতি অথবা প্ৰণালী, শিক্ষাৰ সময় আৰু স্থিতিকাল আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্ৰহণ কৰা হয়। যাৰ কাৰণে স্কুল এৰা বা বঞ্চিত শিকাৰুসকলৰ বাবে এক সুবিধা প্ৰদানকাৰী শিক্ষা ব্যৱস্থা হিচাপে পৰিগণিত হৈছে।

এই শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে জীৱনৰ নানা অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা প্ৰক্ৰিয়া আকাঙ্খ অনুসৰি সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ হােৱা অথবা শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হােৱা লােকসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰা। কাম আৰু শিক্ষা – এই দুটো প্ৰক্ৰিয়া একেলগে সুন্দৰভাৱে আগবঢ়াই নিয়াৰ বাবে সুবিধা প্ৰদান কৰি এখন শিক্ষিত সমাজ গঢ়ি তােলাৰ সুবিধা প্ৰদান কৰাটো এই শিক্ষাৰ। অন্যতম প্ৰধান উদ্দেশ্য। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ নিজস্ব প্ৰযােজন, সামৰ্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান, অভিজ্ঞতা আহৰণত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

গতিকে জীৱনৰ যিকোনাে সময়ত সেই বঞ্চিত লােকসকলে নিজৰ। প্ৰয়ােজন অনুসৰি শিক্ষা লাভৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে। স্বকীয় বিকাশ, আত্ম নবীকৰণ, মানৱীয় ক্ষমতাৰ সৰ্বাত্মক বিকাশ আদি অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। যাৰ ফলস্বৰূপে প্ৰাপ্ত বয়স্কসকলে এই শিক্ষাৰ দ্বাৰা নিজৰ ব্যক্তিত্ব বিকাশ কৰাৰ লগতে। নিজকে স্বাৱলম্বী কৰি তােলাৰ সুবিধা পাইছে। গতিকে এই শিক্ষা ব্যবস্থা এক উপহাৰ বুলি ক’লে ভুল নহ’ব।

4. যােগাযােগমূলক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ বৰ্তমান দেশৰ সকলাে স্তৰতে যােগাযােগ মাধ্যমক আদৰি লৈছে আৰু যােগাযােগ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ চেষ্টা কৰা হৈছে। কিন্তু ভাৰতবৰ্ষৰ যােগাযােগ শিক্ষা ব্যৱস্থাক তেনেই চালুকীয়া বুলি ক’ব পাৰি। ভাৰতবৰ্ষৰ জনগণক গ্ৰহণযােগ্য শিক্ষা দিয়াত যােগাযােগ মাধ্যম এক লেখত ল’বলগীয়া পদক্ষেপ। অগতানুগতিক শিক্ষা প্ৰদানত যােগাযােগ মাধ্যমৰ বিশেষ গুণাগুণ পৰিলক্ষিত হয়। আত্ম সন্তুষ্টি আৰু আত্মসন্মান লাভ কৰাত জনগণক এই মাধ্যমে উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰে।। সকলাে স্তৰৰ ব্যক্তিৰ শিক্ষা প্ৰদানত এই শিক্ষাই উল্লেখনীয় ভূমিকা পালন কৰিব পাৰিছে। যােগাযােগ পাঠ্যক্ৰমত নিৰীক্ষণ হােৱা কেতবােr গুৰুত্বপূৰ্ণ গুণাগুণ তলত উল্লেখ কৰা হ’ল—

(১) ব্যক্তিৰ স্বকীয় কৰ্ম আৰু নিপুণতাৰ ওপৰত বিশ্বাসী।
(২) শিক্ষণীয় পৰিৱেশত শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ।
(৩) শিক্ষাৰ সমান সুবিধা প্ৰদান।
(৪) বয়স সময়ৰ ব্যৱধান আৰু স্থানৰ গতিশীলতা।
(৫) শিক্ষাৰ্থীযে নিজৰ সময়, সা – সুবিধা আৰু স্থান নিৰ্বিশেষে শিক্ষা লাভ।

5. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা।
উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ হ’ল—
(১) এই শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবােৰৰ সংখ্যা এতিয়াও পৰ্যাপ্ত পৰিমাণৰ হােৱা নাই।
(২) এই শিক্ষাই এতিয়াও গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চলবােৰৰ ল’ৰা – ছােৱালীবােৰৰ শিক্ষাৰ আকাঙ্খা পূৰণ কৰিব পৰা নাই।
(৩) অনানুষ্ঠানিক শিক্ষা ব্যবস্থাৰ পাঠ্যক্ৰমৰ প্ৰকাৰ যথেষ্ট নহয়।
(৪) এই শিক্ষাৰ পৰা কেৱল মধ্যবিত্ত শ্ৰেণীটোহে লাভৱান হৈছে।
(৫) বহুত শিক্ষা কেন্দ্ৰত মাথাে অকল ছপা মাধ্যমহে ব্যৱহাৰ কৰে, আধুনিক সঁজুলি ব্যৱহাৰ হােৱা নাই।
(৬) এই শিক্ষাৰ সঠিক পৰিকল্পনা আৰু পৰিচালনাৰ অবিহনে অধ্যয়ন সামগ্ৰী নিম্নমানৰ হয়।

6. আজিৰ পৰিস্থিতিত অনানুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব কি?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ক্ৰটিসমূহ। অগতানুগতিক শিক্ষাৰ দ্বাৰ সংশােধন কৰিব পাৰি। এই শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলােচনা কৰা হ’ল—
(১) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলােৰে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়ােজন পূৰণ কৰিব পাৰে।

(২) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীন কৰণত এক উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰে।

(৩) প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

(৪) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়ােজিত লােকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখযােগ্য বৰঙণি আগবঢ়ায়।

(৫) অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা। গতিকে এই শিক্ষা ব্যৱস্থাৰ যােগেদি শিক্ষাৰ্থীযে নিজস্ব ইচ্ছা, আগ্ৰহ আৰু প্ৰযােজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুযােগ লাভ কৰে।

(৬) এই শিক্ষাই শিক্ষাৰ্থীক কোনাে বিষয়ৰ সাৰ্বজনীন জ্ঞান প্ৰদান কৰাৰ লগতে কৰ্মৰত লােকসকলৰ কৰ্মদক্ষতা বঢ়বৰ বাবে প্ৰশিক্ষণ ব্যবস্থাও কৰে।

(৭) সমাজৰ নিষ্পেষিত লােকসকলক প্ৰয়ােজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহাযকাৰী।

(৮) অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হােৱা বাবে এই শিক্ষাৰ যােগেদি কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পাৰি।

7. দূৰৱৰ্তী শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা।
উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(১) ই এক প্ৰকাৰ শিথিল কাৰ্যসূচী য’ত শিকাৰুৱে নিজে বিচৰা ধৰণে নিজে পঢ়ি কাম কৰি শিক্ষা লাভ কৰিব পাৰে।
(২) শ্ৰৱণ – দৰ্শন সঁজুলিৰে অৰ্থাৎ গণ মাধ্যমসমূহৰ উপযুক্ত প্ৰযােগ ঘটাই উচ্চ শিক্ষা প্ৰদান কৰা এই শিক্ষাৰ এক বৈশিষ্ট্য।
(৩) এই শিক্ষা ব্যৱস্থাত বিশেষ বৃত্তি অথবা উৎপাদন কাৰ্যত নিয়ােজিত হৈ থকা লােকসকলক নিজৰ আকাঙ্খা অনুপাতে উচ্চ শিক্ষা লাভ কৰাৰ সুবিধা পায়।
(৪) এই শিক্ষা অতি মিতব্যয়িতা আৰু গণতান্ত্ৰিক বিধৰ।
(৫) দূৰ শিক্ষাত থকা শিথিলতা আৰু নমনীয় নীতিৰ দ্বাৰা হাজাৰ। হাজাৰ শিকাৰুক উচ্চ শিক্ষা দিয়াত বা লােৱাত সুবিধা প্ৰদান কৰা হয়।

8. মুক্ত শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা।
উত্তৰঃ মুক্ত শিক্ষাৰ কেতবােৰ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল—
(১) নামভৰ্তিকৰণৰ শিথিলতা অৰ্থাৎ এই শিক্ষা ভৰ্তি হ’বৰ বাবে ছাত্ৰ – ছাত্ৰীৰ আনুষ্ঠানিক শিক্ষাৰ বিশেষ প্ৰয়ােজন নাই।
(২) নিজৰ সুবিধাজনক সময়মতে যেতিয়াই কোনাে ব্যক্তিযে সময় উলিয়াব পাৰে তেতিয়াই অধ্যয়ন কৰিব পাৰে।
(৩) পাঠ্যক্ৰমৰ শিথিলতা— অৰ্থাৎ ছাত্ৰ – ছাত্ৰীৰ ইচ্ছা অনুযায়ী যিকোনাে বিষয় নিৰ্বাচন কৰি ল’ব পাৰে।
(৪) ঘৰত থাকি পঢ়াৰ সুবিধা প্ৰদান।
(৫) শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হােৱাতকৈ গণ মাধ্যম আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত অধিক নিৰ্ভৰশীল হােৱা।
(৬) ডিগ্ৰী, ডিপ্লোমা প্ৰদানৰ উপৰি নিৰৱচ্ছিন্ন শিক্ষাৰ ব্যৱস্থা।
(৭) উচ্চমানৰ শিক্ষকৰ দ্বাৰা পাঠ্যসূচী প্ৰণয়ন।

9. মুক্ত শিক্ষাৰ অসুবিধাবােৰ কি কি?
উত্তৰঃ মুক্ত শিক্ষাৰ অসুবিধাসমূহ—
১। মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবােৰৰ সংখ্যা এতিয়াও পৰ্যাপ্ত পৰিমাণৰ হােৱা নাই।
২। মুক্ত শিক্ষাই এতিয়াও গ্ৰামাঞ্চল স্পৰ্শ কৰিব পৰা নাই।
৩। মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ প্ৰকাৰ যথেষ্ট নহয়।
৪। মুক্ত শিক্ষাৰ পৰা কেৱল মধ্যবিত্ত শ্ৰেণীটোহে লাভৱান হৈছে।
৫। মুক্ত শিক্ষাৰ কেন্দ্ৰবােৰত সা – সুবিধা সন্তোষজনক নহয়।
৬। মুক্ত শিক্ষাত ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচী যথােপযুক্ত হৈ উঠা নাই।
৭। মুক্ত শিক্ষাৰ ব্যৱস্থাৰ পঠন সামগ্ৰী সমযমতে শিক্ষাৰ্থীৰ ওচৰ নাপায়গৈ।

10. মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ আলােচনা কৰা।
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল—
(১) জনসংখ্যাৰ এটা বৃহৎ অংশলৈ উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা।
(২) পাঠ্যসূচীসমূহ বৃত্তি আৰু জীৱিকামুখী কৰি শৈক্ষিক কাৰ্যসূচীসমূহ প্ৰযােজনভিত্তিক কৰি তােলা।
(৩) কেনেকৈ শিকিব লাগে সে শিকিবলৈ ছাত্ৰ – ছাত্ৰীসকলক সহায় কৰা।
(৪) বয়স, অঞ্চল নাইবা লৌকিক অহতা আদিৰ বিচাৰ নকৰি ইচ্ছুক সকললৈ উচ্চ গুণসম্পন্ন শিক্ষা আগবঢ়োৱা।
(৫) কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা।
(৬) নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা।

11. অনানুষ্ঠানিক শিক্ষা কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ বৰ্তমান সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলাে প্ৰকাৰৰ আশা – আকাংক্ষা সমূহ পৰিতৃপ্ত কৰাত ব্যৰ্থ হৈ পৰিছে। গতিকে আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মসমূহ কিছু শিথিল কৰি অগতানুগতিক শিক্ষা ব্যবস্থা কৰা হৈছে। এই শিক্ষা অনানুষ্ঠানিক শিক্ষাৰ দৰে অনিয়ন্ত্ৰিত নহয়, অৰ্থাৎ স্বাভাবিক পৰিৱেশ, ঘৰ, সমাজ আদিৰ লগত হােৱা ক্ৰিয়া প্ৰক্ৰিয়াৰ ফল নহয় আৰু আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিযমৰ দ্বাৰাও আৱদ্ধ নহয়। অগতানুগতিক শিক্ষা উদ্দেশ্যহীন। অপৰিকল্পিত নহয়।

এই শিক্ষাৰ নীতি – নিমবােৰ অনমনীয় নহয়। অগতানুগতিক শিক্ষাত ভৰ্তি হ’বৰ বাবে কোনাে নিৰ্ধাৰিত বয়স সীমা নাই। অগতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম জ্ঞানৰ ক্ষেত্ৰৰ বিস্তাৰৰ লাগত সামঞ্জস্য ৰাখি পৰিকল্পনা কৰা হয়। এই শিক্ষাৰ আন এটি উল্লেখনীয়। দিশ হৈছে যে, এই শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। বিশিষ্ট শিক্ষাবিদ জে. পি. নাযকৰ মতে, “আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয়, তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।”

READ MORE  শৈক্ষিক পৰিসংখ্যা বিজ্ঞান | Chapter 7 | Class 12 Education - AHSEC

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ—
(১) “ শিক্ষা এক জীৱনব্যাপি প্ৰক্ৰিয়া’ – এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই গঢ় লৈ উঠিছে। গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষাৰ্থীৰ জীৱন ব্যাপ্ত।

(২) ‘সকলােৰে বাবে শিক্ষা’ এই গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ সুযােগ সুবিধাৰ পৰা বঞ্চিত লােকসকল এই শিক্ষাৰদ্বাৰা লাভবান হ’ব পাৰে।

(৩) এই শিক্ষা ব্যৱস্থা সময়, স্থান, ব্যক্তি, উপস্থিতি, পাঠ্যক্ৰম, মূল্যায়ন ইত্যাদি দিশৰ পৰাই এক নমনীয় শিক্ষা ব্যৱস্থা।

(৪) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যবস্থা।

(৫) এই শিক্ষাৰ তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত প্ৰাধান্য দিয়া হয়।

(৬) এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা।

(৭) এই শিক্ষাব্যবস্থা পৰীক্ষাকেন্দ্ৰিক নহয়।

(৮) অগতানুগতিক শিক্ষা স্বতঃস্ফূৰ্ত শিক্ষাৰ্থীসকলে নিজস্ব প্ৰযােজন সাপেক্ষে এই শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হয়।

(৯) এই শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আৱদ্ধ নহয়। শিক্ষাৰ্থীযে নিজস্ব সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতাে এই শিক্ষা গ্ৰহণ কৰিব পাৰে।

12. আমাৰ দেশত দূৰৱৰ্তী শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ যােগাযােগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি ছপা সামগ্ৰীৰ পয়ােভৰ, ৰেডিঅ’, টেলিভিছন, কেছেট, কম্পিউটাৰ আদিৰ ব্যাপক প্ৰচলনে। কোনাে শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত শিক্ষকৰ পৰা পাঠগ্ৰহণ নকৰাকৈও ঘৰতে থাকি শিক্ষা গ্ৰহণ কৰাৰ বাট মুকলি কৰি দিছে যাৰ ফলত দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ উদ্ভৱ হৈ জনপ্ৰিয়তা লাভ কৰিছে।

ভাৰতবৰ্ষৰ দৰে বিশাল জনসংখ্যা থকা দেশ এখনৰ বাবে এই দূৰৱৰ্তী অতিশয় প্ৰয়ােজন বুলি ক’ব পাৰি। সকলােৰে বাবে শিক্ষা আৰু সকলােৰে বাবে কাম’নীতি অনুসৰণ কৰি গঢ়ি উঠা এই দুৰৱৰ্তী শিক্ষাই এক বিশাল জনসংখ্যাক গণ মাধ্যমৰ দ্বাৰা শিক্ষা বিস্তাৰ কৰাত বহুতাে সফল হৈছে। এই শিক্ষা ব্যৱস্থাৰ কেতবােৰ গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ’ল—
(১) জীৱন ব্যাপী শিক্ষা গ্ৰহণত সুযােগ প্ৰদান।
(২) ব্যক্তিৰ অৱসৰ জীৱন – যাপনৰ সুচাৰুৰূপে পালনত সহায় কৰা।
(৩) ব্যক্তিৰ শৈক্ষিক যােগ্যতা উন্নত কৰি জীৱিকা নিৰ্বাহত সহায় কৰা।
(৪) গতিশীল সমাজ ব্যৱস্থাত সময় আৰু স্থানৰ সৈতে খাপ খুৱাই শিক্ষা আহৰণত সহায়ক।
(৫) সামাজিক সচেতনতা আৰু শিক্ষা মনােভাৱ জাগ্ৰত কৰােৱা।

13. যােগাযােগমূলক শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি?
উত্তৰঃ যােগাযােগমূলক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল—
(১) শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকিব নােৱাৰা ছাত্ৰ – ছাত্ৰীসকলৰ বাবে বিকল্প শিক্ষা হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰাটো যােগাযােগ শিক্ষাৰ এক বৈশিষ্ট্য।

(২) এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা পাঠবােৰ ডাকযােগে ছাত্ৰ – ছাত্ৰীলৈ প্ৰেৰণ কৰা হয়। গতিকে ইযাক ডাক শিক্ষা বুলিও কোৱা হয়।

(৩) এই শিক্ষাৰ পাঠ্যসূচীসমূহৰ অধ্যয়ন কাৰ্যসূচীসমূহত কোনাে বক্তৃতাৰ স্থান নাই। লিখিত সামগ্ৰীসমূহৰ পৰাই ছাত্ৰ – ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লাগে।

(৪) এই শিক্ষা ব্যবস্থাই ব্যক্তিকসু – প্ৰচেষ্টা আৰু স্বশিকনৰ শিথিল। ব্যৱস্থাই অভিৰুচী কৰে। কাৰণ ছাত্ৰ – ছাত্ৰীযে নিজৰ সুবিধা পচন্দ আৰু সামাৰ্থ্য অনুযায়ী শিকিব পাৰে।

(৫) কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু অন্যান্যসকলে চাকৰিৰ যােগেদি জীৱন নিৰ্বাহ কৰি থাকিও যাতে উচ্চ শিক্ষা ল’ব পাৰে তাৰ সুবিধা যােগাযােগ শিক্ষাই প্ৰদান কৰে। এই শিক্ষা গণতান্ত্ৰিক নীতিৰ দ্বাৰা পৰিচালিত।

14. মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ হ’ল—
(১) মুক্ত বিশ্ববিদ্যালয় মাধ্যমেৰে কৰ্মক্ষেত্ৰত নিয়ােজিত হৈ থকা আগ্ৰহী ব্যক্তিসকক উচ্চ শিক্ষা অংশকালীনভাৱে লােৱাৰ সুবিধা কৰি দিয়া হয়।

(২) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়।

(৩) মুক্ত বিশ্ববিদ্যালয়ত নিৰ্ধাৰিত ব্যসৰ যিকোনাে ব্যক্তিযে নিজকে শিকাৰু হিচাপে। পৰিগণিত কৰাব পাৰে।

(৪) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোক অধিকভাৱে ফলপ্ৰসূ কৰি তােলাৰ বাবে বিস্তৃত সান্নিধ্য আঁচনি প্ৰয়ােগ কৰা হয়।

(৫) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোৱে কৰ্মৰত ব্যক্তি বা আন আন ব্যক্তিসকলক দীৰ্ঘকালীনভাৱে উচ্চ শিক্ষা লাভৰ সুযােগ দান কৰে।

(৬) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিযাত দূৰ সংযােগৰ ব্যৱস্থা কৰা হয়।

(৭) মুক্ত বিশ্ববিদ্যালয়ৰ কোনাে ক্ষেত্ৰতে কোনাে কোনাে ধৰণৰ বাধ্যবাধকতা নাই।

(৮) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰয়ােজন অনুসৰি শিক্ষণীয় পাঠবােৰ পূৰ্ব পৰিকল্পনাৰে সজাই পৰাই তােলা হয়।

(9) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰযােজন অনুসৰি শিক্ষণীয় পাঠবােৰ পূৰ্ব পৰিকল্পনাৰে সজাই পৰাই তােলা হয়।

(১০) মুক্ত বিশ্ববিদ্যালয়ত শিকাৰুসকলে নামভৰ্তি কৰিলেও পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ ওলাই আহিব পাৰে।

15. অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্ববােৰ কি কি?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ত্ৰুটিসমূহ। অগতানুগতিক, শিক্ষাৰ দ্বাৰা সংশােধন কৰিব পাৰি। এই শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলােচনা কৰা হ’ল—
(১) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলােৰে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰযােজন পূৰণ কৰিব পাৰে।

(২) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীন কৰণত এক উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰে।

(৩) প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

(৪) গতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়ােজিত লােকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখযােগ্য বৰঙণি আগবঢ়ায়।

(৫) অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা। গতিকে এই শিক্ষা ব্যৱস্থাৰ যােগেদি শিক্ষাৰ্থীযে নিজস্ব ইচ্ছা, আগ্ৰহ আৰু প্ৰযােজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুযােগ লাভ কৰে।

(৬) এই শিক্ষাই শিক্ষাৰ্থীক কোনাে বিষয়ৰ সাৰ্বজনীন জ্ঞান প্ৰদান কৰাৰ লগতে কৰ্মৰত লােকসকলৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰে।

(৭) সমাজৰ নিষ্পেষিত লােকসকলক প্ৰযােজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহাযকাৰী।

(৮) অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হােৱা বাবে এই শিক্ষাৰ যােগেদি কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব। পাৰি।

16. মুক্ত শিক্ষাৰ সুবিধাবােৰ কি কি?
উত্তৰঃ মুক্ত শিক্ষাৰ সুবিধাসমূহ হ’ল—
১।পুৰুষ – মহিলা, চাকৰি কৰা নকৰা সকলাে ব্যক্তিৰ বাবে শিক্ষালাভৰ সুবিধা তেওঁলােকৰ একেবাৰে ওচৰলৈ লৈ অহা হৈছে।
২। এই শিক্ষা ব্যৱস্থাৰ পৰা ভিতৰুৱা অঞ্চল, পাহাৰীয়া অঞ্চল, গ্ৰাম্যাঞ্চলত থকা লােকেও সুবিধা পায়। বয়সী ব্যক্তিও এই মুক্ত শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ উঠিব পাবে।
৩। মুক্ত শিক্ষাত খৰচ কম।
৪। এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী।
৫ শিক্ষাৰ্থীলৈ পঠিওৱা পঠন সামগ্ৰী অভিজ্ঞ অধ্যাপকসকলে প্ৰস্তুত কৰে।

17. অনানুষ্ঠানিক শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ তলত দিয়া হ’ল—
(১) স্কুললৈ নােযােৱাকৈ থকা ল’ৰা – ছােৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা।

(২) সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয়, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যা সমূহৰ বিষয়ে সচেতন কৰি সেই সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা।

(৩) স্থানীয় আৰু প্ৰযােজনবােধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়ােজিত ব্যক্তিসকলৰ নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।

(৪) জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনােভাৱ গঢ় দিবৰ বাবে বাঞ্ছিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায়।

(৫) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰযােজন হােৱা বিভিন্ন কৌশলসমূহৰ আয়ত্তকৰণত সহায় কৰা।

(৬) জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযােগিতা আগবঢ়াব পৰাকৈ ব্যক্তিক গঢ় দি তােলা।

18. দূৰৱৰ্তী শিক্ষাৰ উদ্দেশ্যবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ উদ্দেশ্যবােৰ হ’ল—
(১) জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলােকে উচ্চ শিক্ষাৰ প্ৰসাৰণ আৰু বিস্তাৰিত কৰা।
(২) কম সময়তে আৰু কম খৰচতে উচ্চ শিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰা।
(৩) দূৰ শিক্ষাৰ মাধ্যম হিচাপে আধুনিক প্ৰযুক্তিৰ কৌশল ব্যৱহাৰ কৰি উচ্চ শিক্ষাৰ গুণগত মান বঢ়াবলৈ চেষ্টা কৰা।
(৪) আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প ফলপ্ৰসূ প্ৰণালী হিচাপে যিকোনাে ব্যসৰ ব্যক্তিক বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ সুবিধা প্ৰদান কৰা।
(৫) কৰ্মৰত পুৰুষ – মহিলাযাে যাতে উচ্চশিক্ষাৰ পৰা বঞ্চিত নহয় তাৰবাবে সুবিধা প্ৰদান।
(৬) ‘সকলােৰে বাবে শিক্ষা’ গণতান্ত্ৰিক নীতি সফল কৰাত চেষ্টা চলােৱা।

19. ভাৰতৰ মুক্ত শিক্ষা পদ্ধতি সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষা জগতৰ এটি অভিনৱ সংযােজন। এই শিক্ষা ব্যবস্থা পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাতকৈ অধিকভাৱে বৈশিষ্ট্যপূৰ্ণ। দূৰ শিক্ষা ব্যৱস্থাটো হ’ল ব্যক্তিসকলৰ। দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰােৱা এবিধ শিক্ষা। এই শিক্ষা ব্যৱস্থাই প্ৰথমে শিক্ষাৰ্থীসকলক সামৰি লয ; তাৰ পিছতহে শিক্ষানুষ্ঠান গুৰুত্ব দিয়ে। ইয়াত শিক্ষাৰ্থীসকলৰ প্ৰয়ােজনীয়তাসমূহকহে প্ৰথমে গুৰুত্ব দিয়া হয় আৰু শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাক চকু দিয়া হয়। দূৰ শিক্ষা ব্যবস্থাই পৰােক্ষভাৱে শিক্ষা আহৰণত অৰিহণা যােগায়। বিভিন্ন প্ৰকাৰৰ দূৰ শিক্ষা ব্যবস্থাসমূহ তলত আলােচনা কৰা হ’ল—

(ক) যােগাযােগ শিক্ষা (Correspondence Education):- এই শিক্ষা ব্যৱস্থাৰ যােগেদি শ্ৰেণীকক্ষত প্ৰত্যক্ষভাৱে নথকাকৈ, ডাকযােগে প্ৰেৰণ কৰা শিক্ষা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি শিক্ষালাভ কৰিব পৰা যায়। এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰদ্বাৰা প্ৰস্তুত কৰা পাঠবােৰৰ পৰা আৰম্ভ কৰি প্ৰশ্নোত্তৰ আদান – প্ৰদান, গৃহকাৰ্য প্ৰদান, মূল্যায়ন প্ৰদান কৰা আদি সকলাে কাৰ্য ডাক ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হয় বাবে এই শিক্ষাক ডাক শিক্ষা (postal education) বুলিও কোৱা হয়।

(খ) মুক্ত শিক্ষা (Open education):- মুক্ত শিক্ষা এনে এক শিক্ষা ব্যৱস্থা য’ত শিক্ষাৰ্থীযে বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্ৰেণীকোঠাত নবহাকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ নীতি – নিযমৰ কোনাে বান্ধোন নাথাকে, এই শিক্ষা সকলাে পৰ্যায়ৰ সকলাে বয়সৰ আৰু সকলাে শ্ৰেণীৰ ব্যক্তিৰ বাবে মুক্ত। মুক্ত শিক্ষাত শিক্ষাৰ্থীৰ হাতত সম্পূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰা হয়।

(গ) মুক্ত বিদ্যালয় (Openschool):- মুক্ত বিদ্যালয়ৰ শিক্ষাদান। ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই। ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ” কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ – দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তােলা হয়। এনেবােৰ কাৰ্যসূচীৰ। লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে।

(ঘ) মুক্ত বিশ্ববিদ্যালয় (Open University):- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থাৰ এটি উল্লেখযােগ্য ব্যবস্থা। মুক্ত বিশ্ববিদ্যালয়ে বিদ্যালয় এৰা, কৰ্মত যুৱক, নব গৃহিণী আৰু। চাকৰিয়ালসকলকো শিক্ষা আহৰণৰ সুবিধা দিয়ে। ই্যাৰ উপৰি একেবাৰে পিছপৰা গ্ৰামাঞ্চলৰ দুৱাৰমুখলৈকো মুক্ত বিশ্ববিদ্যালয়ে শিক্ষা সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে। শিক্ষাৰ্থীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে মুক্ততাৰ ধাৰণা প্ৰৱৰ্তন কল আৰু বাসৰ ক্ষেত্ৰত এই শিক্ষা ব্যবস্থাত কোনাে ধৰাবন্ধা নিয়ম নাই।

20. মুক্ত বিশ্ববিদ্যালয় উন্নয়নমূলক ধাৰাটো আলােচনা কৰা।
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণী হয় ইংলেণ্ডত। ১৯৬৯ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হেৰল্ড উইলছনৰ কাৰ্যকালত এই বিশ্ববিদ্যালযখন গঢ় লৈ উঠিছিল। মুক্ত শিক্ষাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে এটি বিশেষ ধৰণৰ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হয়। প্ৰথম বছৰতে মুক্ত বিশ্ববিদ্যালযত ২৫,০০০ গৰাকী শিক্ষাৰ্থীযে নামভৰ্তি কৰিছিল। এই বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল লৰ্ড ক্ৰাউথাৰ আৰু প্ৰথম উপাচাৰ্য আছিল ছাৰওৱালটাৰ পেৰী। মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰধান কাৰ্যালয় আছিল মিলটন কিনছ’ত।

বিভিন্ন স্থানত ইয়াৰ কিছুমান অধ্যয়ন কেন্দ্ৰ স্থাপিত হৈছিল। এই বিশ্ববিদ্যালয়খনে নানা ধৰণৰ বিষয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ শিক্ষাদান পদ্ধতিত বিশেষভাৱে লিখা পাঠ, দূৰদৰ্শন, অনাৰ্তাৰ প্ৰচাৰ আদিয়ে স্থান পাইছিল। এই বিশ্ববিদ্যালযত সময়মতে শিক্ষা লাভ কৰিব সুযােগ নােপােৱা অৰ্থনৈতিকভাৱে দুৰ্বল আৰু সামাজিকভাৱে পিছপৰা ব্যক্তিসকলে শিক্ষা লাভৰ সুযােগ পাইছিল। বৰ্তমানেও সামাজিক চাহিদা পূৰণ কৰি আছে। ইংলেণ্ডত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়ৰ আহিত বৰ্তমান সময়ত বিশ্বৰ অধিক সংখ্যক দেশে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰাত গুৰুত্ব প্ৰদান কৰিছে। ইংলেণ্ডৰ পিছত জাৰ্মানী, স্পেইন, নেদাৰলেণ্ড, শ্ৰীলংকা, চীন আদি দেশত মুক্ত বিশ্ববিদ্যালয় গঢ়ি উঠিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top