শিক্ষণ | Chapter 4 | Class 12 Education | Learning Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC


শিক্ষণ

শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)

1. শিক্ষণ আৰু পূৰ্ণতাপ্ৰাপ্তি উভযে ব্যক্তিগতকৃত প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

2. শিক্ষণ হ’ল সমস্যা সমাধানৰ এটা কৰ্ম।
উত্তৰঃ শুদ্ধ।

3. শিক্ষণ হ’ল এক আংগিক প্ৰক্ৰিয়া।
উত্তৰঃ অশুদ্ধ।

4. প্ৰচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষণ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফলদায়ক নহয়।
উত্তৰঃ অশুদ্ধ।

5. প্ৰথম নিৰ্ভুল পুনৰুদ্ভাৱন স্তৰৰ উৰ্ধত শিক্ষণ হ’ল অত্যধিক শিক্ষণ।
উত্তৰঃ শুদ্ধ।

6. শিক্ষণ হ’ল এটা জীৱনজোৰা প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

7. সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ শিক্ষণ হ’ল বাছনি আৰু সংযােগমূলক শিক্ষণ।
উত্তৰঃ শুদ্ধ।

8. প্ৰচেষ্টা আৰু ভুল প্ৰক্ৰিয়াৰে শিক্ষণত ভুলসমূহৰৰ শিক্ষণ মূল্য থাকে।
উত্তৰঃ শুদ্ধ।

9. চৰ্তকৰণ হ’ল সহযােগমূলক শিক্ষণৰ এটা ধৰণ।
উত্তৰঃ শুদ্ধ।

10. অন্তদৃষ্টিযুক্ত শিক্ষণ হ’ল এক যান্ত্ৰিক ধৰণৰ শিকন।
উত্তৰঃ অশুদ্ধ।

11. চৰ্তকৰণ আনৰ বাবে প্ৰবৃত্ত এজনক সলনিকৰণত জড়িত।
উত্তৰঃ শুদ্ধ।

12. আনকি আচৰণৰ এটা অতি অস্থায়ী পৰিৱৰ্তনকো শিক্ষণ বােলা হয়।
উত্তৰঃ অশুদ্ধ।

13. চৰ্তকৰণ হ’ল এক যান্ত্ৰিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

14. চৰ্তৰ সহাঁৰিবােৰ হ’ল স্বাভাৱিকতেই নিৰ্দিষ্ট আৰু অনমনীয়।
উত্তৰঃ শুদ্ধ।

15. চতৰ সহাঁৰিবােৰ স্থায়ী।
উত্তৰঃ শুদ্ধ।

16. শিক্ষণ হ’ল কেৱল ভালৰ বাবে আচৰণৰ পৰিৱৰ্তন, বোৰ বাবে নহয়।
উত্তৰঃ অশুদ্ধ।

17. অন্তদৃষ্টিৰ দ্বাৰা শিক্ষণে শিক্ষণ সমস্যা সমাধানৰ প্ৰতি ক্ৰমাগত আগ্ৰহকে সূচায়।
উত্তৰঃ শুদ্ধ।

18. পূৰ্ণতাপ্ৰাপ্তি হ’ল এক স্বাভাৱিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

19. শিক্ষণ সচেতন আৰু অসচেতন উভযে হ’ব পাৰে।

উত্তৰঃ শুদ্ধ।

20. শিক্ষণ অনুশীলনৰ পৰিমাণৰ সৈতে আনুপাতিক নহয়।

উত্তৰঃ অশুদ্ধ।

21. প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণৰ এক সমস্যা সমাধান প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ।

22. শিক্ষণ পৰিপূৰ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে।

উত্তৰঃ অশুদ্ধ।

23. পূৰ্ণতাপ্ৰাপ্তি হ’ল জীৱনজোৰা প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

24. শিক্ষণ নিৰ্ভৰ কৰে প্ৰাণীৰ বুদ্ধিমত্তাৰ স্তৰৰ ওপৰত।
উত্তৰঃ শুদ্ধ।

25. শিক্ষাৰ আগ্ৰহে যুদ্ধখনৰ আধাখিনি জ্য কৰায়।
উত্তৰঃ শুদ্ধ।

26. শিক্ষণ হ’ল সামাজিকভাৱে বাঞ্ছনীয় আচৰণৰ আহৰণ।
উত্তৰঃ শুদ্ধ।

27. ছন্দোবদ্ধ আবৃতি শিক্ষণৰ এটা ভাল পূৰ্বচৰ্ত।

উত্তৰঃ শুদ্ধ।

28. শিক্ষণ নিৰ্ভৰ কৰে প্ৰাণীৰ বুদ্ধিমত্তাৰ স্তৰৰ ওপৰত।
উত্তৰঃ শুদ্ধ।

29. প্ৰণােদিতকৰণ শিক্ষণৰ বাবে অত্যন্ত প্ৰযােজনীয়।
উত্তৰঃ শুদ্ধ।

30. কোহলাৰ তেওঁৰ উপযােগীকৰণেৰে শিক্ষণৰ পদ্ধতিৰ বাবে জনাজাত।

উত্তৰঃ অশুদ্ধ।

31. পূৰ্ণতাপ্ৰাপ্তি স্বভাৱিকতে জৈৱিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

32. অন্তদৃষ্টিৰে শিক্ষণ হ’ল শিক্ষণৰ এটা যান্ত্ৰিক পদ্ধতি।
উত্তৰঃ অশুদ্ধ।

33. সকলাে প্ৰকাৰৰ শিক্ষণেই আচৰণৰ পৰিৱৰ্তন সাধন, কিন্তু আচৰণৰ সকলাে ধৰণৰ পৰিৱৰ্তন সাধনেই শিক্ষণ নহয়।

উত্তৰঃ শুদ্ধ।

34. শিক্ষণ হ’ল আচৰণৰ ফলত হােৱা আচৰণৰ পৰিৱৰ্তন।

উত্তৰঃ অশুদ্ধ।

35. ক্লান্তিযে শিক্ষণৰ দক্ষতা হেৰুওৱাৰ কাৰণ।
উত্তৰঃ শুদ্ধ।

36. শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰােৰ প্ৰস্তুতিৰ প্ৰযােজন নাই।
উত্তৰঃ অশুদ্ধ।

37. পূৰ্ণতাপ্ৰাপ্তি হ’ল প্ৰযােজনভিত্তিক।
উত্তৰঃ অশুদ্ধ।

98. কাম কৰাৰ বেয়া পৰিবেশে শিক্ষণত বাধা জন্মায়।
উত্তৰঃ শুদ্ধ।

39. অন্তৰ্দৃষ্টি হ’ল শিক্ষণৰ উচ্চতৰ পদ্ধতি।
উত্তৰঃ শুদ্ধ।

40. শিক্ষণক বংশগত গুণে পােনপটীয়াকৈ প্ৰভাৱিত নকৰে।
উত্তৰঃ অশুদ্ধ।

খালী ঠাই পূৰণ কৰা (মূল্যাংক- ১)

1. গেষ্টেল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক ফাদাৰ আছিল _____।

উত্তৰঃ ক’হলাৰ (Kohler)।

2. প্ৰণােদিতকৰণ হ’ল শিক্ষণৰ এটা ____ উপাদান।
উত্তৰঃ আভ্যন্তৰীণ।

3. প্ৰভাবৰ নীতিয়ে শিক্ষণত _____ৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
উত্তৰঃ ফলাফল।

4. থৰ্ণডাইকৰ মতে শিকন হ’ল _____ আৰু _____ ৰ মাজত সম্পৰ্ক স্থাপন।

উত্তৰঃ উদ্দীপক, প্ৰতিক্ৰিয়া।

5. বাৰে বাৰে কৰা প্ৰচেষ্টাৰ জৰিয়তে, দীঘলীয়া সময়ৰ পিছত এজন ছাত্ৰই নিজে এটা অংক গণনা কৰাত সফল হয়। এনে শিক্ষক _____ ৰ সূত্ৰই সমৰ্থন কৰে।
উত্তৰঃ সংযােগবাদ / প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

6. সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ শিক্ষণ _____ দ্বাৰা সমৰ্থিত আছিল।
উত্তৰঃ থৰ্নডাইক (Thorndike)।

7. বৃত্তিগতভাৱে পেভলভ আছিল এজন _____।
উত্তৰঃ শৰীৰতত্ববিদ।

8. শিক্ষণৰ _____ সূত্ৰৰ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰবৃত্তি সলনিকৰণ।
উত্তৰঃ অনুবন্ধন।

9. অন্তদৃষ্টিৰে শিকন হ’ল _____ স্কুল অৱ চাইক’লজীৰ অৱদান।
উত্তৰঃ গেষ্টাল্ট (Gestalt)।

10. শিক্ষণ, জ্ঞান, অভ্যাস আৰু _____ আহৰণৰ সৈতে জড়িত।
উত্তৰঃ অভিজ্ঞতা।

11. প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ _____ সূত্ৰৰ সৈতে সম্পৰ্কিত।
উত্তৰঃ সংযােগবাদ।

12. _____ আভ্যন্তৰীণ অৱস্থাকে বুজায়, যিযে শিক্ষাৰােৰ লক্ষ্যৰ পিনে আগবঢ়াই নিয়ে।
উত্তৰঃ অভিৰােচন।

13. সন্তুষ্টি আৰু প্ৰকৰণ শিক্ষণৰ _____ সূত্ৰত মূল কাৰক।
উত্তৰঃ ফলাফল।

14. কৃত্ৰিম প্ৰবৃত্তি আৰু _____ৰ মাজত এক নতুন সংযােগ হ’ল চৰ্তকৰণ।

উত্তৰঃ প্ৰতিক্ৰিয়া।

15. _____ৰ নীতিয়ে শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকাৰ ওপৰত জেৰ দিয়ে।

উত্তৰঃ ফলাফল।

16. টেনেৰাইফ দ্বীপত কোলহাৰে তেওঁৰ বেছিভাগ পৰীক্ষা – নিৰীক্ষা জন্তুটো আছিল _____।
উত্তৰঃ চিম্পাঞ্জী।

17. _____ৰ এক নিৰ্দিষ্ট স্থৰত উপনীত হ’লেহে শিক্ষণ সম্ভৱ।
উত্তৰঃ পৰিপক্কতা।

18. স্কীনাৰৰ মতে ‘শিকন হ’ল অভ্যাস, জ্ঞান আৰু _____ আহৰণ তথা ধাৰণ।’
উত্তৰঃ মনােভংগীৰ।

19. শিক্ষণ হ’ল অভিজ্ঞতাৰ জৰিয়তে _____ৰ সলনিকৰণ।
উত্তৰঃ আচৰণ।

20. শিক্ষণ হ’ল _____ আহৰণ।
উত্তৰঃ অভিজ্ঞতা।

21. _____ সূত্ৰ উদ্ভাৱন কৰিছিল পাভলভে।

উত্তৰঃ অনুবন্ধনবাদ।

22. এক কৃত্ৰিম প্ৰবৃত্তিৰ দ্বাৰা সৃষ্ট স্বাভাৱিক সঁহাৰিক _____ হিচাপে জনা যায়।
উত্তৰঃ অনুন্ধানবাদ।

23. অনুশীলনীৰ নীতিয়ে _____ৰ প্ৰয়ােজনীয়তাৰ ওপৰত জোৰ দিয়ে।
উত্তৰঃ পুনৰাবৃত্তি।

24. _____ আৰু _____ ৰ বিকাশৰ ৰাবেই পৰিপূৰ্ণত আহে।
উত্তৰঃ দৈহিক, মানসিক।

25. অন্তদৃষ্টি হ’ল সাধাৰণ _____ৰ এক সচেতনতা।
উত্তৰঃ মনৰ।

26. গেষ্টেলট মনস্তত্বৰ মতে এক তাৱৎ হ’ল ইয়াৰ _____ ৰ মুঠতকৈ অধিক।
উত্তৰঃ অংশবােৰ।

27. গেষ্টেন্ট মানে _____।
উত্তৰঃ সামূহিক।

28. Gestalt হ’ল এটা _____ শব্দ।
উত্তৰঃ জাৰ্মান।

29. শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিটোৰ ভিত্তি হ’ল _____।
উত্তৰঃ ফলাফল।

অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)

1. ‘চৰ্তকৰণেৰে শিকন’ উদ্ভাৱন কৰা ৰাছিয়ান চিকিৎসকগৰাকী কোন আছিল?
উত্তৰঃ পেভলভ (Pevlov)।

2. অন্তদৃষ্টিময় শিক্ষণৰ সৈতে জড়িত সূত্ৰটো কি?
উত্তৰঃ সামগ্ৰিকতাবাদ।

3. শিক্ষণৰ সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ সৈতে জড়িত সূত্ৰটো কি?
উত্তৰঃ সংযােগবাদ।

4. চৰ্তকৰণৰ ফলত হােৱা এটা আচৰণৰ উদাহৰণ দিয়া।
উত্তৰঃ ভাল অভ্যাস গঠন।

5. শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ আচৰণৰ সলনিকৰণ ‘ – এই উক্তিৰে সৈতে জড়িত ব্যক্তিগৰাকীৰ নাম লিখা।
উত্তৰঃ গেইট (Gates )।

6. পাভলভৰ চৰ্তকৰণৰ পৰীক্ষা – নিৰীক্ষাত চৰ্তহীন সঁহাৰি কি আছিল ?
উত্তৰঃ বেল বা ঘণ্টা শব্দ।

7. শিক্ষণৰ এটা ধৰণ ‘অন্তদৃষ্টি’ৰ কথাটো উদ্ভাৱন কৰা মনস্তত্ববিদগৰাকী কোন আছিল?
উত্তৰঃ কহলাৰ।

8. গেটছে আগবঢ়োৱা শিক্ষণৰ সূত্ৰটো লিখা।
উত্তৰঃ “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণ সংশােধন কৰা কাৰ্যই হৈছে শিক্ষণ।

9. চৰ্তৰ সঁহাৰি কি ?
উত্তৰঃ কৃত্ৰিম প্ৰবৃত্তি আৰু প্ৰক্ৰিয়াৰ মাজত এক নতুন সংযােগ হ’ল চৰ্তৰ সহাঁৰি।

10. পূৰ্ণতাপ্ৰাপ্তি আৰু শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ পূৰ্ণতা প্ৰাপ্তিয়ে শিক্ষণৰ সীমা নিধাৰণ কৰে।

11. প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে আমি শিকা আচৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ চাইকেল চলাব শিকা।

12. অন্তদৃষ্টিৰ অৰ্থ কি ?
উত্তৰঃ জ্ঞানৰ সমগ্ৰতাৰ দৃষ্টি পৰিহাৰ কৰি অংশৰ স্বৰূপৰ ওপৰত দিয়া দৃষ্টি আৰু চিন্তা।

13. শিক্ষণৰ কোনবােৰ নীতি বা শিক্ষণৰ কোনবােৰ পদ্ধতি তলত দিয়া কথাবােৰৰ ক্ষেত্ৰত কাম কৰে যেন লাগে।
(ক) অনুশীলন এগৰাকী লােকক নিপুণ কৰে।
উত্তৰঃ অনুশীলনৰ নীতি।

(খ) সাফল্য একোৱেই অতিক্ৰম কৰিব নােৱাৰে।
উত্তৰঃ ফলাফলৰ নীতি।

(গ) পাটিগণিতত ভাল ভাল কৃতিত্বৰ বাবে শ্ৰেণীত মীৰাক শিক্ষকে প্ৰশংসা কৰে। নিজৰ প্ৰচেষ্টাৰে তাই সমস্যাসমূহ সমাধান কৰাটো ( অংক কৰাটো) অব্যাহত ৰাথে।
উত্তৰঃ ফলাফলৰ নীতি।

(ঘ) চাৰিবছৰীয়া বৰুণৰ বাবে শিক্ষণ ব্যাকৰণৰ কোনাে কাম নাই।
উত্তৰঃ পৰিপক্কতা।

(ঙ) ট্ৰেফিক পইণ্টত ৰঙা সংকেত দেখি চালকজনে গাড়ীখন ৰখাই দিয়ে।
উত্তৰঃ অনুবন্ধনবাদ তত্ব।

(চ) সাঁতােৰ শিকিবলৈ আৰম্ভ কৰোঁতেই তেওঁৰ বাহুৰে পানী হেঁচি আৰু ফালি পেশীৰ শক্তিৰ অপচয় কৰে।
উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

(ছ) সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ……..পদ্ধতিৰ মূল উপাদান।
উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

(জ) “ সমগ্ৰ নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল ” – এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত?
উত্তৰঃ অন্তৰ্দৰ্শন পদ্ধতি।

চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)

1. শিক্ষণৰ গেষ্টেল্ট সূত্ৰৰ দুজন সমৰ্থকৰ নাম লিখা।
উত্তৰঃ শিক্ষণৰ গেষ্টাল্ট সূত্ৰৰ দুজন সমৰ্থক হ’ল ক’হলাৰ (Kohler ) আৰু ক’ফকা (Koffka)।

2. অনুশীলনীৰ নীতিৰ দুটা ভাগ উল্লেখ কৰা।
উত্তৰঃ অনুশীলনীৰ দুটা নীতি হ’ল—
(ক) ব্যৱহাৰৰ নীতি। আৰু
(খ) অব্যৱহাৰৰ নীতি।

3. অতি শিক্ষণ আৰু শিক্ষণৰ পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰঃ শিক্ষণ হৈছে আচৰণ সংশােধন কৰা কাৰ্য। ব্যক্তিযে পৰিবেশৰ লগত সমযােজন প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আচৰণ সংশােধন কৰে আৰু ব্যক্তিত্ব বিকাশ সাধন কৰে। এই অভিজ্ঞতা আৰু শিক্ষণৰ যােগেদি কৰা আচৰণ সংশােধন কাৰ্যই হৈছে শিক্ষণ।

আনহাতে শিক্ষণীয় বিষয়বস্তু আয়ত্ব কৰিবলৈ লগা প্ৰচেষ্টাতকৈ অধিক প্ৰচেষ্টা কৰাকে অতি শিক্ষণ বুলি কোৱা হয়। এই অতি শিক্ষণে শিক্ষা প্ৰক্ৰিয়াক ধনাত্মকভাৱে সহায় কৰে। কিন্তু ই যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

4. ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতিসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ব্যৱহাৰৰ নীতি সম্পৰ্কত থৰ্নডাইকে কৈছে— “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন কৰা হয় তেতিয়া আনবােৰৰ অৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায়।

“আকৌ যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশােধিত সম্বন্ধ দীৰ্ঘসময় ধৰি স্থাপন কৰা হয় তেতিয়া এই সংযােগৰ শক্তি কমি যায়।” এইযে অব্যৱহাৰৰ নীতি।

5. অন্তদৃষ্টি কি? বা, অন্তদৰ্শনৰ যােগেদি শিক্ষণ কি?
উত্তৰঃ অন্তদৃষ্টি শব্দৰ অৰ্থ হৈছে সমস্যা বা অধ্যয়নৰ বিষয়বস্তুৰ অন্তৰ্ভাগ বা আন্তঃগাঁথনিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা। প্ৰতিটো শিকনীয় বিষয়বস্তুৰ অংশবােৰৰ মাজত পাৰস্পৰিক যােগসূত্ৰ নিহিত হৈ থাকে। এই অংশবােৰ চিনাক্ত কৰি তাৰ মাজত নিহিত হৈ থকা পাৰম্পৰিক যােগসূত্ৰৰ নিৰীক্ষণৰ যােগে সামগ্ৰিক ৰূপত উদ্মাটন কৰা কাৰ্যই হৈছে অন্তদৃষ্টি বা অন্তদৰ্শন।

6. চৰ্ত প্ৰবৃত্তি কি?
উত্তৰঃ উদ্দীপকৰ প্ৰতি কৰা স্বাভাবিক প্ৰতিক্ৰিয়া সলনি কৰা ক্ষেত্ৰত এক পৃথক উদ্দীপক ব্যৱহাৰ কৰি নতুন প্ৰতিক্ৰিয়া সৃষ্টি কৰাটোৱেই হৈছে চৰ্তৰ প্ৰবৃত্তি।

7. ‘শিকন হ’ল বিকাশৰ এটা প্ৰক্ৰিয়া – ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষণ এক বিকাশৰ প্ৰক্ৰিা। শিক্ষণ স্বাভাৱিকতেই হৈছে লক্ষ্য। সচেতন আৰু উদ্দেশ্য প্ৰণােদিত। এই প্ৰক্ৰিয়া প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ পূৰ্বৱতী আচৰণত পৰিবৰ্তন আৰু উৎকৰ্ষ সাধন কৰা। শিক্ষণে নতুন অভিজ্ঞতা আৰু উন্নত ক্ৰিয়া আচৰণৰ যােগ্যতা প্ৰদান কৰে। এই উন্নত আচৰণ আহৰণেহে ক্ৰম বিকাশক সংঘটিত কৰি তােলে। জন্মৰ পিছৰে পৰা শিশুৱে পৰিৱেশত কৰা সমযােজন প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰমবিকাশ সাধন কৰি তােলে। সেয়েহে কোৱা হয় ব্যক্তিযে পৰিবেশত সমাযােজনৰ যােগেদি কৰা উন্নতশীল আৰু বিকাশশীল প্ৰক্ৰিয়াই শিক্ষণ।

8. শিক্ষণৰ সংজ্ঞা দিয়া।
উত্তৰঃ মনােবিদ গেইটচৰ মতে “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যােগেদি কৰা আচৰণ সংশােধন কাৰ্য।”
জে. পি. গিলফোৰ্ডৰ মতে, “ আচৰণৰ পৰিণতিস্বৰূপে পৰৱৰ্তী আচৰণৰ যিকোনাে পৰিবৰ্তনেই হৈছে শিক্ষণ।

9. অনুশীলন কাৰ্য হিচাপে শিক্ষণৰ ব্যাখ্যা দিয়া।
উত্তৰঃ শিক্ষণক দৈহিক দিশৰ বিবেচনাৰে অভ্যাস গঠন কৰা কাৰ্য বুলিব পাৰি। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তি বা অনুশীলনীৰ যােগেদি শিকাক স্থায়ী ৰূপ দান কৰিব পৰা যায়। এনে অনুশীলনীৰ অভাৱত শিক্ষণৰ চাপ, প্ৰভাৱ বা তাৰ প্ৰতিৰূপ সংৰক্ষণ কৰাত ব্যৰ্থ হৈ বিলুপ্ত। হ’ব পাৰে। সজ অভ্যাসক অনুশীলনীৰ যােগে স্থায়ী ৰূপ দিয়া আৰু বদ – অভ্যাসৰ অনুশীলন বন্ধ কৰি তাক গুচোৱাটো শিশু – শিক্ষাৰ প্ৰধান। উদ্দেশ্য। ক্ৰ্যিৰ অনুশীলনে তাৰ নিপুণতা বৃদ্ধি কৰি তুলিব পাৰে আৰু ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে।

10. উপযুক্ত উদাহৰণ দি শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ মানৱ জীৱনত প্ৰথম অৱস্থাত কেঁচুৱাটিযে অসহায় অৱস্থাত জীৱন অতিবাহিত কৰে। মাক – দেউতাক বা আনৰ সহায় অবিহনে কেঁচুৱাটিযে থাব, গা ধুব আৰু কাপােৰ পিন্ধিব নােৱাৰে। বিশেষ। সময়ৰ পিছত কেঁচুৱাটিযে সকলাে কৰ্ম ব্যস বঢ়াৰ লগে লগে ক্ৰমান্বয়ে কৰিব পাৰা হয়। এইদৰে জ্ঞাতসাৰে বা অজ্ঞাতসাৰে মানৱ জীৱনত শৈশৱৰ পৰাই শিক্ষণ সংঘটিত হয় আৰু মৃত্যুলৈকে চলি থাকে।
সৰল অৰ্থত শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৰা আচৰণ সংশােধন কাৰ্য।

READ MORE  মনােযােগ আৰু আগ্ৰহ (খ) | Chapter 5 | Part 2 | Class 12 Education - AHSEC

11. অতি শিক্ষণ কি ?
উত্তৰঃ শিক্ষণৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্ৰচেষ্টাতকৈ অধিক প্ৰচেষ্টা কৰাকে অতি শিক্ষণ বুলি কোৱা হয়। এই অতি শিক্ষণে শিক্ষা প্ৰক্ৰিয়াক ধনাত্মকভাৱে সহায় কৰে। কিন্তু এই অতিৰিক্ত শিক্ষণে যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

12. তলৰ প্ৰবাদকেইটা কোন শিক্ষণ নীতিৰ লগত জড়িত উল্লেখ কৰা।
(i) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
উত্তৰঃ অনুশীলনৰ নীতি।

(ii) কৃতকাৰ্যতাই কৃতকাৰ্যতাক আগুৱাই নিয়ে।
উত্তৰঃ ফলাফলৰ নীতি।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)

1. অতি শিক্ষণ বুলিলে কি বুজা ?
উত্তৰঃ শিক্ষণৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্ৰচেষ্টাতকৈ অধিক প্ৰচেষ্টা কৰাকে অতি শিক্ষণ বুলি কোৱা হয়। এই অতি শিক্ষণে শিক্ষা প্ৰক্ৰিয়াক ধনাত্মকভাৱে সহায় কৰে। কিন্তু এই তিৰিক্ত শিক্ষণে যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

2. অন্তদৃষ্টিময় শিক্ষণৰ সীমাবদ্ধতা দেখুওৱা।
উত্তৰঃ অন্তদৃষ্টিময় শিক্ষণৰ সীমাবদ্ধতাবােৰ হ’ল—
(১) এই পদ্ধতিৰ প্ৰযােগৰ বাবে উচ্চ পৰ্যায়ৰ মানসিক ক্ষমতা প্ৰযােজন। গতিকে এই পদ্ধতি প্ৰাথমিক পৰ্যায়ত ব্যৱহাৰৰ অনুপযােগী।
(২) সাধাৰণ লােকৰ মাজতাে এনে বহুতাে লােক আছে যি অন্তৰ্দৰ্শনৰ দৰে উচ্চ পৰ্যায়ৰ মানসিক শক্তি স্বাভাৱিকতে প্ৰযােগ কৰিব নােৱাৰে।
(৩) এই পদ্ধতিয়ে অনুশীলনৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে। শিক্ষণৰ স্থায়ী ৰূপ দিবৰ বাবে অনুশীলন অতিশয্য প্ৰযােজন।

3. শিক্ষণ আৰু পৰিপূৰ্ণতা প্ৰাপ্তিৰ মাজৰ সাদৃশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ শিশুৰ জীৱন বিকশাই তােলাৰ ক্ষেত্ৰত শিক্ষণ আৰু পৰিপক্কতা – এই দুটি প্ৰক্ৰিয়াই সদ্যহতে উৎকৃষ্ট ভূমিকা লয়। বৃদ্ধি আৰু বিকাশৰ এক প্ৰক্ৰিয়া হ’ল পৰিপক্কতা। পৰিপক্কতা প্ৰক্ৰিয়াই কিছুমান আচৰণৰ পৰিবৰ্তনৰ প্ৰক্ৰিয়াক বুজায়। ঠিক সেইদৰে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিকনৰ ফলস্বৰূপে আচৰণ সংশােধন কৰা কাৰ্য।

শিক্ষণৰ বাবে ব্যক্তিৰ দেহ মানসিক পৰিপক্কতা স্বাভাৱিকতেই প্ৰযােজন। এই ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষণৰ বিষয়বস্তু শিক্ষণ পদ্ধতি আৰু শিক্ষণৰ প্ৰাপ্তি বিচাৰ কৰিব লাগে। পৰিপক্কতা হৈছে শিক্ষণৰ এক চৰ্ত। বিশেষ।

শিক্ষা আৰু পৰিপক্কতা হ’ল বিকাশমূলক প্ৰক্ৰিয়া। ইহঁতে ব্যক্তিৰ আচৰণৰ পৰিবৰ্তন ঘটায়। এই দুই প্ৰক্ৰিয়াৰ মাধ্যমতে জীৱনৰ উন্নয়নমুখী পৰিবৰ্ত্তন হয়।

4. প্ৰচেষ্টা আৰু ভুল তথা অন্তদৃষ্টিপূৰ্ণ শিক্ষণৰ মাজৰ পাৰ্থক্য উলিওৱা।
উত্তৰঃ (১) প্ৰচেষ্টা আৰু ভুল ‘ পদ্ধতিযে শিক্ষণ / শিক্ষণক এক, যান্ত্ৰিক প্ৰক্ৰিয়া হিচাপে ব্যাখ্যা কৰিছে। আনহাতে অন্তৰ্দৰ্শন পদ্ধতিত শিক্ষণ। শিক্ষণক এক মানসিক প্ৰক্ৰিয়া হিচাপে ব্যাখ্যা কৰিছে।
(২) সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল পদ্ধতি হ’ল প্ৰাৰম্ভিক পৰ্যায় আৰু আনহাতে অন্তৰ্দৰ্শন হ’ল দ্বিতীয় বা চূড়ান্ত পৰ্যায়।
(৩) প্ৰচেষ্টা আৰু ভুল ‘ পদ্ধতিত ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে অন্তৰ্দৰ্শন পদ্ধতিত সমস্যাৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ ওপৰতহে গুৰুত্ব দিয়ে।

5. “শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো। নহয়।” – তােমাৰ মতামত কি?
উত্তৰঃ উক্তিটো সত্য। শিক্ষণ কাৰ্য কোনাে এক সমস্যাক কেন্দ্ৰ কৰি পৰিচালিত হয়। অৰ্থাৎ কোনাে সমস্যাৰ আগতেই প্ৰাণীযে কোনাে বিষয় শিকিবলৈ বাধ্য হয়। শিক্ষণ কাৰ্যই ব্যক্তিক নতুন পৰিস্থিতিত সমাযােজনত সহায় কৰে। গতিকে ইযাৰ দ্বাৰা ব্যক্তিৰ সমস্যা সমাধানৰ ক্ষমতা বিকাশ হয়।

6. পৰিপক্কতা মানে কি বুজা?
উত্তৰঃ পৰিপক্কতা বুলিলে দৈহিক বিকাশৰ যােগে আহৰণ কৰা দেহ – যন্ত্ৰৰ বিভিন্ন অংশ, যেনে – দেহ – কোষ, স্নায়ুকোষ, মাংসপেশী। গ্ৰহণেন্দ্ৰিয় আদিৰ কাৰ্যক্ষমতা আৰু যােগ্যতা আদিকেই বুজায়। পৰিপক্কতা ধাৰণাটোৱেই হৈছে জৈৱিক বংশগতিস্বৰূপে জন্মসূত্ৰে আৰু বংশসূত্ৰে আহৰণ কৰা ‘জীন’ বা জীৱাণুকোষবােৰৰ বিকাশশীল ক্ষমতা। দেহ যন্ত্ৰৰ এই অংশবােৰেই আচৰণ নিধাৰণকাৰী আৰু নিয়ন্ত্ৰণকাৰী জৈৱিক শক্তিস্বৰূপে ব্যক্তিৰ দৈহিক পৰিপক্কতা আহৰণত সহায় কৰে।

পৰিপক্কতাৰ অৰ্থ হৈছে বৃদ্ধি। ব্যক্তি বৃদ্ধি স্বতঃস্ফূৰ্ত আৰু নিয়মীয়া। ইয়াৰ বাবে বিশেষ উদ্দীপক, যেনে— প্ৰশিক্ষণ বা অনুশীলনৰ প্ৰযােজন নহয়। যেনে – এটা নিৰ্দিষ্ট বয়সত যি পৰিৱেশতে নাথাকক কিয়, শিশুৱে খােজ কাঢ়িবলৈ শিকে।

7. শিক্ষণৰ তিনিটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
উত্তৰঃ শিক্ষণৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল –
(১) শিক্ষণ কোনাে নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে হ’ব পাৰে অথবা জৈৱিক বা সামাজিক সমাযােজনৰ বাবেও হ’ব পাৰে।
(২) শিক্ষণৰ দ্বাৰা এজন ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বা অস্থায়ী পবিৱৰ্ত্তন সাধিত হয়।
(৩ ) শিক্ষাৰ সুফল লাভত অভিৰােচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অভিৰােচন হৈছে। শিকনৰ এক চৰ্ত বিশেষ।

8. প্ৰচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষণৰ বাবে পুনৰাবৃত্তিৰ প্ৰযােজন ব্যাখ্যা কৰা।
উত্তৰঃ মনােবিজ্ঞানী থৰ্নডাইকে এই পদ্ধতিৰ পােষকতা কৰিছিল। তেওঁৰ সংযােগবাদ তত্বৰ ওপৰত এই পদ্ধতি প্ৰতিষ্ঠিত। এই পদ্ধতি মতে কোনাে শিক্ষণীয় বিষয় সম্পূৰ্ণ আয়ত্তাধীন হােৱাৰ আগতে প্ৰযােজন হয় বহু বিৰামহীন প্ৰচেষ্টাৰ। এই প্ৰচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হােৱাৰ সম্ভাৱনা থাকে। এই ভুলবােৰ আঁতৰাবলৈ যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়ােজন হয়।

এনে বিৰামহীন প্ৰচেষ্টাৰ ফলতেই প্ৰথম অৱস্থাত হােৱা ভুলৰ পৰিমাণ আৰু প্ৰযােজন হােৱা সময়ৰ পৰিমাণ লাহে লাহে কমি আহি অৱশেষত নিৰ্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে কামতাে সম্পাদন কৰিব পৰা যায়। এয়েই হৈছে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি বাৰে বাৰে কৰা ভুল প্ৰচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে। সেয়েহে এই পদ্ধতিটোক ‘প্ৰচেষ্টা আৰু ভুল বুলি কোৱাৰ পৰিৱৰ্তে ‘শুদ্ধ পথৰ নিৰ্বাচন পদ্ধতি’ বুলি কোৱাহে অধিক যুক্তিযুক্ত বুলি কোনাে কোনাে। মনােবিদে মত পােষণ কৰিছে।

মনােবিজ্ঞানী থৰ্নডাইকে তেখেতৰ ‘প্ৰচেষ্টা আৰু ভুল পদ্ধতি’ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছিল পৰীক্ষা কাৰ্যৰ বাবে তেওঁ এটা ভােকাতুৰ মেকুৰী বিশেষ কৌশলেৰে সজা কৌতুক বাকচ এটাৰ ভিতৰত আৱদ্ধ কৰে। মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰখা হৈছিল। বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনাে এনেদৰে ৰখা হৈছিল যে ভিতৰৰ ফালৰ পৰা এডাল ৰচী টানিলেই সহজে খুলিব পাৰি। বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খােৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা বাহিৰ ওলাবলৈ।

আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে। বাকচটোৰ ভিতৰতে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মােকলাবৰ বাবে চৌদিশে হাতােৰাৰে খামুচিব আৰম্ভ কৰিলে। এনে অন্ধ প্ৰচেষ্টা ব্যৰ্থ পৰিণতিৰে কিছু সময় কটোৱাৰ পিচত সি এবাৰ কেনেবাকৈ নিৰ্দিষ্ট ৰচীডাল টানি দিয়ে আৰু দুৱাৰখন খুলি যায়। মেকুৰীটোৱে তৎক্ষণাত বাহিৰলৈ ওলাই আহি ভজ মাছখিনি খায় এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্যবিন্দুত উপনীত হ’ব পাৰিলে। থৰ্নডাইকে দ্বিতীয়বাৰৰ বাবে একেই পদ্ধতিৰে মেকুৰীটোক কৌতুক বাকচটোৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ প্ৰদৰ্শন কৰিলে। এইবাৰে মেকুৰীটোৱে একে ধৰণৰ আচৰণ প্ৰদৰ্শনেৰে কিছুসময়ৰ অন্তত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ’ল আৰু লক্ষ্য বিন্দুত উপনীত হ’ল।

9. শিক্ষণৰ প্ৰধান নীতিবােৰ কি কি?
উত্তৰঃ শিকনৰ প্ৰধান নীতিবােৰ হৈছে –
(১) পৰিণাম নীতি।
(২) অনুশীলন নীতি।
(৩) প্ৰস্তুতি নীতি।

10. শিক্ষণ আৰু প্ৰণােদিতকৰণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ অভিপ্ৰায়ে সৃষ্টি কৰি তােলা দেহ – মনৰ গতিশীল অৱস্থাকেই অভিৰােচন বা প্ৰণােদন বুলিব পাৰি। শিক্ষাৰ সুফল লাভত ব্যক্তিৰ দেহ মানসিক প্ৰস্তুতিৰ দিশ অতি বিবেচনাযােগ্য। ই শিক্ষা আহৰণৰ গুৰুত্বপূৰ্ণ আৰু প্ৰধান চৰ্ত বিশেষ। শিক্ষাগ্ৰহণৰ গতিশীল আৰু মূল পৰিচালিকা শক্তি হৈছে অভিপ্ৰায়। শিক্ষণ আৰু এই অভিৰােচনৰ মাজত গতিকে ওতঃপ্ৰত সম্পৰ্ক আছে। শিক্ষণত অভিৰােচনৰ প্ৰাধান্য আৰু প্ৰয়োজনীয়তা সম্বন্ধে তলত উল্লেখ কৰা হ’ল—
(১) ছাত্ৰ – ছাত্ৰীৰ শিক্ষা গ্ৰহণত প্ৰণােদনে দেহ – মানসিক শক্তিৰ ইন্ধন যােগায়।
(২) ই ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ অভিৰুচিৰ সৃষ্টি কৰে আৰু শিক্ষাৰ প্ৰাপ্তিক সহজ – সাধ্য কৰি তােলে।
(৩) অভিপ্ৰায়ে শিক্ষা গ্ৰহণৰ আমনি লগা আৰু বিৰক্তিৰ পৰিস্থিতি দূৰ কৰে।
(৪) অভিৰােচনে মানুহৰ মানসিক অস্থিৰতা নাইকিয়া কৰি তেওঁক প্ৰযােজনমুখী কৰি তােলে।

11. অনুবন্ধিত প্ৰতিক্ৰিয়া কি? পেভেলভৰ অনুবন্ধনৰ পৰীক্ষাটোত প্ৰতিক্ৰিয়া কোনটো আছিল ?
উত্তৰঃ এটা স্বাভাৱিক প্ৰতিক্ৰিয়া আন এটা পৃথক উদ্দীপকৰ লগত। সংযােগ কৰি তাৰ বাৰে বাৰে কৰা পুনৰাবৃত্তিৰ ফলত যি অস্বাভাৱিক। ৰূপত এক নতুন প্ৰতিক্ৰিয়া প্ৰকাশ হয় তাকে অনুবন্ধিত প্ৰতিক্ৰিয়া বােলে।
পেভলভৰ পৰীক্ষাটোত অনুবন্ধিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ ঘণ্টাৰ ( Bell ) শব্দ ব্যৱহাৰ কৰি কুকুৰৰ লালটি ওলােৱা আচৰণ অনুবন্ধিত কৰা হৈছিল।

12. সূত্ৰৰ সৈতে সম্পৰ্কিত ব্যক্তি কেইজনক মিলােৱা।

(ক)(খ)
কফকাঅনুবন্ধনবাদ
থৰ্নডাইকগেষ্টাল্ট সূত্ৰ
পেভলভপ্ৰচেষ্টা আৰু ভুল

উত্তৰঃ

(ক) (খ) 
কঙ্কাগেষ্টাল্ট সূত্ৰ
থৰ্নডাইকপ্ৰচেষ্টা আৰু ভুল
পেভলভঅনুবন্ধনবাদ

প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)

1. শিক্ষণ আৰু পূৰ্ণতাপ্ৰাপ্তিৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰঃ শিক্ষণ আৰু পূৰ্ণতা প্ৰাপ্তিৰ মাজৰ পাৰ্থক্য – পৰিপক্কতাৰ অৰ্থ হৈছে বৃদ্ধি। ব্যক্তিৰ বৃদ্ধিৰ স্বতঃস্ফুৰ্ত আৰু নিয়মীয়া। ইয়াৰ বাবে কোনাে বিশেষ উদ্দীপক যেনে প্ৰশিকনৰ প্ৰয়ােজন নহয়। কিন্তু শিক্ষণ হ’ল ব্যক্তিৰ আচৰণৰ পৰিবৰ্ত্তন যিটো পৰিবেশৰ দ্বাৰা নিৰ্ধাৰিত উদ্দীপকৰ দ্বাৰাহে সম্ভৱ হয়।

পৰিবেশৰ পৰা লাভ কৰা অভিজ্ঞতাৰ দ্বাৰাহে শিশুৱে শিকে আৰু ইয়াৰ লগত প্ৰশিকন আৰু অনুশীলন এই দুটো জড়িত থাকে। আনহাতেদি। বয়স বৃদ্ধিৰ লগে লগে শিশুৱে শাৰীৰিক আৰু মানসিক পৰিপক্কতা লাভ কৰে যাৰ দ্বাৰা শিশুৱে পৰিবেশৰ বিভিন্ন কথা শিকে।

মনােবিজ্ঞানী ক’লেচনিকৰ মতে “জন্মগত প্ৰৱণতাসমূহ স্বাভাৱিকভাৱে প্ৰস্ফুটিত হােৱাৰ . ফলত আচৰণৰ গুণগত আৰু পৰিমাণৰ পৰিবৰ্তনেই হৈছে পৰিপক্কতা। আনহাতে অতীত অভিজ্ঞতা বাস্তৱৰ কৰ্তব্য। ৰূপায়ণত ব্যৱহাৰেই হ’ল শিক্ষণ। নতুন কথা শিকিবলৈ হ’লে তাক কৌশলৰে নিজক খাপ খুৱাই লােৱাটো শিকাৰ এক ৰূপ। বাস্তৱ ক্ষেত্ৰত শিক্ষণ ব্যক্তিৰ দেহ – মনৰ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। ব্যস বাঢ়ি অহাৰ লগে লগে শিশুৱে যেতিয়া শাৰীৰিক আৰু মানসিক পুষ্টি সাধন কৰে, তেত্যি নানাধৰণৰ বিষয় শিকিবলৈ সক্ষম হয়।

2. শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা অসীম। উপযুক্ত পুৰস্কাৰৰ মাধ্যমেৰে শিক্ষকে ছাত্ৰ – ছাত্ৰীৰ মনত অভিৰােচনৰ সৃষ্টি কৰিব পাৰে আৰু এই অভিৰােচন কাৰ্য্যই শিক্ষণ কাৰ্য্য অধিক সফল হােৱাত সহায় কৰিব পাৰে। ছাত্ৰ – ছাত্ৰীৰ গঠনমূলক, সৃজনায়ক গুণসমূহ উদগনি জনাবৰ বাবে পুৰস্কাৰৰ কৌশল অবলম্বন কৰিব পাৰে। পুৰস্কাৰে উদ্দীপক আৰু প্ৰতিক্ৰ্যিৰ মাজত সফল যােগসূত্ৰ স্থাপনত। সফল হয়। আনহাতে, শাস্তি প্ৰযােগে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সম্বন্ধ বিচ্ছিন্ন কৰি সেই কাৰ্য্য পুনৰাবৃত্তি কৰাৰ প্ৰতি অনাগ্ৰহী কৰি তােলে। ছাত্ৰ – ছাত্ৰীৰ বদ অভ্যাস দূৰ কৰিবৰ বাবে শিক্ষকে শাস্তিৰ প্ৰযােগ। কৰিব পাৰে। অৱশ্যে এই শাস্তি শাৰীৰিকৰ পৰিবৰ্তে মানসিকহে হােৱা বাঞ্ছনীয়।

3. ‘শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিকনৰ জৰিয়তে আচৰণৰ সলনিকৰণ’- উক্তিটো বহলাই ব্যাখ্যা কৰা।
উত্তৰঃ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ এই গােটেই সময়ছােৱাত আমি সদাযেই নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হওঁ আৰু সমাযােজনাৰ চেষ্টা কৰাে। এই সমযােজন (Adjustment ) প্ৰক্ৰিয়াৰ মূলতে হ’ল আমাৰ জন্মগত সহজাত প্ৰবৃত্তি। এই সহজাত প্ৰবৃত্তিবােৰেই শিক্ষণৰ মৌলিক ইন্ধন যােগায়। অৱশ্যে এই সহজাত প্ৰবৃত্তিৰ জৈৱিক আৰু আদিম অৱস্থাটোকেই শিক্ষণ আখ্যা দিব নােৱাৰি।

ৰিস্থিতি আৰু প্ৰযােজন সাপেক্ষে এই সহজাত প্ৰবৃত্তিসমূহৰ সংশােধন আৰু পৰিৱৰ্তনৰ জৰিয়তে উন্নত ক্ৰিয়া আচৰণ প্ৰদৰ্শন কৰা আৰু তাৰ জৰিয়তে নতুন পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই ল’ব পৰা অভিজ্ঞতা আহৰণ কৰা কাৰ্যকহে শিক্ষণ বােলা হয়। মনােবিজ্ঞানী গেইছৰ মতে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিকনৰ জৰিয়তে আচৰণৰ পৰিৱৰ্তন সাধন কৰা। এই শিক্ষণ হৈছে ব্যক্তিৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিযে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হােৱা, নতুন নতুন সমস্যাৰ সমাধান কৰা আৰু পৰিস্থিতিৰ লগত সমযােজন কৰাৰ ক্ষমতা অৰ্জন কৰে। শিক্ষণ কাৰ্য্য সম্পন্ন কৰাৰ ক্ষেত্ৰত যিমানেই উদ্দেশ্যৰ প্ৰবলতা থাকে সিমানেই শিক্ষণ কাৰ্য সহজ হৈ পৰে।

4. ‘শিক্ষণ নিৰ্ভৰ কৰে পূৰ্ণতাপ্ৰাপ্তিৰ ওপৰত ‘- ব্যাখ্যা কৰা। নাইবা শিক্ষণ আৰু পূৰ্ণতাপ্ৰাপ্তিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ শিক্ষণ আৰু পূৰ্ণতাপ্ৰাপ্তি বা পৰিপক্কতাই ব্যক্তিৰ বিকাশত সহায় কৰে। শিক্ষণ আৰু পৰিপক্কতা উভযেই এটাৰ লগত আনটো ইমান নিবিড়ভাৱে জড়িত যে এটাক আনটোৰ পৰা পৃথক কৰা কঠিন।

পৰিপক্কতা হৈছে জৈৱিক দিশৰ ‘জীন’ সম্বন্ধীয় বিজ্ঞানৰ এক ধাৰণা যি জৈৱিক বংশগতিৰ পৰা পােৱা এক অন্তনিহিত শক্তি বা বিকাশৰ সম্ভাৱনীয়তা স্বৰূপ। আনহাতে শিক্ষণ হৈছে। বহিঃপৰিবেশৰ পৰিস্থিতি বা উদ্দীপকৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ পুনৰাবৃত্তি যি ব্যক্তিৰ আচৰণৰ সংশােধন কৰি তােলে। পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ সম্বন্ধ বিজ্ঞানভিত্তিকভাৱে পাব পৰা নাযায়। মানুহৰ কোনবিধ আচৰণৰ পৰিবৰ্তন জৈৱিক পৰিপক্কতাৰ। ফলত আৰু কোনবিধ আচৰণ শিক্ষণৰ ফলত সংঘটিত হয়, তাক স্পষ্ট ৰূপত নিৰ্ধাৰণ কৰাটো কঠিন। দুযাে দিশৰে যুটীয়া প্ৰভাৱ আচৰণৰ পৰিৱৰ্তনত পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ক’ব পাৰি যে এটি শিশুৱে বিকাশৰ এক নিৰ্দিষ্ট বযসত দৈহিক পৰিপক্কতা লাভ কৰি উঠিলেহে।

READ MORE  স্মৃতি আৰু বিস্মৃতি (ক) | Chapter 5 | Part 1 | Class 12 Education - AHSEC

ভাষা জ্ঞান আয়ত্ত কৰি উঠিব পাৰে। আনহাতে এই কথাও ক’ব পাৰি যে পৰিবেশত মাতৃ আৰু অন্যান্য লােকৰ সান্নিধ্য লাভ কৰি উঠিব। নােৱাৰিলে কেৱল সেই নিৰ্দিষ্ট বযসপ্ৰাপ্ত হ’লেই সি ভাষা জ্ঞান স্বাভাৱিক ৰূপত ‘শিকি উঠিব নােৱাৰে।

এনেবােৰ দৃষ্টান্তৰ যােগেদি এটা কথা স্পষ্ট হৈ উঠে যে দৈহিক পৰিপক্কতাইহে শিক্ষণৰ যােগ্যতা আদি দিয়ে আৰু পৰিবেশৰ অনুকূল পৰিস্থিতিযেহে এনে যােগ্যতাৰ উপযােগী কৰণত সহায় কৰে। শিক্ষকৰ বাবে এই দুযাে দিশৰ বিবেচনা অতি প্ৰযােজনীয়। শিশুৰ প্ৰয়ােজনীয় দৈহিক পৰিপক্কতা হৈ নুঠাত শিক্ষা বলপূৰ্বক কৰি তােলা হ’লে সি ক্ষতি সাধন কৰিব পাৰে। সেইদৰে দৈহিক বিকাশৰ পৰিপক্কতা লাভৰ উপযুক্ত সময় পাৰ হৈ গলে শিক্ষণৰ সুফল আৰু প্ৰয়ােজনীয় ক্ৰিয়া পটুতা লাভকৰণত ব্যৰ্থ হব লাগে। গতিকে শিক্ষণৰ চুৰান্ত প্ৰাপ্তিৰ সীমা দৈহিক পৰিপক্কতাই নিৰ্ধাৰণ কৰি তােলে।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)

1. প্ৰভাৱৰ নীতিসমূহ শ্ৰেণী কোঠাত কিদৰে প্ৰয়ােগ কৰিব পাৰি আলােচনা কৰা।
উত্তৰঃ শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ পৰিণতি এই শিক্ষণ নীতিৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত। শিক্ষণৰ ফলাফলৰ সন্তুষ্টিযে ছাত্ৰক পৰৱৰ্তী ক্ৰিয়াৰ বাবে ইন্ধন যােগায়। ফলত আৰু অধিক সফলতাৰ বাবে সকলাে প্ৰচেষ্টা চলায়। শিক্ষাৰ সুফল লাভকৰণ ছাত্ৰৰ বাবে পুৰস্কাৰ প্ৰদান স্বৰূপ হৈ উঠে। এই নীতিৰ শৈক্ষিক প্ৰায়ােগিকতা তলত উল্লেখ কৰা হ’ল—
(ক) সাৰ্থক শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ শিক্ষা পৰিবেশ সুখদায়ক আৰু আনন্দদায়ক কৰি তুলিব লাগে।
(খ) শিক্ষণৰ কৃতকাৰ্যতা ক্ৰমাগতভাৱে হৈ উঠিব পৰাকৈ অধ্যয়নৰ বিষয়বস্তু পৰ্যায়ক্ৰমে কঠিনতাৰ ভিত্তিত প্ৰস্তুত কৰি তুলিব লাগে।
( গ ) শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত পুৰস্কাৰ, প্ৰশংসা, স্বীকৃতি প্ৰদান আদিৰে উৎসাহিত কৰি তুলিব লাগে।
(ঘ) শিক্ষা আহৰণত পুৰস্কৃত কৰা হ’লে শিক্ষাৰ্থী মনােকামনা পূৰণ কৰে আৰু মনত প্ৰণােদনৰ সৃষ্টি কৰে।

2. শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাত্মক মূল্য নিৰ্ধাৰণ কৰা।
উত্তৰঃ শৈক্ষিক তাৎপৰ্য:- শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ। যথেষ্ট প্ৰভাৱ আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিযে ছাত্ৰ – ছাত্ৰীৰ সক্ৰিয় অংশ গ্ৰহণত গুৰুত্ব দিয়ে। বাৰে বাৰে কৰা প্ৰচেষ্টাই এহাতে ভুলৰ পৰিমাণ কমাই আনে আৰু আনহাতে অভ্যাস গঠনত সহায় কৰে। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰে শিক্ষাৰ্থী আৰু শিক্ষা বিষয়ৰ মাজত এক দেহ – মানসিক সংযােগ স্থাপন কৰা প্ৰযােজন। ইয়াৰ দ্বাৰাই চৰিত্ৰ আৰু ব্যক্তিত্বৰ সজ গুণ আৰু আচৰণসমূহ শিক্ষণ কালত ছাত্ৰই আহৰণ কৰিব পাৰে। সেয়েহে থৰ্নডাইকে মত পােষণ কৰিছিল যে শিক্ষণৰ মূল উদ্দেশ্য হৈছে অনুশীলনৰ যােগে অভ্যাস গঠন কৰা। বিদ্যালয়ত গণিতৰ সূত্ৰ, বুৰঞ্জীৰ চন তাৰিখ, কবিতা মুখস্থ, বিজ্ঞানৰ সূত্ৰ সমূহ আয়ত্ত কৰণত এই পদ্ধতিৰ সুফল প্ৰযােগ কৰা হয়। শিশুৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰযােগ বেছি।

3. প্ৰস্তুতি নীতিৰ শৈক্ষিক তাৎপৰ্য্যৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ প্ৰকৰণ বা প্ৰস্তুতিৰ নীতি মতে ক্ৰিয়াৰ পৰা পাব পৰা সন্তুষ্টি আৰু অসন্তুষ্টি ব্যক্তিৰ দৈহিক প্ৰস্তুতিৰ ওপৰতেই নিৰ্ভৰ কৰে। শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ এক প্ৰধান চওঁ হৈছে শিক্ষাৰ্থীৰ দৈহিক প্ৰস্তুতি। এই কথাৰ প্ৰতি শিক্ষকে সতৰ্ক দৃষ্টি ৰাখিব লাগে। শিক্ষা গ্ৰহণ কাৰ্য হৈছে সময়, সুবিধা আৰু প্ৰস্তুতি সাপেক্ষ। এই নীতিৰ কেতবােৰ শৈফিক তাৎপৰ্য তলত সংক্ষেপে উল্লেখ কৰা হৈছে—
(ক) শিক্ষকে পাঠদানৰ পূৰ্বে ছাত্ৰৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ প্ৰতি আওকণীয়া হৈ যান্ত্ৰিকভাৱে শিক্ষা দান কৰিব নালাগে।

(খ) ছাত্ৰৰ দেহ মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰিব পৰা অভিৰােচনৰ। কৌশল শিক্ষকে জানিব লাগে আৰু প্ৰযােজনমতে তাক প্ৰয়ােগ কৰিব লাগে।

(গ) এই প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানৰ কাৰ্য তালিকা আৰু সময তালিকা প্ৰস্তুত কৰি তুলিব লাগে।

(ঘ ) ছাত্ৰ শিক্ষা বলপূৰ্বক বিধৰ কৰি তুলিব নালাগে। তেওঁলােকৰ স্বতঃস্ফূৰ্ত অংশ গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

4. শিক্ষণৰ প্ৰকৃতি ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষণৰ প্ৰকৃতিক জানিবলৈ হ’লে কেইবাটাও দিশেৰে ফঁহিয়াই চাব লাগিব। ব্যৱহাৰিক জীৱনত ঘটা সৰু বৰ সকলাে উদাহৰণ তথা সংজ্ঞাই প্ৰমাণ কৰি দিয়ে যে সম্যত উপস্থাপন হােৱা ঘটনাৰ অভিজ্ঞতাতহে শিক্ষণ হয়। শিক্ষণত আচৰণৰ পৰিবৰ্তনৰ প্ৰযােজন হয়। এৰা – ধৰাহীন মনােভাৱৰ শিক্ষণত নতুনত্ব। নাথাকে। যেনে – উত্তম প্ৰকৃতিৰ শস্য পাবলৈ হ’লে বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগিব। শিক্ষণ হ’ল এক নিজ কৰ্ম পন্থাত প্ৰচলিত প্ৰক্ৰিয়া মাথােন। এই প্ৰক্ৰিয়াই কোনাে কোনাে ক্ষেত্ৰত কাৰাে দিহা – পৰামৰ্শ নােহােৱাকৈৱে চলাই নিয়ে।

শিক্ষণক সমস্যা সমাধানমূলক এক উপায় হিচাপত গ্ৰহণ কৰা হয়। এই প্ৰক্ৰিয়াটোক নানা ধৰণৰে প্ৰচলন কৰা হয়। বহু ব্যৱস্থা গ্ৰহণ কৰাৰ। লগে লগেই সমস্যাসমূহ এটা এটাকৈ আঁতৰি যায়। শিক্ষণৰ প্ৰভাৱত মানুহৰ জীৱনৰ অভ্যাস, ভাবধাৰা আৰু গতি প্ৰক্ৰিয়া সলনি হয়। যেনে জীৱজ সমূহৰ স্বভাৱ আৰু অভ্যাসৰ সলনি কৰি মানুহৰ লগত চলা – ফুৰা কৰিব পৰা পৰ্যায়লৈ আহে। শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিকনৰ মাজেদি লাভ কৰা সংশােধিত আচৰণ মাত্ৰ। এজন ব্যক্তিযে যি শিকে সেই শিক্ষণ।

5. অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য উল্লেখ কৰা।
উত্তৰঃ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক মূল্য তলত উল্লেখ কৰা হ’ল—
(ক) এই পদ্ধতি অনুযায়ী আমাৰ শিক্ষণ পৰিস্থিতিৰ সামগ্ৰিকবােধৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে বিদ্যালয় পাঠদানৰ সময়ত বিষয়বস্তু সামগ্ৰিক আৰু অসম্পূৰ্ণভাৱে উপস্থাপন কৰিব লাগে।

(খ) শিক্ষকে বিষয়বস্তু এনেদৰে উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে নিজেই সমস্যামূলক পৰিস্থিতিৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু বিষয়বস্তু সম্পৰ্কে সামগ্ৰিক ধাৰণা গ্ৰহণ কৰিব পাৰে।

(গ) এই পদ্ধতিৰ শিক্ষণৰ এটা দিশ হ’ল শিক্ষাৰ্থীৰ সক্ৰিয়তা আৰু আগ্ৰহ। গতিকে শিক্ষকে শিক্ষাৰ্থীক সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে।

(ঘ) যি ক্ষেত্ৰত সুবিধা হয় শিকিব লগা বিষয়বস্তু আতিগুৰি মাৰি ব্যাখ্যা কৰাৰ পৰিৱৰ্তে সমস্যাৰূপে শ্ৰেণীত উপস্থাপন কৰিব লাগে।

(ঙ) শিক্ষণ পৰিস্থিতি বিশ্লেষণ কৰি চোৱাৰ আৰু ইয়াৰ ভিত্তিত সাধাৰণ ধাৰণাৰ অভ্যাস গঠনত শিক্ষাৰ্থীক উৎসাহিত কৰি তুলিব লাগে।

6. প্ৰচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষণ কিদৰে সম্ভৱ ? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ মনােবিজ্ঞানী থৰ্নডাইকে এই পদ্ধতিৰ পােষকতা কৰিছিল। তেওঁৰ সংযােগবাদ তত্বৰ ওপৰত এই পদ্ধতি প্ৰতিষ্ঠিত। এই পদ্ধতি মতে কোনাে শিকনীয় বিষয় সম্পূৰ্ণ আয়ত্তাধীন হােৱাৰ আগতে প্ৰয়ােজন হয়। বহু বিৰামহীন প্ৰচেষ্টাৰ। এই প্ৰচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হােৱাৰ সম্ভাৱনা থাকে। এই ভুলবােৰ আঁতৰাবলৈ যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়ােজন হয়। এনে বিৰামহীন প্ৰচেষ্টাৰ ফলতেই প্ৰথম অৱস্থাত হােৱা ভুলৰ পৰিমাণ। আৰু প্ৰযােজন হােৱা সময়ৰ পৰিমাণ লাহে লাহে কমি আহি অৱশেষত নিৰ্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে কামতাে সম্পাদন কৰিব পৰা যায়। এয়েই হৈছে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি। বাৰে বাৰে কৰা ভুল প্ৰচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে।

মনােবিজ্ঞানী থৰ্নডাইকে তেখেতৰ ‘প্ৰচেষ্টা আৰু ভুল পদ্ধতি ‘ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছিল পৰীক্ষা কাৰ্যৰ বাবে তেওঁ এটা ভােকাতুৰ মেকুৰী বিশেষ কৌশলেৰে সজা কৌতুক বাকচ এটাৰ ভিতৰত আৱদ্ধ। কৰে। মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰখা হৈছিল। বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনাে এনেদৰে ৰখা হৈছিল যে ভিতৰৰ ফালৰ পৰা এডাল ৰচী টানিলেই সহজে খুলিব পাৰি। বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খোৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা বাহিৰ ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে।

বাকচটোৰ ভিতৰতে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মােকলাবৰ বাবে চৌদিশে হাতােৰাৰে খামুচিব আৰম্ভ কৰিলে। এনে অন্ধ প্ৰচেষ্টা ব্যৰ্থ পৰিণতিৰে কিছু সময় কটোৱাৰ পিচত সি এবাৰ কেনেবাকৈ নিৰ্দিষ্ট ৰচীভাল টানি দিয়ে আৰু দুৱাৰখন খুলি। যায়। মেকুৰীটোৱে তৎক্ষণাত বাহিৰলৈ ওলাই আহি ভজা মাছখিনি খায় এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্যবিন্দুত উপনীত হ’ব পাৰিলে।

থৰ্নডাইকে দ্বিতীয়বাৰৰ বাবে একেই পদ্ধতিৰে মেকুৰীটোক কৌতুক বাকচটোৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ প্ৰদৰ্শন কৰিলে। এইবাৰাে মেকুৰীটোৱে একে ধৰণৰ আচৰণ প্ৰদৰ্শনেৰে কিছুসময়ৰ অন্তত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ’ল আৰু লক্ষ্য বিন্দুত উপনীত হ’ল।

7. অন্তদৃষ্টিৰ জৰিয়তে শিক্ষণৰ ব্যাখ্যা দিয়া। অন্তদৰ্শনৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ অন্তৰ্দৰ্শন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা। অন্তৰ্দৰ্শন বা অন্তদৃষ্টিৰ শিক্ষণ পদ্ধতি গেষ্টাল্ট মনােবিজ্ঞানীসকলৰ সামগ্ৰিকতাবাদী দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলােকৰ শিক্ষণ প্ৰক্ৰিয়া প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দৰে কোনাে অন্ধ যান্ত্ৰিক প্ৰক্ৰিয়া নহয়, বৰঞ্চ ই হৈছে সমগ্ৰ পৰিস্থিতি বা সমস্যা সম্পৰ্কে অন্তদৃষ্টি। অন্তদৃষ্টিৰ সহায়ত কোনাে বিশেষ সমস্যাৰ সামগ্ৰিক স্বৰূপটো উপলব্ধি কৰি তাৰ সমাধানৰ প্ৰতি প্ৰতিক্ৰিয়া কৰে। কিয়নাে প্ৰতিটো। শিক্ষণীয় বিষয় বা সমস্যাৰ কেতবােৰ অন্তৰ্নিহিত অংশ থাকে। সমস্যাৰ সমাধান বা শিক্ষণ লাভ কৰিবলৈ হ’লে ব্যক্তিযে ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ নিৰীক্ষণ কৰিব লাগিব।

এই নিৰীক্ষণযােগে সমূহ অংশক একগােৰ্ট কৰি তাৰ অন্তৰ্নিহিত সম্বন্ধ। আৱিষ্কাৰ কৰিব পাৰিলে সেই সমস্যাৰ দ্ৰুত সমাধান বা শিক্ষণ সম্ভৱ হৈ উঠে। সমস্যা সমাধানৰ উপায় মনত আকস্মিকভাৱে আহি পৰে। অৱশ্যে ই ব্যক্তিসমূহৰ মানসিক যােগ্যতাৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰিত। সমস্যাটো সামগ্ৰিকভাৱে কৰা পৰ্যবেক্ষণে ইয়াৰ জটিলতাৰ মাত্ৰা স্নান কৰি দিয়ে ফুলত অন্ধ, উদ্দেশ্যবিহীন অৰু যান্ত্ৰিক আচৰণৰ সহায় ল’ব নালাগে। মানুহৰ সকলাে প্ৰকাৰৰ উন্নত আৱিষ্কাৰ অৰু সৃজনীমূলক কাম এনে অন্তদৰ্শন পদ্ধতিৰ দ্বাৰাই সম্ভৱ হয়।

 

এই পদ্ধতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্য হৈছে—

(১) উদ্দেশ্যবিহীন, যান্ত্ৰিক আৰু অন্ধ প্ৰচেষ্টা বৰ্জন কৰা।
(২) সমস্যাৰ বিভিন্ন অংশ পৰ্যবেক্ষণৰ চেষ্টা কৰা।
(৩) এই অংশবােৰৰ মাজত সমন্বয় সাধন কৰা।
(৪) সমাধানৰ উপায় আকস্মিকভাৱে উদ্ভাৱন কৰা।
(৫) ইত্যাৰ দ্বাৰা সমস্যা সমাধান কৰা আৰু অভিজ্ঞতা অৰ্জন কৰা। গতিকে অন্তদৃষ্টি পদ্ধতি বুলিলে পৰিকল্পিত অৰু সুসংবদ্ধভাৱে সমস্যাৰ সমাধান কৰাকে বুজা যায়।

8. শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ শিক্ষণৰ প্ৰধান বৈশিষ্টসমূহ হ’ল—
(ক) শিক্ষণ হ’ল অভিজ্ঞতা আৰু প্ৰশিকনৰ মাজেদি লাভ কৰা সংশােধিত আচৰণ মাত্ৰ।
(খ) ব্যক্তিযে কৰা কোনাে সমস্যাৰ সমাধান হ’ল শিক্ষণ।
(গ ) শিক্ষণ লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়। শিক্ষণ কাৰ্যত নিৰ্দিষ্ট লক্ষ্যৰ প্ৰযােজন।
(ঘ) বিভিন্ন পৰিস্থিতিৰ লগত সংগতি সাধন হ’ল শিক্ষণ। জীৱনৰ প্ৰত্যেক মুহূৰ্ততে পৰিস্থিতিৰ দ্বাৰা শিকে।
(ঙ) আচৰণৰ উপযুক্ত পৰিচালনতহে শিক্ষণৰ মাহাত্ম্য প্ৰকাশ পায়।
(চ) শিক্ষণ অভিৰেচনৰ মাধ্যমতহে সম্ভৱ। আগ্ৰহ নাথাকিলে শিক্ষণ কাৰ্য অসম্পূৰ্ণ হয়।
(ছ) উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযােগ স্থাপনেই হ’ল শিক্ষণ।
(জ) শিক্ষণ ব্যক্তিৰ দেহ – মনৰ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল।

9. শিক্ষণৰ প্ৰাথমিক নীতিসমূহ শ্ৰেণীকোঠাত কিদৰে প্ৰযােগ কৰিব পাৰি আলচনা কৰা।
উত্তৰঃ থৰ্নডাইকে বিভিন্ন জন্তুৰ লগত শিক্ষণ সম্পৰ্কে চলােৱা দীৰ্ঘকাল গৱেষণাৰ ফলশ্ৰুতি হ’ল শিক্ষণ সম্পৰ্কে আগবঢ়োৱা নীতিসমূহ। জৰুৰ লগত পৰীক্ষা কাৰ্য চলােৱা শিক্ষণ প্ৰক্ৰিয়াসমূহ কিছু সংশােধনেৰে মানুহৰ বেলিকাও বিভিন্ন ক্ষেত্ৰত প্ৰযােজ্য। সেযে গৱেষণা ভিত্তিত স্থিৰি হােৱা শিক্ষণৰ নীতিসমূহক দুটা ভাগত ভাগ কৰা হৈছে – তিনিটা মুখ্য অৰু পাঁচটা গৌণ। মুখ্য নীতিসমূহ শিক্ষক আৰু শিক্ষাৰ্থী দুযােৰে বাবেই তাৎপৰ্যপূৰ্ণ। এই নীতিসমূহ হ’ল—
(১) ফলাফলৰ নীতি ( Law of effect)
(২) অনুশীলনৰ নীতি (Law of exercise or frequency)
(৩) প্ৰস্তুতিৰ নীতি (Law of readiness)।

(১) ফলাফলৰ নীতি:- থৰ্নডাইকৰ মতে “উদ্দীপক আৰু প্ৰতিক্ৰ্যিাৰ পৰিৱৰ্তনীয় সংযােগৰ ফলত যদি সন্তোষজনক আৰু তৃপ্তিদায়ক ফল পােৱা যায়, তেন্তে সেই সম্পৰ্ক বান্ধোন দৃঢ় হয় ; আৰু যদি সেই। দুযােটাৰ সংযােগৰ ফলত বিৰক্তিকৰ ফল পােৱা যায়, তেন্তে সেই সম্পৰ্কৰ বান্ধোন দুৰ্বল হৈ পৰে। গতিকে কোনাে কামৰ পৰিণতিৰ ওপৰতহে তাৰ প্ৰতিক্ৰ্যিাৰ স্বৰূপ নিৰ্ভৰ কৰে। থৰ্নডাইকৰ এই নীতি অনুসৰি প্ৰাণীযে নিজ কাৰ্যৰ সুখজনক অথবা দুখজনক ফলাফল। অনুযায়ীহে তাৰ প্ৰতি আচৰণ প্ৰদৰ্শন কৰে সুখজনক বা সন্তোষজনক। পৰিণতিৰ ফলত বা অসন্তোষজনক পৰিণতিৰ ফলত তেনে কামৰ পৰা আঁতৰি থাকিব বিচাৰে।

শৈক্ষিক তাৎপৰ্য:- এই নীতিৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ আছে। শিক্ষা কাৰ্যৰ ফলাফল সন্তোষজনক হ’লে শিক্ষা দৃঢ়তৰ হয়, স্থায়ী হয় আৰু তেনে কাৰ্য পুনৰা কৰিবৰ বাবে আগ্ৰহী হৈ উঠে। ইয়াৰ বিপৰীতে, অশুভ আৰু অসন্তোষজনক ফলাফলে মনলৈ অসন্তুষ্টিৰ ভাব আনে, শিক্ষণৰ স্থায়িত্ব দুৰ্বল কৰি তােলে আৰু তেনে কাৰ্য পুনৰবাৰ কৰিবৰ বাবে দেহ – মানসিক প্ৰস্তুতি কমাই আনে। এই নীতিৰ ওপৰত ভিত্তি কৰিযে শিক্ষকে শিক্ষাদান কাৰ্যত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা। কৰে।

কিন্তু শিক্ষাৰ ক্ষেত্ৰত হােৱা অকৃতকাৰ্যতাৰ বাবে ছাত্ৰ – ছাত্ৰী শিক্ষকে কৰা কটু সমালােচনা বা তেখেতে দি আন শাস্তিযে ছাত্ৰ – ছাত্ৰীক বহু ক্ষেত্ৰত হতাশ আৰু উদ্যমহীন কৰি তােলাৰাে সম্ভাৱনা থাকে। গতিকে এই ক্ষেত্ৰত শিক্ষকে সাৱধানতা অবলম্বন কৰিব লাগে।
(২) অনুশীলনৰ নীতি : উদ্দীপক আৰু প্ৰতিক্ৰ্যিৰ মাজত বাৰে বাৰে সংযােগ স্থাপন হ’লে এই সংযােগ শক্তিশালী হয় আৰু বহু দিনলৈ এই সংযােগ নঘটিলে ই দুৰ্বল হৈ পৰে। থৰ্নডাইকে কৈছিল যে কোনাে কাম পুনৰাবৃত্তিৰ ফলত ই স্থায়ীৰূপ লব পাৰে। শিক্ষণৰ এই নীতিক দুটা ভাগত ভাগ কৰা হৈছে—
(ক) ব্যৱহাৰ নীতি। আৰু
(খ) অব্যৱহাৰৰ নীতি।
ব্যৱহাৰৰ নীতি হ’ল— “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন হয়, তেতিয়া আন ব্যৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায়।”

READ MORE  মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি | Chapter 6 | Class 12 Education - AHSEC

অব্যৱহাৰৰ নীতি অনুসৰি – “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশােধিত সম্বন্ধ কিছু সময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযােগৰ শক্তি কমি যায়।” থৰ্নডাইকৰ ‘প্ৰচেষ্টা আৰু ভুল পদ্ধতি’ শিক্ষণৰ এই নীতিৰ দ্বাৰা প্ৰভাৱিত।

শৈক্ষিক তাৎপৰ্য:- ইয়াৰ যথেষ্ট শিক্ষাগত মূল্য আছে। শিশুৰ সকলাে প্ৰকাৰৰ সু অভ্যাস গঠন আৰু বদ – অভ্যাস বৰ্জনৰ কৌশল শিক্ষণৰ এই নীতিৰ লগত সংলগ্ন। তাৰােপৰি শিক্ষণীয় বিষযৰ স্থাযিত্বৰ বাবে ইয়াৰ অনুশীলনৰ প্ৰয়ােজন হয়, পুনৰাবৃত্তিৰ প্ৰযােজন হয়; ইয়াৰ অভাৱ হ’লে শিক্ষণীয় বিষয় সমূহ পাহৰণিৰ গৰ্ভলৈ গতি কৰে। ছাত্ৰৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশত আদৰ্শ ক্ৰিয়াৰ অনুশীলন আৰু অভ্যাস গঠনৰ। অতি প্ৰযােজন।

(৩) প্ৰস্তুতি নীতি:- থৰ্নডাইকৰ মতে, “ যেতিয়া কোনাে সংযােগ। ক্ৰিয়াৰ বাবে প্ৰস্তুত থাকে তেনে অৱস্থাত ক্ৰিয়াকৰণে সন্তুষ্টি দিয়ে আৰু ক্ৰিয়া কৰিবলৈ নাপালে অসন্তুষ্টি দিয়ে। যেতিয়া সংযােগ ক্ৰিয়া কৰণৰ বাবে প্ৰস্তুত নাথাকে তেনে অৱস্থাত ক্ৰিযা কৰিবলৈ দিলে অসন্তুষ্টিৰ। সৃষ্টি কৰে। গতিকে যেতিয়া কোনাে ব্যক্তিযে কোনাে এটা কাম কৰিবলৈ
ইচ্ছা কৰে আৰু বৰ আগ্ৰহী হৈ পৰে তেতিয়া তেওঁ সেই কামটো কৰিবলৈ পালে তেওঁৰ আনন্দ হয় আৰু কৰিবলৈ নাপালে মনত বেজাৰ লাগে বা অসন্তুষ্টিৰ ভাব আহি পৰে। ঠিক তেনেদৰে কোনাে কাম কৰিবৰ বাবে আগ্ৰহ নথকা অৱস্থাত কামটো কৰিব লগা হ’লে মানুহ বিৰক্ত হয় আৰু কৰিব নালাগিলে অনন্দ পায়।

শৈক্ষিক তাৎপৰ্য:- প্ৰস্তুতিৰ নীতি অনুসৰি উদ্দীপক আৰু তাৰ প্ৰতিক্ৰিয়াৰ মাজত সংযােগ স্থাপনৰ শিক্ষাৰ্থী প্ৰস্তুতিৰ ভাব থকা প্ৰযােজন। এই প্ৰস্তুতি থাকিলে যিকোনাে কাম কৰাত শিক্ষাৰ্থীযে সন্তোষ পায় আৰু এই প্ৰস্তুতি নেথাকিলে শিক্ষাৰ্থীৰ বাবে কামটো কৰা বিৰক্তিদায়ক হয়। থৰ্নডাইকে প্ৰস্তুতি শব্দদুটিৰ জৰিয়তে দৈহিক অৰু স্নায়বিক প্ৰস্তুতিকে বুজাইছে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত মানসিক প্ৰস্তুতিৰ কথা নুই কৰিব নােৱাৰি প্ৰস্তুতিৰ নীতি শিক্ষা ক্ষেত্ৰত বিশেষ ভাবে ব্যৱহৃত শিক্ষা দান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছাত্ৰ – ছাত্ৰীৰ প্ৰস্তুতিৰ ওপৰত। সেযেহে শিক্ষকে শিক্ষাদান কৰাৰ আগতে ছাত্ৰ – ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হয় নে নহয়। পৰীক্ষা কৰি চাব লাগে। একো একোজন কৃতি শিক্ষকে শিক্ষাদান কাৰ্যত অভিৰােচনৰ নীতি প্ৰয়ােগ কৰি অপ্ৰস্তুত ছাত্ৰ – ছাত্ৰীকো শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে।

10. শিকাৰুৰ সৈতে সম্পৰ্কিত শিক্ষণৰ দৈহিক আৰু মানসিক কাৰকসমূহৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ শিক্ষণৰ চৰ্ত্তসমূহ (Factors of Learning):- শিক্ষণ প্ৰক্ৰিয়া অনেক উপাদানৰ দ্বাৰা প্ৰভাৱিত। শিক্ষক প্ৰভাৱিত কৰা কিছুমান। কাৰকৰ বিষয়ে তলত আলােচনা কৰা হ’ল—
(১) দৈহিক উপযুক্ততা:- দেহৰ অংগ – প্ৰত্যংগৰ স্বাভাৱিকতা, স্নায়বিক সক্ৰিয়তা, গ্ৰহণেন্দ্ৰিযবােৰৰ গ্ৰহণ ক্ষমতা, মস্তিষ্কৰ ক্ৰিয়া। ক্ষমতা, দেহ – যন্ত্ৰৰ ৰােগমুক্ততা আদি অৱস্থাই শিক্ষণ কাৰ্যক প্ৰভাৱিত কৰে।

(২) ক্লান্তি আৰু অৱসাদমুক্ততা:- দৈহিকভাৱে সুস্থ হােৱাৰ লগতে শিক্ষণৰ আন এক চৰ্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্ৰয়ােজন।

(৩) অনুশীলন:- অনুশীলনে শিক্ষণক স্থায়ীৰূপ প্ৰদান কৰে। সেইবাবে অনুশীলন শিক্ষণৰ, ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চৰ্ত।

(৪) বয়স আৰু লিংগ:- ব্যস আৰু লিংগৰ দ্বাৰাও শিক্ষণ প্ৰক্ৰিয়া। প্ৰভাবিত হয়। সেয়েহে বয়স্ক লােকৰ শিক্ষণ ক্ষমতা আৰু শিশুৰ শিক্ষণ ক্ষমতাৰ মাজত পাৰ্থক্য দেখা যায়।

(৫) শিক্ষণ পদ্ধতি:- শিক্ষা গ্ৰহণৰ বাবে প্ৰয়ােগ কৰা পদ্ধতিযেও শিক্ষা আহৰণৰ সফলতা বিফলতাত প্ৰভাৱ পেলায়। সকলাে বিষয়ত শিক্ষণৰ বাবে সকলাে পদ্ধতি সমানে কাৰ্যকৰী নহয়। শিক্ষণৰ তাত্বিক, চিন্তামূলক আৰু মৌখিক পদ্ধতিসমূহতকৈ প্ৰযােগিক আৰু কাৰ্যকৰী বিধৰ শিক্ষা পদ্ধতিসমূহ খণ্ড – খণ্ড কৈ শিকাতকৈ অখণ্ড ৰূপত শিকা। সাৰ্থক শিক্ষণৰ বাবে অধিক উপযােগী বুলি মনােবিদসকলে মত পােষণ কৰে।

(৬) লক্ষ্য – সচেতনতা:- লক্ষ্যহীনভাৱে গ্ৰহণ কৰা শিক্ষণতকৈ লক্ষ্য সচেতনতাৰে গ্ৰহণ কৰা শিক্ষণৰ পৰিণতি অধিক ফলপ্ৰসূ।

(৭) আগ্ৰহ আৰু অভিবােচন:- শিক্ষণৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্ৰহ আৰু অভিৰােচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে যিযে শিক্ষণক সফল কৰাত সহায় কৰে।

(৮) মনােভাৱ:- শিক্ষক সাৰ্থক কৰি তুলিবৰ বাবে শিক্ষণ কাৰ্যৰ। বাবে ব্যক্তি মনৰ সুস্থ গঠণাত্মক আৰু ইতিবাচক মনােভাৱৰ প্ৰযােজন।সুস্থ মনােভাৱেহে শিক্ষণৰ ক্ষেত্ৰত স্বতঃ স্ফুৰ্ততা প্ৰদান কৰিব পাৰে।

(৯) কৃতকাৰ্যতা – অকৃতকাৰ্যতাৰ জ্ঞান:- শিক্ষণ প্ৰচেষ্টাৰ ভাল – ব্যে পৰিণতিযে পৰৱৰ্তী প্ৰচেষ্টাক প্ৰভাৱিত কৰে।

(১০) অতিৰিক্ত শিক্ষণ:- শিক্ষণীয় বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্ৰচেষ্টাতকৈ অধিক প্ৰচেষ্টা কৰাকে অতিৰিক্ত শিক্ষণ বুলি কোৱা হয়। এই অতিৰিক্ত শিক্ষণে শিক্ষণ প্ৰক্ৰিয়াক ধনাত্মকভাৱে সহায় কৰে।

(১১) অৰ্থপূৰ্ণ বিষয়বস্তু:- শিক্ষণীয় বিষয়বস্তু অৰ্থপূৰ্ণ হ’লে ইয়াক সহজে শিকিব পাৰি।

(১২) বিষয়বস্তুৰ জটিলতা:- বিষয়বস্তুৰ জটিলতাৰ মাত্ৰাৰ দ্বাৰাও শিক্ষণ কাৰ্যৰ সফলতা নিৰ্ধাৰিত হয়। মুঠতে অনেক বাহয়িক আৰু। আভ্যন্তৰীণ কাৰকে এজন ব্যক্তিৰ শিক্ষণ প্ৰচেষ্টাক প্ৰভাৱিত কৰে।

11. শিক্ষণৰ অনুবন্ধন শিক্ষণ পদ্ধতিটো ব্যাখ্যা কৰা। ইয়াৰ শৈক্ষিক তাৎপৰ্য লিখা।
উত্তৰঃ অনুবন্ধন পদ্ধতিৰে শিক্ষণ (Learning by conditioning) : আচৰণবাদীসকলে অনুবন্ধন প্ৰক্ৰিয়াৰে শিক্ষণ সম্ভৱ হােৱাটো বিশ্বাস কৰিছিল। এই শিক্ষণ পদ্ধতিৰ মূল পৃষ্ঠপােষক আছিল মনােবিজ্ঞানী। পেভলভ। পেভলভ আছিল এজন শৰীৰ বিজ্ঞানী। গতিকে তেখেতে শিক্ষণক দৈহিক দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিছে। পেলভৰ মতে উদ্দীপকৰ প্ৰতি আমাৰ স্বাভাৱিক দৈহিক প্ৰতিক্ৰিয়া, বা, প্ৰতিবৰ্ত ক্ৰিক অন্য এক উদ্দীপকৰ লগত অনুবন্ধিত কৰাৰ পৰিণতিযেই হৈছে শিক্ষণ। উদ্দীপকৰ আকৰ্ষণীয়তা অনুসৰি ব্যক্তিযে তাৰ প্ৰতি এক স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। উদ্দীপকৰ প্ৰতি স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শনত শিকনৰ নুঠে।

পেলভে শিক্ষণৰ এই পদ্ধতিটো কুকুৰ এটাৰ লগত পৰীক্ষা কৰি। দেখুৱাইছিল। কুকুৰটোক ভােকাতুৰ অৱস্থাত পৰীক্ষাগাৰত ৰাখি প্ৰথমে উদ্দীপক হিচাপে মাংস প্ৰদৰ্শন কৰে, মাংস দেখি তাৰ মুখত স্বাভাৱিক প্ৰতিক্ৰিয়া স্বৰূপে লালটি ওলােৱা দেখা যায়। মুখলৈ লালটি অহাটো স্বাভাৱিক প্ৰতিক্ৰিয়া। দ্বিতীয় পৰ্য্যায়ত উদ্দীপক হিচাপে মাংসৰ পৰিৱৰ্তে এটা ঘন্টা, বজাই শব্দ কৰে আৰু তাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া স্বৰূপে কুকুৰটোৱে সেই শব্দ কান পাতি শুনা দেখা যায়। তৃতীয় পৰ্যায়ত তেওঁ প্ৰথম আৰু দ্বিতীয় উদ্দীপক (থােৱা আৰু ঘণ্টাৰ শব্দ) একেলগে প্ৰদান কৰে আৰু ইয়াৰ যুগ্ম প্ৰতিক্ৰিয়া স্বৰূপে কুকুৰটোৰ লালটি ওলােৱা কাৰ্য পৰিলক্ষিত হয়। ইয়াৰ পাছত কিছু সময়ৰ বাবে তৃতীয় পৰ্যায়ৰ দুটো উদ্দীপককে পুনৰাবৃত্তি কৰা হয়।

অৱশেষত কুকুৰটোৱে চতুৰ্থ পৰ্যায়ত কেৱল মাত্ৰ ঘন্টাৰ শব্দ শুনিলেই অনুবন্ধিত প্ৰতিক্ৰিয়া স্বৰূপে মুখৰ পৰা লালটি নিৰ্গত হয়। এই অনুবন্ধিত প্ৰতিক্ৰ্যিাটো এক কৃত্ৰিম আৰু শিক্ষালব্ধ অভিজ্ঞতাৰহে ফল। পেভলভে কুকুৰৰ লগত কৰা। পৰীক্ষাটোৰ বিভিন্ন পৰ্যায় এনে ধৰণৰ – S. (মাংস)=R ( লালটি ওলােৱা, সহজাত প্ৰবৃত্তি )
S? (ঘন্টাৰ শব্দ ) R?( শব্দ শুনা, সহজাত প্ৰবৃত্তি )
S + Sz (মাংস আৰু ঘণ্টাৰ শব্দ )-R1 (লালটি, ওলােৱা প্ৰতিক্ৰিয়া
S: ( ঘন্টাৰ শব্দ )-R ( লালটি ওলােৱা, অনুবন্ধিত প্ৰতিক্ৰিয়া) ইযাত S শব্দটোৱে উদ্দীপক আৰু R শব্দটোৱে প্ৰক্ৰিয়াক বুজায়।

অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যঃ- শিকাৰ ক্ষেত্ৰত অনুবন্ধন পদ্ধতিৰ পৰিসৰ যথেষ্ট ব্যাপক। শিক্ষালব্ধ বিভিন্ন অভ্যাস, শৃংখলাবােধ, সৎগুণ, সত্মনােভাব, আদৰ্শ আদি অনুবন্ধিত প্ৰক্ৰিয়াৰ ফলস্বৰূপ। উদাহৰণস্বৰূপে শিক্ষক শ্ৰেণী কোঠাত প্ৰৱেশ কৰাৰ লগে লগে থ্যি হােৱাতাে অনুবন্ধিত প্ৰতিক্ৰিয়া। পঢ়া, লিখা, বামান, নেওঁতা মুখস্থ কৰা ইত্যাদি অনুবন্ধিত প্ৰতিক্ৰিয়াৰ যােগেদি গঢ়ি উঠে। ভাষা জ্ঞান। আয়ত্ত কৰাৰ ক্ষেত্ৰতাে অনুবন্ধনবাদৰ গুৰুত্ব অসীম। মন্টেচৰী পদ্ধতিত শিশুক উদ্দীপকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰে শব্দৰ লগত পৰিচয় কৰাই দিয়া শিক্ষণ পদ্ধতি মূলতঃ অনুবন্ধত্ববাদ তত্বৰ ওপৰত প্ৰতিষ্ঠিত।

12. শিক্ষণৰ প্ৰাথমিক নীতিকেইটা কি কি? শ্ৰেণী পৰিৱেশত এই নীতিসমূহৰ যিকোনাে এটা প্ৰয়ােগ সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ থৰ্নডাইকে বিভিন্ন জন্তুৰ লগত শিক্ষণ সম্পৰ্কে চলােৱা দীৰ্ঘকাল গৱেষণাৰ ফলশ্ৰুতি হ’ল শিক্ষণ সম্পৰ্কে আগবঢ়োৱা নীতিসমূহ। জন্তৰ লগত পৰীক্ষা কাৰ্য চলােৱা শিক্ষণ প্ৰক্ৰিয়াসমূহ কিছু সংশােধনেৰে মানুহৰ বেলিকাও বিভিন্ন ক্ষেত্ৰত প্ৰযােজ্য। সেযে গৱেষণা ভিত্তিত স্থিৰি হােৱা শিক্ষণৰ নীতিসমূহক দুটা ভাগত ভাগ কৰা হৈছে – তিনিটা মুখ্য অৰু পাঁচটা গৌণ। মুখ্য নীতিসমূহ শিক্ষক আৰু শিক্ষাৰ্থী দুয়ােৰে বাবেই তাৎপৰ্যপূৰ্ণ। এই নীতিসমূহ হ’ল—
(১) ফলাফলৰ নীতি (Law of effect)
(২) অনুশীলনৰ নীতি ( Law of exercise or frequency)
(৩) প্ৰস্তুতিৰ নীতি (Law of readiness)।

(১) ফলাফলৰ নীতি:- থৰ্নডাইকৰ মতে “উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তনীয় সংযােগৰ ফলত যদি সন্তোষজনক আৰু তৃপ্তিদায়ক ফল পােৱা যায়, তেন্তে সেই সম্পৰ্ক বান্ধোন দৃঢ় হয়; আৰু যদি সেই দুটোৰ সংযােগৰ ফলত বিৰক্তিকৰ ফল পােৱা যায়, তেন্তে সেই। সম্পৰ্কৰ বান্ধোন দুৰ্বল হৈ পৰে। গতিকে কোনাে কামৰ পৰিণতিৰ ওপৰতহে তাৰ প্ৰতিক্ৰিাৰ স্বৰূপ নিৰ্ভৰ কৰে। থৰ্নডাইকৰ এই নীতি অনুসৰি প্ৰাণীযে নিজ কাৰ্যৰ সুখজনক অথবা দুখজনক ফলাফল। অনু্যায়ীহে তাৰ প্ৰতি আচৰণ প্ৰদৰ্শন কৰে সুখজনক বা সন্তোষজনক। পৰিণতিৰ ফলত বা অসন্তোষজনক পৰিণতিৰ ফলত তেনে কামৰ পৰা আঁতৰি থাকিব বিচাৰে।

শৈক্ষিক তাৎপৰ্য:- এই নীতিৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ আছে। শিক্ষা কাৰ্যৰ ফলাফল সন্তোষজনক হ’লে শিক্ষা দৃঢ়তৰ হয়, স্থায়ী হয় আৰু তেনে কাৰ্য পুনৰায় কৰিবৰ বাবে আগ্ৰহী হৈ উঠে। ইয়াৰ বিপৰীতে অশুভ আৰু অসন্তোষজনক ফলাফলে মনলৈ অসন্তুষ্টিৰ ভাব আনে, শিক্ষণৰ স্থায়িত্ব দুৰ্বল কৰি তােলে আৰু তেনে কাৰ্য পুনৰবাৰ কৰিবৰ বাবে দেহ – মানসিক প্ৰস্তুতি কমাই আনে। এই নীতিৰ ওপৰত ভিত্তি কৰিযে শিক্ষকে শিক্ষাদান কাৰ্যত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা কৰে।

কিন্তু শিক্ষাৰ ক্ষেত্ৰত হােৱা অকৃতকাৰ্যতাৰ বাবে ছাত্ৰ – ছাত্ৰী শিক্ষকে কৰা কটু সমালােচনা বা তেখেতে দিয়া আন শাস্তিয়ে ছাত্ৰ – ছাত্ৰীক বহু ক্ষেত্ৰত হতাশ আৰু উদ্যমহীন কৰি তােলাৰাে সম্ভাৱনা থাকে। গতিকে এই ক্ষেত্ৰত শিক্ষকে সাৱধানতা অবলম্বন কৰিব লাগে।

(২) অনুশীলনৰ নীতি:- উদ্দীপক আৰু প্ৰতিক্ৰ্যিাৰ মাজত বাৰে বাৰে সংযােগ স্থাপন হ’লে এই সংযােগ শক্তিশালী হয় আৰু বহু দিনলৈ এই সংযােগ নঘটিলে ই দুৰ্বল হৈ পৰে। থৰ্নডাইকে কৈছিল যে কোনাে কাম পুনৰাবৃত্তিৰ ফলত ই স্থায়ীৰূপ লব পাৰে। শিক্ষণৰ এই নীতিক দুটা ভাগত ভাগ কৰা হৈছে—
(ক) ব্যৱহাৰ নীতি। আৰু
(খ) অব্যৱহাৰৰ নীতি।
ব্যৱহাৰৰ নীতি হ’ল— “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন হয়, তেতিয়া আন ব্যৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায়।”
অব্যৱহাৰৰ নীতি অনুসৰি – “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰ্যিাৰ মাজত সংশােধিত সম্বন্ধ কিছু সময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযােগৰ শক্তি কমি যায়।” থৰ্নডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি’ শিক্ষণৰ এই নীতিৰ দ্বাৰা প্ৰভাৱিত।

শৈক্ষিক তাৎপৰ্য:- ইয়াৰ যথেষ্ট শিক্ষাগত মূল্য আছে। শিশুৰ সকলাে প্ৰকাৰৰ সু অভ্যাস গঠন আৰু বদ – অভ্যাস বৰ্জনৰ কৌশল শিক্ষণৰ এই নীতিৰ লগত সংলগ্ন। তাৰােপৰি শিক্ষণীয় বিষযৰ স্থাযিত্বৰ বাবে ইয়াৰ অনুশীলনৰ প্ৰয়ােজন হয়, পুনৰাবৃত্তিৰ প্ৰযােজন হয়; ইয়াৰ অভাৱ হ’লে শিক্ষণীয় বিষয় সমূহ পাহৰণিৰ গৰ্ভলৈ গতি কৰে। ছাত্ৰৰ চৰিত্ৰ গঠন। আৰু ব্যক্তিত্ব বিকাশত আদৰ্শ ক্ৰিয়াৰ অনুশীলন আৰু অভ্যাস গঠনৰ অতি প্ৰযােজন।

(৩) প্ৰস্তুতি নীতি:- থৰ্নডাইকৰ মতে, “যেতিয়া কোনাে সংযােগ ক্ৰিয়াৰ বাবে প্ৰস্তুত থাকে তেনে অৱস্থাত ক্ৰিয়াকৰণে সন্তুষ্টি দিয়ে আৰু ক্ৰিয়া কৰিবলৈ নাপালে অসন্তুষ্টি দিয়ে। যেতিয়া সংযােগ ক্ৰিয়া কৰণৰ বাবে প্ৰস্তুত নাথাকে তেনে অৱস্থাত ক্ৰিা কৰিবলৈ দিলে অসন্তুষ্টিৰ সৃষ্টি কৰে। গতিকে যেতিয়া কোনাে ব্যক্তিযে কোনাে এটা কাম কৰিবলৈ ইচ্ছা কৰে আৰু বৰ আগ্ৰহী হৈ পৰে তেতিয়া তেওঁ সেই কামটো কৰিবলৈ পালে তেওঁৰ আনন্দ হয় আৰু কৰিবলৈ নাপালে মনত বেজাৰ লাগে বা অসন্তুষ্টিৰ ভাব আহি পৰে। ঠিক তেনেদৰে কোনাে কাম কৰিবৰ বাবে আগ্ৰহ নথকা অৱস্থাত কামটো কৰিব লগা হ’লে মানুহ বিৰক্ত হয় আৰু কৰিব নালাগিলে অনন্দ পায়।

শৈক্ষিক তাৎপৰ্য:- প্ৰস্তুতিৰ নীতি অনুসৰি উদ্দীপক আৰু তাৰ। প্ৰতিক্ৰ্যিাৰ মাজত সংযােগ স্থাপনৰ শিক্ষাৰ্থী প্ৰস্তুতিৰ ভাব থকা প্ৰযােজন। এই প্ৰস্তুতি থাকিলে যিকোনাে কাম কৰাত শিক্ষাৰ্থীযে সন্তোষ পায় আৰু এই প্ৰস্তুতি নেথাকিলে শিক্ষাৰ্থীৰ বাবে কামটো কৰা। বিৰক্তিদায়ক হয়। থৰ্নডাইকে প্ৰস্তুতি শব্দদুটিৰ জৰিয়তে দৈহিক অৰু স্নায়বিক প্ৰস্তুতিকে বুজাইছে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত মানসিক প্ৰস্তুতিৰ কথা নুই কৰিব নােৱাৰি।
প্ৰস্তুতিৰ নীতি শিক্ষা ক্ষেত্ৰত বিশেষ ভাবে ব্যৱহৃত শিক্ষা দান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছাত্ৰ – ছাত্ৰীৰ প্ৰস্তুতিৰ ওপৰত। সেযেহে শিক্ষকে শিক্ষাদান কৰাৰ আগতে ছাত্ৰ – ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হয় নে নহয় পৰীক্ষা কৰি চাব লাগে। একো একোজন কৃতি শিক্ষকে শিক্ষাদান কাৰ্যত অভিৰােচনৰ নীতি প্ৰযােগ কৰি অপ্ৰস্তুত ছাত্ৰ – ছাত্ৰীকো শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top