দ্বি ৰাষ্ট্ৰবাদৰ অৱসান | Chapter 1 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 1 Notes | SEBA Class 12 HS Political Science Chapter 1 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 1 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান | HS 2nd Year Political Science Questions and Answers Assam


দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
(The End of Bio-Polarity)

Very Short Type Questions and Answers (Marks : 1)

1. কোন বছৰত ৱাৰ্ষ সন্ধি ভংগ হৈছিল?
উত্তৰঃ ১৯৯১ চনত ৱাৰ্ধ সন্ধি ভংগ হৈছিল।

2. USSR ত কিমান ইউনিয়ন গণৰাজ্য আছিল?
উত্তৰঃ USSR ত ১৫ খন ইউনিযন গণৰাজ্য আছিল।

3. বাৰ্লিন দেৱাল কেতিয়া ভঙা হৈছিল?
উত্তৰঃ ১৯৮৯ চনৰ নৱেম্বৰ মাহত।

4. কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল
উত্তৰঃ ছােভিয়েট ৰাছিয়া ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল।

5. CIS ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ CIS ৰ পূৰ্ণ ৰূপটো হ’ল— Commonwealth of। Independent States (স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ)।

6. কোনখন দেশৰ ধ্বংস ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায়?
উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ ধ্বংসক ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায়।

7. ছােভিয়েট ইউনিয়নে কি আদৰ্শক ভিত্তি কৰিছিল?
উত্তৰঃ ছােভিয়েট ইউনিয়নে সাম্যবাদী আদৰ্শক ভিত্তি কৰিছিল।

8. ছােভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল?
উত্তৰঃ ১৫ খন।

9. বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক আছিল- লেনিন।

10. বিশ্ব ৰাজনীতিৰ দ্বি বিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল?
উত্তৰঃ যেতিয়া ছােভিয়েট ৰাছ্যিাৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত। দ্বিবিভাজিত বা দ্বিমেৰু ব্যৱস্থাৰ অন্ত পৰিছিল।

11. চোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল?
উত্তৰঃ চোভিয়েট ইউনিয়ন সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

12. কোনখন দেশ ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায়?
উত্তৰঃ ছােভিয়েট ৰাছ্যিা ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জানা যায়।

13. ৰাছ্যিাই কোন চনত ৰাষ্ট্ৰসংঘত ছােভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্ৰহণ কৰে?
উত্তৰঃ ১৯১৭ চনত।

14. কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল?
উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল।

15. ৱাৰ্শ্ব চুক্তিখন কোন চনত ভংগ কৰা হৈছিল?
উত্তৰঃ ৱাৰ্শ্ব চুক্তিখন ১৯৯১ চনত ভংগ কৰা হৈছিল।

16. চোভিযেট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন?
উত্তৰঃ চোভিযেট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ’ল— ৰাছিয়া।

17. ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰঃ ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিছ ইযেল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999)।

18. কোন দলে USSR শাসন কৰিছিল?
উত্তৰঃ সাম্যবাদী দলে USSR শাসন কৰিছিল।

19. CIS ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ CIS ৰ সম্পূৰ্ণ ৰূপটো হ’ল— Commonwealth of Independent States (স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ)।

20. চোভিযেট সমাজবাদী গণৰাজ্যত কোনদলে শাসন কৰিছিল?
উত্তৰঃ চোভিযেট সমাজবাদী গণৰাজ্যত সাম্যবাদী দল অৰ্থাৎ “The Communist Party of the Soviet Union (CPSU)” যে শাসন কৰিছিল।

21. USSR অৰ্থাৎ ছােভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল?
উত্তৰঃ USSR অৰ্থাৎ ছােভিয়েট ৰাছ্যিাৰ সৃষ্টি ১৯১৭ চনত হৈছিল।

22. ছােভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল?
উত্তৰঃ ছােভিয়েট ইউনিয়ন দ্বিতীয় মহাযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল।

23. মিখাইল গৰ্বাচেভ কোন আছিল?
উত্তৰঃ মিখাইল গৰ্বাচেভ ১৯৮৫ চনৰ ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল। লগতে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি। হিচাপে নিৰ্বাচিত হৈছিল।

24. চোভিযেট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ চোভিযেট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ ১৯১৭ চনত প্ৰতিষ্ঠা হৈছিল।

25. USSR ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ USSR ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল।

26. শ্বক থেৰাপী কি?
উত্তৰঃ শ্বক থেৰাপী হ’ল— সমাজবাদী আদৰ্শৰ ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্ৰবােৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ সলনি কৰাৰ এক প্ৰক্ৰিয়া।

27. ছােভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল?
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক মহাশক্তি হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ।

28. ছােভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি?
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ’ল— ৰাছিয়া।

Short Type Questions and Answers (Marks : 2)

1. ছােভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল?
উত্তৰঃ ছােভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্ৰৰ দৰে আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অৰ্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল। লগতে, সাম্যবাদী আদৰ্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী আদৰ্শৰ এক আধিপত্যৰ সূচনা হৈছিল।

2. দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?
উত্তৰঃ যেতিয়া ছােভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ঘটিছিল।
অথবাঃ দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ১৯৯১ চনত ঘটিছিল।

3. ‘ব্লচনষ্ট’ৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ শ্লচনষ্ট’ৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা বা মুকলি কৰা। অৰ্থাৎ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰতিষ্ঠিত সকলাে বিষয়সমূহ সকলােৰে বাবে সুযোগ্য আৰু মুকলি কৰি দিয়া কাৰ্যক সূচায়ছে।

4. উক্তিটো শুধৰােৱা।
ছােভিয়েট ইউনিযনত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে।
উত্তৰঃ ছােভিয়েট ইউনিযনত সংস্কাৰ আৰম্ভ কৰিছিল মিখাইল গৰ্বাচেভে।

5. USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণটো কি আছিল?
উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ গ্লাচনাষ্ট আৰু পেৰেষ্ট্ৰাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছােভিয়েট ইউনিয়ন অৰ্থাৎ। USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল।

6. আঘাত নিৰাময় কি?
উত্তৰঃ ছােভিয়েট সংঘৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হােৱা। ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক দুৰৱস্থাই জনসাধাৰণৰ মনত অনিশ্চয়তা, সংকটৰ সৃষ্টি কৰে। জনসাধাৰণৰ এনে আঘাত প্ৰশমন কৰাৰ বাবে বিশ্ব বেংক আৰু আই এম এফে কিছুমান সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰে যাক আঘাত নিৰাম্য বােলা হয়।

7. চোভিযেট ইউনিয়ন ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ গ্লাচনাষ্ট আৰু পেৰেষ্ট্ৰাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছােভিয়েট ইউনিয়ন অৰ্থাৎ USSR ৰ ভাঙোনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল।

8. ছােভিয়েট বিভাজনে কিদৰে শীতল যুদ্ধ বিবাদৰ অন্ত পেলাইছিল?
উত্তৰঃ শীতলযুদ্ধ সাধাৰণতে আমেৰিকাৰ দৰে পুঁজিবাদী আদৰ্শ আৰু ছােভিয়েট শক্তিগােষ্ঠীৰ সাম্যবাদী আদৰ্শৰ ভিত্তিত সংঘটিত হৈছিল। যেতিয়া, ছােভিয়েট ইউনিয়ন বিভাজন হৈছিল তেতিয়া সাম্যবাদী আদৰ্শৰ প্ৰায় পতন হৈছিল আৰু একনায়কত্ববাদ অৰ্থাৎ আমেৰিকাৰ পুঁজিবাদী আদৰ্শৰ ব্যৱস্থাৰ অধিক সক্ৰিয় হৈছিল। তেতিয়াই শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল।

9. ছােভিয়েট সংঘ হঠাতে ধ্বংস হােৱাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ আকস্মিক ছােভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল— মিখাইল গৰ্বাচেভৰ ‘গ্লাছনােষ্ট’ আৰ ‘পেৰেষ্ট্ৰাইকা’ নামৰ সংস্কাৰমূলক। কাৰ্যসূচীসমূহৰ বাবে। লগতে, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ। ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্ৰমে আমােলাতান্ত্ৰিক। আৰু প্ৰভুত্ববাদী হৈ পৰিছিল। তেতিয়া সাধাৰণ জনসাধাৰণে এই আদৰ্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বযে এখনৰ পিছত আনখন সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল।

10. ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰিটো কি আছিল?
উত্তৰঃ যেতিয়া ছােভিয়েট ৰাছিয়াৰ নিয়ন্ত্ৰণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনাে ব্যক্তিক বিক্ৰী কৰবলগীয়া পৰিস্থিতি হৈছিল।। এই বিক্ৰী কৰা প্ৰক্ৰিয়া বা কাৰ্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী বুলি কোৱা হয়।

11. সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ সুৰষ্কাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠন হ’ল:এমনেষ্টি ইনটাৰনেশ্যনেল বা Amnesty International, Human Rights Action Center, 2015 Human Rights Without Frontiers (HRWF)।

12. এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্ৰমে আমােলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল। তেত্যি সাধাৰণ জনসাধাৰণে এই আদৰ্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। ই্যাৰ ফলস্বৰুপে, ক্ৰমান্বযে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল।

13. সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্ৰমে আমােলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল। তেত্যি সাধাৰণ জনসাধাৰণে এই আদৰ্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল।

14. শ্বক থেৰাপিৰ যিকোনাে দুটা নেতিবাচক প্ৰভাৱ লিখা।
উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্ৰভাৱ হ’ল—
(ক) শ্বক থেৰাপীৰ ফলত ছােভিয়েট ৰাছ্যিাৰ মুদ্ৰা মূল্য হ্ৰাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল।
(খ)শ্বক থেৰাপিৰ বাবে ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আচনিসমূহ ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈছিল।

15. কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায়?
উত্তৰঃ সাম্যবাদী ৰাষ্ট্ৰ ছােভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্ৰাপ্ত দেশসমূহত পুঁজিবাদী আদৰ্শৰ এক নতুন অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল। এই পৰিস্থিতিৰ মুখামুখী হ’ব পৰাকৈ বিশ্ববেংক আৰু আন্তজাৰ্তিক মুদ্ৰানিধিযে অৰ্থনীতিৰ দিশৰ। উন্নতিৰ অৰ্থে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাক। শ্বক থেৰাপি বা আঘাত নিৰাম্য বােলা হয়।

16. ছােভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কৰ সলনি হৈছিল?
উত্তৰঃ ছােভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্ৰৰ দৰে আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অৰ্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল। লগতে, সাম্যবাদী আদৰ্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী আদৰ্শৰ এক আধিপত্যৰ সূচনা হৈছিল।

READ MORE  আঞ্চলিক প্ৰত্যাশা | Chapter 14 | Class 12 Political Science - AHSEC

17. আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্ৰভাৱ লিখা।
উত্তৰঃ আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্ৰভাৱ হ’ল—
(ক) আঘাত নিৰাময়ৰ ফলত ছােভিয়েট ৰাছিয়াৰ মুদ্ৰা মূল্য হ্ৰাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল।
(খ)আঘাত নিৰাময়ৰ বাবে ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আচনিসমূহ ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈছিল।

18. ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’ল
(ক) ছােভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত
(খ) ছােভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্ৰ বা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

19. এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছােভিয়েট অৰ্থনীতিক পৃথক কৰা যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছােভিয়েট অৰ্থনীতিক পৃথক কৰা যিকোনাে দুটা বৈশিষ্ট্য হ’ল—
(ক) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিত মুক্ত অৰ্থনীতিৰ সমৰ্থন আছিল। আনহাতে, ছােভিয়েট অৰ্থনীতিত মুক্ত অৰ্থনীতিত পূৰ্ণ সমৰ্থন কৰা নাছিল।
(খ) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিযে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। আনহাতে, ছােভিয়েট অৰ্থনীতিযে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰােপ কৰিছিল।

20. ছােভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা।
উত্তৰঃ ছােভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম হ’ল—
(ক) ৰাছিয়া আৰু
(খ) বেলাৰুচ।

21. ‘দ্বিতীয় বিশ্ব’ বুলিলে কি বুজায়?
উত্তৰঃ ‘দ্বিতীয় বিশ্ব বা সমাজবাদী গােট বুলিলে সেইসমূহ পূব ইউৰােপৰ ৰাষ্ট্যক বুজায় যিসমূহ ৰাষ্ট্ৰ ছােভিয়েট ৰাষ্ট্ৰৰ সাম্যবাদী আদৰ্শত প্ৰতিষ্ঠিত আছিল আৰু WARSAW চুক্তি স্বাক্ষৰকাৰী আছিল। লগতে, এইসমূহ ৰাষ্ট্ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক গাঁথনি ছােভিয়েট ৰাষ্ট্ৰৰ দৰে একে আছিল আৰু ছােভিয়েট ৰাছিয়াৰ নিয়ন্ত্ৰণাধীন হৈ আছিল।

22. আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা।
উত্তৰঃ আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফলসমূহ হ’ল—
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটা।
(খ) ছােভিয়েট ৰাছ্যিাৰ বাণিজ্যিক গােষ্ঠীৰ পতন ঘটা।
(গ) উদাৰনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।
(ঘ) নতুনকৈ স্বাধীন হােৱা ৰাষ্ট্ৰবােৰৰ জৰীয়তে স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ (CIS) গঠন কৰা।

23. গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা।
উত্তৰঃ গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ হ’ল—
(ক) ‘গ্লাছনস্ত’ বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু
(খ) ‘পেৰেষ্ট্ৰাইকা’ বা পুনৰ গঠন।

24. আকস্মিক ছােভিয়েট ইউনিয়নৰ পতনৰ কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ আকস্মিক ছােভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল— মিখাইল গৰ্বাচেভৰ ‘গ্লাছনােষ্ট’ আৰু ‘পেৰেষ্ট্ৰাইকা’ নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে।

25. শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিবলগীয়া হয়।

26. USSRত বিভাজন সম্পৰ্কীয় ঘােষণা কোনে আৰু কেতিয়া কৰিছিল?
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে USSRত বিভাজন সম্পৰ্কীয় ঘােষণা কৰিছিল।

Long Type Questions and Answers (Marks : 4/5)

1. গৰ্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যৰ্থ হৈছিল?
উত্তৰঃ গৰ্বাচেভৰ সংস্কাৰ নীতিৰ ব্যৰ্থতাৰ কাৰণবােৰ হ’ল—
(ক) ছােভিয়েট ৰাছিয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমােলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী আছিল। সেইবাবে জনসাধাৰণ অসন্তুষ্ট হৈছিল।
(খ) গণতান্ত্ৰিক সুবিধা আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ আছিল।
(গ) ব্যক্তিৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাত গুৰুত্ব প্ৰদান কৰা হােৱা নাছিল।
(ঘ) দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা।

2. ছছাভিযেট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্ৰ সৃষ্টিত কিদৰে কাম কৰিছিল?
উত্তৰঃ ছােভিয়েট ব্লকৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল। এই প্ৰতিখন ৰাষ্ট্ৰৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰ কিছুমান দেশে বিশেষতঃ Baltic আৰু পূৰ্ব ইউৰােপীয় দেশসমূহ Europian Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO ৰ সদস্যভুক্ত হ’ল। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ছছাভিযেটৰ লগত ওচৰ সম্বন্ধ ৰষ্কাৰ উপৰি পশ্চিমীয়া দেশ China, US আদিৰ লগত ভাল, সম্বন্ধ বৰ্তাই থাকিব বিচাৰিলে। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে।

3. ছােভিয়েট ইউনিয়নৰপৰা নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষযে এটা চমু টোকা লিখা।
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্ৰৰ জন্ম হয়। এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে।
ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূৰ্ব ইউৰােপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে। আৰু। NATO ৰ সদস্যভুক্ত হয়। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমী দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পৰ্ক ৰক্ষা কৰাৰ পক্ষপাতী। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ। স্বকীয়তা, বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে।

4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী দেশৰ অৰ্থনীতিৰপৰা ছােভিয়েট অৰ্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছােভিয়েট অৰ্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে—
(ক) ছােভিয়েট অৰ্থনীতি সমাজবাদী অৰ্থনীতি। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি।

(খ) ছােভিয়েট অৰ্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই। আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ অধিকাৰ আছে।

(গ) ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি অণ্ডটো নিয়ন্ত্ৰণ কৰে।

5. ছােভিয়েট যুক্তৰাষ্ট্ৰৰ ভাঙোনৰ ফলাফল সম্বন্ধে চমুকৈ আলােচনা কৰা।
উত্তৰঃ বিশ্ব ৰাজনীতিত ছােভিয়েট ৰাছিয়াৰ পতনৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয়।
(ক) বিৰােধৰ পৰিসমাপ্তি :- ছােভিয়েট ৰাছিয়াৰ ধ্বংসই এই বিবাদৰ অন্ত পেলাইছিল যে সমাজবাদী নে পুঁজিবাদী কোন ব্যৱস্থা ভাল আৰু গ্ৰহণযােগ্য।

(খ) ক্ষমতাৰ সম্বন্ধৰ পৰিৱৰ্তন :- ছােভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্ৰ মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত কৰে। আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা বৰ্তমান বিশ্বত কোনাে ৰাষ্ট্ৰ নাই।

(গ) নতুন দেশসমূহৰ উত্থান :- ছােভিয়েট ৰাছ্যিাৰপৰা আঁতৰি যােৱা দেশসমূহৰ নিজা স্বাধীন অস্তিত্ব আৰু ব্যক্তিগত পছন্দ – অপছন্দ আছে। ছােভিয়েট ইউনিয়নৰ ভাঙোনে নতুন ৰাষ্ট্ৰৰ জন্ম দিয়ে।

6. ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপৰ্য কি?
উত্তৰঃ ১৯১৭ চনত ৰাছ্যিাৰ বিপ্লৱৰ ফলত সৃষ্টি হােৱা ছােভিয়েট ৰাছ্যিাত সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল। তাৰ জৰিযতে আন্তৰ্জাতিক ৰাজনীতিত এক ভাৰসাম্য ব্যৱস্থাও গঢ়ি তােলাত অৰিহণা যােগাইছিল। তৃতীয় বিশ্বৰ বহুবােৰ দেশ ছােভিয়েট সমাজবাদী। ব্যৱস্থাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তৃতীয় বিশ্বত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলনসমূহেও ছােভিয়েট সংঘৰপৰা পৃষ্ঠপােষকতা লাভ কৰিছিল। ভাৰতবৰ্ষৰ নিচিনা গােষ্ঠী নিৰপেক্ষ। নীতিত বিশ্বাস কৰা দেশেও মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ ছােভিয়েট সংঘৰপৰা অধিক পৃষ্ঠপােষকতা লাভ কৰিছিল। আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰাে অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ছােভিয়েট সংঘৰ ভাঙোন সেযেহে বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম।

7. ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি আলােচনা কৰা।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসূৰী সাম্যবাদী দেসসমূহৰ লগত এক ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল। কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত। ছােভিয়েট ৰাছ্যিাৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্ৰভাৱ পৰিছিল। কিন্তু ২০০০ চনত ব্লাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পৰ্ক পুনৰ উন্নত হয়।
(ক) মহাকাশ আৰু প্ৰতিৰষ্কাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছ্যিাই সহযােগিতা আগবঢ়ায়।

(খ) দুয়ােখন দেশে বাণিজ্য, বিমান প্ৰস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বে – আইনী ব্যৱসাযক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে।।

(গ) ২০০৪ চনত ৰাছ্যিাই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত দুয়ােখন। দেশে প্ৰতিক্ষা, কাৰিকৰী কৌশল, সন্ত্ৰাসবাদ আদি ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

8. ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পৰ্ক আছে বুলি তুমি ভাবানে? চাৰিটা কাৰণ লিখা।
উত্তৰ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্পৰ্ক বৰ্তাই ৰাখিছিল। কিন্তু, সকলােতকৈ গাঢ় সম্বন্ধ আছিল। ৰাছ্যিাৰ লগত। ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্ৰভাৱ পৰিছিল। কিন্তু ২০০০ চনত ভ্ৰাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পৰ্ক পুনৰ উন্নত হয়।
(ক) মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰ্মাণৱিক শক্তি ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায়।

(খ) দুয়ােখন দেশে বাণিজ্য, বিমান প্ৰস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে।

(গ) ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত দুয়ােখন দেশে প্ৰতিক্ষা, কাৰিকৰী কৌশল, সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

(ঘ) ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agree ment ৰ আধাৰত স্বাক্ষৰিত হয়।

9. ছােভিয়েট পদ্ধতিৰ বিষযে এটা টোকা লিখা।
উত্তৰঃ ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হােৱা ছােভিয়েট ৰাছ্যিাত সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় ব্যৱস্থাক প্ৰাধান্য দিছিল। ইযাত সাম্যবাদী দলে সৰ্বহাৰাৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰােধী দলক কোনাে ঠাই দিয়া হােৱা নাছিল। অৰ্থনৈতিক ক্ষেত্ৰত ছােভিয়েট ব্যৱস্থাত ব্যক্তিবাদৰ বা পুঁজিবাদৰ কোনাে স্থান নাছিল। ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকানাস্বত্ব প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থাত ৰাজনৈতিক সমতাৰ পৰিৱৰ্তে অৰ্থনৈতিক ক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।

10. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰপৰা ছােভিয়েট অৰ্থনীতিক পৃথক কৰা বৈশিষ্টবােৰ উল্লেখ কৰা।
উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছছাভিযেট অৰ্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে—
(ক) ছােভিয়েট অৰ্থনীতি সমাজবাদী অৰ্থনীতি। আনহাতে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি।

(খ) ছােভিয়েটৰ অৰ্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত যত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই। আনহাতে, আমেৰিকাৰ অৰ্থনীতি ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে।

(গ) ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডই এই কৃষি খণ্ডটো নিয়ন্ত্ৰণ কৰে।

11. ছােভিয়েট প্ৰথাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা।
উত্তৰঃ ছােভিয়েট প্ৰথাত বিষয়াসকল প্ৰায় স্বেচ্চাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল। গণতন্ত্ৰ আৰু বাক স্বাধীনতা। নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল। ছােভিয়েট ব্যৱস্থা বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল, যেনে যাতায়াত ব্যৱস্থা, কাৰিকৰী কৌশল, আভ্যন্তৰীণ বিকাশ ইত্যাদি। তদুপৰি, ছােভিয়েট পদ্ধতিৰ প্ৰধান দুৰ্বলতা আছিল যে ই জনসাধাৰণৰ আশা – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল। হােৱা নাছিল। ১৯৭৯ চনৰ আফগানিস্তান আক্ৰমণ আৰু উৎপাদন, ব্যয় বৃদ্ধি, খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অৰ্থনীতি দুৰ্বল হৈ আহিছিল। বিশেষতঃ এনে হােৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ।

READ MORE  ক্ষমতাৰ বিকল্প কেন্দ্ৰ | Chapter 2 | Class 12 Political Science - AHSEC

ছােভিয়েট প্ৰথা ৰাজনৈতিক আৰু প্ৰশাসনিক বিকাশৰ পৰাও দুৰ্বল হৈ নাছিল। প্ৰশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুৰ্বলতা, দুনীতি আৰু জনতাৰ স্বাধীনতা। নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল। ইত্যাদি এনেবােৰ বিভিন্ন দুৰ্বলতা অথবা অসুবিধ্ব পৰিলক্ষিত হৈছিল ছােভিয়েট প্ৰথাত।

12. গৰ্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ (ক) ৰাছ্যিা সংঘৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে ৰাছ্যিান। প্ৰজাতন্ত্ৰবােৰৰ বিকাশ সাধনৰ বাবে দুটা সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল। এটা হল Glasnost আৰু আনটো Perestroika Glasnost মানে মুক্ত অৱস্থা আৰু Perestbika মানে হ’ল পুনৰ গঠন।

(খ) গৰ্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দৰ্শন আৰু মুক্ত অৰ্থনীতিৰ পথ মুকলি কৰে।

(গ) গৰ্বাচেভৰ সংস্কাৰ কৰা নীতিৰদ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগােষ্ঠীৰ লােকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে।

(ঘ) গৰ্বাচেভে গ্ৰহণ কৰা সংস্কাৰসমূহ যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমৰ্থন হেৰুৱায় আৰু এই। সংস্কাৰে ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ পৰে।

13. ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্য বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বৰ্তাই চলিছিল, কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ভাৰত আৰু ৰাছিয়াৰ মাজত। ৰাছিয়াৰ লগত ভাৰতৰ সম্বন্ধ ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় এই দুই দেশৰ সম্বন্ধ বিশ্বাস, আৰু উমৈহতীয়া আদৰ্শ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমৰ্থন কৰে। তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্ৰৰ সহাবস্থান, সমূহীয়া সুৰক্ষা, বৃহত্তৰ আঞ্চলিকতাবাদ মধ্যস্থতাৰে আন্তঃৰাষ্ট্ৰীয়। বিবাদৰ মীমাংসা, সকলাে দেশৰ বাবে এক স্বাধীন বৈদেশিক নীতি আৰু নীতি নিৰ্ধাৰণ অনুষ্ঠান যেনে UN ক শাসিত গণতান্ত্ৰিক কৰা আৰু ক্ষমতাশালী কৰা। ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছ্যিাৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষবিত কৰা হৈছে। ৰাষ্ট্ৰসংঘত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমৰ্থন জনাইছিল। প্ৰধান সমস্যাসমূহৰ সময়তাে ভাৰতৰ প্ৰতি ই সমৰ্থন আগবঢ়াইছিল, বিশেষকৈ ১৯৭১ চনত পাকিস্তান, সৈতে যুদ্ধ কৰাৰ সময়ত। কিন্তু পৰােক্ষভাৱে ভাৰতে কিছুমান দিশত ছােভিয়েট ইউনিয়নৰ বৈদেশিক নীতিকে সমৰ্থন কৰিছিল।

14. ছােভিয়েট সংঘৰ পতন কি হৈছিল?
উত্তৰঃ ছােভিয়েট সংঘৰ পতন বিভিন্ন কাৰণত হৈছিল। এই কাৰণবােৰ হ’ল—
(ক) ক্ৰটিপূৰ্ণ নেতৃত্ব :- ছােভিয়েট সংঘৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্ৰুটিপূৰ্ণ নেতৃত্ব। দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। দুৰ্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ।

(খ) গৰ্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছি পতনৰ অন্যতম কাৰক আছিল গৰ্বাচেভৰ সংস্কাৰমূলক নীতি। তেখেতে দেশৰ জনগণৰ স্বাধীনতা, সমতা, জাতীয়তাবােধ, অৰ্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষযে অৱগত বা প্ৰস্তুতি নকৰাকৈ ৰাছ্যিাত। তেওঁৰ বিখ্যাত Glasnost আৰু Persestroika ৰ ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।

(গ) অৰ্থনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূৰ্ব ইউৰােপত থকা শসমূহক, মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰ্কি ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যক্ত কৰিছিল। ই্যাৰ ফলত ছােভিয়েট অৰ্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল।

15. ছােভিয়েট ইউনিয়ন বিভাজন ঘটিছিল কি?
উত্তৰঃ ছােভিয়েট ইউনিয়ন বিভিন্ন কাৰণত ভাগি গৈছিল। সেই কাৰণবােৰ তলত উল্লেখ কৰা হল—
(ক) ক্ৰটিপূৰ্ণ নেতৃত্ব :- ছােভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্ৰুটিপূৰ্ণ নেতৃত্ব। দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ। নেতা বুলি মান্যতা দিয়া হৈছিল। এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচামূলক কাৰ্যত লিপ্ত হৈছিল। দুৰ্বল নেতা আৰু দেশৰকল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব, ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ।

(খ) গৰ্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰক আছিল গৰ্বাচেভৰ সংস্কাৰমূলক নীতি। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবােধ, অৰ্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Perestroika ৰ ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।

(গ) অথনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূৰ্ব ইউৰােপত থকা। দেশসমূহক, মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি। বহু ধন সামৰিক ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল। ইয়াৰ ফলত ছােভিয়েট অৰ্থব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল।

16. USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গৰ্বাচেভক হেঁচা দিছিল?
উত্তৰঃ তলৰ উপাদানকেইটাই ছােভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গৰ্বাচেভক প্ৰভাৱিত কৰিছিল—
(ক) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল যিটে অৱস্থাত ছােভিয়েট ৰাছ্যিা যথেষ্ট পিছপৰি আছিল। তদুপৰি প্ৰশাসনিক আৰু ৰাজনৈতিক দিশতাে ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰত আছিল।

(খ) ছােভিয়েট সংঘৰ যথেষ্টসংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছিল। যাৰ ফলত ছােভিয়েট অৰ্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল।

(গ) ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্ৰমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল। মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল। এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে। খাদ্য সামগ্ৰী। আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল। এইবােৰ কাৰণত ছােভিয়েট অৰ্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল। এতেকে, এনেবােৰ কাৰণে গৰ্বাচেভক নতুন সংস্কাৰৰ পাতনি মেলিবলৈ হেঁচা দিছিল।

17. কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আলােচনা কৰা।
উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বৰ্তাই চলিছিল। কিন্তু সকলােতকৈ গাঢ় সম্পৰ্ক আছিল ৰাছিয়াৰ লগত। ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি, কাশ্মীৰ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্ৰদান বিস্তাৰ আদিত ভাৰত উপযুক্ত হৈছে। আনহাতে, ৰাছিয়াৰ বাবে ভাৰত অস্ত্ৰ – শস্ত্ৰ দ্বিতীয় সৰ্ববৃহৎ দেশ হােৱাৰ বাবে উপকৃত হৈছে। ভাৰতীয় সেনাৰ প্ৰায় অস্ত্ৰ – শস্ত্ৰ ৰাছিয়াৰ পৰা আহে। ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে।

সাম্যবাদী ৰাষ্ট যেনে ৰাছিই ভাৰতবৰ্ষৰ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল।ৰাছ্যিাই ভিলাই, বকাৰ, বিশাখাপট্টনমৰ দৰে ষ্টিল প্ৰেণ্ট আৰু ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড দৰে মেচিনেৰি প্লেন্টৰ কাৰণে অনুদান আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল।

ৰাছিয়া আৰু ভাৰত উভযে আন্তঃৰাষ্টীয় বিশ্বৰ নীতিক সমৰ্থন কৰে। তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্ৰৰ সহাৱস্থান, সমূহীয়া সুৰক্ষা ইত্যাদি।

18. ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতে এক গাঢ় সম্পৰ্ক বৰ্তাই ৰাখিছিল ৰাছিয়াৰ লগত যি বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়। এই দুই দেশৰ সম্বন্ধ বিশ্বাস আৰু। উমৈহতীয়া আদৰ্শ, নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমৰ্থন কৰে। ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছ্যিাৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ। আধাৰত স্বাক্ষৰিত হৈছে। ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি, কাশ্মীৰ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্ৰদান আদিত ভাৰত উপযুক্ত হৈছে। আনহাতে, ৰাছ্যিাৰ বাবে ভাৰত অস্ত্ৰ – শস্তুৰ দ্বিতীয় সৰ্ববৃহৎ হােৱাৰ বাবে ই উপকৃত হৈছে।

ভাৰতীয় সেনাৰ প্ৰায় অস্ত্ৰ – শস্ত্ৰ ৰাছিয়াৰ পৰা আহে। ভাৰতে Russia Kazakhastan আৰু Tunkenenitan ৰ পৰা শক্তি আহৰণ কৰে। এই দেশসমূহৰ লগত সম্বন্ধ হােৱাৰ বাবে ভাৰত তৈল ক্ষেত্ৰত এওঁলােকৰ বিনিযােগ, ব্যৱসায়িক মিত্ৰতাৰ প্ৰসাৰ সাধন ঘটিছে।। ৰাষ্ট্ৰসংঘ কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমৰ্থন জনাইছিল।

19. ম্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰসমূহৰ বিশদ তালিকা দিয়া।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰপৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিব লগা হয়। বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ প্ৰভাৱত ৰাছ্যিা, মধ্য এছিয়া আৰু পূৰ্ব ইউৰােপৰ। দেশসমূহৰ এই পৰিৱৰ্তন প্ৰক্ৰিয়াক শক থেৰাপী ‘ বুলি জনা যায়।

এই শ্বক থেৰাপীৰ ফলস্বৰূপে ৰাছ্যিাৰ লগতে আন আন স্বাধীন। ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অৰ্থনেতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে। প্ৰত্যক্ষ বিদেশী ধন বিনিযােগশ্বক থেৰাপীৰ আন এটা উল্লেখযােগ্য প্ৰভাৱ। যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমৰ্থন জনাইছিল সেয়েহে বিদেশী বিনিযােগকাৰীসকলেও ৰাছ্যিান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল। এই বিনিযােগে গণৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল।

এই শ্বক থেৰাপীৰ পৰিণতিৰ ফলস্বৰূপে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আৰ্থিক চুক্তিসমূহৰ সমাপ্তি ঘটে। বৰ্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তি আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে।

20. শ্বক থেৰাপী কি? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবােৰ কি কি আছিল? সাম্যবাদৰপৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এযা উত্তম পথ আছিলনে?
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ। যােৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয়। বিশ্ববেংক আৰু আন্তৰ্জাতিক। মুদ্ৰানিধিৰ প্ৰভাৱত ৰাছিয়া, মধ্য এছিয়া আৰু পূৰ্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্ৰক্ৰিয়াক শ্বক থেৰাপী বুলি জনা যায়। প্ৰক্ৰিয়াসমূহ—

READ MORE  পৰিকল্পিত বিকাশৰ ৰাজনীতি | Chapter 10 | Class 12 Political Science - AHSEC

(ক) মুক্ত বাণিজ্য :- ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত। হঠাতে ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে।

(খ) প্ৰত্যক্ষ বিদেশী ধন বিনিযােগ :- প্ৰত্যক্ষ বিদেশী ধন বিনিযােগ শ্বক থেৰাপী আন এটা উল্লেখযােগ্য প্ৰভাৱ। যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমৰ্থন জনাইছিল সেযেহে বিদেশী বিনিযােগকাৰীসকলেও ৰাছিযান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল। এই বিনিযােগে গণৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল।

(গ) ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি :- এই পৰিৱৰ্তনে তদানীন্তন ছােভিয়েট ৰাছ্যিাৰ গণৰাজ্যসমূহৰ মাজত থকা আৰ্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায়। বৰ্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে। নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে।

(ঘ) অৰ্থনৈতিক উন্নয়ন ও পৰিৱৰ্তনৰ বাবে যি শ্বক থেৰাপীৰ
অভিজ্ঞতা এই গণৰাজ্যসমূহৰ হৈছিল এই থেৰাপীযে অৰ্থনৈতিক উন্নয়ন সাধন কৰিছিল।

21. ছােভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবােৰ উপাদানে গৰ্বাচেভক বাধ্য কৰিছিল?
উত্তৰ তলত উল্লেখ কৰা উপাদানকেইটাই ছােভিয়েট ৰাছ্যিাক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গৰ্বাচেভক প্ৰভাৱিত কৰিছিল—
(ক) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল, যিটো। অৱস্থাত ছােভিয়েট ৰাছি যথেষ্ট পিছপৰি আছিল। তদুপৰি প্ৰশাসনিক আৰু ৰাজনৈতিক দিশটো ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰতা আছিল।

(খ) ছােভিয়েট সংঘই ইয়াৰ যথেষ্ট সংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়ন ব্যৱহাৰ কৰিছিল। যাৰ ফলত ছােভিয়েট অৰ্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল।

(গ) ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্ৰমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল। মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল। এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে খাদ্য সামগ্ৰী আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল।
এনেবােৰ কাৰণত ছােভিয়েটৰ অৰ্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল।

22. ছােভিয়েট পদ্ধতিৰ অসুবিধাবােৰ উল্লেখ কৰা।
উত্তৰঃ ছােভিয়েট ব্যৱস্থাত বিষযা স্বেচ্ছাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল। গণতন্ত্ৰ আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল। ছােভিয়েট পদ্ধতি বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল ; যেনে যাতায়াত ব্যৱস্থা, কাৰিকৰী কৌশল, আভ্যন্তৰীণ বিকাশ ইত্যাদি।

তদুপৰি, ছােভিয়েট সংঘৰ প্ৰধান দুৰ্বলতা আছিল ই জনসাধাৰণৰ আশা। – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হােৱা নাছিল। ১৯৭৯ চনৰ। আফগানিস্তান আক্ৰমণ আৰু উৎপাদন, ব্যয় বৃদ্ধি, খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। বিশেষতঃ এনে হােৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ।

ছােভিয়েট পদ্ধতি ৰাজনৈতিক আৰু প্ৰশাসনিক বিকাশৰ পৰাও দুৰ্বল হৈ পৰিছিল। ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাণীত আছিল, জনতাৰ ওচৰত কোনাে দায়বদ্ধতা নাছিল। প্ৰশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুৰ্বলতা, দুৰ্নীতি আৰুজনতাৰ স্বাধীনতা নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল। ইত্যাদি এনেবােৰ অসুবিধাই ছােভিয়েট ব্যৱস্থাৰ পতনত অৰিহণা যােগাইছিল।

23. দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছােভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষযে চমুকৈ আলােচনা কৰা।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছােভিয়েট ইউনিয়ন আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে এক মহাশক্তি হিচাপে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিছিল। আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমসাময়িকভাবে ছােভিয়েট ইউনিয়িনৰ সাম্যবাদী বা সমাজবাদী ব্যৱস্থা শক্তিশালী ৰূপে প্ৰতিষ্ঠিত হৈছিল। ছােভিয়েট ইউনিয়নে নব্য এক স্বনিৰ্ভৰশীল নীতিৰ পাতনি মেলিছিল। জনসাধাৰণৰ বাবে দৰকাৰ হােৱা সকলাে সামগ্ৰী আৰু সেৱা ছােভিয়েট ইউনিয়নৰ ভিতৰতে প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছিল। তেল, তীখা, লােহা, আৰু আন প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰীয়তে ৰাষ্ট্ৰীয়।

অৰ্থনীতিৰ বুনিয়াদ অধিক শক্তিশালী কৰি তুলিছিল। প্ৰযুক্তি-কৌশল আৰু যােগাযােগ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰিছিল। খাদ্য, স্বাস্থ্য, শিক্ষা আদি সকলাে লাগতিযাল বিষয়সমূহেৰে। সকলাে জনগণৰ বাবে নূন্যতম জীৱন ধাৰণৰ মানদণ্ড প্ৰদান কৰিছিল। সম্পত্তিৰ মালিকানাস্বত্ব নাইকীয়া কৰি সকলাে অনুষ্ঠান-প্ৰতিষ্ঠান চৰকাৰ আৰু ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল।

24. ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ ছােভিয়েট পদ্ধতিত সন্তুষ্ট হােৱা নাছিল? চাৰিটা কাৰণ দৰ্শোৱা।
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ ছােভিয়েট পদ্ধতিত সন্তুষ্ট হােৱা নাছিল। ইয়াৰ উল্লেখযােগ্য চাৰিটা কাৰণ হ’ল—
(ক) ষ্টেলিনৰ অধীনত চলা স্বৈতন্ত্ৰী কাৰ্যকলাপঃ ছােভিয়েট সংঘত সমাজবাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ নামত ষ্টেলিনে বহুতাে পশ্চাদঘাতী কৰ্মৰ জৰীয়তে স্বৈতন্ত্ৰী শাসন চলাইছিল যিটো ছােভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই ভাল পােৱা নাছিল। লগতে, ষ্টেলিনৰ সমালােচক ত্ৰৎক্সিৰ হত্যাত জনসাধাৰণ অতিকৈ অসন্তুষ্ট হৈ পৰিছিল।

(খ) মিখাইল গৰ্বাচেভ আৰু কেলেংকাৰী সংস্কাৰ ব্যৱস্থাঃমিথাইল গৰ্বাচেভে সমাজৰ সংস্কাৰৰ বাবে যি গ্লাচনােষ্ট আৰু পেৰেষ্ট্ৰোইকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ছােভিয়েট ইউনিয়নৰ জনসাধাৰণে সন্দেশ প্ৰকাশ কৰিছিল আৰু উত্তাল প্ৰতিবাদ গ্ৰহণ কৰিছিল। মিখাইল গৰ্বাচেভ গ্ৰহণ কৰা আন্তৰ্জাতিক নীতি আৰু পশ্চিমীয়া দেশৰ লগত গঢ়ি তুলিব খােজ কাৰ্যত ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ শংকিত হৈ পৰিছিল।

(গ) ব্ৰেজনেভ আৰু ছােভিয়েট অৰ্থনীতিৰ স্থবিৰতাঃ ছােভিয়েট অৰ্থনীতিৰ উন্নতিৰ ক্ষেত্ৰত ব্ৰেজনেভে চলােৱা নীতি আৰু কাৰ্যসূচীসমূহত ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ বহু দিশত সন্তুষ্ট হােৱা নাছিল। বিশেষকৈ ব্ৰেজনেভৰ কাৰ্যকালত দৈনন্দিত ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত হােৱা ঘাটিযে দেশৰ অৰ্থনীতি ব্যৰ্থ হােৱাতাে জনসাধাৰণে উপলব্ধি কৰিছিল।

(ঘ) ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হােৱা ছােভিয়েট অৰ্থনীতিৰ স্থবিৰতাঃ ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হােৱা ছােভিয়েট অৰ্থনীতিৰ
স্থবিৰতা ছােভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই মানি লব পাৰা নাছিল। পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তিহিচাপে কৰা আধিপত্য বিস্তাৰৰ বাবে অধিক ব্যয় বহন কৰা বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছিল।

(ঙ) ছােভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পাৰ্টী আৰু প্ৰশাসনৰ দুৰ্নীতিঃ ছােভিয়েট ইউনিয়নৰ জনসাধাৰণে ছােভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পাৰ্টী আৰু প্ৰশাসনৰ বহুতাে দুৰ্নীতি আৰু স্বেচ্ছাচাৰী শাসনৰবলি হ’ব লগা হৈছিল। এই বিষয়ে জনসাধাৰণৰ মাজত। আলােড়ণ আৰু আন্দোলনৰ সৃষ্টি কৰিছিল।

(চ)ব্যক্তি স্বাধীনতাৰ ওপৰত ছােভিয়েট ইউনিয়নে কৰা অবদমনঃ ব্যক্তি স্বাধীনতাৰ ওপৰত ছােভিয়েট ইউনিয়নে যি অবদমন কাৰ্যসূচী গ্ৰহণ কৰিছিল সেই বিষযে ছােভিয়েট ইউনিয়নৰ জনসাধাৰণে অসন্তুষ প্ৰকাশ কৰিছিল। লগতে নানান হৰতাল আৰু প্ৰতিবাদী কাৰ্যসূচীৰে। ছােভিয়েট ইউনিয়নৰ অস্তিত্ব হ্ৰাস কৰিছিল।
এনে পৰিস্থিতিবােৰৰ পৰিণতিস্বৰূপেই ১৯৯১ চনত বৰিছ যেল্টচিনৰ নেতৃত্বত ছােভিয়েট ইউনিয়নৰ ভংগ বা পতন ঘটিছিল।

25. ধৰা হ’ল ছােভিয়েট ইউনিয়ন বিভাজিত হােৱা নাই আৰু। ১৯৮০ ৰ দশকৰ মাজভাগৰ দৰে পৃথিৱীখন দ্বিবিভক্ত হৈয়ে আছে। যােৱা দুই দশকৰ উন্নয়নত ই কিদৰে প্ৰভাৱ পেলালেহেঁতেন?
উত্তৰঃ ১৯৯১ চনত ছােভিয়েট ৰাষ্ট্ৰৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে আৰু দ্বি – মেৰুকৰণৰাে অন্ত পৰে। ইয়াৰ লগে লগে আমেৰিকাৰ আধিপত্যৰ যুগ আৰম্ভ হয় আৰুএক মেৰুকৰণ ব্যৱস্থা আৰম্ভ হয়। যদি ছােভিয়েট ৰাছিয়াৰ বিভাজন নহ’লহেঁতেন, তেনেহ’লে। ইয়াৰ প্ৰভাৱ পৃথিৱীত এনেদৰে পৰিলেহেঁতেন—
(ক) প্ৰথমে আমেৰিকা ইমান বেছি শক্তিশালী ৰাষ্ট্ৰত পৰিণত নহ’লহেঁতেন আৰু বিশ্বত ইত্যাৰ আধিপত্য স্থাপন নহ’লহেঁতেন। ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ লগে লগে আমেৰিকাই বিশ্ব ৰাজনীতিত অধিক পৰিমাণে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰধান প্ৰধান সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মতামত জাপি দিবলৈ আৰম্ভ কৰে।

(খ) ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পায়। ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলােবােৰ সিদ্ধান্ত আমেৰিকাৰ ইচ্ছানুসাৰে গ্ৰহণ কৰা হয়। যদি ছােভিয়েট ৰাছিয়াৰ পতন নহ’লহেঁতেন তেন্তে আমেৰিকাৰ প্ৰতিপত্তি ৰাষ্ট্ৰসংঘত ইমান বেছি বৃদ্ধি নাপালেহেঁতেন।

(গ) ১৯১৯ চনত ছােভিয়েট ৰাষ্ট্ৰ যদি বিভাজন নহ’লহেঁতেন ইৰাক, আফগানিস্তান আৰু ইৰাণত আমেৰিকাৰ হস্তক্ষেপ ইমান অধিক। নহ’লহেঁতেন। আমেৰিকাই ইৰাক আৰু আফগানিস্তানত প্ৰৱেশ নকৰিলেহেঁতেন আৰু ইৰাণক ভাবুকি নিদিলেহেঁতেন।

26. USSR ৰ বিভাজনৰ পৰিণতি সম্পৰ্কে চমুকৈ আলােচনা কৰা।
উত্তৰ: USSR বিভাজনৰ পৰিণতি আছিল বিশ্বৰাজনীতিত ভয়াবহ আছিল। ইয়াৰ উল্লেখযােগ্য পৰিণতিবােৰ হ’লঃ
(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসানঃ USSR বিভাজন হােৱাৰ লগে লগে ১৯৪৫ চনৰ পৰা চলিত হৈ অহা শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল। অৰ্থাৎ শীতল যুদ্ধ পৰিক্ৰমা সিমানতেই অন্ত পৰিছিল।

(খ) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থানঃUSSR বিভাজন পৰৱৰ্তী পৰ্যায়ত আমেৰিকা যুক্তই গােটেই বিশ্বত একক মহাশক্তি হিচাপে প্ৰতিষ্ঠিত হৈছিল। লগতে, আমেৰিকাৰ লগত প্ৰতিদ্বন্দী কৰিবৰ বাবে কোনাে শক্তিগােষ্ঠী নাইবা ৰাষ্ট্ৰ নাছিল।

(গ) বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্ৰৰ উত্থানঃ USSR বিভাজন লগে লগে বহুতাে নতুন স্বাধীনৰাষ্ট্ৰৰ উত্থান ঘটিছিল। এই ৰাষ্ট্ৰবােৰে সাম্যবাদী আদৰ্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰিছিল।

(ঘ) পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃUSSR বিভাজন হােৱাত আমেৰিকাৰ পুঁজিবাদী আদৰ্শই গা কৰি উঠিছিল। লগতে, উদাৰীকৰণ,। ব্যক্তিগতকৰণ আৰু বিশ্ব অৰ্থনীতিত বিশ্বাষণ প্ৰক্ৰিাৰ সূচনা হৈছিল।

(ঙ) গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰভাৱ হ্ৰাসপ্ৰাপ্তঃUSSR বিভাজন। হােৱাৰ লগে লগে গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্ৰাস পাইছিল। সেই সময়ত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰযােজনৰ প্ৰায়। কমি গৈছিল।

(চ) তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুৰ্বল কৰাঃUSSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্ৰাস পাইছিল। সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ-আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ হকে গঢ়ি তােলা দাবীসমূহৰ প্ৰায় ভূমিকা/অস্তিত্ব কমি গৈছিল।

এনেধৰণৰ বহুতাে পৰিস্থিতি USSR বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল। লগতে, অৰ্থনীতি,ৰাজনীতি আৰু সামাজিক ভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল।

26. ভাৰতৰ দৰে দেশসমূহৰ বাবে ছােভিয়েট ইউনিয়ন বিভাজনৰ প্ৰধান পৰিণতিবােৰ কি কি?
উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ। আনকি, ১৯৯১ চনত ছােভিয়েটৰ বিভাজনৰ পিছতাে এই দেশ দুখনৰ। মাজত সম্পৰ্ক ভাল আছিল। তথাপি এই ছােভিয়েট বিভাজনে ভাৰতৰ দৰে দেশক তলত দিয়া ধৰণে প্ৰভাৱ পেলায়—

আন্তৰ্জাতিক ক্ষেত্ৰত দুয়ােখন দেশেই কেতবােৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ। আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে। সেইবােৰৰ ভিতৰত অন্যতম হলঃ আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহাৱস্থান, সামূহিক নিৰাপত্তা, প্ৰসাৰিত আঞ্চলিকতাবাদ, আলােচনাৰ মাধ্যমেৰে।

আন্তৰ্জাতিক সংঘাতৰ সমাধান, সকলাে দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্ধান ইত্যাদি। তদুপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ গণতান্ত্ৰিকীকৰণৰ জৰিয়তে শক্তিশালী কৰি তােলাৰ ক্ষেত্ৰত দুয়ােখন দেশে গুৰুত্ব প্ৰদান কৰি আহিছে।

দ্বিপাক্ষিক ক্ষেত্ৰতাে দুযােথন দেশে পাৰস্পৰিকভাৱে লাভান্বিত হােৱাকৈ ঘনিষ্ঠভাৱে সহযােগিতা কৰি আহিছে। ২০০২ চনত দুয়ােখন দেশৰ। মাজত ভাৰত – ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হৈছে। কাশ্মীৰৰ প্ৰশ্নতাে ৰাছ্যিই ভাৰতবৰ্ষৰ স্থিতিক সমৰ্থন কৰি আহিছে।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top