সাম্প্ৰতিক বিশ্বত নিৰাপত্তা | Chapter 5 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 5 Notes | SEBA Class 12 HS Political Science Chapter 5 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 5 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা | HS 2nd Year Political Science Questions and Answers Assam


সাম্প্ৰতিক বিশ্বত নিৰাপত্তা
(Security in the Contemporary World)

Very Short Type Questions and Answers (Marks : 1)

1. নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা_____।
উত্তৰঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত

2. গােলকীয় দাৰিদ্ৰ_____ৰ আন এক উৎস।
উত্তৰঃ গােলকীয় দাৰিদ্ৰ সন্ত্ৰাসবাদ ৰ আন এক উৎস।

3. অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ_____ৰ উদ্ধত।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত।

4. সকলােবােৰ সমাজতে নিৰাপত্তা ধাৰণাটো একেই নে?
উত্তৰঃ নহয়।

5. NATO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ North Atlantic Treaty Organisation .

6. কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তি সম্মতি দিছিল?
উত্তৰঃ ১৮১ খন দেশে।

7. নিৰাপত্তা বুলিলে কি বুজা?
উত্তৰঃ যিকোনাে ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বােলা হয়।

8. ভাৰতে পােন প্ৰথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায়?
উত্তৰঃ ১৯৭৪ চনত।

9. আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলিলে কি বুজা?
উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলি কোৱা হয়।

10. কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয়?
উত্তৰঃ ১৯৯০ চনত।

11. ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি?
উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থ।

12. আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা?
উত্তৰঃ কোনাে বিশেষ কাৰণবশতঃ যেনে প্ৰাকৃতিক দুৰ্যোগৰ বাবে এখন দেশৰ এটা প্ৰধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া।

13. অস্ত্ৰ নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ এন্টি বেলিষ্টিক মিছাইল চুক্তি (ABM)।

14. জন – নিৰাপত্তা বুলিলে কি বুজা ?
উত্তৰঃ জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলাে ধৰণৰ ভাবুকিৰ পৰা।

15. নিৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৯৬৮ চনত।

16. পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেত্যি স্বাক্ষৰ কৰা হৈছিল?
উত্তৰঃ ১৯৬৮ চনত।

17. বিশ্ব দৰিদ্ৰতা কি?
উত্তৰঃ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্ৰধান কাৰণ।

18. সন্ত্ৰাসবাদ কি?
উত্তৰঃ সন্ত্ৰাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্ৰ কাৰ্য যি কাৰ্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্ৰ হাতত লয়।

19. ভাৰতে কোনটো বছৰত প্ৰথমে আণবিক অস্ত্ৰ পৰীক্ষা কৰিছিল?
উত্তৰঃ ১৯৭৪ চনত।

20. ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিল ?
উত্তৰঃ ১৯৯২ চনত।

21. মানৱীয় নিৰাপত্তাই কি বুজায় ?
উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্ৰাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।

22. ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা।
উত্তৰঃ সামৰিক ক্ষমতা বৃদ্ধি।

23. গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ।

24. প্ৰদূষণ কি?
উত্তৰঃ বিশ্বৰ পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তােলাক প্ৰদূষণ বুলি ক’ব পাৰি।

25. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ কি?
উত্তৰঃ সন্ত্ৰাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায় যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। আন্তৰ্জাতিক সন্ত্ৰাসবাদে গােটেই বিশ্বজুৰি আলােড়ন সৃষ্টি কৰে।

26. মানুহে প্ৰব্ৰজন কিয় কৰে?
উত্তৰঃ মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়।

27. দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া।
উত্তৰঃ দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ হ’ল— এইডছ ( ADIS ) আৰু এব’লা ভাইৰাছ।

28. সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক পৰম্পৰাগত বা অপৰম্পৰাগত ভাবুকি হয়নে?
উত্তৰঃ হয়।

29. ভাবুকিৰ দুটা নতুন উৎস উল্লেখ কৰা।
উত্তৰঃ বিশ্ব দৰিদ্ৰতা আৰু স্বাস্থ্য মহামাৰী।

30. ব্যক্তিৰ প্ৰতি ভাবুকিৰ নতুন উৎসৰ উল্লেখ কৰা।
উত্তৰঃ AIDS, সন্ত্ৰাসবাদ, পৰিৱেশ প্ৰদূষণ।

31. গােলকীয় নিৰাপত্তাৰ ধাৰণাটো কি?
উত্তৰঃ গােলকীয় নিৰাপত্তাই বিশ্বৰ সন্মুখীন হােৱা ভাবুকিৰ পৰা ৰক্ষণাবেক্ষণ দিয়াটো বুজায়।

32. ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা।
উত্তৰঃ বিশ্বশান্তি প্ৰতিষ্ঠা আৰু নিৰীকৰণ ক্ষমতাৰ ভাৰসাম্য।

33. সহযােগী নিৰাপত্তা কি?
উত্তৰঃ অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামাৰিক বিৰােধিতাৰ পৰিৱৰ্তে সহযােগিতাৰ প্ৰযােজন।

34. নিৰস্ত্ৰীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলত সহায় কৰে?
উত্তৰঃ অস্ত্ৰ সম্বৰণৰ যােগেদি।

35. কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে ?
উত্তৰঃ জনসংখ্যাৰ হ্ৰাস লগতে আয় বৃদ্ধিয়ে।

Short Type Questions and Answers (Marks : 2)

1. কাশ্মীৰ উপত্যকাত হিংসা বিয়পাই দিয়া_____হ’ল_____ৰ এটা উদাহৰণ।
উত্তৰঃ কাশ্মীৰ উপত্যক হিংসা বিয়পাই দিয়া ভাবুকি হ’ল পৰম্পৰাগত নিৰাপত্তা ৰ এটা উদাহৰণ।

2. নিৰাপত্তা অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয়_____ বা_____।
উত্তৰঃ নিৰাপত্তা অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয় মানৱ নিৰাপত্তা বা গােলকীয় নিৰাপত্তা

3. নতুনকৈ স্বাধীন হােৱা দেশসমূহে সন্মুখীন হােৱা নিৰাপত্তাৰ প্ৰত্যাঙ্কানবােৰ ইউৰােপৰ প্ৰত্যাহ্বানবােৰতকৈ কিভাৱে পৃথক?
উত্তৰঃ (ক) উন্নত দেশৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা প্ৰায় নিশ্চিত। কিন্তু, নতুন দেশসমূহে আভ্যন্তৰীণ আৰু বাহয়িক দুটা দিশতে নিৰাপত্তাহীনতাৰ সন্মুখীন হয়।

(খ) উন্নত দেশ বা ইউৰােপীয় দেশসমূহে সাধাৰণতে নিৰাপত্তাৰ অপাৰম্পৰিক দিশসমূহৰ সন্মুখীন হৈছে, কিন্তু নতুন স্বাধীন দেশসমূহে অপাৰম্পৰিক আৰু পাৰম্পৰিক দুযােধৰণৰ নিৰাপত্তাত ভুগি আছে।

4. ভাবুকিৰ পৰা মুক্তৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তাবােৰ কি কি?
উত্তৰঃ (ক) যুদ্ধৰ আত্মসমৰ্পণ।
(খ) যুদ্ধৰ ব্যয় অত্যধিক বৃদ্ধি কৰা।

5. মানৱ অধিকাৰ বুলিলে কি বুজায় ?
উত্তৰঃ মানৱ অধিকাৰ সামৰিক জীৱনৰ কিছুমান চৰ্ত যাৰ সহাযত এজন মানুহে নিজৰ মানৱীয় অস্তিত্ব ৰক্ষা কৰিব পাৰে। ই মানুহৰ ব্যক্তিত্ব বিকাশৰ এক মৌলিক অধিকাৰ।

6. মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্ৰেণীবিভাগবােৰৰ কি কি?
উত্তৰঃ মানৱ অধিকাৰ তিনি শ্ৰেণীৰ—
(১) ৰাজনৈতিক – বাক স্বাধীনতা, সমবেত হােৱাৰ।
(২) ভাৰ্থনৈতিক আৰু সামাজিক অধিকাৰ।
(৩) পৰাধীন দেশৰ জনগণৰ, নৃগােষ্ঠী, থলুৱা সংখ্যালঘু সকলৰ অধিকাৰ।

7. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ প্ৰব্ৰজনকাৰী সাধাৰণতে স্ব – ইচ্ছাই উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়। কিন্তু শৰণাৰ্থীসকল হ’ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তি। সন্মুখীন হৈ অন্য দেশলৈ পলাই যােৱা লােক।

READ MORE  আঞ্চলিক প্ৰত্যাশা | Chapter 14 | Class 12 Political Science - AHSEC

8. সামৰিক ভাবুকি কি? ই কিদৰে দেশৰ প্ৰতি বৃহৎ বিপদ হ’ব পাৰে ?
উত্তৰঃ এখন দেশৰ সামৰিক বাহিনীযে যেতিয়া আন এখন দেশ আক্ৰমণ কৰে বা আক্ৰমণৰ বাবে নিজৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰে। তাকে সামৰিক ভাবুকি বােলে। ইয়াৰ দ্বাৰা দেশত যুদ্ধৰ সৃষ্টি হৈ এক। বৃহৎ বিপদ স্বৰূপ হ’ব পাৰে।

9. সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি তুমি ভাবানে? কি?
উত্তৰঃ হয়, সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি ভাবাে। কিয়নাে ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে। ল’ৰা – ছােৱালীক স্কুললৈ পঠাবলৈ ভয় কৰে। সন্ত্ৰাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে। সেযেহে, সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি।

10. পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান লিখা।
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান হ’ল—
(ক) সামৰিক আইনী গঠন।
(খ) যুদ্ধৰ সা – সঞ্জাম আৰু কৌশল আহৰণ।

11. পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পাৰ্থক্য কি?
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ আৰু বাহয়িক। নিৰাপত্তাৰ কথা বুজায়। ইযাত প্ৰধানকৈ সামৰিক দিশটো অন্তৰ্ভুক্ত কৰা হয়। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক। ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াৱহতা আৰু ভাবুকিক অন্তৰ্ভুক্ত কৰিছে।

Long Type Questions and Answers (Marks : 3/4)

1. মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল। ধাৰণাৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিযে। মানৱ নিৰাপত্তাৰ প্ৰধান লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।
মানৱ নিৰাপত্তাৰ সংকীৰ্ণ অৰ্থই ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰে। আনহাতে, বহল অথই ব্যাখ্যা আগবঢ়াইছে যে ভােক, ৰােগ, প্ৰাকৃতিক দুৰ্যোগে মানৱ নিৰাপত্তাৰ প্ৰতি বেছি ভাবুকিৰ সৃষ্টি কৰে, যুদ্ধ সন্ত্ৰাসবাদতকৈও। ই অৰ্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মৰ্যাদাকে সামৰি লৈছে। অন্যধৰণে ক’বলৈ হ’লে, মানৱ নিৰাপত্তাই অভাৱৰ পৰা মুক্ত ‘ আৰু ভযৰ পৰা মুক্ত ‘হােৱাত গুৰুত্ব প্ৰদান কৰে।

2. সামৰিক মিত্ৰতাৰ উদ্দেশ্যবােৰ কি কি? সামৰিক মিত্ৰগােট। এটাৰ নিৰ্দিষ্ট উদ্দেশ্যৰে সৈতে ই্যাৰ কাৰ্যাৱলীৰ উদাহৰণ দিয়া।
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদন হ’ল মিত্ৰতা গঢ়ি তােলা। মিত্ৰতা হ’ল কিছুমান ৰাষ্ট্ৰৰ সন্মিলন, যিযে সামৰিক আক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কাৰ্যৰে বাধা দিব নাইবা প্ৰতিৰক্ষা দিব পাৰে। ৰাষ্ট্ৰবােৰে মিত্ৰতা গঢ়ি তােলে, অন্যদেশ বা মিত্ৰ গােষ্ঠীৰ বিৰুদ্ধে সক্ৰিয় কাৰ্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতে। নিৰ্ভৰ কৰি মিত্ৰতা গঢ়ি উঠে আৰু স্বাৰ্থৰ পৰিৱৰ্তন হ’লে, মিত্ৰতাৰাে পৰিবৰ্তন হয়।

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰােপৰ দেশবােৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্ৰতা গঢ়ি তােলে। এই মিত্ৰতাবােৰৰ ভিতৰত NATO ( উত্তৰ আটলান্টিক সন্ধি সংগঠন) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্ৰশক্তি। এই মিত্ৰতা গঢ়ি উঠিছিল ছােভিয়েট ৰুচিয়াৰ শক্তি বৃদ্ধি হােৱাৰ বাবে। আনহাতে NATO বিপৰীতে, কমিউনিষ্ট দেশবােৰৰে, ছােভিয়েট ৰুচিৰ নেতৃত্বত ওৱাৰছাে’ পেক্ট ‘ ( Warsow Pact) গঠন কৰে যাতে আৱশ্যক মতে নাটোৰ আক্ৰমণক প্ৰত্যাহ্বান জনাব পাৰে।

কিন্তু ১৯৯১চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছােভিয়েট। ৰুচি ভাগি বিলঘ্নিত হ’ল ইউৰােপৰ বহুতাে কমিউনিষ্ট ৰাষ্ট্ৰই NATO ত যােগদান কৰিবলৈ আৰম্ভ কৰে। ২৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতাে পূৰ্ব ইউৰােপীয় দেশক NATO ত সামৰি লােৱা হৈছিল। এনেকি ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপােষােকতাত গঢ়ি উঠা Partnership of peace ‘ সংস্থাত যােগদান কৰিছিল। এইদৰে। মিত্ৰতা গােষ্ঠীৰ পৰিৱৰ্তন, ক্ষমতাৰ ভাৰসাম্যতা’ পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে।

3. ক্ষমতাৰ সলন কি? এখন ৰাষ্ট্ৰই কিদৰে ইয়াক পাব পাৰে?
উত্তৰঃ সাধাৰণতে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ প্ৰত্যেকৰ নিজৰ স্বাৰ্থ আছে আৰু সেই স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা কৰাৰ ফলত বহুক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ মাজত সংঘৰ্ষ হােৱা দেখা যায়। এনে সংঘৰ্ষ বা অনিশ্চয়তা আঁতৰ। কৰিবৰ কাৰণে ক্ষমতাৰ তুলনামূলক পৰিমাণৰ ওপৰত ভিত্তি কৰি এক প্ৰকাৰ ভাৰসাম্যৰ সৃষ্টি কৰা হয়। ক্ষমতাৰ এনে তুলনামূলক পৰিমাণকে ক্ষমতাৰ সত্তলন বােলা হয়। এখন ৰাষ্ট্ৰই বিভিন্ন উপায়েৰে ইযাক পাব পাৰে।

(ক) মৈত্ৰী :- বৰ্তমান বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত বিভিন্ন দিশত প্ৰতিযােগিতা দেখা যায়। কেতিয়াবা এখন শক্তিশালী ৰাষ্ট্ৰ ক্ষমতা প্ৰতিৰােধ কৰিবৰ কাৰণে দুৰ্বল বা ততােধিক ৰাষ্ট্ৰ লগ লাগি বন্ধুত্ব স্থাপন কৰে।

(খ) সশস্ত্ৰীকৰণ :- কোনাে এখন দেশে নিজৰ নিৰাপত্তাৰ কাৰণে অস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিলে। ওচৰ – চুবুৰীয়া আনখন দেশত নিজৰ। নিৰাপত্তাৰ কাৰণে অস্ত্ৰ – শস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰে, সেই দৃষ্টিকোণৰ পৰা সশস্ত্ৰীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায়।

(গ) নিৰস্ত্ৰীকৰণ :- নিৰীকৰণাে ক্ষমতাৰ ভাৰসাম্য ৰষ্কাৰ আন এটা উল্লেখযােগ্য উপায়। দুখন ৰাষ্ট্ৰ সামৰিক দিশত শক্তিশালী হ’লে ৰাষ্ট্ৰ দুখনৰ মাজত নিৰীকৰণ ব্যৱস্থা কৰিও ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰা যায়।

4. বিশ্ব দৰিদ্ৰতাৰ বিষযে চমুকৈ লিখা।
উত্তৰঃ মানৱ জীৱনত দৰিদ্ৰতাই আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভােগায়। অত্যধিক জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিশ্বৰ দৰিদ্ৰতাই অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। বৰ্তমান বিশ্বত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত ভাবুকি যেনে ভয়ংকৰ মহামাৰী, AIDS, পক্ষীৰ, খুৱাইন ফ্লু, মেলেৰিা, কলেৰা আদিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্ম সংস্থাপনৰ অভাৱ বা আযৰ কোনাে সুবিধা নাথাকে, তেতিয়া জনসাধাৰণৰ জীৱনলৈ লাগি আহে দৰিদ্ৰতা। এনেদৰে দৰিদ্ৰতাই “ মানুহক সকলােফালৰ পৰা নিৰাপত্তাহীনতাত ভােগায়।

5. মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি?
উত্তৰঃ মানৱীয় নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়াতকৈ জনসাধাৰণক বেছি ৰক্ষণাবেক্ষণ দিয়াটোক বুজায়। মানৱীয় নিৰাপত্তাৰ সমৰ্থকসকলে কয় যে ৰাষ্ট্ৰৰ প্ৰাথমিক লক্ষ্য হ’ল ইয়াৰ ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া। তেওঁলােকৰ মতে মানৱীয় নিৰাপত্তাৰ ধাৰণাই ক্ষুধা, ৰােগ ব্যাধি আৰু প্ৰাকৃতিক দূৰ্যোগ আদিক সন্নিবিষ্ট কৰা উচিত। কিয়নাে, এইবােৰে এনেকি যুদ্ধতকৈ বেছি মানুহক মৃত্যুৰ মুখত পেলায়। এইদৰে মানৱীয় নিৰাপত্তাৰ নীতিযে এইবােৰ ভাবুকিৰ পৰা জনসাধাৰণক, সংঘৰ্য আৰু যুদ্ধতকৈ বেছি ৰক্ষণাবেক্ষণ দিয়া উচিত। কাৰণ দৰিদ্ৰতা, ক্ষুধা, ৰােগ ব্যাধি, প্ৰাকৃতিক দুৰ্যোগেহে মানুহৰ স্বাস্থ্যৰ লগত জড়িত হৈ এক অসহায়, নিৰুপাযতাৰ বেছি সৃষ্টি কৰে।

6. বহিঃভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।
উত্তৰঃ (ক) অৱৰােধ :- ইত্যাৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাক বাধা প্ৰদান কৰা। এইক্ষেত্ৰত ভাৰতত পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে উল্লেখ কৰিব পৰা যায়।

(খ) ৰক্ষা :- যুদ্ধক সীমিত ৰখা বা ই্যাৰ সমাপ্ত কাক ৰক্ষা বুলি কোৱা হয়।

READ MORE  জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science - AHSEC

(গ) ক্ষমতাৰ ভাৰসাম্য :- প্ৰতিখন চৰকাৰে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

(ঘ) মিত্ৰগােট গঠন :- মিত্ৰগােট গঠন মানে হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিসকলে নিজৰ কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। যেনে – NATO, CENTO আদি।

Long Type Questions and Answers (Marks : 5/6)

1. তৃতীয় বিশ্বৰ জনসাধাৰণে সম্মুখীন হােৱা আৰু প্ৰথম বিশ্বৰ জনসাধাৰণে সন্মুখীন হােৱা ভাবুকিৰ মাজৰ পাৰ্থক্যবােৰ কি কি?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰুচিয়া, এই দুই চূড়ান্ত ক্ষমতাশালী গােষ্ঠী। দুটাৰ মাজত হােৱা শীতল যুদ্ধবােৰ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত হােৱা প্ৰায় ১/৩ অংশ যুদ্ধৰ বাবে দায়বদ্ধ আছিল। এই যুদ্ধবােৰৰ প্ৰায় ভাগ যুদ্ধই হৈছিল তৃতীয় বিশ্বৰ দেশবােৰত। যিদৰে ইউৰােপীয়ান ঔপনিৱেশিক শক্তিবােৰে উপনিৱেশবােৰত আন্দোলন। হােৱাৰ ভয় কৰিছিল, সেইদৰে উপনিৱেশবােৰেও স্বাধীন হােৱাৰ পাছত ভয় কৰিছিল যে তেওঁলােকক ইউৰােপৰ ঔপনিবেশিক শক্তিবােৰে আক্ৰমণ কৰিব। সেইবাবে নতুনকৈ স্বাধীন হােৱা তৃতীয় বিশ্বৰ, দেশৰ বাৰে আৰু এখন সাম্ৰাজ্যবাদী যুদ্ধ হােৱাৰ ভয় কৰিছিল।

তৃতীয় বিশ্বৰ নতুনকৈ স্বাধীনতা পােবা দেশবােৰে সন্মুখীন হােৱা নিৰাপত্তাৰ প্ৰত্যাহ্বান। প্ৰথম বিশ্বৰ দেশৰ বাৰে সন্মুখীন হােৱা প্ৰত্যাহ্বানৰ পৰা দুই প্ৰকাৰে পৃথক। প্ৰথমতে, নতুনকৈ স্বাধীন হােৱা দেশবােৰে প্ৰতিবেশী ৰাজ্যবােৰৰ পৰা সামৰিক সংঘৰ্ষ হােৱাৰ আশংকাত থাকে। দ্বিতীয়তে, তেওঁলােকে নিজৰ দেশতে আভ্যন্তৰীণ সামৰিক সংঘৰ্ষৰ আশংকাতাে উদ্বিগ্ন হৈ থাকিব লগা হয়। এই দেশৰ বাৰে সীমাৰ বাহিৰৰ প্ৰতিবেশীৰ ভাবুকিৰাে সম্মুখীন হ’ব লাগে আৰু আনহাতে তৃতীয় বিশ্বৰ ভিতৰৰ দেশবােৰৰ পৰাও ভাবুকিৰ সন্মুখীন হ’ব লাগে।

অভ্যন্তৰীণভাৱে নতুন দেশবােৰে বিচ্ছিন্নতাবাদী আন্দোলনৰ বাবেও উদ্বিগ্ন আৰু ভীতিগ্ৰস্ত হৈ থাকিব লগা হয়। প্ৰতিবেশী ৰাষ্ট্ৰযাে আভ্যন্তৰীণ বিচ্ছিন্নতাবাদীসকলক উচটনি দিয়া কাৰ্যত লিপ্ত হৈ দুয়ােখন দেশতে উদ্বিগ্নতা বৃদ্ধি কৰা কাৰ্যত লিপ্ত হয়। সেইকাৰণে তৃতীয় বিশ্বৰ দেশবােৰৰ ক্ষেত্ৰত প্ৰতিবেশী ৰাজ্যৰ লগত যুদ্ধ আৰু দেশৰ ভিতৰৰ। আভ্যন্তৰীণ কন্দলৰ মুখামুখি প্ৰত্যাহ্বানে নিজৰ নিৰাপত্তা বিপদাপন্ন কৰি তােলে। কিন্তু এই আটাইবােৰ সমস্যা। প্ৰথম বিশ্বৰ দেশবােৰত দেখা। নাযায়।

2. দ্ৰুতগতিৰ পাৰিৱেশিক অৱক্ষযে নিৰাপত্তাৰ সাংঘাতিক ভাবুকিৰ কাৰণ। তুমি এই উক্তিত একমতনে? যুক্তিৰে সাৰমৰ্ম লিখা।
অথবাঃ মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ হয়, মই উক্ত উক্তিটো মানি লওঁ যে দ্ৰুতগতিৰে হােৱা পাৰিৱেশিক অৱক্ষয়ে সমাজত নিৰাপত্তাৰ এক সাংঘাটিক ভাবুকিৰ সৃষ্টি কৰে। মানৱীয় নিৰাপত্তাই ক্ষুধাৰ পৰা নিৰাপত্তা, আৰু দৰিদ্ৰতা ; ৰােগ ; প্ৰাকৃতিক দুৰ্যোগ, যেনে – বানপানী, আৰু ভূমিকম্প আদিযে বহু। বেছিসংখ্যক মানুহৰ প্ৰাণ হানি কৰে — যুদ্ধ, গণহত্যা, আতংকবাণী কাৰ্যাৱলীতকৈও। এই আটাইবােৰকে মানৱীয় নিৰাপত্তাই সামৰি লয়।

মুঠতে, বিশ্ব নিৰাপত্তাৰ ধাৰণাটো উদ্ভৱ হৈছে কুৰি শতিকাৰ শেষৰ দশকটোত বিশ্বৰ প্ৰাকৃতিক ভাবুকিৰ বিপৰীতে যেনে— বিশ্বৰ উষ্ণতা বৃদ্ধি, বানপানী, ভূমিকম্প ইত্যাদি। পৃথিৱীৰ কোনাে দেশেই এই প্ৰাকৃতিক ভাবুকিৰ বিৰুদ্ধে অকলে সন্মুখীন হ’ব বা সমাধান কৰিব নােৱাৰে। কিছুমান পৰিস্থিতিত ভৌগােলিক অৱস্থানৰ বাবে কোনাে এখন দেশে নাইবা আন কোনাে কাৰণতে, তেনে সমস্যাৰ বােজা কিছু বেছিকৈ বহন কৰিব লগা হ’ব পাৰে আন। দেশবােৰতকৈ। উদাহৰণ। স্বৰূপে গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাগৰ পৃষ্ঠ ১,৫-২.00 মিটাৰ বৃদ্ধিৰ ফলত বাংলাদেশৰ ২০ শতাংশ অঞ্চল, প্ৰায় সম্পূৰ্ণ মালদ্বীপপানীত ডুব যােৱা আৰু প্ৰায় আধা অংশ থাইলেণ্ড ডুব যােৱাৰ আশংকা কৰা হৈছিল।

ঠিক তেনেদৰে দুখীয়া দেশবােৰত AIDS ৰ নিচিনা মহামাৰী বেমাৰত আক্ৰান্ত হােৱা সম্ভাৱনা বেছি দেখা যায় আন উন্নত দেশৰ তুলনাত। যিহেতু এনেধৰণৰ সমস্যাবােৰ বিশ্ব ব্যাপ্ত প্ৰকৃতি।, আন্তৰ্জাতিক, আৰু সকলােৰে সহযােগিতাৰ অবিহনে ইয়াক সমাধান। কৰা অসম্ভব, সেই কাৰণে সকলােৱে ঐক্যবদ্ধভাবে সন্মুখীন হ’ব লাগে।

3. ভাৰতীয় দৃশ্যপট চাই কি কি ধৰণৰ নিৰাপত্তাক ভাৰতত অগ্ৰাধিকাৰ দিয়া হৈছে— পৰম্পৰাগত নে অপৰম্পৰাগত ? যুক্তিৰে সামৰ্ম দাঙি ধৰিবলৈ তুমি কি উদাহৰণ দিবা।
অথবাঃ ভাৰতত নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষযে চমুকৈ আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতাৰ পাছৰে পৰা নিৰাপত্তাৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত ভাবুকিৰ সন্মুখীন হৈ আহিছে যিবােৰ সীমাৰ ভিতৰৰ পৰা আৰু সীমাৰ বাহিৰৰ পৰা আহি আছে। এই সকলােবােৰ ভাবুকিকে পৰম্পৰাগত আৰু অপৰম্পৰাগত এই দুটা ভাগত ভাগ কৰিব পাৰি।

প্ৰথম অৱস্থাত, ভাৰতে ইয়াৰ সামৰিক শক্তি আৰু আনৱিক শক্তি বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে। ভাৰতে চীন আৰু পাকিস্তানৰ দৰে আণবিক শক্তিৰ অধিকাৰী প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব লগা হৈছে। চীন দেশে ১৯৬২ চনত ভাৰতক আক্ৰমণ কৰিছিল।

আনহাতে পাকিস্তানে কমেও তিনি চাৰিবাৰ ভাৰতৰ লগত যুদ্ধত লিপ্ত হৈছে— ১৯৪৭, ৪৮, ১৯৬৫ আৰু ১৯৭১; ১৯৯৯ চনত। ভাৰতে। আণৱিক অস্ত্ৰ প্ৰথমে পৰীক্ষা কৰিছিল— ১৯৭৪ চনত আৰু পুনৰ পৰীক্ষা কৰিছিল। ৯৯৮ চনত। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবেই এই শক্তি বৃদ্ধি কৰাৰ যুক্তিযুক্ততা চৰকাৰে দেখুৱাইছে।

দ্বিতীয় ক্ষেত্ৰত, ভাৰতৰ নিৰাপত্তা শক্তি বৃদ্ধি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় চৰ্ত, আন্তঃৰাষ্ট্ৰীয় সংস্থাবােৰত ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থবােৰ পূৰণ কৰিব লাগিব। ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঔপনিবেশিক শাসন মুক্ত হােৱা, নিৰঞ্জীকৰণ কৰা, আৰু এছিয়াৰ ঐক্য সাধন কৰা, আদি কাৰ্যক সমৰ্থন কৰিছিল। ভাৰতে গােষ্ঠী নিৰপেক্ষতা নীতি ব্যৱহাৰ কৰি এটা শান্তিপূৰ্ণ অঞ্চল গঢ়ি তুলিব বিচাৰিছিল যাতে দুটো শক্তিশালী সামৰিক গােষ্ঠীৰ পৰা সমান দূৰত্ব ৰক্ষা কৰিব পাৰি।

তৃতীয়তে, ভাৰতৰ নিৰাপত্তাৰ আন এটা কৌশল হ’ল – ভাৰতৰ। সীমাৰ ভিতৰৰ আভ্যন্তৰীণ প্ৰত্যাহ্নবােৰৰ সম্মুখীন হােৱাৰ প্ৰচেষ্টা চলােৱা। নাগালেণ্ড, মিজোৰাম, পাঞ্জাব, জম্মু – কাশ্মীৰ আদি ৰাজ্যই ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিঘ্নিত হ’বলৈ দাবী জনাই, বিভিন্ন। আতংকব্বাদী কাৰ্যত লিপ্ত হৈছে। ভাৰত চৰকাৰে সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি ৰক্ষা কৰিবলৈ গণতান্ত্ৰিক পদ্ধৰি ৰাজনীতি অৱলম্বন কৰি ইয়াক মীমাংসা কৰিবলৈ চেষ্টা কৰিছে।

চতুৰ্থতে, ভাৰতে দেশখনৰ অৰ্থনীতি উন্নতি এনেদৰে কৰিব বিচাৰে যাতে বিশাল জনগণৰ মাজৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যায়, নাগৰিকৰ মাজৰ বৈষম্য আঁতৰাব পৰা যায় আৰু এখন উন্নত সমাজ ব্যৱস্থা গঢ়ি তুলিব পৰা যায় তাৰে প্ৰচেষ্টা চলাব খােজে।

এইদৰে এই আলােচনাৰ সামৰণিত ইয়াকে প্ৰতিপন্ন কৰা হয় যে ভাৰতীয় দৃশ্যপট চাই দেশখনে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তা দুটো পন্থাকে অগ্ৰাধিকাৰ দিব বিচাৰে।

4. যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত জড়িত দুখ কষ্টবােক বাধা দিত বিফল হৈছে, তথাপি ই্যাক প্ৰচলিত হৈ থকাটো বিচাৰে। কিহে ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংস্থা কৰিছে ?
অথবাঃ বৰ্তমানৰ একক মেৰু বিশ্বত তুমি ভাবা নেকি যে ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষত ? যুক্তি দিয়া।
উত্তৰঃ শীতল যুদ্ধ অৱসান হােৱাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীত একমাত্ৰ চুড়ান্ত বিশ্বশক্তিত পৰিণত হৈছে। ইয়াৰ কোনাে প্ৰতিদ্বন্দ্বী নাই, যিযে ই্যাক বিৰােধিতা কৰিব পাৰিব। আমেৰিকাক বাধা দিওঁতা কোনাে নাই ; যি ইচ্ছা তাকে কৰিব পাৰে। এনে এক। পৰিস্থিতিত ৰাষ্ট্ৰসংঘ একমাত্ৰ সংস্থা যিযে আমেৰিকাই ইচ্ছামতে কৰা কাৰ্যক বাধা দিব পাৰে।

READ MORE  ক্ষমতাৰ বিকল্প কেন্দ্ৰ | Chapter 2 | Class 12 Political Science - AHSEC

প্ৰকৃততে আমেৰিকাৰ ক্ষমতাক ৰাষ্ট্ৰসংঘই সহজে বাধা দিব নােৱাৰে কাৰণ—
(i) ছােভিয়েট ৰুচিৰ অন্তৰ্ধান হােৱাৰ পাছত আমেৰিকাই হ’ল একমাত্ৰ চূড়ান্ত ক্ষমতা।

(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সামৰিক আৰু অৰ্থনৈতিক ক্ষমতা।

(iii) আমেৰিকাই ৰাষ্ট্ৰসংঘৰ একমাত্ৰ সৰ্ববৃহৎ বৰঙণি যােগাওঁতা।

(iv) ৰাষ্ট্ৰসংঘ মূল কাৰ্যালয় সোঁ – শৰীৰে অৱস্থিত হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰতে।

(v) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটো প্ৰদানৰ ক্ষমতা।

(vi) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাই বিশ্বৰ সকলাে ক্ষমতাকে সমানে বিভাজিত কৰি বিৰােধী ক্ষমতা হ্ৰাস কৰিব পাৰে।

5. মানৱ অধিকাৰে কি বুজায? বিভিন্ন প্ৰকাৰৰ মানৱ অধিকাৰ কি কি?
উত্তৰঃ মানুহ হিচাপে ভালদৰে জীয়াই থকাৰবাবে প্ৰযােজনীয় অধিকাৰথিনিক মানৱ অধিকাৰ বােলা হয়। এই অধিকাৰখিনিৰ অবিহনে মানুহে নিজৰ সম্পূৰ্ণ বিকাশ সাধন কৰিব নােৱাৰে। বিভিন্ন প্ৰকাৰৰ মানৱ অধিকাৰবােৰ হ’ল—
(ক) পৌৰ অধিকাৰঃ
(১) জীৱনৰ স্বাধীনতাৰ আৰু নিৰাপত্তাৰ অধিকাৰ।

(২) দাসত্ব প্ৰথাৰ বিৰুদ্ধে অধিকাৰ।
(৩ ) শিক্ষাৰ অধিকাৰ।

(খ) ৰাজনৈতিক অধিকাৰঃ
(১) আইনৰ চকুত সকলাে সমান আৰু সমানে আইনগত নিৰপত্তা পােৱাৰ অধিকাৰ।

(২) চৰকাৰত আৰু মুক্ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ।

(গ) অৰ্থনৈতিক অধিকাৰঃ
(১) সম্পত্তিৰ অধিকাৰ।

(২) কৰ্মৰ অধিকাৰ, সমমজুৰি লাভ কৰাৰ অধিকাৰ।
(৩) বিশ্ৰাম আৰু অৱকাশৰ অধিকাৰ।

6. প্ৰব্ৰজন আৰু মানৱীয নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি? আলােচনা কৰা।
উত্তৰঃ প্ৰব্ৰজন আৰু মানবীয় নিৰাপত্তাৰ মাজত এক গভীৰ সম্পৰ্ক আছে। মানুহে যেতিয়া এখন স্থান এৰি আন এক স্থানলৈ স্থায়ীভাৱে বসতি কৰাৰ উদ্দেশ্যে যায় তেত্যি তাক প্ৰব্ৰজন কোৱা হয়। এনে ধৰণৰ। প্ৰব্ৰজন নিজৰ অঞ্চলৰ ভিতৰত বা ৰাষ্ট্ৰখনৰ ভিতৰত বা বাহিৰত হ’ব পাৰে। কোনাে ব্যক্তি বা ব্যক্তি সমষ্টিযে নিজৰ স্থান সলনি কৰিলে স্বেচ্ছা প্ৰব্ৰজন আৰু অনিচ্ছাই কৰিলে অনিচ্ছাকৃত প্ৰব্ৰজন বােলে।

বৰ্তমান বিশ্বত প্ৰব্ৰজন এক মানৱ নিৰাপত্তাৰ সৈতে জড়িত বিষয় হৈ পৰিছে। প্ৰব্ৰজনৰ বাবে আন্তৰ্জাতিক সংগঠন নামৰ সংগঠনটো ২০১০ চনত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি গঠন কৰা হৈছিল। ২০১০ চন লৈকে আন্তৰ্জাতিক প্ৰব্ৰজনকাৰীৰ সংখ্যা হ’ল ২১৪ নিযুত। এনেদৰে প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধি হলে ২০৫০ চনত ইয়াৰ সংখ্যা ৪০৫ নিযুতকৈও অধিক হ’ব।

দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৰিদ্ৰতাৰ বাবে বৃহৎ সংখ্যক লােকৰ উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহলৈ প্ৰব্ৰজন। হয়। সাধাৰণতে দৰিদ্ৰতা বা কৰ্ম সংস্থাপনৰ বাবে এখন ৰাষ্ট্ৰৰ লােকে অন্য এখন ৰাষ্ট্ৰলৈ গমন কৰে। এনেদৰে প্ৰব্ৰজন হােৱা লােকসকলে যথেষ্ট দুৰ্দশাত ভুগিব লগা হয়। কাৰণ তেওঁলােকে যিখন ৰাষ্ট্ৰলৈ নিৰাপত্তাৰ বাবে যায় সেই ৰাষ্ট্ৰথনে তেওঁলােকক ৰাখিবলৈ বা সংস্থাপন দিবলৈ সন্মত নহয়।

7. সামৰিক মিত্ৰতাৰ উদ্দেশ্যবােৰ কি? সামৰিক মিত্ৰগােট এটাৰ নিৰ্দিষ্ট উদ্দেশ্যৰে সৈতে ইয়াৰ কাৰ্যাৱলীৰ উদাহৰণ দিয়া।
উত্তৰ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদন হ’ল মিত্ৰতা গঢ়ি তােলা। মিত্ৰতা হ’ল কিছুমান ৰাষ্ট্ৰৰ সন্মিলন, যিযে সামৰিক আক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কাৰ্যৰে বাধা দিব নাইবা প্ৰতিক্ষা দিব পাৰে। ৰাষ্ট্ৰবােৰে মিত্ৰতা গঢ়ি তােলে, অন্যদেশ বা মিত্ৰ গােষ্ঠীৰ বিৰুদ্ধে সক্ৰিয় কাৰ্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতে নিৰ্ভৰ কৰি মিত্ৰতা গঢ়ি উঠে আৰু স্বাৰ্থৰ পৰিৱৰ্তন হ’লে, মিত্ৰতাৰ পৰিৱৰ্তন হয়।

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰােপৰ দেশবােৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্ৰতা গঢ়ি তােলে। এই মিত্ৰতাবােৰৰ ভিতৰত NATO ( উত্তৰ আটলান্টিক সন্ধি সংগঠন) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্ৰশক্তি। এই মিত্ৰতা গঢ়ি উঠিছিল ছােভিয়েট ৰুচিৰ শক্তি বৃদ্ধি হােৱাৰ বাবে। আনহাতে NATO বিপৰীতে, কমিউনিষ্ট দেশবােৰৰে, ছােভিয়েট ৰুচিৰ নেতৃত্বত ‘ ওৱাৰছাে’ পেষ্ট ‘ ( Warsow Pact ) গঠন কৰে যাতে আৱশ্যক মতেনাটোৰ আক্ৰমণক প্ৰত্যাহ্বান জনাব পাৰে।

কিন্তু ১৯৯১ চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছােভিয়েট ৰুচি ভাগি বিলঘ্নিত হ’ল ইউৰােপৰ বহুতাে কমিউনিষ্ট ৰাষ্ট্ৰই NATO ত যােগদান কৰিবলৈ আৰম্ভ কৰে। ১৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতাে পূৰ্ব ইউৰােপীয় দেশক NATO ত সামৰি লােৱা হৈছিল। এনেকি ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপােষােকতাত গঢ়ি উঠা Partnership of peace ‘ সংস্থাত যােগদান কৰিছিল। এইদৰে। মিত্ৰতা গােষ্ঠীৰ পৰিৱৰ্তন, ক্ষমতাৰ ভাৰসাম্যতা’ পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে।

8. “ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিযদক পুনৰ সংগঠন কৰা ” —এই উক্তিটোৰ লগত তুমি একমত নে? এই কথাৰ সপক্ষে বা বিপক্ষে যুক্তি দিয়া।
উত্তৰঃ হয়, মই এই উক্তিৰ লগত একমত, যে- ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক পুনৰ সংগঠন কৰা। কাৰণ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ যিযে বিশ্বত শান্তি নিশ্চিত। কৰাৰ বাবে দায়বদ্ধ। ইয়াৰ ১৫ জন সদস্য ৰাষ্ট্ৰ আছে- ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য, যিসকলক সাধাৰণ সভাই দুই বছৰৰ বাবে নিৰ্বাচিত কৰে। স্থায়ী পাঁচখন সদস্য ৰাষ্ট্ৰই ‘ভেটো ক্ষমতা’ উপভােগ কৰে।

ভেটো ক্ষমতা মানে পাঁচখন ৰাষ্ট্ৰৰ যদি এখন ৰাষ্ট্ৰইও নেতিবাচক ভােট দিযে বা অসন্মতি প্ৰকাশ কৰে, ৰাষ্ট্ৰসংঘই কোনাে সিদ্ধান্ত গ্ৰহণ কৰিব নােৱাৰে। ইয়াৰ অৰ্থ হ’ল— কোনাে সিদ্ধান্তৰ ক্ষেত্ৰত যদি পাঁচখনৰ। এখন ৰাষ্ট্ৰই বিৰােধিতা কৰে নাইবা বিৰুদ্ধে ভােট দিয়ে তেনে সিদ্ধান্ত নাকচ হৈ যায়। শান্তিৰ ক্ষেত্ৰত অহা ভাবুকি নাইবা দুখন বা তাতকৈ বেছি ৰাষ্ট্ৰৰ মাজত সংঘটিত হােৱা যুদ্ধত নিৰাপত্তা পৰিষদে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
এইদৰে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপুৰ্ণ অংগ ; ইয়াৰ সংস্কাৰ সাধন কৰা অতি দৰকাৰ সেইবাবে ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে বেছিসংখ্যক ৰাষ্ট্ৰই যােগদান কৰিব পাৰে।

9. ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য প্ৰাৰ্থীত্বৰ বাবে ভাৰতৰ দাবী সমৰ্থন কৰানে? যুক্তিৰে উত্তৰ লিখা।
উত্তৰঃ ভাৰতৰ এজন নাগৰিক হিচাপে, নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থীত্বৰ বাবে মই মােৰ অন্তঃকৰণেৰে সৈতে সমৰ্থন জনাম। ভাৰত নিশ্চিতভাৱেই স্থায়ী সদস্য পদৰ যাগ্য প্ৰাৰ্থী কাৰণ। ভাৰতে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা সকলাে অৰ্হতা প্ৰায় পূৰণ কৰিছে।

(i) ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ। ইয়াৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১/৫ ভাগ।

(ii) ভাৰতবৰ্য পৃথিৱীৰ দ্বিতীয় বৃহত্তম আৰু দীৰ্ঘতম গণতান্ত্ৰিক দেশ।

(iii) ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলােবােৰ অগ্ৰগামী কামতে অংশগ্ৰহণ কৰি আহিছে।

(iv) ৰাষ্ট্ৰসংঘৰ বিভিন্ন দেশৰ সংঘৰ্ষৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা শান্তিৰক্ষাৰ অভিযান ভাৰতৰ অংশগ্ৰহণ বৰ প্ৰসংশনীয আছিল।

(v) ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন উল্লেখনীয় আৰ্থিকভাৱে টনকীয়াল দেশ বুলি পৰিগণিত হৈছে।

(vi) ভাৰতবৰ্ষই সদাযে নিয়মীয়াকৈ ৰাষ্ট্ৰসংঘত আৰ্থিক বৰঙণি যােগাই আহিছে। কোনাে ক্ষেত্ৰত অনিয়ম কৰা নাই।

এই সকলােবােৰ ক্ৰিাৰ ক্ষেত্ৰতে ভাৰত যে এখন যােগ্য সদস্য ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ পদৰীৰ বাবে উপযুক্ত প্ৰাৰ্থী তাত কোনাে সন্দেহ নাই।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top