জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 8 Notes | SEBA Class 12 HS Political Science Chapter 8 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 8 জাতি গঠনৰ প্ৰত্যাহ্বান | HS 2nd Year Political Science Questions and Answers Assam


জাতি গঠনৰ প্ৰত্যাহ্বান
(Challenges of Nation Building)

Very Short Type Questions and Answers (Marks : 1)

1. ব্যাপকভাবে স্বাধীন ভাৰতে তিনি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

2. ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াটো পাকিস্তান সৃষ্টি আৰু ৰাজকীয় ৰাজ্যসমূহৰ একত্ৰ কৰণেৰে ইতি পৰিছিল। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

3. ১৯৪৭ চনৰ বছৰটো আছিল ব্যাপক, অতি আকস্মিক অপৰিকল্পিত আৰু শােকাৱহ ঘটনাৱলীৰ বছৰ। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

4. স্ট্ৰাগল ফৰ ছাৰ্ভাইভেল ‘ ( অস্তিত্বৰ সংগ্ৰাম) প্ৰকাশিত হৈছিল ( ১৯৫২ / ১৯৫৩ / ১৯৫৫) চনত।
উত্তৰঃ ১৯৫২ চনত।

5. পণ্ডিত নেহৰুৱে কোনাে_____সৃষ্টি কৰিব পৰা নাছিল, যাৰ মাজত তেওঁ ভাৰতৰ জনসাধাৰণক একত্ৰিত কৰিব পাৰিছিল।
উত্তৰঃ আদৰ্শ।

6. ১৯৭২ চনত মেঘাল্যাক______ৰ পৰা পৃথক কৰা হৈছিল।
উত্তৰঃ অসমৰ।

7. ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত।

8. ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল — এখন ভাৰত, আনখন কি আছিল?
উত্তৰঃ পাকিস্তান।

9. ভাৰত অংগৰাজ্য হােৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তৰঃ জাম্বু আৰু কাশ্মীৰ।

10. পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?
উত্তৰঃ সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

11. কোন তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতত। চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ১৯৪৭ চনৰ ২৬ অক্টোবৰ।

12. স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?
উত্তৰঃ মহাৰজা বােধচন্দ্ৰ।

13. কোনকেইখন ৰাজশাসিত ৰাজ্যই ভাৰতৰ অংশ হওঁতে কিছু সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তৰঃ জুনাগড়, মণিপুৰ, হায়দৰাবাদ।

14. কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক ১৯৭২ চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল?
উত্তৰঃ মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যক।

15. দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্ৰস্ত হৈছিল?
উত্তৰঃ পঞ্জাব আৰু বংগ প্ৰদেশ।

16. ব্ৰিটিছ মহাসাম্ৰাজ্য বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া ভাৰতবৰ্ষখন সম্পূৰ্ণ ব্ৰিটিছৰ নিয়ন্ত্ৰণত আছিল আৰু দেশখন শাসন কৰিছিল তাকে ব্ৰিটিছ মহাসাম্ৰাজ্য বােলে।

17. স্বাধীন ভাৰতে কিমান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল?
উত্তৰঃ তিনি ধৰণৰ।

18. দ্বিৰাষ্ট্ৰ সূত্ৰৰ ধাৰণাটো উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত বিভাজন কৰি দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবীক বুজায়।

19. ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

20. দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।
উত্তৰঃ পঞ্জাৱ আৰু বংগ প্ৰদেশ।

21. হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কি বিৰােধিতা কৰিছিল?
উত্তৰঃ হায়দৰাবাদ শাসকৰ গােড়ামী আৰু স্বেচ্ছাচাৰিতাৰ বাবে বিৰােধিতা কৰিছিল।

22. ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।

23. নিজামৰ অত্যাচাৰী শাসনৰ বলি কোন হৈছিল?
উত্তৰঃ মুছলিম ব্ৰাডাৰ্ছ।

24. ৰাজকীয় ৰাষ্ট্ৰ কি?
উত্তৰঃ ৰজাৰ শাসনাধীন ৰাষ্ট্ৰ।

25. বৃটিছ শাসনৰ সৰ্বোচ্চ কৰ্তৃত্ব মানে কি বুজা।
উত্তৰঃ পৰাধীন ভাৰতবৰ্ষত এনে কিছুসংখ্যক সৰু-বৰ ৰাজ্যৰ ৰজা আছিল যি বৃটিছৰ সৰ্বোচ্চ কৰ্তৃত্বৰ অধীনত স্বাধীনতা লাভ কৰিছিল আৰু লগতে বহিৰাগত আক্ৰমণৰ পৰা ৰক্ষণাবেক্ষণ দিছিল।

26. ছৰ্দাৰ বল্লভাই পেটেল কোন আছিল?
উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী।

27. ‘চামিলকৰণৰ দলিল ‘ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল?
উত্তৰঃ ভাৰত ৰাষ্ট্ৰৰ সৈতে চামিলৰ সন্মতি প্ৰদান।

28. কোন বছৰত নাগপুৰ অধিৱেশন বহিছিল?
উত্তৰঃ ১৯২০ চনত।

29. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্ৰথমতে নিৰ্বাচন অনুষ্ঠিত কৰিছিল?
উত্তৰঃ মণিপুৰ।

30. কি নীতিৰ ভিত্তিত ভাৰত বিভাজন সম্পূৰ্ণ কৰা হয়?
উত্তৰঃ দ্বি – ৰাষ্ট্ৰনীতিৰ ভিত্তিত।

Short Type Questions and Answers (Marks : 2)

1. জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা যিকোনাে দুটা ব্যৱস্থাৰ উলেখ কৰা।
উত্তৰঃ (ক) জম্মু আৰু কাশ্মীৰৰ বাবে পৃথক সংবিধান ব্যৱস্থা।
(খ) ভাৰতীয় সংসদে প্ৰণয়ন কৰা আইন জম্মু আৰু কাশ্মীৰত প্ৰযােজ্য হ’বলৈ হ’লে ৰাজ্যিক বিধানসভাৰ অনুমােদন প্ৰয়ােজন।

2. বৃটিছ ভাৰতক দুটা অঞ্চলত ভাগ কৰা হৈছিল, সেই অঞ্চল দুটা কি কি আছিল?
উত্তৰঃ বৃটিছ ভাৰতৰ প্ৰদেশ আৰু দেশীয় ৰাজ্য।

3. নেহৰুৰ দুটা নেতিবাচক লক্ষণ লিখা।
উত্তৰঃ (i) নেহৰুৱে ভাৰতীয় জনগণে নিৰ্ভৰ কৰিব পৰা কোনাে আদৰ্শ গঢ় দিব পৰা নাছিল।
(ii) নেহৰুৰ বৈদেশিক নীতিৰ সংকীৰ্ণ প্ৰেক্ষাপট।

4. নিজাম ‘ অৰ্থ কি?
উত্তৰঃ প্ৰাচীন হায়দৰাবাদৰ শাসকজনক নিজাম নামেৰে জনা গৈছিল।

5. ৰাজ্য পুনগঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল?
উত্তৰঃ ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল।

6. এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল হৈ থকা বৰ্তমানৰ দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ মণিপুৰ আৰু হিমাচল প্ৰদেশ।

7. ৰাজ্য পুনৰ গঠন আযােগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল?
উত্তৰঃ ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰাটো ৰাজ্য পুনৰ গঠন আযােগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আছিল।

8. ভাৰতে গ্ৰহণ কৰিবলগীয়া হােৱা প্ৰথমটো প্ৰত্যাহ্বান উল্লেখ কৰা।
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষই সম্মুখীন হােৱা প্ৰথমটো প্ৰত্যাহ্বান হ’ল জাতি গঠন প্ৰক্ৰিয়া। ভাৰতৰ দৰে এখন বিশাল বাদ্ভুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাটো এটা কঠিন প্ৰত্যাহান আছিল।

9. শ্বিলং কোন ৰাজ্যৰ ৰাজধানী আছিল? সেই ৰাজ্যখনৰপৰা ইক কেতিয়া আঁতৰাই নিযা হয়?
উত্তৰঃ ১৮৭৪ চনলৈ শ্বিলং অসমৰ ৰাজধানী আছিল। ১৯৭২ চনত শ্বিলং মেঘালয়ৰ ৰাজধানী হৈছিল।

10. ৰাজ্য পুনৰ গঠন আইন কেতিয়া গৃহীত হৈছিল? এই আইনৰ অধীনত গঠন হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আইন গৃহীত হৈছিল। এই আইনৰ অধীনত গঠন হােৱা এখন ৰাজ্য হ’ল অন্ধ্ৰপ্ৰদেশ।

11. স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দ্বিৰাষ্ট্ৰৰ সূত্ৰ আগবঢ়াইছিল। এই সূত্ৰত অন্তৰ্ভুক্ত ৰাষ্ট্ৰ দূখন কি কি?
উত্তৰঃ ভাৰত আৰু পাকিস্তান

12. দ্বিৰাষ্ট্ৰ সূত্ৰৰ তাৎক্ষণিক ফল কি আছিল?
উত্তৰঃ ভাৰত আৰু পাকিস্তান দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল।

13. কেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু কোনে কৰিছিল?
উত্তৰঃ ১৯৪৮ চনত নাথুৰাম গড়ছে মহাত্মা গান্ধীক হত্যা কৰিছিল।

14. বৃটিছ গৱৰ্ণৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত কি ঘােষণা কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষক বিভাজন কৰি দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰা। এখন হ’ল ভাৰতবৰ্ষ আৰু আনখন পাকিস্তান।

15. ‘আমাৰ মুছলমান সংখ্যালঘু আছে, যিসকল সংখ্যাত ইমান। বেছি যে তেওঁলােকে যাওঁ বুলিলেও অন্য কোনাে ঠাইলৈ যাব নােৱাৰে।’— কোনে আৰু কেতিয়া কৈছিল?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰ তাৰিখে কৈছিল।

16. সংবিধানৰ কোনকেইটা ব্যৱস্থাই জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰতিফলিত কৰে।
উত্তৰঃ (ক) পৃথক সংবিধান আৰু
(খ) অধিক স্বায়ত্ত শাসন প্ৰদান।

17. চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ ১৮৭৫ চনত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা। তেখেতে দেশৰ সংবিধান ৰচনাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংবিধান সভাৰ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ উপ – সমিতিৰ তেখেত সভাপতি আছিল আৰু সংখ্যালঘু সম্প্ৰদায় সমিতিৰ সদস্য আছিল। তেখেত স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী আৰু উপ – প্ৰধানমন্ত্ৰী আছিল। দেশীয় ৰাজ্যসমূহক ভাৰতীয় সংঘৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

18. বৃটিছ ভাৰতীয় ৰাজ্যসমূহ কি কি আছিল? ৰাজকীয় ৰাজ্যসমূহৰ পৰা সিবােৰ কিদৰে পৃথক আছিল?
উত্তৰঃ আজমৰ, অসম, বিহাৰ, বােম্বে ইত্যাদি বৃটিছ ভাৰতীয় ৰাজ্য আছিল। বৃটিছ ভাৰতীয় ৰাজ্যসমূহ বা প্ৰদেশসমূহ ইংৰাজ চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণাধীন আছিল। আনহাতে, ৰাজকীয় বা দেশীয় ৰাজ্যসমূহৰ ৰজাই ইংৰাজ চৰকাৰে নিৰ্দিষ্ট কৰা কৰ আদায় দিছিল আৰু এই ৰাজ্যসমূহক ইংলেণ্ডৰ ৰাজমুকুটৰ তলতীয়া ৰাজ্য বুলি ধৰা হৈছিল।

19. ৰাজ্য পুনঃগঠন আযােগখনৰ নিৰ্ধাৰিত কাৰ্য কি আছিল? ই্যাৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ কি আছিল?
উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনঃগঠন আযােগ গঠন কৰা হয়। এই আযােগৰ নিৰ্ধৰিত কাৰ্য আছিল যে কেনেদৰে সম্পূৰ্ণ বিবেচনা সহকাৰে ৰাজ্যবিলাকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ কৰা হয় আৰু ভাষাৰ ভিত্তিত ৰাজ্যবিলাক পুনৰ গঠন কৰা হয়।
ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰাটো আযােগৰ অন্যতম পৰামৰ্শ আছিল।

Long Type Questions and Answers (Marks : 3/4/6)

1. স্বাধীন ভাৰতে সন্মুখীন হােৱা প্ৰত্যাহ্বানসমূহ কি কি আছিল?
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ লগে লগেই ভাৰতবৰ্ষই তিনিটা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। প্ৰত্যাহ্বানসমূহ হ’ল—
(ক) প্ৰথম প্ৰত্যাহবান হ’ল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন কৰা যিখন ৰাষ্ট্ৰত বৈচিত্ৰতাৰ মাজত ঐক্যতা আৰু অখণ্ডতা ৰক্ষা কৰা। ভাৰতবৰ্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য’ত বিভিন্ন ধৰ্ম, জাতি, ভাষা – ভাষীৰ লােক। আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষক এখন ৰাষ্ট্ৰ হিচাপে সঠিক ৰূপত গঢ় দিয়াটো বহুতে সন্দেহৰ চকুৰে চাইছিল।

READ MORE  দ্বি ৰাষ্ট্ৰবাদৰ অৱসান | Chapter 1 | Class 12 Political Science - AHSEC

(খ) স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো দেশথনে সন্মুখীন হােৱা দ্বিতীয়টো প্ৰত্যাহ্বান আছিল। তেত্যি গণতন্ত্ৰিক ব্যৱস্থাক সঠিক ৰূপত পৰিচালিত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।

(গ) স্বাধীন ভাৰতবৰ্ষই সম্মুখীন হােৱা তৃতীয়টো প্ৰত্যাহ্বান আছিল চৰকাৰে সকলাে শ্ৰেণীৰ লােকৰে কল্যাণ হকে তথা সকলাে অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো।

2. জাতিৰ ভিত্তিত কিদৰে ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫৩ চনত ভাৰত চৰকাৰে ৰাজ্য পুনঃগঠন আযােগ গঠন। কৰে। ৰাজ্য পুনঃগঠন আযােগৰ পৰামৰ্শৱলীৰ ভিত্তিতেই ১৯৫৬ চনত। ৰাজ্য পুনঃগঠন আইনখন প্ৰণয়ন কৰা হয়। এই আইনখনৰ আধাৰতে। ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হয়।

১৯৬০ চনত হােৱা গণআন্দোলনৰ পিছত মাৰাঠী ভাষী অধ্যুষিত অঞ্চলক মহাৰাষ্ট্ৰ আৰু গুজৰাটী ভাষী অধ্যুষিত অঞ্চলসমূহক লৈ। গুজৰাট প্ৰদেশ গঠন কৰা হৈছিল। ১৯৬৬ চনত বৰ্তমান হাৰিয়ানা আৰু হিমাচল প্ৰদেশক পুৰণি পাঞ্জাৱ প্ৰদেশৰ পৰা পৃথক কৰা হৈছিল আৰু ই্যাৰ লগে লগে পঞ্জাৱী ভাষীসকলৰ বাবে পাঞ্জাৱ প্ৰদেশখনৰ সৃষ্টি হৈছিল।
১৯৭২ চনত অসমৰ পৰা এটা অংশ পৃথক কৰি নি বৰ্তমানৰ মেঘালয়ৰ সৃষ্টি কৰা হৈছিল। ১৯৪৭ চনত অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ সৃষ্টি হৈছিল।

3. জাতীয় আন্দোলনৰ নেতাসকলে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আদৰ্শ কিয় পােষণ কৰিছিল?
উত্তৰঃ পৰাধীন ভাৰতত মুছলমানসকলৰ কল্যাণ তথা স্বাৰ্থ ৰষ্কাৰ উদ্দেশ্যে মুছলিম লীগৰ জন্ম হৈছিল। এই মুছলিম লীগেই আছিল মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবীৰ গুৰি ধৰােতা। ভাৰতবৰ্ষত সেই সময়ত বহুতাে এনে সংগঠন আছিল যিবােৰে হিন্দুসকলক একত্ৰিত কৰি ভাৰতক এখন হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু গৰিষ্ঠসংখ্যক স্বাধীনতা সংগ্ৰামীযেই ভাৰতক এনে এখন ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল যত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলাে ব্যক্তিযেই সমমৰ্যাদা লাভ কৰে। ধৰ্মৰ নামত যাতে কোনাে ব্যক্তিৰ ক্ষেত্ৰত বিভাজনৰ সৃষ্টি কৰা নহয় সেই হেতুকে জাতীয় আন্দোলনৰ নেতাসকলে এখা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আদৰ্শ পােষণ কৰিছিল।

4. দেশ বিভাজন প্ৰক্ৰিয়াত জড়িত নীতি আৰু জটিলতাসমূহ বৰ্ণনা কৰা।
উত্তৰঃ ভাৰত বিভাজন কৰাৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যা গৰিষ্ঠতাৰ নীতিকেই ভিত্তি হিচাপে লােৱা হৈছিল। মুছলমান সংখ্যাগৰিষ্ঠ। অঞ্চলসমূহ পাকিস্তানৰ লগত সংযুক্ত কৰা হৈছিল আৰু বাকীবােৰ অংশ ভাৰতৰ লগত চামিল কৰা হৈছিল। দেশ বিভাজনৰ প্ৰক্ৰিয়াত গঢ়ি উস জটিলতাসমূহ হল—

(ক) ইংৰাজৰ শাসনাধিষ্ঠ ভাৰতত তেনে কোনাে অঞ্চল নাছিল যত সম্পূৰ্ণৰূপে মুছলমান সংখ্যাগৰিষ্ঠতা আছিল। দ্বিতীয় সমস্যাটো আছিল, ব্ৰিটিছৰ অধীনত থকা ভাৰতৰ পাঞ্জাৱ আৰু বংগদেশক কেন্দ্ৰ কৰি এই দুয়ােখন প্ৰদেশতে মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল যদিও বহু বিশাল অঞ্চলত অমুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল। তেনে ক্ষেত্ৰত সিদ্ধান্ত লােৱা হৈছিল যে দুয়ােখন প্ৰদেশকে জিলা বা তাতােকৈযে তলৰ পৰ্যায়ত ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ভাগ কৰা হ’ব। এই দুয়ােখন প্ৰদেশৰ বিভাজন ভাৰত বিভাজনৰ বাবে অতি দুখজনক অধ্যায়। এই বিভাজনে বহু মানুহক দৰিদ্ৰতাৰ কবললৈ ঠেলি দিয়ে।

5. জাতি গঠন নিৰ্ধাৰণ কৰা চাৰিটা উপাদান উল্লেখ কৰা।
উত্তৰঃ জাতি গঠন কৰা চাৰিটা উপাদান হল—
(ক) জাতিটোৰ নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু ঐক্য সংহতিৰ নিৰাপত্তা সুনিশ্চিত হােৱা।
(খ) জাতিটোৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা।
(গ) জাতিটো বৈদেশিক আক্ৰমণ তথা আক্ৰমণৰ ভাবুকিৰ পৰা মুক্ত হােৱা।
(ঘ) জাতিটোৰ মনস্তাত্ত্বিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ভেটি শক্তিশালী হােৱা।

6. ১৯৪৭ চনত ভাৰত বিভাজিত হােৱাৰ প্ৰতিফলবােৰ কেনেকুৱা আছিল?
উত্তৰঃ ১৯৪৭ চনৰ ভাৰত বিভাজন সবাতােকৈ তাৎক্ষণিক, অপৰিকল্পিত আৰু শােকাবহ জনসাধাৰণৰ হস্তান্তৰিত কৰণৰ সময়। আছিল। সীমান্তৰ দুযােপাৰে হত্যা আৰু অত্যাচাৰে চুড়ান্ত পৰ্যায় লাভ কৰিছিল। লাহােৰ, কলকাতা আৰু অমৃতসৰ সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হৈ পৰিছিল।

হিন্দু আৰু শিখসকলে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চললৈ আৰু মুছলমানসকলে শিথ তথা হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চললৈ অহা – যােৱা কৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। বিভাজনৰ সময়ছােৱাত প্ৰায় ৪০ লাখ লােক সীমান্তলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল। বিভাজনৰ সৈতে জড়িত হিংসাত্মক ঘটনাত প্ৰায় পাঁচৰ পৰা দহ লাখ লােকৰ মৃত্যু হৈছিল। অগণন লােক গৃহহাৰা আৰু চিৰদিনলৈ পংও হৈ পৰিছিল। সীমান্ত। অতিক্ৰম কৰােতে বহুতাে লােকক হত্যা কৰাৰ লগতে অসংখ্য মহিলাক। ধৰ্ষণ কৰা হৈছিল। এই বিভাজনে মানুহৰ মনত হতাশাৰ সৃষ্টি কৰিছিল।

7. ৰাজশাসিত ৰাজ্যবিলাকৰ একত্ৰীকৰণত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী তথা সেই সময়ৰ উপ – প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে সেইকঠিন সময়ছােৱাত এক ঐতিহাসিক ভূমিকা পালন কৰিছিল। গভীৰ দূৰদৃষ্টিসম্পন্ন কূটনীতিবিদ চৰ্দাৰ পেটেলে যথেষ্ট দৃঢ়তাৰে দেশীয় ৰাজ্যবিলাকৰ ৰজাসকলৰ সৈতে। আলােচনা বিলােচনাত মিলিত হৈ প্ৰায় সংখ্যক শাসককে ভাৰতৰ লগত চামিল হ’বলৈ সৈমান কৰাইছিল।

অৱশেষত, ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগে আগে শান্তিপূৰ্ণ আলাপ – আলােচনা তথা বুজাবুজিৰ মাজেৰে প্ৰাযবিলাক দেশীয় ৰাজ্যই ভাৰতীয় সংঘত যােগদান কৰে। দেশীয় ৰাজ্যসমূহৰ শাসকসকলে ‘চামিলকৰণ। দলিল ‘ (Instrument of Accession) ত চহী কৰি ভাৰতীয় সংঘৰ লগত চামিল হৈছিল।

8. হৃদ্যৰ বিভাজন ‘ শব্দ কেইটাই কি বুজায়? আলােচনা কৰা।
উত্তৰঃ দেশ বিভাজনক হৃদয় বিভাজন হিচাপে আখ্যা দিয়া হৈছে। ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল — পাকিস্তান আৰু ভাৰত। কিন্তু লক্ষ লক্ষ জনগণক অতি আকস্মিকভাৱে তথা সম্পূৰ্ণ অপৰিকল্পিতভাৱে স্থানান্তৰ কৰাৰ শােকজনক ঘটনাৰ বাবে ১৯৪৭ চনটো মানৱ ইতিহাসত চিহ্নিত হৈ ৰৈছে। এই দেশ বিভাজন কেবল দেশৰ সা – সম্পত্তি, দেনা – পাওনা বা দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গােটৰ বিভাজন নাছিল বৰঞ্চ, বহুযুগৰে পৰা মিলা – প্ৰীতিৰে বসবাস কৰি অহা দুটো সম্প্ৰদায়ৰ মাজত হােৱা এক ৰক্ত। ভাতৃঘাতী সংঘৰ যােগেদি এই বিভাজন সম্পূৰ্ণ হৈছিল। দেশ বিভাজনে হিন্দু – মুছলমানৰ সম্বন্ধত এক তিক্ততা সৃষ্টি কৰিছিল। সেই বাবেই এই বিভাজনক ‘হৃদ্যৰ বিভাজন’আখ্যা দিয়া হৈছে।

9. গান্ধীজীৰ কাম – কাজবােৰ সকলােৱে পছুদ কৰা নাছিল। যদি। এযা সচা হয়, কি তেনে হৈছিল ব্যাখ্যা কৰা।
উত্তৰঃ এইটো সঁচা যে গান্ধীজীৰ কৰ্মৰাজিক সকলােৱে ভাল পােৱা নাছিল। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ চৰমপন্থীসকলে তেওঁলােকৰ অৱস্থাৰ বাবে গান্ধীক দোখাৰােপ কৰিছিল। বিশেষকৈ মুছলমানৰ ওপৰত প্ৰতিশােধ লােৱাৰ মনােভাব থকা হিন্দুসকলৰ লগতে ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাসকলে গান্ধীক ভাল। পােৱা নাছিল। তেওঁলােকে গান্ধী। বিপদ্ধে পাকিস্তান আৰু মুছলমানৰ সপকোমকৰাৰঅভিযােগ উত্থাপন কৰিছিল। কিন্তু, গান্ধীজীযে সদা নিৰপেক্ষভাৱে কাম কৰি গৈছিল। তাৰ বিপৰীতে হিন্দুসকলে গান্ধীক ব্যে চকুৰে চাইছিল। গান্ধীযে যিকোনাে কাম শান্তিপূৰ্ণভাৱে কৰিব বিচাৰিছিল। এইটো চৰমপন্থীৰ লােকসকলে ভাল পােৱা নাছিল। অৱশেষত, ১৯৪৮ চনত নাথুৰাম গড়ছে গান্ধীজীক হত্যা কৰিছিল।

10. জাতীয় আন্দোলনৰ নেতৃবৰ্গই কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পােষণ কৰিছিল? কাৰণ দশোৱা।
উত্তৰঃ পৰাধীন ভাৰতবৰ্ষত মুছলমানসকলৰ কল্যাণ তথা স্বাৰ্থৰষ্কাৰ উদ্দেশ্য মুছলিম লীগৰ জন্ম হৈছিল। এই মুছলিম লীগেই আছিল। মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবীৰ গুৰি ধৰােতা। ভাৰতবৰ্ষত সেই সময়ত বহুতাে এনে সংগঠন আছিল যিবােৰে হিন্দুসকলক একত্ৰিত কৰি ভাৰতক এখন হিন্দু বা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু গৰিষ্ঠসংখ্যক স্বাধীনতা সংগ্ৰামীযেই ভাৰতক এনে এখন ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল য’ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলাে ব্যক্তিযেই সমমৰ্যাদা লাভ কৰে। ধৰ্মৰ নামত যাতে ব্যক্তিক বিভাজন কৰা নহয় তাৰ বাবে কোনাে ধৰ্মক বিশেষ মৰ্যাদা নিদি তথা সকলাে ধৰ্ম আৰু ধৰ্মাৱলম্বী লােকক সমদৃষ্টিৰে চোৱাৰ বাবে জাতীয় আন্দোলনৰ নেতৃবই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পােষণ।

11. স্বাধীনতাৰ পিছত তাৎক্ষণিকভাৱে ভাৰতে সন্মুখীন হ’বলগীয়া হােৱা প্ৰত্যাহ্বান দুটাৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ স্বাধীনতাৰ পিচত তাৎক্ষণিকভাৱে ভাৰতে সন্মুখীন হ’ব লগীয়া হােৱা প্ৰত্যাহ্বান দুটা হ’ল—
(ক) প্ৰথম প্ৰত্যাহ্বানটো আছিল জাতি গঠন প্ৰক্ৰিয়া। সেই সময়ত আটাইতকৈ জুৰুৰী প্ৰথাটো আছিল কেনেকৈ ভৌগােলিক ঐক্য সাধন কৰি এক অখণ্ড ভাৰতৰ সৃষ্টি কৰিব পৰা যায়।

(খ) দ্বিতীয় প্ৰত্যাহ্বানটো আছিল সংসদীয় শাসন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতত প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থা কৰাটো। কাৰণ, সেই সময়ত গণতান্ত্ৰিক ব্যবস্থাক সঠিক ৰূপত পৰিচালিত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।

12. স্বাধীন ভাৰতে সহজতে উপনীত হ’ব পৰা দুটা লক্ষ্যৰ বিষযে ব্যাখ্যা কৰা।
উত্তৰঃ স্বাধীন ভাৰতবৰ্ষত দুটা লক্ষ্য আছিল সংবিদান প্ৰণয়ন আৰু গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰা। স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল এখন সংবিধান সভাৰ হাতত। সংবিধান সভাই যথেষ্ট পৰিশ্ৰম কৰি স্বাধীন ভাৰতৰ বাবে এখন সুন্দৰ সংবিধান ৰচনা। কৰি উলিয়াইছিল। এই সংবিধানখনৰ ভিত্তিতেই স্বাধীন ভাৰতৰ শাসন ব্যবস্থা সুকলমে পৰিচালিত হৈছে।

স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষই গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কবি লৈছিল। ভাৰতীয় সংবিধানে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰৰ বিত্তিত নিয়মীয়া নিৰ্বাচন ব্যৱস্থা কৰিছিল। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্ৰত্যেক নাগৰিকৰ সম ভােটাধিকাৰ আৰু নিৰ্বাচনত সমানে প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰচলন কৰা হৈছে যাৰ ভিত্তি হ’ল — সংসদীয় চৰকাৰ ব্যৱস্থা।

READ MORE  সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science - AHSEC

13. স্বাধীন ভাৰতে সন্মুখীন হােৱা প্ৰত্যাহ্বান তিনিটা কি কি আছিল?
উত্তৰঃ (ক) স্বাধীন ভাৰতে সন্মুখীন হােৱা প্ৰথমটো প্ৰত্যাহ্বান হ’ল। জাতিগঠন প্ৰক্ৰিয়া। ভাৰতবৰ্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য’ত বিভিন্ন ধৰ্ম, জাতি, ভাষা – ভাষীৰ লােক আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্য এখন ৰাষ্ট্ৰ হিচাপে সঠিক ৰূপত গঢ় দিয়াটো বহুতে সন্দেহৰ দৃষ্টিৰে চাইছিল।

(খ) দ্বিতীয় প্ৰত্যাহ্বান আছিল সংসদীয় শাসন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতত প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যবস্থা প্ৰতিষ্ঠা কৰাটো।

(গ) তৃতীয় প্ৰত্যাহ্বান আছিল চৰকাৰে সমাজৰ সকলাে শ্ৰেণীৰ লােকৰে কল্যাণৰ হকে তথা সকলাে অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো।

14. দ্বি – ৰাষ্ট্ৰৰ সূত্ৰ’টো চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ মুছলিম লীগে আগবঢ়োৱা দ্বি – জাতিতত্ত্ব অনুসৰি ভাৰতবৰ্ষত দুটা জাতি আছিল। তাৰে এটা হ’ল হিন্দু আৰু আনটো হ’ল মুছলমান। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই দ্বি জাতিতত্ব তথা পৃথক ৰাষ্ট্ৰৰ দাবীৰ তীব্ৰ বিৰােধিতা কৰিছিল। উত্তৰ – পশ্চিম সীমান্ত প্ৰদেশ অবিসম্বাদী নেতা আৰু সীমান্ত গান্ধী নামেৰে পৰিচিত খান আব্দুল গফুৰ থানে দ্বি – জাতিতত্ব আৰু ইয়াৰ আধাৰত হােৱা দেশ বিভাজনৰ তীব্ৰ বিৰােধিতা কৰিছিল। মুছলিম লীগৰ উদ্দেশ্য আছিল ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষক। দুখন পৃথক ৰাষ্ট্ৰ হিচাপে গঠন কৰা। এই দ্বি – জাতিতত্বব পৰিপ্ৰেক্ষিতত ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত দুখন স্বাধীন ৰাষ্ট্ৰ পাকিস্তান আৰু ভাৰতবৰ্য গঠন কৰা হয়। এই দ্বি – জাতিতত্বক মহাত্মা গান্ধীযে সমৰ্থন কৰা নাছিল।

15. হায়দৰাবাদৰ গণ আন্দোলনৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ পৰাধীন ভাৰতবৰ্ষত থকা দেশীয় ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰদেশখন আছিল হায়দৰাবাদ। বৰ্তমান মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ কিছু কিছু অংশলৈকে বিস্তৃত হৈ থকা পুৰণি হায়দৰাবাদৰ শাসকজনক নিজাম বুলি কোৱা হৈছিল। যদিও। হায়দৰাবাদ প্ৰদেশখনক চাৰিওপিনৰ পৰাই ভাৰতবৰ্ষৰ ভূখণ্ডই আগুৰি আছিল, তথাপি নিজামে হায়দৰাবাদ ভাৰতৰ লগত চামিল হােৱাৰ। পৰিৱৰ্তে স্বাধীন হৈ থকাটোহে বিচাৰিছিল।

হায়দৰাবাদৰ জনতাই নিজামৰ শাসনৰ বিৰুদ্ধে এক বিদ্ৰোহ আৰম্ভ কৰিছিল। বিশেষকৈ তেলেংগানা অঞ্চলৰ কৃষকসকলে নিজামৰ শাসনত দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা দমন উৎপীড়নৰ বিৰুদ্ধে আৰম্ভ কৰা বিক্ষোভ সেই সময়ছােৱাত তীব্ৰতৰ হৈ পৰিছিল। হায়দৰাবাদ। নগৰখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনত যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল। কমিউনিষ্ট দলৰ লগতে হায়দৰাবাদ কংগ্ৰেছেও এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।

16. ভাৰত বিভাজনৰ সৈতে সম্পৰ্কিত ঘটনাৱলী আলােচনা কৰা।
উত্তৰঃ ১৯৪৬ চনৰ কেবিনেট মিছনৰ প্ৰস্তাৱত ভাৰতবৰ্ষক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভাজনৰ বিষয সন্নিবিষ্ট কৰা হৈছিল। বিভাজনৰ বিষয়টো তত্বগত দিশৰ পৰা সহজ যেন ধাৰণা হলেও বিভিন্ন কাৰণত জটিলতাৰ সৃষ্টি কৰিছিল।
(ক) বৃটিছ ভাৰতত এনে কোনাে একত্ৰিত অঞ্চল নাছিল য’ত মুছলমান সংখ্যা গৰিষ্ঠতা আছিল।

(খ) সকলােবােৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্তানৰ সৈতে চামিল। হ’ব বিচৰা নাছিল।

(গ) দুয়ােখন বাষ্ট্ৰৰ সীমান্তবৰ্তী অঞ্চলত বসবাস কৰা সংখ্যালঘুসকলৰ বাবে বিভাজনৰ সময়ছােৱা আছিল অতি যন্ত্ৰণাকাত সময়।

(ঘ) মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশ পঞ্জাব আৰু পশ্চিমবংগত এনে কিছুমান অঞ্চল আছিল য’ত মুছলমান সংখ্যাগৰিষ্ঠ আছিল।

17. ১৯৪৭ চনৰ ১৫ অক্টোবৰত মুখ্যমন্ত্ৰীসকললৈ লিখা পত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে কি মতামত প্ৰকাশ কৰিছিল?
উত্তৰঃ মতামতসমূহ আছিল—
(ক) সম্প্ৰদায়ৰ মাজৰ সংঘাত সম্পৰ্কত তীব্ৰ গৰিহণা প্ৰকাশ কৰিছিল

(খ) নেহৰুৱে মতামত দিছিল যে মুছলিম সংখ্যালঘুক সুৰক্ষা প্ৰদান কৰাৰ লগতে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে সুৰক্ষা প্ৰদান কৰিব লাগিব।

(গ) সংখ্যাগষ্ঠ লােকৰ দৰে সংখ্যালঘুসকলকো অধিকাৰৰ সুৰক্ষা দিব লাগিব। এনেদৰে বিভিন্ন যুক্তি দাঙি ধৰিছিল নেহৰুৱে।

18. ভাৰতে গ্ৰহণ কৰিবলগীয়া হােৱা তিনিটা প্ৰত্যাহ্বানৰ বিষযে ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰথমটো প্ৰত্যাহ্বান হ’ল – এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন কৰা, যিখন ৰাষ্ট্ৰৰ বৈচিত্ৰ্যতাৰ মাজত ঐক্যতা আৰু অখণ্ডতা ৰক্ষা কৰা হয়। ভাৰতবৰ্য এখন এনেকুৱা ৰাষ্ট্ৰ য’ত বিভিন্ন ধৰ্ম, জাতি, ভাষা – ভাষীৰ লােক আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে সঠিক ৰূপত গঢ় দিয়াটো বহুতে সন্দেহৰ চকুৰে চাইছিল।

দ্বিতীয়তে, এটা ডাঙৰ প্ৰত্যাহ্বান আছিল যে দেশৰ লােকৰ বিকাশৰ বাবে চিন্তা কৰা।। ভাৰতীয় সংবিধানত মৌলিক অধিকাবে সমতা আৰু পিছপৰা লােকসকলৰ বাবে বিশেষ গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰিছে।

সংবিধানত থকা নিৰ্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হােৱাৰ কথাও উল্লেখ কৰিছে। এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।
তৃতীয় প্ৰত্যাহ্বানটো আছিল প্ৰত্যেক নাগৰিকৰ বাবে ভােটদানৰ অধিকাৰৰ ব্যৱস্থা কৰা। ভাৰতবৰ্ষত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ আছে যাৰ ভিত্তি হ’ল সংসদীয় চৰকাৰৰ ব্যৱস্থা কৰা। সংবিধান অনুযায়ী এখন শুদ্ধ গণতন্ত্ৰ বিকাশ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।

19. ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যসমূহক। চামিলকৰণৰ মূল বিবেচনাসমূহ কি কি? এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা গ্ৰহণ লৈছিল?
উত্তৰঃ ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যসমূহক চামিলকৰণৰ মূল বিবেচনাসমূহ গঢ়ি উঠিছিল মূলতঃ তিনিটা বিচাৰ – বিবেচনাক কেন্দ্ৰ কৰি—
প্ৰথমতে, গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যৰ জনগণে ভাৰতীয় সংঘত চামিল হােৱা ইচ্ছাৰ স্পষ্টভাৱে প্ৰকাশ কৰিছিল।

দ্বিতীয়তে, ভাৰত চৰকাৰে দেশীয় ৰাজ্যবিলাকৰ ভাষিক, আঞ্চলিক আৰু অন্যান্য স্বকীয়তাসমূহ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছিল। ভাষিক, আঞ্চলিক আৰু অন্যান্য বৈচিত্ৰতাসমূহ ৰষ্কাৰ হেতু চৰকাৰে শিষ্টাচাৰশীল আপােচকামী মনােভাব পােষণ কৰিছিল।

তৃতীয়তে, দেশ বিভাজনে সৃষ্টি কৰা হিংসাত্মক – নাৰকীয় পৰিস্থিতিৰ মাজত সম্যক পুনৰ বিভাজন ৰােধ কৰি এক ঐক্যৱদ্ধ ভাৰত গঢ়াৰ কাৰ্যসূচীযে সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল।

এই কাৰ্যত স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ঐতিহাসিক ভূমিকা লৈছিল।

20. ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়াত জাতীয় নেতাসকলে সন্মুখীন হােৱা প্ৰত্যাহ্বানসমূহ আলােচনা কৰা।
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ লগে লগেই ভাৰতৰ জাতীয় নেতাসকলে ভাৰতৰ জাতি গঠন প্ৰক্ৰিযাত তিনিটা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইয়াৰে প্ৰথমটো আছিল জাতি, গঠন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ভাৰতবৰ্ষ এখন বিশাল ৰাষ্ট্ৰ। বহুতাে ভৌগােলিক বৈচিত্ৰ্যতাৰে পূৰ্ণ ভাৰতবৰ্ষৰ বিভিন্ন জাতি – উপজাতি, ভাষা – ভাষী তথা বিভিন্ন। ধৰ্মাৱলম্বী লােকৰ বাসস্থান। এনে এখন বৈচিত্ৰ্যপূৰ্ণ বিশাল দেশক একতাৰ দোলেৰে বান্ধি ৰখাটো বৰ উজু নহয়। জাতীয় ঐক্য সাধন। কৰিবলৈ ভাৰতে কোন পন্থা হাতত ল’ব বা ঐক্যবদ্ধ জাতি গঠনৰ। স্বাৰ্থত আঞ্চলিক আৰু উপজাতীয় পৰিচযসমূহক অস্বীকাৰ কৰা হ’ব নেকি আদি এশ একুৰি প্ৰশ্ন উত্থাপন হৈছিল।

দ্বিতীয় প্ৰত্যাহ্বানটো আছিল গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। গণতান্ত্ৰিক ব্যৱস্থা এটা প্ৰতিষ্ঠা কৰিবলৈ গণতান্ত্ৰিক ভাবধাৰাৰে পুষ্ট এখন সংবিধান অত্যন্ত প্ৰযােজন হলেও যথেষ্ট নহয়। সংবিধান সন্মতভাৱে শাসন কাৰ্য পৰিচালনা কৰাৰ লগতে এক সুস্থ। গণতান্ত্ৰিক প্ৰমূল্যবােধ সৃষ্টিযেহে গণতন্ত্ৰক স্থায়িত্ব প্ৰদান কৰিব পাৰে।
তৃতীযটো প্ৰত্যাহ্বান আছিল চৰকাৰে সমাজৰ সকলাে শ্ৰেণীৰ লােকৰে কল্যাণৰ হকে তথা সকলাে অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো। গতিকে মূল সমস্যা আছিল দৰিদ্ৰতা নিৰ্মূল কৰা তথা আৰ্থিক বিকাশৰ বাবে যথােপযুক্ত নীতি নিৰ্ধাৰণ কৰা।

21. ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল— ব্যাখ্যা কৰা।
অথবাঃ ভাৰতৰ স্বাধীনতাৰ পথ গােলাপৰ পথ নাছিল।’— ব্যাখ্যা কৰা
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত ইংৰাজ শাসনাধীন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। ১৪ আগষ্টত পাকিস্তানে আৰু ১৫ আগষ্টৰ মাজনিশা ভাৰতবৰ্ষই স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। কিন্তু ই বৰ সহজসাধ্য কাম নাছিল। ভাৰতবৰ্ষই এটা অত্যন্ত জটিল সন্ধিক্ষণত স্বাধীনতা লাভ কৰিছিল। সেই সময়ত স্বাধীনতা লাভ কৰা অন্য ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষৰ পৰিস্থিতি তুলনামূলকভাৱে বেছি জটিল আছিল। বহু আকাংক্ষিত বহু প্ৰত্যাশিত আমাৰ এই স্বাধীনতা আহিছিল তীব্ৰ যন্ত্ৰণাদায়ক দেশ বিভাজনৰ পিছত। দেশ বিভাজনে ভাৰতত ব্যাপক হত্যা – হিংসা আৰু দেশ ত্যাগৰ জুই জ্বলাইছিল।

লক্ষ লক্ষ জনগণক অতি আকস্মিকভাৱে তথা সম্পূৰ্ণ অপৰিকল্পিতভাৱে স্থানান্তৰ কৰাৰ শােকজনক ঘটনাৰ বাবে ১৯৪৭ চনটো মানৱ ইতিহাসত চিহ্নিত হৈ ৰৈছে। নৱজাত দুয়ােখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা নৃশংস অত্যাচাৰ, হত্যা – হিংসাই চৰম পৰ্যায়ত উপনীত হৈছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদাযে আনটো সম্প্ৰদায়ৰ ওপৰত কৰা অত্যাচাৰৰ ফলত। লাহােৰ, অমৃতসৰ, কলকাতা আদি চহৰত সাম্প্ৰদায়িক মণ্ডল গাঢ় লৈ উঠিছিল। এনে দুৰ্বিসহ পৰিস্থিতিত নিজৰ ঘৰ – বাৰী ত্যাগ কৰি। সীমান্তৰ দুয়ােপাৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লােকসকলে নতুন সীমান্ত অতিক্ৰম কৰিবলৈ যাওঁতে সীমাহীন কষ্ট আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল। এনে বিষম – বেদনাদায়ক পৰিস্থিতিৰ পাছত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেইবাবে কোৱা হৈছে যে ভাবতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল।

22. ৰাজ্য পুনৰ গঠন কি? সে কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ জাতিগঠন প্ৰক্ৰিয়াটো দেশ বিভাজন আৰু দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ লগে লগে সমাপ্ত হােৱা নাছিল। দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিল হােৱাৰ পিছত ভাৰতীয় অংগ ৰাজ্যসমূহৰ মাজত আভ্যন্তৰীণ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি। এটা জটিল সমস্যাই গা কৰি উঠিছিল। ইংৰাজৰ শাসনত ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মূলতঃ প্ৰশাসনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাসকলে ইংৰাজ চৰকাৰে নিৰ্ধাৰণ কৰা এনে সীমাক মানি লােৱা নাছিল আৰু স্বাধীন ভাৰতত ভাষাৰ ভিত্তিত।

READ MORE  গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট | Chapter 13 | Class 12 Political Science - AHSEC

ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ১৯৫২ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীযে অন্ধ্ৰ ‘ নামৰ এখন নতুন ৰাজ্য গঠনৰ সিদ্ধান্তৰ কথা ঘােষণা কৰে। ভাষাৰ ভিত্তিত ‘অন্ধ্ৰপ্ৰদেশ’ গঠন কৰাৰ লগে লগে ভাৰতৰ চুকে – কোণে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ দাবীযে এক। বিশেষ গতি লাভ কৰিলে। সমগ্ৰ ভাৰততে এই আন্দোলনে তীব্ৰ ৰূপ। ধাৰণ কৰে। ১৯৫৩ চনত ৰাজ্য পুনঃগঠন আযােগ গঠন কৰা হয়। ৰাজ্য পুনঃগঠন আযােগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ১৯৫৬ চনত। ৰাজ্য পুনৰ গঠন আইনখন প্ৰণয়ন কৰা হয়। এই আইনখনৰ আধাৰতে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হয়।

23. সংহতিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ তিনিটা বিবেচনা লিখা।
উত্তৰঃ ভাৰতৰ অন্তবৰ্তী চৰকাৰে ভাৰতখন যাতে পুনৰ বিভক্ত হৈ। নপৰে তাৰ বাৱে বিভাজনৰ সম্ভাৱনীয়তা থকা সকলাে প্ৰস্তাৱৰে তীব্ৰ বিৰােধিতা কৰিছিল।
চৰকাৰৰ দৃষ্টিভংগী গঢ় লৈ উঠিছিল মূলতঃ তিনিটা বিচাৰ – বিবেচনাক কেন্দ্ৰ কৰি।

প্ৰথমতে, গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যৰ জনসাধৰণে ভাৰতীয় সংঘাত। চামিল হােৱাৰ ইচ্ছা স্পষ্টভাৱে প্ৰকাশ কৰিছিল।

দ্বিতীয়তে, ভাৰত চৰকাৰে দেশীয় ৰাজ্যসমূহৰ ভাষিক, আঞ্চলিক আৰু অন্যান্য স্বকীয়তাসমূহ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছিল। সেযেহে এনে বহু অঞ্চলক কিছু কিছু ক্ষেত্ৰত স্ব – নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হৈছিল। ভাষিক, আঞ্চলিক তাক অন্যান্য বৈচিত্ৰতাসমূহ ৰক্ষাৰ হেতু চৰকাৰে শিষ্টাচাৰশীল আপােচকামী মনােভাব পােষণ কৰিছিল।

তৃতীয়তে, দেশ বিভাজনে সৃষ্টি কৰা হত্যা – হিংসাৰ নাৰকীয় পৰিস্থিতিৰ মাজত সম্ভাব্য পুনৰ বিভাজন ৰােধ কৰি এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ কাৰ্যসূচীযে সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল।

24. ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ (ক) ১৯১৯ চনৰ পিছত স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত সৰ্বস্তৰৰ জাসাধাৰণে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় জাতীয় কংগ্ৰেছে। জনসাধাৰণক সংগঠিত কৰিবৰ বাবে মাতৃভাষা ব্যৱহাৰৰ নীতি গ্ৰহণ কৰে। তাৰ লগে লগে ভাষা ভিত্তিত প্ৰাদেশিক চেতনা বৃদ্ধি পাবলৈ ধৰে।

(খ) শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে মাতৃভাষাক মাধ্যম হিচাপে লােৱাটোৱেই যে উত্তম পন্থা হ’ব সেই কথা স্বাধীনতা আন্দোলনৰ নেতাসকলে ভালকৈ বুজিছিল। কিন্তু কোনাে এখন ৰাজ্যত এটা নিৰ্দিষ্ট ভাষিক গােষ্ঠীৰ প্ৰাধান্য নাথাকিলে তেনে ভাষাক শিক্ষাৰ মাধ্যম বা। চৰকাৰী ভাষা বুলি স্বীকৃতি দিব পৰা নাযায়। সেই দিশৰপৰাও ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ প্ৰয়ােজনীয়তা অধিকভাৱে অনুভৱ কৰা হৈছিল।

(গ) গণতন্ত্ৰক তেতিয়াহে ৰাইজৰ ওচৰলৈ লৈ যাব পৰা যাব যেতিয়া কোনাে প্ৰদেশ বা অঞ্চলৰ ৰাজনীতি আৰু প্ৰশাসন মাতৃভাষাত পৰিচালিত হ’ব। গণতন্ত্ৰক শক্তিশালী কবি তােলাৰ স্বাৰ্থতাে সেয়েহে ভাষা ভিত্তিক ৰাজ্যৰ পুনৰ গঠন চিন্তাই গুৰুত্ব লাভ কৰিছিল।

(ঘ) আনুষ্ঠানিক ভাষা নিশিকি কেৱল প্ৰচলিত ভাষাৰ ওপৰত গুৰুত্ব দিলে কেতিয়াও দেশে অগ্ৰগতি লাভ কৰিব নােৱাৰে।

25. ৰাজ্য পুনগঠন আযােগ কেতিয়া নিযুক্ত হৈছিল? ইয়াৰ কাৰ্যাবলী উল্লেখ কৰা।
উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আযােগ নিয়ােগ কৰা হৈছিল। এই আযােগে বিভিন্ন ধৰণৰ আলােচনা আৰু অধ্যয়ন কৰি ভাষাৰ। ভিত্তিত ৰাজ্য পুনৰ গঠনৰ পৰামৰ্শ আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

ৰাজ্য পুনৰ গঠন আযােগৰ কাৰ্যাবলীসমূহ হ’ল—
(ক) ৰাজ্যবিলাকৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰশ্নটো আযােগে বিচাৰ – বিবেচনা কৰিব।

(খ) আযােগে ভাষিক ৰাষ্ট্ৰ অৰ্থাৎ ভাষিক পুনঃগঠনৰ পৰামৰ্শ। আগবঢ়াইছিল আৰু এই পৰামৰ্শই পৰৱৰ্তী সময়ত ভিত্তি প্ৰদান কৰিছিল

(গ) আযােগে ইয়াৰ প্ৰতিবেদনত এইবুলি গ্ৰহণ কৰিছিল যে। লাজ্যবিলাকৰ সীমাই বিভিন্ন ভাষাৰ সীমাক প্ৰতিফলিত কৰিব।

(ঘ) আযােগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিযেই ১৯৫৫ চনত ভাষিক পুনৰ গঠন অধিনিয়ম গৃহীত কৰা হৈছিল আৰু ইযেই ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পথ প্ৰশস্ত কৰি তােলে।

26. ভাৰতৰ সৈতে কাশ্মীৰৰ চামিলকৰণৰ বিশদ ব্যাখ্যা কৰা।
উত্তৰঃ দেশ বিভাজনৰ পিছত দেশীয় ৰাজ্যসমূহৰ চামিলকৰণ বিষয়টো অতি জটিল সমস্যাৰূপে পৰিগণিত হৈছিল। দুয়ােখন দেশৰ বাবে কাশ্মীৰ এটা সন্মানৰ বিষ্য হৈ পৰে। ভৌগােলিক অৱস্থাৰ দিশৰপৰাও এইখন ৰাজ্যৰ গুৰুত্ব আছিল। দেশ বিভাজনৰ সময়ত ইয়াৰ ৰজা আছিল হৰি সিং। তাৎপৰ্যপূৰ্ণভাৱে, হৰি সিং হিন্দুধৰ্মাৱলম্বী লােক আছিল যদিও সংখ্যাগৰিষ্ঠ লােক আছিল মুছলমান। ভৌগােলিক অৱস্থান আৰু মুছলমান সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত পাকিস্তানে কাশ্মীৰক নিজৰ অন্তৰ্ভুক্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল।

মহাৰাজ হৰি সিঙক ভাৰতৰ ভাইৰয় মাউন্টবেটেনে কাশ্মীৰক ভাৰতৰ অথবা পাকিস্তান অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ অগ্ৰাহয় কৰিছিল। ইয়াৰ মূল কাৰণ আছিল দুটা—
(ক) ভাৰত বিভাজনৰ পিছত তেওঁ নিজৰ ৰাজ্য স্বাধীনভাৱে শাসন কৰিব বিচাৰিছিল।

(খ) তেওঁ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা ক্ষমতাচ্যুত হােৱাৰ লগতে পাকিস্তান স্থিতাৱস্থাৰ চুক্তিত চহী কৰিছিল। আনহাতে, National Conference দলে কাশ্মীৰক ভাৰতৰ সৈতে চামিল হােৱাটো বিচাৰিছিল।

27. দেশ বিভাজনৰ প্ৰতিফল ব্যাখ্যা কৰা।
উত্তৰঃ দেশ বিভাজন শব্দটোৱে দেশখনক ভাগ কৰি দিয়া বুজায়। দেশ বিভাজনে ভাৰতক দুটা বাগত ভাগ কৰি দিছে— এটা অংশ পূৰ্ব অংশত আৰু এটা অংশ পশ্চিমত। পশ্চিমত থকা দেশখনৰ নাম হ’ল পাকিস্তান আৰু পূৰ্ব অংশত থকা দেশখনৰ নাম হ’ল। ভাৰত গান্ধীজীযে এই। বিভাজনক মুঠেই সমৰ্থন কৰা নাছিল। গান্ধীজীয়ে বিভাজনৰ বিৰােধিতা কৰাৰ বাবে বহু মানুহে গান্ধীজীক হিংসাৰ চকুৰে চাইছিল। গান্ধীযে সদায় শান্তিৰ নীতি অৱলম্বন কৰিব বিচাৰিছিল। এইনীতিৰ বিৰােধী হৈ নাথুৰাম গড়ছেযে গান্ধীজীক ১৯৪৮ চনত গুলীয়াই হত্যা কৰে।

দেশ বিভাজনে কিছু মানুহক পংগু কৰি পেলাইছিল। তেওঁলােকে নিজৰ সা সম্পত্তি এৰি থৈ বেলেগ এখন নতুন দেশলৈ যাব লগা হৈছিল। এই বিভাজন অতি দুখজনক আছিল যিটো ভাৰতৰ ঐতিহয়ৰ বাবে হানিকাৰক আছিল। এই বিভাজনে ভাৰতৰ কলা – কৃষ্টিৰ ওপৰতত প্ৰভাৱ পেলাইছিল। এই বিভাজনৰ আচল গুৰি ধৰোঁতা আছিল ব্ৰিটিছ। ব্ৰিটিছসকলে ভাবিছিল যে যদি ভাৰতক দুটা ভাগত ভাগ কৰা যায়। তেনেহ’লে ভাৰতৰ শক্তি কমি আহিব। সেই উদ্দেশ্য আগত ৰাখি দেশ। বিভাজনৰ বাবে উঠি – পৰি লাগিছিল। অৱশেষত, ব্ৰিটিছে ভাৰতক বিভাজিত কৰিযেই স্বস্তিৰ নিশ্বাস এৰিছিল।

28. ৰাষ্ট্ৰ গঠন নিৰ্ণয় কৰা যিকোনাে চাৰিটা কাৰক ব্যাখ্যা কৰা।
উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ নিৰ্ণয় কৰা যিকোনাে চাৰিটা কাৰকৰ ব্যাখ্যা চমুকৈ তলত বৰ্ণনা কৰা হ’ল—
(ক) জনসমষ্টি :- জনসমষ্টি ৰাষ্ট্ৰ গঠন নিৰ্ণয় কৰা এটা প্ৰধান কাৰক। কিছুমান মানুহ কোনাে ঠাইত স্থায়ীভাৱে সংঘবদ্ধ হৈ বাস কৰিলে ৰাষ্ট্ৰৰ উৎপত্তি হয়। মানুহবিহীন ৰাষ্ট্ৰৰ কল্পনা কৰিব নােৱাৰি। ৰাষ্ট্ৰ এটা মানৱীয় প্ৰতিষ্ঠান আৰু মানৱ জাতিৰ বাবেই ৰাষ্ট্ৰৰ অস্তিত্ব বৰ্তমান।

(খ) নিৰ্দিষ্টভূ – খণ্ড :- নিৰ্দিষ্ট পৰিসীমা ৰাষ্ট্ৰৰ এটা লাগতিয়াল কাৰক। নিৰ্দিষ্ট পৰিসীমা বা ভূ – খণ্ড অবিহনে ৰাষ্ট্ৰ হ’ব নােৱাৰে। ৰাষ্ট্ৰৰ গঠনৰ বাবে কিছুমান মানুহে চিৰস্থায়ী হিচাপে কোনাে এখন ঠাইৰ পৰিসীমাৰ ভিতৰত বাস কৰিব লাগিব। অঘৰী শ্ৰেণীৰ মানুহে ৰাষ্ট্ৰ গঠন কৰিব নােৱাৰে।

(গ) চৰকাৰ :- অকল জনসমষ্টি আৰু নিৰ্দিষ্ট ভূখণ্ড থাকিলেও এখন ৰাষ্ট্ৰ গঠন হ’ব নােৱাৰে। ৰাষ্ট্ৰ এখন পৰিচালিত হ’বলৈ সুসংগঠিত আৰু সুপ্ৰতিষ্ঠিত চৰকাৰ থাকিব লাগিব। চৰকাৰ হ’ল ৰাষ্ট্ৰৰ যন্ত্ৰ আৰু এই যন্ত্ৰৰ জৰিয়তে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰতিফলিত হয়।

(ঘ) সাৰ্বভৌমত্ব :- ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়ােজনীয় উপাদান বা কাৰক হ’ল সাৰ্বভৌমত্ব। সাৰ্বভৌমত্ব নাথাকিলে ৰাষ্ট্ৰৰ প্ৰাণ প্ৰতিষ্ঠা নহয়। সাৰ্বভৌমত্ব মানে হল সৰ্বোচ্চ ক্ষমতা। ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। কেৱল যে ব্যক্তি আৰু অনুষ্ঠানৰ ওপৰতহে আৰােপ কৰা হয় এনে নহয় ; ই আন বিদেশী ৰাষ্ট্ৰৰ শাসনৰ পৰাও মুক্ত থাকিব লাগিব।

29. ৰাজ্য পুনঃগঠন আযােগ কিয় গঠন কৰা হৈছিল? ইয়াৰ গুৰুত্বপূৰ্ণ অনুমােদনসমূহ আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত জাতিগঠন প্ৰক্ৰিয়াটো দেশ বিভাজন আৰু দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ, লগে লগে সমাপ্ত হােৱা নাছিল। দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিল হােৱাৰ পিছত ভাৰতীয় অংগ ৰাজ্যসমূহৰ মাজত আভ্যন্তৰীণ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি এটা জটিল সমস্যাই গা কৰি উঠিছিল। ইংৰাজৰ শাসনত ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মূলতঃ প্ৰশাসনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ইংৰাজ চৰকাৰে নিৰ্ধাৰণ কৰা এনে, সীমাক মানি লােৱা নাছিল আৰু স্বাধীন ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

১৯৫২ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীযে অন্ধ্ৰ নামৰ এখন নতুন বাজ্য গঠনৰ সিদ্ধান্ত কথা ঘােষণা কৰে। ভাৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশ গঠন কৰাৰ লগে লগে ভাৰতৰ চুকে – কোণে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ দাবীযে এক বিশেষ গতি লাভ কৰিলে। সমগ্ৰ ভাৰততে এই আন্দোলনে তীব্ৰৰূপ ধাৰণ কৰে আৰু যাৰ ফলস্বৰূপে ভাৰত চৰকাৰে ১৯৫৩ চনত ৰাজ্য পুনঃগঠন আযােগ গঠন কৰে। এই আযােগৰ পৰমাৰ্শৰ ভিত্তিত ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আইন প্ৰণয়ন কৰা হয়। এই আযােগে ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠনৰ পৰামৰ্শ আগবঢ়য আৰু লগতে ব্যজ্যবিলাকৰ সীমাৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিবেচনাব পৰামৰ্শ আগবঢ়ায়।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top