কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা | Chapter 12 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 12 Notes | SEBA Class 12 HS Political Science Chapter 12 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 12 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা | HS 2nd Year Political Science Questions and Answers Assam


কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা
(Challenges to and Restoration of the Congress System)

Very Short Type Questions and Answers (Marks : 1)

1. কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব লৈছিল (কপুৰী ঠাকুৰ। কে, কামৰাজ/ এছ নিজামিনগাপ্লাই)।
উত্তৰঃ কে, কামৰাজ।

2. বিখ্যাত শ্লোগান ‘ জন্য জোৱান, জয় কিষাণ’ৰ স্ৰষ্টা আছিল ( ইন্দিৰা গান্ধী/ মােৰাজী দেশাই / লালবাহাদুৰ শাস্ত্ৰী)।
উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী।

3. মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল (১৯৭১/১৯৮৯/১৯৬৯/১৯৬৭) চনত।

উত্তৰঃ ১৯৬৭ চনত।
4. ছিণ্ডিকেটৰ নেতা কোন আছিল? (কে কামৰাজ। এছ কে পবিল / এন সঞ্জীৱা ৰেড্ডী/ আটাইকেইজনে)।
উত্তৰঃ কে কামৰাজ।

5. লালবাহাদুৰ শাস্ত্ৰী আছিল ভাৰতৰ ( প্ৰথম/ দ্বিতীয়/ তৃতীয়) গৰাকী প্ৰধানমন্ত্ৰী।
উত্তৰঃ দ্বিতীয়।

6. দ্ৰাবিড়া মুল্টো কাজহাগাম (ডি.এম.কে.) দলটো (উত্তৰপ্ৰদেশ / তামিলনাড়ু / মধ্যপ্ৰদেশ)।
উত্তৰঃ তামিলনাডুৰ।

7. ইন্দিৰা হটাও ‘ শ্লোগান কোনে দিছিল?
উত্তৰঃ বৃহৎ মিত্ৰতাই।

8. ভাৰতত নিৰ্বাচন অনুষ্ঠিত হৈছিল (১৯৬৭/১৯৭৭/১৯৮২) চনত
উত্তৰঃ ১৯৬৭ চনত।

9. কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ জ্য প্ৰকাশ নাৰায়ণ।

10. আয়া ৰাম গয়া ৰাম ‘ খণ্ডবাক্যটি কোনগৰাকী বিধায়কৰ আছিল?
উত্তৰঃ ৰাও বিৰেন্দ্ৰ সিঙৰ।

11. মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৬৭ চনত।

12. চতুৰ্থ সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছে লােকসভাত কিমান আসন লাভ কৰিছিল?
উত্তৰঃ ২৮৩ খন।

13. ১৯৭০ চনত ইন্দিৰা গান্ধী চৰকাৰলৈ জনপ্ৰিয়তা আনি দিয়া এটা কাৰক লিখা।
উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী।

14. ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৬৭ চনত।

15. SVD ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ Sanyukt Vidhayak Dal.

16. ১৯৬৭ চনত কোনটো দল লােকসভাৰ মুখ্য বিৰােধী দল আছিল?
উত্তৰঃ সংযুক্ত বিধায়ক দল।

17. লালবাহাদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ লােক আছিল?
উত্তৰঃ উত্তৰপ্ৰদেশৰ।

18. লালবাহদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল?
উত্তৰঃ ইন্দিৰা গান্ধী।

19. ভাৰতত সংযুক্ত প্ৰথা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৬৭ চনত।

20. ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে লালবাহাদুশাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল?
উত্তৰঃ ইন্দিৰা গান্ধী।

21. পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী।

22. কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ জ্যপ্ৰকাশ নাৰায়ণ।

23. দলত্যাগৰ অৰ্থ কি?
উত্তৰঃ দলত্যাগৰ অৰ্থ হ’ল যেতিয়া এজন নিৰ্বাচিত সদস্যই নিজে জয়ী হােৱা ৰাজনৈতিক দল ত্যাগ কৰি অন্য এক দলত যােগদান কৰে।

24. ভাৰতৰ, কোন বছৰক ‘বিপজ্জনক দশক’ হিচাপে আখ্যা দিয়া হৈছিল?
উত্তৰঃ ১৯৬০ ৰ দশকক।

25. ‘গৰীবী হটাও’ শ্লোগানটোৰ কৃতিত্ব কাৰ?
উত্তৰঃ ইন্দিৰা গান্ধীৰ।

26. ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্য হিচাপে বিবেচনা কৰা হয়?
উত্তৰঃ ১৯৬৭ চন।

27. ছিণ্ডিকেট বুলিলে কি বুজা?
উত্তৰঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰা এমুঠিমান অতি শক্তিমন্ত শীৰ্ষনেতাৰ গােটক বুজাবলৈ ছিণ্ডিকেট ‘ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

28. পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৪ চনত।

29. DMK ৰ পূৰ্ণ ৰূপটোলিখা।
উত্তৰঃ Dravida Munnetra Kazhagam.

30. ১৯৬৭ চনত লােকসভাত প্ৰধান বিৰােধী দল কোনটো আছিল?
উত্তৰঃ সংযুক্ত বিধায়ক দল।

31. ১৯৭১ চনৰ মহাজোট সন্দৰ্ভত তলত দিয়া তথ্যবােৰৰ কোনটো শুদ্ধ।
(ক) অনাকমিউনিষ্ট, অনাকংগ্ৰেছ দলৰ দ্বাৰা গঠিত।
(খ) এক স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শগত কাৰ্যসূচী আছিল।
(গ) আটাইবােৰ অনা কংগ্ৰেছ দলৰ দ্বাৰা গঠিত হৈছিল।
উত্তৰঃ (ক) অনাকৃমিউনিষ্ট, অনাকংগ্ৰেছ দলৰ দ্বাৰা গঠিত।

32. ১৯৬৭ চনৰ নিৰ্বাচনৰ বিষয়ে কোনটো উক্তি সত্য?
(ক) কংগ্ৰেছে লােকসভা নিৰ্বাচনত জয়লাভ কৰিছিল। কিন্তু বহুতাে ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজ্য বৰণ কৰিছিল।
(খ) কংগ্ৰেছে লােকসভা আৰু বিধানসভা দুয়ােটা নিৰ্বাচনত হাৰিছিল।
(গ) কংগ্ৰেছে লােকসভাত সংখ্যা গৰিষ্ঠতা হেৰুৱাইছিল কিন্তু সন্মিলিত চৰকাৰ গঠন কৰিছিল।
(ঘ) কংগ্ৰেছে কেন্দ্ৰৰ ক্ষমতা ধৰি ৰাখিছিল।
উত্তৰঃ (ক) কংগ্ৰেছে লােকসভা নিৰ্বাচনত জয়লাভ কৰিছিল। কিন্তু বহুতাে ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল।

33. ১৯৭১ চনৰ মহামচা সন্দৰ্ভত তলত দিয়া কোনটো তথ্য শুদ্ধ?
(ক) অনা কমিউনিষ্ট, অনাকংগ্ৰেছ দলৰদ্বাৰা গঠিত হৈছিল।
(খ) এটা স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শমূলক কাৰ্যসূচী আছিল।
(গ) সকলােবােৰ অনা কংগ্ৰেছী দলে মিলি গঠন কৰিছিল।
উত্তৰঃ (ক) অনা – কমিউনিষ্ট, অনা – কংগ্ৰেছ দলৰদ্বাৰা গঠিত হৈছিল।

Short Type Questions and Answers (Marks : 2)

1. তলত দিয়া শ্লোগান দুটাৰ সৈতে জড়িত নেতা দুগৰাকী কোন আছিল?
(ক) জ্য জোৱান, জয় কিষাণ
উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী।

(খ) গীবী হটাও
উত্তৰঃ ইন্দিৰা গান্ধী।

2. তলত দিয়া শ্লোগান দুটাৰ জনাজাত নেতা দুগৰাকীৰ নাম লিখা।
(ক) জ্য জোৱান, জয় কিষাণ।
উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী।

(খ) আয়া ৰাম গয়া ৰাম
উত্তৰঃ ৰাও বিৰেন্দ্ৰ সিং।

3. _____চনৰ নিৰ্বাচনত_____আৰু তেওঁৰ দল পৰাজিত হৈছিল।
উত্তৰঃ ১৯৬৪ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু তেওঁৰ দল পৰাজিত হৈছিল।

4. _____চনৰ নিৰ্বাচনত জনসংঘই লােকসভাৰ_____ খন আসন লাভ কৰিছিল।
উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনত জনসংঘই লােভাৰ ৩৫ খন আসন লাভ কৰিছিল।

5. অনা-কংগ্ৰেছবাদ কি?
উত্তৰঃ অনাকংগ্ৰেছবাদ হ’ল কংগ্ৰেছবিৰােধী ৰাজনৈতিক দলবােৰৰ এটা জোট বন্ধন।

6. দেশৰ কোন চাৰিখন ৰাজ্যত কংগ্ৰেছে ৰাজ্যিক বিধানসভাত সংখ্যাগৰিষ্ঠতা ১৯৬৭ চনৰ নিৰ্বাচনত লাভ কৰা নাছিল?
উত্তৰঃ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু কেৰালা।

7. মহা মৰ্চা’ অভিধাটো ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাজিত কৰাৰ বাবে অকংগ্ৰেছীযে বিৰােধীসমূহৰে সৈতে এক নিৰ্বাচনী মিত্ৰতা গঠন কৰিছিল। এই মিত্ৰতাকে এ মহামৰ্চা’ বুলি কোৱা হয়।

8. ১৯৬৪ চনৰ পৰা ১৯৬৬ লৈ লালবাহাদুৰ শাস্ত্ৰীৰ চমু। প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতে কি দুটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল?
উত্তৰঃ (ক) খাদ্য সংকট। আৰু
(খ) ভাৰত – পাকিস্তান যুদ্ধ।

9. কামৰাজ আঁচনি কি?
উত্তৰঃ ১৯৬৩ চনত কে কামজে সকলাে জ্যেষ্ঠ কংগ্ৰেছী নেতাক পদৰ পৰা অব্যাহত লােৱাৰ পৰামৰ্শ আগবঢ়াইছিল আৰু ডেকাচাম কৰ্মীক সেই পদত নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল। এই প্ৰস্তাৱক বিখ্যাত কামৰাজ আঁচনি বােলা হৈছিল।

10. মহা মিত্ৰজোট ‘ শব্দটো ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাজিত কৰাৰ বাবে অ – কংগ্ৰেছীযে বিৰােধী সমূহৰে সৈতে এক নিৰ্বাচনী মিত্ৰতা গঠন কৰিছিল। এই মিত্ৰতাকে ‘মহা মিত্ৰজোট ‘ বুলি কোৱা হয়।

11. হুইপ’ অভিধাটো ব্যাখ্যা কৰা।
উত্তৰঃ বিধায়নী দলৰ নেতাই বিধায়নী দলৰ সদস্যসকলক সংসদ বা বিধানসভাত দলৰ সপক্ষে ভােটদান কৰিবলৈ জাৰি কৰা নিৰ্দেশ।

12. ১৯৭৭ চনৰ লােকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।
উত্তৰঃ (ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত কৰে।
(খ) সৰ্বপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঢ়ি উঠে।

13. কেতিয়া আৰু কিয় কংগ্ৰেছে দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰীত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?
উত্তৰঃ ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত কংগ্ৰেছ দলে দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰীত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।

14. মােৰাৰজী দেশাইৰ বিষয়ে কেইশাৰীমান লিখা।
উত্তৰঃ মােৰাৰজী দেশাই ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ এজন স্বাধীনতা যুঁজাৰু আছিল। তেওঁ এজন গান্ধীবাদী নেতা আছিল আৰু খাদীক সমৰ্থন কৰিছিল।

15. পণ্ডিত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত কি অস্থিৰতা সৃষ্টি হৈছিল?
উত্তৰঃ উত্তৰাধিকাৰীৰ অস্থিৰতাৰ সৃষ্টি হৈছিল যদিও লালবাহাদুৰ শাস্ত্ৰীযে এই অস্থিৰতা ৰুধিবলৈ সক্ষম হৈছিল।

16. চতুৰ্থ সাধাৰণ নিৰ্বাচনে কিদৰে কংগ্ৰেছক বিপৰ্যস্ত কৰিছিল?
উত্তৰঃ ১৯৬৭ চনত চতুৰ্থ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৯৬৭ চনৰ এই নিৰ্বাচনে স্বাধীন ভাৰতৰ ৰাজনৈতিক সমীকৰণত ব্যাপক পৰিৱৰ্তন সাধন কৰে। বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু কেৰালাত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হােৱা নাছিল। সেইসময়ত, কংগ্ৰেছত নেহৰুৰ। দৰে আকৰ্ষণীয় নেতৃত্বৰ অধিকাৰী ব্যক্তিৰ অভাৱে শক্তিশালী কংগ্ৰেছ দূলক নিৰ্বাচনী যুঁজত শােচনীয়ভাৱে পৰাজ্যৰ সন্মুখীন হ’বলগীয়া। হৈছিল।

17. ভাৰতত আঞ্চলিক অভ্যুত্থানৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) ভাৰতত বিভিন্ন ভাষা, জাতি, ধৰ্ম, সম্প্ৰদায় আদিৰ লােকে বাস কৰি আহিছে। সেয়েহে ই্যাত ভিন্নতা দেখা পােৱা যায়। এনে ভিন্নতাক বজাই ৰাখিবলৈ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰযােজন আছে।
(খ) কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলাে অঞ্চলকে একে সময়তে সমান। সুযােগ সুবিধা প্ৰদান কৰিবলৈ ব্যৰ্থ হৈছিল ; ফলত বিভিন্ন ৰাজ্যসমূহত দেখা দিযা সমস্যাসমূহে চৰকাৰৰ প্ৰতি বিৰােধ মনােভাব গঢ়ি তুলিছিল। এনে কাৰণতে বিভিন্ন ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান। হৈছিল।

READ MORE  জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science - AHSEC

18. পণ্ডিত নেহৰুৰ মৃত্যু কেতিয়া হৈছিল আৰু পণ্ডিত নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ ১৯৬৪ চনত পণ্ডিত নেহৰুৰ মৃত্যু হৈছিল আৰু তেওঁৰ পিছত লালবাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হৈছিল।

19. লালবাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ সময়ছােৱাত ১৯৬৪ ৰ পৰা ১৯৬৬ চনলৈ ভাৰতে সন্মুখীন হােৱা প্ৰত্যাহ্বান দুটা লিখা।
উত্তৰঃ (ক) খাদ্যসংকট। আৰু
(খ) ভাৰত – পাকিস্তান যুদ্ধ।

20. শাস্ত্ৰী প্ৰধানমন্ত্ৰীত্বৰ অৱসান কেতিয়া ঘটিছিল? লালবাহাদুৰ শাস্ত্ৰী ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল?
উত্তৰঃ ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰীত্বৰ অৱসান ঘটিছিল। ইন্দিৰা গান্ধী তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী আছিল।

21. মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া নিৰ্বাচনত কোনাে এটা ৰাজনৈতিক দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, তেতিয়া কেইবাটাও দলে একেলগ হৈ মিত্ৰতা কৰি সংযুক্ত চৰকাৰ গঠন কৰে। এনে ধৰণৰ। চৰকাৰকে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বােলে।

22. ভাৰতীয় ৰাজনীতিত কেতিয়া আৰু কিয় মণ্ডল বিষয়টো উত্থাপিত হৈছিল?
উত্তৰঃ ১৯৭৮ চনত কেন্দ্ৰীয় চৰকাৰে পিছ পৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে পৰামৰ্শ দিবলৈ বি. পি. মণ্ডলৰ। নেতৃত্বত মণ্ডল আযােগ ‘ গঠন কৰিছিল।

23. কংগ্ৰেছে কেতিয়া আৰু কিয় দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?
উত্তৰঃ ১৯৬৫ চনত আৰু কংগ্ৰেছত চিণ্ডিকেট গঠনৰ বাবে।

24. ১৯৬০ ৰ দশকটোক কিয় বিপজ্জনক দশক আখ্যা দিয়া হৈছিল?
উত্তৰঃ ১৯৬০ ৰ দশকটোক বিপজ্জনক দশক আখ্যা দিয়া হৈছিল কাৰণ সেই সময়ত বিভিন্ন সমস্যা যেনে— দৰিদ্ৰতা, সাম্প্ৰদায়িকতা, সংঘৰ্ষ, খাদ্য সংকট আদিয়ে দেখা দিছিল।

25. আয়া ৰাম গয়া ৰামৰ ব্যাখ্যা আগবঢ়োৱা। এই শ্লোগানটো কিদৰে সৃষ্টি হৈছিল?
উত্তৰঃ ‘আয়া ৰাম গয়া ৰাম’ৰ অৰ্থ হ’ল বিধায়কসকলে অতি সঘনে সদনৰ মজিয়া পাৰ হােৱা অৰ্থাৎ দুল সলনি কৰা। প্ৰথমে ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰ্যিানাৰ গৰাম নামৰ এজন বিধায়কে অতি আচৰিতভাৱে সদনৰ মজিয়া পাৰ হৈ আন দলত যােগদান কৰিছিল। তেওঁ দুই সপ্তাহৰ ভিতৰত তিনিবাৰ দল পৰিৱৰ্তন কৰিছিল। প্ৰথমে কংগ্ৰেছৰ পৰা সংযুক্ত ফ্ৰন্ট, কংগ্ৰেছলৈ পুনৰ গমন আৰু পিছত ৯ ঘণ্টাৰ পিছত পুনৰ সংযুক্ত ফ্ৰণ্টলৈ। যেতিয়া গয়ামে সংযুক্ত ফ্ৰন্ট ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু কংগ্ৰেছত যােগদান কৰিলে, কংগ্ৰেছৰ এজন নেতা ও বিৰেন্দ্ৰ সিঙে তেওঁক চণ্ডীগড় প্ৰেছলৈ আনি ঘােষণা কৰিলে গৰাম এতিয়া আৰাম’।

26. লালবাহাদুৰ শাস্ত্ৰী সম্পৰ্কে তুমি কি জানা?
উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী আছিল। তেওঁ এজন উত্তৰ প্ৰদেশৰ কংগ্ৰেছী নেতা আছিল আৰু তেওঁ নেহৰুৰ কেবিনেটৰ মন্ত্ৰীও আছিল। তেখেতক তেওঁৰ নীতিৰ প্ৰতি থকা সৰলতা আৰু নীতিৰ প্ৰতি থকা আস্থাৰ বাবে জনা যায়। তেওঁ ৰেলমন্ত্ৰী হৈ থকা সময়ছােৱাত ৰেলৰ বৃহৎ এটা দুৰ্ঘটনা হােৱাত নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল। তেখেতে ১৯৬৪ ৰ পৰা ১৯৬৬ চনলৈ দেশৰ। প্ৰধানমন্ত্ৰী আছিল। তেখেতে বিখ্যাত বাণী জ্য জোৱান, জয় কিষাণ’ আৰম্ভ কৰিছিল।

27. নতুন মৰ্চাৰ যুগত SVD ৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পিছত কোনাে। ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। সেযেহে বহুকেইটা অ – কংগ্ৰেছী দল একেলগ হৈ সংযুক্ত বিধায়ক দল ( SVD ) নামেৰে যুটীয়া বিধানী দল গঠন কৰি অ – কংগ্ৰেছ চৰকাৰখনক সমৰ্থন কৰিছিল। সেয়েহে এই চৰকাৰখনক SVD চৰকাৰ নামেৰে নামকৰণ কৰা হৈছিল।

28. ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভুইকপ ‘ শব্দ দুটাই কি তাৎপৰ্য বহন কৰে?
উত্তৰঃ জনসাধাৰণৰ অসন্তুষ্টি আৰু দলবিলাকৰ একত্ৰিকৰণৰ ফলস্বৰূপে ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত লােকসভা আৰু ৰাজ্যিক বিধানসভাবােৰৰ চতুৰ্থ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। কংগ্ৰেছ প্ৰথমবাৰৰ কাৰণে নেহৰু অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হয়।
নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক লােকসভা আৰু বিধানসভাত বাৰুকৈ। পৰাস্ত কৰে। বহুত সমসাময়িক ৰাজনৈতিক বিশ্লেষকে এই নিৰ্বাচনক ৰাজনৈতিক ভূঁইকপ’ বুলি অভিহিত কৰে।

Long Type Questions and Answers (Marks : 4/6)

1. নতুন কংগ্ৰেছ (R) পাৰ্টি। (চমুটোকা লিখা)
উত্তৰঃ (ক) নতুন কংগ্ৰেছ (R) পাৰ্টি :- দলৰ সংগঠনক নিয়ন্ত্ৰণত। ৰখা নেতাৰ আনুষ্ঠানিক গােট এটাৰ লগত যাক ছিণ্ডিকেট বােলা হৈছিল ইন্দিৰা গান্ধীৰ লগত মতানৈক্য হৈ তেওঁৰ নেতৃত্বত থকা গােটটোক। নতুন কংগ্ৰেছ (R) পাৰ্টি বােলা হয়। পিছত ইন্দিৰা গান্ধীৰ নেতৃত্বত। এই দলটোৱে কংগ্ৰেছৰ আচল উত্তৰাধিকাৰী দল হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল।

2. ইন্দিৰা হাটাও। (চমুটোকা লিখা)
উত্তৰঃ ইন্দিৰা হাটাও :- ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (O) ৰ নেতৃত্বত ভাৰতৰ সকলাে অনা কংগ্ৰেছী আৰু অনা সাম্যবাদী দলসমূহ মিলি যি বৃহৎ মিত্ৰতাত বদ্ধপৰিকৰ হৈ নিৰ্বাচনী ৰণতৰীত ভৰি দিছিল, সেই নিৰ্বাচনত এই বৃহৎ মিত্ৰজোটৰ প্ৰধান শ্লোগান আছিল। ইন্দিৰা হাটাও’অৰ্থাৎ ইন্দিৰা গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলটোক আৰু ই্যাৰ মিত্ৰ দলসমূহক পৰাস্তক।

3. ৰাজকীয় ৰাজ্যসমূহ’লৈ ৰাজসাহায্য ( প্ৰিভিপাৰ্চ)। (চমুটোকা লিখা)
উত্তৰঃ প্ৰিভিপাৰ্চ :- ভাৰতৰ স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰত্বৰ্ষৰ লগত চামিলকৰণৰ বিনিময়ত সেইৰাজ্যসমূহৰ শাসকসকলৰ পৰিয়ালবিলাকে কিছু ব্যক্তিগত সম্পত্তি লাভ কৰিছিল। আৰু তেওঁলােকৰ উত্তৰাধিকাৰীসকলক চামিলকৰণ ৰাজ্যৰ আয়ৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুদান দিয়া হৈছিল। এই অনুদানকে ৰাজকীয় ৰাজ্যসমূহ’লৈ ৰাজকীয় সাহায্য বা প্ৰিভিপাৰ্চ বােলা হৈছিল।

4. কংগ্ৰেছ পাৰ্টীত ছিণ্ডিকেটে কি ভূমিকা লৈছিল?
উত্তৰঃ কংগ্ৰেছ পাৰ্টীত ছিণ্ডিকেটে বৰ শক্তিশালী ভূমিকা লৈছিল। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সেইসময়ৰ কংগ্ৰেছৰ সভাপতি কে কামৰাজে ই্যাক পৰিচালনা কৰিছিল। ই্যাত ৰাজ্যসমূহৰ ক্ষমতাশালী নেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। দলৰ মাজত কোনাে ব্যক্তি বা কোনাে বিশেষ পদত অধিষ্ঠিত কৰাত এই ছিণ্ডিকেটে বিশেষ ক্ষমতা পালন কৰিছিল। তেওঁলােকে মন্ত্ৰীসভাৰ নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণতাে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল।

5. কামৰাজ পৰিকল্পনা’ কি? কে কামৰাজৰ বিষয়ে বহ’লাই লিখা।
উত্তৰঃ ১৯৬৩ চনত কে কামৰাজে সকলাে জ্যেষ্ঠ কংগ্ৰেছী নেতাক পদৰ পৰা অব্যাহতি লােৱাৰ পৰামৰ্শ আগবঢ়াইছিল আৰু ডেকাচাম কৰ্মীক সেই পদত নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল। এই প্ৰস্তাৱক বিখ্যাত কামৰাজ পৰিকল্পনা ‘বােলা হয়।
কে কামৰাজৰ জন্ম হৈছিল ১৯০৩ চনত। তেখেত স্বাধীনতা সংগ্ৰামী আছিল। কে কামৰাজ কংগ্ৰেছ দলৰ সভাপতি আৰু মাদ্ৰাজৰ মুখ্যমন্ত্ৰী আছিল। কামৰাজ নিজে শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও তেখেতে মাদ্ৰাজত শিক্ষা বিস্তাৰৰ অৰ্থে চেষ্টা কৰিছিল। স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ বাবে তেওঁ মধ্যাহ্ন ভােজন আঁচনি প্ৰচলন কৰিছিল।

6. ১৯৬৯ চনৰ কংগ্ৰেছৰ বিভাজন অৱশ্যম্ভাৱী আছিল নে? ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ইন্দিৰা গান্ধী আৰু। ছিণ্ডিকেটৰ মাজত থকা শত্ৰুতা স্পষ্টকৈ ফুটি উঠিছিল। কাৰণ ইন্দিৰা গান্ধীযে ৰাষ্ট্ৰপতি পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰাৰ বিপৰীতে ছিণ্ডিকেটৰ নেতাসকলে নীলম সঞ্জীৱ ৰেড্ডিৰ নামটো প্ৰস্তাৱ কৰে, ইফালে ইন্দিৰা গান্ধীযে উপ – ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভি ভি গিৰিক নিৰ্দলীয় প্ৰাৰ্থীৰূপে বাছি লয়। ইয়াৰ সমান্তৰালকৈ কৌশলগতভাৱে ১৪ টা আগশাৰীৰ বেংক ৰাষ্ট্ৰীকৰণ কৰাৰ লগতে প্ৰিভি পাছ কৰ্তন কৰি এলানি জনকল্যাণমূলক নীতিও প্ৰণয়ন কৰে। ইয়াৰ ফলত দুযােপক্ষৰ মাজত সংঘাত তীব্ৰ হয়।

কংগ্ৰেছ সভাপতিযে দলীয় প্ৰাৰ্থী ৰেড়িক ভােটদান কৰিবলৈ হুইপ জাৰি কৰে আৰু ইন্দিৰা গান্ধীযে বিবেক ভােট ‘ দিবলৈ আহ্বান কৰে। ইয়াৰ ফলত ৰেড্ডিৰ পৰাজয় হয় আৰু ভি ভি গিৰিৰ বিজযে কংগ্ৰেছ দলৰ বিভাজন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। এইদৰে ইন্দিৰা গান্ধীৰ গােটটোক কংগ্ৰেছ (R) আৰু ছিণ্ডিকেটৰ নেতৃত্বত গঠন হােৱা গােটটোক কংগ্ৰেছ (0) হিচাপে জনা যায়। এই বিভাজন এৰাই চলিব পৰা বিধৰ নাছিল।

7. ৬০ ৰ দশকটোক কিয় বিপজ্জনক দশক’ বুলি কোৱা হয়?
উত্তৰঃ ষাঠিৰ দশকটোক বিপজ্জনক দশক ‘ বুলি কোৱা হয় কাৰণ এই দশকটোত ভাৰতৰ অপ্ৰতিদ্বন্দ্বী তথা সুদক্ষ নেতা জৱাহৰলাল নেহৰুৰ মৃত্যু হয়। বহু সমস্যাৰে ভৰপূৰ নতুন গণতান্ত্ৰিক দেশত নেহৰু অবিহনে বাকী নেতাসকলে মােকাবিলা কৰিব পৰাবি নে নাই এই লৈ বহুতেই সন্দেহ প্ৰকাশ কৰিছিল। তদুপৰি এই কালছােৱাত দুৰ্ভিক্ষ, অসমতা, সাম্প্ৰদাযিক আৰু আঞ্চলিক বিভাজন ইত্যাদিয়ে গণতান্ত্ৰিক আঁচনিসমূহ অকৃতকাৰ্য কৰাৰ উপৰিও দেশখনক বিভাজন কৰাৰ পথলৈ ঠেলি। দিছিল।

8. বাজশাসিত ৰাজ্যসমূহত ৰাজন্যবৰ্গৰ বানচ বিলুপ্তকৰণ সম্পৰ্কে লিখা।
উত্তৰঃ ৰাজশাসিত ৰাজ্যসমূহৰ ৰাজন্যবৰ্গৰ বানচ বিষ্যটো প্ৰথমৰ। পৰাই মতানৈক্যৰ বিষয় আছিল। নেহৰুৱে এই ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছিল। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে বিশেষ সুবিধা ব্যৱস্থা উঠাই দিয়াৰ দাবী উচিৎ বুলি বিবেচনা কৰিছিল। মােৰাৰজী দেশাযে এই ব্যৱস্থা অনৈতিক আৰু ৰাজকোঁৱৰসকলৰ। লগত কৰা বিশ্বাসঘাতকৰ কাম বুলি অভিহিত কৰিছিল। ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ (R) দলে ইযাক নিৰ্বাচনী ইদ্য হিচাপে ব্যৱহাৰ কৰিছিল আৰু জনসাধাৰণৰ পৰা বিশাল সঁহাৰি লাভ কৰিছিল। নিৰ্বাচনত জয়ী হােৱাৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে সংবিধান সংশােধনৰ জৰিয়তে আইলী বাধা আঁতৰাই এই বিশেষ বানচৰ পৰিসমাপ্তি ঘটায়।

READ MORE  গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট | Chapter 13 | Class 12 Political Science - AHSEC

9. ভাৰতত ১৯৬৭ চনৰ ৪ ৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতি কেনেকৈ সলনি কৰি দিছিল?
উত্তৰঃ ১৯৬৭ চনৰ পৰা ভাৰতত সংযুক্ত চৰকাৰৰ ৰাজনীতি আৰম্ভ হােৱা বুলিব পাৰি। ১৯৬৭ চনত ভাৰতৰ মুঠ আঠখন ৰাজ্যত সংযুক্ত চৰকাৰ গঠন কৰা হৈছিল। অৱশ্যে ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ অংশীদাৰী দলসমূহৰ আদৰ্শ, উদ্দেশ্য, কাৰ্যসূচী আদিৰ মাজত বহুতাে প্ৰভাৱ আছিল। ইয়াৰ বাবে এই চৰকাৰসমূহৰ সুস্থিৰতা নাইকিয়া হৈ। পৰে আৰু মধ্যৱৰ্তীকালীন নিৰ্বাচনতাে উত্তৰপ্ৰদেশ, কেৰালা, উৰিষ্যা, পশ্চিমবংগ, বিহাৰ আৰু মণিপুৰত সংযুক্ত চৰকাৰ গঠিত হৈছিল। কেন্দ্ৰত ১৯৭৭ চনত পােনপ্ৰথমবাৰৰ বাবে মােৰাৰজী দেশাইৰ নেতৃত্বত সংযুক্ত চৰকাৰ গঠন কৰা হয়।

10. মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা।
উত্তৰঃ ২০০৪ চনত অনুষ্ঠিত লােকসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰ পৰাজিত হয়। ফলত কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল মৰ্চা গঠন কৰা হয়। তামিলনাডুৰ ডি . এম. কে, বিহাৰ ৰাষ্ট্ৰীয়। জনতা দল, ৰামবিলাস পাচোৱানৰ লােক জনশক্তি দল আদিয়ে প্ৰগতিশীল মৰ্চা চৰকাৰৰ অংশীদাৰী ৰাজনৈতিক দল আছিল। ইয়াৰ উপৰি বহুজন সমাজবাদী পাৰ্টীযে এই চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াইছিল। ২০০৯ চনৰ নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মৰ্চা বিজয়ী হৈ ড° মনমােহন সিঙৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন কৰে। এনেদৰে মৰ্চা চৰকাৰে এতিয়াও কাৰ্যকাল বৰ্তাই ৰাখিছে।

11. ৰাজন্যবৰ্গৰ বানচ বুলিলে কি বুজায? ইন্দিৰা গান্ধীযে ১৯৭০ চনত কিয় ৰাজন্যবৰ্গৰ বানচ লােপ কৰাত গুৰুত্ব দিছিল?
উত্তৰঃ ৰাজশাসিত ৰাজ্যসমূহৰ ৰাজন্যবৰ্গৰ বানচৰ বিষয়টো প্ৰথমৰ পৰাই মতানৈক্যৰ বিষয় আছিল। নেহৰুৱে এই ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছিল। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে বিশেষ সুবিধা ব্যৱস্থা উঠাই দিয়াৰ দাবী উচিৎ বুলি বিবেচনা কৰিছিল। মােৰাৰজী দেশাইযে এই ব্যৱস্থা অনৈতিক আৰু ৰাজকোঁৱৰসকলৰ। লগত কৰা বিশ্বাসঘাতকতাৰ কাম বুলি অভিহিত কৰিছিল। ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ (R) দলে ই্যাক নিৰ্বাচনী ইস্যু হিচাপে ব্যৱহাৰ কৰিছিল আৰু জনসাধাৰণৰ পৰা বিশাল সহাঁৰি লাভ কৰিছিল। নিৰ্বাচনত জয়ী হােৱাৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে সংবিধান সংশােধনৰ জৰিয়তে আইনী বাধা আঁতৰাই এই বানচৰ পৰিসমাপ্তি ঘটায়।

12. কংগ্ৰেছ (0) আৰু কংগ্ৰেছ (R) ৰ মাজৰ পাৰ্থক্যসমূহ লিখা।
উত্তৰঃ কংগ্ৰেছ (0) ৰ নেতৃত্ব দিছিল কংগ্ৰেছ দলৰ মাজৰে ছিণ্ডিকেট এটাই। কিন্তু কংগ্ৰেছ (R) আছিল ইন্দিৰা গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দল। কংগ্ৰেছ (O) ক পুৰণি কংগ্ৰেছ বুলি কোৱা, হৈছিল, কিন্তু কংগ্ৰেছ। (R) নতুন কংগ্ৰেছ বুলি কোৱা হয়। কংগ্ৰেছৰ মাজত বিভাজন হৈ দুটা দল গঠিত হয় যদিও পিছলৈ কংগ্ৰেছ (R) হে কংগ্ৰেছ দলৰ প্ৰকৃত। উত্তৰাধিকাৰী হিচাপে ক্ষমতা দখল কৰে।

13. ১৯৬৯ চনত হােৱা কংগ্ৰেছ বিভাজনৰ বাবে দাযী যিকোনাে ছটা কাৰক উল্লেখ কৰা।
উত্তৰঃ (ক) দলৰ আভ্যন্তৰত শীৰ্ষ নেতাসকলৰ মাজত সৃষ্টি হােৱা মতানৈক্য।
(খ) ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ উদ্ভৱ হােৱা।
(গ) ১৯৬৭ চনৰ নিৰ্বাচনত হােৱা পৰাজ্য।
(ঘ) ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় হুইপ অমান্য কৰাৰ বাবে।
(ঙ) নেতৃত্বৰ দুৰ্বলতা।
(চ) দলত্যাগ।

14. নতুন মৰ্চা যুগত SVD ৰ মৰ্যদা উল্লেখ কৰা।
উত্তৰঃ গিযান সিং বাৰেৱালাৰ নেতৃত্বত পটিয়ালা এণ্ড ইষ্ট পাঞ্জাৱ ষ্টেট ইউনিয়ন পােন প্ৰথমবাৰৰ বাবে ১৯৫২ চনত সংযুক্ত চৰকাৰ গঠন কৰা হয়। ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পিছত কোনাে ৰাজনৈতিক দলেই একক সংক্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। সেযেহে বহুকেইটা অকংগ্ৰেছী দল একেলগ হৈ সংযুক্ত বিদায়ক দল (SVD) নামেৰে যুটীয়া বিধায়িনী দল গঠন কৰি অ – কংগ্ৰেছ। চৰকাৰখনক সমৰ্থন কৰিছিল। সেয়েহে এই চৰকাৰখনক SVD চৰকাৰ নামেৰে নামকৰণ কৰা হৈছিল। এনে অধিক ক্ষেত্ৰতে সংযুক্ত দলবিলাক আদৰ্শগতভাৱে পৰম্পৰে পৰম্পৰৰ পৰা পৃথক।

15. ১৯৬৭ চনত ইন্দিৰা চৰকাৰে কিয় টকাৰ মূল্য হ্ৰাস কৰিছিল? ইয়াৰ ফলাফল কি আছিল?
উত্তৰঃ ১৯৬৭ চনত ইন্দিৰা গান্ধী চৰকাৰে ভাৰতীয় টকাৰ মূল্য হ্ৰাস কৰিছিল। এই সময়ছােৱাত ভাৰতীয় অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। দেশত সৃষ্টি হােৱা খৰাং বতৰৰ ফলত কৃষি উৎপাদনৰ পৰিমাণ কমি গৈছিল। খাদ্যদ্ৰব্যৰ নাটনি আৰু ঔদ্যোগিক উৎপাদন হ্ৰাস পাইছিল। তীব্ৰ আৰ্থিক সংকটৰ মুখামুখি আৰু আমেৰিকাৰ হেঁচাত ইন্দিৰা গান্ধী চৰকাৰে ভাৰতীয় টকাৰ মূল্য হ্ৰাস কৰিছিল।

16. ভাৰতীয় ৰাজনীতিৰ গতিশীলতাক ভাৰতৰ চতুৰ্থ সাধাৰাণ নিৰ্বাচনে (১৯৬৭) কিদৰে পৰিৱৰ্তন কৰিছিল?
উত্তৰঃ ১৯৬৭ চনৰ পৰা ভাৰতত সংযুক্ত চৰকাৰৰ ৰাজনীতি আৰম্ভ হােৱা বুলিব পাৰি। ১৯৬৭ চনত ভাৰতৰ মুঠ আঠখন ৰাজ্যত সংযুক্ত চৰকাৰ গঠন কৰা হৈছিল। অৱশ্যে ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ অংশীদাৰী দলসমূহৰ আদৰ্শ, উদ্দেশ্য, কাৰ্যসূচী আদিৰ মাজত বহুতাে প্ৰভাৱ আছিল। ইয়াৰ বাবে এই চৰকাৰসমূহৰ সুস্থিৰতা নাইকিয়া হৈ। পৰে আৰু মধ্যৱৰ্তীকালীন নিৰ্বাচনতাে উত্তৰপ্ৰদেশ, কেৰালা, উৰিষ্যা, পশ্চিমবংগ, বিহাৰ আৰু মণিপুৰতাে সংযুক্ত চৰকাৰ গঠিত হৈছিল। কেন্দ্ৰত ১৯৭৭ চনত পােনপ্ৰথমবাৰৰ বাবে মােৰাজী দেশাইৰ নেতৃত্বত সংযুক্ত চৰকাৰ গঠন কৰা হয়।

17. নতুন কংগ্ৰেছ (R) পাৰ্টীৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ নেতাসকলৰ মাজত মতানৈক্য সৃষ্টি হৈছিল আৰু ইয়াৰ। ফলতে কংগ্ৰেছ (O) আৰু কংগ্ৰেছ (R) দুটা দলত বিভক্ত হৈছিল। এনেদৰে সমাজবাদী আদৰ্শ আৰু ৰক্ষণশীল দলৰ সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠিত কংগ্ৰেছ (R) দলটো সমাজবাদী আদৰ্শ আৰু দৰিদ্ৰসকলৰ বাবে গঠিত হৈছিল আৰু সেয়েহে তেওঁ কেইটামান গুৰুত্বপূৰ্ণ তথা জনমুখী নীতি যেনে— ভূমি সংস্কাৰ, ভূমিৰ সৰ্বোচ্চ মালিকীস্বত্ব নিৰ্ধাৰণ আদিৰ দৰে নীতিসমূহ গ্ৰহণ কৰি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

18. ৪১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ পুনৰুত্থানত কিদৰে সহায় কৰিছিল?
উত্তৰঃ ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধান ইছা আছিল ‘গৰিবী হাটাও। ইন্দিৰা গান্ধী নেতৃত্বৰ কংগ্ৰেছ দলে ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিৰ ওপৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, আয় আৰু সুবিধা, ৰাজকুমাৰসকলৰ বিশেষ সুবিধা কৰ্তন ইত্যাদিৰ লগতে। গৰিবীহাটাও’বাণীৰে সমাজৰ বিশেষকৈ ভূমিহীন আৰু শ্ৰমিক শ্ৰেণীৰ। লগতে দলিত আদিবাসী সংখ্যালঘু মহিলা আৰু নিবনুৱাসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

এনেদৰে, ইন্দিৰা গান্ধী চৰকাৰে তেওঁৰ দল (R) ক পুনৰুদ্ভাৱন কৰিছিল। ইন্দিৰা গান্ধী নেতৃত্বাধীন (R) আৰু ভাৰতীয় কমিউনিষ্ট দলৰ জোট বন্ধনে লােকসভাত ৩৭৫ খন আসন আৰু মুঠ ভােটৰ ৪৭.৪৭% লাভ কৰিছিল। ইয়াৰ ভিতৰত কংগ্ৰেছ (R) দলে ৩৫২ খন আসন আৰু মুঠ ভােটৰ ৪৪ % লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ প্ৰভাৱ পুনৰ প্ৰতিষ্ঠিত হৈছিল।

19. কি উপাযেৰে ইন্দিৰা গান্ধীযে তেওঁৰ দল কংগ্ৰেছ (R) ৰ পুনৰুদ্ভাৱন কৰিছিল?
উত্তৰঃ ইন্দিৰা গান্ধীয়ে তেওঁৰ দল কংগ্ৰেছ (R) ৰ পুনৰুদ্ভাৱন কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছিল। তেওঁ সাম্যবাদী দলৰ সৈতে মিত্ৰতা কৰিছিল আৰু সেই সময়ছােৱাত সতৰ্কভাৱে কংগ্ৰেছৰ সাম্যবাদী চৰিত্ৰ দাঙি ধৰিছিল। ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ প্ৰধান ইচ্ছা আছিল গৰিবী হাটাও। তেওঁ ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিৰ ওপৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, আয় আৰু সুবিধা, ৰাজকুমাৰসকলৰ বিশেষ সুবিধা কইত্যাদিৰ লগতে গৰিবি হাটাও। বাণীৰে তেওঁ সমাজৰ বিশেষকৈ ভূমিহীন আৰু শ্ৰমিক শ্ৰেণীৰ লগতে দলিত আদিবাসী সংখ্যালঘু মহিলা আৰু নিবনুৱাসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। এনেকৈযে তেওঁ তেওঁৰ দল কংগ্ৰেছ (R) ক পুনৰুদ্ভাৱন কৰিছিল।

20. ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীযে মুখামুখি হােৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। এই প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁৰ ৰণকৌশলবােৰ উল্লেখ কৰা।
উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীযে মুখামুখি হােৱা দুটা ভাবুকি হ’ল—
(ক) ছিণ্ডিকেটৰ পৰা অহা প্ৰত্যাহ্বান।

(খ) কংগ্ৰেছ দলৰ মাজত হােৱা বিভাজন। ছিণ্ডিকেটৰ পৰা অহা ভাবুকিৰ তেওঁ লাহে লাহে আৰু সতৰ্কতাৰে মুখামুখি হৈছিল। ১৯৬৯ চনৰ বাষ্ট্ৰপতি নিৰ্বাচনত ছিণ্ডিকেটৰ বিদ্ৰোহী দলৰ তথা কংগ্ৰেছ দলৰ মনােনীত প্ৰাৰ্থীৰ বিৰােধিতা কৰি তথা দলীয় হুইপ অমান্য কৰি তেওঁ তেওঁৰ সমৰ্থিত প্ৰাৰ্থীক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰি বিচক্ষণতাৰ। পৰিচয় দাঙি ধৰিছিল।

21. অনা-কংগ্ৰেছবাদ কি? ১৯৬৭ চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপট আলােকত আলােচনা কৰা।
উত্তৰঃ অনা-কংগ্ৰেছবাদ আছিল এনে এটা পৰিস্থিতি যত কংগ্ৰেছক বাদ দি সকলাে ৰাজনৈতিক দল একত্ৰিত হৈ আসন বুজাবুজিৰ মাধ্যমত নিৰ্বাচনত অৱতীৰ্ণ হােৱা। য’ত দলসমূহৰ উদ্দেশ্য আৰু আদৰ্শ বেলেগ বেলেগ হ’লেও তেওঁলােক প্ৰাক – নিৰ্বাচনী মিত্ৰতাত অংশগ্ৰহণ কৰিছিল। ১৯৬৭ চনৰ নিৰ্বাচনত অনাকংগ্ৰেছ আৰু অসাম্যবাদী দলসমূহে। কংগ্ৰেছ দলক পৰাস্ত কৰাৰ বাবে প্ৰক – নিৰ্বাচনী মিত্ৰতা গঢ়ি তুলি একত্ৰিতভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। ই্যাকে ইৰাম মনােহৰ লােহিযাই অনা-কংগ্ৰেছদ বুলি অভিহিত কৰিছিল।

READ MORE  পৰিকল্পিত বিকাশৰ ৰাজনীতি | Chapter 10 | Class 12 Political Science - AHSEC

22. ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজ্যৰ কাৰণবােৰ উল্লেখ কৰা। তােমাৰ উত্তৰৰ বাবে কাৰণবােৰ দৰ্শােৱা।
উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে এক বৃহৎপ্ৰত্যাহ্বানস্বৰূপ আছিল। বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু কেৰালাত। ৰাজ্যিক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হােৱা নাছিল। ইয়াৰ মূল কাৰণসমূহ আছিল—
(ক) ১৯৬০ ৰ দশকটোত দেখা দিয়া অৰ্থনৈতিক সংকটৰ বাবে দেশখনৰ জনগণে কংগ্ৰেছ বিপক্ষে আন্দোলন গঢ়ি তুলিছিল। ফলত কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’ব পৰা নাছিল।

(খ) কংগ্ৰেছ দুটা দলত বিভক্ত হােৱাৰ সুযােগ লৈ ঐক্যবদ্ধ বিৰােধী দলসমূহে ঐক্যবদ্ধ সংগ্ৰামত নামি পৰিছিল।

(গ) সেইসময়ত কংগ্ৰেছত নেহৰুৰ দৰে আকৰ্ষণীয় ব্যক্তিৰ অভাৱে শক্তিশালী কংগ্ৰেছ দলক নিৰ্বাচনী যুঁজত শােচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

23. ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ তলত দিবােৰৰ ভিতৰত কোনবােৰ উল্লেখ কৰা।
(ক) কংগ্ৰেছ পাৰ্টীত আকৰ্ষণীয় নেতাৰ অভাৱ।
(খ) কংগ্ৰেছ পাৰ্টীৰ মাজত বিভাজন।
(গ) আঞ্চলিক, নৃ-গােষ্ঠীয় আৰু সাম্প্ৰদায়িক গােষ্ঠীবােৰৰ বৰ্দ্ধিত তৎপৰতা।
(ঘ) অনাকংগ্ৰেছী দলসমূহৰ মাজত একতা বৃদ্ধি।
(ঙ) কংগ্ৰেছ পাৰ্টীৰ ভিতৰতে আভ্যন্তৰীণ মত পাৰ্থক্য।
উত্তৰঃ (ক) কংগ্ৰেছ পাৰ্টীত আকৰ্ষণীয় নেতাৰ অভাৱ।
(খ) কংগ্ৰেছ পাৰ্টীৰ মাজত বিভাজন।
(ঙ) কংগ্ৰেছ পাৰ্টীৰ ভিতৰতে আভ্যন্তৰীণ মত পাৰ্থক্য।

24. ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰাৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) কংগ্ৰেছ দলত হােৱা আকৰ্ষণীয় নেতাৰ অভাৱ ১৯৬৭ চনৰ নিৰ্বাচনত এই দলটোৰ পৰাজ্যৰ অন্যতম কাৰণ আছিল। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত কংগ্ৰেছত বিশেষ ব্যক্তিত্বৰ নেতাৰ অভাৱে দলটোৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ হ্ৰাস কৰিছিল।

(খ) ১৯৬৭ চনৰ সমসাময়িক সময়ত বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত দেখা দিা মত পাৰ্থক্যই ইয়াৰ দলীয় ভাঙোন আৰম্ভ কৰিছিল।

(গ) অ – কংগ্ৰেছী দলবােৰে একগােট হৈ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হােৱাৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা। খাবলৈ বাধ্য হৈছিল।

(ঘ) কংগ্ৰেছ দলৰ ভিতৰত হােৱা আভ্যন্তৰীণ মত পাৰ্থক্যই দলটোক ১৯৬৭ চনত সংকটত পেলাইছিল। নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা, মূল্যবৃদ্ধি আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দলীয় নেতাসকলৰ মাজত মতানৈক্য সৃষ্টি হৈছিল আৰু এইটোও আছিল দলটোৱে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰাৰ অন্যতম কাৰণ।

25. ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী ৰায়টো কি আছিল?
উত্তৰঃ ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী ঘােষণাই কংগ্ৰেছ দলটোক বাৰুকৈযে বিপাঙত পেলাইছিল। ১৯৬৭ চনৰ। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হােৱা চতুৰ্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে। প্ৰথমবাৰৰ বাবে নেহৰু অবিহনে নিৰ্বাচক মণ্ডলীৰ মুখামুখি হৈছিল। এই নিৰ্বাচন ফলাফলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যাযত কংগ্ৰেছ দলক জোকাৰি গৈছিল। কংগ্ৰেছ দলে লােকসভাত কোনাে মতেহে সংখ্যাগষ্ঠিতা লাভ কৰিছিল। দলটোৱে লাভ কৰা আসনৰ সংখ্যা আৰু ভােটৰ অংশীদাৰিত্ব ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈ অনুষ্ঠিত হােৱা নিৰ্বাচনসমূহৰ ভিতৰত আটাইতকৈ কম আছিল।

ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ অধিকাংশ মন্ত্ৰীয়েই এই নিৰ্বাচনত পৰাস্ত হৈছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ এই নাটকীয় ৰূপটো ৰাজ্যিক পৰ্যায়ত অধিক বেছিকৈ প্ৰকট হৈছিল। ৭ খন ৰাজ্যত। কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ বিপৰীতে আন দুখন ৰাজ্যত দলীয় অন্তঃকলৰ পৰিণতিত সৃষ্টি হােৱা দল ত্যাগ্ৰে কংগ্ৰেছ দলক চৰকাৰ গঠনত বাধা দিছিল।

26. ষাঠিৰ দশকৰ কংগ্ৰেছ পাৰ্টীৰ প্ৰসংগত ছিণ্ডিকেট বুলিলে কি বুজায়? কংগ্ৰেছ পাৰ্টীত ছিণ্ডিকেটে কি ভূমিকা লৈছিল?
উত্তৰঃ দলৰ সংগঠনক নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ নেতাৰ আনুষ্ঠানিক গােটক চিণ্ডিকেট বােলা হয়। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সেই। সমযৰ কংগ্ৰেছৰ সভাপতি কে. কামৰাজে ই্যাক পৰিচালনা কৰিছিল। ইয়াত ৰাজ্যসমূহৰ ক্ষমতাশালী নেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল।

লালবাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীযে এই ছিণ্ডিকেটৰ সহায়ত পদত অধিষ্ঠিত আছিল। এই গােটে ইন্দিৰা গান্ধীৰ প্ৰথম মন্ত্ৰীসভাৰ নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত প্ৰভাৱ বিস্তাৰ কৰিছিল। কংগ্ৰেছ বিভাজন হােৱাত এই গােটৰ সদস্যসকল কংগ্ৰেছ (R) ত থাকে তেতিয়াৰ পৰাই ইন্দিৰা গান্ধীৰ কংগ্ৰেছ হিচাপে জনপ্ৰিয় হৈ পৰে। প্ৰকৃততে, ইন্দিৰা গান্ধীৰ প্ৰতি ভাবুকি বিৰােধী পক্ষৰ পৰা অহা নাছিল, আহিছিল নিজৰ দলৰ পৰাহে। ক্ষমতাশালী আৰু প্ৰভাৱশালী কংগ্ৰেছী নেতাৰে গঠিত চিণ্ডিকেটৰ লগত তেওঁ যােগাযােগ কৰিব লগা হৈছিল। সংসদীয় দলৰ নেতা হিচাপে প্ৰক্ষেপ কৰি ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী। হিচাপে প্ৰতিষ্ঠা কৰাত ছিণ্ডিকেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

27. ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ আধিপত্য প্ৰকৃতি সম্বন্ধে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতক ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। ভাৰতবৰ্ষই স্বাধীনতা। অৰ্জন কৰাৰ পিছত অনুষ্ঠিত হােৱা নিৰ্বাচনত স্বাধীনতা আন্দোলনৰ মূল হােতাসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নেতাসকল অতি জনপ্ৰিয় আছিল। সেয়েহে তেওঁলােকে অতি সহজে নিৰ্বাচনত জয়যুক্ত হৈছিল আৰু শাসনত অধিষ্ঠিত হৈছিল। গতিকে কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰৰ এইটো এটা অতি উল্লেখযােগ্য কাৰণ বুলি ক’ব পাৰি।

এই দলটো অতি পুৰণি আৰু সুসংগঠিত দল। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন চলি থকাৰে পৰাই এই দলটো সুসংগঠিত আৰু আন দলতকৈ নিৰ্বাচন বিষ্যত পৰিপক্ক। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত। হােৱা নিৰ্বাচনবােৰত অতি সহজে সমগ্ৰ ভাৰতবৰ্ষতে বিজয় সাব্যস্ত কৰিছিল।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত হােৱা নিৰ্বাচনবােৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাবমূৰ্তিযেও এই দলক নিৰ্বাচনত জয়ী হােৱাত বৰঙণি যােগাইছিল।
কংগ্ৰেছ দলৰ এনেবােৰ প্ৰকৃতিৰ বাবে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনত সমগ্ৰ ভাৰততে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

28. ৰাজকীয় ৰাজ্যসমূহৰ ৰাজ সাহায্য বিলুপ্তিৰ বিষযে এটা টোকা লিখা।
উত্তৰঃ ভাৰতে দেশীয় ৰাজ্যবােক নিজৰ সৈতে চামিলকৰণৰ সময়ত কিছুমান ৰাজকীয় শাসন উঠাই দিছিল। কিন্তু শাসকসকলৰ পৰিয়ালবােৰত কিছু ব্যক্তিগত সা – সম্পত্তি দিয়া হৈছিল। ইয়াৰ উপৰি উত্তৰাধিকাৰীসকলক চামিলকৃত ৰাজ্যখনৰ আযৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুদান প্ৰদান কৰা হৈছিল। যাক ‘ পিভি পাৰ্ছ’ বুলি কোৱা হয়। এনেধৰণে চামিল কৰানীতি বিৰােধিতা কৰিছিল জৱাহৰলাল নেহৰু আৰু মােৰাৰজী দেশাইযে। কিন্তু ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী চৰকাৰে এই বাতিলকৰণক সমৰ্থন জনাইছিল। ১৯৭১ চনত আকৌ ইন্দিৰা গান্ধীযে ইয়াক প্ৰচাৰ পত্ৰ হিচাপে গ্ৰহণ কৰি ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে সংবিধান সংশােধনৰ ব্যৱস্থাৰ জৰিয়তে আইনী বাধা আঁতৰাই এই প্ৰিভি পাছ ব্যৱস্থাৰ বিলুপ্তি ঘটায়।

29. ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ চৰকাৰৰ জনপ্ৰিয়তা বঢ়োৱাৰ কাৰকসমূহ কি কি আছিল?
উত্তৰঃ ১৯৭০ ৰ দশকত ইন্দিৰা গান্ধীযে কেইবাটাও গুৰুত্বপূৰ্ণ শক্তিশালী আৰু জনমুখী আঁচনি গ্ৰহণ কৰে। এই নীতিসমূহৰ ভিতৰত ভূমি সংস্কাৰ আইনৰ কাৰ্যকৰী কৰা, ভূমিৰ সৰ্বোচ্চ মালিকানাস্বত্ব নিৰ্ধাৰণৰ ওপৰত আইন প্ৰণয়ন আদি বিশেষভাৰে উল্লেখযােগ্য। ইন্দিৰা গন্ধীৰ জনমুখী নীতি আৰু কাৰ্যসূচীসমূহে তেওঁক যথেষ্ট জনপ্ৰিয় কৰি তােলে।১৯৭০ ৰ দশকৰ ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ মূল কাৰণসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ’ল—

(ক) অসাধাৰণ ব্যক্তিত্ব :- ইন্দিৰা গান্ধীৰ উৰ্ধমুখী জমপ্ৰিয়তাৰ এক অন্যতম কাৰণ আছিল তেওঁৰ অসাধাৰণ আৰু আকৰ্ষণীয় ব্যক্তিত্ব। পিতৃ নেহৰুৰ দৰে ইন্দিৰা গান্ধী ব্যক্তিত্বও অতুলনীয় আছিল।

(খ) ইন্দিৰা গান্ধী চৰকাৰৰ সমাজবাদী আৰ্হিৰ নীতিসমূহ :- ইন্দিৰা গান্ধীৰ সমাজবাদী আৰ্হিৰ নীতিসমূহে তেওঁক জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল।

(গ) গৰিবী হাটওঃ ইন্দিৰা গান্ধীয়ে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত গৰিবী হাটাও’নামেৰে এটা। অতি জনপ্ৰিয় শ্লোগান ব্যৱহাৰ কৰিছিল। এই শ্লোগানেৰে তেওঁ ভাৰতৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল। এই শ্লোগানৰ বাবে তেওঁ ভাৰতৰ পিছ পৰা শ্ৰেণী, আদিবাসী, সংখ্যালঘু আদিৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল।

30. প্ৰিভিপাৰ্চ বুলিলে কি বুজা? ১৯৭০ চনত ইন্দিৰা গান্ধীযে এইবােৰৰ বিলােপ সাধনত কি জোৰ দিছিল?
উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতবৰ্ষৰ লগত চামিলৰণৰ বিনিময়ত সেই ৰাজ্যৰ শাসকসকলৰ পৰিলবিলাকে কিছু ব্যক্তিগত সম্পত্তি লাভ কৰিছিল। আৰু তেওঁলােকৰ। উত্তৰাধিকাৰীসকলক চামিলকৰণ ৰাজ্যৰ আযৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুদান দিয়া হৈছিল। এই অনুদানকে ৰাজকীয় ৰাজ্যসমূহ’লৈ ৰাজকীয় সাহায্য বা প্ৰিভিসাৰ্চ বুলি বুজা যায়।

১৯৬৭ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ইন্দিৰা গান্ধীৰ চৰকাৰে প্ৰিভিপাৰ্চ’ বিলুপ্ত কৰিব লাগে বুলি উঠা দাবীৰ প্ৰতি সমৰ্থন জনাই আহিছিল। অৱশ্যে মােৰাৰজী দেশাইযে এনে দাবীক নৈতিকভাৱে ভুল বুলি অভিহিত কৰাৰ লগতে এনে কাৰই ৰাজন্যবৰ্গৰ পৰিয়ালৰ লগত বিশ্বাসঘাতকতা কৰাটো সূচাব বুলি ভাবিছিল। প্ৰিভিপাৰ্চ’ৰ কৰিবলৈ ১৯৭০ চনত চৰকাৰে সংবিধান সংশােধনৰ চেষ্টা কৰিছিল যদিও সংবিধান সংশােধনী বিধ্যেকথন ৰাজ্যসভাত অগ্ৰাহয় হৈছিল। ইন্দিৰা গান্ধীযে ১৯৭১ চনৰ নিৰ্বাচনত এই বিষয়টোক মূল নিৰ্বাচনী ইছু কৰিছিল আৰু ই ব্যাপক জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত লাভ কৰা বিশাল জযে ইন্দিৰা গান্ধীক সংবিধান সংশােধনৰ জৰিয়তে আহনী বাধা আঁতৰাই প্ৰিভিপাৰ্ট বিলুপ্ত কৰাৰ সুবিধা কৰি দিছিল।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top