ভাৰতৰ বৈদেশিক সম্পৰ্ক | Chapter 11 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 11 Notes | SEBA Class 12 HS Political Science Chapter 11 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 11 ভাৰতৰ বৈদেশিক সম্পৰ্ক | HS 2nd Year Political Science Questions and Answers Assam


ভাৰতৰ বৈদেশিক সম্পৰ্ক
(India’s Foreign Policy)

Very Short Type Questions and Answers (Marks : 1)

1. গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন বেলগ্ৰেডত ১৯৬০ / ১৯৬১ / ১৯৬২ চনত হৈছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৬১ চনত।

2. পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু (পাকিস্তান/ চীন/ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ) (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ চীন।

3. কাৰ্গিল বিবাদ সৃষ্টি হৈছিল (১৯৯৮/১৯৯৯/২০০০) চনৰ মে আৰু জুন মাহৰ ভিতৰত। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৯৯ চনত।

4. জনতা পাৰ্টীৰ চৰকাৰ ক্ষমতালৈ আহিছিল (১৯৭৬/১৯৭৭/১৯৭৮ ) চনত। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৭৭ চনত।

5. ১৯৯৮/১৯৯৯/২০০০ চনৰ ভিতৰত কাৰ্গিল যুদ্ধ হৈছিল? (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৯৯ চনত।

6. জনতা পাৰ্টীৰ চৰকাৰ ১৯৭৬/১৯৭৭/১৯৭৮ চনত ক্ষমতালৈ আহিছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৭৭ চনত।

7. গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন (NAM) ১৯৬০/১৯৬১/১৯৬২ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৯৬১ চনত।

8.বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠে_____ত।
উত্তৰঃ ১৯৭১ চনত।

9. ভাৰতে প্ৰথম পাৰমাণবিক বিস্ফোৰণ ঘটায়_____চনত।
উত্তৰঃ ১৯৭৪ চনৰ মে’ মাহত।

10. _____ ত চীনে আকস্মিকভাবে ভাৰতৰ ওপৰত আক্ৰমণ কৰে।
উত্তৰঃ ১৯৬২ চনত।

11. ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু_____ৰ মাজত।
উত্তৰঃ পাকিস্তানৰ মাজত।

12. কাৰ্গিল বিবাদ সংঘটিত হৈছিল_____ৰ মে’আৰু_____ৰ মাত।
উত্তৰঃ ১৯৯৯ চনৰ মে আৰু জুনৰ মাজত।

13. ভাৰতৰ বৈদেশিক নীতিৰ মূলনীতি এটা লিখা।
উত্তৰঃ শান্তি।

14. ছিমলা চুক্তি কোনে স্বাক্ষৰ কৰিছিল?
উত্তৰঃ ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো।

15. ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে?
উত্তৰঃ ৫১ নং অনুচ্ছেদত।

16. চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৯৬২ চনত।

17. চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন চনত মেক মােহন ৰেখা নিৰ্ধাৰণ কৰা হৈছিল?
উত্তৰঃ ১৯১৪ চনত।

18. বৈদেশিক নীতিৰ উপাদানসমূহ কি কি?
উত্তৰঃৰাষ্ট্ৰীয় স্বাৰ্থ আৰু নিৰাপত্তা।

19. কোন বছৰত চীনে তিব্বতক চামিল কৰি লয়?
উত্তৰঃ ১৯৫০ চনত।

20. ভাৰতীয় জাতীয় সৈন্যবাহিনীৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসু।

21. NEDA- ৰ সম্পূৰ্ণ নামটো লিখা।
উত্তৰঃ North – East Democratic Allience.

22. ভাৰতে কেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল?
উত্তৰঃ ১৯৭৪ চনত।

23. NEFA ই কি সূচায়?
উত্তৰঃ North East Frontier Agency.

24. প্ৰথমখন গােষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ বেলগ্ৰেড়ত।

25. নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ ৰাজীৱ গান্ধী।

26. ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ এটা প্ৰধান বিষয় কি
উত্তৰঃ কাশ্মীৰ বিষয়।

27. ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব থানৰদ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি?
উত্তৰঃ টাচকেণ্ট চুক্তি।

28. বৈদেশিক নীতি বুলিলে কি বুজা?
উত্তৰঃ বৈদেশিক নীতি হ’ল স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক পৰিচালনা কৰা নীতি।

29. গােলকীয় স্তৰত দুটা ৰাষ্ট্ৰ গােট বা নেতৃত্ব দিয়া মহাশক্তিধৰ দুই দেশৰ নাম লিখা।
উত্তৰঃ আমেৰিকা আৰু ছােভিয়েট ৰাছি।

30. কোন চনত বাংলাদেশ যুদ্ধ আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৭১ চনত।

31. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ আছে?
উত্তৰঃ ৫১ নং অনুচ্ছেদত।

32. ছিমলা চুক্তি কেতিয়া হৈছিল?
উত্তৰঃ ১৯৭২ চনত।

33. ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন?
উত্তৰঃ জৱাহৰলাল নেহৰু।

34. কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল?
উত্তৰঃ পাকিস্তানে।

35. আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ কেপ্তেইন সােহান সিং।

36. ছিমলা চুক্তি কোনে স্বাক্ষৰ কৰিছিল?
(ক) ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো।
(খ) দালাইলামা আৰু ইন্দিৰা গান্ধী।
(গ) জৱাহৰলাল নেহৰু আৰু মিঃ ভূট্টো।
উত্তৰঃ (ক) ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো।

Short Type Questions and Answers (Marks : 2)

1. বৈদেশিক নীতি বুলিলে কি বুজা?
উত্তৰঃ কোনাে এখন স্বাধীন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে যি নীতি গ্ৰহণ কৰে তাকে বৈদেশিক নীতি বুলি বুজা যায়।

2. ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূলনীতি লিখা।
উত্তৰঃ (ক) গােষ্ঠী নিৰপেক্ষতাবাদ।
(খ) ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস।

3. চীনৰ সৈতে বিবাদৰ দুটা প্ৰধান বিষয় উল্লেখ কৰা।
উত্তৰঃ (ক) সীমা বািবদ আৰু
(খ) তিব্বতক লৈ বিবাদ।

4. বেনদাং সন্মিলনৰ তাৎপৰ্য কি?
উত্তৰঃ ১৯৬১ চনত গােষ্ঠীনিৰপেক্ষ আন্দোলনে পূৰ্ণৰূপ লােৱাৰ পূৰ্বে ১৯৬৫ চনত ইন্দোনেছিয়াত অনুষ্ঠিত হােৱা বেনদাং সন্মিলনে এই। ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই সন্মিলনখন এছ্যিা আফ্ৰিকাৰ নতুনকৈ স্বাধীন হােৱা ৰাষ্ট্ৰসমূহৰ লগত ভাৰত লগ লগাৰ শীৰ্ষবিন্দু আছিল।

5. বৈদেশিক নীতিৰে সম্পৰ্কিত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ যিকোনাে এটা উল্লেখ কৰা।
উত্তৰঃ (ক) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা অক্ষুন্ন ৰখা।

6. ডিমলা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা।
উত্তৰঃ ছিমলা চুক্তিৰ দুটা চৰ্ত হ’ল —
(ক) বুজা – পৰা, মধুৰ আৰু স্থায়ী সম্পৰ্ক ৰক্ষা কৰা আৰু দীৰ্ঘম্যাদী শান্তি বজাই ৰখা।
(খ) শান্তি আৰু নিৰাপত্তাৰ ওপৰত ভিত্তি কৰি কোনাে ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ ঘৰুৱা বিষ্যত হস্তক্ষেপ নকৰিব।

7. জাতীয় স্বাৰ্থৰ মুখ্য উপাদানবােৰ কি কি?
উত্তৰঃ নিৰাপত্তা, জনমত ইত্যাদি।

8. ভাৰতৰ বিদেশ নীতিযে দেশখনৰ ৰাষ্ট্ৰীয় স্বাৰ্থক সুৰক্ষা দিবলৈ কিমানখিনি সক্ষম হৈছে?
উত্তৰঃ ভাৰতে বিশ্বৰ সকলাে ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে যাৰ ফলত বিভিন্ন চুক্তি স্বাক্ষৰিত হৈছে ভাৰত আৰু অন্য ৰাষ্ট্ৰৰ মাজত বিভিন্ন ক্ষেত্ৰত যিযে ভাৰতৰ বাবে উন্নয়নৰ পথত এটপ আগুৱাই যােৱাত সহায়ক হৈছে।

9. ভাৰতৰ বৈদেশিক নীতিৰ পৰিপ্ৰেক্ষিতত শান্তিপূৰ্ণ সহাৱস্থানৰ গুৰুত্ব লিখা।
উত্তৰঃ শান্তিপূৰ্ণ সহাৱস্থান নীতিত বিশ্বাসী ভাৰতৰ বৈদেশিক নীতিৰ এটা প্ৰধান বৈশিষ্ট্য। ভাৰতে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। পঞ্চশীল নীতিৰ জৰিয়তে এছিয়াৰ দেশসমূহৰ লগতেনহয় বিশ্বৰ অন্যান্য দেশৰ লগতাে সম্পৰ্ক স্থাপন কৰিছে।

10. এখন দেশৰ বৈদেশিক নীতিত প্ৰভাৱ পেলােৱা কাৰকসমূহ কি কি?
উত্তৰঃ (ক) ৰাষ্ট্ৰীয় স্বাৰ্থ
(খ) অৰ্থনৈতিক উন্নয়ন
(গ) সাৰ্বভৌমত্ব ৰক্ষা কৰা
(ঘ) হস্তক্ষেপ নকৰিব।

11. ভাৰতৰ বৈদেশিক নীতিৰ প্ৰসংগত শান্তিপূৰ্ণ সহাবস্থানৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ শান্তিপূৰ্ণ সহাৱস্থান নীতিত বিশ্বাসী ভাৰতৰ বৈদেশিক নীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে ভাৰতে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত। বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। পঞ্চশীল নীতিৰ জৰিয়তে এছিয়াৰ দেশসমূহৰ লগতে নহয় বিশ্বৰ অন্যান্য দেশৰ লগতে সম্পৰ্ক স্থাপন। কৰিছে।

12. ভাৰতে স্বতন্ত্ৰ স্থিতি লােৱা আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ দুটা উদাহৰণ। দিয়া।
উত্তৰঃ সন্ত্ৰাসবাদ দমন আৰু মানৱ অধিকাৰ ৰক্ষা কৰা।

13. ভাৰতে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত কি নীতিৰ ভিত্তিত সম্বন্ধ স্থাপন কৰিছিল তাৰে দুটা নীতি লিখা।
উত্তৰঃ (ক) শান্তিপূৰ্ণ সহাৱস্থান।
(খ) আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি।

14. শান্তিপূৰ্ণ সহাবস্থান বুলিলে কি বুজা?
উত্তৰঃ শান্তিপূৰ্ণ সহাৱস্থান মানে শান্তিপূৰ্ণভাৱে চুবুৰীয়া দেশৰ সৈতে থকা বিবাদ নিষ্পত্তি কৰা। শান্তিপূৰ্ণ সহাৱস্থান ভাৰতৰ বৈদেশিক নীতি প্ৰধান বৈশিষ্ট্য।

15. কোনটো পদক্ষেপক ভৰত – চীন সম্পৰ্কৰ ধাৰক বুলি ভৱা হয়?
উত্তৰঃ ১৯৫৪ চনৰ ২৯ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰু আৰু চীনদেশৰ প্ৰধানমন্ত্ৰী চৌএন লাইযে শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা নীতিৰে গঠিত পঞ্চশীল চুক্তিপত্ৰত যুটীয়াভাৱে স্বাক্ষৰ কৰিছিল। এই গুৰুত্বপূৰ্ণ পদক্ষেপকে ভাৰত – চীন সম্পৰ্কৰ ধাৰক বুলি ভৱা হয়।

16. ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূল নীতি কি কি?
উত্তৰঃ (ক) গােষ্ঠী নিৰপেক্ষতা।
(খ) শান্তিপূৰ্ণ সহৰস্থান।

17. নেহৰুৰ বৈদেশিক নীতিৰ যিকোনাে দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ (ক) ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা।
(খ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

18. পঞ্চশীল বুলিলে কি বুজা?
উত্তৰঃ ভাৰত আৰু চীনদেশৰ মাজত গঢ়ি তােলা পাঁচটা নীতিক পঞ্চশীল নীতি বুলি কোৱা হয় যাৰ নেতৃত্ব বহন কৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। ১৯৫৪ চনত ‘ পঞ্চশীল নীতি গ্ৰহণ কৰা হৈছিল।

19. ভাৰতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ সৈতে গঢ়ি তােলা সম্পৰ্ক ভেটি স্বৰূপ দুটা নীতি লিখা।
উত্তৰঃ (ক) শান্তিপূৰ্ণ সহাৱস্থান।
(খ) আভ্যন্তৰীণ বিষযত অহস্তক্ষেপ নীতি।

20. পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত উত্তেজনাৰ দুটা বিষ্য উল্লেখ কৰা।
উত্তৰঃ (ক) কাশ্মীৰ সমস্যা।
(খ) সন্ত্ৰাসবাদী সমস্যা।

21. নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ (ক) ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা।
(খ) ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষযত হস্তক্ষেপ নকৰা।

22. পঞ্চশীল পাঁচটা নীতি কোন বছৰত আৰু কোনে ঘােষণা কৰিছিল?
উত্তৰঃ ১৯৫৪ চনত ‘পঞ্চশীল পাঁচটা নীতি ঘােষণা কৰা হৈছিল আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নেতৃত্ব বহন কৰিছিল।

23. NPT আৰু CTBT ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰঃ NPT = Non Nuclear Proliferation Treaty.
CTBT = Comprehensive Test Ban Treaty.

Long Type Questions and Answers (Marks : 4/6)

1. এখন দেশৰ বৈদেশিক নীতিত কি কি উপাদানে প্ৰভাৱিত কৰে?
উত্তৰঃ (ক) ভৌগােলিক পৰিস্থিতি।
(খ) ঐতিহাসিক পটভূমি।
(গ) জাতীয় স্বাৰ্থ ৰক্ষা।
(ঘ) গােষ্ঠী নিৰপেক্ষ নীতি।

2. ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ প্ৰসংগৰে ভাৰত – পাক সম্পৰ্ক বিশ্লেষণ কৰা।
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তানে আৰু ১৫ আগষ্ট। তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে কাশ্মীব সমস্যা। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘতাে উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়ােখন দেশৰ মাজত এখন যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ। ফলত পুয়ােখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়ােখন।
দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু প্ৰকাৰে উন্নত হােৱা নাই।

3. ভাৰতে কি গােষ্ঠীনিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰিছে?
উত্তৰঃ পৃথিৱীৰ দুটা মহাশক্তিযে আধিপত্যক লৈ যুদ্ধ কৰা আমেৰিকা আৰু আনফালে থকা ৰাছ্যিই বহু সৰু সৰু ৰাষ্ট্ৰক নিজৰ অধীনলৈ আনিছিল। সেইসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী। পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাবিছিল যে যদি ভাৰতে কোনাে এটা মহাশক্তিক সমৰ্থন কৰে তেন্তে আন ৰাষ্ট্ৰবােৰে ভাৰতক কেতিয়াও সহায়ৰ হাত আগবঢ়াব। গােষ্ঠীনিৰপেক্ষতাত বিশ্বাসী ভাৰতে কোনাে এখন মহাশক্তিধৰ দেশক সমৰ্থন নকৰি নিৰপেক্ষভাৱে থাকিব বিচাৰিছিল। অৱশেষত, ভাৰতে গােঙ্গীনিৰপেক্ষতাবাদ নীতি অৱলম্বন কৰি গােটেই বিশ্বৰ ৰাষ্ট্ৰৰ পৰা সহায় – সহযােগ পাইছিল।

READ MORE  ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ | Chapter 15 | Class 12 Political Science - AHSEC

4. ভাৰতৰ বৈদেশিক নীতিৰ স্থপতিগৰাকী কোন আছিল? নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা মূল উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ জৱাহৰলাল নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি আছিল। কাৰণ তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছােৱাতে ভাৰতৰ বৈদেশিক নীতিৰ ভেটি ৰচনা কৰা হৈছিল।
নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা মূল উদ্দেশ্য হল—
(ক) কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা।
(খ) দেশৰ অখণ্ডতা ৰক্ষা কৰা।
(গ) দ্ৰুত অৰ্থনৈতিক বিকাশ।

5. নিৰীকৰণৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?
উত্তৰঃ ভাৰতত জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ বিৰােধিতা কৰিছিল আৰু সেয়েহে তেওঁ সুসংহত পাৰমাণৱিক নিৰীকৰণৰ ওপৰত আবেদন জনাইছিল। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পােৱাত ৰাষ্ট্ৰসংঘই এনে পৰিস্থিতিত পাৰমাণবিক নিৰীকৰণৰ চুক্তিৰ ব্যৱস্থা কৰে। ভাৰতে ১৯৬৩ চনত আংশিক। পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰে। পাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনােৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। ১৯৯৯ চনত ভাৰতে। বিশ্বাসযােগ্য নূন্যতম প্ৰাধিকৰণৰ আধাৰত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে আৰু ভাৰতে ভৱিষ্যতে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হয়। ভাৰতে সুসংহত পাৰমাণৱিক
পৰীক্ষা নিষিদ্ধকৰণ চুক্তিৰ পৰা বিৰত আছে। ভাৰতে আণবিক শক্তি শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সন্মান জনাই আহিছে।

6. বৈদেশিক নীতি সন্দৰ্ভত সহমত। চমুটোকা লিখা।
উত্তৰঃ বৈদেশিক নীতি সন্দৰ্ভত সহমত :- কোনাে এখন স্বাধীন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে যি নীতি গ্ৰহণ কৰে তাকে বৈদেশিক নীতি বােলা হয়। আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি আছিল। তেওঁ গ্ৰহণ কৰা বৈদেশিক নীতিৰ জৰিয়তে ‘ দেশৰ অৰ্থনৈতিক বিকাশক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ। উন্নত ৰাষ্ট্ৰবােৰৰ সৈতে ভাল। সম্পৰ্ক বজাই ৰাখিব বিচাৰিছিল।

7. ভাৰত – পাক সম্পৰ্ক। চমুটোকা লিখা।
উত্তৰঃ ভাৰত – পাক সম্পৰ্ক :- ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে কিস্তানে আৰু ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে কাশ্মীৰ সমস্যা। ১৯৪৭ চনত দুয়ােখন দেশৰ মাজত এখন যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়ােখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়ােখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল।

8. ভাৰতৰ বৈদেশিক নীতিত গােষ্ঠী নিৰপেক্ষতা। চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিত গােষ্ঠী নিৰপেক্ষতা :- পৃথিৱীৰ দুটা মহাশক্তিযে আধিপত্যক লৈ যুদ্ধ কৰা আমেৰিকা আৰু আনফালে থকা ৰাছিযাই বহু সৰু সৰু ৰাষ্ট্ৰক নিজৰ অধীনলৈ আনিছিল। গােষ্ঠীনিৰপেক্ষতানীতিত বিশ্বাসী ভাৰতে কোনাে এখন মহাশক্তিধৰ দেশ আমেৰিকা বা ৰাছ্যিাক সমৰ্থন নকৰি নিৰপক্ষেভাৱে থাকিব। বিচাৰিছিল। ভাৰতে গােষ্ঠীনিৰপেক্ষতাবাদ নীতি অৱলম্বন কৰি গােটেই বিশ্বৰ ৰাষ্ট্ৰৰ পৰা সহায় – সহযােগিতা পাইছিল।

9. পঞ্চশীলৰ ভূমিকা। চমুটোকা লিখা।
উত্তৰঃ পঞ্চশীল ভূমিকা :- তিব্বত সম্পৰ্কত ভাৰত আৰু চীনদেশৰ মাজত পাঁচটা নীতিৰ আধাৰত ১৯৫৪ চনত যি চুক্তি স্বাক্ষৰিত হৈছিল সেই নীতিক পঞ্চশীল নীতি বুলি কোৱা হয়।

সেই নীতিসমূহ হ’ল—
(১) আন দেশক আক্ৰমণৰ পৰা বিৰত থকা।
(২) প্ৰত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা।
(৩) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।
(৪) শান্তিপূৰ্ণ সহ – অৱস্থানৰ নীতিত গুৰুত্ব দিয়া।
(৫) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া।

10. কাৰ্গিল মতানৈক্য। চমুটোকা লিখা।
উত্তৰঃ কাৰ্গিল মতানৈক্য :- ১৯৯৯ চনৰ আগভাগত মাচকহ, ড্ৰাচ, কেৰ্চাৰ আৰু বাটালিক অঞ্চলৰ এক্তিয়াৰ সীমাৰেখাৰ ভাৰতৰ পিনৰ বহুকেইখন স্থানত মােজাহিদীন বুলি দাবী কৰা অস্ত্ৰধাৰীযে দখল কৰিছিল। পাকিস্তানৰ সামৰিক বাহিনী লিপ্ত থকাৰ সন্দেহ কৰি ভাৰতীয় সামৰিক বাহিনীযে এই দখলৰ বিপৰীতে ব্যৱস্থা ল’বলৈ আৰম্ভ কৰে। এইটোৱে দুয়ােখন দেশৰ মাজত সংঘৰ্যৰ সূত্ৰপাত কৰে। ইয়াকে কাৰ্গিল বিবাদ’বুলি জনা যায়। এই বিবাদ ১৯৯৯ চনৰ মে – জুন মাহলৈকে চলিছিল।

11. ভাৰতৰ পাৰমাণৱিক নীতি। চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ পাৰমাণৱিক নীতি :- ১৯৭৪ চনৰ মে’ মাহত ঝতে পােন প্ৰথমে পাৰমাণৱিক বিস্ফোৰণ কাৰ্য সম্পাদন কৰে। নেহৰুৱে আধুনিক ভাৰতৰ দ্ৰুত বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত। অত্যধিক গুৰুত্ব আৰােপ কৰিছিল। ভাৰতৰ কাৰণে পাৰমাণৱিক। আঁচনিৰ জৰিয়তে পিল্লাৰ আঁচনি ১৯৪০ চনত হােমি, জে, ভাবাই প্ৰস্তুত কৰিছিল। ভাৰতে শান্তিৰ কাৰণে পাৰমাণৱিক শক্তি উৎপাদন। কৰিছিল। ভাৰতে যেতিয়া প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰে তেতিয়া ই্যাক শান্তিপূৰ্ণ অনুসন্ধান বুলি অভিহিত কৰিছিল। ভাৰতে। পাৰমাণবিক শক্তি শান্তিৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।

12. ভাৰতৰ প্ৰধানমন্ত্ৰীযে চীন ভ্ৰমণলৈ যাব আৰু তেওঁৰ বাবে এটা টোকা প্ৰস্তুত কৰিবলৈ তােমাক কোৱা হৈছে। সীমান্ত আৰু অৰ্থনৈতিক সহযােগিতা সম্পৰ্কত ভাৰতীয় আৰু চীন উভয়ৰে অৱস্থিতিৰ বিষয়ে এটা দিশ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰত আৰু চীনদেশ দুয়ােখন দেশৰ মাজত সংঘৰ্ষ থাকিলেও বৰ্তমান কিছুক্ষেত্ৰত সম্পৰ্ক উন্নত হৈছে। ২০১৮ চনত বৈদেশিক সচিব বিজ গােখলেই বেইজিং গৈছিল দুয়ােখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ।। ২০০৮ চনত চীনদেশ ভাৰতৰ এক বৃহৎ ব্যৱসায়ীক সহযােগী হিচাপে থিয় দিছিল। ২০১৪ চনত নৰেন্দ্ৰ মােদী ভাৰতৰ প্ৰধানমন্ত্ৰী হােৱাৰ পিছত চীনৰ ৰাষ্ট্ৰপতি জি জিং পিঙে ভাৰতলৈ আহিছিল।

13. ভাৰত আৰু চীনদেশৰ সম্বন্ধ আলােচনা কৰা।
উত্তৰঃ চীনে ভাৰতৰ পশ্চিম আৰু পূৰ্ব সীমান্তত থকা দুটা অঞ্চল দাবী কৰি আহিছিল। স্যো হ’ল আকচাই চীন অঞ্চল আৰু জম্মু – কাশ্মীৰৰ লাউথ অঞ্চল। ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ। অৰুণাচলৰ বহু অঞ্চল ১৯৫৭-৫৯ চনৰ ভিতৰতে চীনে আকচাই চীন অঞ্চল দখল কৰে আৰু এটা ৰাস্তাও বান্ধে। দুৰ্যোখন দেশৰ নেতাৰ। মাজত বহু আলােচনাৰ পিছতাে কোনাে সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। দুয়ােখন দেশৰ সেনাৰ মাজত সীমান্তত সততে যুঁজ বাগৰ পৰিলক্ষিত হ’ল।

চীনে ১৯৬২ চনৰ অক্টোবৰ মাহত বিবাদ হােৱা দুয়ােটা অঞ্চলত। আক্ৰমণ চলায় আৰু অৰুণাচলৰ বহু অঞ্চল দখল কৰে। দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ পিচৰ মাহত আৰম্ভ হয়। ভাৰতীয় সেনাই পশ্চিম অঞ্চলৰ। লাড়াখত চীনৰ সেনাক বাধা প্ৰদান কৰে। শেষত চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰে। সমসাময়িক কালতাে ভাৰত আৰু চীনৰ মাজত এক যুদ্ধময় পৰিৱেশ বিৰাজ কৰি আহিছে।

14. বহিঃসম্পৰ্ক বিষয়ক ভাৰতৰ নীতিৰ মূল উদ্দেশ্য কি?
উত্তৰঃ বহিঃসম্পৰ্ক নীতিৰ অন্যতম মূল বৈশিষ্ট্য হ’ল গােষ্ঠীনিৰপেক্ষতা অৱলম্বন কৰা। গােষ্ঠীনিৰপেক্ষতাই ৰাষ্ট্ৰসমূহৰ সাম্ৰাজ্যবাদ, উপনিবেশবাদ, বৰ্ণ বৈষম্যতা আৰু বৃহৎ শক্তিগগাষ্ঠীৰ পৰা মুক্ত হৈ স্বতন্ত্ৰভাৱে আৰু শান্তিপূৰ্ণ নীতিৰে বৈদেশিক সম্পৰ্ক স্থাপনত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ গুৰি ধৰােতা আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। বহিঃসম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে কিছুমান পন্থা হাতত লৈছিল। সেইবােৰ হ’ল—
(ক) বেলেগ দেশৰ আভ্যন্তৰীণ বিষযত হস্তক্ষেপ নকৰি শান্তিপূৰ্ণভাৱে বিবাদ বা সমস্যা। সমাধান কৰিব বিচাৰিছিল।
(খ) যিকোনাে সিদ্ধান্ত গুৰুত্ব সহকাৰে লৈ সমস্যা সমাধান কৰিছিল।

15. নিৰপেক্ষতা ( অপক্ষপাতিত্ব) আৰু গােষ্ঠী নিৰপেক্ষতাৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা।
উত্তৰঃ (ক) গােষ্ঠী নিৰপেক্ষতা এটা সক্ৰিযা বা গঠনমূলক নীতি। কিন্তু নিৰপেক্ষতা সক্ৰিয়া বা গঠনমূলক নহ’বও পাৰে।
(খ) গােষ্ঠী নিৰপেক্ষতাই বৰ্ণ বৈষম্য নীতিৰ বিৰােধিতা কৰে। কিন্তু নিৰপেক্ষতাই বৰ্ণ বৈষম্য নীতিৰ বিৰােধিতা নকৰিবও পাৰে।
(গ) গােষ্ঠী নিৰপেক্ষতাই শান্তিপূৰ্ণ সহাৱস্থাননীতিত বিশ্বাসী। কিন্তু নিৰপেক্ষতাই শান্তিপূৰ্ণ সহাৱস্থান নীতিত বিশ্বাসী নহয়।
(ঘ) গােষ্ঠী নিৰপেক্ষতাই ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস কৰে। কিন্তু নিৰপেক্ষতাই ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস নকৰে।

16. ভাৰতৰ পাৰমাণৱিক নীতিৰ যিকোনাে দুটা দিশ ব্যাখ্যা কৰা
উত্তৰঃ ভাৰতবৰ্ষৰ পাৰমাণৱিক নীতিৰ দুটা দিশ হল-
(ক) ১৯৭৪ আৰু ১৯৯৮ চনত ভাৰতৰদ্বাৰা পাৰমাণবিক শক্তি উদঘাটনৰ ফলস্বৰূপে। ভাৰত পৃথিৱীৰ ভিতৰত ষষ্ঠ আণবিক শক্তিৰ দেশ হৈছিল।
(খ) ভাৰতৱৰ্ষৰ নিৰস্ৰীকৰণ নীতিৰ সমৰ্থন কৰিছিল আৰু আণৱিক শক্তিদ্বাৰা আহৰণ কৰা আণৱিক অস্ত্ৰৰ ব্যৱহাৰ অগ্ৰাহয় কৰিছিল। ভাৰতৱৰ্যই ঘােষণা কৰিছিল যে ভাৰতে জীয়াই থকা আৰু জীয়াই। থাকিবলৈ দিয়া ‘নীতিত বিশ্বাস কৰে আৰু আণৱিক অস্ত্ৰসমূহ আত্মৰক্ষাৰ বাবেহে মাত্ৰ ব্যৱহাৰ কৰা উচিৎ।

17. নেহৰুৰ যুগত এছ্যিা – আফ্ৰিকা ঐক্যৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ ১৯৪০ আৰু ১৯৫০ দশকৰ গােটেই সময়ছােৱাত নেহৰু এছ্যিাৰ একতাৰ বাবে উগ্ৰ সমৰ্থক আছিল। তেওঁৰ নেতৃত্বত ভাৰত স্বাধীন হােৱাৰ পাঁচমাহৰ আগতে ১৯৪৭ চনৰ মাৰ্চ মাহত ভাৰতে এছ্যিা সম্বন্ধীয় সন্মিলন আহ্বান কৰিছিল। ইণ্ডোনেছ্যিাই ডাচ্ছসকলৰ ঔপনিৱেশিক শাসনৰ পৰা সােনকালে স্বাধীন পােৱাটো ভাৰতে। আন্তৰিকতাৰে কামনা কৰিছিল আৰু সেইকাৰণে ১৯৪৯ চনত এখন আন্তৰ্জাতিক সন্মিলন আহ্বান কৰি স্বাধীন সংগ্ৰাম সমৰ্থন বিচাৰিছিল। উপনিৱেশ মুক্ত কৰাৰ পদ্ধতিত ভাৰতৰ দৃঢ় সমৰ্থন আছিল। জাতিভেদ, বিশেষভাৱে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ – বৈষম্যক দৃঢ়ৰূপে বিৰােধিতা। কৰিছিল। সাধাৰণতে বেনদাং সন্মিলন নামে জনাজাত ১৯৫৫ চনৰ ইণ্ডোনেছ্যিাৰ বেনদুং চহৰত হােৱা এফ্ৰ – এছ্যিান ( Afros Asian) সন্মিলনথনে এছিয়া আৰু আফ্ৰিকাৰ নতুনকৈ স্বাধীন হােৱা ৰাষ্ট্ৰসমূহৰ লগত ভাৰত লগ লগাৰ শীৰ্ষ বিন্দু আছিল।

18. পঞ্চশীলৰ মূলনীতি সমূহ লিখা।
উত্তৰ ভাৰত আৰু চীনৰ মাজত গঢ়ি উঠা পাঁচটা নীতিক পঞ্চশীল নীতি বােলে। সেইবােৰ হ’ল—
(ক) আন দেশক আক্ৰমণৰ পৰা বিৰত থকা।
(খ) প্ৰত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা।
(গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।
(ঘ) শান্তিপূৰ্ণ সহ – অৱস্থানৰ নীতিত গুৰুত্ব দিয়া।
(ঙ) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া।

19. কাশ্মীৰ সমস্যা প্ৰসংগত এটা চমুটোকা লিখা।
উত্তৰঃ ১৯৪৭ চনৰ পূৰ্বতে জম্মু – কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল। বৃটিছে স্বাধীনতা প্ৰদানৰ সময়ত ইয়াক ভাৰত অথবা পাকিস্তান কোনাে এখন দেশতে অন্তৰ্ভুক্ত নকৰি স্ব নিৰ্বাচনৰ সুবিধা দিছিল যদিও হঠাৎ। পাকিস্তানী জমজাতীয় সৈন্যৰ আক্ৰমণৰ বলি হােৱাত মহাৰজা হৰি সিঙে জম্মু – কাশ্মীৰক ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত চহী কৰি পাকিস্তানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কিন্তু পৰৱৰ্তী সময়ত চামিলকৰণ চুক্তিৰ প্ৰতিটো দফা পূৰ্ণপৰ্যায়ত কাৰ্যকৰী নকৰাত কাশ্মীৰী লােকসকলৰ মনত ক্ষৈাভৰ উদগীৰণ হয়।
তাৰােপৰি, ভৌগােলিক অৱস্থান আৰু মুছলমান সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত পাকিস্তানে কাশ্মীৰক নিজৰ অন্তৰ্ভুক্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল।

20. চীনৰ সৈতে বিবাদৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা উল্লেখ কৰা।
উত্তৰঃ চীনে ভাৰতৰ পশ্চিম আৰু পূৰ্ব সীমান্তত থকা দুটা অঞ্চল দাবী কৰি আহিছিল, সে হ’ল আকচাই চীন অঞ্চল আৰু জম্মু – কাশ্মীৰৰ লাডথ অঞ্চল। ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ। অৰুণাচলৰ বহু অঞ্চল। ১৯৫৭-৫৯ চনৰ ভিতৰতে চীনে আকচাই চীন। অঞ্চল দখল কৰে আৰু এটা ৰাস্তাও বান্ধে। দুয়ােখন দেশৰ নেতাৰ মাজত বহু আলােচনাৰ পিছতাে কোনাে সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। দুয়ােখন দেশৰ সেনাৰ মাজত সীমান্তত সততে যুঁজ-বাগৰ। পৰিলক্ষিত হ’ল।

READ MORE  সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science - AHSEC

চীনে ১৯৬২ চনৰ অক্টোবৰ মাহত বিবাদ হােৱা দুয়ােটা অঞ্চলত আক্ৰমণ চলায আৰু অৰুণাচলৰ বহু অঞ্চল দখল কৰে। দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ পিচৰ মাহত আৰম্ভ হয়। ভাৰতীয় সেনাই পশ্চিম অঞ্চলৰ লাড়াখত চীনৰ সেনাক বাধা প্ৰদান কৰে। শেষত চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰে। সমসাময়িক কালতাে ভাৰত আৰু চীনৰ। মাজত এক যুদ্ধম্য পৰিৱেশ বিৰাজ কৰি আহিছে।

গতিকে এনেদৰে একোটা বিশেষ বিশেষ ক্ষেত্ৰ দাবী কৰা বিষয়ক কেন্দ্ৰ কৰি উৎপত্তি হােৱা বিবাদৰ ফলস্বৰূপে ভাৰত – চীন সম্পৰ্কত কেৰােণ লাগিছিল।

21. ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ বিষয়ে এটা চমুটোকা লিখা।
উত্তৰঃ ভাৰত ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য। গােটেই পৃথিৱীৰ পৰা মাত্ৰ পাঁচখন ৰাষ্ট্ৰই স্থায়ী সদস্য পদ লাভ কৰিছে। প্ৰতিবছৰে ভাৰতে ৰাষ্ট্ৰসংঘলৈ টকাৰ অনুদান আগবঢ়াই আছে। জনসংখ্যা আৰু। অৰ্থনৈতিক ক্ষেত্ৰত টনকিল হােৱাৰ বাবে ভাৰতে স্থায়ী পদৰ আসন লাভ বাবে দাবী কৰি আহিছে। ভাৰৱহ ৰাষ্ট্ৰসংঘৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা স্থাপন কৰি আহিছে। ভাৰতবৰ্ষইৰাষ্ট্ৰসংঘৰ চাদত। ঘােষিতলক্ষ্যত উপনীত হ’বলৈ সকলাে প্ৰকাৰৰ সহযােগিতা আগবঢ়াইআহিছে। অন্তিৰ্জাতিক সমস্যা সমাধানৰ মজিয়াত শান্তিপূৰ্ণ আলােচনাৰ জৰিয়তে মীমাংসা কৰানীতিক ভাৰতবৰ্ষই সমৰ্থন কৰি আহিছে।

22. ভাৰতে নিজৰ স্বাধীনতা উত্তৰ যুগত চীনলৈ কিদৰে সমৰ্থন আগবঢ়াইছে?
অথবাঃ ভাৰতে নিজৰ স্বাধীনতা উত্তৰ যুগত চীনলৈ কিদৰে সমৰ্থন আগবঢ়াইছে?
উত্তৰঃ আৰম্ভণিতে স্বাধীন ভাৰতৰ চীনৰ লগত বৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ। আছিল। ১৯৪৯ চনৰ চীন বিপ্লৱৰ পিছত চীনৰ কমিউনিষ্ট চৰকাৰক স্বীকৃতি দিয়া প্ৰথম দেশবােৰৰ ভিতৰত ভাৰতত আছিল। নেহৰুৱে পশ্চিম একাধিপত্যৰ পৰা পৰিত্ৰাণ পােৱা এই ওচৰ – চুবুৰীয়াৰ কথা বৰকৈ উপলব্ধি কৰিছিল আৰু আন্তৰ্জাতিক ক্ষেত্ৰত নতুন চৰকাৰখনক সহায় কৰিছিল। ১৯৫৪ চনৰ ২৯ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰু আৰু চীনদেশৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা। নীতিৰে গঠিত পঞ্চশীল চুক্তিপত্ৰত যুটীয়া স্বাক্ষৰত ভাৰত আৰু চীন দুয়ােখন দেশৰ ভিতৰৰ সম্বন্ধ গঢ়া এক শক্তিশালী পদক্ষেপ আছিল। ভাৰত আৰু চীনৰ নেতাসকলে ইজনে সিজনৰ দেশ ভ্ৰমণ কৰিছিল আৰু বিপুল সংখ্যক ৰাইজে আদৰণি জনাইছিল।

23. শান্তি আৰু সহযােগিতাৰ নীতিৰ মাজত প্ৰণয়ন কৰা হৈছিল ভাৰতৰ বৈদেশিক নীতি। কিন্তু ১৯৬২ আৰু ১৯৭২ চনৰ মাজৰ দহটা বছৰত ভাৰতে তিনিখনকৈ যুদ্ধত। অৱতীৰ্ণ হৈছিল। তুমি ই্যাক বৈদেশিক নীতিৰ এক ব্যৰ্থতা বুলি ক’বা নেকি?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম ভিত্তি হৈছে শান্তি আৰু সহযােগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে কৰা সম্পৰ্ক আৰু চুক্তিবােৰত ইয়াৰ প্ৰতিফলন ঘটিছে। কিন্তু ভাৰতে ১৯৬২ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত চীন আৰু পাকিস্তানৰ সৈতে তিনিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। সেয়েহে ভাৰতে গ্ৰহণ কৰা শান্তি আৰু সহযােগিতাৰ – নীতিক লৈ বহুতৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হৈছিল। কাৰণ যুদ্ধই কেতিয়াও শান্তি আৰু সহযােগিতাক নুবুজায। যুদ্ধৰ সৃষ্টি মানে হ’ল শান্তিভংগ আৰু সেই সময়ত সহযােগিতাৰ প্ৰশ্নই নাহে। বহুতৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হলেও অৱশ্যে উক্ত সময়ছােৱাত ভাৰতে। সন্মুখীন হােৱা যুদ্ধৰ বিষয়টো সুকীয়া আছিল।

কিয়নাে তিনিখন যুদ্ধতে ভাৰতে আক্ৰমণাত্মক নীতি গ্ৰহণ কৰা নাছিল। চীনে আকস্মিকভাৱে যি আক্ৰমণ কৰিছিল সেইটো ভাৰতৰ বাবে অতি দুখজনক আছিল। ১৯৬৫ চনৰ আৰু ১৯৭১ চনত পাকিস্তানৰ সৈতে হােৱা যুদ্ধৰ ক্ষেত্ৰতাে ই্যাৰ ব্যতিক্ৰম নহয়। এনেদৰে বিচাৰ কৰিলে। দেখা যায় যে চীন আৰু পাকিস্তান সৈতে হােৱা যুদ্ধই ভাৰতৰ শান্তি আৰু সহযােগিতাৰ নীতিৰ ওপৰত কোনাে প্ৰভাৱ পেলাব পৰা নাই।

24. গােষ্ঠীনিৰপেক্ষতাই অপক্ষপাতিত্ব বা নিৰাপদ দূৰত্ব এটাকে নুবুজায় ‘ মন্তব্য দিয়া।
উত্তৰঃ শীতল যুদ্ধৰ সময়ছােৱাত গােষ্ঠী নিৰপেক্ষ আন্দোলনে নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰ শান্তিপূৰ্ণ। ৰাজনীতি গঢ়ি তােলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই আন্দোলনে মহাশক্তিধৰৰ কবলৰ পৰা নিজকে মুক্ত ৰাখি। স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয় কৰাৰ ওপৰত গুৰুত্ব দিছিল।
গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ অৰ্থ আন্তৰ্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নহয়, অৰ্থাৎ আন্তৰ্জাতিক ৰাজনীতিত সংঘটিত কোনাে ঘটনাৰ ক্ষেত্ৰত এই দেশসমূহে কেনে অৱস্থান গ্ৰহণ নকৰিব বা কেনে ভূমিকা পালন নকৰিব গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ তেনে কোনাে লক্ষ্য নাছিল। এই আন্দোলনৰ মূল কথা। আছিল মহাশক্তিধৰ দেশৰ কবলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৰে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয়।

25. ভাৰতৰ আণৱিক আঁচনিৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ১৯৭৪ চনৰ মে মাহত ভাৰতে প্ৰথম আণৱিক উন্নীৰণ ঘটাইছিল। নেহৰুৱে দ্ৰুত গতিত এখন নতুন ভাৰত গঢ়াৰ কাৰণে বিজ্ঞান আৰু। কাৰিকৰী বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখিছিল। তেওঁ ঔদ্যোগীকৰণৰ। পৰিকল্পনাৰ এটা গুৰুতৰ অংশ হিচাপে ১৯৪০ চনত হমি . জে. ভাৱাৰ মাৰ্গ প্ৰদৰ্শনেৰে আণৱিক কাৰ্য তালিকা’ আৰম্ভ কৰিছিল। ভাৰতে ১৯৯৮ চনত এলানি আণৱিক পৰীক্ষা সম্পন্ন কৰি আণৱিক শক্তি সামৰিক কাৰ্যত ব্যৱহাৰ কৰিব পৰা ক্ষমতা প্ৰদৰ্শন কৰিছিল। ভাৰতে শান্তিপূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে আণৱিক শক্তি উৎপন্ন কৰিব বিচাৰিছিল। নেহৰুৱে আণৱিক অস্ত্ৰৰ বিৰােধিতা কৰিছিল। সেইকাৰণে তেওঁ বৃহৎ। শক্তিসমূহক বিস্তৃত আণৱিক নিৰীকৰণৰ বাবে আবেদন জনাইছিল।

26. ভাৰত – চীন সীমা বিবাদ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ চীনে ভাৰতৰ পশ্চিম আৰু পূৰ্ব সীমান্তত থকা দুটা অঞ্চল দাবী। কৰি আহিছে। সেয়া হ’ল আচাই চীন অঞ্চল আৰু জম্মু কাশ্মীৰৰ লাখ। অঞ্চল। ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচলৰ বহু অঞ্চল। ১৯৫৭-৫৯ চনৰ ভিতৰতে চীনে আকচাই চীন। অঞ্চল দখল কৰে আৰু এটা ৰাস্তাও বান্ধে। দুয়ােখন দেশৰ নেতাৰ মাজত বহু আলােচনাৰ পিছতাে কোনাে সিদ্ধান্তত উপনীত হ’ব পৰা নগৈছিল। দুয়ােখন দেশৰ সেনাৰ মাজত সীমান্তত সততে যুঁজবাগৰ পৰিলক্ষিত হ’ল।

চীনে ১৯৬২ চনৰ অক্টোবৰ মাহত বিবাদ হােৱা দুটো অঞ্চলত। আক্ৰমণ চলায় আৰু অৰুণাচলৰ বহু অঞ্চল দখল কৰে। দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ পিচৰ মাহত আৰম্ভ হয়। ভাৰতীয় সেনাইপশ্চিম অঞ্চলৰ লাডাখত চীনৰ সেনাক বাধা প্ৰদান কৰে। শেষত চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰে। সমসাময়িক কালতাে ভাৰত আৰু চীনৰ। মাজত এক যুদ্ধম্য পৰিৱেশ বিৰাজ কৰি আহিছে।

27. ছিমলা চুক্তিৰ বিষয়ে চমুটোকা লিখা।
উত্তৰঃ ১৯৭১ চনত বাংলাদেশ কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। পাকিস্তান পুনৰ পৰাজিত হৈছিল আৰু এক বৃহৎ ভূ – খণ্ড পাকিস্তানৰ পৰা পৃথক কৰি স্বাধীন দেশ হিচাপে বাংলাদেশ গঠিত হৈছিল। পিছত দুয়ােখন দেশৰ প্ৰধানমন্ত্ৰীযে ছিমলাত। মিলিত হৈছিল আৰু দুয়ােখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰিত কৰিছিল যিখনক ছিমলা চুক্তি, ১৯৭২’বুলি জনা যায়। দুয়ােখন দেশে। তেওঁলােকৰ মাজৰ সংঘৰ্ষ শান্তিপূৰ্ণভাৱে সমাধা কৰিব বুলি সমৰ্থন আগবঢ়াইছিল। ১৯৭২ চনৰ ৪ জুলাইত ভাৰত আৰু পাকিস্তান মাজত ছিমলা চুক্তি স্বাক্ষৰিত হয়।

এই চুক্তিৰ কিছুমান মূলনীতি হ’ল—
(ক) দুয়ােখন দেশে ইখনে আনখনৰ সাৰ্বভৌমত্ব, ভৌগােলিক অখণ্ডতাক সন্মান কৰিব।
(খ) দুয়ােখন দেশে তেওঁলােকৰ সংঘৰ্যসমূহপাৰস্পৰিক বুজাপৰা আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰে সমাধান কৰিব।
(গ) দুযােথন দেশে ইখনে আনখনক সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত সহায় – সহযােগিতা আগবঢ়াব।

28. পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন হােৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয়। ভাৰত – পাকিস্তানৰ সম্পৰ্ক। আৰম্ভণিৰে পৰা মধুৰ নহয়। ই্যাৰ প্ৰধান বিষয় হৈছে কাশ্মীৰ। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘটো উত্থাপিত হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়ােখন দেশৰ মাজত সিন্ধুজল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়ােখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল। আৰু দুয়ােখন। দেশৰ সম্পৰ্ক উন্নত কৰাত চুক্তিখনে সহায় কৰিছিল। ১৯৮৮ চনত বেনজিৰ ভুট্টো পাকিস্তান প্ৰধানমন্ত্ৰী হােৱাত দুয়ােখন দেশৰ সম্পৰ্ক। উন্নত হয়। ১৯৯৯ চনত সকলােবােৰ প্ৰচেষ্টা ব্যৰ্থ হয় আৰু কাৰ্গিল যুদ্ধ সংঘটিত হয়। বৰ্তমান সময়তাে দুয়ােখন দেশৰ সম্পৰ্ক কোনাে প্ৰকাৰে। উন্নত হােৱা নাই।

29. ভাৰতৰ বৈদেশিক নীতিযে এক গুৰুত্বপূৰ্ণ মালিক শক্তি হ’বলৈ কৰা দেশখনৰ আকাংক্ষাকে প্ৰতিপালিত কৰে নে? ১৯৭১ চনৰ। বাংলাদেশৰ যুদ্ধক এক উদাহৰণ হিচাপে লৈ এই প্ৰসংগত তােমাৰ মতামত আগবঢ়োৱা।
উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ নীতি হৈছে গােষ্ঠী নিৰপেক্ষতা। এই নীতি নিজে গ্ৰহণ কৰাৰ উপৰি ভাৰতে এছ্যিা আৰু আফ্ৰিকাৰ নতুনকৈ স্বাধীনতা লাভ কৰা। দেশসমূহকো গােষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল। ভাৰতে সকলাে। দেশৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাক সন্মান কৰিছিল। ভাৰতে। পাকিস্তানক বাধ্য কৰা নাছিল বাংলাদেশ স্বাধীনতা দিবলৈ। এই সিদ্ধান্তসম্পূৰ্ণ স্বাধীন সিদ্ধান্ত আছিল পূৰ্ব পাকিস্তান।

বহু হাজাৰ শৰাণাৰ্থী ভাৰতলৈ আহিছিল যিটোৱে নিৰাপত্তা আৰু খাদ্যজনিত সমস্যাৰ সৃষ্টি কৰিছিল ভাৰতত। তাৰ পিছত বাংলাদেশ যুদ্ধৰ সৃষ্টি কৰিছিল পাকিস্তানে কিন্তু ভাৰতে নহয়। বৰঞ্চ ভাৰতে পূৰ্ব পাকিস্তানক তেওঁলােকৰ সংগ্ৰামক সমৰ্থন কৰিছিল মূল পাকিস্তানৰ স্বৈৰাচাৰী শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত। গতিকে ক’ব পৰা যায় যে ভাৰতৰ কোনাে আকাংক্ষা নাছিল মাত্ৰ যুদ্ধ কৰিছিল। যিটো পাকিস্তানৰদ্বাৰা আৰােপিত আছিল।

30. প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভণিৰে পৰাই নিমজ নাছিল’- ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভণিৰে পৰাই নিৰ্মজ নাছিল বুলি কবলৈ হ’লে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তান আৰু চীনদেশৰ কথা উল্লেখ কৰিব পাৰি।

১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তানে আৰু ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক। আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে কাশ্মীৰ সমস্যা। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘটো উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়ােখন দেশৰ মাজত এখন যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়ােখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুযােথন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়ােখন দেশৰ সম্পৰ্ক উন্নত কৰাত এই চুক্তিথনে সহায় কৰিছিল। ১৯৯৯ চনত সকলােবােৰ প্ৰচেষ্টা ব্যৰ্থ হৈছিল আৰু কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। বৰ্তমানেও দুয়ােখন দেশৰ সম্পৰ্ক কোনাে প্ৰকাৰে উন্নত হােৱা নাই।

আকৌ, চীনদেশৰ লগতে ভাৰতৰ সম্পৰ্কত কেৰােণৰ সৃষ্টি হৈছিল। চীনে ভাৰতৰ পশ্চিম আৰু পূৰ্ব সীমান্তত থকা দুটা অঞ্চল দাবী কৰিছিল, স্যো হ’ল আকচাই চীন অঞ্চল আৰু জম্মু – কাশ্মীৰৰ লাডাথ অঞ্চল। ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচলৰ বহু অঞ্চল।

১৯৫৭-৫৯ চনৰ ভিতৰতে চীনে আকচাই চীন অঞ্চল দখল কৰে আৰু এটা বাস্তাও বান্ধে। দুয়ােখন দেশৰ নেতাৰ মাজত বহু আলােচনাৰ পিছতাে কোনাে সিদ্ধান্তত উপনীত হ’ব পৰা নগৈছিল। দুয়ােখন দেশৰ সেনাৰ মাজত সীমান্তত সততে যুঁজ – বাগৰ পৰিলক্ষিত হ’ল।

চীনে ১৯৬২ চনৰ অক্টোবৰ মাহত বিবাদ হােৱা দুটো অঞ্চলত আক্ৰমণ চলায় আৰু অৰুণাচলৰ বহু অঞ্চল দখল কৰে। দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ পিচৰ মাহত আৰম্ভ হয়। ভাৰতীয় সেনাই পশ্চিম অঞ্চলৰ লাডাখত চীনৰ সেনাক বাধা প্ৰদান কৰে। শেষত চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰে। সমসাময়িক কালতাে ভাৰত আৰু চীনৰ মাজত এক যুদ্ধময় পৰিৱেশ বিৰাজ কৰি আহিছে।

READ MORE  এক দলীয় প্ৰাধান্যৰ যুগ | Chapter 9 | Class 12 Political Science - AHSEC

31. এখন দেশৰ ৰাজনৈতিক নেতৃত্বই কিদৰে দেশখনৰ বৈদেশিক নীতিক প্ৰভাৱিত কৰে? ভাৰতৰ বৈদেশিক নীতিক উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰা।
উত্তৰঃ কোনাে এখন স্বাধীন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পৰ্ক। স্থাপন কৰাৰ – বাবে যিনীতি গ্ৰহণ কৰে সেইনীতিক বৈদেশিক নীতি বুলি কোৱা হয়। এখন দেশৰ ৰাজনৈতিক নেতৃবৃন্দই বৈদেশিক নীতি প্ৰস্তুত। কৰাৰ ক্ষেত্ৰত দেশখনৰ জাতীয় স্বাৰ্থ, ভৌগােলিক পৰিস্থিতি, অৰ্থনৈতিক উন্নয়ন ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক নীতি তৈয়াৰ কৰে।

ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম ভিত্তি হৈছে শান্তি আৰু সহযােগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে কৰা সম্পৰ্ক আৰু চুক্তিবােৰত। ইয়াৰ প্ৰতিফলন ঘটিছে। জৱাহৰলাল নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি আছিল। কাৰণ তেওঁৰ মন্ত্ৰীত্বৰ কালছােৱাতে ভাৰতৰ বৈদেশিক নীতিৰ ভেটি ৰচনা কৰা হৈছিল।

জৱাহৰলাল নেহৰুৱে সঁদায় দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ইয়াৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰি দেশৰ স্বাধীনতা যাতে বৃহৎ শক্তিগগাষ্ঠীদ্বাৰা খৰ্ব নহয় সেইটো বিচাৰিছিল। বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰ বিভাজনৰ।। সন্মুখীন হ’বলগীয়া নহয় সেইটো নিশ্চিত কৰিবলৈ নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।

নেহৰুৱে গ্ৰহণ কৰা বৈদেশিক নীতিৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবােৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বিচাৰিছিল।

32. তিব্বত মালভূমি ভাৰত আৰু চীনৰ মাজৰ উত্তেজনাৰ এটা বিষয় হৈছিল কিদৰে?
উত্তৰঃ মধ্য এছিয়াৰ তিব্বত নামৰ সমতল ভূমি ভাৰত আৰু চীনৰ মাজত ঐতিহাসিকভাৱে সৃষ্টি কৰা এটা প্ৰধান ঘটনা। ইতিহাসৰ মতে সময়ে সমযে চীনে তিব্বতৰ ওপৰত প্ৰশাসনিক প্ৰক্ৰিয়াৰ দাবী কৰি আহিছিল। ১৯৫০ চনত চীনে তিব্বত অধিকাৰ কৰে। বৃহৎ সংখ্যক। তিব্বতৰ জনসাধাৰণে এই অধিকৃতটো আপত্তি কৰিছিল। ১৯৫৪ চনৰ। ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত পঞ্চশীল চুক্তিৰ এটা দফা মতে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সম্মান জানাব। লাগে আৰু সেইকাৰণে ভাৰতে চীনৰ তিব্বতৰ ওপৰত কৰা দাবী স্বীকাৰ কৰিছিল।

১৯৫৬ চনত চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ চৰকাৰী ভাৰত ভ্ৰমণত তিব্বতৰ ধৰ্মগুৰু দালাই লামা তেওঁৰ লগত আহিছিল। তেওঁ নেহৰুক। তিব্বত শােচনীয় অৱস্থাৰ কথা জনাইছিল। ১৯৫৮ চনত চীনৰ দখলৰ বিপৰীতে তিব্বতত সশস্ত্ৰ বিদ্ৰোহ হৈছিল। ১৯৫১ চনত পৰিস্থিতি অতি ব্যে হােৱা যেন পাই দালাই লামা ভাৰতৰ সীমা পাৰ হৈ আহিছিল আৰু আশ্ৰয় লৈছিল। চীন চৰকাৰে এই ক্ষেত্ৰত ঘােৰ আপত্তি দৰ্শাইছিল। চীনে তিব্বতক চীনৰ অবিচ্ছেদ্য অংশ হিচাপে স্বায়ত্ত অঞ্চল গঠন কৰিছিল। তিব্বতীয়সকলে চীন ৰাষ্ট্ৰৰ অংশ হিচাপে কৰা দাবীত আপত্তি দশাইছিল। তেওঁলােকে তিব্বতলৈ বহু সংখ্যক চীনা বাসিন্দা সংস্থাপনৰ কাৰণে অহাত আপত্তি কৰিছিল।

তিব্বতীয়সকলে চীনে তিব্বতৰ পৌৰাণিক ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি হেয় জ্ঞান কৰিছিল বুলি ভাৱিছিল। তিব্বতীয় সংস্কৃতি দমনৰ খবৰ পােৱাৰ পিছত ভাৰত চৰকাৰ অস্থিৰ হ’বলৈ ধৰিছিল। চীনে অভিযােগ। কৰিছিল যে ভাৰত চৰকাৰে চীন বিদ্বেষী কাৰ্য ভাৰতৰ ভিতৰৰ পৰা কৰিবলৈ লৈছে। এইদবে তিব্বত মালভূমি ভাৰত আৰু চীনৰ মাজত এটা উত্তেজনাৰ বিষয় হৈ পৰিছিল।

33. বৈদেশিক নীতি বুলিলে কি বুজা? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ কোনাে এখন স্বাধীন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে যি নীতি গ্ৰহণ কৰে তাকে বৈদেশিক নীতি বুলি বুজা যায়। বৈদেশিক নীতি নিৰ্ধাৰণৰ বিভিন্ন কাৰকসমূহ হ’ল—
(ক) ভৌগােলিক পৰিস্থিতি :- ৰাষ্ট্ৰৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা হৈছে বৈদেশিক নীতিৰ মূল লক্ষ্য।

(খ) ঐতিহাসিক পটভূমি :- ভাৰত প্ৰায় দুশ বছৰ ব্ৰিটিছৰ অধীনত আছিল। গতিকে অন্য জাতিতকৈ ব্ৰিটিছবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক বৰ বেছি। দ্বিতীয় বিশ্বযুদ্ধ অথবা পৰিৱৰ্তিত পৰিস্থিতিত ব্ৰিটিছে ভাৰতক স্বাধীনতা প্ৰদান কৰিছে। এই ঐতিহাসিক পটভূমিৰ ওপৰত ভিত্তি কৰি ভাৰতে বৈদেশিক নীতি ৰচনা কৰিছে।

(গ) জাতীয় স্বাৰ্থ ৰক্ষা :- ৰাষ্ট্ৰ এখনৰ জাতীয় স্বাৰ্থৰ উন্নয়নৰ কাৰণেও বৈদেশিক নীতি ৰচনা কৰা হয়।

(ঘ) বিশ্বশান্তি :- ভাৰতৰ বৈদেশিক নীতিৰ আন এটা কাৰক হ’ল বিশ্বশান্তি প্ৰতিষ্ঠা কৰা।

(ঙ) ৰাষ্ট্ৰৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা :- ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে বৈদেশিক সাহায্যৰ দৰকাৰ আছিল। সেইবাবে ভাৰতে কোনাে এটা শক্তিগগাষ্ঠীৰ লগত যােগদান কৰা নীতি গ্ৰহণ কৰা নাছিল।

34. ভাৰতৰ বৈদেশিক নীতিৰ যিকোনাে চাৰিটা নিৰ্ণায়কৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা নিৰ্ণায়ক হ’ল—
(ক) ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা :- ভৌগােলিক পৰিস্থিতিযে এখন দেশৰ বৈদেশিক নীতিত যথেষ্ট প্ৰভাৱ পেলায়। ৰাষ্ট্ৰৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰাই হৈছে বৈদেশিক নীতিৰ মূল লক্ষ্য। ভাৰতে ই্যাৰ চাৰিওফালে বিয়পি থকাৰাষ্ট্ৰ যেনে— পাকিস্তান, চীন, ম্যানমাৰ, বাংলাদেশ আদিৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ উদ্দেশ্যে গােষ্ঠী নিৰপেক্ষ বৈদেশিক নীতি গ্ৰহণ কৰে।

(খ) ভাৰতৰ অৰ্থনৈতিক উন্নতি সাধনকৰা:- বৃটিছ শাসকসকলে ভাৰতক অৰ্থনৈতিকভাবে শশাষণ কৰিছিল যাৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনৈতিক অৱস্থা স্বাধীনতাৰ সময়ত ভাল নাছিল। ভাৰতে শৰণাৰ্থী সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। তাৰ পিছত, ভাৰত আৰু পাকিস্তান মাজত কাশ্মীৰ বিষযক লৈ যুদ্ধৰ সৃষ্টি হৈছিল। এনেকুৱা ধৰণৰ। পৰিস্থিতিৰ অধীনত ভাৰতে অৰ্থনৈতিক সাহায্য অন্য দেশৰ পৰা ল’ব লগা হৈছিল। যিহেতু ভাৰতবৰ্ষই অন্যান্য ধনী দেশসমূহৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছিল। গতিকে ভাৰতবৰ্ষৰ বাবে সকলাে দেশৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাটো প্ৰযোজনীয় আছিল।

(গ) ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰা :- অন্যান্য দেশৰ নিচিনাকৈ ভাৰতৰ বৈদেশিক নীতিও ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ হেতু ৰচনা কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বাৰ্থই ৰাষ্ট্ৰীয় ঐক্য, অখণ্ডতা, ৰাষ্ট্ৰীয় নিৰাপত্তা, সামাজিক। আৰু অৰ্থনৈতিক স্বাৰ্থ অন্তৰ্ভুক্ত কৰে। এই স্বাৰ্থসমূহৰ ওপৰত ভিত্তি কৰি সন্ধিসমূহ অন্যান্য দেশৰ সৈতে স্বাক্ষৰিত কৰা হয়।

(ঘ) ভাৰতৰ কলা কৃষ্টি আৰু সংস্কৃতি ৰক্ষা কৰা :- প্ৰাচীনকালৰ পৰাই ভাৰতবৰ্ষ এখন শান্তিপূৰ্ণ দেশ হয়। মহাবীৰ, বুদ্ধ, গুৰুনানক, গান্ধীজীৰ আদৰ্শই এক গভীৰ প্ৰভাৱ এৰি গৈছে। ভাৰতৰ কলা – কৃষ্টি আৰু সংস্কৃতিযে বৈদেশিক নীতি নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ নিৰ্ণায়কৰ ভূমিকা অৱলম্বন কৰিছে।

35. ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহৰ তালিকা দিয়া।
উত্তৰঃ জৱাহৰলাল নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ স্থাপতি আছিল। কাৰণ তেওঁৰ মন্ত্ৰীত্বৰ কালছােৱাতে ভাৰতৰ বৈদেশিক নীতিৰ ভেটি ৰচনা কৰা হৈছিল।
ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহ হ’ল—

(ক) কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সাৰ্বভৌমত্ব ৰক্ষা কৰা: জৱাহৰলাল নেহৰুৱে সদায় দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ই্যাৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰি দেশৰ স্বাধীনতা যাতে বৃহৎ শক্তিগগাষ্ঠীৰ দ্বাৰা খৰ্বনহয় সেইটো বিচাৰিছিল।

(খ) দেশৰ অখণ্ডতা ৰক্ষা কৰা:- বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰ বিভাজনৰ সন্মুখীন হ’বলগীয়া নহয় সেইটো নিশ্চিত কৰিবলৈ নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।

(গ) দ্ৰুত অৰ্থনৈতিক বিকাশ :- ভাৰতে গ্ৰহণ কৰা বৈদেশিক নীতিৰ। জৰিয়তে দেশখনৰ অৰ্থনৈতিক বিকাশত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। ই্যাৰ বাবে তেওঁ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবােৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰিছিল।

36. ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ আৰু বহিঃ নিৰ্ধাৰকসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ নিৰ্ধাৰকসমূহ হ’ল—
(ক) ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষা প্ৰদান কৰা :- অন্যান্য দেশৰ নিচিনাকৈ ভাৰতৰ বৈদেশিক নীতিও ৰাষ্ট্ৰীয় স্বাৰ্থৰ ৰক্ষাৰ হেতু ৰচনা কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বাৰ্থই ৰাষ্ট্ৰীয় ঐক্যতা, অখণ্ডতা, ৰাষ্ট্ৰীয় নিৰাপত্তা, সামাজিক আৰু অৰ্থনৈতিক স্বাৰ্থ অন্তৰ্ভুক্ত কৰে। এই স্বাৰ্থসমূহৰ ওপৰত ভিত্তি কৰি সন্ধিসমূহ অন্যান্য দেশৰ সৈতে স্বাক্ষৰিত কৰা হয়।

(খ) ভাৰতৰ ইতিহাস আৰু সংস্কৃতিক সুৰক্ষা প্ৰদান কৰা :- প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষ এখন শান্তিপূৰ্ণ দেশ হয়। মহাবীৰ, বুদ্ধ, গুৰুনানক, গান্ধীজীৰ আদৰ্শই এক গভীৰ প্ৰভাৱ এৰি গৈছে। ভাৰতৰ ইতিহাস আৰু সংস্কৃতিযে বৈদেশিক নীতি নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ নিৰ্ণায়কৰ ভূমিকা অৱলম্বন কৰিছে।

(গ) ভাৰতৰ অৰ্থনৈতিক বিকাশ সাধন কৰা :- ভাৰতবৰ্ষৰ বাবে সকলাে দেশৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাটো প্ৰযােজনীয় আছিল বি বৈদেশিক নীতি নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

আকৌ দেশিক নীতিৰ বাহয়িক কাৰকসমূহ হ’ল—
(ক) আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতি :- আন্তৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিযেও ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰযােজনীয় ভূমিকা গ্ৰহণ কৰিছে।

(খ) ওচৰ – চুবুৰীয়া ৰাষ্ট্ৰৰ মনােভাব আৰু আচৰণেও বৈদেশিক নীতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কাৰণ, দুয়ােখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেহে এখন চুক্তি শান্তিপূৰ্ণভাৱে সম্পাদিত হয়।

37. ভাৰত আৰু পাকিস্তানৰ মাজত তাছখণ্ড চুক্তিৰ বিষয়ে লিখা।
উত্তৰঃ ১৯৬৫ চনৰ ভাৰত – পাকিস্তান যুদ্ধৰ সমাপ্তিৰ পিছত ভাৰতৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানে ছােভিয়েট ৰাছ্যিাৰ তাছকেণ্ট (Tashkent) নামৰ ঠাইত ১৯৬৬ চনত মিলিত হয়। দুয়ােখন দেশৰ পাৰস্পৰিক। সম্পৰ্কৰ ওপৰত আলােচনা কৰাৰ পিছত দুয়ােখন দেশৰ নেতাই শান্তিপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছিল। সেই উদ্দেশ্যে এখন চুক্তি স্বাক্ষৰিত হয় দুৰ্যোখন দেশৰ মাজত, যিখনক তাছকেণ্ট চুক্তি’ বুলি জনা যায়।

‘তাছকেণ্ট চুক্তি’ৰ মূলনীতি কিছুমান হ’ল—
(ক) দুয়ােখন দেশৰ নেতৃবৰ্গই সহমত প্ৰকাশ কৰিছিল এটা সুসম্পৰ্ক। গঢ় দিবলৈ দুয়ােখন দেশৰ মাজত।

(খ) ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সহমত প্ৰকাশ কৰিছিল যে দুয়ােখন। দেশৰ সম্পৰ্ক অ – হস্তক্ষেপনীতিৰ ওপৰত। প্ৰতিষ্ঠিত হ’ব। অৰ্থাৎ দুয়ােখন দেশে ইখনে আনখনৰ আভ্যন্তৰীণ বিষ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব।

(গ) ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতিযে সহমত প্ৰকাশ কৰিছিল যে এনে কোনাে আঁচনিৰ সপক্ষে নাথাকিব যিযে দুয়ােখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটায়। বৰঞ্চ, এনে। আঁচনি তৈয়াৰ কৰিব যিযে দুয়ােখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক উন্নতি কৰে।

38. আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উন্নতীকৰণ’সম্পৰ্কত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যাযত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে। নিৰ্দেশাত্মক নীতিসমূহ হ’ল। কিছুমান মৌলিক নীতি যিবােৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰােতে অনুসৰণ। কৰিব লাগিব। এইনীতিসমূহৰ প্ৰধান উদ্দেশ্য হ’ল দেশৰ জনসাধাৰণক এনে কিছুমান সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুযােগ – সুবিধা দিয়া হয় যাতে আমাৰ দেশ এখন প্ৰকৃত কল্যাণকামী ৰাষ্ট্ৰত পৰিণত হ’ব পাৰে।

শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণত বৰ্তমান যুগৰ দেশসমূহৰ মাজত আন্তৰ্জাতীয় নিৰ্ভৰশীলতা ক্ৰমশঃ বাঢ়ি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পালন কৰিব লগানীতি কিছুমানাে নিৰ্দেশাত্মক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ৫১ নং অনুচ্ছেদত নীতিসমূহ দিয়া আছে।

এই নীতিসমূহ হ’ল –
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।

(খ) ৰাষ্ট্ৰসমূহৰ মাজত নায্য আৰু সন্মানজনক সম্বন্ধ ৰক্ষা কৰা।

(গ) ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় আইনৰ আৰু আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ প্ৰতি শ্ৰদ্ধা বঢ়োৱা।
(ঘ) মধ্যস্থতাৰ যােগেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিয়া।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top