গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট | Chapter 13 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 13 Notes | SEBA Class 12 HS Political Science Chapter 13 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 13 গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট | HS 2nd Year Political Science Questions and Answers Assam


গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট
(The crisis of Democratic Order)

Very Short Type Questions and Answers (Marks : 1)

1. তলত দিয়া জৰুৰীকালীন অৱস্থা সম্পৰ্কীয় তথ্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা।
(ক) ১৯৭৫ চনত ইন্দিৰা গান্ধীযে এই ঘােষণা কৰিছিল।
উত্তৰঃ শুদ্ধ।

(খ) ইয়াৰ ফলত সকলােবােৰ মৌলিক অধিকাৰ খৰ্ব হৈছিল।
উত্তৰঃ শুদ্ধ।

(গ) অৰ্থনৈতিক অৱস্থাৰ অৱনতিৰ বাবে এই ঘােষণা কৰা হৈছিল।
উত্তৰঃ অশুদ্ধ।

(ঘ) জৰুৰীকালীন অৱস্থাত বিৰােধীপক্ষৰ অনেক নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।
উত্তৰঃ শুদ্ধ।

(ঙ) জৰুৰীকালীন অবস্থা বলৱকৰণত সমৰ্থন দিছিল চি . পি. আই .যে।
উত্তৰঃ অশুদ্ধ।

2. ১৯৭১ চনৰ নিৰ্বাচনত (কংগ্ৰেছ / জনতা) ই ‘ গৰিবী হটাও’ শ্লোগান দিছিল।
উত্তৰঃ কংগ্ৰেছ।

3. (১৯৬৬/১৯৬৭) ত দাৰ্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানা। এলেকাত কৃষক অভ্যুত্থান হৈছিল।
উত্তৰঃ ১৯৬৭ চনত।

4. অনুচ্ছেদ নম্বৰ ( ৩৫২/৩৫৬ ) অনুসৰি ১৯৭৫ চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হৈছিল।
উত্তৰঃ ৩৫২।

5. ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত (মােৰাৰজী দেশাই। চৰণ সিং ) জনতা পাৰ্টী চৰকাৰৰ প্ৰধানমন্ত্ৰী হৈছিল।
উত্তৰঃ মােৰাৰজী দেশাই।

6. ১৯৭৪ চনত ৰেলৱে ধৰ্মঘট (জ্য প্ৰকাশ নাৰায়ণ / জৰ্জ ফাৰ্ণাণ্ডেজে) নেতৃত্ব দিছিল।
উত্তৰঃ জৰ্জ ফাৰ্নান্ডেজে।

7. শাহ আযােগ ( ১৯৭৫/১৯৭৭/১৯৮০) চনত নিযুক্ত হৈছিল।
উত্তৰঃ ১৯৭৭ চনত।

8. নক্সালবাদী আন্দোলন (১৯৬৭/১৯৬৯/১৯৭৪) চনত আৰম্ভ হৈছিল।
উত্তৰঃ ১৯৬৭ চনত।

9. ইন্দিৰা ইজ ইণ্ডিযা, ইণ্ডিয়া ইজ ইন্দিৰা’ শ্লোগানটো (চৰণ সিং / জগজীৱন ৰাম / দেৱকান্ত বৰুৱা) ই দিছিল।
উত্তৰঃ দেৱকান্ত বৰুৱাই দিছিল।

10. সৰ্বাত্মক বিপ্লৱৰ আহ্বান জনাইছিল (মােৰাৰজী দেশাই। জৰ্জ ফাৰ্ণাণ্ডেজ / জয় প্ৰকাশ নাৰায়নে)।
উত্তৰঃ জয় প্ৰকাশ নাৰায়ণে।

11. মােৰাৰজী দেশাই_____দলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল।
উত্তৰঃ জনতা দলৰ।

12. ১৯৭৭ চনৰ মে’মাহত জনতা পাৰ্টী চৰকাৰে_____নেতৃত্বত এখন তদন্ত আযােগৰ নিযুক্তি দিছিল।
উত্তৰঃ জে. টি. শ্বাহৰ।

13. _____নেতৃত্বত বিৰােধী ৰাজনৈতিক দলসমূহে শ্ৰীমতী ইন্দিৰা গান্ধীক পদত্যাগৰ বাবে হেঁচা দিছিল।
উত্তৰঃ জ্য প্ৰকাশ নাৰায়ণৰ নেতৃত্বত।

14. কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনবাদী) ৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
উত্তৰঃ চাৰু মজুমদাৰ।

15. নৱ – নিৰ্মাণ আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল?
উত্তৰঃ গুজৰাটত।

16. শ্বহ আযােগৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ন্যাযধীশ জে, টি, শাহ।

17. যিকোনাে এটা সামাজিক স্বতন্ত্ৰ সংগঠনৰ নাম লিখা।
উত্তৰঃ পৌৰ স্বাধীনতা সম্পৰ্কীয় সংগঠন।

18. ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি?
উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ।

19. গুজৰাট আৰু বিহাৰত ছাত্ৰ আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ জ্য প্ৰকাশ নাৰায়ণে।

20. মহা মৰ্চা’ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৭১ চনত।

21. জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল।
উত্তৰঃ ১৯৭৭ চনত।

22. ভাৰতৰ কোনটো অঞ্চলত মাৰ্ক্সবাদী – লেনিনবাদী গােট শক্তিশালী আছিল?
উত্তৰঃ পশ্চিমবংগত।

23. ১৯৭৪ চনত ৰেলৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ জৰ্জ ফাৰ্ণাণ্ডেজে।

24. জনতা পাৰ্টী কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৭৭ চনত।

25. কোন চৰকাৰৰ দিনত মণ্ডল আযােগক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ জনতা দলৰ চৰকাৰৰ দিনত।

26. জনতা পাৰ্টীৰ প্ৰথম সভাপতিগৰাকী কোন আছিল?
উত্তৰঃ জয় প্ৰকাশ নাৰায়ণ।

27. চাৰু মজুমদাৰ কোন আছিল?
উত্তৰঃ চাৰু মজুমদাৰ এজন সমাজবাদী বিপ্লৱী আৰু নাবাদী আন্দোলনৰ নেতা আছিল।

28. ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কোন দল জয়ী হৈছিল?
উত্তৰঃ জনতা দলে।

29. ১৯৭৫ চনত জৰুৰীকালীন অবস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা।
উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ।

30. ইন্দিৰা গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তৰ্ভুক্ত যিকোনাে এটা বিষয় উল্লেখ কৰা।
উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ।

31. ভাৰতত ‘দায়বদ্ধ আমােলাতন্ত্ৰ আৰু ন্যায়পালিকা’ৰ ধাৰণাটো কোনে উলিয়াইছিল?
উত্তৰঃ ইন্দিৰা গান্ধীযে।

32. দায়বদ্ধ আমালাতন্ত্ৰ’ৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ শাসক শ্ৰেণীৰ ভাৱাদৰ্শৰ ওচৰত দায়বদ্ধ।

33. যিকোনাে এটা নাগৰিক ( অসামৰিক) স্বাধীনতা সংস্থাৰ নাম লিখা।
উত্তৰঃ পৌৰ স্বাধীনতা সম্পৰ্কীয় সংগঠন।

34. জয় প্ৰকাশ নাৰায়ণ কোন আছিল?
উত্তৰঃ জয় প্ৰকাশ নাৰায়ণ মাৰ্ক্সবাদী, সমাজবাদী দল আৰু কংগ্ৰেছ। সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়ক আছিল।

35. ভাৰতৰ সাম্যবাদী (মাৰ্ক্সবাদী – লেনিনবাদী) দল কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ চাৰু মজুমদাৰে।

36. জয়প্ৰকাশ নাৰাণ কোন ৰাজ্যৰ লােক আছিল?
উত্তৰঃ বিহাৰ ৰাজ্যৰ।

37. ১৯৭৭ চনৰ নিৰ্বাচনৰ পাচত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ মােৰাৰজী দেশাই।

38. ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা কেতিয়া ঘােষণা কৰা হৈছিল?
উত্তৰঃ ১৯৭৫ চনত।

39. সম্পূৰ্ণ বিপ্লৱৰ আহ্বান কোনে দিছিল?
উত্তৰঃ জয় প্ৰকাশ নাৰায়ণে।

40. জৰুৰীকালীন অৱস্থা বলৱকৰণ সন্দৰ্ভত নিমিলা কথাটো বাছি উলিওৱা—
(ক) সৰ্বাত্মক বিপ্লৱৰ আহ্বান।
(খ) ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘট।
(গ) নক্সালবাদী আন্দোলন।
(ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়।
(ঙ) স্বাহ কমিছনৰ প্ৰতিবেদন প্ৰাপ্তিসমূহ।
উত্তৰঃ (গ) নক্সালবাদী আন্দোলন।

Short Type Questions and Answers (Marks : 2)

1. ৪২ সংখ্যক সংবিধান সংশােধনী আইনৰ দুটা মূল বিধান উল্লেখ কৰা।
উত্তৰঃ (ক) এই সংশােধনীযে নাগৰিকৰ মৌলিক কৰ্তব্য বিষয় সন্নিৱিষ্ট কৰিছিল।
(খ) এই সংশােধনীযে নিৰ্দেশাত্মক নীতি বলৱতৰ ক্ষেত্ৰত প্ৰযােজন সাপেক্ষে মৌলিক অধিকাৰ অৱমাননাৰ নীতি গ্ৰহণ কৰিছিল।

2. ভাৰতৰ দায়বদ্ধ আমােলাতন্ত্ৰৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
উত্তৰঃ (ক) শাসক শ্ৰেণীৰ ভাৱাদৰ্শৰ ওচৰত দায়বদ্ধ।
(খ) শাসকীয় ৰাজনৈতিক দলৰদ্বাৰা নিৰ্ধাৰিত আঁচনি আৰু পৰিকল্পনাৰ প্ৰতি দায়বদ্ধ।

3. সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বুলিলে কি বুজা?
উত্তৰঃ ১৯৭৫ চনত ঘােষণা কৰা জৰুৰীকালীন অৱস্থাই হঠাতে আন্দোলন বন্ধ কৰি দিছিল। জৰুৰীকালীন অৱস্থাৰ বিশেষ ক্ষমতা প্ৰযােগৰ সিদ্ধান্তৰে চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰিছিল। ইয়াকে সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বুলি কোৱা হয়।

READ MORE  ক্ষমতাৰ বিকল্প কেন্দ্ৰ | Chapter 2 | Class 12 Political Science - AHSEC

4. জৰুৰীকালীন অৱস্থাৰে সাঙোৰ থােৱা বিষয়সমূহৰ তালিকা দিয়া।
উত্তৰঃ (ক) বহু সংখ্যক বিৰােধী নেতা গ্ৰেপ্তাৰ হৈছিল।
(খ) নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল।

5. ১৯৭৭ চনৰ লােকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।
উত্তৰঃ (ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত পৰে।
(খ) সৰ্বপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঢ়ি উঠে।

6. মাৰ্কিন যুক্তৰাষ্ট্ৰহ ভাৰতলৈ সকলাে সাহায্য বন্ধ কৰিছিল কি? দুটা যুক্তি দিয়া।
উত্তৰঃ (ক) ১৯৭১-৭২ চনৰ পিছত দেশৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ বিশেষ উন্নতি হােৱা নাছিল। বাংলাদেশ সমস্যাই ভাৰতবৰ্ষৰ অৰ্থনীতিত বোকৈ প্ৰভাৱ পেলাইছিল।
(খ) আৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধি পাইছিল। মুদ্ৰাস্ফীতিৰ উচ্চ হাৰে জনসাধাৰণক বাৰুকৈয়ে আঙ্কালত পেলাইছিল।

7. আৰক্ষী আৰু আমােলাৰ কাম – কাজৰ ক্ষেত্ৰত জৰুৰীকালীন অবস্থাৰ পৰিণামসমূহ লিখা।
উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ সময়ত সাধাৰণ মানুহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। জৰুৰী অৱস্থাৰ সময়ত অত্যাচাৰ বৃদ্ধি হৈছিল আৰু আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনা ঘটিছিল। পুলিচ আৰু প্ৰশাসনে। স্বতন্ত্ৰভাৱে কাৰ্য সম্পাদন কৰিব পৰা নাছিল।

8. কোনে আৰু কিয় কুৰি দফীয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ইন্দিৰা গান্ধীযে দুখীয়া লােকৰ উন্নয়নৰ বাবে কুৰি দফীয়া কাৰ্যসূচী প্ৰবৰ্তন কৰিছিল।

9. অনা-কংগ্ৰেছী দলসমূহে কংগ্ৰেছৰ বিৰােধিতা কি কৰিছিল?
উত্তৰঃ অনা – কংগ্ৰেছী দলসমূহে কংগ্ৰেছৰ জৰুৰী অৱস্থা ঘােষণাৰ বিৰােধিতা কৰিছিল আৰু ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবী কৰিছিল।

10. ১৯৭৭ চনৰ লােকসভা নিৰ্বাচনৰ দুটা ফলশ্ৰুতি লিখা।
উত্তৰঃ (ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত পৰে।
(খ) সৰ্বপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঢ়ি উঠে।

11. কিয় আৰু কিহৰ ভিত্তিত কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘােষণা কৰিছিল?
উত্তৰঃ সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ ভিত্তিত দেশৰ আভ্যন্তৰীণ। অশান্তিয়ে দেখা দিছে বুলি যুক্তি দৰ্শাই কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘােষণা কৰিছিল।

12. কোনে প্ৰথমে দেশজোৰা সত্যাগ্ৰহ সংগঠন কৰিছিল আৰু কিয়
উত্তৰঃ জ্য প্ৰকাশ নাৰায়ণে ইন্দিৰাগান্ধীৰ পদত্যাগৰ দাবীত দেশজোৰা সত্যাগ্ৰহ সংগঠন কৰিছিল আৰু সেনাবাহিনী, আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীক ‘অবৈধ আৰু অনৈতিক আদেশ পালন নকৰিবলৈ আহ্বান জনায়।

13. সামাজিক স্বতন্ত্ৰ সংগঠন বুলিলে কি বুজা?
উত্তৰঃ যি সংগঠন ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষাৰ উদ্দেশ্যে গঠন কৰা হয় সমাজত তাকে সামাজিক স্বতন্ত্ৰ সংগঠন বােলা হয়।

14. দাক্ষিণাত্যৰ ৰাজ্যসমূহত কংগ্ৰেছৰ বিজযৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) ইন্দিৰা গান্ধীযে প্ৰৱৰ্তন কৰা উন্নয়নমূলক আঁচনি।
(খ) পিছ পৰা লােকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা নীতিৰ বাবে।

15. সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বুলিলে কি বুজা?
উত্তৰঃ ছপা কৰাৰ আগেযে কাগজ – পত্ৰ পৰীক্ষা কৰা ব্যৱস্থাক সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বােলা হয়।

16. সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় সংবিধানৰ এক মূল গাঁথনি আছে। এই মূল গাঁথনি কৰিব নােৱাৰি। যেনে – সংসদীয় গণতান্ত্ৰিক শাসন ব্যৱস্থা।

17. নিবাৰক আটক কি?
উত্তৰঃ নিবাৰক আটক ব্যৱস্থা অনুসৰি এজন মানুহক অপৰাধ কৰাৰ বাবে আটক কৰা নহয়, বৰং অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে আটক কৰা হয়।

18. কোনে আৰু কিয় কুৰি দফীয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ইন্দিৰা গান্ধীযে দুখীয়া লােকৰ উন্নয়নৰ বাবে কুৰি দফীয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল।

19. সংবিধানৰ বুনিয়াদী গাঁথনি বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় সংবিধানৰ এক মূল গাঁথনি আছে। এই মূল গাঁথনি সংশােধন কৰিব নােৱাৰি। যেনে— সংসদীয় গণতান্ত্ৰিক শাসন ব্যৱস্থা।

20. কাৰ আবেদনৰ ভিত্তিত ন্যায়ালযে ইন্দিৰা গান্দীৰ নিৰ্বাচনক অবৈধ ঘােষণা কৰিছিল?
উত্তৰঃ ১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমােহন লাল সিনহাই শ্ৰীমতী ইন্দিৰা গান্ধীৰ লােকসভা নিৰ্বাচনক অবৈধ ঘােষণা কৰিছিল।

21. প্ৰতিৰােধমূলক আটক বুলিলে কি বুজা?
উত্তৰঃ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যি আটক কৰা হয়।

22. কোনে আৰু কিয় প্ৰথমতে ৰাষ্ট্ৰজোৰা সত্যাগ্ৰহ গঢ়ি তুলিছিল?
উত্তৰঃ জয় প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত।

23. ১৯৭৭ চনৰ নিৰ্বাচন উপলক্ষে গঠন হােৱা – নতুন দলসমূহৰ নাম লিখা।
উত্তৰঃ (ক) জনতা দল। আৰু
(খ) গণতান্ত্ৰিক কংগ্ৰেছ দল।

24. জনতা পাৰ্টী গঠনৰ বাবে দায়বদ্ধ কাৰণসমূহ কি কি?
উত্তৰঃ কংগ্ৰেছ দলৰ অপসাৰণ আৰু জৰুৰীকালীন শাসন জনতা পাৰ্টী গঠনৰ বাবে দায়বদ্ধ কৰক।

25. ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘটৰ বিষযে এটা টোকা লিখা।
উত্তৰঃ ১৯৭৪ চনৰ মে’মাহত জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত দ্যা নেচনেল কো – অৰ্ডিনেশন কমিটি ফৰ ৰে’লৱে – মেনছ – স্ট্ৰাগলনামৰ সংগঠনটোৱে ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত সুযােগ – সুবিধা আৰু কাম কৰাৰ পৰিৱেশ উন্নীতকৰণৰ দাবী জনাই চৰকাৰক হেঁচা। দিয়াৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি এক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই ধৰ্মঘটৰ কাৰ্যসূচীকে ১৯৭৪ চনৰ ৰে’লৱে ধৰ্মঘট হিচাপে জনা যায়।

26. জৰুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন অংশৰ বিভিন্ন আকাংক্ষাবােৰ কি আছিল?
উত্তৰঃ জৰুৰী অৱস্থা ঘােষণাৰ প্ৰাৰম্ভিক সময়ছােৱাত নগৰাঞ্চলৰ মধ্যবিত্ত শ্ৰেণীটো সাধাৰণতে এই বুলি সন্তুষ্ট হৈছিল যে আন্দোলনৰ। পৰিসমাপ্তি ঘটিল আৰু চৰকাৰী কৰ্মচাৰীৰ মাজত নিয়মানুবৰ্তিতা ঘূৰি আহিল। চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি কল্যাণকামী কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণ হ’ব বুলি দুখীয়া আৰু পিছপৰা অঞ্চলৰ মানুহখিনিযে আশা কৰিছিল। এইদৰে, জৰুৰী অৱস্থাৰ পৰা সমাজৰ বিভিন্ন অংশই বিভিন্ন আশা কৰিছিল।

27. বিহাৰ আন্দোলনৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ ১৯৭৪ চনত মূল্যবৃদ্ধি, খাদ্যৰ নাটনি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিহাৰৰ ছাত্ৰ সমাজ, সংগঠিত হয়। কিছুদিন পিছতে ছাত্ৰ আন্দোলনটোৱে নেতৃত্ব ল’বলৈ তেওঁলােকে জয় প্ৰকাশ নাৰায়ণক আমন্ত্ৰণ কৰে, যিয়ে সক্ৰিয় ৰাজনীতি ত্যাগ কৰি সামাজিক কাম – কাজত জড়িত হৈ পৰিছিল। তেওঁ অহিংস আন্দোলনটো বিহাৰতে সীমাবদ্ধ নকৰাৰ চৰ্ত সাপেক্ষে ইয়াক গ্ৰহণ কৰে। এইদৰে, ছাত্ৰ। আন্দোলনটোৱে ৰাজনৈতিক চৰিত্ৰ আৰু ৰাষ্ট্ৰীয় আৱেদন লাভ কৰে। সকলাে শ্ৰেণীৰ জনসাধাৰণ আন্দোলনটোত জড়িত হৈ পৰে। জয় প্ৰকাশ নাৰায়ণে বিহাৰত কংগ্ৰেছ চৰকাৰক অপসাৰণৰ দাবী তােলে আৰু প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনীতিক। সামৰি তেওঁ সৰ্বাত্মক বিপ্লৱৰ আহ্বান জনায়।

READ MORE  এক দলীয় প্ৰাধান্যৰ যুগ | Chapter 9 | Class 12 Political Science - AHSEC

Long Type Questions and Answers (Marks : 4)

1. জৰুৰীকালীন অৱস্থাৰ পিছতাে বিলুপ্ত নােহােৱা বিষয়বােৰৰ তালিকা উল্লেখ কৰা।
উত্তৰঃ (ক) ভাৰতীয় গণতন্ত্ৰক জৰুৰী অৱস্থাই কেতিয়াও আঘাতপ্ৰাপ্ত কৰিব নােৱাৰে।
(খ) জৰুৰীকালীন অৱস্থাৰ পিছত ব্যক্তিৰ পৌৰ স্বাধীনতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল।
(গ) জৰুৰী অৱস্থাৰ প্ৰকৃত প্ৰযােগ পুলিচ আৰু প্ৰশাসনৰ যােগেদিহে কৰা হৈছিল। এই সংস্থাবােৰে স্বতন্ত্ৰভাৱে কাৰ্য সম্পাদন কৰিব নােৱাৰিছিল। এই সংস্থাবােৰ শাসকীয় দলৰ ৰাজনৈতিক হাথিৰ হৈ। পৰিছিল। এই সমস্যাটো জৰুৰীকালীন অৱস্থাৰ পিছতাে সমাধান হােৱা নাছিল।

2. জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ফলত লাভ কৰা শিক্ষা হ’ল :-
(ক) ভাৰতীয় গণতন্ত্ৰক জৰুৰী অৱস্থাই কেতিয়াও আঘাতপ্ৰাপ্ত কৰিব নােৱাৰে।
(খ) জৰুৰী অৱস্থাৰ বাবে সকলাে নাগৰিকে পৌৰ স্বতন্ত্ৰতাৰ মূল্য উপলদ্ধি কৰিলে।
(গ) জৰুৰী অৱস্থাত সামৰিক বাহিনী আৰু প্ৰশাসনে স্বতন্ত্ৰভাৱে কাৰ্য কৰিব পৰা নাছিল। শাসক দলে এই দুটো বিভাগক ৰাজনৈতিক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল।

3. জৰুৰীকালীন অৱস্থাৰ পিছৰ ৰাজনীতি সন্দৰ্ভত এটা টোকা লিখা।
উত্তৰঃ জৰুৰী অৱস্থাৰ ১৮ মাহ পিছত ১৯৭৭ চনৰ জানুৱাৰীত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭৭ চনৰ মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এইটোৱে বিৰােধী দলবােৰক খুব কম সময় দিছিল, কিন্তু ৰাজনৈতিক বিকাশ বৰ দ্ৰুতভাৱে হৈছিল। প্ৰধান ৰাজনৈতিক দলবােৰে জৰুৰীকালীন সমযৰ পৰাই ইয়াৰ বাবে সাজু হৈ। আছিল। তেওঁলােকে নিৰ্বাচন সময়ত একত্ৰিত হৈ পৰিছিল আৰু জনতা দল নামে এটা নতুন দল গঠন কৰে। জৰুৰী অৱস্থাৰ বিৰােধিতা কৰা কিছুমান কংগ্ৰেছ নেতাযাে নতুন দলটোত যােগদান কৰিছিল। আন। কিছুমান কংগ্ৰেছ নেতাও ওলাই আহিছিল আৰু জগজীৱন ৰামৰ নেতৃত্বত এটা পৃথক দল গঠন কৰিছিল।

জনতা দলে এই নিৰ্বাচনটো জৰুৰী সমযৰ গণভােট হিচাপে প্ৰতিষ্ঠা কৰিছিল। জৰুৰীকালীন সময়ত সংঘটিত কঠোৰ কাৰ্যকলাপ তথা অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে ই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। এইটো সময় কংগ্ৰেছৰ বাবে কঠিন হিচাপে পৰিলক্ষিত হৈছিল।

4. ১৯৮০ চনত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হােৱা কাৰণবােৰ কি আছিল?
উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ সময়ত বিৰােধী দল হিচাপে জনতা দলক কিছু দিনৰ বাবেহে একত্ৰিত কৰি ৰাখিছিল। ইয়াৰ সমালােচকসকলে ক’ব খােজে যে জনতা দলত নীতি নিৰ্দেশনাৰ নেতৃত্বৰ আৰু উমৈহতীয়া কাৰ্যসূচীৰ অভাৱ ঘটিছিল। কংগ্ৰেছে গ্ৰহণ কৰা নীতি নিয়মৰ কোনাে ধৰণৰ মৌলিক পৰিৱৰ্তন জনতা দল চৰকাৰে কৰিব পৰা নাছিল। জনতা দলত ভাঙোন আহিছিল আৰু ১৮ মাহতকৈ কম দিনৰ ভিতৰত মােৰাৰজী দেশাই চৰকাৰৰ পতন ঘটিছিল। চৰণ সিঙৰ নেতৃত্বত অন্য এখন চৰকাৰ কংগ্ৰেছৰ সমৰ্থনত গঠিত হৈছিল। ১৯৮০ চনৰ। জানুৱাৰীত লােকসভাৰ নতুন নিৰ্বাচন হয় য’ত জনতা দল বোকৈ পৰাজিত হয়, বিশেষকৈ উত্তৰ ভাৰতত য’ত ১৯৭৭ চনৰ নিৰ্বাচনত জিকিছিল।

5. ১৯৭৭ চনৰ লােকসভা নিৰ্বাচনৰ যি কোনাে তিনিটা প্ৰধান ফলাফল ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৭৭ চনৰ ষষ্ঠ লােকসভা নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে। বিভিন্ন দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। এই নিৰ্বাচনৰ তিনিটা গুৰুত্বপূৰ্ণ ফলাফলৰ বিষয়ে আলােচনা কৰা হ’ল—
(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত :- ১৯৭৭ চনৰ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্য কিছু সমযৰ বাবে হ’লেও অন্ত পেলায়। এই নিৰ্বাচনত। প্ৰথমবাৰৰ বাবে কংগ্ৰেছ পৰাস্ত হয়। এই দলে মাত্ৰ ১৫৩ খন আসন লাভ কৰে আনহাতে জনতা দলে লাভ কৰে ২৯৫ খন আসন। আনকি। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীও এই নিৰ্বাচনত পৰাজিত হয়।

(খ) কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰ :- ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কেন্দ্ৰত পােন প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হয়। জনতা দলৰ সৈতে বহুকেইটা ৰাজনৈতিক দলে এই মৰ্চা চৰকাৰত অংশ গ্ৰহণ। কৰে। এই মৰ্চা চৰকাৰৰ পৰম্পৰা আজিও ভাৰতীয় ৰাজনীতিত। বিদ্যমান।

(গ) অন্যান্য পিছ পৰা সম্প্ৰদায় সংৰক্ষণ ব্যৱস্থা :- ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো যথেষ্ট বিতৰ্কিত হৈ পৰে। বিশেষকৈ বিহাৰত এই সমস্যাটো অধিক জটিল হয়। জনতা দলে ইয়াৰ বাবে মণ্ডল আযােগ গঠন কৰি দিয়ে।

6. জৰুৰীকালীন অৱস্থা হ’ল ভাৰতীয় ৰাজনীতিত আটাইতকৈ বিতৰ্কিত পৰিঘটনাসমূহৰ ভিতৰত এটা যুক্তিযুক্ততা বিচাৰ কৰা।
উত্তৰঃ ভাৰৱৰ্ষৰ ৰাজনীতিত জৰুৰীকালীন অৱস্থা ঘােষণা অন্যতম। বিতৰ্কিত পৰিঘটনা। ইয়াৰ এটা কাৰণ হ’ল জৰুৰী অৱস্থা ঘােষণাৰ। প্ৰয়ােজনীয়তা সম্পৰ্কে মতামতৰ ভিন্নতা আছিল। আন এটা কাৰণ হ’ল সংবিধান প্ৰদত্ত ক্ষমতা প্ৰয়ােগ কৰি চৰকাৰে গণতন্ত্ৰৰ গতিবিধি স্তব্ধ কৰি দিছিল। জৰুৰী অৱস্থাৰ পিছত শ্বাহ কমিছনৰ তদন্তত পােৱা অনুযায়ী জৰুৰী অৱস্থাৰ সময়ত চৰকাৰে প্ৰযােজনতকৈ অধিক কঠোৰ হৈ পৰিছিল।

জৰুৰীকালীন অৱস্থাৰ কালছােৱাক ভাৰতীয় ৰাজনীতিৰ এক কলা অধ্যায় আখ্যা দিব পাৰি। এই সময়ছােৱাত ইন্দিৰা গন্ধীৰ নেতৃত্বত বিৰােধী ৰাজনৈতিক দলৰ নেতা, সদস্য আৰু সমৰ্থকসকলৰ ওপৰত নৃশংস অত্যাচাৰ, নিৰ্যাতন চলােৱা হৈছিল। বহুত লােকৰ মৃত্যু হৈছিল, বহুত লােক নিখােজ হৈছিল আৰু বহুতাে লােক চিৰদিনলৈ ঘূণীয়া হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত নাগৰিকৰ মৌলিক। অধিকাৰসমূহ বাতিল কৰা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা আৰােপ কৰা হৈছিল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক। ব্যৱস্থালৈ ৰূপান্তৰ কৰা হৈছিল, ধৰ্মঘট, হতাল আদিক নিষিদ্ধকৰণ কৰা হৈছিল।

7. জৰুৰীকালীন অৱস্থাই (১৯৭৫-১৯৭৭) ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ কিদৰে বিঘ্নিত কৰিছিল? উদাহৰণ দিয়া।
উত্তৰঃ জৰুৰীকালীন অৱস্থাই ৰাজনৈতিক কৰ্মীক আটক কৰিছিল আৰু বাতৰি কাকতৰ ওপৰত বাধা – নিষেধ আৰােপ কৰা হৈছিল। সাধাৰণ মানুহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত অত্যাচাৰ বৃদ্ধি পাইছিল আৰু আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনা ঘটিছিল। দুখীয়া মানুহক অন্যায়ভাৱে পুনৰ সংস্থাপিত কৰা হৈছিল আৰু জন্ম নিয়ন্ত্ৰণৰ প্ৰতি থকা মাত্ৰাধিক উদ্যমৰ ফলত বাধ্যতামূলক বন্ধ্যাকৰণ কৰােৱা হৈছিল। পুলিচ আৰু আমােলাসকলে জৰুৰীকালীন অৱস্থাত শাসক দলৰ নিৰ্দেশত কাম কৰিব লগা হৈছিল। তেওঁলােক স্বতন্ত্ৰ আৰু নিৰপেক্ষভাৱে কাম কৰিবলৈ সক্ষম হােৱা নাছিল।

পুলিচ আৰু আমােলা শাসক দলৰ হাতিয়াৰ হৈ পৰিছিল। জৰুৰীকালীন অৱস্থাৰ বিশেষ। ক্ষমতা প্ৰযােগৰ সিদ্ধান্তৰে চৰকাৰেসংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত নাগৰিকৰ বাতিল কৰা মৌলিক অধিকাৰসমূহ পুনৰাই বাহাল ৰাখিবলৈ আদালতলৈ যােৱাটোও নিষিদ্ধ কৰিছিল। জৰুৰীকালীন ঘােষণাৰ বিৰুদ্ধে লিখাৰ অপৰাধত। ভালেমান সাংবাদিকক আটক কৰা হৈছিল।

READ MORE  সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science - AHSEC

8. জৰুৰীকালীন অৱস্থাই কি সূচায়? আভ্যন্তৰীণ অস্থিৰতাৰ বাবে ঘােষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনাে এটা প্ৰভাৱ লিখা।
উত্তৰঃ জৰুৰীকালীন অৱস্থা হৈছে এটা অগতানুগতিক চৰ্ত য’ত স্বাভাৱিক গণতান্ত্ৰিক ৰাজনীতি কাৰ্যকৰী নহয়। এই কাৰণে বিশেষ মতাবােৰ চৰকাৰক প্ৰদান কৰা হয়।

জৰুৰী অৱস্থা ঘােষণা কৰিলে যুক্তৰাষ্ট্ৰীয় ক্ষমতা বিভাজন কাৰ্যতঃ স্থগিত হয়, সকলােবােৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হয়। চৰকাৰে সকলােবােৰ নাইবা যিকোনাে মৌলিক অধিকাৰৰ ওপৰত কৰ্তন নাইবা বাধা – নিষেধ জৰুৰীকালীন সময়ত আৰােপ কৰিব পাৰে।

ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৫০ নং অনুচ্ছেদলৈকে তিনিবিধ জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে। সেইবােৰ হ’ল জাতীয় জৰুৰী আৰু বিত্তীয় জৰুৰী অৱস্থা আৰু সাংবিধানিক অচলাৱস্থা। জৰুৰী অৱস্থা ঘােষিত হ’লে দেশত কেন্দ্ৰীয় চৰকাৰ একনায়কত্ববাদী চৰকাৰলৈ ৰূপান্তৰিত হয়। অৱশ্যে এই ব্যবস্থা কেৱল কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা লিখিত অনুমােদন লাভ কৰিলেহে ৰাষ্ট্ৰপতিযে ঘােষণা কৰিব পাৰে।

১৯৭৫ চনত ৩৫২ নং অনুচ্ছেদ অনুযায়ী দেশত আভ্যন্তৰীণ অশান্তিৰ নামত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে সংবিধানত উল্লেখ থকা নাগৰিকৰ সকলাে প্ৰকাৰৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল।

9. ১৯৭৭ চনত জনতা দল চৰকাৰে শ্বহ আযােগ নিযুক্তি দিয়ে। ই্যাক কিয় নিযুক্তি দিছিল আৰু ইয়াত কি কি লাভ কৰিছিল?
নাইবাঃ জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ আলােচনা কৰা। তুমি জৰুৰীকালীন অৱস্থা ঘােষণা কৰাটো প্ৰযােজনীয় আছিল বুলি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা।

উত্তৰঃ জৰুৰীকালীন অবস্থা ঘােষণাৰ পৰৱৰ্তীকালতনতুনকৈ গঠন। হােৱা জনতা চৰকাৰে শাহ অনুসন্ধান আযােগ গঠন কৰে। ১৯৭৫ – চনৰ ২৫ জুন তাৰিখে সমগ্ৰ দেশতে ঘােষণা কৰা আৰু জাতীয় জৰুৰী অৱস্থা চলি থকাৰ সময়ছােৱাত চৰকাৰৰ দ্বাৰা হােৱা ক্ষমতাৰ। অপব্যৱহাৰ, গণতান্ত্ৰিক বিৰােধী কঠোৰ নীতি – নিয়ম প্ৰৱৰ্তন আদি অনুসন্ধান কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যযাধীশ জে চি শ্বাহৰ নেতৃত্বত এই আযােগ গঠন কৰা হয়। এই আযােগে বিভিন্ন ধৰণৰ সাক্ষ্যৰ ভিত্তিত ঘটনাৰ অনুসন্ধান কৰিছিল আৰু এই উদ্দেশ্যে সাক্ষীসকলক তেওঁলােকৰ প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। এই সাক্ষী সকলৰ ভিতৰত ইন্দিৰা গান্ধীও অন্তৰ্ভুক্ত আছিল।

শাহ অনুসন্ধানমূলক আযােগে অনুসন্ধানৰ ফলাফলসমূহক দুটা মধ্যৱৰ্তীকালীন আৰু “ তৃতীয় তথা চূড়ান্ত প্ৰতিবেদন হিচাপে প্ৰকাশ কৰি চৰকাৰৰ হাতত প্ৰদান কৰে। চৰকাৰে এই প্ৰতিবেদনৰ সিদ্ধান্তসমূহ তথা এই আযােগে আগবঢ়োৱা পৰামৰ্শসমূহ গ্ৰহণ কৰে আৰু এই প্ৰতিবেদনসমূহ সংসদত দাখিল কৰে।

10. জৰুৰীকালীন সময়ছােৱাত ঘটা ঘটনাৱলীৰ দোষ – গুণ পৰীক্ষা। কৰা।
উত্তৰঃ জৰুৰীকালীন ঘােষণাই তাৎক্ষণিকভাৱে ভাৰতীয় গণতন্ত্ৰলৈ সবলতা আৰু দুৰ্বলতা দুটোই কঢ়িয়াই আনিছিল। সংবিধানখন। সংশােধন কৰাৰ পিছতাে জৰুৰী অৱস্থা সম্পৰ্কে থকা অস্পষ্টতা ই আঁতৰ কৰিব পাৰিছিল। বৰ্তমান আভ্যন্তৰীণ ‘ জৰুৰী অৱস্থা একমাত্ৰ সশস্ত্ৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততহে দিব পৰা যায় আৰু জৰুৰী অৱস্থা ঘােষণাৰ বাবে মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক লিখিত আকাৰত পৰামৰ্শ দিব লাগিব। জৰুৰী অৱস্থাই পৌৰ স্বাধীনতাৰ মূল্য সম্পৰ্কে প্ৰত্যেকজনক অধিক সজাগ কৰি তুলিছিল। জৰুৰী অৱস্থাৰ পিছত আদালতেও ব্যক্তিৰ পৌৰ স্বাধীনতা সুৰক্ষাত অধিক সক্ৰিয় ভূমিকা পালন কৰিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ছােৱাত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে এখন কুৰি দফীয়া আঁচনি ঘােষণা কৰিছিল আৰু এই আঁচনি ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কুৰি দফী আঁচনিখনৰ ভিতৰত আছিল ভূমি সংস্কাৰ, কৃষি, পাৰিশ্ৰমিকৰ পুনৰীক্ষণ, বন্ধকী শ্ৰমিকৰ। নিমূলকৰণ ইত্যাদি।

আকৌ জৰুৰীকালীন অৱস্থাৰ সময়ছােৱাত ৰাজনৈতিক কৰ্মী আটক কৰা হৈছিল আৰু বাতৰি কাকতৰ ওপৰত বাধা – নিষেধ আৰােপ কৰা হৈছিল। সাধাৰণ মানুহৰ ওপৰত বহুক্ষেত্ৰত জৰুৰী অৱস্থাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। জৰুৰী অৱস্থাৰ সময়ত অত্যাচাৰ বৃদ্ধি পাইছিল আৰু আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনা ঘটিছিল। এনেধৰণৰ ঘটনাই স্বাভাৱিক গণতান্ত্ৰিক পদ্ধতি বাতিল কৰিলে কি হয় তাকেই প্ৰতিপন্ন কৰিছিল।

11. ১৯৭০ ৰ দশকত সংঘটিত হােৱা ন্যাযপালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পৰ্কে আলােচনা কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল।
উত্তৰঃ ১৯৭০ ৰ দশকৰ ইন্দিৰা গান্ধীৰ একচ্ছত্ৰী দমনকাৰী ভূমিকাৰ বাবে ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৭৫ চনত আভ্যন্তৰীণ বিশৃংখলাৰ ভেটিত সংবিধানৰ ৩৫২ নম্বৰ অনুচ্ছেদ মতে জাতীয় জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হয়। জৰুৰীকালীন অৱস্থাৰ কালছােৱাক ভাৰতীয় ৰাজনীতিৰ এক কলা অধ্যায় আখ্যা দিব পাৰি। এই সময়ছােৱাত ইন্দিৰা গান্ধীৰ নেতৃত্বত বিৰােধী ৰাজনৈতিক দলৰ নেতা, সদস্য আৰু সমৰ্থকসকলৰ ওপৰতনৃশংস অত্যাচাৰ, নিৰ্যাতন চলােৱা হৈছিল। বহুত লােকৰ মৃত্যু হৈছিল, বহুত লােক নিখােজ হৈছিল আৰু বহুত লােক, চিৰদিনলৈ ঘূণীয়া হৈছিল। অবশ্য এই উৎপীড়ন, অত্যাচাৰ আৰু নিৰ্যাতনৰ পৰিণতি ভােগ কৰিবলগীয়া হয় ইন্দিৰা গান্ধী আৰু কংগ্ৰেছ দলে।

১৯৭৭ চনৰ লােকসভা নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ পৰাজিত হ’বলগীয়াত পৰে। মােৰাৰতী দেশাইৰ নেতৃত্বত জনতা পাটিৰ চৰকাৰ কেন্দ্ৰত গঠন হয়। এই সময়ছােৱাত চৰকাৰ আৰু শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ সৈতে ন্যায়পালিকাৰ বিৰােধে তীব্ৰ ৰূপ ধাৰণ কৰে। ইন্দিৰা গান্ধীৰ নিয়ন্ত্ৰণ ক্ৰমাৎ শক্তিশালী হােৱাৰ লগে লগে তেওঁৰ স্বেচ্ছাচাৰীমূলক মনােভাব ক্ৰমাত বৃদ্ধি পাবলৈ ধৰে। সমগ্ৰ ভাৰতীয় ৰাজনীতিত তেওঁ দমনকাৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা চলােৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত প্ৰায় একনায়কত্ববাদী শাসন প্ৰৱৰ্তন হােৱাৰ পথ প্ৰশস্ত হয়। এনে এক সময়ত উচ্চতম ন্যায়ালযে ইন্দিৰা গান্ধীৰ দমনকাৰী নিয়ন্ত্ৰণৰ পথত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত তিনিটা সাংবিধানিক প্ৰশ্নৰ উদ্য।

প্ৰথমতে সংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে?

দ্বিতীয়তে সংসদে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ খাতিৰত মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰেনে?

তৃতীয়তে সংসদে সংবিধান সংশােধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ হ্ৰাস কৰিব পাৰেনে?

এই তিনিটা বিষযত উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া আছিল লক্ষণীয়।
প্ৰথমতে উচ্চতম ন্যায়ালয়ৰ মতে সংসদৰ মৌলিক অধিকাৰ বাতিল কৰাৰ ক্ষমতা নাই।

দ্বিতীয়তে, সংসদে মৌলিক অধিকাৰ হ্ৰাস কৰাকৈ কোনাে সংবিধান। সংশােধনী কৰিব নােৱাৰে বুলি উচ্চতম ন্যায়ালযে মত প্ৰকাশ কৰে।

তৃতীয়তে উচ্চতম ন্যায়ালয়ে নিৰ্দেশাত্মক নীতিৰ স্বাৰ্থত মৌলিক অধিকাৰ সংকুচিত কৰাৰ যুক্তিটোও নাকচ কৰে। ফলস্বৰূপেসংসদ আৰু ন্যায়পালিকাৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে। এই সংঘাত কেশৱানন্দ। ভাৰতী মােকৰ্দমাত অধিক স্পষ্ট ৰূপত প্ৰতিফলিত হয়।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top