সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 3 Notes | SEBA Class 12 HS Political Science Chapter 3 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 3 সাম্প্ৰতিক দক্ষিণ এছিয়া | HS 2nd Year Political Science Questions and Answers Assam


সাম্প্ৰতিক দক্ষিণ এছিয়া
(Contemporary South Asia)

Very Short Type Questions and Answers (Marks : 1)

1. কোন বছৰত মালদ্বীপত বহুদলীয় ব্যবস্থা প্ৰবৰ্তন কৰিছিল?
উত্তৰঃ ২০০৫ চনত।

2. খালী ঠাই পূৰ কৰা শ্ৰীলংকাৰ ৰাজনীতি সংখ্যাণ্ডৰু সম্প্ৰদায়ৰদ্বাৰা অবদমিত।
উত্তৰঃ সিংহলী।

3. SAARC কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৮৫ চনৰ ৮ ডিচেম্বৰত।

4. ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল?
উত্তৰঃ ভাৰত ১৯৪৭ চনৰ ১৫ আগষ্ট আৰু পাকিস্তান ১৪ আগষ্টত স্বাধীন হৈছিল।

5. কোন ঠাইত পঞ্চদশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ২০০৮ চনত কলম্বেত (শ্ৰীলংকা)।

6. কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল?
উত্তৰঃ ১৯৯৮ চনত।

7. কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীযে লাহােৰলৈ বাছ যাত্ৰা কৰিছিল?
উত্তৰঃ অটল বিহাৰী বাজপেযীযে।

8. শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিল?
উত্তৰঃ ১৯৪৮ চনত।

9. শ্ৰীলংকাৰ ৰাজনীতিত কোনটো সম্প্ৰদাযে প্ৰাধান্য বিস্তাৰ কৰে?
উত্তৰঃ সিংহলী সম্প্ৰদায়।

10. ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?
উত্তৰঃ গুজৰাটৰ পােথৰাণত।

11. চীন দক্ষিণ এছিয়াৰ এটা অংশনে ?
উত্তৰঃ নহয়।

12. শুদ্ধ নে অশুদ্ধ লিখা :
চীনদেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ অংশীদাৰ।
উত্তৰঃ শুদ্ধ।

13. SAARC ৰ মূল উদ্দেশ্য কি?
উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাত আছে, এই সংঘাতসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তােলা।

14. দক্ষিণ এছয় মণ্ডলত প্ৰথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?
উত্তৰঃ শ্ৰীলংকা।

15. ভাৰতৰ পূবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ?
উত্তৰঃ বাংলাদেশ।

16. কোন বছৰত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল?
উত্তৰঃ ১৯৮৭ চনত।

17. দক্ষিণ এছিয়াই কি সূচায়?
উত্তৰঃ দক্ষিণ এছিয়া বুলি ক’লে বাংলাদেশ, ভুটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা এই সাতখন ৰাষ্ট্ৰক বুজায়।

18. হয় নে নহয় লিখা—
ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীৰ্ষ সন্মিলনত SAFTA ত স্বাক্ষৰ কৰা হৈছিল।
উত্তৰঃ হয়।

19. প্ৰথম SAARC শীৰ্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত ঢাকাত (বাংলাদেশ)।

20. ভাৰতে শ্ৰীলংকালৈ কিয় ভাৰতীয় শান্তিৰক্ষা বাহিনী ( IPKF ) প্ৰেৰণ কৰিছল?
উত্তৰঃ শ্ৰীলংকাত থকা ভাৰতীয় তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে।

21. কোন ঠাইত চতুৰ্দশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ২০০৭ চনত নতুন দিল্লীত।

22. SAARC ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ South Asian Association for Regional Cooperation.

23. ফাৰক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা।
উত্তৰঃ ভাৰত আৰু পাকিস্তান।

24. শ্ৰীলংকাৰ বিবাদত লিপ্ত হােৱা দুটা সম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ সিংহলী আৰু তামিল।

25. LTTE ৰ অৰ্থ লিখা।
উত্তৰঃ Liberation Tiger of Tamil Eelam .

26. ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনাে দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ভাৰত আৰু পাকিস্তান।

27. SAARC ৰ দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ চীন আৰু জাপান।

Very Short Type Questions and Answers (Marks : 2)

1. ভাৰতৰ আণৱিক পৰিক্ষণৰ প্ৰত্যুত্তৰ পাকিস্তানে কিদৰে দিছিল?
উত্তৰঃ ১৯৯৮ চনত ভাৰতে, পােখৰাণত আণৱিক বিস্ফোৰণ পৰীক্ষণ কৰাৰ পিছত পাকিস্তানে এইটো গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত পাকিস্তানেহে চাপাই পাহাৰত আণৱিক পৰীক্ষণ সম্পাদন কৰে।

2. ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বন্দ্বৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰঃ (ক) পাকিস্তান আৰু ভাৰতৰ মাজৰ বিৰােধৰ এটা বিষয় হৈছে কাশ্মীৰ।
(খ) নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অসন্তোষ আছে।

3. ভাৰত আৰু নেপালৰ মাজত কিবা বিশেষ সম্পৰ্ক আছে বুলি তুমি ভাবনে? কি তেনেদৰে ভাবা?
উত্তৰঃ নেপাল আৰু ভাৰতৰ মাজত এক বিশেষ সম্পৰ্ক আছে যি পৃথিৱীত বিৰল। দুয়ােখন দেশৰ জনসাধাৰণে কোনাে প্ৰমাণ – পত্ৰ অথবা পাৰ – পত্ৰ নােহােৱাকৈ ভাৰতৰ পৰা নেপাললৈ অথবা নেপালৰ পৰা ভাৰতলৈ অহা – যােৱা কৰিব পাৰে।

4. ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযােগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰৰ উল্লেক কৰা।
উত্তৰঃ (ক) সহযােগিতাৰ ক্ষেত্ৰত ব্যৱসায় – বাণিজ্য আৰু জল আৱণ্টন।
(খ) বিবাদৰ ক্ষেত্ৰত সীমা বিবাদ আৰু সন্ত্ৰাসবাদ।

5. ‘ সামৰিক শাসন আৰু গণতন্ত্ৰ পাকিস্তানত একেটা মুদ্ৰাৰে। ইপিঠি – সিপিঠি’— ব্যাখ্যা কৰা।
উত্তৰঃ পাকিস্তানত গণতন্ত্ৰ আৰু সামৰিক শাসনৰ সংমিশ্ৰণ ঘটি আহিছে। পাকিস্তানত সংবিধান অনুসৰি গণতান্ত্ৰিক শাসন প্ৰৱৰ্তন কৰাৰ পিছতেই জেনেৰেল আয়ুব খানে দেশৰ শাসন ক্ষমতা নিজৰ হাতলৈ আনি সামৰিক শাসন প্ৰৱৰ্তন কৰিছিল। ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰৰ শাসন চলিছিল যদিও ১৯৭৭ চনত পুনৰ জেনেৰেল জিয়াউল হকে ক্ষমতা হস্তগত কৰে। সেইদৰে ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফে নিৰ্বাচিত, প্ৰধানমন্ত্ৰী নৰাজ শ্বৰীফক আঁতৰাই নিজে ক্ষমতা দখল কৰে।

6. ভাৰত আৰু বাংলাদেশৰ মাজত সহযােগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।
উত্তৰঃ (ক) সহযােগিতাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য আৰু জলবণ্টন।
(খ) বিবাদৰ ক্ষেত্ৰত সীমা বিবাদ আৰু সন্ত্ৰাসবাদ।

7. SAARC ত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতে SAARC ৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ আৰু সহযােগিতাপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত মুক্ত বেপাৰ – বাণিজ্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰে।

READ MORE  আঞ্চলিক প্ৰত্যাশা | Chapter 14 | Class 12 Political Science - AHSEC

8. তাঁচখাও চুক্তিৰ তাৎপৰ্য লিখা।
উত্তৰঃ ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত তাঁচখাণ্ড চুক্তি স্বাক্ষৰীত হৈছিল।

9. পাকিস্তানত নদীৰ পানী ভাগ-বটোৱাৰা সম্পৰ্কীয় সমস্যাবােৰ আলােচনা, কৰা।
উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত নদীৰ পানী ভাগ – বিতৰণক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে। সিন্ধু নদীৰ পানীৰ ভাগ বিতৰণক লৈ ১৯৬০ দশকৰ পৰাই দুয়ােখন দেশৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত এই বিবাদ নিষ্পত্তিৰ বাবে চুক্তি সম্পাদন কৰা হৈছে।

10. ৰাজতন্ত্ৰৰ পিছত নেপালত গণতন্ত্ৰ কিদৰে প্ৰৱৰ্তন কৰা হৈছে ?
উত্তৰঃ ১৯৯০ চনত ৰাজতন্ত্ৰৰ বিৰুদ্ধে গঢ়ি উঠা কমিউনিষ্ট আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰজা বীৰেন্দ্ৰই ৰাজনৈতিক সংস্কাৰ সাধন কৰিবলৈ বাধ্য হয়।

11. SAARC বা এটা প্ৰভাৱী সংগঠনৰ কৰি তােলাৰ বাবে ভাৰতে কৰা দুটা প্ৰচেষ্টাৰ বিষয়ে লিখা।
উত্তৰঃ SAARC ত ভাৰতৰ বিশেষ মৰ্যাদা আছে। দক্ষিণ এছিয়াৰ ৭২ শতাংশ ভাৰতৰ অন্তৰ্ভুক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰে। ভাৰতৰ সামৰিক শক্তি সমগ্ৰ অঞ্চলৰ ৫০ শতাংশ।। সেযেহে আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ, অৰ্থনৈতিক ভূখণ্ড আৰু জনসাধাৰণৰ দিশত আটাইতকৈ শক্তিশালী হােৱাৰ বাবে SAARC ত বিশেষ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে।

12. ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তি অন্তৰ্ভুক্ত হােৱা দেশসমূহৰ নাম লিখা।
উত্তৰঃ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, মালদ্বীপ আৰু শ্ৰীলংকা।

13. SAARC ৰ সদস্যবােৰৰ নাম লিখা।
উত্তৰঃ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভুটান, মালদ্বীপ, শ্ৰীলংকা।

14. SAARC গঠন কৰা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা।
উত্তৰঃ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভুটান, মালদ্বীপ আৰু শ্ৰীলংকা।

15. SAFTA ই কি বুজায় ?
উত্তৰঃ SAFT = South Asian Free Trade Agreement as চুক্তিৰ উদ্দেশ্য হৈছে সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হােৱা।

16. দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম লিখা।
উত্তৰঃ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভুটান, মালদ্বীপ আৰু শ্ৰীলংকা।

17. দক্ষিণ এছিয়াৰ অন্তৰ্গত যিকোনাে চাৰিখন দেশৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰ।

18. থালী ঠাই পূৰণ কৰা :
(ক) বাংলাদেশ_____ ৰ পৰা_____লৈ পাকিস্তানৰ অংশ আছিল।
উত্তৰঃ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ।

19. পূবলৈ চোৱা নীতি কি?
উত্তৰঃ ভাৰতবৰ্ষই দক্ষিণ পূৰ্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক বিশেষকৈ অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ যি নীতি গ্ৰহণ কৰিছে তাকে Look East Policy বােলা হয়।

20. ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ প্ৰতি পাকিস্তানে কেনে সঁহাৰি দিছিল?
উত্তৰঃ ১৯৯৮ চনত ভাবতে পােখৰাণত আণৱিক বিস্ফোৰণ পৰীক্ষণ কৰাৰ পিছত পাকিস্তানে এইটো গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত পাকিস্তানেও চাপাই পাহাৰত আণৱিক পৰীক্ষা সম্পাদন কৰে। তেতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন কৰা হয় আৰু ইয়াৰ ফলত দুয়ােখন দেশৰ মাজত যুদ্ধৰ সম্ভাৱনা হ্ৰাস পায়।

21. খালী ঠাই পূৰ কৰা :
_____ৰ পৰা_____লৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ।
উত্তৰঃ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈকে।

22. পাকিস্তান সুস্থিৰ গণতন্ত্ৰৰ বিফলতাৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) সামৰিক বাহিনী, পুৰােহিত শ্ৰেণী, মাটিৰ গৰাকী, অভিজাত শ্ৰেণীৰ আদিপত্যই সঘনে নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটায় আৰু সামৰিক শাসন প্ৰৱৰ্তনৰ পথ সূচল কৰে।
(খ) পাকিস্তানৰ গণতন্ত্ৰ প্ৰতি প্ৰথমতে আন্তৰ্জাতিক সমৰ্থন নাই।তাৰ ফলশ্ৰুতিত ইয়াৰ শাসন – ব্যৱস্থাক সামৰিক বাহিনীযে দমন কৰি। ৰাখিবলৈ সুবিধা পাইছে।

23. ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ দিশবােৰ লিখা।
উত্তৰঃ ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ দিশবােৰ তলত উল্লেখ কৰা হ’ল—
(ক) ভাৰত এখন বহুধৰ্মীয় দেশ যত বিভিন্ন ভাষা – ভাষী আৰু বহু ধৰ্মৰ মানুহে বাস কৰে। আনহাতে নেপাল এখন হিন্দুধৰ্ম প্ৰধান ৰাষ্ট্ৰ।
(খ) ভাৰতত সুস্থিৰ গণতন্ত্ৰ প্ৰচলিত হৈ আহিছে। আনহাতে, নেপালত গণতন্ত্ৰ সুস্থিৰ নহয়।

24. সাম্প্ৰতিক দৃশ্যপটত শ্ৰীলংকাৰ মৰ্যাদা নিৰ্ণয় কৰা।
উত্তৰঃ ভাৰতে শ্ৰীলংকাৰ সৈতে এখন মুকলি বাণিজ্য চুক্তি কৰে যি দুয়ােখন দেশৰ সম্পৰ্কক সবল কৰিছে। ছামিৰ পাছৰ সময়ছােৱাত। শ্ৰীলংকাৰ পুনৰ নিৰ্মাণত ভাৰতৰ সহযােগে দুয়ােখন দেশক কাষলৈ লৈ আহে।

25. ভাৰত আৰু বাংলাদেশে সহযােগিতা কৰা দুটা বিষয় উল্লেখ কৰা।
উত্তৰঃ (ক) অৰ্থনৈতিক সমস্যা।
(খ) দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক সমস্যা।

26. ভাৰত – বাংলাদেশ সম্বন্ধৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাৰত আৰু বাংলাদেশৰ বিভিন্ন বিষয়ত সহযােগিতা আছে। দুয়ােখন দেশৰ মাজত অৰ্থনৈতিক দিশত সম্পৰ্ক উন্নত হৈছে। ম্যানমাৰৰ মাজেৰে দক্ষিণ – পূৰ্ব এছিৰে সম্পৰ্ক স্থাপন কৰিব বিচৰা লােক ইটা পলিচিৰ বাংলাদেশ এটা অংশ দুৰ্ঘটনা ক্ষোভাে আৰু পৰিৱেশৰ বিষয়বােৰত দুযাে দেশে নিযমীয়াভাৱে সহযােগ কৰি আহিছে।

27. SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল? SAFTA ৰ মূল উদ্দেশ্য কি?
উত্তৰঃ SAFTA ( South Asian Free Trade Agreement) ২০০৪ চনৰ ১২ তম সন্মিলন এই চুক্তি সম্পাদিত হৈছিল। SAFTA ৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হােৱা।

28. ২০০১ চনৰ আগ্ৰা শীৰ্য সন্মিলনৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ আগ্ৰা সন্মিলনখন হৈছে ২০০১ চনৰ ১৪-১৬ জুলাই পৰ্যন্ত ভাৰত – পাকিস্তানৰ মাজত অনুষ্ঠিত হােৱা এথ ঐতিহাসিক দুদিনীয়া শীৰ্ষ সন্মিলন। ভাৰত – পাকিস্তানৰ মাজত দীৰ্ঘদিন জুৰি চলা বিবাদমান বিষয়বিলাক নিষ্পত্তিকৰণৰ বাবে এই সন্মিলনখন অনুষ্ঠিত কৰা হৈছিল।

Long Type Questions and Answers (Marks : 3/4)

1. পূৰ্ব পাকিস্তানৰ লােকসকলে মুক্তি আন্দোলনৰ প্ৰতি ঢাল থােৱাৰ কাৰণবােৰ আঙুলিয়াই দিয়া।
উত্তৰঃ পূৰ্ব পাকিস্তানৰ জনসাধাৰণে মুক্তি আন্দোলনত অংশগ্ৰহণৰ কাৰণবােৰ হ’ল—
(ক) পশ্চিম পাকিস্তানৰ দমন আৰু শােষণ।
(খ) উৰ্দু ভাষা আৰােপ।
(গ) বেংগলী সংস্কৃতি আৰু ভাষাৰ প্ৰতি অবহেলা আৰু অৱকাশ।

2. ভাৰত – পাকিস্তান সম্বন্ধৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাৰত – পাকিস্তানৰ সম্পৰ্ক এক সংঘাতপূৰ্ণ সম্পৰ্ক। স্বাধীনতাৰ পিছত কাশ্মীৰ বিষয়ক লৈ দুয়ােখন দেশৰ মাজত এক বিবাদপূৰ্ণ সংঘাত বিৰাজমান। ভাৰত পাকিস্তান সৈতে বিবাদ – কৌশলগত বিষয় যেনে— অস্ত্ৰ সংগ্ৰহ চিয়াচিন হিমবাহ আদিতাে। ১৯৫০ চনলৈকে ইণ্ডাচ বেচিনৰ নদীৰ ব্যৱহাৰক লৈ এক ভয়ানক চুক্তিত আৱদ্ধ হৈ আছিল। ঘটনাক্ৰমে ১৯৬০ চনত বিশ্ববেংকৰ সহায়ত ভাৰত আৰু পাকিস্তানে ইশ্যাচ জল চুক্তি স্বাক্ষৰ কৰে যি দুয়ােখন দেশৰ মাজত বিভিন্ন বিবাদ থকা সত্বেও আজিলৈকে বৰ্তি আছে।

READ MORE  গণতান্ত্ৰিক ব‍্যৱস্থাৰ সংকট | Chapter 13 | Class 12 Political Science - AHSEC

3. SAARC গঠনৰ মূল কাৰণসমূহ কি কি?
উত্তৰঃ (ক) সামূহিক আত্মনিৰ্ভৰশীল বৃদ্ধি কৰা।
(খ) অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা।
(গ) আঞ্চলিক সহযােগিতাৰ উত্তৰণ ঘটোৱা।
(ঘ ) সন্ত্ৰাবাদ আৰু মাদক দ্ৰব্য নিৰ্ধাৰণ ৰােধ কৰা।

4. ভাৰত – শ্ৰীলংকাৰ সম্বন্ধৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাৰত শ্ৰীলংকা সম্পৰ্কত দ্বীপদেশখনৰ জনজাতিয বিবাদে অসুবিধাৰ সৃষ্টি কৰিছে। ১৯৪৭ চনত সামৰিক হস্তক্ষেপৰ পিছত ভাৰত চৰকাৰে শ্ৰীলংকাই সন্মুখীন হােৱা আভ্যন্তৰীণ অসুবিধাবােৰৰ পৰা নিজকে আঁতৰত ৰখাৰ কৌশল ল্য। ভাৰতে শ্ৰীলংকাৰ সৈতে এখন মুকলি বাণিজ্য চুক্তি (FTA) কৰে যি দুয়ােখন দেশৰ সম্পৰ্কক সবল কৰিছে। মুনামিৰ পাছৰ সময়ছােৱাত শ্ৰীলংকাৰ পুনৰ নিৰ্মাণত ভাৰতত সহযােগ দুযাে দেশক কাষলৈ লৈ আহে।

5. ভাৰত – নেপাল সম্বন্ধৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাৰত আৰু নেপালে এক বিশেষ সম্পৰ্ক ৰক্ষা কৰে যি পৃথিৱীতক বহু কম আছে। দুয়ােখন দেশৰ মাজত হােৱা এখন চুক্তিযে পাছপট আৰু ভিছা নােহাৱাকৈ দুয়ােখন দেশৰ নাগৰিকক যাতায়াত আৰু কাম কৰাৰ অনুমতি দিয়ে। এই বিশেষ সম্পৰ্ক থাকা সত্বেও দুয়ােখন দেশৰ। জনসাধাৰণৰ মাজত অতীতত বাণিজ্যিক সম্পৰ্কৰ বিবাদ আছিল। যি কি নহওক, ভাৰত আৰু নেপালৰ সম্পৰ্ক স্থায়ী আৰু শান্তিময়।

6. বাংলাদেশ স্বাধীনতা লাভত ভাৰতে কিদৰে সহায় কৰিছিল?
উত্তৰঃ পূব পাকিস্তান অৰ্থাৎ বাংলাদেশ পাকিস্তানৰ অধীনত ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈকে আছিল। পূৰ্ব পাকিস্তানক সদায় পশ্চিম পাকিস্তানে দমন কৰি ৰাখিব বিচাৰিছিল। ইয়াৰ ফলশ্ৰুতিত অসংখ্য পূৰ্ব পাকিস্তানৰ নাগৰিক ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিবলগীয়া হৈছিল। এনে এক পৰিস্থিতিত ভাৰত চৰকাৰে পূব পাকিস্তানৰ জনসাধাৰণৰ স্বাধীনতাৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই আৰ্থিক আৰু সামৰিক দিশত সহায় কৰিছিল। ইয়াৰ ৰিণতিস্বৰূপে ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত পাকিস্তানৰ সৈন্য বাহিনীযে আত্মসমৰ্পণ কৰে, ফলত বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্ৰৰ গঠন হৈছিল।

7. এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তােলাত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ পাকিস্তানৰ ভাৰতৰ লগত সংঘাত সামৰিক বাহিনী পাকিস্তানত অধিক শক্তিশালী কৰি তােলে। নিৰ্বাচিত চৰকাৰক উলাই কৰি সামৰিক লােকসকলে কাম কৰে।
(খ) জনসাধাৰণৰ গণতন্ত্ৰ প্ৰতি আস্থা নাই।
(গ) বিভিন্ন গােষ্ঠীযে প্ৰাযে কয় যে ৰাজনৈতিক দল আৰু গণতন্ত্ৰ নিশকতীয়া, গতিকে পাকিস্তানৰ নিৰাপত্তা স্বাৰ্থপৰ ৰাজনৈতিক দল আৰু দুৰ্বল গণতান্ত্ৰিক ব্যৱস্থাত বিঘ্নিত হ’ব।
(ঘ) সামৰিক বাহিনী, পুৰােহিত শ্ৰেণী, অভিজাত শ্ৰেণীৰ লােকসকলৰ আধিপত্যই সঘনে নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটায আৰু সামৰিক শাসন প্ৰৱৰ্তনৰ পথ মুকলি কৰে।

8. এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তােলাত পাকিস্তানৰ ব্যৰ্থতাৰ বাবে দায়ী কাৰকসমূহ লিখা।
উত্তৰঃ এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তােলাত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰকবােৰ হ’ল—
(ক) জনসাধাৰণৰ গণতন্ত্ৰ প্ৰতি আস্থা নাই।
(খ) বিভিন্ন গােষ্ঠীযে প্ৰাযে কয় ৰাজনৈতিক দল আৰু গণতন্ত্ৰ নিশকতীয়া, গতিকে পাকিস্তানৰ নিৰাপত্তা স্বাৰ্থপৰ ৰাজনৈতিক দল আৰু দুৰ্বল গণতান্ত্ৰিক ব্যৱস্থাত বিঘ্নিত হ’ব।
(গ) পাকিস্তানৰ ভাৰতৰ লগত সংঘাত সামৰিক বাহিনী পাকিস্তানত অধিক শক্তিশালী কৰি তােলে। নিৰ্বাচিত চৰকাৰক উলাই কৰি সামৰিক লােকসকলে কাম কৰে।

9. SAARC ৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলােচনা কৰা।
উত্তৰঃ South Association for Regional Cooperation ( SAARC) বহুপাক্ষিকভাৱে সহযােগিতা স্থাপনৰ বাবে আৰম্ভ হয়। ১৯৮৫ চনত ঢাকাত SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। SAARC গঠন কৰা হৈছিল অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰাৰ উদ্দেশ্য, সন্ত্ৰাসবাদ আৰু মাদক দ্ৰব্য নিবাৰণ ৰােধ কৰাৰ উদ্দেশ্য, আঞ্চলিক সহযােগিতাৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্য।

10. ভাৰতৰ প্ৰতিৱেশীবােৰে প্ৰাযে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশবােৰৰ ঘৰুৱা বিষয়বস্তুত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে। এই ধাৰণাক তুমি সঠিক বুলি ভাবানে?
উত্তৰঃ নহয়। ই সত্য ধাৰণা নহয়। ভাৰতে সদায় অন্য দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰানীতিক বিশ্বাস কৰে আৰু অন্য ৰাষ্ট্ৰক। নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰে। ভাৰতে শ্ৰীলংকালৈ নিজৰ শান্তি ৰক্ষা। বাহিনী পঠাইছিল শ্ৰীলংকা চৰকাৰৰ অনুৰােধ মৰ্মে ভাৰতে নেপাল আৰু ভূটানৰ দৰে সৰু ৰাষ্ট্ৰসমূহক যথেষ্ট টকা দি ৰাষ্ট্ৰসমূহক অৰ্থনৈতিক। উন্নতিৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল। ২০০৫ চনত পাকিস্তানে। ভূমিকম্পৰ সন্মুখীন হােৱা সময়ত ভাৰতে সাহায্য পঠিয়াইছিল। কিন্তু, অন্যায়ভাৱে কেতিয়াও আন দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ নকৰে।

11. SAARC এ শেহতীয়াকৈ গ্ৰহণ কৰা বিষয়বােৰ উল্লেখ কৰা।
উত্তৰঃ SAARC এ শেহতীয়াকৈ গ্ৰহণ কৰা বিষয়বােৰ হ’ল—
(ক) অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা।
(খ) আঞ্চলিক সহযােগিতা উত্তৰণ ঘটোৱা।
(গ) সন্ত্ৰাসবাদ আৰু মাদক দ্ৰব্যৰ নিবাৰণ কৰা।
(ঘ) সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা।

12. আঞ্চলিক সহযােগিতাৰ মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা।
উত্তৰঃ ছাৰ্কৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা ই কিছু অগ্ৰগতি লাভ কৰিলেও ই নিজকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্ৰগতি লাভ কৰিবলৈ হ’লে SAARC এ সন্মুখীন হােৱা প্ৰত্যাহ্বান সমূহ হ’ল—
(ক) অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাবম্পৰিক বিদ্বেষে ছাৰ্কৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে।
(খ) দেশসমূহৰ মাজত উন্নয়ন, পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ অভাৱেও ছাৰ্কৰ সফলতাত বাধা জন্মাইছে।
(গ) সদস্য দেশসমূহৰ প্ৰাকৃতিক সম্পদৰ বৈষম্য আৰু আকাবেও দেশসমূহৰ মাজত সহযােগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে।

13. পঞ্চশীলৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ভাৰত আৰু চীনদেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত পঞ্চশীল নীতি ৰচনা কৰা হৈছিল। এই নীতিকেইটা হ’ল –
(ক) প্ৰত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা।
(খ) আদেশক আক্ৰমণৰ পৰা বিৰত থকা।
(গ) আন দেশৰ আভ্যন্তৰীণ বিষ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।
(ঘ) শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি সমৰ্থন জনােৱা।

14. দক্ষিণ এছিয়াৰ বিভিন্ন দেশে একে ধৰণৰ ৰাজনৈতিক ব্যৱস্থাকে অনুসৰণ কৰে বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ দক্ষিণ এছিয়াৰ সকলােবােৰ ৰাষ্ট্ৰত একেই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা নাই। ভাৰতবৰ্ষ আৰু শ্ৰীলংকাই স্বাধীনতাৰ পিছৰ পৰাই গণতান্ত্ৰিক পৰম্পৰা মানি চলি আছে। পাকিস্তান আৰু বাংলাদেশে সামৰিক আৰু অসামৰিক দুৰ্যোধৰণৰ শাসনৰ তলতীয়া আছিল। ২০০৬ চনত এক গণ উত্থানে পেনালত দলীয় গণতন্ত্ৰ প্ৰতিষ্ঠা কৰে আৰু ৰজা নাম মাত্ৰ শাসকত পৰিণত হয়। ভূটানত এতিয়াও ৰাজতন্ত্ৰ ব্যৱস্থা চলি আছে। অৱশ্যে ৰজাই পৰ্যায়ক্ৰমে চৰকাৰক বহুদলীয় গণতন্ত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা চলাইছে। মালদ্বীপ ১৯৬৮ চনলৈকে চুলতানৰ শাসনৰ তলতীয়া আছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মালদ্বীপ গণৰাজ্য আৰু ৰাষ্ট্ৰপতি শাসিত চৰকাৰলৈ পৰিৱৰ্তিত হয়।

READ MORE  ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ | Chapter 15 | Class 12 Political Science - AHSEC

15. দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযােগিতা গঢ়াৰ মঞ্চ হিচাপে SAARC ৰভূমিকা আৰু সীমাবদ্ধতাসমূহ লিখা।
উত্তৰঃ ছাৰ্কৰ প্ৰথিষ্ঠাৰ পিছৰে পৰা ই কিছু অগ্ৰগতি লাভ কৰিলেও ই নিজেকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্ৰগতি লাভ কৰিবলৈ হ’লে ছাৰ্কে সন্মুখীন হােৱা প্ৰত্যাহ্বান সমূহ হ’ল—
(ক) অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাৰস্পৰিক বিদ্বেষে ছাৰ্কৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে।
(খ) সদস্য দেশসমূহৰ প্ৰাকৃতিক সম্পদৰ বৈষম্য আৰু আকাৰেও দেশসমূহৰ মাজত সহযােগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে।
(গ) দেশসমূহৰ মাজত উন্নয়ন, পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ অভাৱেও SAARC ৰ সাফল্যত বাধা জন্মাইছে।

16. ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্কৰ জটিলতাসমূহ আঙুলিয়াই দিয়া।
উত্তৰঃ স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতিত সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ আধিপত্য পৰিচালিত হৈছিল। ভাৰত চৰকাৰে তামিল সমস্যাটোৰ মােকাবিলাকৰ কাৰণে শ্ৰীলংকাৰ চৰকাৰৰ লগত যােগাযােগ কৰে। ১৯৪৭ চনত ভাৰত চৰকাৰে প্ৰথমবাৰৰ কাৰণে। শ্ৰীলংকাৰ তামিল সমস্যাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। ভাৰতে শ্ৰীলংকাৰ লগত এটা চুক্তি স্বাক্ষৰ কৰি শ্ৰীলংকালৈ ভাৰতীয় সেনা। পঠিয়াই শ্ৰীলংকাৰ চৰকাৰৰ লগত তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে ঘটনাক্ৰমে ভাৰতীয় সেনাই LTTE ৰ লগত এখন যুদ্ধত লিপ্ত হ’বলগীয়া হয়।

17. দক্ষিণ এছিয়াৰ বিষয়ে তলত দিযা কোনটো উক্তি অশুদ্ধ?
(ক) দক্ষিণ এছিয়াৰ সকলাে দেশ গণৰাজ্য।
(খ) ভাৰত আৰু বাংলাদেশে পানী ভাগ বটোৱাৰা লৈ এখন চুক্তি স্বাক্ষৰ কৰিছিল।
(গ) ইছলামাবাদত অনুষ্ঠিত হােৱা দ্বাদশ ছাৰ্ক সন্মিলন SAFTA স্বাক্ষৰিত হৈছিল।
(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Long Type Questions and Answers (Marks : 5/6)

1. শ্ৰীলংকাৰ গােষ্ঠীগত সংঘৰ্ষ প্ৰধান সম্প্ৰদায় দুটাৰ নাম লিখা আৰু এই সংঘৰ্যৰ ভৱিষ্যৎ সমাধানৰ মূল্যাংকন কিদৰে কৰিবা?
উত্তৰঃ শ্ৰীলংকাৰ গােষ্ঠীগত সংঘৰ্যৰ প্ৰধান সম্প্ৰদায় দুটা হ’ল সংখ্যাগুৰু সিংহলীসকল আৰু সুংখ্যালঘু তুমিলসকল।
সিংহলী সম্প্ৰদায়ৰ লােকসকল তামিলসকলৰ অতি উগ্ৰ বিৰােধী আছিল। তামিলসকল হ’ল ভাৰতৰ পৰা শ্ৰীলংকালৈ প্ৰব্ৰজিত লােক। তেওঁলােক শ্ৰীলংকাত স্থায়ীভাৱে বসবাস কৰা লােক। সিংহলী জাতীয়তাবাদীসকলে শ্ৰীলংকা দেশখন কেৱল সিংহলীসকলৰ বাবেহে বুলি ভাবে, তামিলসকলক কোনাে প্ৰকাৰৰ ৰেহাই শ্ৰীলংকাত দিব নিবিচাৰে। তামিলসকলক কৰা অৰজ্ঞাই উগ্ৰ তামিল জাতীয়তাবাদী ভাবধাৰা জাগৰিত হয়। ১৯৮৩ চনৰ পৰা তামিলসকলে গঠন কৰা উগ্ৰবাদী সংগঠন Liberation Tigers of Tamil Elam (LTTE) এ শ্ৰীলংকাৰ সৈন্যবাহিনীৰ বিৰুদ্ধে সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হৈ আহিছিল। তেওঁলােকৰ দাবী আছিল “Tamil Elam” অৰ্থাৎ সুকীয়া তামিল ৰাজ্য।

2. দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলােচনা কৰা।
উত্তৰঃ দক্ষিণ এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থাৎ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, ভূটান আৰু মালদ্বীপ আদি দেশবােৰৰ মাজত নানা চুক্তি, সংগঠন আছে যদিও নানা বাদ – বিসম্বাদ লাগি থাকে। এই দেশকেইখনৰ মাজত আভ্যন্তৰীণ নানা ৰাজনৈতিক বাদ – বিসম্বাদ থকা দেখা যায়। দেশকেইখনৰ মাজত বিশেষকৈ ভাৰত – পাকিস্তানৰ মাজত জন্ম লগ্নৰে পৰা কিছুমান বিবাদ চলি আহিছে।

জম্মু – কাশ্মীৰক লৈ বহুতাে বিবাদ আছে। শ্ৰীলংকাত আভ্যন্তৰীণ বিবাদ আছে। পাকিস্তান বাংলাদেশৰ মাজতাে অশান্তি আছে। এইবােৰক লৈ অশান্তি প্ৰাযে চলি থাকে যদিও এই আটাইবােৰ দেশৰ মাজত দক্ষিণ এছিয়া আঞ্চলিক সহযােগিতা সংস্থা SAARC হ’ল এক প্ৰধান আঞ্চলিক প্ৰচেষ্টা যাৰ দ্বাৰা অঞ্চলটোৰ দেশসমূহক বিভিন্ন উপাযেৰে উপকৃত। কৰিব পৰা যায়।

এই দেশবােৰৰ মাজত ‘দক্ষিণ এছিয়া মুক্ত বাণিজ্যিক চুক্তি ‘ গঢ় লৈ উঠিছে।ইয়াৰ দ্বাৰা সমগ্ৰ অঞ্চলটোৰ দেশবােৰে যথেষ্ট উপকাৰ লাভ। কৰিবলৈ সক্ষম হ’ব। মুঠতে এই দুই সংগঠনৰ মধ্যস্থতাত দক্ষিণ – এছিয়াৰ দেশবােৰে বাণিজ্যিক লাভৰ উপৰি ৰাজনৈতিক লাভালাভাে লাভ কৰিব পাৰিব আৰু দেশবােৰৰ মাজত সম্প্ৰীতি ভাব এটা গঢ়ি উঠিব বুলি আশা কৰিব পাৰি। এই দেশবােৰৰ ভিতৰত ভাৰতবৰ্য বেছি ডাঙৰ জনবহুল দেশ। সকলাে ক্ষেত্ৰতে আন সৰু ৰাষ্ট্ৰবােৰক বিভিন্ন সংকটৰ সময়ত ভাৰতে সহায় – সহযােগ আগবঢ়াই আহিছে। মুঠতে শান্তি – শৃংখলা গঢ়ি তুলিবলৈ ভাৰতে এটা নিঃস্বাৰ্থ মনােভাব লৈ কাম কৰিব লাগিব।

3. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলােচনা কৰা।
অথবাঃ দক্ষিণ এছিযাত কিদৰে বাহয়িক ক্ষমতাই দ্বিপাক্ষিক সম্বন্ধক প্ৰভাৱিত কৰিছে। উদাহৰণ দি বৰ্ণনা দিয়া।
উত্তৰঃ বৰ্তমান বিশ্বত কোনাে এটা অঞ্চলেই অকলশৰীয়াকৈ থাকিব নাইবা বাহিৰা দেশৰ প্ৰভাৱৰ পৰা বাছি থাকিব নােৱাৰে। দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকাই। হ’ল প্ৰধান প্ৰভাৱশালী ৰাষ্ট্ৰ।

ভাৰত আৰু চীন দেশৰ মাজৰ সম্পৰ্ক কিছু পৰিমাণে উন্নত হৈছে যদিও চীনদেশৰ অতি ঘনিষ্ঠ আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কহ’ল পাকিস্তানৰ লগতহে যিটো ভাৰতৰ কাৰণে অতি উদ্বেগজনক। বিশ্বায়ন আৰু উদাৰীকৰণৰ জৰিয়তে এছিয়াৰ দুয়ােখন ডাঙৰ ৰাষ্ট্ৰ পৰস্পৰে ওচৰ চাপি আহিছে। আৰু অৰ্থনৈতিক দিশত ১৯৯১ চনৰ পৰা খৰতকীয়াভাৱে দুযােথন দেশ আগবাঢ়ি আছে।

শীতল যুদ্ধৰ পিছৰে পৰা দক্ষিণ এছিয়াত আমেৰিকাৰ আগ্ৰাসান যথেষ্ট বৃদ্ধি পাই আহিছে। শীতল যুদ্ধ শেষ হােৱাৰ পাছৰে পৰা আমেৰিকাৰ সম্পৰ্ক ভাৰত আৰু পাকিস্তানৰ লগত বেছ ভাল হৈ উঠা দেখা যায়।

আমেৰিকাই ভাৰত আৰু পাকিস্তান এই দুয়ােখন দেশৰ সম্বন্ধ ৰক্ষাত। মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ লৈছে। দুয়ােখন দেশতে অৰ্থনৈতিক সংস্কাৰ আৰু উদাৰ – অৰ্থনৈতিক নীতিবােৰৰ ফলত আমেৰিকাৰ সহযােগিতাৰ পৰিমাণ অঞ্চলটোত যথেষ্ট বৃদ্ধি পােৱা দেখা যায়। অঞ্চলটোৰ দেশ দুখনৰ বিশালতা আৰুবৰ্ধিত জনসংখ্যাৰ বাবে। আমেৰিকাৰ দৰে দেশে এই অঞ্চলত এখন আকৰ্ষণীয় বজাৰ সৃষ্টি কৰিছে। এনেবােৰ কাৰণতে ক্ষমতাশালী দেশবােৰে সম্পৰ্ক গঢ়ি তুলিবলৈ বিভিন্ন কাৰণত ইচ্ছা প্ৰকাশ কৰে।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top