ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ | Chapter 15 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 15 Notes | SEBA Class 12 HS Political Science Chapter 15 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 15 ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ | HS 2nd Year Political Science Questions and Answers Assam


ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ
(Indian Politics: Recent Trends and Development)

Very Short Type Questions and Answers (Marks : 1)

1. ১৯৯৬ চনৰ সংসদীয় নিৰ্বাচনত কোনটো ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল?
উত্তৰঃ ভাৰতীয় জনতা পাটি।

2. ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ নৰসিংহ ৰাও।

3. মণ্ডল আযােগ কি?
উত্তৰঃ ১৯৭৮ চনত কেন্দ্ৰীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে পৰামৰ্শ দিবলৈ বি. পি, মণ্ডলৰ নেতৃত্বত গঠন কৰা আযােগক মণ্ডল আযােগ বােলা হয়।

4. ১৯৮৯ চনত মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল?
উত্তৰঃ ভি, পি, সিং।

5. মণ্ডল আযােগৰ যিকোনাে এটা অনুমােদন উল্লেখ কৰা।
উত্তৰঃ মণ্ডল আযােগৰ অন্যতম অনুমােদন হ’ল কেন্দ্ৰীয় চৰকাৰৰ। বিভাগসমূহত ২৭ শতাংশ চাকৰিৰ আসন অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণ কৰা।

6. ‘কৰ সেৱা’ কি?
উত্তৰঃ ১৯৯২ চনত অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি অনুদান বিচৰা হৈছিল। তাকে কৰ সেৱা বুলি জনা যায়।

7. NDA ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ NDA- National Democratic Allience . শতাংশ চাকৰিৰ আসন অন্যান্য পিচপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণ কৰা।

8. ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল?
উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই।

9. সংযুক্ত চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া দুটা বা তাতকৈ অধিক দলে লগ লাগি চৰকাৰ গঠন। কৰে তাকে সংযুক্ত চৰকাৰ বােলে।

10. ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্ব কোন দলে দিছিল?
উত্তৰঃ ভাৰতীয় জনতা পাৰ্টীয়ে।

11. “কংগ্ৰেছী পদ্ধতি ” বুলিলে কি বুজা?
উত্তৰঃ ‘কংগ্ৰেছী পদ্ধতি’ বুলিলে কংগ্ৰেছ দলৰ আধিপত্যক বুজায়।

12. আদৱানিৰ পিছত বিজেপিৰ সভাপতি কোন হৈছিল?
উত্তৰঃ ৰাজনাথ সিং।

13. ‘হিন্দুভাই’ কি বুজায়?
উত্তৰঃ ‘হিন্দু ভাই’য়ে সকলাে হিন্দু ভাই ভাই বুজায়। ইয়াত হিন্দু শব্দটোৱে প্ৰতিজন ভাৰতীয় নাগৰিকক বুজাইছে।

14. কিমানটা দলে মিলি NDA গঠন কৰিছিল?
উত্তৰঃ ১৩ টা দলে মিলি।

Short Type Questions and Answers (Marks : 2)

1. বি এছ পিৰ মৰ্যাদা বিচাৰ কৰা।
উত্তৰঃ বহুজন সমাজবাদী দল, চমুকৈ বি. এছ, পি – যে দলিত নেতা কাশীৰামৰ নেতৃত্বত পিছপৰা শ্ৰেণীৰ আঞ্চলিক দল হিচাপে আত্মপ্ৰকাশ। কৰে। তেওঁৰ পাচত নেত্ৰী মায়াৱতীয়ে এই দলক এটা ৰাষ্ট্ৰীয় দল হিচাপে প্ৰতিষ্ঠা কৰে। ই উত্তৰ প্ৰদেশৰ এটা শক্তিশালী দল।

2. NDA ৰ বিষযে চমুকৈ লিখা।
উত্তৰঃ National Democratic Allience – ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হৈছিল। ১৯৯৮ চনৰ নিৰ্বাচনত এই মৰ্চাই জ্যলাভ কৰি চৰকাৰ গঠন কৰিছিল।

3. ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰােধৰ বাবে দুটা পৰামৰ্শ দিয়া
উত্তৰঃ ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাক ৰােধ কৰিবলৈ বা বাধা দিবলৈ পৰামৰ্শ দুটা হ’ল
(ক) ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠিত আৰু গঠন হােৱা ৰাজনৈতিক দলসমূহক আইন মতে অবৈধ কৰিব লাগে।
(খ) ধৰ্মীয় মতভেদ থকা তীৰ্থস্থানবােৰ ভাৰতৰ জাতীয় স্থান হিচাপে ঘােষণা কৰিব লাগে।

4. কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল?
উত্তৰঃ ১৯৭৯ চনত ভাৰত চৰকাৰে দেশৰ অন্যান্য পিছপৰা জাতিসমূহক চিনাক্ত কৰি তেওঁলােকৰ কল্যাণ আৰু উন্নয়নৰ পৰামৰ্শ আগবঢ়াবলৈ বি.পি মণ্ডলৰ নেতৃত্বত এখন আযােগ গঠন কৰি দিছিল। ১৯৮০ চনত এই আযােগে প্ৰতিবেদন দাখিল কৰে। ১৯৯০ চনত চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰি কাৰ্য কৰিবলৈ আগবাঢ়ে। ১৯৯২ চনত এই সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালযে মানি লয়।

5. ওলােমা সংসদৰ বিষযে এটি টোকা লিখা।
উত্তৰঃ ওলােমা সংসদ হ’ল যত কোনাে এটা দলে সদনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম নহয়, তেনে অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত মিত্ৰতা গঠন হয় আৰু মিত্ৰ জোটে চৰকাৰ গঠন কৰে।

6. ভাৰতত আঞ্চলিকতাবাদ উথানৰ দুটা কাৰণ লিখা।
উত্তৰঃ ভাৰতৰ আঞ্চলিকতাবাদৰ উত্থানৰ দুটা কাৰণ হ’ল–
(ক) আঞ্চলিক ভিন্নতা। আৰু
(খ) অসমান উন্নয়ন।

7. সংযুক্ত চৰকাৰৰ দুটা দোষ আঙুলিয়াই দিয়া।
উত্তৰঃ ১। সংযুক্ত চৰকাৰৰ কাৰ্যকলাপৰ কোনাে স্থায়িত্ব নাই, যিকোনাে সময়ত ইয়াৰ পতন ঘটিব পাৰে।
২। সংযুক্ত চৰকাৰে দেশৰ ৰাজনৈতিক শক্তিক বহুতাে ভাগত ভাগ কৰি দুৰ্বল কৰে। সংযুক্ত চৰকাৰ দুৱল চৰকাৰ, ই্যাত বলিষ্ঠ সিদ্ধান্ত লৈ। কামত আগবাঢ়িব নােৱাৰে।

8. অবিচিৰ মাজত শক্তিশালী গ্ৰাম্য ভিত্তি থকা দলসমূহৰ তালিকা দিয়া।
উত্তৰঃ বহুজন সমাজবাদী পাৰ্টি, সমাজবাদী পাৰ্টি, জে, ডি, ইউ আৰু জে, ডি ইত্যাদি।

9. আঞ্চলিক দলৰ বিকাশৰ এটা কাৰণ লিখা।
উত্তৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যত বৈষম্যমূলক উন্নয়নৰ কাৰণতে বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল বিকাশ সাধন হৈছে। অনুন্নত, পিছপৰা। ৰাজ্য আৰু জাতিসমূহ ৰাজনৈতিকভাৱে সজাগ সচেতন হৈ নিজৰ অস্তিত্ব ৰখাৰ বাবে ৰাজনৈতিকভাৱে আঞ্চলিক দলৰ জড়িযতে ভােট যুদ্ধত। নামিব বিচাৰে।

10. নতুন অৰ্থনৈতিক সংস্কাৰবােৰ কি কি? এই নতুন অৰ্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘােষণা কৰা হৈছে?
উত্তৰঃ নতুন অৰ্থনৈতিক সংস্কাৰবােৰ হ’ল উদাৰীকৰণ, ব্যাক্তিগতকৰণ আৰু বিশ্বায়ন। নতুন অৰ্থনৈতিক সংস্কাৰবােৰ ১৯৯১ চনত ঘােষণা কৰা হৈছিল।

11. কোন কোন ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) গঠন কৰিছিল?
উত্তৰঃ মৰ্চা চৰকাৰৰ অংশীদাৰী দলসমূহ শিৱসেনা, শিৰােমনি আকালী দল, ৰাষ্ট্ৰীয় লােক দল, অসম গণ পৰিষদ, এ আই ডি এম কে, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি (N.D.A) ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত আছিল।

READ MORE  আন্তৰ্জাতিক সংগঠন | Chapter 4 | Class 12 Political Science - AHSEC

12. আঞ্চলিকতাবাদী দলসমূহ প্ৰয়ােজনীয় নে? তােমাৰ উত্তৰৰ সমৰ্থনত মত আগবঢ়োৱা।
উত্তৰঃ হয়। কাৰণ, ভাৰতবৰ্ষ এখন বিশাল আৰু বৈচিত্ৰ্যৰে ভৰা আঞ্চলিক ভিন্নতাৰে ভৰপূৰ দেশ।

13. মৰ্চা চৰকাৰ বুলিলে কি বুজা? কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল?
উত্তৰঃ মৰ্চা চৰকাৰ বুলিলে কেইবাটাও ৰাজনৈতিক দল একেলগ হৈ চৰকাৰ গঠন হােৱা বুজায়। ১৯৮৯ চনত প্ৰথম মৰ্চা চৰকাৰ গঠিত হৈছিল।

Long Type Questions and Answers (Marks : 4/6)

1. মৰ্চা চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট্য হ’ল—
(ক) মৰ্চা চৰকাৰক সংযুক্ত চৰকাৰ বুলি কোৱা হয়।
(খ) মৰ্চা চৰকাৰত আঞ্চলিক দলবােৰে গুৰুত্ব লাভ কৰে।
(গ) মৰ্চা চৰকাৰৰ ৰাজনৈতিক স্থিৰতা ক্ষণস্থায়ী হয়। (ঘ) মৰ্চা চৰকাৰক দুৰ্বল চৰকাৰ বুলি কোৱা হয়।

2. ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA: (National Democratic Alliance) চৰকাৰৰ বিষযে কি জানা লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হ’ল BJP (ভাৰতীয় জনতা দল) ৰ লগত আন কিছুমান দল সন্মিলিত হৈ গঠন কৰা এটা দল। ১৯৯৮ চনৰ নিৰ্বাচনতে মাত্ৰ ১৮২ খন আসন লাভ কৰি শিৱসেন, শিৰােমণি আকালি দল, ৰাষ্ট্ৰীয় লােকদল, অসম গণ পৰিষদৰ লগতে এ . আই . ডি. এম . কে আৰু তৃণমূল কংগ্ৰেছ আদি লগ লাগি চকাৰ গঠন। কৰিছিল। এই চৰকাৰে এবছৰ পূৰ্ণ হােৱাৰ আগতে জয়ললিতাৰ এ, আই, ডি, এম . কে দলে মৰ্চা চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলতে এই চৰকাৰৰ পতন ঘটে। কিন্তু ১৯৯৯ চনৰ লােকসভা নিৰ্বাচনত জনতা (BJP) দলে মুঠ ১৯৭ আসন দখল কৰে আৰু অটল বিহাৰী বাজপাযীযে চৰকাৰ গঠন কৰে।

এই মৰ্চা চৰকাৰত আছিল তামিলনাডুৰ কৰুণা নিধিৰ ডি, এম, কে দল, উৰিষ্যাৰ বিজু জনতা আৰু বাহিৰৰ পৰা সমৰ্থন দিয়া দল চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম। অটল বিহাৰী বাজপায়ীযে গঠন কৰা এই দুখন চৰকাৰকে NDA চৰকাৰ বুলি জনা যায়। এই মৰ্চা চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰে। কিন্তু ২০০৪ চনত লােকসভা নিৰ্বাচনত NDA চৰকাৰ পৰাজিত হয়।

3. কেতিয়া নতুন অৰ্থনৈতিক নীতি ঘােষণা হৈছিল? নতুন অৰ্থনৈতিক সংস্কাৰবােৰ কি কি?
উত্তৰঃ ১৯৯১ চনত ভাৰত চৰকাৰে নতুন অৰ্থনৈতিক নীতি আৰম্ভ কৰিছিল— যেনে, উদ্যোগ নীতি, অনুজ্ঞাপত্ৰৰ নীতি, আমদানি ৰপ্তানি নীতি, বিত্তীয় নীতি আদিৰ পৰিবৰ্তন সাধন কৰে। কঠোৰ। নিয়ন্ত্ৰণ নীতিৰ পৰা উদাৰ নীতি, শিথিল নীতি গ্ৰহণ আদি কৰিবলৈ আৰম্ভ কৰে। নতুন অৰ্থনীতিৰ চৰকাৰে উদাৰীকৰণ পৰিচালনাৰ। প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰে। এই নতুন নীতিৰে ইচ্ছা নকৰা কিছুমান বাধানিষেধ নিয়ন্ত্ৰণ কৰি, ৰপ্তানি আৰু আমদানি ক্ষেত্ৰত বিনিযােগৰ অনুজ্ঞাপত্ৰ দিয়াৰ নিয়ম বান্ধি দিয়ে। মুঠতে নতুন অৰ্থনীতিৰে ভাৰতীয় অৰ্থনীতিক আমােলাতান্ত্ৰিক। মেৰপেচৰ পৰা মুক্ত কৰি ঔদ্যোগিক উন্নতি সাধন কৰাই মূল উদ্দেশ্য।

4. গুজৰাটৰ মুছলিম – বিৰােধী আন্দোলন সম্পৰ্কে এটি টোকা লিখা
নাইবাঃ গুজৰাটৰ গােধৰাৰ ঘটনা সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ যােৱা ২০০২ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত গুজৰাটত মুছলমানসকলৰ বিৰুদ্ধে এক ব্যাপক সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই ঘটনাৰ তৎকালীন কাৰণ আছিল গুজৰাটৰ গােধ বেল ষ্টেচনত ঘটা এটা ঘটনা। কিছুমান লােকে সমতী যাত্ৰীবাহী ৰেলগাড়ীখন বলপূৰ্বকভাৱে ৰখাই তাৰে এটা ডবাত জুই জ্বলাই দিয়ে। ইয়াৰ ফলত এই ডবাটোত থকা অযােধ্যাৰ পৰা ঘূৰি অহা, শিশু মহিলাকে ধৰি প্ৰায় ৫৭ জন কৰ সেৱকৰ মৃত্যু হয়। এই দুষ্কাৰ্য স্থানীয় মুছলমান লােকে বুলি এটা জনৰব হয়। ইয়াৰ ফলত গােটেই সমগ্ৰ গুজৰাটতে সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই জ্বলি উঠে। গুজৰাটৰ ২৫ খন জিলাৰ ১৫/১৬ খুন জিলাত প্ৰায় এক মাহ ধৰি এই হিংসা প্ৰতিহিংসাৰ সংঘৰ্ষ চলে আৰু প্ৰায় ১১০০ লােক প্ৰাণ হানি। হৈছিল। ইয়াৰ সৰহভাগ লােক আছিল মুছলিম সম্প্ৰদায়ৰ লােক।

এই সম্প্ৰদায়িক সংঘৰ্ষক সমগ্ৰ দেশতে এনেকি বিদেশতাে কঠোৰভাৱে সমালােচনা কৰা হৈছিল। আমাৰ দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযােগে গুজৰাট চৰকাৰক এই সংঘৰ্ষ সমযমতে নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হােৱা বুলি কঠোৰ সমালােচনা কৰে আৰু আক্ৰান্ত লােকক সময়ত নিৰাপত্তা, আৰু সহায় – সহযােগ কৰাতাে ব্যৰ্থ আৰু দোষীসকলক ধৰি আনি উপযুক্ত শাস্তিৰ বিধান কণৰ ক্ষেত্ৰতাে সম্পূৰ্ণ ব্যৰ্থ হােৱা বুলি অভিযােগ আনিছিল। মুঠতে ভাৰতৰ নিচিনা ধৰ্মনিৰপেক্ষ দেশত এনে ঘটনা বৰ উদ্বগজনক। ধৰ্মক কোনাে কাৰণতে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব নালাগে। ই গণতান্ত্ৰিক শাসনৰ পৰিপন্থী।

5. গণতন্ত্ৰত কেনে ধৰণৰ দলীয় ব্যৱস্থা থাকে আলােচনা কৰা।
উত্তৰঃ আধুনিক যুগত, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰত ৰাজনৈতিক দল অপৰিহাৰ্য। ৰাজনৈতিক দল অবিহনে আধুনিক গণতান্ত্ৰিক শাসন। ব্যৱস্থা সম্ভৱ নহয়। গণতন্ত্ৰত সাধাৰণতে এক দলীয় শাসন ব্যৱস্থা। নচলে। গণতন্ত্ৰত একদলীয় শাসনত স্বেচ্ছাচাৰী শাসন চলে। প্ৰকৃত গণতান্ত্ৰিক শাসনত দ্বিদলীয় ব্যবস্থা নাইবা বহুদলীয় ব্যৱস্থাৰ প্ৰচলন থকা উচিত।

বৰ্তমান গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থাৰে শাসন চলি আহিছে। তাত দুটা দলৰ মাজতে শাসন ক্ষমতা হস্তান্তৰিত হৈ আহিছে। দ্বিদলীয় ব্যৱস্থাত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক দুটা ভাগতহে বিভক্ত কৰা হয়। যিটো দল বেছি জনপ্ৰিয় সেই দলেই শাসন ক্ষমতা দখল কৰে। কিন্তু বহুদলীয় ব্যৱস্থাত দেশৰ ৰাজনৈতিক শক্তি বহুধাবিভক্ত হয়। যিমান ৰাজনৈতিক দল থাকে সিমানটা ভাগতে। ৰাজনৈতিক শক্তিবােৰ ভাগ হয়। বহুধাবিভক্ত জনসাধাৰণে শক্তিশালী জনমত গঢ়ি তুলিব নােৱাৰে। বহুতাে ৰাজনৈতিক দল থকা দেশত শক্তিশালী দল নাথাকে। সেইবাবেই বহু দল থকা দেশত সংযুক্ত চৰকাৰ গঠন হােৱা দেখা যায়। সংযুক্ত চৰকাৰ ক্ষণস্থায়ী, দুৰ্বল, দৃঢ়, বলিষ্ঠ পদক্ষেপ ল’ব নােৱাৰে। আনহাতে ৰাজ্যসমূহত গঠিত সংযুক্ত চৰকাৰে বলিষ্ঠ পদক্ষেপ লৈ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কোনাে দাবী উত্থাপন কৰি বিত্তীয় দান – অনুদান আদি আদায় কৰি আনিব নােৱাৰে।

গতিকে তিনিটা দলীয় ব্যৱস্থাৰ আটাইকেইটা ভাল দলীয় ব্যৱস্থা হ’ল। দ্বিদলীয় ব্যবস্থা। যি দলীয় ব্যৱস্থা ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত সফলভাৱে শতিকা জুৰি প্ৰচলিত হৈ আহিছে। আনহাতে আমাৰ ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰচলিত হােৱা কাৰণতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিচিনা শক্তিশালী দলত লাহে লাহে শক্তিহীন হৈ আহি অৱশেষত পৰাজিত হৈছে। বৰ্তমান ভাৰতত নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পৰা দল ভাৰতত নাইকি হৈ পৰিছে। আনহাতে দেশৰ ৰাজনৈতিক শক্তি বহুধা বিভক্ত হৈ পৰিছে, দুৰ্বল হৈ পৰিছে। অৱশেষত ভাৰতত জনগণৰ সংখ্যাৰ ভিত্তিত লঘিষ্ঠসংখ্যক ভােটাৰৰ দ্বাৰাহে চৰকাৰ গঠন হােৱা দেখা যায়। গতিকে বহুদলীয় ব্যবস্থা নিৰ্বাচন হলে প্ৰকৃত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰা টান। দ্বি – দলীয় ব্যবস্থাৰেহে প্ৰকৃত গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পৰা যায়।

READ MORE  সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science - AHSEC

6. ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰীয়তাবাদী, সৰ্বভাৰতীয় দলবােৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ আশা আকাংক্ষা পূৰণ কৰিব নােৱাৰে। সেইবাবে আঞ্চলিক বা স্থানীয় লােকৰ অভাৱ অভিযােগ সমস্যাৰ কথা স্থানীয় লােকেহে বুজিব পাৰে সেইবাবে আঞ্চলিক দলৰ আৱশ্যক।
(১) আঞ্চলিক দলসমূহে নিজৰ নিজৰ অঞ্চলৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক তথা সাংস্কৃতিক স্বাৰ্থপূৰণৰ প্ৰয়াস কৰে। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলে স্থানীয় সমস্যাৰ কথা সকলাে ঠাইতে সমানে ধ্যান দিব নােৱাৰে।

(২) আঞ্চলিক দলে ৰাষ্ট্ৰীয় সমস্যাতকৈ স্থানীয় সমস্যাক অধিক গুৰুত্ব দিয়ে। আঞ্চলিক দলে সাংগঠনিক দিশটো অধিক গুৰুত্ব দিয়ে। অঞ্চলৰ সদস্যসকলক সােশৰীৰে সেৱা আগবঢ়াব পাৰে, বা লগ ধৰিব পাৰে। যােগাযােগ সঘনে হ’ব পাৰে। কাম কাজৰ গতি বৃদ্ধি পায়।
গতিকেৰাষ্ট্ৰীয় দল থাকিলেও আঞ্চলিক দল অঞ্চলে অঞ্চলে অতি আৱশ্যক বুলি অনুভব কৰে।

7. বাবৰি মছজিদ ধ্বংস আৰু ইয়াৰ পৰৱৰ্তী ঘটনাসমূহৰ এটি চমু আভাস দিয়া।
নাইবাঃ অযােধ্যা বিবাদ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ কেবাটাও দশক জুৰি অযােধ্যাৰ বাবৰি মছজিদ’নামৰ মছজিদটোৰ বিষয়ত এটা দ্বিাদ চলি আহিছে। এই মছজিদটো ষষ্ঠদশ শতিকাতে মােগলসম্ৰাট বাবৰৰ সেনাপতি মিৰ বাকিযে নিৰ্মাণ কৰিছিল। হিন্দুসকলে বিশ্বাস কৰে যে – সেই স্থানতে ৰামৰ জন্ম হৈছিল আৰু তাত পূজাসেৱা কৰাৰ বাবে এটা মন্দিৰৰ আছিল। সেই মন্দিৰ ভাঙিহে বাবৰি মছজিদ নিৰ্মাণ কৰিছিল। এই লৈ বহু দশকৰ আগৰে পৰা। আদালতৰ ওচৰ চপাও হৈছিল কিন্তু আদালতে ‘ কোনাে বায় নিদিয়া বাবে মছজিদত তলা লগাই দিয়া হৈছিল।

এই বিবাদ ১৯৪৬ চনত, যেতিয়া ফৰিদাবাদৰ জিলা আদালতে এটা আদেশ দিলে যে— যিহেতু তাত ৰামৰ জন্মভূমিত পূজা সেৱা চলিছিল গতিকে তাৰ বাবে তলা খুলি দি তাত পূজসেৱা চলাবলৈ অনুমতি দিয়া হওক। এই আদেশৰ বাবে দুযাে ধৰ্মৰ মানুহে এই বিষয়ক লৈ নিজৰ নিজৰ সম্প্ৰদায়ক সংগঠিত কৰিবলৈ ল’লে। এইদৰে হঠাতে এটা স্থানীয় বিবাদে এটা দেশজুৰি ডাঙৰ ৰাষ্ট্ৰীয় বিষ্যত পৰিণত হ’ল। ১৯৯০ চনত পৰিস্থিতি আৰু বেছি উজ্জ্বগজনক হৈ পৰিছিল যেতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ঘােষণা কৰিলে যে অযােধ্যাত তেওঁলােকে ৰাম মন্দিৰ নিৰ্মাণৰ কামত আগবাঢ়িব।

১৯৯২ চনৰ ডিচেম্বৰ মাহত, ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থকসকলে কসেৱক ‘ (Volun tary Service) অৰ্থাৎ স্বেচ্ছাসেৱক’সংগঠন গঠন। কৰে। ৬ ডিচেম্বৰত, অযােধ্যাত হাজাৰ হাজাৰ কৰ সেৱক ‘ সন্মিলিত হয়। অৱশেষত বাবৰি মছজিদ সম্পূৰ্ণ ধ্বংস কৰে। ইাকে লৈ হিন্দু মুছলিমৰ মাজত ভাৰতৰ বহুত ঠাইত ভীষণ সম্প্ৰদায়িক সংঘৰ্য আৰম্ভ হয়। মুম্বাইতে আটাইতকৈ বেছি সংঘৰ্ষ হয় ১৯৯৩ চনত।

এই ‘বাবৰি মছজিদ’ ধ্বংসই ভাৰতৰ বিভিন্ন ঠাইত সাংঘাটিক কিছুমান ঘটনাৰ অৱতাৰণা কৰে। BJP-ৰৰাজ্য চৰকাৰ, আৰু মুখ্যমন্ত্ৰী কল্যাণ সিংঙক কেন্দ্ৰীয় চৰকাৰে বৰ্খাস্ত কৰে। আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰে। আন কেবাখনাে BJ P শাসিত ৰাজ্যত ৰাষ্ট্ৰপতি শাসন ‘ প্ৰৱৰ্তন কৰা হৈছিল। মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ বিৰুদ্ধে আদালত অবমাননা কৰ বাবে তেওঁৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত এটা গােচৰ পঞ্জীয়ন কৰা হৈছিল কাৰণ তেওঁ ‘বাবৰি মছজিদ ‘কোনাে। প্ৰকাৰে ভংগ কৰিব দিয়া নহ’ব বুলি ন্যায়ালয়ক প্ৰতিশ্ৰুতি দিছিল। কেন্দ্ৰীয় চৰকাৰে বাবৰি মছজিদ ভংগ কৰাৰ পৰিস্থিতি অনুসন্ধান। কৰাৰ বাবে এখন আযােগ গঠন কৰি দিয়ে। BJP – দলৰ বাদে ভাৰতৰ সকলাে দলে এই কাৰ্য্যৰ বাবে গৰিহণা দিয়ে আৰু ইযাক। ৰ্মনিৰপেক্ষ নীতিৰ পৰিপন্থী বুলি ঘােষণা কৰে।

8. ১৯৪৯ চনৰ পৰৱৰ্তী সময়ছােৱাৰ ভাৰতীয় ৰাজনীতিৰ। প্ৰধান সমস্যাসমূহ লিখা। ৰাজনৈতিক দলৰ কেনেকুৱা পৃথক গঠনে এই পাৰ্থক্যবােৰ ধাৰণ কৰে?
উত্তৰঃ (ক) ১৯৮৯ চনৰ পিছত যিবােৰ মূল বিষযৰ উদ্ভব হৈছিল। সেইবােৰ হ’ল—
১। ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ পতন আৰু ইয়াৰ প্ৰতিপত্তিৰ স্খলন।

২। মণ্ডল আযােগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ আৰু ইয়াৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়া, প্ৰতিবাদ আৰু আন্দোলন।

৩। অৰ্থনৈতিক সংস্কাৰ, নতুন অৰ্থনৈতিক নীতি গ্ৰহণ, সমালােচনা।

৪। ৰাজীৱ গান্ধীৰ হত্যা।

৫। বাবৰি মছজিদ ধ্বংস আদি। এই আটাইবােৰ ঘটনা, ১৯৮৯ চনৰ নিৰ্বাচনৰ পিছত গঠন হােৱা সংযুক্ত মৰ্চা চৰকাৰ দিনৰ পৰা আৰম্ভ। হৈছিল। আচৰিত কথা, BJP আৰু বাওঁপন্থী দুয়ােটা দলে ভি পি সিঙৰ নেতৃত্বত গঠন হােৱা ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰখনক বাহিৰৰ পৰা সমৰ্থন দি আছিল। BJP দলে জানিছিল যে এখন সংখ্যালঘু চৰকাৰক তেওঁলােকে সমৰ্থন জনাই আছিল কংগ্ৰেছ দলটোক কেন্দ্ৰত সম্পূৰ্ণ শেষ কৰিবলৈ। এইদৰে ১৯৮৯ চনৰ লােকসভা নিৰ্বাচনৰ পিছত প্ৰথম সংখ্যালঘু দল। এটাই কেন্দ্ৰত এখন সংযুক্ত চৰকাৰ গঠন কৰিছিল। প্ৰায় সকলাে। অকংগ্ৰেছী ৰাজনৈতিক দলেই একত্ৰিত হৈ ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰক সহায় কৰিছিল।

(খ) বাবৰি মছজিদ ধ্বংস আৰু ৰামমন্দিৰ নিৰ্মাণৰ বিষয় :- ১৯৯০ চনত BJP দল আৰু বিশ্ব হিন্দু পৰিষদে অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈ যাে – জা কবিবলৈ আৰম্ভ কৰে। আনহাতে এল কে আদৱানিযে গুজৰাটৰ পৰা আযােধ্যালৈ ৰথ যাত্ৰা আৰম্ভ কৰে। কিন্তু ভি, পি . সিঙে আদবানিক বিহাৰত গ্ৰেপ্তাৰ কৰে। এই কাৰ্যৰ বাবে। BJP যে ভি. পি, সিঙৰ চৰকাৰৰ পৰা সমৰ্থন উঠায় লয় ফলত ভি, পি. সিঙৰ চৰকাৰৰ পতন ঘটে। ইয়াৰ পিছত, বিভিন্ন ৰাজনৈতিক দলে কিছুমান অনৈতিক মিত্ৰতাত লিপ্ত হৈ পৰে নিজৰ নিজৰ স্বাৰ্থৰক্ষাৰ বাবে আৰু নিজৰ ক্ষমতাৰ পৰীক্ষা কৰিবলৈ। এই মিত্ৰতা সমাজবাদী দল আৰু BSP, UP BSP আৰু BJP ; আৰু কংগ্ৰেছ আৰু DMK ৰ মাজত হৈছিল। এই ধৰণৰ মিত্ৰতা হৈছিল ১৯৪৯ চনৰ পিছত কেন্দ্ৰত সংযুক্ত চৰকাৰ গঠনৰ উত্থানৰ বাবে।

READ MORE  জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science - AHSEC

9. সংযুক্ত চৰকাৰৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
উত্তৰঃ সংযুক্ত চৰকাৰৰ কিছুমান অসুবিধা আছে।
১। সংযুক্ত চৰকাৰৰ কাৰ্যকাল অস্থায়ী। এই চৰকাৰৰ নিৰ্ধাৰিত কাৰ্যকলাপৰ নিশ্চয়তা নাই। বিভিন্ন দলীয় মতাদৰ্শ নাে মিল নথকাৰ ফলত মতভেদ হৈ চৰকাৰৰ পতন ঘটে।

২। সংযুক্ত চৰকাৰ প্ৰকৃতাৰ্থত বৰ দুৰ্বল চৰকাৰ, কাৰণ বিভিন্ন দলৰ মাজত মতভেদ হােৱাৰ ভয়তে কোনাে দলে শক্তিশালী স্থিতি লৈ কাম। চলাব নােৱাৰে। দ্বিধাগ্ৰস্ত চৰকাৰে কোনাে কামতে বলিষ্ঠ শক্তিৰে কাম কৰিব নােৱাৰে।

৩। সংযুক্ত চৰকাৰত সাধাৰণতে উমৈহতীয়া কাৰ্যসূচী মতে ৰাজ্যৰ শাসন চলােৱা হয় কিন্তু এই ব্যৱস্থাত দলৰ স্বাৰ্থ সম্পূৰ্ণকৈ ৰক্ষা নপৰে।
ক্ষুদ্ৰ আঞ্চলিক, স্থানীয় স্বাৰ্থ ৰা পৰাৰ ফলত দলসমূহৰ মাজত মতভেদে দেখা দিয়ে আৰু চৰকাৰৰ পতন ঘটে।

৪। সংযুক্ত চৰকাৰত প্ৰতিটো দলৰে কিছুমান ক্ষুদ্ৰ স্বাৰ্থ থাকে, বহুতাে সদস্যৰ এই ক্ষুদ্ৰস্বাৰ্থ পূৰণ নহ’লেও ক্ৰমান্বয়ে দলীয় স্বাৰ্থলৈ পৰিৱৰ্তন হয়। ফলত লাহে লাহে মতান্তৰ ঘটি চৰকাৰৰ পতন ঘটে। সংযুক্ত চৰকাৰৰ বিশ্বাসযােগ্যতা কম, ৰাইজে ইযাক ক্ষণস্থায়ী বুলিযে জানে।

10. ভাৰতৰ ৰাজনীতিত সংযুক্ত চৰকাৰৰ বিকাশ সম্পৰ্কে চমুকৈ এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ ১৯৪৭ চনৰ স্বাধীনতাৰ পিছৰে পৰা ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলেই একেৰূহে নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে দেশৰ শাসন চলাই আহিছিল। ১৯৬৭ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলেই কেন্দ্ৰ আৰু ৰাজ্য উভয়তে এককভাৱে দেশৰ শাসন চলাই আহিছিল। ১৯৬৭ চনৰ নিৰ্বাচনত ছযখন ৰাজ্যত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিব লগা হয়। আৰু সেই ৰাজ্যকেইখনত অকংগ্ৰেছী দলে চৰকাৰ গঠন কৰে। লাহে লাহে দল বাগৰা নীতি প্ৰচলিত হােৱাত ৰাজ্যবােৰত সংযুক্ত। চৰকাৰ গঠনৰ নীতি আৰম্ভ হয়।

ভাৰতত হােৱা ১৯৭৫ চনৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ পিছত হােৱা ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় হয় আৰু জনতা দলে পােনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঠন কৰে। এই জনতা দলৰ চৰকাৰত আছিল— জনসংঘ, জাতীয় কংগ্ৰেছ (অ) আৰু আন কেইবাটাও সৰু সৰু দল। দুবছৰ চলাৰ পিছত ১৯৭৯ চনত দলবােৰৰ মাজত অন্তৰ্দ্বন্দ্ব লাগি সংযুক্ত চৰকাৰৰ পতন ঘটে। ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত পনৰ জনতা দলৰ ভি পি সিঙৰ নেতৃত্বত কেইবাটাও দল লগ লাগি ৰাষ্ট্ৰীয় মৰ্চা নামৰ এখন সংযুক্ত চৰকাৰ গঠন কৰে।

ভাৰতীয় জনতা পাৰ্টী আৰু বামপন্থী দলৰ বাবে মন্ত্ৰীসভাত যােগ নিদি বাহিৰৰ পৰা সমৰ্থন কৰে। কিন্তু পিছৰ বছৰতে ভাৰতীয় জনতা দলে সমৰ্থন প্ৰত্যাহাৰ কৰাত এই চৰকাৰৰ পতন ঘটে। কিন্তু জনতা দলৰে নেতা চন্দ্ৰ শেখৰে কংগ্ৰেছৰ (আইৰ) সমৰ্থনত। পুনৰ এখন সংযুক্ত চৰকাৰ গঠন কৰে। অৱশ্যে কম দিনৰ ভিতৰতে এই চৰকাৰৰাে পতন ঘটে।

পিছত ভাৰতীয় জনতা পাৰ্টীযে ১৩ টা দলৰ সহযােগত (এন ডি এ)। এখন সংযুক্ত চৰকাৰ গঠন কৰে। এই চৰকাৰ ২০০৪ চনলৈ ক্ষমতাত থাকে যদিও আস্থাভােটত এই চৰকাৰৰৰ পতন ঘটে। ২০০৪ চনৰ। লােকসভাৰ নিৰ্বাচনত জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৯ টা দল লগলাগি আন এটা সংযুক্ত চৰকাৰ (ইউ পি এ) গঠন হয়। এই চৰকাৰে। সফলতাৰে পাঁচ বছৰ শাসন চলাই ২০০৯ চনত প্ৰাক নিৰ্বাচনী মিত্ৰতাৰে কেইবাটাও দলৰ সহযােগত আন এখন সংযুক্ত চৰকাৰ গঠন কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতা শ্ৰীমনমােহন সিঙক প্ৰধান মন্ত্ৰী হিচাপে লৈ এই চৰকাৰ গঠন কৰে।

অসমতাে স্বাধীনতাৰ পিছৰে পৰা বহুদিন কংগ্ৰেছে শাসন কৰাৰ পিছত ১৯৮৫ চনত বিদেশী খেদা আন্দোলনৰ পিছত অসম গণ পৰিষদ ‘ দলে অসমত চৰ্কাৰ গঠন কৰিছিল। অৱশেষত ২০০৬ চনৰ নিৰ্বাচনত। কোনাে দলে সংখ্যাগৰিষ্ঠতা নােপােৱাত কংগ্ৰেছ দলে বি পি এফ দলৰ সহযােগত এখন সংযুক্ত চৰকাৰ গঠন কৰি চৰকাৰ চলাইছিল।

11. কংগ্ৰেছ দলৰ পতন হােৱা সত্ত্বেও এই দলটোৱে দেশৰ ৰাজনৈতিক শাসন ব্যৱস্থাত প্ৰভাৱ পেলাই আহিছে। তুমি এই কথাত সন্মত নে? যুক্তি দৰ্শােৱা।
উত্তৰঃ এই কথা সত্য যে – কংগ্ৰেছ দলৰ পতন হােৱা সত্বেও, দেশখনত কংগ্ৰেছ দলৰ প্ৰভাৱ চলিযেই থাকিব। ১৯৪৯ চনৰ নিৰ্বাচনত। লােকসভাত সাময়িকভাৱে কংগ্ৰেছদলৰ পৰাজ্য হৈছিল যদিও দুটা বছৰৰ পাছতে ১৯৯১ চনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল আৰু ১৯৯৬ চনলৈ ক্ষমতা দখল কৰি আছিল। ঠিক একেদৰে, ১৯৯৯ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ ক্ষমতাচ্যুত হৈছিল আৰু লােকসভাত বিৰােধী দল হিচাপে কাৰ্য সমাপন কৰিছিল।

পৰৱৰ্তী কালত ২০০৪ চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছ দলেই একমাত্ৰ সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হৈচৰকাৰ গঠন কৰিব পাৰিছিল। কংগ্ৰেছ দলে ১৪৫ আসন দখল কৰি মনমােহন সিঙৰ নেতৃত্বত UPA চৰকাৰ গঠন কৰি দেশ চলাইছিল। গতিকে বৰ্তমান সংযুক্ত চৰকাৰৰ ৰাজনীতিত কংগ্ৰেছ দলৰ প্ৰভাৱ যথেষ্ট পৰিমাণে শ্ৰেষ্ঠ বুলি ক’ব পাৰি।

মুঠতে এতিয়ালৈ (২০০৪ চন) কংগ্ৰেছৰ নেতৃত্বত UPA চৰকাৰখনে কেন্দ্ৰত এখন চৰকাৰ চলাই আছে। বৰ্তমান কংগ্ৰেছ দলে ভাৰতৰ কিছুসংখ্যক বাহয়ত চৰকাৰ গঠন কৰি চৰকাৰ চলাই আছে। যেনে— জম্মু আৰু কাশ্মীৰত (সংযুক্ত হিচাপে PDP দলৰ লগত), একেদৰে দিল্লীত, উত্তৰাঞ্চলত, অন্ধ্ৰপ্ৰদেশত, মহাৰাষ্ট্ৰত, হাৰিয়ানাত আৰু অসম আদি বহুতাে ৰাজ্যত। এনেকি এতিয়াও দেশৰ ৰাজনীতি কংগ্ৰেছ দলৰ চাৰিওফালেই ঘূৰি আছে বুলি ক’ব পাৰি। আটাইতকৈ পুৰণা দল হিচাপে এই দলৰ তৃণমূল স্থিতি দেশখনৰ সকলাে ৰাজ্যতে আছে। কিন্তু আন নতুন দলৰবােৰে কংগ্ৰেছ দলক অনুকৰণ কৰিযে নীতি আৰু আঁচনিবােৰ কৰিবলগীয়া হয়। মুঠতে কংগ্ৰেছ দল যিটো ভেটিৰ ওপৰত বৰ্তমান প্ৰতিষ্ঠিত, আন কোনাে দলৰে তেনে সুবিধা নাই।

এইবােৰৰ উপৰি কংগ্ৰেছ দলে ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰতাে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেইকাৰণে আমি যুক্তিপূৰ্ণভাবে। ক’ব পাৰাে যে কংগ্ৰেছ দলে দেশখনৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি যাব পাৰিব।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top