আন্তৰ্জাতিক সংগঠন | Chapter 4 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 4 Notes | SEBA Class 12 HS Political Science Chapter 4 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 4 আন্তৰ্জাতিক সংগঠন | HS 2nd Year Political Science Questions and Answers Assam
আন্তৰ্জাতিক সংগঠন
(International Organisations)
Very Short Type Questions and Answers (Marks : 1)
1. ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হল_____।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
2. ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সংস্থাটোক কোৱা হয়।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সংস্থাটোক কোৱা হয় সাধাৰণ সভা।
3. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ_____খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে।
উত্তৰঃ নিৰাপত্তা পৰিষদৰ ১০ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে।
4. ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধান জন হ’ল_____।
উত্তৰঃ এন্টনিও গুটেৰেছে।
5. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে ভেটো প্ৰদানৰ ক্ষমতা আছে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
6. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যসকলে স্বতঃস্ফূৰ্তভাৱে আন সকলাে প্ৰধান অংগৰ সদস্য। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
7. বিশ্ব বাণিজ্য সংস্থাই বাণিজ্য আৰু শুল্ক বিষয়ক সাধাৰণ চুক্তিৰ উত্তৰাধিকাৰী হিচাপে কাম কৰি আছে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
8. IAEA ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ International Atomic Energy Agency.
9. এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?
উত্তৰঃ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা।
10. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰঃ বিজযলক্ষী পণ্ডিত।
11. ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল ?
উত্তৰঃ নৰৱেৰ ট্ৰিভি লি।
12. ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কষােতে কিমান সদস্যই স্বাক্ষৰ কৰিছিল?
উত্তৰঃ ৫১ খন দেশে।
13. ভেটো ক্ষমতাই কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনাে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰােধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।
14. ৰাষ্ট্ৰসংঘত বৰ্তমান কেইথন সদস্য ৰাষ্ট্ৰ আছে ?
উত্তৰঃ ১৯২ খন।
15. কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়?
উত্তৰঃ ২৪ অক্টোবৰত।
16. এমনেষ্টি ইণ্টাৰনেশ্যনেল কি?
উত্তৰঃ এমনেষ্টি ইন্টাৰনেশ্যনেল হ’ল এক আন্তঃৰাষ্ট্ৰীয় সংস্থা যাৰ মূল উদ্দেশ্য হৈছে বিশ্ব মানবাধিকাৰ ৰক্ষা কৰা।
17. ৰাষ্ট্ৰসংঘলৈ সৰ্ববৃহৎ অনুদান কোনখন দেশে আগবঢ়ায়?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
18. ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ নাম কি?
উত্তৰঃ সচিব প্ৰধান।
19. পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম লিখা।
উত্তৰঃ UNEP
20. ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হয়?
উত্তৰঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰত।
21. শান্তি গঢ়া আযােগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ২০০৭ চনত।
22. ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?
উত্তৰঃ বিজয়লক্ষী পণ্ডিত।
23. NGO সমূহৰ এটা দুৰ্বলতা লিখা।
উত্তৰঃ নিজৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে আইনগত কৰ্তব্য নাথাকে।
24. ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ?
উত্তৰঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰত।
25. যিকোনাে দুটা সামৰিক মিত্ৰজোটৰ নাম লিখা।
উত্তৰঃ NATO আৰু Warsaw Pact.
26. UNDP ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ United Nations Development Programme.
27. ‘যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিযেই ভাল ” – এই মন্তব্য কেনে কৰিছিল?
উত্তৰঃ চাৰ্চিলে।
28. ৰাষ্ট্ৰসংঘত প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল?
উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই।
29. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যইহে কেৱল ভেটো ক্ষমতাৰ অধিকাৰ লাভ কৰে কিয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পাঁচখন সদস্য ৰাষ্ট্ৰক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বাবে ভেটো প্ৰদান কৰা হৈছে।
30. ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি?
উত্তৰঃ বিশ্বশান্তি প্ৰতিষ্ঠা কৰা।
31. ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে?
উত্তৰঃ বিশ্ব শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ অপৰিহাৰ্য।
32. বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে?
উত্তৰঃ ১৯২ খন।
33. কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?
উত্তৰঃ ২০০৫ চনত।
34. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত_____স্থায়ী সদস্য আছে।
উত্তৰঃ ৫ খন।
35. ৰাষ্ট্ৰসংঘৰ একক বৃহৎ বৰঙণি দাতা দেশখনৰ নাম কি?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
36. বিশ্বত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়ােজনীয়তা কিয়?
উত্তৰঃ বিশ্বত সকলাে ৰাষ্ট্ৰৰ মাজত শান্তি সম্প্ৰীতি, নিৰাপত্তা বৰ্তাই ৰাখিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰযােজন।
37. ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্ৰধান গৰাকী কোন?
উত্তৰঃ এন্টেনিঅ ‘ গুটাৰ।
38. বিগ থ্ৰি ‘ বুলিলে কি বুজা?
উত্তৰঃ ৰুচভেল্ট, চাৰ্চিল আৰু ষ্টেলিন।
39. নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱা – চিতা কৰে ?
(a) নিৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি
(b) আন্তঃৰাষ্ট্ৰীয় পৰমাণৱিক ইন্ধন এজেঞ্চি
(c) ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি
(d) ওপৰত উল্লেখ কৰা এটাও নহয়।
উত্তৰঃ (d) ওপৰত উল্লেখ কৰা এটাও নহয়।
Short Type Questions and Answers (Marks : 2)
1. সামাজিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ সৈতে জড়িত সংস্থাবােৰৰ নাম লিখা।
উত্তৰঃ (ক) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।
(খ) আন্তৰ্জাতিক শ্ৰমিক সংস্থা।
2. ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ বিশ্ব শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা।
3. নিৰাপত্তা পৰিষদৰ কাৰ্য কি?
উত্তৰঃ নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পৰ্কে তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্ৰসমূহক এনে সমস্যাৰ শান্তিপূৰ্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে।
4. সামাজিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা সংস্থাৰ নাম লিখা।
উত্তৰঃ (ক) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।
(খ) আন্তৰ্জাতিক শ্ৰমিক সংস্থা।
5. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত_____স্থায়ী আৰু_____অস্থায়ী সদস্য আছে।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাঁচ স্থায়ী আৰু দই অস্থায়ী সদস্য আছে।
6. আইনৰ চকুত সমতা’ বুলিলে কি বুজা?
উত্তৰঃ জাতি, ধৰ্ম, নিৰ্বিশেষে সকলাে মানুহক আইনে সমান সুৰক্ষা প্ৰদান কৰিব লাগিব।
7. নিৰীকৰণৰ ক্ষেত্ৰত ভাৰতত স্থিতি কি?
উত্তৰঃ ভাৰতবৰ্ষই সদায় আক্ৰমণাত্মক মৰণাস্ত্ৰসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক সমৰ্থন জনাইছে। ভাৰতবৰ্ষই সকলাে দেশকে। শান্তিৰ বাবে আণৱিক শক্তি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে।
8. নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পৰ্কে লিখা।
উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ। আৰম্ভণিতে সদস্য ৬ আছিল। ১৯৬৫ চনত সদস্য সংখ্যা ১০ লৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে।
9. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলৰ নাম লিখা।
উত্তৰঃ আমেৰিকা, ৰাছ্যিা, ইংলেণ্ড, ফ্ৰান্স আৰু চীন।
10. সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ বেচৰকাৰী সংগঠন দুটা
(১) ৰেডিক্ৰছ। আৰু
(২) আন্তৰ্জাতিক ক্ষমা দান সংগঠন।
11. এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ এমনেষ্টি ইন্টাৰনেশ্যনেল হৈছে এটা বেচৰকাৰী সংগঠন যিযে সমগ্ৰ বিশ্বৰ মানৱ অধিকাৰ সংৰক্ষণৰ বাবে প্ৰচাৰ চলায। ই মানৱ অধিকাৰ সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰকাশ কৰে। চৰকাৰে প্ৰায় সকলাে সময়তে এই প্ৰতিবেদন বিলাক লৈ সুখী নহয়, কাৰণ বেছিভাগ প্ৰতিবেদনে চৰকাৰ কৰ্তৃপক্ষৰ ব্যে কাৰ্য প্ৰতিফলিত কৰে।
12. ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ প্ৰথমগকাৰী সচিবপ্ৰধান কোন আছিল?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সচিবালয় নিউয়ৰ্ক চহৰত অৱস্থিত। প্ৰথমগৰাকী সচিবপ্ৰধান আছিল— ট্ৰিগভিলি।
13. আজিৰ বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?
উত্তৰঃ বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ যথেষ্ট তাৎপৰ্য আছে। ছােভিয়েট। ৰাছ্যিাৰ পতনৰ পিছত বিশ্বত একমাত্ৰ মহাশক্তিধৰ দেশ আমেৰিকা। আমেৰিকাক নিয়ন্ত্ৰণ কৰাৰ শক্তি আন দেশৰ নাই। সেই ক্ষেত্ৰত। ৰাষ্ট্ৰসংঘই আমেৰিকাক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। ৰাষ্ট্ৰসংঘই একমাত্ৰ সংস্থা যিযে যুদ্ধ সংঘটিত হােৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি পৰস্পৰ বিৰােধী ৰাষ্ট্ৰসমূহক আলােচনাৰ বাবে একোটা মঞ্চত আনিব পাৰে। পৃথিৱীৰ বিভিন্ন অঞ্চলত হ’ব লগা যুদ্ধৰ পৰা ৰাষ্ট্ৰসংঘই দেশসমূহক ৰক্ষা কৰিছে।
14. বৰ্তমান এক মেৰু বিশিষ্ট বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?
উত্তৰঃ এক মেৰুকণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই হৈছে এনে একমাত্ৰ প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ আৰােপ কৰিব পাৰে।
15. ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে?
উত্তৰঃ পৰিৱৰ্তিত পৰিৱেশত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ৰক্ষা কৰাৰ বাবে কেইটামান পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লােৱা হয়। যেনে—
(ক) শান্তিৰষ্কা আযােগৰ প্ৰতিষ্ঠা।
(খ) যদি কোনাে ৰাষ্ট্ৰই নিজৰ নাগৰিকসকলক যিকোনাে ধৰণৰ অত্যাচাৰ অথবা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ব্যৰ্থ হয়, তেন্তে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদাযে সেই দায়িত্ব বহন কৰিব লাগে।
16. ভেটো ক্ষমতা বুলিলে কি বুজা?
উত্তৰঃ নিৰাপত্তা পৰিষদত ভেটোৰ জৰিয়তে যিকোনাে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এখন সদস্য ৰাষ্ট্ৰই মাত্ৰ এটা ভােটহে প্ৰদান কৰিব পাৰে। যদি কোনাে এক সদস্য ৰাষ্ট্ৰই এটা নেতিবাচক ভােট প্ৰদান কৰে তেতিযা স্থায়ী – অস্থায়ী উভয় শ্ৰেণীৰ সদস্যৰ দ্বাৰা গৃহীত প্ৰস্তাব নাকচ হৈ যায়। এই নেতিবাচক ভােটকে ভেটো’ বুলি কোৱা হয়।
17. আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ যুদ্ধৰ সম্ভাৱনাক নাইকিয়া কৰা, বিৰােধী গােটসমূহক আলাপ – আলােচনাৰ মেজলৈ লৈ অনা অৰ্থাৎ বিশ্বশান্তি ৰক্ষা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰযােজন।
18. ৰাষ্ট্ৰসংঘৰ চনত কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ২০০৬ পৰ্যন্ত তাত কিমান সদস্য আছিল?
উত্তৰঃ ১৯৪৫ চনত স্বাক্ষৰিত হৈছিল আৰু ২০০৬ চনলৈ তাত ১৯২ খন সদস্য ৰাষ্ট্ৰ আছিল।
19. সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ সুৰষ্কাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা।
উত্তৰঃ (ক) Amnesty International আৰু
(খ) Human Rights Watch.
20. তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্ৰীয় সংগঠন এটা অতি ৰাষ্ট্ৰ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ নাভাবাে। ৰাষ্ট্ৰসংঘ এখন অতিষ্ট্ৰ নহয়। ই সদস্য ৰাষ্ট্ৰবােৰৰ ওপৰত কৰ্তৃত্ব। প্ৰয়ােগ কৰিব নােৱাৰে। ই্যাক ৰাষ্ট্ৰবিলাকে সন্মতিক্ৰমে সৃষ্টি কৰিছে। ই্যাৰ আন আন সদস্য ৰাষ্ট্ৰবােৰৰ ওপৰত সাৰ্বভৌম ক্ষমতা প্ৰযােগৰ অধিকাৰ নাই। ইয়াৰ সাৰ্বভৌম ক্ষমতাও নাই। সেয়েহে ৰাষ্ট্ৰসংগ এখন অতিষ্ট্ৰ নহয়।
21. সামাজিক আৰু অৰ্থনৈতিক বিষযৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা।
উত্তৰঃ (ক) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।
(খ) আন্তৰ্জাতিক শ্ৰমিক সংস্থা।
22. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা হল—
(ক) স্থায়ী সদস্যসকলৰ ‘ভেটো প্ৰযােগৰ অধিকাৰ আছে। আৰু
(খ) ভেটো প্ৰয়ােগৰ দ্বাৰা তেওঁলােকে কোনাে জৰুৰী সিদ্ধান্ত কাৰ্যকৰী কৰাত বাধা আৰােপ কৰিব পাৰে।
Long Type Questions and Answers (Marks : 3/4)
1. এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘক তুমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমকক্ষ বুলি ভাবানে? কাৰণ দৰ্শাৱা।
উত্তৰঃ শীতল যুদ্ধ অন্ত পৰাৰ লগে লগে আমেৰিকা সন্দেহাতীতভাৱে বিশ্বৰ একমাত্ৰ মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত হয়। পৃথিৱীৰ এনে কোনাে শক্তিধৰ দেশ নাই যি দেশে আমেৰিকা স্বেচ্ছাধীন ক্ষমতাক। নিয়ন্ত্ৰণ কৰিব পাৰে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘ। হৈছে এনে একমাত্ৰ প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে আমেৰিকা স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত। কিছু পৰিমাণে হলেও নিয়ন্ত্ৰণ আৰােপ কৰিব পাৰে।
সেয়া হ’লেও ৰাষ্ট্ৰসংঘই আমেৰিকাৰ প্ৰভূত্ব খৰ্ব কৰা সংগঠন হিচাপে। কাৰ্যনিৰ্বাহ কৰিব নােৱাৰে। তথাপি, এক মেৰুকৰণ বিশ্বত ৰাষ্ট্ৰসংঘই বিভিন্ন সময়ত আমেৰিকা আৰু অন্যান্য ৰাষ্ট্ৰৰ মাজত আলােচনাৰ সুবিধা কৰি দিব পাৰে।
2. UNO ৰ তিনিটা মূল উদ্দেশ্য আৰু লক্ষ্য লিখা।
উত্তৰঃ (ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা অটুট ৰখা।
(খ) সকলাে সদস্য ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা।
(গ) আন্তঃৰাষ্ট্ৰীয় সহযােগিতা আহৰণ কৰা আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধান কৰা।
3. শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কাম-কাজত হােৱা পৰিৱৰ্তনবােৰ লিখা।
উত্তৰঃ গাঁথনি আৰু কাৰ্যপ্ৰক্ৰিয়াৰ ভিতৰত আটাইতকৈ বেছি আলােচিত বিষয় হ’ল নিৰাপত্তা পৰিষদৰ কাৰ্যপ্ৰণালী। ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰা হৈছিল যাতে সাম্প্ৰতিক বিশ্বৰ ৰাজনীতিৰ সাংগঠনিক দিশত বিশ্ব ৰাজনীতি ভালদৰে প্ৰতিফলিত হয়। ইয়াৰ বাহিৰেও আমেৰিকা আৰু আন পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছে। ৰাষ্ট্ৰসংঘই উন্নয়ন আৰু মানৱীয় কাৰ্যত মনােনিৱেশ কৰিব আৰম্ভ কৰিছে। যেনে – স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱ অধিকাৰ লঙঘন আৰু সামাজিক ন্যায়।
4. ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন মানে নিৰাপত্তা পৰিষদৰ পুনৰ গঠন। ” – তােমাৰ মতামত আগবঢ়োৱা।
উত্তৰঃ হয়, “ ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন মানে নিৰাপত্তা পৰিষদৰ পুনৰ গঠন।” নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ প্ৰভাৱশালী অংগ যি অংগ বিশ্বশান্তি ৰক্ষাৰ বাবে দায়বদ্ধ। ইয়াৰ সদস্য সংখ্যা ১৫। ৫ স্থায়ী সদস্য আৰু ১০ অস্থায়ী সদস্য, যিসকলক প্ৰতি ২ বছৰৰ বাবে সাধাৰণ সভাই নিৰ্বাচিত কৰে। শান্তিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হলে বা দুই বা। ততােধিক ৰাষ্ট্ৰৰ মাজত যুদ্ধ লগাৰ আশংকাই দেখা দিলে নিৰাপত্তা পৰিষদে শান্তি স্থাপনৰ বাবে সচেষ্ট হ’ব লাগে। সেয়েহে, নিৰাপত্তা। পৰিষদ যিহেতু ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী অংগ, ইয়াৰ সংস্কাৰৰ প্ৰযােজন যাতে অধিক সংখ্যক বাষ্ট্ৰক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰি।
5. আজিৰ বিশ্বই সন্মুখীন হােৱা প্ৰধান গােলকীয় প্ৰত্যাহানবােৰ কি কি?
উত্তৰঃ আজিৰ বিশ্বই সন্মুখীন হােৱা প্ৰধান গােলকীয় প্ৰত্যাহ্বানসমূহ হ’ল—
(ক) অনুন্নত আৰু দৰিদ্ৰ অৱস্থা :- আধুনিক বিশ্বই যদিও বিভাজন আৰু প্ৰযুক্তিবিদ্যাত যথেষ্ট আগবাঢ়ি গৈছে, কিন্তু এতিয়াও বিশ্ব প্ৰায় আধা সংখ্যক লােক দৰিদ্ৰ আৰু দুৰ্ভিক্ষ জীৱন – যাপন কৰিবলগীয়া হৈ আছে।
(খ) সন্ত্ৰাসবাদ আৰু নিৰাপত্তাহীনতা :- বিশ্বৰ বহুতাে দেশত সন্ত্ৰাসবাদে অতি প্ৰৱল ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ জনজীৱন দুৰ্বিষহ কৰি তুলিছে।
(গ) আঞ্চলিক ভাসাম্যহীনতা :- ইউৰােপ, উত্তৰ আমেৰিকা ইত্যাদি মহাদেশৰ বিপৰীতে এছি, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ অন্তৰ্গত বহুতাে দেশৰ অৰ্থনীতি, সামাজিক আদি ব্যৱস্থাবােৰ অতি অনুন্নত অৱস্থাত থাকিবলগীয়া হৈছে।
(ঘ) পৰিৱেশ প্ৰদূষণ :- উষ্ণতা বৃদ্ধি, বায়ু, পানী, মাটিৰ আদি প্ৰদূষণৰ ফলত মানৱ জাতিযে চৰম অশংকাত ভুগিবলগীয়া হৈছে।
6. ৰাষ্ট্ৰসংঘৰ কেইটামান বিশেষকৃত সংস্থাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহ হ’ল—
(ক) বিশ্ব স্বাস্থ্য সংস্থা।
(খ) খাদ্য আৰু কৃষি সংস্থা।
(গ) আন্তৰ্জাতিক শ্ৰমিক সংগঠন।
(ঘ) ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰী পুজি।
7. শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তন ঘটিছে?
উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবিৰ্ভাব।
(খ) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি।
(গ) বিশ্বত উদাৰনৈতিক গণতন্ত্ৰৰ সম্প্ৰসাৰণ আৰু নেপাল, ভুটান আদি দেশৰ পৰা ৰাজতন্ত্ৰৰ অৱসান।
(ঘ) চীন দ্ৰুতগতিত বৃহৎ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰ শক্তি ক্ৰমাগতভাৱে বৃদ্ধি।
8. নিৰাপত্তা পৰিষদত নতুনকৈ স্থায়ী আৰু অস্থায়ী সদস্য অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ কৰা নিযমবােৰ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশ পৰিৱৰ্তনৰ লগে লগে যিকোনাে সংস্কাৰ আৰু উন্নয়নৰ মৌলিক প্ৰযােজন আছে। ৰাষ্ট্ৰসংঘইও ইয়াৰ ব্যতিক্ৰম নহয়। গাঁথনি আৰু কাৰ্য প্ৰক্ৰিয়াৰ সংস্কাৰৰ ভিতৰত আটাইতকৈ বেছি আলােচিত। বিষয হ’ল নিৰাপত্তা পৰিষদৰ কাৰ্যপ্ৰণালী। এই সম্পৰ্কত দাবী হ’ল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য সংখ্যা বৃদ্ধি কৰা যাতে সাম্প্ৰতিক বিশ্বৰ ৰাজনীতিৰ সাংগঠনিক দিশত বিশ্ব ৰাজনীতি ভালদৰে প্ৰতিফলিত হয়। বিশেষকৈ এছি, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা সদস্য বৃদ্ধিৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। ইয়াৰ বাহিৰেও আমেৰিকা আৰু আন পশ্চিমী দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম – নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছে।
9. ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাবােৰৰ নাম লিখা।
উত্তৰঃ (ক) বিশ্ব স্বাস্থ্য সংস্থা।
(খ) খাদ্য আৰু কৃষি সংস্থা।
(গ) আন্তৰ্জাতিক শ্ৰমিক সংগঠন।
10. ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দশােৱা।
উত্তৰঃ বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ নিচিনা আন্তৰ্জাতিক সংগঠনৰ অতি প্ৰযােজন। কাৰণ—
(১) সমগ্ৰ বিশ্বত বেছিভাগ বিবেচক মানুহৰ মতে এনে সংগঠনে মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ বাবে আমাক প্ৰতিনিধিত্ব কৰে।
(২) আন্তৰ্জাতিক সংগঠন যুদ্ধ আৰু শান্তিৰ বাবে সহাযকাৰী। ৰাষ্ট্ৰবােৰৰ সহযােগিতাই আমাৰ জীৱন নিৰ্বাহৰ ব্যৱস্থা সুচল কৰে।
(৩) ৰাষ্ট্ৰৰ বিভিন্ন সমস্যা আলােচনা বিলােচনাৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানৰ পথ উলিয়াব পাৰি। উমৈহতীয়া সমস্যা সকলােৰে সহযােগত সহজে সমাধান কৰিব পাৰি। গতিকে ই অতি প্ৰযােজনীয়।
11. UNESCO- ৰ প্ৰধান উদ্দেশ্য চাৰিটা উল্লেখ কৰা।
উত্তৰঃ প্ৰধান উদ্দেশ্য চাৰিটা হ’ল—
(১) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ শিক্ষা আৰু বিজ্ঞানব উন্নতি সাধন কৰি সাংস্কৃতিক বিনিময়ৰ ব্যৱস্থা কৰা।
(২) অনুন্নত দেশসমূহত শিক্ষক প্ৰশিক্ষণ, বিদ্যালয় স্থাপন, পাঠ্যপুথিৰ যােগান ধৰা।
(৩) ইঞ্জিনীয়াৰিং আৰু বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে গৱেষণা কেন্দ্ৰ স্থাপন কৰা আৰু পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰা।
(৪) পৃথিৱীৰ বিভিন্ন জাতি আৰু সংস্কৃতিৰ মাজত মিলন – সেঁতু ৰচনা কৰা।
12. বৰ্তমান বিশ্বৰ প্ৰসংগত ৰাষ্ট্ৰসংঘক এক অপৰিহাৰ্য সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ এটা সাৰ্থক আন্তৰ্জাতিক সংগঠন। বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবৰ্গই এই আন্তৰ্জাতিক সংগঠন গঢ়ি তুলিছিল। বিভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘটিত বিবাদ সমূহৰ শান্তিপূৰ্ণ মীমাংসাৰ ক্ষেত্ৰত এনে সংগঠনে উল্লেখযােগ্য ভূমিকা পালন কৰে। তদুপৰি পৃথিৱীযে এনে কিছুমান সমস্যাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলােৰে মিলিত প্ৰচেষ্টাৰ অবিহনে সমাধান কৰা নাযায়। স্থাপন কৰাৰ চেষ্টা কৰে।
13. গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি স্ৰকৰ নাম লিখা।
উত্তৰঃ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি সুজকৰ নাম হ’ল—
(ক) যােচেপব্ৰজ টিটো।
(খ) গামাল আব্দুল নাছেৰ।
(গ) জৱাহৰলাল নেহৰু।
(ঘ) দুকাৰ্ণো।
14. বিশ্ববেংকৰ কামকাজবােৰ আলােচনা কৰা। বিশ্ববেংকৰ বৰ্তমান সচিব প্ৰধান গৰাকী কোন?
উত্তৰঃ ১৯৪৫ চনত বিশ্ববেংক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ কাৰ্যসমূহ হ’ল—
(ক) অৰ্থনৈতিক সংস্কাৰ আৰু পুনৰ্গঠন কৰা। (খ) দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক সাহায্য প্ৰদান কৰা।
(গ) অনুন্নত ৰাষ্ট্ৰসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ধন প্ৰদান কৰা। বিশ্ববেংকৰ বৰ্তমান সচিবগৰাকী হ’ল— জিম ইয়ং কিম।
15. নিৰাপত্তা পৰিষদৰ কাৰ্যাবলী কি কি?
উত্তৰ নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী তলত আলােচনা কৰা হ’ল—
(ক) নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পৰ্কে আলােচনা বা তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্ৰসমূহক এনে সমস্যাৰ শান্তিপূৰ্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে।
(খ) নিৰাপত্তা পৰিষদৰ যথেষ্ট নিৰ্বাচনী ক্ষমতা আছে। এই পৰিষদে। নতুন ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সাধাৰণ সভাক পৰামৰ্শ দিয়ে।
(গ) ইযাৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ভেটো’ প্ৰযােগৰ ক্ষমতা আছে। এই ক্ষমতা প্ৰয়ােগ কৰি যিকোনাে সমস্যা ৰাষ্ট্ৰই এটা নিৰ্দিষ্ট সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে।
(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা কোনাে সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ অনুমােদন প্ৰযােজন।
16. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বক তুমি সমৰ্থন কৰানে?
উত্তৰঃ ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূৰ্ণ সমৰ্থন জনাওঁ। কাৰণ—
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ।
(খ) ভাৰতবৰ্য ভিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ আৰু ই গণতান্ত্ৰিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কাৰ্যত ভাৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যােগায়।
17. সাধাৰণ পৰিষদৰ গাঁথনিটোৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এটা প্ৰধান অংগ হৈছে সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ সকলাে সদস্যৰাষ্ট্ৰক লৈ সাধাৰণ সভা গঠিত হৈছে। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ পাঁচজনকৈ প্ৰতিনিধি পঠিয়াব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয়। এই অধিৱেশন ছেপ্তেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈ চলি থাকে। প্ৰত্যেক বছৰে সদস্যসকলে সাধাৰণ সভাৰ বাবে এজন সভাপতি নিৰ্বাচিত কৰে। উপস্থিত আৰু ভােটদানকাৰীগৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনৰ ভিত্তিত বেছিভাগ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেতবােৰ গুৰুত্বপূৰ্ণ বিষয় যেনে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচন, অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য নিৰ্বাচন, ৰাষ্ট্ৰসংঘৰ নতুন সদস্য ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত আদি ক্ষেত্ৰত দুই – তৃতীয়াংশ সদস্যৰ সমৰ্থন প্ৰয়ােজন হয়।
18. শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তনে দেখা দিছে?
উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবিৰ্ভাৱ হৈছিল।
(খ) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি হৈছিল।
(গ) চীন দ্ৰুতগতিত বৃহৎ শক্তিৰ পালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰ শক্তি ক্ৰমাগতবাৱে বৃদ্ধি হৈছিল।
(ঘ) বিশ্বত উদাৰনৈতিক গণতন্ত্ৰৰ সম্প্ৰসাৰণ আৰু নেপাল, ভুটান আদি দেশৰ পৰা বাজতন্ত্ৰৰ অৱসান।
19. বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কাৰ্যকলাপ আলােচনা কৰা।
উত্তৰঃ দ্বিতীয় মহাসমৰৰ পাছত ১৯৪৫ চনত বিশ্ব বেংক স্থাপন হৈছিল। বিশ্ব অৰ্থনৈতিক উন্নয়নত সাহায্য আৰু উপদেশ প্ৰদান, দৰিদ্ৰতা দূৰীকৰণ আৰু আন্তৰ্জাতিক মূলধন বিনিযােগ। কাৰ্যত উৎসাহ প্ৰদান কৰা বিশ্ববেংকৰ প্ৰধান দায়িত্ব। ইয়াৰ সদৰ কাৰ্যালয় ৱাশিংটনত। অৱস্থিত। এই বেংকে আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ দ্বাৰা দৰিদ্ৰ। দেশসমূহক নিম্ন সুদৰ হাৰত ঋণ প্ৰদান কৰে।
20. IMF কি?
উত্তৰঃ IMF (International Monetary Fund) অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি হ’ল এটা আন্তৰ্জাতিক সংগঠন। এই সংগঠনটো ১৯৪৫ চনত গঠিত হৈছিল। ই ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযােগিতা বৃদ্ধি কৰে। ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰ সংখ্যা হ’ল ১৮৪ খন। অৱশ্যে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে সম অধিকাৰ ভােগ নকৰে। ইয়াৰ তালিকাৰ প্ৰথম ১০ খন ৰাষ্ট্ৰ ৫৫ শতাংশ ভােটৰ অধিকাৰী।
আন্তৰ্জাতিক মুদ্ৰানিধিযে বিনিযােগৰ ক্ষেত্ৰত প্ৰতিযােগিতাৰ সলনি বিনিযােগৰ স্থিৰতা আৰু পুঁজিৰ ধন ব্যৱহাৰৰ সুবিধা যাতে সকলাে। সদস্য ৰাষ্ট্ৰই ভােগ কৰে তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। তাৰােপৰি আন্তৰ্জাতিক মুদ্ৰানিধিযে বিদেশী মুদ্ৰা বিনিযােগৰ ক্ষেত্ৰত থকা বাধাসমূহ নােহােৱা কৰি আন্তৰ্জাতিক বিকাশৰ ওপৰত গুৰুত্ব আৰােপ কৰে। IMF ৰকাৰ্যসমূহ হ’ল—
(ক) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিযে ৰাষ্ট্ৰসমূহৰ বিত্তীয ঘাটি পূৰণৰ বাবে বৈদেশিক মুদ্ৰা ধাৰলৈ দিয়ে।
(খ) IMF এ সদস্য ৰাষ্ট্ৰসমূহলৈ ক্ষতিপূৰণ হিচাপে বিত্তীয় সাহায্য প্ৰদান কৰে।
21. বিশ্বৰ গােলকীয় প্ৰত্যাহ্বানসমূহ কি কি?
উত্তৰঃ বিশ্বৰ গােলকীয় প্ৰত্যাহানসমূহ হ’ল—
(ক) অনুন্নত আৰু দৰিদ্ৰ অৱস্থা।
(খ) সন্ত্ৰাসবাদ আৰু নিৰাপত্তাহীনতা।
(গ) আঞ্চলিক ভাৰসাম্যহীনতা।
(ঘ) পৰিৱেশ প্ৰদূষণ।
22. ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দশােৱা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ এক সাৰ্থক আন্তৰ্জাতিক সংগঠন। বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবৰ্গই এই আন্তৰ্জাতিক সংগঠন গঢ়ি তুলিছিল। বিভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘটিত বিবাদসমূহৰ শান্তিপূৰ্ণ মীমাংসাৰ ক্ষেত্ৰত এনে সংগঠনে উল্লেখযােগ্য ভূমিকা পালন কৰে।। তদুপৰি পৃথিৱীযে এনে কিছুমান সমস্যাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় যি এনে ক্ষেত্ৰত এই আন্তৰ্জাতিক সংগঠনে সকলাে ৰাষ্ট্ৰৰ মাজত সহযােগিতা স্থাপন কৰাৰ চেষ্টা কৰে। উদাহৰণস্বৰূপে, কিছুমান বেমাৰ সম্পূৰ্ণৰূপে। নিৰ্মূল কৰিব পৰা যায়, তেতিয়া সকলাে ৰাষ্ট্ৰই ইয়াৰ টীকাকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে।
23. ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দাৰীৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ (ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ।
(খ) ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ আৰু গণতান্ত্ৰিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কাৰ্যত ভাৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যােগায়।
(ঙ) ভাৰতবৰ্ষই অৰ্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অৰ্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থান আছে।
24. WTO ৰ বিষযে এটা চমুটোকা লিখা।
উত্তৰঃ ১৯৪৫ চনৰ ১ জানুৱাৰীত আন্তৰ্জাতিক বাণিজ্য তদাৰক কৰিবৰ কাৰণে বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল। পূৰ্বতে এই কামটো। GATT ORTS General Agreement on Tariff and Trade a সমাধান কৰিছিল। বিশ্ব বাণিজ্য সংস্থাৰ উচ্চ ক্ষমতা সম্পৰ্কীয় অংগ হ’ল মন্ত্ৰীবৰ্গীয় সন্মিলন। এই সন্মিলন দুবছৰৰ অন্তত এবাৰ বহে আৰু বহিঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিসমূহৰ অধীনত থকা সকলাে বিপদৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে। সাধাৰণ সভাৰ দৈনন্দিন কাম – কাজসমূহ চোৱাচিতা কৰে। বিশ্ব। বাণিজ্য সংস্থাৰ মূল উদ্দেশ্যসমূহ হ’ল—
(ক) সদস্য ৰাষ্ট্ৰসমূহক বাণিজ্যিক চুক্তি আলােচনা কৰাৰ বাবে এক উপযুক্ত মঞ্চ প্ৰদান কৰা।
(খ) বিশ্ব বাণিজ্য উদাৰীকৰণ কৰা বা মুক্ত বাণিজ্যৰ প্ৰচলন কৰা।
(গ) বিশ্ব বাণিজ্যই প্ৰৱৰ্তন কৰা বিষযসমূহ মূলতঃ সদস্য ৰাষ্ট্ৰসমূহে পৰস্পৰৰ মাজত চুক্তি কৰা কিছুমান সহমতৰ সমষ্টি।
25. সাধাৰণ সভাৰ গঠন আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলাে সদস্যৰাষ্ট্ৰক লৈ সাধাৰণসভা গঠিত হৈছে। সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয়। এই অধিৱেশন ছেপ্টেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈ চলি থাকে। নিৰাপত্তা পৰিষদ বা ৰাষ্ট্ৰসংঘৰ অৰ্ধসংখ্যক সদস্য ৰাষ্ট্ৰৰ অনুৰােধ মৰ্মে সচিব প্ৰধানে এবাৰ বা দুবাৰ বিশেষ অধিৱেশন আহ্বান কৰিব পাৰে।
প্ৰত্যেক বছৰে সদস্যসকলে সাধাৰণ সভাৰ বাবে এজন সভাপতি নিৰ্বাচিত কৰে। উপস্থিত আৰু ভােটদানকাৰী গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনৰ ভিত্তিত বেছিভাগ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেতবােৰ গুৰুত্বপূৰ্ণ বিষয় যেনে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচন, অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য নিৰ্বাচন, ৰাষ্ট্ৰসংঘৰ নতুন সদস্য ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত আদি ক্ষেত্ৰত দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰযােজন হয়।
26. কোন বছৰত বিশ্ববেংক গঠন কৰা হৈছিল? ইয়াৰ কামকাজৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৪৫ চনত বিশ্ববেংক গঠন কৰা হৈছিল। ইয়াৰ কাৰ্যসমূহ হ’ল—
(ক) বিশ্ব বেংকে মানৱ সম্পদ, কৃষি গ্ৰাম্য উন্নয়ন, পৰিৱেশ ৰক্ষা, আন্তঃগাঁথনি আদি দিশত উন্নতিৰ বাবে কাৰ্য কৰে।
(খ) সদস্য ৰাষ্ট্ৰসমূহক ঋণ আৰু অনুদান আগবঢ়ায। এইদৰে বিশ্ববেংকে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
(গ) ধন বিনিযােগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে প্ৰচেষ্টা চালায়।
(ঘ) আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত অন্তৰ্গত বিনিযােগৰ ওপৰত গুৰুত্ব দিয়ে।
Long Type Questions and Answers (Marks : 5/6)
1. “ ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদ পুনৰ সংগঠন কৰা” – এই উক্তিটোৰ লগত তুমি একমত নে? এই কথাৰ সপক্ষে বা। বিপক্ষে যুক্তি দিয়া।
উত্তৰঃ হয়, মই এই উক্তিৰ লগত একমত, যে — ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক পুনৰ সংগঠন কৰা। কাৰণ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ যিযে বিশ্বত শান্তি নিশ্চিত। কৰাৰ বাবে দায়বদ্ধ। ইয়াৰ ১৫ জন সদস্য ৰাষ্ট্ৰ আছে —৫ জন স্থায়ী। আৰু ১০ জন অস্থায়ী সদস্য, যিসকলক সাধাৰণ সভাই দুই বছৰৰ বাবে নিৰ্বাচিত কৰে। স্থায়ী পাঁচথন সদস্য ৰাষ্ট্ৰই ‘ভেটো ক্ষমতা’ উপভােগ কৰে।
ভেটো ক্ষমতা মানে পাঁচখন ৰাষ্ট্ৰৰ যদি এখন ৰাষ্ট্ৰইও নেতিবাচক ভােট দিযে বা অসন্মতি প্ৰকাশ কৰে, ৰাষ্ট্ৰসংঘই কোনাে সিদ্ধান্ত গ্ৰহণ কৰিব নােৱাৰে। ইয়াৰ অৰ্থ হ’ল— কোনাে সিদ্ধান্তৰ ত্ৰেত যদি পাঁচখনৰ। এখন ৰাষ্ট্ৰই বিৰােধিতা কৰে নাইবা বিৰুদ্ধে ভােট দিয়ে তেনে সিদ্ধান্ত নাকচ হৈ যায়। শান্তিৰ ক্ষেত্ৰত অহা ভাবুকি নাইবা দুখন বা তাতকৈ বেছি ৰাষ্ট্ৰৰ মাজত সংঘটিত হােৱা যুদ্ধত নিৰাপত্তা পৰিষদে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
এইদৰে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ; ইয়াৰ সংস্কাৰ সাধন কৰা অতি দৰকাৰ। সেইবাবে ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে বেছি সংখ্যক ৰাষ্ট্ৰই যােগদান কৰিব পাৰে।
2. বৰ্তমানৰ একক মেৰু বিশ্বত তুমি ভাবা নেকি যে ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষত? যুক্তি দিয়া।
উত্তৰঃ শীতল যুদ্ধ অৱসান হােৱাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীত একমাত্ৰ চূড়ান্ত বিশ্বশক্তিত পৰিণত হৈছে। ইয়াৰ কোনাে। প্ৰতিদ্বন্দ্বী নাই, যিযে ইযাক বিৰােধিতা কৰিব পাৰিব। আমেৰিকাক বাধা দিওঁতা কোনাে নাই ; যি ইচ্ছা তাকে কৰিব পাৰে। এনে এক। পৰিস্থিতিত ৰাষ্ট্ৰসংঘ একমাত্ৰ সংস্থা যিযে আমেৰিকাই ইচ্ছামতে কৰা কাৰ্যক বাধা দিব পাৰে। প্ৰকৃততে আমেৰিকাৰ ক্ষমতাক ৰাষ্ট্ৰসংঘই। সহজে বাধা দিব নােৱাৰে কাৰণ—
(i) ছােভিয়েট ৰুচিৰ অন্তৰ্ধান হােৱাৰ পাছত আমেৰিকাই হ’ল একমাত্ৰ চূড়ান্ত ক্ষমতা।
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সামৰিক আৰু অৰ্থনৈতিক ক্ষমতা।
(ii) আমেৰিকাই ৰাষ্ট্ৰসংঘৰ একমাত্ৰ সৰ্ববৃহৎ বৰঙণি যােগাওঁতা।
(iv) ৰাষ্ট্ৰসংঘ মূল কাৰ্যালয় সোঁ – শৰীৰে অৱস্থিত হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰতে।
(v) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটো প্ৰদানৰ ক্ষমতা।
(vi) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাই বিশ্বৰ সকলাে ক্ষমতাকে সমানে বিভাজিত কৰি বিৰােধী ক্ষমতা হ্ৰাস কৰিব পাৰে।
3. ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক কোনে নিযােগ কৰে? তেওঁৰ দায়িত্ব। আৰু কৰ্তব্যৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ (ক) নিৰাপত্তা পৰিষদৰ অনুমােদনক্ৰমে সাধাৰণ সভাই সচিবপ্ৰধানক নিযােগ কৰে। সচিবপ্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যসমূহ হ’ল—
(১) ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানজনে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ আৰু ন্যাসৰী পৰিষদৰ সৃভাবােৰত উপস্থিত থাকিব লাগে আৰু তাত ন্যস্ত কৰা দায়িত্ব তেওঁ পালন কৰিব লাগে।
(২) সাধাৰণ সভাৰ বছৰেকীয়া অধিৱেশনত ৰাষ্ট্ৰসংঘৰ কাম – কাজৰ অগ্ৰগতি প্ৰতিবেদন দাখিল কৰিব লাগে আৰু সমস্যা সম্পৰ্কে নিজৰ মন্তব্য দাঙি ধৰিব লাগে।
(৩) সাধাৰণ সভাৰ নিয়মমতে তেওঁ বিভিন্ন কৰ্মচাৰী নিয়ােগ কৰিব পাৰে আৰু কৰ্মচাৰীসকলে যাতে নিৰপেক্ষতা অৱলম্বন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
(৪) তেওঁ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ সংস্থাবােৰৰ মাজত সমন্বয় ৰক্ষা কৰিব লাগে।
(৫) ৰাষ্ট্ৰসংঘৰ সভা – সমিতিৰ স্থান নিৰ্ণয়, বিষয়বস্তু নিৰ্ধাৰণ, প্ৰতিনিধিসকলৰ যাতায়াত আৰু থকাৰ সুবন্দৱ কৰিব লাগে।
(৬) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট প্ৰস্তুত কৰি সাধাৰণ সভাত গৃহীত কৰি ল’ব লাগে।
(৭) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা পৰিস্থিতিত আৱশ্যক মতে তেওঁ নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
4. শীতল যুদ্ধৰ পিছত কি – কি পৰিৱৰ্তন সংঘটিত হৈছে?
উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আৱিৰ্ভাৱ।
(খ) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি।
(গ) চীন দ্ৰুতগতিত বৃহৎ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰাে শক্তি ক্ৰমাগতভাৱে বৃদ্ধি।
(ঘ) সাম্যবাদী শিবিৰৰ ৰাষ্ট্ৰবােৰৰ সংগঠন ওৱাৰছ চুক্তি ভংগ আৰু নাটো তথা ইউৰােপীয় ইউনিয়নক শক্তি বৃদ্ধি।
(ঙ) বিশ্বত উদাৰনৈতিক গণতন্ত্ৰৰ সম্প্ৰসাৰণ আৰু নেপাল, ভূটান আদি দেসৰ পৰা ৰাজৰ অৱসান।
(চ) ৰাছিয়া আৰু চীনকে ধৰি আন আন সাম্যবাদী শিবিৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযােগিতা স্থাপন।
5. ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য আৰু নীতিবােৰ উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য :- ৰাষ্ট্ৰসংঘ গঠনৰ মূল উদ্দেশ্য ৪ টা। সেইকেইটা হৈছে—
(১) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
(২) সমান অধিকাৰৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তােলা আৰু বিশ্বশান্তি ৰষ্কাৰ কাৰণে প্ৰয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
(৩) জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলাে শ্ৰেণীৰ লােকে যাতে মানৱ অধিকাৰ মৌলিক স্বাধীনতা ভােগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় সমাধানৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰ সৃষ্টি কৰা।
(৪) উল্লিখিত উদ্দেশ্যসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘই দেশসমূহৰ মাজত সমন্বয় বৃক্ষাকাৰী কেন্দ্ৰ হিচাপে কাম কৰা।
ৰাষ্ট্ৰসংঘৰ নীতিসমূহ :- ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বিতীয় অনুচ্ছেদত কিছুমান নীতি উল্লেখ কৰা হৈছে। এই নীতিসমূহ হ’ল—
(১) ৰাষ্ট্ৰসংঘৰ সকলাে সদস্য ৰাষ্ট্ৰই সমান সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী বুলি স্বীকৃত হ’ব।
(২) সকলাে সদস্য ৰাষ্ট্ৰই নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব।
(৩) সদস্য ৰাষ্ট্ৰসমূহে আন্তৰ্জাতিক শান্তি, নিৰাপত্তা আৰু ন্যায় বিপদাপন্ন নকৰাকৈ পাৰস্পৰিক বিবাদবােৰ শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰিব।
(৪) কোনাে সদস্য ৰাষ্ট্ৰই আন সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ প্ৰযােগ কৰিব বা কৰাৰ ভাবুকি দিব নােৱাৰিব।
(৫) ৰাষ্ট্ৰসংঘই যদি কোনােবা দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয়, তেনে দেশক কোনাে সদস্য ৰাষ্ট্ৰই সহায় কৰিব নােৱাৰিব।
(৬) ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত নােহােৱা ৰাষ্ট্ৰযাে যাতে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰষ্কা। কৰাত আনৰ লগত সহযােগ কৰিব পাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই ব্যবস্থা গ্ৰহণ কৰিব পাৰিব।
(৭) ৰাষ্ট্ৰসংঘই কোনাে ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষ্যত হস্তক্ষেপ কৰিব নােৱাৰিব।
[wpdatatable id=2 table_view=regular]