এক দলীয় প্ৰাধান্যৰ যুগ | Chapter 9 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 9 Notes | SEBA Class 12 HS Political Science Chapter 9 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 9 এক দলীয় প্ৰাধান্যৰ যুগ | HS 2nd Year Political Science Questions and Answers Assam


এক দলীয় প্ৰাধান্যৰ যুগ
(Era of One Party Dominance)

Very Short Type Questions and Answers (Marks : 1)

1. কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা দুখন দেশৰ নাম উল্লেখ কৰা।
উত্তৰঃ চীন আৰু ছিৰিয়া।

2. দুখন দেশৰ নাম উল্লেখ কৰা যাৰ সংবিধানে কেৱল এটা দলকহে অনুমতি দিয়ে?
উত্তৰঃ চীন আৰু ছিৰিয়া।

3. ভাৰতত ইণ্ডিপেণ্ডেন্ট লেবাৰ পাৰ্টীৰ প্ৰতিষ্ঠাতা কোন আছিল ?
উত্তৰঃ বাবা চাহেব ভিমৰাও ৰামজি আম্বেদকাৰ।

4. ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰঃ শ্যামাপ্ৰসাদ মুখাৰ্জী।

5. কোন দেশত বলছেভিক বিপ্লৱ হৈছিল ?
উত্তৰঃ বাছ্যিাত।

6. কোনটো ভাৰতীয় দল এছ্যিাৰ ভিতৰতে আটাইতকৈ পুৰণি দল?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।

7. ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৫১ চনত।

8. স্বতন্ত্ৰ পাৰ্টীৰ আদৰ্শৰ মাৰ্গদৰ্শক নীতিসমূহৰ এটা হল________।
উত্তৰঃ ৰাজ্যৰ অৰ্থনৈতিক নিয়ন্ত্ৰণৰপৰা মুক্ত।

9. কোন বছৰত নাগপুৰ অধিৱেশন বহিছিল ?
উত্তৰঃ ১৯২০ চনত।

10. প্ৰথমটো নিৰ্বাচনত লােকসভাৰ দ্বিতীয় বৃহৎসংখ্যক আসনত জয়লাভ কৰা দলটো আছিল_____।
উত্তৰঃ সাম্যবাদী দল।

11. স্বতন্ত্ৰ পাৰ্টী কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৫৯ চনত।

12. ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

13. ভাৰতত বহুদলীয় ব্যৱস্থা আছে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

14. সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ ড° ভীমৰাও ৰামজি আম্বেদকাৰ।

15. ১৯৫৫ চনত স্বতন্ত্ৰ পাৰ্টী গঠিত হৈছিল। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

16. কংগ্ৰেছক কোনে ছাত্ৰ সংগঠন বুলিছিল?
উত্তৰঃ পালমাৰে।

17. দুই ম’হৰ যুঁজত বিৰিণাৰ কি গতি হয়?
উত্তৰঃ মৰণ হয়।

18. ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একে সময়তে লােকসভা আৰু_____ (ভাৰতৰ ৰাষ্ট্ৰপতি। ৰাজ্যিক বিধানসভাসমূহ। ৰাজ্যসভা। প্ৰধানমন্ত্ৰী) ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।
উত্তৰঃ ৰাজ্যিক বিধানসভাসমূহৰ।

19. দীনদ্যাল উপাধ্যায় কোন আছিল?
উত্তৰঃ দীনদয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেখেতে অখণ্ড মানৱতাবােধৰ ধাৰণা আৰম্ভ কৰিছিল।

20. _____(১৯৮৫ / ১৯৯০/ ১৯৯৫ / ২০০৪ ) ৰ শেষৰফালে নিৰ্বাচন আযােগে বৈদ্যুতিন ভােটগ্ৰহণ যন্ত্ৰৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।
উত্তৰঃ ১৯৯০ চনৰ শেষৰফালে।

21. চৰকাৰ গঠন কৰিবৰ বাবে কংগ্ৰেছে কিমানটা কাৰ্যকাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল?
উত্তৰঃ তিনিটা কাৰ্যকাল।

22. প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত কিমানটা ৰাষ্ট্ৰীয় আৰু। ৰাজ্যিক দল আছিল?
উত্তৰঃ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল আৰু ৩৯ টা ৰাজ্যিক দল আছিল।

23. অধিক কঠোৰপন্থী আৰু সমতাবাদী কংগ্ৰেছে বিচৰা এদল যুৱনেতাৰ দ্বাৰা (১৯৩৪/১৯৪৮ / ১৯৫২ ) চনত কংগ্ৰেছৰ ভিতৰতে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টী গঠিত হৈছিল।
উত্তৰঃ ১৯৩৪ চনত।

24.  ড° আম্বেদকাৰে ১৯৫৬ চনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

25. সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
উত্তৰঃ ড° আম্বেদকাৰ।

26. শ্যামা প্ৰসাদ মুখাৰ্জী ভাৰতৰ কমিউনিষ্ট দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

27. ভাৰতত নিৰ্বাচন আযােগ কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত।

28. প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

29. প্ৰথম নিৰ্বাচনত দ্বিতীয় বৃহৎসংখ্যক লােকসভাৰ আসন লাভ কৰিছিল (প্ৰজা ছ’চিযেলিষ্ট দল / ভাৰতীয় জনসংঘ / ভাৰতৰ সাম্যবাদী দল / ভাৰতীয় জনতা পাটী)।
উত্তৰঃ ভাৰতৰ সাম্যবাদী দল।

30. ভাৰতীয় সংবিধানখন কেতিয়া বলৱৎ কৰা হৈছিল ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

31. ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য হৈছে – ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান। সৰ্বভাৰতীয় দলবােৰৰ উপৰি আঞ্চলিক ভিত্তিত বহুতাে স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে।

32. কংগ্ৰেছ ছ’চিযেলিষ্ট পাৰ্টী কেতিয়া গঠিত হৈছিল ?
উত্তৰঃ ১৯৩৪ চনত।

33. অন্যান্য বহু দেশৰ নেতৃবৃন্দই কিয় সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্ৰক বাহাল ৰাখিব নােৱাৰিব?
উত্তৰঃ ভাৰতবৰ্য এখন বৈচিত্ৰ্য আৰু বৈসাদৃশ্যৰে পৰিপূৰ্ণ দেশ। সেইবাবে, অন্যান্য বহু দেশৰ নেতৃবৃন্দই সিদ্ধান্ত লৈছিল যে ভাৰতে গণন্ত্ৰক বাহাল ৰাখিব নােৱাৰিব।

34. প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৱে।

35. প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আযুক্ত কোন আছিল?
উত্তৰঃ সুকুমাৰ সেন।

36. ১৯৫৭ চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল ?
উত্তৰঃ সাম্যবাদী দলে।

37. প্ৰথম সাধাৰণ নিৰ্বাচনব সময়ত কেইটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল?
উত্তৰঃ প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় আৰু ৩৯ টা ৰাজ্যিক দল আছিল।

38. কোন চনত ছ’চিয়েলিষ্ট পাৰ্টী গঠিত হৈছিল?
উত্তৰঃ ১৯৩৪ চনত।

39. ভাৰতীয় জনতা পাৰ্টীৰ গঠন কোন দলৰপৰা হৈছিল?
উত্তৰঃ ভাৰতীয় জনসংঘ দলৰপৰা।

40. ১৯৫২ চনৰ লােকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভােট লাভ কৰিছিল ?
উত্তৰঃ ৪৫ শতাংশ ভােট।

41. কোন বছৰত একদলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫২ চনত।

42. পি. আৰ. আইৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ গ্লোটাৰ ‘ ইলিযাচ কলচ (Plutareo Elias Calles )।

43. কেতিয়া আৰু কাৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাটী গঠিত হৈছিল?
উত্তৰঃ ১৮৮৫ চনত ইংৰাজ বিষয়া আলান – অক্টোভিয়ান হিউমৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাটী গঠিত হৈছিল।

44. প্ৰথমটো সাধাৰণ নিৰ্বাচন কোনটো বছৰত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৫২ চনত।

45. E.V.M. ৰ পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Electronic Voting Machine ( দ্যুৈতিক ভােটাৰ যন্ত্ৰ)।

Short Type Questions and Answers (Marks : 2/3)

1. কোনটো নিৰ্বাচনী কালত কংগ্ৰেছী ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হৈছে?
উত্তৰঃ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন কালক (১৯৫২-১৯৬২)। কংগ্ৰেছী ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হৈছে।

2. স্বতন্ত্ৰ দল কেতিয়া গঠন হৈছিল? এই দলৰ দুজন নেতাৰ নাম লিখা।
উত্তৰঃ ১৯৫৯ চনত স্বতন্ত্ৰ দল গঠন হৈছিল। এই দলৰ দুজন নেতা হৈছে চি, ৰাজাগােপালচাৰী আৰু কে এম মুন্সী।

3. ছ’চিযেলিষ্ট পাৰ্টীৰ দুগৰাকী নেতাৰ নাম লিখা।
উত্তৰঃ আচাৰ্য নৰেন্দ্ৰ দেৱ, অশােক মেহতা।

4. ১৯৫২-৬৭ৰ নিৰ্বাচনৰ ভিতৰত কিছু সময়ৰ বাবে কংগ্ৰেছ ক্ষমতাত থকা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ কেৰালা আৰু জম্মু – কাশ্মীৰ।

5. _____চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনে লােকসভা আৰু_____ ৰ নিৰ্বাচনকো একেলগে সাঙুৰি লৈছিল।
উত্তৰঃ ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনে লােকসভা আৰু ৰাজ্যিক বিধানসভা ৰ নিৰ্বাচনকো একেলগে সাঙুৰি লৈছিল।

6. কেতিয়া আৰু কাৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাৰ্টী গঠিত হৈছিল?
উত্তৰঃ ১৮৮৫ চনত ইংৰাজ বিষ্যা আলান অক্টেভিয়ান হিউমৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাৰ্টী গঠিত হৈছিল।

7. _____ চনত কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰে______ৰ কমিউনিষ্ট চৰকাৰখনক বখাস্ত কৰিছিল।
উত্তৰঃ ১৯৫৯ চনত কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰে কেৰালা ৰ কমিউনিষ্ট চৰকাৰখনক বখাস্ত কৰিছিল।

8. ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তাৱ কোন তাৰিথে স্বাক্ষৰিত হৈছিল আৰু কেতিয়াৰ পৰা ই বলৱ হৈছিল ?
উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত বলৱৎ হৈছিল।

9. কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেত্যি বলবৎ হৈছিল?
উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল আৰু ১৯৬০ চনৰ ২৬ জানুৱাৰীত বলৱৎ হৈছিল।

10. ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ উল্লেখ কৰা।
উত্তৰঃ (ক) ভাৰতীয় জনসংঘই এখন দেশ, এটা জাতি, এটা সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
(খ) ভাৰতীয় জনসংঘই বিশ্বাস কৰিছিল যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি ভাৰত আধুনিক, প্ৰগতিশালী আৰু শক্তিশালী হ’ব।

11. সমাজবাদীসকলে কংগ্ৰেছক কিয় সমালােচনা কৰিছিল ?
উত্তৰঃ কংগ্ৰেছে পুঁজিবাদ আৰু জমিদাৰ সকলক সমৰ্থন কৰা আৰু থেত্যিক আৰু শ্ৰমিক শ্ৰেণীক অৱহেলা কৰা কাৰ্যক সমাজবাদীসকলে সমালােচনা কৰিছিল। সমাজবাদীসকলে গণতান্ত্ৰিক সমাজবাদৰ। আদৰ্শক বিশ্বাস কৰে যিযে তেওঁলােকক কংগ্ৰেছ আৰু সাম্যবাদ এই দুটো আদৰ্শৰপৰা পৃথক কৰে।

12. ভাৰতৰ যিকোনাে দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ যিকোনাে দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল—
১। ভাৰতীয় জাতীয় কংগ্ৰেছ। প্ৰতীক হ’ল—হাত।
২। ভাৰতীয় জনতা পাটী। প্ৰতীক হ’ল—পদুম ফুল।

13. আৰ এছ এছৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ নাম লিখা।
উত্তৰঃ আৰ এছ এছৰ সম্পূৰ্ণ ৰূপটো হ’ল (RSS) = Rashtriya Swayamsevak Sangh (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ নাম হ’ল- কেশব বলিৰাম হেডগেৱাৰ (Keshav Baliram Hedgewar)

14. ভাৰতত নিৰ্বাচন আযােগ কেতিয়া গঠিত হৈছিল? প্ৰথমগৰাকী নিৰ্বাচন আযুক্ত কোন আছিল?
উত্তৰঃ ভাৰতত নিৰ্বাচন আযােগ ১৯৫০ চনৰ জানুৱাৰী মাহত গঠিত হৈছিল। প্ৰথমগৰাকী নিৰ্বাচনী আযুক্ত আছিল সুকুমাৰ সেন।

15. চি পি আইৰ মুখ্য নেতাকেইগৰাকী কোন কোন?
উত্তৰঃ এ. কে, গােপালন, ই, এম, এছ, নাম্বুদিৰিপদ, পি.চি. যােশী, অজয় ঘােষ ইত্যাদি।

16. বেলট কাকতত এগৰাকী প্ৰাৰ্থীৰ দুটা বিষয় উল্লেখ থাকে, সেই দুটা কি কি?
উত্তৰঃ (ক) প্ৰাৰ্থীৰ নাম।
(খ) প্ৰাৰ্থী নিৰ্বাচনী প্ৰতীক চিহ্ন।

17. কেতিয়া আৰু সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক সাৱস্ত কৰিছিল?
উত্তৰঃ ১৯৫৯ চনত কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ জৰিযতে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক সাৱস্ত কৰিছিল।

18. ভাৰতৰ একদলীয় শাসনৰ যুগটো উল্লেখ কৰা।
উত্তৰঃ ১৯৫২-১৯৬৭ চনলৈ।

19. ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল আৰু দলটোৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকী কোন আছিল?
উত্তৰঃ ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠিত হৈছিল আৰু দলটোৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকী আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।

20. চি পি আই দলটো কেতিয়া গঠিত হৈছিল? দলটোৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰঃ ১৯২৪ চনত চি পি আই দলটো গঠিত হৈছিল। দলটোৰ নেতৃত্ব দিয়া এগৰাক ব্যক্তি হ’ল এ. কে. গােপালন।

21. প্ৰথমখন ভােটাৰ তালিকা নিৰ্বাচন আযােগে কি বাতিল কৰিছিল?
উত্তৰঃ নিৰ্বাচন আযােগে আৱিষ্কাৰ কৰিছিল যে ভাৰতৰ দৰে এখন ডাঙৰ দেশত মুক্ত আৰু নিকা নিৰ্বাচন সম্পাদন কৰাটো সহজ কাম নহয়। নিৰ্বাচন সম্পাদন কৰিবৰ বাবে নিৰ্বাচনী সমষ্টিবােৰৰ সীমা নক্সা তৈয়াৰ কৰিব লাগিব। ইয়াৰ লগতে ভােটাৰ তালিকা অথবা যিসকলে ভােটদানৰ অধিকাৰ লাভ কৰিছে তাৰাে তালিকা তৈয়াৰ কৰিব লাগে। যেতিয়া প্ৰথম তালিকাখন প্ৰকাশ কৰা হৈছিল তেতিয়া এইটো আৱিষ্কাৰ কৰা হৈছিল যে তাত প্ৰায় ৪০ লক্ষাধিক মহিলাৰ নাম সন্নিৱিষ্ট কৰা হােৱা নাছিল। তেওঁলােকক মাত্ৰ কাৰােবাৰ পত্নী অথবা জীয়েক হিচাপে সন্নিৱিষ্ট কৰা হৈছিল। সেই হেতুকে, নিৰ্বাচন আযােগে প্ৰথমখন ভােটাৰ তালিকা নাকচ কৰে আৰু নতুন তালিকা প্ৰস্তুত। কৰিবৰ বাবে আদেশ জাৰি কৰে।

22. ভাৰতৰ দৰে এখন দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ মূল প্ৰযােজনীয়তাসমূহৰ তালিকা দিয়া।
উত্তৰঃ ভাৰতৰ দৰে এখন দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত। কৰাটো সহজ কাম নহয়। নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী সমষ্টিবােৰৰ সীমাৰ নক্সা তৈয়াৰ কৰিব লাগে। ইয়াৰ লগতে ভােটাৰ তালিকা অথবা যিসকলে ভােটদানৰ অধিকাৰ লাভ কৰিছে তাৰাে তালিকা তৈয়াৰ কৰিব লাগে।

23. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰ অৱলম্বনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি ক্ষেত্ৰত সাহসী আৰু বিপদসংকুল আছিল?
উত্তৰঃ স্বাধীনতা লাভৰ পিছত পােনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ভােটাৰৰ বাবে নিৰ্বাচন সুকীয়া আছিল। এখন দুখীয়া আৰু অশিক্ষিত দেশত প্ৰথম সাধাৰণ নিৰ্বাচন সম্পাদন কৰাটোৱেই গণৰ বাবে এটা ডাঙৰ পৰীক্ষা আছিল। গতিকে, ক’ব পাৰি যে ভাৰতবৰ্ষই পৰীক্ষা কৰা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰৰ ব্যৱস্থা অতি সাহসী আৰু বিপদসংকুল যেন লগা হৈছিল।

24. কি অবস্থাত ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল?
উত্তৰঃ বৃটিছৰ ৰাজত্বৰ কালছােৱাত ভাৰতত কোনাে ৰাজনৈতিক দল নাছিল বুলি ক’ব পাৰি। দেশৰ শাসনকাৰ্য পৰিচালনাৰ উদ্দেশ্যতেই। ৰাজনৈতিক দলৰ অভ্যুদয় ঘটে। অশিক্ষা, পৰাধীনতা আৰু সাম্প্ৰদায়িক ভেদ বুদ্ধিৰ বাবে ভাৰতীয় জনগণৰ প্ৰকৃত জাতীয়তাবােধ জাগ্ৰত হােৱাত বাধাৰ সৃষ্টি হৈছিল। দেশ স্বাধীন হােৱাৰ পিছৰ পৰা লাহে লাহে জনসাধাৰণৰ মাজত জাতীয়তাবােধৰ জাগৰণ হােৱা দেখা যায। স্বাধীনতাৰ পিছত পৰাধীন ভাৰতৰ কেইবাটাও সাম্প্ৰদায়িক দলে পূৰ্ব ঠেক আদৰ্শ পবিহাৰ কৰি সৰ্বভাৰতীয় দললৈ ৰূপান্তৰিত হয়।

25. স্বতন্ত্ৰ পাৰ্টীযে চৰকাৰৰপৰা কি বিচাৰিছিল ?
উত্তৰঃ স্বতন্ত্ৰ পাৰ্টীযে দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰাত চৰকাৰে অতি। কমকৈ অংশগ্ৰহণ কৰাটো বিচাৰিছিল। তেওঁলােকে বিশ্বাস কৰিছিল যে কেৱল ব্যক্তিগত স্বাধীনতাৰ পৰাহে উন্নতি সাধন হ’ব। তেওঁলােকে স্বাধীন ব্যক্তিগত উদ্যোগতহে বিশ্বাস কৰিছিল। চৰকাৰী ব্যৱসায়, সবায় ভিত্তিত কাৰবাৰ আৰু কৃষিকাৰ্যত ভূমি নিৰ্ধাৰণ স্বতন্ত্ৰ দলে। বিৰােধিতা কৰিছিল।

26. স্বাধীনতাৰ পূৰ্বে গঠিত হােৱা ৰাজনৈতিক দল চাৰিটাৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টী, ভাৰতীয় সমাজবাদী পাৰ্টী, সাম্যবাদী পাৰ্টী আৰু মুছলিম লীগ।

27. ভাৰতীয় গণতান্ত্ৰিক পদ্ধতিত সন্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ (ক) কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান।
(খ) আঞ্চলিক প্ৰত্যাশাৰ উথান।
(গ) সাম্প্ৰদায়িক ৰাজনীতি।
(ঘ) দলিত আৰু পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক দলবােৰৰ ক্ৰমবৰ্ধমান শক্তি।

28. আধিপত্য দলীয় ব্যৱস্থা কি? এনে ব্যৱস্থাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ আধিপত্য দলীয় ব্যবস্থাই ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্যৰ কথা সূচায়। এনে ব্যৱস্থাৰ এক উল্লেখযােগ্য উদাহৰণ হ’ল স্বাধীনতাৰ পিছত ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্য।

READ MORE  ক্ষমতাৰ বিকল্প কেন্দ্ৰ | Chapter 2 | Class 12 Political Science - AHSEC

29. ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত মৰ্চা যুগৰ সৃষ্টি হােৱাৰ যিকোনাে চাৰিটা কাৰণ লিখা।
উত্তৰঃ (ক) মৰ্চা যুগৰ সৃষ্টি হৈছিল যেতিয়া কোনাে একক ৰাজনৈতিক দলে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হােৱা নাছিল।
(খ) ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত মৰ্চা যুগৰ আৰম্ভণি বুলি অভিহিত। কৰিব পাৰি। কাৰণ, ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ একচেটিয়া শাসনৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছিল।
(গ) আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি।
(ঘ) সাম্প্ৰদায়িক দলৰ উপস্থিতি।

30. ভাৰতীয় জনসংঘ আৰু কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ (। ভাৰতৰ সাম্যবাদী দল ) মাজৰ আদৰ্শগত পাৰ্থক্যবােৰ দেখুওৱা।
উত্তৰঃ (ক) ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠিত হৈছিল আৰু শ্যামা প্ৰসাদ মুখাৰ্জী। প্ৰতিষ্ঠাপক সভাপতি আছিল। আনহাতে, কমিউনিষ্ট পাৰ্টী অব ইণ্ডিযা ১৯২৪ চনত গঠিত হৈছিল।
(খ) ভাৰতীয় জনসংঘই ভাৰতৰ ক্ষেত্ৰত পাৰমাণবিক অস্ত্ৰশস্ত্ৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল। আনহাতে, কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াই জমিদাৰী প্ৰথাক নিৰ্মূল কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল।
(গ) ভাৰতীয় জনসংঘই ইংৰাজী ভাষাক আঁতৰাই হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষা আন্দোলন কৰিছিল। আনহাতে, কমিউনিষ্ট। পাৰ্টী অব ইণ্ডিয়াই কাম কৰাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি গণ্য কৰিছিল।

31. নেচনেল ৰিভলুচনাৰী পাৰ্টীৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯২৯ চনত নেচনেল ৰিভলুচনাৰী পাৰ্টীৰ জন্ম হৈছিল আৰু। পিছত ইযাক ইনষ্টিটিউচনেল বিভলচনাৰী দল হিচাপে নামকৰণ কৰা হয়া, ইনষ্টিটিউনেল দলে (স্পেইত ) মেক্সিক’ত প্ৰায় ছয় দশককাল ক্ষমতা ভােগ কৰিছিল। ই মেকি’ৰ বিপ্লৱক প্ৰতিনিধিত্ব কৰিছিল। এই পাৰ্টীটো বহুতাে সামৰিক আৰু ৰাজনৈতিক নেতা, শ্ৰমিক আৰু কৃষক। সংগঠন আৰু বহুতাে ৰাজনৈতিক দলৰ স্বাৰ্থৰ লগত জড়িত আছিল। এটা সময়ত ৰাষ্ট্ৰীয় ৰিভলচনাৰী পাৰ্টীৰ প্ৰতিষ্ঠাপক প্লোটাক হলিচ কলচে চৰকাৰৰ উপৰি সংগঠনটোক ধৰি ৰাখিবলৈ সমৰ্থ হৈছিল। এটা নিৰ্দিষ্ট সমযৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু নেচনেল বিভচনেৰী পাৰ্টী একমাত্ৰ দল আছিল যি জয়ী হৈছিল।

32. ৰাজ্যিক স্তৰত কংগ্ৰেছ দলৰ বিষম ধাৰাটো আলােচনা কৰা।
উত্তৰঃ বহু ক্ষেত্ৰত চতুৰ্থ সাধাৰণ নিৰ্বাচনক কংগ্ৰেছ দলৰ পৰাজ্যৰ বছৰ হিচাপে চিহ্নিত কৰিব পাৰি। জৱাহৰলাল নেহৰু জীয়াই থকা নাছিল কংগ্ৰেছ দলটোক নেতৃত্ব দিবলৈ। গতিকে, কংগ্ৰেছ দলটোৱে তেখেতৰ অবিহনে নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিল। আনহাতে, ইন্দিৰা গান্ধীও তেখেতৰ নেতৃত্বত নিৰ্বাচন খেলিবলৈ। প্ৰথমবাৰৰ বাবে আগবাঢ়িছিল। বিৰােধী দলসমূহ সজাগ হৈ আছিল শাসকীয় দলটোৰ দুৰ্বলতাসমূহক লৈ আৰু কেন্দ্ৰ আৰু ৰাজ্য দুযাে স্থানতে ক্ষমতাৰ গাদীত বহিবলৈ উঠিপৰি লাগিছিল। চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলে দেখুৱাইছিল যে কংগ্ৰেছ দলটো আৰু শক্তিশালী হৈ থকা নাই। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য উভযাতে বিপুল ভােটত পৰাজিত হৈছিল। সেই কাৰণে ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ বছৰটোক বিযুম ধাৰা হিচাপে চিহ্নিত কৰিব পাৰি।

33. ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৫১ চনত ভাৰতীয় জনসংঘৰ গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। স্বাধীনতাৰ আগত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ আৰু হিন্দু মহাসভা এই দলৰ আদৰ্শ আছিল।

জনসংঘৰ আদৰ্শ আৰু নীতিযে ইযাক আন দলৰপৰা পৃথক কৰিছিল। জনসংঘ দলে এখন দেশ, এটা জাতি আৰু এটা পৰম্পৰা গঢ় দিয়াৰ। লগতে দেশক আধুনিক, প্ৰগতিশীল আৰু শক্তিশালী হােৱাটো কামনা কৰিছিল। এই দলে অখণ্ড ভাৰত হিচাপে ভাৰত আৰু পাকিস্তান এক হােৱাটো বিচাৰিছিল। ইংৰাজী ভাযাক আঁতৰাই হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষা কৰিবৰ বাবে এই দলে আন্দোলন কৰিছিল। ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘুক বিশেষ সুবিধা প্ৰদান কৰা কাৰ্যৰ এই দল পক্ষপাতীনাছিল। জনসংঘ দলৰ অন্যতম নেতাৰ ভিতৰত উল্লেখযােগ্য হ’ল শ্যামা প্ৰসাদ মুখাৰ্জী, দীন দ্যাল উপাধ্যায় আৰু বৰাজ মাধােক। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম হয় ভাৰতীয় জনসংঘ দলৰ পৰা।

34. কংগ্ৰেছ কি অৰ্থত আদৰ্শগত সংযুক্ত দল আছিল? কংগ্ৰেছৰ অভ্যন্তৰত থকা বিভিন্ন আদৰ্শগত সোঁত উল্লেখ কৰা।
উত্তৰঃ ১৮৮৫ চনত কংগ্ৰেছ দল গঠিত হৈছিল। সেই সময়ত কংগ্ৰেস্থ দলটো ইংৰাজী ক’ব পৰা, উচ্চ জাতি, উচ্চ মধ্যবিত্ত শ্ৰেণী আৰু। নগৰীয়া শিক্ষিত লােকৰ দ্বাৰা শাসিত আছিল। কিন্তু, স্বাধীনতা সংগ্ৰামৰ লগে লগে কংগ্ৰেছ দলে নিজৰ সামাজিক ভেটি সুদৃঢ় কৰিলে। আৰু এক আদৰ্শযুক্ত সংযুক্ত দললৈ ৰূপান্তৰিত হৈছিল যিযে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলাে লােকৰ বৈচিত্ৰতা উপস্থাপন কৰিলে। খেতিয়কৰপৰা আৰম্ভ কৰি উদ্যোগীলৈকে, শ্ৰমিক, জমিদাৰ, মধ্যবিত্ত শ্ৰেণী, ধনী শ্ৰেণী, দুখীয়া শ্ৰেণী আদিয়ে কংগ্ৰেছক। সৰ্বতােপ্ৰকাবে সমৰ্থন কৰিছিল।

35. এটা দলৰ আধিপত্য প্ৰথাই ভাৰতীয় ৰাজনীতিৰ গণতান্ত্ৰিক প্ৰকৃতিত কু প্ৰভাৱ পেলাইছিল নেকি?
উত্তৰঃ হয়, এটা দলৰ আধিপত্য প্ৰথাই ১৯৬৭ চনলৈকে ভাৰতীয়। ৰাজনীতিত প্ৰভাৱ পেলাইছিল। যদিও আন আন ৰাজনৈতিক দলসমূহে লােকসভাৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু এক নিশ্চিত সমালােচনা আগবঢ়াইছিল কংগ্ৰেছ দলৰ বিপক্ষে তথাপিও লােকসভাত কংগ্ৰেছ দলৰ বৃহৎ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে সেই সমালােচনাই গুৰুত্ব পােৱা নাছিল। তদুপৰি, জৱাহৰলাল নেহৰুৰ দৰে নেতাৰ বিচক্ষণতাই সমালােচকসকলক অসাৰ্থক কৰি তুলিছিল। সেই কাৰণে, এই সময়ছােৱাত এক দলৰ আধিপত্যৰ ( কংগ্ৰেছ দল)। সময়ছােৱা বুলি কোৱা হয়।

36. স্বতন্ত্ৰ পাৰ্টীৰ বিষযে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫৯ চনৰ আগষ্ট মাহত কংগ্ৰেছৰ নাগপুৰ প্ৰস্তাৱৰ পিছত স্বতন্ত্ৰ দলৰ জন্ম হয়, যি মাটিৰ ক্ষুধাকৰণ, ৰাজ্যৰ দ্বাৰা খাদ্য – শস্যৰ ব্যৱসায় চলােৱা আৰু সমবায় ভিত্তিত কাৰবাৰ প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। স্বতন্ত্ৰ দলে দেশ অৰ্থনীতি নিয়ন্ত্ৰণ কৰাত চৰকাৰে অতি কমকৈ অংশগ্ৰহণ কৰাটো বিচাৰে। তেওঁলােকে বিশ্বাস কৰিছিল যে কেবল ব্যক্তিগত স্বাধীনতাৰ পৰাহে উন্নতি সাধন হ’ব। দেশৰ অৰ্থনীতি, কেন্দ্ৰীয় আঁচনি, ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰী উদ্যোগত ৰাষ্ট্ৰৰ হস্তক্ষেপে উন্নয়ন নীতিত বাধাৰ সৃষ্টি কৰিব।

ইয়াৰ বিপৰীতে তেওঁলােকে স্বাধীন ব্যক্তিগত উদ্যোগতহে বিশ্বাস কৰিছিল। চৰকাৰী ব্যৱসায়, সমবায় ভিত্তিতকাৰ আৰুকৃষিকাৰ্যত ভূমি নিৰ্দ্ধাৰণ স্বতন্ত্ৰ দলে বিৰােধিতা কৰিছিল। এই স্বতন্ত্ৰ দলক নেতৃত্ব প্ৰদান কৰা নেতাসকলৰ ভিতৰত চিঃ জাগােপালাচাৰী, কে এম মুন্সী, এন জি ৰাঙ্গা আদি আছিল। এই দলৰ মৰ্যাদা আৰু অৰ্থনৈতিক নীতিযে ইযাক আন দলৰপৰা পৃথক কৰে।

37. কংগ্ৰেছে নিজৰ সংবিধানখন কি সংশােধন কৰিছিল আৰু সংশােধনৰ ফলত কি হৈছিল?
উত্তৰঃ স্বাধীনতা লাভৰ আগতে কংগ্ৰেছ দলে সমাজবাদী চিন্তাধাৰা গ্ৰহণ কৰা লােকসকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯৩৪ চনত তেওঁলােকে কংগ্ৰেছক অধিক গতিশীল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ। সমাজবাদী দল গঠন কৰে। ভৱিষ্যতে এনেধৰণৰ দলীয় বিভাজন ৰােধ কৰিবৰ বাবে ১৯৪৮ চনত কংগ্ৰেছে সংবিধান সংশােধন কৰিবলগীয়া হৈছিল।
সংবিধান সংশােধনৰ দ্বাৰা ইয়াৰ সদস্যসকলক দুটা দলীয় সদস্য পদ লােৱাত বাধা প্ৰদান কৰে। ফলস্বৰূপে সমাজবাদীসকলে ১৯৪৮ চনত এটা প্ৰথম সমাজবাদী দল গঠন কৰিবলৈ বাধ্য হয়।

38. ভাৰতত বিৰােধী দলৰ উৎপত্তি সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতেই কিছুমান বিৰােধী দলৰ জন্ম হৈছিল। এইবিলাকৰ ভিতৰত কিছুমান দলে যাঠি আৰু সত্তৰ দশকত ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৫০ চনৰ কিছুসংখ্যক বিৰােধী দলক আজিৰ অ – কংগ্ৰেছী দলৰ জন্মদাতা বুলি ক’লে ভুল নহ’ব।
সেই সময়ত সকলােবােৰ বিৰােধী দলে লােকসভা আৰু ৰাজ্যিক বিধানসভাত নামমাত্ৰ অংশ লােৱাৰ সুবিধাহে পাইছিল, কিন্তু এই দলবিলাকৰ উপস্থিতিযে গণতন্ত্ৰৰ চৰিত্ৰ পালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিভিন্ন বিৰােধী দলৰ বাৰে কংগ্ৰেছ দলৰ কাৰ্যবােৰ আৰু নীতিবােৰ প্ৰযে নীতিগতভাৱে সমালােচনা কৰিছিল, বিৰােধী দলৰ এনে কাৰ্যই কংগ্ৰেছ দলক স্বেচ্ছাচাৰী হােৱাত বাধা প্ৰদান কৰে। আৰু কংগ্ৰেছ দলৰ মাজত ক্ষমতাৰ ভাৰসাম্য প্ৰতিষ্ঠা কৰে, ইয়াৰ দ্বাৰা ৰাজনৈতিক গণতন্ত্ৰ জীয়াই ৰাখিব খােজে।

39. ছ’চিযেলিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ তালিকা দিয়া। দলটোৱে কি নিজকে কংগ্ৰেছৰ প্ৰভাৱী বিকল্প হিচাপে প্ৰমাণ কৰিব নােৱাৰিলে ?
উত্তৰঃ ১৯৩৪ চনত ভাৰতীয় সমাজবাদী দলৰ জন্ম হৈছিল। ছ’চিয়েলিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ মূল লক্ষ্য আছিল এখন গণতান্ত্ৰিক সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰা। জ্যপ্ৰকাশ নাৰায়ণ, অশােক মেহতা, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনােহৰ লােহিযা ইত্যাদি ছ’চিয়েলিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ উল্লেখযােগ্য নেতা আছিল।

সমাজবাদীসকলে গণতান্ত্ৰিক সমাজবাদৰ আদৰ্শক বিশ্বাস কৰে যিযে তেওঁলােকক কংগ্ৰেছ আৰু সাম্যবাদ এই দুয়ােটা আদৰ্শৰপৰা পৃথক কৰে। কংগ্ৰেছে পুঁজিবাদ আৰু জমিদাৰসকলক সমৰ্থন কৰা আৰু থেত্যিক আৰু শ্ৰমিক শ্ৰেণীক অৱহেলা কৰা কাৰ্যক তেওঁলােকে সমালােচনা কৰিছিল। কিন্তু, ১৯৫৫ চনত যেতিয়া কংগ্ৰেছে সমাজবাদী আদৰ্শৰে সমাজ প্ৰতিষ্ঠা কৰাৰ লষ্ক্য ঘােষণা কৰে তেতিয়া সমাজবাদীসকল। দোধৰ – মােধােৰত পৰে ফলত সমাজবাদীসকলৰ কাৰণে কংগ্ৰেছৰ বিকল্প হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটো টান হৈ পৰে। সেই কাৰণে কোৱা হয় যে ছ’চিয়েলিষ্টপাটী দলটোৱে নিজকে কংগ্ৰেছৰ প্ৰভাৱী বিকল্প হিচাপে প্ৰমাণ কৰিব নােৱাৰিলে।

40. সমাজবাদী দল আৰু সাম্যবাদী দলসমূহৰ পাৰ্থক্যসমূহ দেখুওৱা।
উত্তৰঃ (ক) সমাজবাদীসকলে গণতান্ত্ৰিক সমাজবাদক বিশ্বাস কৰে যিযে তেওঁলােকক সাম্যবাদী আৰু কংগ্ৰেছৰপৰা পৃথক কৰে। আনহাতে, সাম্যবাদীসকলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছত্ৰছায়াত থাকি কাম। আৰম্ভ কৰিছিল।

(খ) সমাজবাদীসকলে কংগ্ৰেছক পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক। সমৰ্থন কৰাৰ বাবে সমালােচনা কৰিছিল। আনহাতে, সাম্যবাদী দলে হিংসাত্মক বিদ্ৰোহৰ পথ পবিত্যাগ কৰিছিল আৰু প্ৰথম সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল।

(গ) সমাজবাদী দল বিভিন্ন সময়ত বিভাজিত হৈ পুনগঠন হৈছিল যাৰ বাবে বিভিন্ন সমাজবাদী দলৰ সৃষ্টি হৈছিল। আনহাতে, সাম্যবাদী দল এবাৰেই বিভাজিত হৈছিল।

41. বিৰােধী পক্ষ হ’ল ভাৰতৰ এক বিভাজিত সদন’— ব্যাখ্যা কৰা।
উত্তৰঃ এক শক্তিশালী আৰু ফলপ্ৰসু বিৰােধী দলৰ অৱস্থিতি গণতন্ত্ৰৰ স্তম্ভ স্বৰূপ গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰােধী দলৰ ভূমিকা তলত উল্লেখ কৰা ধৰণে বৰ্ণনা কৰিব পৰা যায়—
(ক) বিৰােধী দলে শাসনাধিষ্ঠিত দলটোক সমালােচনা কৰি তেওঁলােকব ভুল – ক্ৰটিসমূহ আঙুলিয়াই দেখুওৱাৰ জৰিয়তে প্ৰধান সংশােধক। হিচাপে ভূমিকা পালন কৰে।

(খ) বিৰােধী দলবিলাকে জনগণৰ অভাৱ – অভিযােগসমূহ চৰকাৰৰ ওচৰত ব্যক্ত কৰাৰ লগতে জনস্বাৰ্থ জড়িত সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক যাৱতীয় পৰামৰ্শ আগবঢ়ায়।

(গ) আইন পালিকাই যাতে ভালদৰে কাৰ্য পৰিচালনা কৰিব পাৰে তাৰ বাবে আইন সভাৰ দ্বাৰা বহু সমিতি গঠন কৰি দিয়া হয়, এই সমিতি। বিলাকত বিৰােধী দলক যথােপযুক্ত প্ৰতিনিধিত্বৰ সুবিধা দিয়া হয় যাতে ইয়াৰ দ্বাৰা বিৰােধী দলবিলাকে বিভিন্ন বিষয়সমূহ নিৰীক্ষণ কৰি নিজস্ব অভিমত ব্যক্ত কৰিব পাৰে। সেইবাবে, কোৱা হয় যে বিৰােধী দল। হ’ল ভাৰতৰ এক বিভাজিত সদন।

42. ভাৰতত বিৰােধী দল বিভাজিত সদন’ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) শাসক পক্ষক সমালােচনা কৰা:- বিৰােধী দলে, চৰকাৰী দলে প্ৰশাসন পৰিচালনা কৰােতে সমালােচনা কৰাটো প্ৰধান কৰ্তব্য। বিৰােধী পক্ষই শাসনাধিষ্ঠ দলটোৰ কটু সমালােচনা কৰি ভুল – ত্ৰুটিসমূহ আঙুলিয়াই দেখুওৱাৰ জৰিয়তে প্ৰধান সংশােধক হিচাপে ভূমিকা পালন কৰে।
(খ) জনগণৰ অভাৱ – অভিযােগসমূহক ব্যক্ত কৰা:- বিৰােধীদল বিলাকে জনগণৰ অভাৱ অভিযােগসমূহ চৰকাৰৰ ওচৰত ব্যক্ত কৰাৰ লগতে জনস্বাৰ্থ জড়িত সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক যাৱতীয় পৰামৰ্শ আগবঢ়ায়।

Very Short Type Questions and Answers (Marks : 4/6)

1. বি, আৰ, আম্বেদকাৰ কোন আছিল? কাৰ বাবে তেওঁ যুঁজ দিছিল?
উত্তৰঃ বাবা চাহেব ভিমৰাও ৰামজি আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনত ‘মহাৰাষ্ট্ৰত ‘মাহাৰ (Mahar) নামৰ এটা অস্পৃশ্য সম্প্ৰদাযত।

আম্বেদকাৰ স্বাধীন শ্ৰমিক দলৰ প্ৰতিষ্ঠাপক আছিল আৰু পিছত অনুসূচিত জাতিৰ ফেদাৰেচন স্থাপন কৰিছিল। ড° বি . আৰ, আম্বেদকাৰ ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল আৰু লগতে স্বাধীনতাৰ পিছত প্ৰথম নেহৰু কেবিনেটৰ মন্ত্ৰী হৈছিল। ১৯৫৬ চনত এহেজাৰ অনুসৰণকাৰীৰ সৈতে তেওঁ বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল। আম্বেদকাৰে ভাৰতৰ ৰিপাব্লিক পাৰ্টী গঠনৰ আঁচনি প্ৰস্তুত কৰিছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভিক্টৰি কাৰ্যনিৰ্বাহক কমিটীৰ সদস্য আছিল। আম্বেদকাৰ জাতিভেদ প্ৰথাৰ বিৰােধী আৰু দলিতসকলৰ ন্যায় বিচাৰৰ কাৰণে কৰা বিপ্লবী নেতা পণ্ডিত আৰু বুদ্ধিজীৱী আছিল।

অস্পৃশ্য সম্প্ৰদাযত জন্মগ্ৰহণ কৰা আম্বেদকাৰে সমাজৰ উচ্চবৰ্ণৰ দ্বাৰা হােৱা লাঞ্ছনাৰ দ্বাৰা বাৰুকৈযে প্ৰভাৱিত হৈছিল আৰু সেইবাবে তুেখেতে। দলিত সম্প্ৰদায বা তেনে কোনাে অস্পৃশ্য সম্প্ৰদাযৰ মানুহৰ ন্যায়। প্ৰতিষ্ঠাৰ বাবে যুঁজ দিছিল। আম্বেদকাৰে বিচাৰিছিল — এনেকুৱা এখন সমাজ যত সকলাে সম্প্ৰদাযৰ মানুহে এক ন্যায্যতাপূৰ্ণ জীৱন যাপন কৰিব পাৰে।

2. ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য হল—
(ক) ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান। সৰ্বভাৰতীয় দলবােৰৰ উপৰি আঞ্চলিক ভিত্তিত বহুতাে স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে।

(খ) ভাৰতত সাম্প্ৰদায়িক দলৰ ব্যৱস্থা বিৰাজমান। হিন্দু মহাসভা, মুছলিম লীগ, আকালি দল আদি দলসমূহে সাম্প্ৰদায়িক ভিত্তিত সিবিলাকৰ দলৰ নীতি আৰু কাৰ্যসূচী পৰিচালনা কৰে।

(গ) ঐক্য, সংহতি, নিয়মানুবৰ্তিতা আৰু দলৰ প্ৰতি আনুগত্য আদিক ভাৰতীয় দলীয় ব্যৱস্থাৰ এক উল্লেখযােগ্য বৈশিষ্ট্য বুলি গণ্য। কৰা হয়। কিন্তু, ভাৰতত এই উপাদানসমূহৰ একান্ত অভাৱ দেখা যায়। ভাৰতৰ দলসমূহৰ মাজত বিশৃংখলা, অন্তৰ্দ্বন্দ্ব আৰু দল সলনি আদি ক্ৰামক ব্যাধিৰ দৰে বিয়পি পৰা দেখা যায়।

(ঘ) গ্ৰেট বৃটেইন, মাৰ্কিন যুক্তৰাষ্ট্ৰ আদি দেশবােৰৰ দৰে ভাৰতৰ ৰাজনৈতিক দলবােৰ সু সংগঠিত নহয়।

3. ভাৰতৰ দলীয় প্ৰথাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ (ক) ভাৰতত বহুদলীয় ব্যৱস্থা বিদ্যমান। সৰ্বভাৰতীয় দলবােৰৰ উপৰি আঞ্চলিক ভিত্তিত বহুতাে স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে।

(খ) ভাৰত সাম্প্ৰদায়িক দলৰ আৱিৰ্ভাৱ ইয়াৰ দলীয় ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। হিন্দু মহাসভা, মুছলিম লীগ, আকালি দল আদি। দলসমূহে সাম্প্ৰদায়িক ভিত্তিত সিবিলাকৰ দলীয় নীতি আৰু কাৰ্যসূচী পৰিচালনা কৰে।

(গ) ভাৰতৰ প্ৰায়বােৰ ৰাজনৈতিক দলৰে কোনাে স্থায়ী নীতি আৰু কাৰ্যসূচী থকা দেখা নাযায়। জাতীয় স্বাৰ্থৰ পৰিৱৰ্তে সুবিধাবাদী নীতিৰ দ্বাৰা বেছিভাগ সময়ত দলবােৰ পৰিচালিত হােৱা দেখা যায়।

(ঘ) ভাৰতৰ দলীয় প্ৰথাত বিশৃংখলা, অন্তৰ্দ্বন্দ্ব আৰু দল সলনি আদি সংক্ৰামক ব্যাধিৰ দৰে ভাৰতৰ ৰাজনৈতিক দলসমূহৰ মাজত বিপি পৰা দেখা যায়। সৰ্বভাবতীয় তথা আঞ্চলিক দল উভযৰ মাজতে এই বিভেদৰ ভাব পৰিলক্ষিত হয়।

READ MORE  পৰিকল্পিত বিকাশৰ ৰাজনীতি | Chapter 10 | Class 12 Political Science - AHSEC

4. বাঁওপন্থী দলসমূহৰ নীতি আৰু কাৰ্যসূচীসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ বাঁওপন্থী দল বুলি ক’লে ভাৰতৰ সাম্যবাদী দলৰ কথা বুজা যায়। ভাৰতৰ সাম্যবাদী দল ছােভিয়েট ৰাছ্যিাৰ সাম্যবাদী দলৰ আদৰ্শত ১৯২৪ চনত গঠিত হৈছিল। এই দলে ভাৰতত ৰাছ্যিাৰ পদ্ধতিত। সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মত পােষণ কৰে।

সাম্যবাদী দলৰ নীতি এই যে বহু সময়ত দলে দেশৰ স্বাৰ্থক নেওচা দি দলীয় স্বাৰ্থ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। এই দলে ৰাছিয়া আৰু চীন গণৰাজ্যক নিজৰ উপদেষ্টা আৰু পথ প্ৰদৰ্শক হিচাপে মান্য কৰে। ভাৰতীয় সাম্যবাদী দলৰ প্ৰধান কাৰ্যসূচীসমূহ হ’ল— জনসাধাৰণৰ ওপৰত কৰ হ্ৰাস, কৃষক আৰু শ্ৰমিকসকলৰ উন্নতি বিধান, একচেটিয়া ব্যবসায় নিয়ন্ত্ৰণ, দেশৰ সকলাে উদ্যোগ প্ৰতিষ্ঠান জাতীয়কৰণ, ভূমি সংস্কাৰ, জাতীয় মূলধনৰ সহায়ত শিল্পৰ উন্নয়ন, ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনগঠন, বিদেশী শােষণৰ অৱসান, স্বাধীনভাৱে শান্তি আৰু সহাৱস্থান নীতি ৰূপায়ণ, প্ৰকৃত গণতান্ত্ৰিক পৰিকল্পনাৰ জৰিয়তে। জনসাধাৰণৰ উন্নতি সাধন ইত্যাদি। ই্যাৰ উপৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এই দলে সংগ্ৰামৰ আহ্বান জনাইছিল।

5. ১৯৫২ চনত অনুষ্ঠিত নিৰ্বাচনসমূহৰ বুৰঞ্জী চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতীয় সংবিধানৰ ৩২৪ অনুচ্ছেদৰ আধাৰত স্বাধীন ভাৰতৰ সংসদীয় আৰু ৰাজ্যৰ বিধানসভা নিৰ্বাচনসমূহ পৰিচালনাৰ অৰ্থে এখন নিৰ্বাচনী আযােগ গঠন কৰা হয়। ভাৰতীয় অসামৰিক সেৱাৰ বিষ সুকুমাৰ সেনক ভাৰতৰ। প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আযুক্তৰূপে নিযুক্তি প্ৰদান কৰা হয়।
ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা অৰ্জন কৰাৰ পিছত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয়। দল তথা ৫০ টাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীযে প্ৰতিদ্বন্দ্বিতা। কৰিছিল।

প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূৰ্ব সাফল্য অৰ্জন কৰে। তদুপৰি এই দলটোৱে আছিল একমাত্ৰ দল যাৰ তৃণমূল পৰ্যায়লৈ সংগঠন আছিল।

প্ৰথম সাধাৰণ নিৰ্বাচনত লােকসভাৰ মুঠ ৪৭৮৯ খন আসনৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই আসনসমূহৰ ভিতৰত কংগ্ৰেছে ৩৬৪ খন আসন লাভ কৰিছিল।

প্ৰথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে ১৬ খন আসন লাভ কৰি। দ্বিতীয় স্থান লাভ কৰিছিল। কংগ্ৰেছে বৃহৎ জ্যলাভ কৰি শাসনৰ দায়িত্ব নিজৰ হাতত তুলি লৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত। চৰকাৰ গঠন কৰিছিল।

6. কংগ্ৰেছ আধিপত্য প্ৰকৃতি সম্পৰ্কে তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।
উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ অৱদানৰ পৰাই কংগ্ৰেছ দলে এক অসাধাৰণ সফলতা লাভ কৰিছিল। কংগ্ৰেছক স্বাধীনতা সংগ্ৰামৰ উত্তৰাধিকাৰী হিচাপে দেখা গৈছিল। বহুতাে নেতাই যিসকলে সেই সময়ত স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল পিছলৈ কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে লােকসভাৰ মুঠ ৪৭৯ হন। আসনৰ ভিতৰত ৩৬৪ খন আসন লাভ কৰে। ভাৰতৰ সাম্যবাদী দলে ১৬ খন আসন লাভ কৰি লােকসভাত

দ্বিতীয় স্থান লাভ কৰে। লােকসভা নিৰ্বাচনৰ লগতে ৰাজ্যসমূহৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনবিলাকতাে কংগ্ৰেছে বিপুল আসন লাভ কৰি জয়যুক্ত হয়। ট্ৰাভাংকুৰ কোচিন (বৰ্তমান কেৰেলাৰ অংশ ) ৰ মাদ্ৰাজ আৰু উৰিষ্যাৰ বাহিৰে বাকী সকলাে ৰাজ্যতে গৰিষ্ঠসংখ্যক আসন লাভ কৰে।। তথাপি এইবােৰ ৰাজ্যতাে কংগ্ৰেছে চৰকাৰ গঠন কৰে। এইদৰে কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভযতে চৰকাৰ গঠন কৰে। আশা কৰা মতে প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হয়। এইদৰে কংগ্ৰেছ দলে ১৯৫২ চনৰপৰা ১৯৬২ চনলৈ। নিজৰ আধিপত্য বিস্তাৰ কৰে। দ্বিতীয় আৰু তৃতীয় সাধাৰণ নিৰ্বাচন ১৯৫৭ আৰু ১৯৬২ চনত অনুষ্ঠিত হৈছিল। লােকসভাত তিনি চতুৰ্থাংশ আসন লাভ কৰিও কংগ্ৰেছে দহ ভাগৰ এক অংশ ভােট পাবলৈ সক্ষম হােৱা নাছিল। ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছে দুই – চাৰিখন ৰাজ্যত। সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল।

7. ভাৰতৰ স্বাধীনতা সংগ্ৰাম সন্দৰ্ভত কমিউনিষ্ট সকলৰ দৃষ্টিভংগী ব্যাখ্যা কৰা।
উত্তৰঃ স্বাধীনতা সংগ্ৰাম চলি থকাৰ সময়তে ভাৰতত সাম্যবাদী দল গঠন হৈছিল বুলি ক’ব পাৰি। ৰাছ্যিাৰ বলছেভিক আন্দোলনৰ পৰা অনুপ্ৰেৰণা লাভ কৰি ভাৰতত সাম্যবাদী দল গঠন হয় আৰু দেশৰ সমস্যা সমাধানৰ বাবে সমাজবাদৰ ধাৰণাক গুৰুত্ব প্ৰদান কৰে। ভাৰতৰ সাম্যবাদী দলে স্বাধীনতাৰ আগেযে জাতীয় আন্দোলনত সােমাই পৰাৰ চেষ্টাত বেছি আগবাঢ়িব পৰা নাছিল আৰু জনসাধাৰণকো বেছি আকৃষ্ট কৰিব পৰা নাছিল। ১৯৪১ চনৰ ডিচেম্বৰ মাহত যেতিয়া সাম্যবাদীসকলে ইংৰাজক নাজী জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰাত সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত ল্য তেতিয়াই সাম্যবাদী দল আৰু ভাৰতীয়। জাতীয় কংগ্ৰেছৰ মাজত মনােমালিন্য ঘটে। আন আন অ – কংগ্ৰেছী। দলৰ দৰে সাম্যবাদী দলৰ শক্তি বৃদ্ধি হৈছিল আৰু তেওঁলােকে স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কিন্তু স্বাধীনতাৰ বিষয়ে বিভিন্ন দলৰ বিভিন্ন মতামত আছিল।

স্বাধীনতা লাভ কৰাৰ পিছতেই সাম্যবাদী দলে ভাবিছিল যে ১৯৪৭ চনৰ ক্ষমতা হস্তান্তৰ, প্ৰকৃত স্বাধীনতা নহয় আৰু ইযে তেলেংগানাত হিংসাত্মক আন্দোলন আৰম্ভ কৰাত অৰিহণা যােগায়। সাম্যবাদীসকলে জনতাৰ সমৰ্থন লাভ কৰাত সফল নহ’ল আৰু এই আন্দোলন সেনাৰ। দ্বাৰা ধ্বংস কৰা হয়। এই ঘটনাই তেওঁলােকক পুনৰ বিচাৰ কৰিবলৈ বাধ্য কৰায়।

১৯৫১ চনত সাম্যবাদী দলে হিংসাত্মক পথ পৰিত্যাগ কৰে আৰু। আগন্তক সাধাৰণ নিৰ্বাচনত শ্ৰেষ্ঠ বিৰােধী দল হিচাপে নিজকে প্ৰতিষ্ঠা। কৰে। কৃষক, শ্ৰমিকসকলৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাটোক সাম্যবাদী দলে নিজৰ প্ৰধান লক্ষ্য হিচাপে বিবেচনা কৰিছিল। জনসাধাৰণৰ। অত্যাবশ্যকীয় স্বাৰ্থসমূহক ৰক্ষণাবেক্ষণ দিয়া, জীৱন – ধাৰণৰ মানদণ্ডৰ উন্নতি, সামাজিক তথা অৰ্থনৈতিক অসমতা দূৰীকৰণ সাম্যবাদী দলৰ অন্যতম লক্ষ্য হিচাপে গণ্য কৰা হৈছিল।

8. ভাৰতীয় দলীয় ব্যবস্থা প্ৰকৃতি তুমি কিদৰে ব্যাখ্যা কৰিবা।।
উত্তৰঃ স্বাধীন ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ধৰ্মনিৰপেক্ষতাৰ নীতিযে ঠাই পালেও সাম্প্ৰদায়িকতাৰ বীজে বৰ্তমানেও ভাৰতৰ ৰাজনীতিত। প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰি থকা আমি দেখিবলৈ পাওঁ। মানুহৰ মনৰ পৰা সাম্প্ৰদায়িকতাৰ ঠেক মনােভাব আঁতৰ কৰিব নােৱাৰিলে কেৱল আইনৰ যােগেদি সাম্প্ৰদায়িকতাৰ বীজ কেতিয়াও নাশ কৰিব নােৱাৰি। ভাৰতীয় জনসাধাৰণে যেতিয়ালৈকে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ সকলাে সমস্যাৰ কথা চিন্তা কৰিব নােৱাৰে, তেতিয়ালৈকে কোনাে। ধৰণৰ আইনে সাম্প্ৰদায়িক দলবােৰ নাইকি কৰিব নােৱাৰিব বুলি দৃঢ় মত পােষণ কৰিব পাৰি।

স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক স্থিৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে। প্ৰযােজনীয় বৰঙণি যােগাইছিল। সমাজবাদী দলসমূহৰ ব্যৰ্থতা, সাম্যবাদী দলসমূহৰ গণতন্ত্ৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান, সাম্প্ৰদায়িক দলসমূহৰ ধৰ্মনিৰপেক্ষতা নীতি বৰ্জন, আঞ্চলিক দলবােৰৰ আঞ্চলিক স্বাৰ্থ সংবণৰ প্ৰচেষ্টা আদি কিছুমান কাহি আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাত দলসমূহৰ বিভিন্ন উপাদান বুলি ক’ব পাৰি।

আমাৰ দেশৰ ৰাজনৈতিক দলবােৰৰ বিভিন্ন প্ৰৰূপতত্ব উল্লেখ কৰিব পাৰি। ভাৰতত কংগ্ৰেছ দলকে একমাত্ৰ জাতীয় দল বুলি কোৱা হৈছিল যদিও আন কিছুমান জাতীয় ৰাজনৈতিক দলৰ উৎপত্তিৰ কথা স্বীকাৰ নকৰাকৈ থাকিব নােৱাৰি।

ভাৰতত আঞ্চলিক ভিত্তিত গঠিত ৰাজনৈতিক দলৰ বিকাশ পৰিলক্ষিত হৈছে। আঞ্চলিক দলসমূহৰ ভিতৰত উল্লেখযােগ্য দ্ৰাবিড় মুনেট্ৰা কাজগাম, আন্না দ্ৰাবিড় মুনেট্ৰা কাজগাম দলে দক্ষিণ ভাৰত অৰ্থাৎ তামিলনাড়ু ৰাজ্যত বিশেষ প্ৰতিপত্তি লাভ কৰি আছে। আকালি দল পঞ্জাৱ ৰাজ্যত এটা অতি শক্তিশালী আঞ্চলিক দল হিচাপে পৰিগণিত হৈছে। সেইদৰে, মহাৰাষ্ট্ৰত ‘শিৱ সেনা’ নামৰ মাৰাঠী স্বাৰ্থৰ হকে আঞ্চলিক ভিত্তিত গঠিত দলে উল্লেখযােগ্য সাফল্য লাভ কৰা দেখা গৈছে। ভাৰতৰ ৰাজনৈতিক দলবােৰৰ সংগঠন আৰু উদ্দেশ্য প্ৰতি লক্ষ্য ৰাখি যিবিলাকক বিভিন্ন ভাগত ভাগ কৰিব পাৰি, যেনে— ধৰ্মনিৰপেক্ষ আৰু ধৰ্মনিৰপেক্ষতা বিহীন দল, সোঁপন্থী আৰু বাঁওপন্থী দল, সাম্প্ৰদায়িক আৰু অসাম্প্ৰদায়িক দল, গণতান্ত্ৰিক সমাজবাদী দল আৰু বাঁওপন্থী গণতান্ত্ৰিক সমাজবাদী দল ইত্যাদি।

বৰ্তমান অৱস্থাত ভাৰতৰ ৰাজনৈতিক জগতত ব্যক্তিস্বাৰ্থ আৰু আঞ্চলিক ন্যস্ত স্বাৰ্থই বিশেষ প্ৰতিপত্তি লাভ কৰা দেখা গৈছে।

9. কংগ্ৰেছ দলক আমি কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কওঁ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ একাধিক কাৰণত ভাৰতৰ জাতীয় জীৱনত কংগ্ৰেছ দলে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ৰাজনৈতিক দলসমূহৰ ভিতৰত। জাতীয় কংগ্ৰেছ যে অকল প্ৰাচীনতম ৰাজনৈতিক দল কেৱল সেযে নহয়, এই বিশাল দেশ ভাৰতবৰ্ষৰ অৱ আৰু দৰিদ্ৰ জনসাধাৰণৰ মাজত। দেশাত্মবােধ জাগৰিত কৰি পৰাধীনতাৰ গ্লানি মােচন কৰি এই দলে যি মহত্বৰ পৰিচয় দিচ্ছে পৃথিৱীৰ ইতিহাসত ই বিৰল।

১৮৮৫ চনত ভাৰতত সৰ্বপ্ৰথম ৰাজনৈতিক দল জাতীয় কংগ্ৰেছ গঠিত হয়। প্ৰথম অৱস্থাত কংগ্ৰেছ ইংৰাজ বিৰােধী অনুষ্ঠান নাছিল। কিন্তু লাহে লাহে কংগ্ৰেছত প্ৰগতিশীল কংগ্ৰেছী নেতাসকলৰ সংখ্যা বৃদ্ধি পাই আহে আৰু তেওঁলােকে ইংৰাজ চৰকাৰৰ লগত সহযােগিতা, আবেদন – নিবেদনৰ দ্বাৰা দেশৰ সমস্যা দূৰ কৰাৰ চিন্তা পৰিত্যাগ কৰি। আন্দোলনৰ সহায় ল’বলৈ পৰিকল্পনা হাতত লয়। ফলত, ভাৰতৰ জাতীয় কংগ্ৰেছ বৃটিছ চৰকাৰৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন। চলােৱা এটা অনুষ্ঠানত পৰিণত হ’ল। কংগ্ৰেছ আন্দোলনে সমগ্ৰ দেশত জনপ্ৰিয়তা লাভ কৰে আৰু সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা আন্দোলনত যােগদান কৰে। কংগ্ৰেছৰ দ্বাৰা গঢ়ি উঠা স্বাধীনতা আন্দোলন জাতীয়তাবাদী আন্দোলনলৈ ৰূপান্তৰিত হয়।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা ভিন্ন ভূমিকা গ্ৰহণ কৰিছিল। এসময়ত যি, কংগ্ৰেছ দলে এটা জাতীয়তাবাদী আন্দোলন হিচাপে স্বাধীনতাকামী বিভিন্ন শ্ৰেণী আৰু স্বাৰ্থৰ সকলাে লােকক সংঘবদ্ধ কৰিছিল, সেই কংগ্ৰেছ জাতীয়। আন্দোলনৰ পৰিৱৰ্তে এটা ৰাজনৈতিক দলত পৰিণত হৈছিল। স্বাধীনতা লাভৰ পিছত সংখ্যাগৰিষ্ঠ দল হিচাপে কংগ্ৰেছ দলেই ক্ষমতাত অধিষ্ঠিত হয়। তেতিয়াৰ পৰাই জাতীয় কংগ্ৰেছ দলে অপ্ৰতিদ্বন্দ্বী দল হিচাপে দেশ শাসন ক্ষমতা একচেতিয়াভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় আৰু ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ হিচাপে অধিষ্ঠিত হয়।

10. ভাৰতত একদলীয় শাসন ব্যৱস্থাৰ যিকোনাে চাৰিটা কাৰণ লিখা।
উত্তৰ ভাৰতত একদলীয় শাসন ব্যৱস্থাই বিশেষতঃ স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে একাদিক্ৰমে তিনিওটা সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন কৰা। আধিপত্যক বুজায়। ভাৰতত এনেধৰণৰ একদলীয় শাসন ব্যৱস্থাৰ। চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) একদলীয় শাসন ব্যৱস্থাৰ উৎপত্তিৰ প্ৰধান কাৰণ হৈছে স্বাধীনতা সংগ্ৰামৰ সময়ছােৱাত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰা ভূমিকা। কংগ্ৰেছ দলটোৱে বহু বছৰ ধৰি স্বাধীনতা সংগ্ৰাম চলাই নিছিল আৰু দলটোৱে কৰা, বহুতাে ত্যাগ মানুহৰ মনত সেই সময়ত সজীৱ হৈ আছিল। দলটোৰ নেতৃবৰ্গই জনসাধাৰণৰপৰা বহুতাে সন্মান আৰু সমৰ্থন লাভ কৰিছিল যিটোৱে তেওঁলােকক নিৰ্বাচনত জয়ী হৈ একদলীয় শাসনব্যৱস্থা বিস্তাৰ কৰিবলৈ অৰিহণা যােগাইছিল।

(খ) দ্বিতীয়তে, কংগ্ৰেছ দল আছিল এনেকুৱা এটা ৰাজনৈতিক দল যি সমগ্ৰ ভাৰতবৰ্ষত অৰ্থাৎ নগৰৰপৰা আৰম্ভ কৰি ভিতৰুৱা গাঁৱলৈকে। নিজৰ একদলীয় শাসন ব্যৱস্থা বিস্তাৰ কৰিছিল।

(গ) তৃতীয়তে, কংগ্ৰেছ দলে এটা সংগঠনৰ সৃষ্টি কৰিছিল যিটোৱে বিভিন্ন সম্প্ৰদায়ৰ মানুহক অন্তৰ্ভুক্ত কৰিছিল স্বাধীনতা আন্দোলনৰ। সময়ছােৱাত। স্বাধীনতাৰ লগে লগে কংগ্ৰেছ। দলটোৱে সকলাে শ্ৰেণীৰ সকলাে ধৰ্মৰ মানুহক আৰু তেওঁলােকৰ আকাংক্ষাবােৰক অন্তৰ্ভুক্ত কৰিছিল।
(ঘ) ক্ষমতা হাতত অহাৰ লগে লগে কংগ্ৰেছ দলে বহুতাে সম্পদ নিজৰ অধীনত পুঞ্জীভূত কৰিবলৈ সক্ষম হ’ল যিয়ে নতুন নতুন মানুহক। সদস্যৰূপে অন্তৰ্ভুক্ত কৰিবলৈ আকৰ্ষিত কৰিলে। এনেধৰণে কংগ্ৰেছৰ একদলীয় শাসন ব্যৱস্থা বিস্তাৰৰ বিভিন্ন কাৰণ উল্লেখ কৰিব পাৰি।

11. প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ আধাৰত স্বাধীন ভাৰতৰ সংসদীয় আৰু ৰাজ্য বিধানসভা। নিৰ্বাচনসমূহ পৰিচালনাৰ অৰ্থে এখন নিৰ্বাচনী আযােগ গঠন কৰা হয়। ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া সুকুমাৰ সেনক ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্তৰূপে নিযুক্তি প্ৰদান কৰা হয়।

(ক) প্ৰথম সাধাৰণ নিৰ্বাচন (১৯৫২):- ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা অৰ্জন কৰাৰ পিছত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল তথা ৫০ টাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীযে প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূৰ্ব সাফল্য অৰ্জন কৰে। তদুপৰি এই দলটোৱে হ’ল একমাত্ৰ দল যাৰ তৃণমূল পৰ্যায়লৈকে সংগঠন আছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত লােকসভাৰ মুঠ ৪৮৯ খন আসনৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই আসনসমূহৰ ভিতৰত কংগ্ৰেছে। ৩৬৪ খন আসন লাভ কৰিছিল। গতিকে প্ৰথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে ১৬ খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছিল। কংগ্ৰেছে বৃহৎ জয়লাভ কৰি শাসনৰ দায়িত্ব নিজৰ হাতত তুলি লৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল।

(খ) দ্বিতীয় সাধাৰণ নিৰ্বাচন (১৯৫৭ চন) :- ভাৰতবৰ্ষত দ্বিতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্বৰ বিজয় অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল। ১৯৫৭ চনত হােৱা। ৪৯৪ খন লােকসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ দলে ৩৭১ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

(গ) তৃতীয় সাধাৰণ নিৰ্বাচন ( ১৯৬২ চন):- ভাৰতবৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬২ চনত। এই নিৰ্বাচনৰ এটা মন কৰিবলগীয়া বিষয় যে এটা সমষ্টিৰপৰা এজন প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পূৰ্বতে হােৱা সাধাৰণ নিৰ্বাচনত এজন। প্ৰাৰ্থীক দুটা বা তিনিটা সমষ্টিৰপৰা নিৰ্বাচিত কৰাৰ ব্যৱস্থা আছিল। তৃতীয় সাধাৰণ নিৰ্বাচন ৪৯৪ খন আসনৰ বাবে অনুষ্ঠিত কৰা হৈছিল। ইয়াৰে ৩৬১ খন আসনত বিজয় সাব্যস্ত কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। এনেদৰে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে। আধিপত্য বিস্তাৰ কৰিছিল।

12. এগৰাকী ভাৰতীয় সম্পাদকে কিয় নিৰ্বাচনক বুৰঞ্জীৰ এটা বৃহত্তম জুৱা বুলি কৈছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভৰ পিছত পােন প্ৰথমবাৰৰ বাবে ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতত নিৰ্বাচন আযােগ গঠন কৰা হয়। কিন্তু, নিৰ্বাচন আযােগে আৱিষ্কাৰ কৰিছিল যে ভাৰতৰ দৰে এখন ডাঙৰ দেশত মুক্ত আৰু নিকা নিৰ্বাচন সম্পাদন কৰাটো সহজ কাম নহয়। নিৰ্বাচন সম্পাদন কৰাটো এটা গুৰু দায়িত্ব আছিল নিৰ্বাচন আযােগৰ বাবে। সেই সময়ত ভাৰতবৰ্ষত ১৭ কোটি ভােটাৰ আছিল যাৰ ভিতৰত ১৫ শতাংশ ভােটাৰহে শিক্ষিত আছিল। এখন দুখীয়া আৰু অশিক্ষিত দেশত প্ৰথম সাধাৰণ নিৰ্বাচন সম্পাদন কৰাটোৱেই গণতন্ত্ৰৰ বাবে এটা ডাঙৰ পৰীক্ষা আছিল।

READ MORE  কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা | Chapter 12 | Class 12 Political Science - AHSEC

সেই সময়ত গণতন্ত্ৰ কেৱল চহকী দেশবােৰতহে বৰ্তি আছিল – বিশেষকৈ ইউৰােপ আৰু উত্তৰ আমেৰিকা যত প্ৰায় সকলাে মানুহেই শিক্ষিত আছিল। ভাৰতবৰ্ষত নিৰ্বাচনসমূহ। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত কৰা হৈছিল। যিহেতু, ভাৰতবৰ্ষত অধিকাংশ লােক দুখীয়া আৰু অশিক্ষিত আছিল আৰু ভােট দিয়াৰ কোনােধৰণৰ অভিজ্ঞতা নাছিল গতিকে ভাৰতবৰ্ষই পৰীক্ষা কৰা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভােটাধিকাৰৰ ব্যৱস্থাটো অতি সাহসী আৰু বিপদসংকুল যেন লগা হৈছিল।

সেইবাবে, ভাৰতবৰ্ষত নিৰ্বাচনী বাতাবৰণ বা পৰিৱেশ বিশ্লেষণ কৰাৰ পিছত এগৰাকী ভাৰতীয় সম্পাদকে নিৰ্বাচনক বুৰঞ্জীৰ এটা বৃহত্তম জুৱা বুলি কৈছিল।

13. স্বাধীনতাৰ আগৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ স্বাধীনতাৰ আগৰ ৰাজনৈতিক দলসমূহ চমুকৈ তলত আলােচনা কৰা হ’ল—
(ক) কংগ্ৰেছ দল :-১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। প্ৰথম অৱস্থাত কংগ্ৰেছ ইংৰাজ বিৰােধী অনুষ্ঠান। নাছিল। সেই সময়ত ই নমপন্থী অনুষ্ঠান আছিল আৰু ইংৰাজৰ শাসনৰ অধীনত থাকিযে কিছুমান সংস্কাৰ সাধানৰ বাবে আবেদন নিবেদন কৰাতে ইয়াৰ কাম সীমিত আছিল। কিন্তু লাহে লাহে কংগ্ৰেছত প্ৰগতিশীল কংগ্ৰেছী নেতাসকলৰ সংখ্যা বৃদ্ধি পাই আহে আৰু তেওঁলােকে।

ইংৰাজ চৰকাৰৰ লগত সহযােগিতা, আবেদন – নিবেদনৰ দ্বাৰা দেশৰ সমস্যা দূৰ কৰাৰ চিন্তা পৰিত্যাগ কৰি আন্দোলনৰ সহায় ল’বলৈ পৰিকল্পনা হাতত লয়। ফলত ভাৰতৰ জাতীয় কংগ্ৰেছ বৃটিছ চৰকাৰৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন চলােৱা এটা অনুষ্ঠানত পৰিণত হ’ল। কংগ্ৰেছ আন্দোলনে সমগ্ৰ দেশত জনপ্ৰিয়তা লাভ কৰে আৰু সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা আন্দোলন। যােগদান কৰে। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা ভিন্ন ভূমিকা গ্ৰহণ কৰিলে। এসময়ত যি কংগ্ৰেছ দলে এটা জাতীয়তাবাদী আন্দোলন হিচাপে স্বাধীনতাকামী বিভিন্ন শ্ৰেণী আৰু স্বাৰ্থৰ সকলাে লােকক সংঘবদ্ধ কৰিছিল, সেই কংগ্ৰেছ জাতীয় আন্দোলনৰ পৰিৱৰ্তে এটা ৰাজনৈতিক দলত পৰিণত হৈছিল আৰু স্বাধীনতাৰ পিছত অনুষ্ঠিত নিৰ্বাচনত একাদিক্ৰমে তিনিবাৰ জয়ী হৈছিল।

(খ) সমাজবাদী দল :- ১৯৩৪ চনত ভাৰতীয় সমাজবাদী দলৰ জন্ম হয়। সমাজবাদীসকলে গণতান্ত্ৰিক সমাজবাদৰ আদৰ্শক বিশ্বাস কৰে যিযে তেওঁলােকক কংগ্ৰেছ আৰু সাম্যবাদ — এই দুয়ােটা আদৰ্শৰ পৰা পৃথক কৰে। কংগ্ৰেছে পুঁজিবাদ আৰু জমিদাৰসকলক সমৰ্থন কৰা আৰু খেতিয়ক, শ্ৰমিক শ্ৰেণীক অৱহেলা কৰা কাৰ্যক সমাজবাদীসকলে সমালােচনা কৰিছিল।

(গ) সাম্যবাদী দল :- ভাৰতৰ সাম্যবাদী দল ছােভিয়েট সাম্যবাদী দলৰ আদৰ্শত ১৯২৪ চনত গঠিত হৈছিল। এই দলে ভাৰতত বাছ্যিাৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মতপােষণ কৰে। বহু। উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এই দলৰ সমৰ্থক। ইয়াৰ উপৰি কৃষি, শিল্প, ব্যৱসায় – বাণিজ্যত নিযুক্ত বহু শ্ৰমিক এই দলৰ অনুগামী। ১৯৬৪ চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল—
(i) মাৰ্ক্সবাদী সাম্যবাদী দল [ PCI (M)] আৰু
(ii) ভাৰতীয় সাম্যবাদী দল ( CPI)।

14. বিবােধী দল বুলিলে কি বুজা? গণতন্ত্ৰত বিৰােধী দলৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ গণতান্ত্ৰিক শাসনব্যৱস্থাত নিৰ্বাচন অপৰিহাৰ্য। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দল দুটাৰ বা দলবােৰৰ যিটো দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পাৰে, সেই দলেহে চৰকাৰ গঠনৰ অধিকাৰ পায়। সংখ্যালঘিষ্ঠ আসন দখল কৰা দলটোকে বা দলসমূহক একেলগে বিৰােধী দল বােলা হয়। সুসংগঠিত আৰু শক্তিশালী বিৰােধী দল নাথাকিলে প্ৰকৃত গণতান্ত্ৰিক শাসন নচলে, সৰ্বশক্তিমান এটা দলৰহে একচ্ছত্ৰী শাসন চলাৰ সম্ভাৱনা থাকে। গতিকে বিৰােধী দল প্ৰকৃত গণতান্ত্ৰিক শাসনৰ অপৰিহাৰ্য অংগ।

বিৰােধী দল গণতন্ত্ৰৰ এটা অবিচ্ছেদ্য অংগ। বিৰােধী দলে গণতান্ত্ৰিক পদ্ধতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিৰােধী দল অবিহনে প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হােৱা সম্ভৱ নহয়। বিৰােধী দলে তলত দিয়া দৰে ভূমিকা পালন কৰিব পাৰে—
(১) বিৰােধী দলে চৰকাৰৰ নীতি আৰু কাৰ্যৰ সমালােচনা কৰি দোষ – ত্ৰুটি আঙুলিয়াই দি শাসন চলােৱাত সহায় কৰিব পাৰে।

(২) চৰকাৰে নিজৰ স্বাৰ্থ পূৰণৰ বাবে স্বেচ্ছাচাৰী শাসন চলােৱাত বাধা প্ৰদান কৰিব লাগে।

(৩) বিৰােধী দলে চৰকাৰৰ কাৰ্যৰ সমালােচনা কৰি, সমস্যাৰ প্ৰকৃত ৰূপ দাঙি ধৰি, সমস্যা সমাধানৰ উপায়ৰ সন্ধান দিব পাৰে।

(৪) বিৰােধী দলে নিজৰ সংগঠন শক্তিশালী কৰি জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি, প্ৰকৃত গণতন্ত্ৰ প্ৰচলনত শক্তিশালী ল’ব পাৰে।

(৫) বিৰােধী দলে দেশৰ বিভিন্ন সমস্যা আৰু চৰকাৰৰ অন্যায় কাৰ্যৰ বিৰুদ্ধে, সুস্থ – সবল জনমত গঠনত আগভাগ ল’ব পাৰে।

15. নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আযােগে কেনেধৰণৰ পদক্ষেপ লৈছিল?
উত্তৰঃ নিৰ্বাচন আযােগে উপলব্ধি কৰিছিল যে ভাৰতৰ দৰে এখন ডাঙৰ দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো সহজ কাম নহয়। নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী সমষ্টিবােৰৰ সীমাৰ নক্সা তৈয়াৰ কৰিব লাগে আৰু ইয়াৰ লগতে ভােটাৰ তালিকা অথবা। যিসকলে ভােটদানৰ অধিকাৰ লাভ কৰিছে তাৰাে এখন শুদ্ধ তালিকা। তৈয়াৰ কৰিব লাগে। দুয়ােটা কামৰ বাবে যথেষ্ট সময় প্ৰযােজন হৈছিল যেতিয়া প্ৰথম তালিকাখন প্ৰকাশ কৰা হৈছিল, তেতিয়া এইটো আৱিষ্কাৰ কৰা হৈছিল যে তাত প্ৰায় ৪০ লাখ মহিলাৰ নাম সন্নিৱিষ্ট কৰা হােৱা নাছিল। নিৰ্বাচন আযােগে এই তালিকা নাকচ কৰে আৰু নতুন তালিকা প্ৰস্তুত কৰিবৰ বাবে আদেশ জাৰি কৰে আৰু প্ৰযােজন বশতঃ তালিকাৰপৰা নাম কৰ্তন কৰিবৰ বাবে আদেশ জাৰি কৰে।

প্ৰথম সাধাৰণ নিৰ্বাচন প্ৰস্তুতি এটা বিশাল কাম আছিল। এনেকুৱা। পৰিসৰৰ নিৰ্বাচন বিশ্বত আগেযে কেতিয়াও সম্পাদন হােৱা নাছিল। সেই সময়ত ১৭ কোটি প্ৰকৃত ভােটাৰ আছিল যিয়ে প্ৰায় ৩২০০ জন। বিধায়ক আৰু ৪৭৯ জন লােকসভাৰ সদস্য নিৰ্বাচন কৰিব লগা হৈছিল। এই ভােটাৰসকলৰ ভিতৰত কেৱল ১৫ শতাংশ ভােটাৰহে শিক্ষিত আছিল। সেই কাৰণে নিৰ্বাচন আযােগে ভােটদানৰ বাবে বিশেষ। পদ্ধতিৰ কথা ভাবিছিল। নিৰ্বাচন আযােগে প্ৰায় তিনি লাখ বিষয়া আৰু পলিং কৰ্মচাৰীক নিৰ্বাচন সম্পাদন কৰিবৰ বাবে প্ৰশিক্ষণ দিছিল। নিৰ্বাচন সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিছিল আৰু ৰাজনৈতিক দলবােৰক প্ৰতীক প্ৰদান কৰিছিল।
এনেদৰে, স্বাধীনতা লাভৰ পিছত পােন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত নিৰ্বাচন আযােগে এক মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচন সম্পাদন কৰিছিল।

16. ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ উদ্ভৱ আৰু বিভাজন সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ সাম্যবাদী দল ছােভিয়েট সাম্যবাদী দলৰ আদৰ্শত ১৯২৫ চনত গঠিত হৈছিল। এই দলে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যবস্থা গঠন কৰাৰ মত পােষণ কৰে। বহু উচ্চ। শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এই দলৰ সমৰ্থক। ইয়াৰ উপৰি কৃষি, শিল্প, ব্যৱসায় য – বাণিজ্যত নিযুক্ত বহু শ্ৰমিক এই দলৰ অনুগামী। এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল। কিন্তু পিছত কংগ্ৰেছ প্ৰবৰ্তিত অহিংসা নীতিত আস্থাহীন হৈ বাছিয়াৰ অনুসৃত কাৰ্যক্ৰমৰ বিৰাট সাফল্যত আকৃষ্ট হৈ সাম্যবাদী দলত যােগদান কৰে। জনসাধাৰণৰ লগত ই স্থাপন কৰা সম্পৰ্কৰ ফালৰপৰা বিবেচনা কৰিলে ভাৰতৰ সাম্যবাদী দলে কেই বছৰমানৰ ভিতৰতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিল।

সেই সময়ৰ। ভাৰত চৰকাৰে সাম্যবাদী দলক বে – আইনী দল বুলি ঘােষণা কৰিছিল কিন্তু ১৯৪৩ চনত এই বাধা তুলি লােৱা হয় আৰু তেতিয়াৰেপৰা সাম্যবাদী দলে স্বাধীনভাৱে নিজৰ সংগঠন আৰু প্ৰচাৰ কাৰ্য চলাই আহিছে। এই দলে প্ৰথম সাধাৰণ নিৰ্বাচনত ‘১৬ খন আসন লাভ কৰে। এ কে গােপালন, এছ এ ডাংগে, ই এম এছ নাম্বুদ্ৰিপদ, পি চি যােশী আদি সাম্যবাদী দলৰ প্ৰখ্যাত নেতা আছিল। ১৯৬২ চনৰ চীন – ভাৰতৰ যুদ্ধৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ মাজত অন্তৰ্দ্বন্দ্বৰ সূচনা হয়। এটা অংশই ভাৰতৰ ওপৰত দোষাৰােপ কৰি চীনক সমৰ্থন কৰে আৰু আনটো অংশই চীনক আক্ৰমণকাৰী বুলি নিন্দা কৰে। ১৯৬৪ চনৰ জুলাই মাহত বাঁওপন্থী শাখাটোৱে দলৰপৰা ওলাই আহি এটা নতুন সাম্যবাদী দল গঠন কৰিছিল।

এই দলটো ভাৰতৰ মাৰ্ক্সবাদী সাম্যবাদী দল হিচাপে জনাজাত হৈছিল। এইদৰে ১৯৬৪ চনত ভাৰতৰ দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল – মাৰ্ক্সবাদী সাম্যবাদী দল [ CPI(M) ] আৰু আনটো ভাৰতীয় সাম্যবাদী দল (CPL)। কিন্তু, ইমানতে অন্তৰ্দ্বন্দ্বৰ ওৰ পৰা নাছিল। ১৯৬৯ চনৰপৰা ভাৰতৰ তিনিটা। সাম্যবাদী দলৰ উদ্ভৱ হয়। তৃতীয় সাম্যবাদী দল ভাৰতৰ মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল [ CPI(ML ) ] বােলা হয়। মাৰ্ক্সবাদী – সাম্যবাদী দলৰপৰা চৰমপন্থীসকল ওলাই আহি এই দলৰ মাৰ্ক্সবাদী লেনিনবাদী শাখাটো প্ৰতিষ্ঠা কৰে।

17. সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ একোটিকৈ চমু বিৱৰণ দিয়া।
উত্তৰঃ তলত উল্লেখযােগ্য স্থায়ী সৰ্বভাৰতীয় দল কেইটিমানৰ চমু আলােচনা কৰা হ’ল—
(১) ভাৰতীয় জাতীয় কংগ্ৰেছ :- ভাৰতীয় জাতীয় কংগ্ৰেছ দল ভাৰতৰ ৰাজনীতিত প্ৰথম আৰু অতি পুৰণা ৰাজনৈতিক দল। ই ভাৰতৰ শক্তিশালী আৰু অপ্ৰতিদ্বন্দ্বী দল হিচাপে পৰিগণিত হৈ আহিছে। কংগ্ৰেস্থ দলে সমগ্ৰ ভাৰতৰ জনগণৰ মাজত বৃটিছ চৰকাৰৰ বিৰুদ্ধে এক দৃঢ় একতাৰ জাতীয়তাবাদী ভাবধাৰা গঢ়ি তুলি, স্বাধীনতা আন্দোলনত নেতৃত্ব দি ভাৰতক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰি পৃথিৱীত। ভাৰতক এখন উল্লেখযােগ্য স্বাধীন দেশ হিচাপে পৰিগণিত কৰায়। ভাৰতীয় জাতীয় জীৱনৰ সকলাে দিশতে কংগ্ৰেছ দলৰ অৰিহণা অসীম ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো এলেন অক্টোভিযান হিউম নামৰ এজন ইংৰাজ বিষয়াৰ নেতৃত্বত ১৮৮৫ চনৰ ডিচেম্বৰ মাহত বােম্বেত স্থাপিত হয়। প্ৰথমে এই দলে ইংৰাজ শাসকৰ লগত থাকিযে ভাৰতবাসীৰ।

ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক উন্নয়নব সমস্যাসমূহ। সমাধানৰ উপায় বিচাৰিছিল। কিন্তু পিছলৈ ইংৰাজৰ বিৰােধী হৈ পৰিবলৈ বাধ্য হৈ পৰে। প্ৰথমতে ইনমপন্থী মনােভাবেৰে পৰিচালিত। হৈছিল, ক্ৰমে কিছুমান নেতাই চমপন্থী মনােভাব লৈছিল যদিও প্ৰথম মহাযুদ্ধৰ পাছত মহাত্মা গান্ধীৰ যােগদানে কংগ্ৰেছ দলক ভাৰতৰ একমাত্ৰ জনগণৰ দল ৰূপে গঢ় দিয়ে। এই দলৰ স্বাধীনতা আন্দোলনৰ কাৰ্যসূচীযে সমগ্ৰ ভাৰতৰ চুকে – কোণে থকা ভাৰতবাসীক জাগ্ৰত কৰি একত্ৰিত কৰি তােলে। ভাৰতৰ জনগণক এক জাতি, এক মন, এক প্ৰাণ কৰি গঢ়ি তুলি স্বাধীনতা আন্দোলনেৰে পৃথিৱীৰ সৰ্বশক্তিমান। ইংৰাজক পৰাভূত কৰি ১৯৪৭ চনত স্বাধীনতা অৰ্জন কৰিবলৈ সক্ষম হয়।

স্বাধীনতাৰ পাছত কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক দলত পৰিণত হয়। শাসনাধিষ্ঠিত দল হিচাপে স্বাধীনতা আন্দোলনৰ অপ্ৰতিদ্বন্দী নেতা জৱাহৰলাল নেহৰুৱে এই দলত একতা অক্ষুন্ন ৰাখিব পাৰিছিল যদিও তেওঁৰ মৃত্যুৰ পাছত ১৯৬৯ চনত দলৰ নেতাসকলৰ মাজত বিভাজন হয়। কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হয়—
(ক) সাংগঠনিক কংগ্ৰেছ। আৰু
(খ) ইন্দিৰা পন্থী কংগ্ৰেছ।

শাসনাধিষ্ঠিত ইন্দিৰা কংগ্ৰেছ দলে প্ৰতিপত্তি লাভ কৰাত সাংগঠনিক কংগ্ৰেছ ক্ৰমে দুৰ্বল হৈ পৰে।

(২) ভাৰতৰ সাম্যবাদী দল :- ছােভিয়েট কছ্যিাৰ সাম্যবাদী আদৰ্শৰে ভাৰততাে ১৯২২ চনতে ভাৰতীয় সাম্যবাদী দলৰ প্ৰতিষ্ঠা হয়। মাৰ্ক্সবাদী, লেনিনবাদী ভাবধাৰাৰ ওপৰত এই দল প্ৰতিষ্ঠিত। এই দলে পােনতে কছ দেশৰ সাম্যবাদী দলকে বন্ধু, দাৰ্শনিক আৰু পথপ্ৰদৰ্শক। হিচাপে অনুসৰণ কৰি আহিছিল যদিও পিছলৈ কংগ্ৰেছ দলৰ লগত লগ লাগিছিল। অৱশ্যে ভাৰত ত্যাগ আন্দোলন, মুছলিম লীগক সমৰ্থন ক্ষেত্ৰত নেতাসকলৰ মাজত বিভেদ সৃষ্টি হৈছিল।
১৯৬২ চনত চীন – ভাৰত যুদ্ধৰ সময়ত এই দল দুটা ভাগত ভাগ হােৱাৰ উপক্ৰম হয় আৰু অৱশেষত চীন আৰু কছিয়াৰ মতভেদৰ। সময়তে ১৯৪৬ চনত ভাৰতৰ সাম্যবাদী দল দুটা ভাগত ভাগ হয়।

(৩) ভাৰতীয় মাৰ্ক্সবাদী কমিউনিষ্ট দল :- ভাৰতীয় সাম্যবাদী দলৰ বিভাজনৰ ফলত ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট দলৰ সৃষ্টি হয় চীনা। কমিউনিষ্ট দলৰ আদৰ্শত এই দল গঢ়ি উঠিছে। প্ৰথমতে চীনৰ বিপ্লৱী আদৰ্শৰে ভাৰততাে সমাজ পৰিৱৰ্তনৰ ব্যৱস্থা কৰা চিন্তাধাৰা গড়ি। উঠিছিল যদিও পাছলৈ বাস্তৱবাদী শান্তিপূৰ্ণ সাংবিধানিক গণতান্ত্ৰিক পথ গ্ৰহণ কৰে আৰু নিৰ্বাচনৰ যােগেদি ক্ষমতা দখলৰ ব্যৱস্থা মানি লয়। এই দলে শান্তিপূৰ্ণ নিৰ্বাচনৰ দ্বাৰা ক্ষমতা দখল কৰি সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ মনােভাব লােৱাৰ পাছত চমপন্থীসকলে এই দলবে মাৰ্ক্সবাদী – লেনিনবাদী [ CPI(M) ] উপশাখা এটাত বিভাজিত হয়। আন সাম্যবাদী দলবােৰৰ দবে এই দলেও নিজৰ নীতিত সঠিকভাৱে থাকিব পৰা নাই। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ ( আই ) দলৰ বিৰুদ্ধে জনতা দলৰ লগত লগলাগি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল।

(৪) জনতা দল :- ১৯৭৭ চনত নিৰ্বাচনী ঘােষণাৰ পাছত কেইবাটাও বিৰােধী দল একত্ৰিত হৈ ইন্দিৰা কংগ্ৰেছৰ বিৰুদ্ধে জনতা দল ‘ নামে সংগঠিত হয়। জ্যপ্ৰকাশ নাৰায়ণৰ নেতৃত্বত সেই সময়ৰ জনসংঘ, সাংগঠনিক কংগ্ৰেছ, ভাৰতীয় লােকদল আৰু গণতান্ত্ৰিক কংগ্ৰেছ আদি লগলাগি জনতা দলৰূপে সংগঠিত হয়। ১৯৭৭ চনৰ নিৰ্বাচনত এই দলে।। সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰত মােৰাৰজী দেশাইৰ নেতৃত্বত। চৰকাৰ গঠন কৰে। এই দলে গান্ধীবাদী নীতি অনুসৰণ কৰি, জৰুৰী অৱস্থা উচ্ছেদ কৰি, মৌলিক অধিকাৰ প্ৰতিষ্ঠা কৰি সকলাে দমনমূলক নীতি উঠাই দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।

এই দলৰ জনপ্ৰিয়তা বৰ ক্ষণস্থায়ী আছিল। দলৰ নেতাসকলে স্বৰ্থপৰতা আৰু অদৃৰ্শিতাৰ বাবে মাত্ৰ ২৯ মাহৰ পাছতে ১৯৪০ চনৰ নতুন নিৰ্বাচনত কংগ্ৰেছ দলৰ হাতত পৰাজিত হয়। এই দলে পাছত ভাৰতীয় জনতা দল আৰু জনতা (জে) নামে বৰ্তি থাকে। এই দলে বৰ্তমান কৰ্ণাটক ৰাজ্যৰ শাসন ক্ষমতা দখল কৰি আছে। ই বৰ্তমান সাংগঠনিক দিশত বৰ দুৰ্বল দল।

(৫) ভাৰতীয় জনতা দল :- ১৯৮০ চনত জনতা দলৰ পৰাজয়ৰ পাছত ভাৰতীয় জনতা দল গঠিত হয়। এই পূৰ্বৰ জনসংঘ দলৰে এটা নতুন ৰূপ বুলিব পাৰি। এই দলৰ মূল উদ্দেশ্য হল জ্যপ্ৰকাশ নাৰায়ণৰ সৰ্বোদ্যৰ আদৰ্শ কাৰ্যকৰী কৰা। গান্ধীবাদী অৰ্থনৈতিক আঁচনিৰ কাৰ্যকৰী কৰাও এই দলৰ আন এটা উদ্দেশ্য। এই দলে ভাৰতৰ আন। দলৰ দৰে ধৰ্মনিৰপেক্ষ নীতি অনুসৰণ ব্ৰা বুলি ক’ব নােৱাৰি। উত্তৰ। ভাৰতৰ কেইখনমান ৰাজ্যতহে এই দলৰ সংগঠন হােৱা দেখা যায়। ই প্ৰধানকৈ নগৰকেন্দ্ৰিক, গাঁও অঞ্চলত এই দলৰ প্ৰভাৱ নাই বুলিযে ক’ব পাৰি।

১৯৬৯ চনৰ সাধাৰণ নিৰ্বাচনত বি.জে.পি. দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। অটল বিহাৰী।
বাজপেয়ীৰ নেতৃত্বত বৰ্তমান বাস্ত্ৰীয় মৰ্চা চৰকাৰে দেশৰ শাসন চলাই আছে। অৱশ্যে এই দলে এতিয়ালৈ কোনাে উল্লেখনীয় পদক্ষেপ লােৱা দেখা নাযায়। ৰাজ্যসমূহত এই দলৰ জনপ্ৰিয়তা বৰ কম।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top