অণু আৰু পৰমাণু | Chapter 3 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 3 Notes | SEBA Class 9 HSLC General Science Chapter 3 Question and Answer | Questions and Answers for Class 9 General Science Chapter 3 অণু আৰু পৰমাণু | HSLC General Science Questions and Answers Assam
অণু আৰু পৰমাণু
Multiple Choice Questions and Answers (MCQs)
1. তলৰ কোনটোৰ আটাইতকৈ বেছি সংখ্যক অণু আছে—
(a) 1 গ্রাম CH4
(b) 1 গ্রাম CO2
(c) 1 গ্রাম H2
(d) 1 গ্রাম N2
উত্তৰঃ (c) 1 গ্রাম H2
2. ছ’ডিয়ামৰ পাৰমাণৱিক ভৰ 23ul 46 গ্রাম ছড়িয়ামত থকা ইয়াৰ ম’ল সংখ্যা হৈছে—
(i) 23
(ii) 46
(iii) 1
(iv) 2
উত্তৰঃ (iv) 2
3. স্থিৰানুপাত সূত্ৰটো আগবঢ়াইছিল—
(a) John Dalton
(b) Richter
(c) Joseph Proust
(d) Lavoisen
উত্তৰঃ (a) John Dalton
4. তলত দিয়াবোৰৰ কোনটোৰ ভৰ আটাইতকৈ বেছি—
(i) 1 গ্ৰাম পৰমাণু 12c
(ii) 0.25 ম’ল CO2
(iii) 3.011 × 1024 অণু H2
(iv) 4°C মি.লি. পানী।
উত্তৰঃ (iv) 4°C মি.লি. পানী।
5. অক্সিজেনৰ 1 টা পৰমাণুৰ ভৰ—
(a) 16 / 6.023×1023 গ্রাম
(b) 8u
(c) 32 / 32 6.023×1023 গ্রাম
(d) 1 / 6.023×1023 গ্রাম
উত্তৰঃ (a) 166.023×1023 গ্রাম
6. এলুমিনিয়াম অক্সাইডত এলুমিনিয়ামৰ যোজ্যতা হৈছে—
(i) 2
(ii) 3
(iii) 4
(iv) 6
উত্তৰঃ (ii) 3
7. এক amu ৰ ভৰ—
(a) 1.0076 গ্রাম
(b) 1.66 x 10-24 গ্রাম
(c) 1 গ্রাম
(d) 0.00327 গ্রাম
উত্তৰঃ (b) 1.66 × 10-24 গ্রাম
8. নাইট্ৰজেন গেছৰ ৰাসায়নিক চিহ্ন হ’ল—
(a) N+
(b) N2
(c) N
(d) Ni
উত্তৰঃ (b) N2
9. তলৰ কোনটোৰ পৰমাণুৰ সংখ্যা বেছি—
(a) 18 গ্রাম CO2
(b) 18 গ্রাম H2O
(c) 18 গ্রাম O2
(d) 18 গ্রাম CH4
উত্তৰঃ (d) 18 গ্রাম CH4
10. ছডিয়ামৰ ৰাসায়নিক চিহ্ন হ’ল—
(a) So
(b) Sd
(c) NA
(d) Na
উত্তৰঃ (d) Na
11. তলৰ কোনটোৰ ওজন বেছি—
(a) 0.2 ম’ল C12H22O11
(b) 2 ম’ল CO2
(c) 2 ম’ল CalO3
(d) 10 ম’ল H2O
উত্তৰঃ (c) 2 ম’ল CalO3
12. 0.5 মল H ক 1.5 ম’ল CI2 ৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে কিমান ম’ল HCl গেছ উৎপন্ন হ’ব—
(i) 0.5 ম’ল
(ii) 1.5 ম’ল
(iii) 1.0 ম’ল
(iv) 2.0 ম’ল
উত্তৰঃ (iii) 1.0 ম’ল
13. এডগেড’ৰ ধ্ৰুৱকৰ মান—
(a) 6.022 × 1024
(b) 6.022 x 1022
(c) 6.022 × 1023
(d) 6.022 × 1021
উত্তৰঃ (c) 6.022 × 1023
14. 1 পাৰমাণৱিক ভৰ একক, 1u হৈছে—
(i) 1H ৰ টো পৰমাণুৰ ভৰ ৷
(ii) 12c ৰ এটা পৰমাণুৰ ভৰ।
(iii) 1/12x 12c এটা পৰমাণুৰ ভৰ।
(iv) 1/16×16c ৰ এটা পৰমাণুৰ ভৰ।
উত্তৰঃ (iii) 1/12 × 12c ৰ এটা পৰমাণুৰ ভৰ।
15. ৰাসায়নিক বিক্ৰিয়াৰ একক—
(a) পৰমাণু
(b) অণু
(c) (a) আৰু (b)
(d) (a) নাইবা (b)
উত্তৰঃ (a) পৰমাণু
16. ফেৰিক অক্সাইডৰ সংকেত হৈছে—
(i) FeO
(ii) FeO2
(iii) Fe2O3
(iv) Fe3O4
উত্তৰঃ (iii) Fe2O3
Very Short Type Questions and Answers (Marks : 1)
1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ পাৰমাণবিক ভৰ একক হৈছে এটা 12c পৰমাণুৰ ভৰৰ 1/2 ভাগ।
2. IUPAC ৰ সম্পূৰ্ণ অর্থ কি?
উত্তৰঃ International Union of Pure and Applied chemistry.
3. সম্ভ্রান্ত গেছ সমূহ কি কি?
উত্তৰঃ He, Ne, Ar, Kr, Xe আৰু Rn
4. খালী চকুৰে পৰমাণু এটা দেখা সম্ভব নহয় কিয়?
উত্তৰঃ কাৰণ পৰমাণু পদাৰ্থৰ ক্ষুদ্রতম কণিকা।
5. কোনবোৰ মৌলই পৰিবৰ্তী যোজ্যতা নেদেখুৱায়?
উত্তৰঃ পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 1 আৰু বৰ্গ 2 ৰ মৌল সমূহে পৰিবৰ্তী যোজ্যতা নেদেখুৱায়৷
6. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাতত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয়।
7. সম্ভ্রান্ত গেছৰ যোজ্যতা কিয় শূণ্য?
উত্তৰঃ কাৰণ ইহঁতে সাধাৰণ অৱস্থাত ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয়।
8. এটা দ্বি-পাৰমাণৱিক অণুৰ নাম লিখা।
উত্তৰঃ অক্সিজেন (O2)
9. স্থিৰানুপাত বিধিৰ মূল তত্ব কি?
উত্তৰঃ এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে।
10. দুটা এক পাৰমাণবিক মৌলৰ নাম লিখা।
উত্তৰঃ আর্গন আৰু হিলিয়াম।
11. পৰমাণু বুলিলে কি বুজা?
উত্তৰঃ মৌলৰ স্বাধীনভাৱে বৰ্তি থাকিব পৰা আৰু তাৰ সকলোবোৰ ৰাসায়নিক ধর্ম ধৰি ৰাখিব পৰা ক্ষুদ্রতম কণা এটাই পৰমাণু।
12. এটা ত্ৰিপাৰমাণৱিক গেছৰ নাম লিখা।
উত্তৰঃ হাইড্ৰজেন ছালফাইড (H2S)
13. ভৰৰ নিত্যতা বিধিটো কি?
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰসমূহৰ যোগফল অপৰিবৰ্তিত হৈ থাকে।
14. এভ’গেড্ৰ’ৰ সংখ্যাৰ মান কিমান? ইয়াৰ চিহ্ন কি?
উত্তৰঃ 6.023×1023 প্ৰতি ম’ল। ইয়াৰ চিহ্ন হৈছে NA
15. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ অণু গঠিত হোৱা বিভিন্ন পৰমাণুবোৰৰ চিহ্ন আৰু সেই পৰমাণুৰ সংখ্যা। চিহ্নৰ তলত পদাংক হিচাপে লিখি উপস্থাপন কৰাকে ৰাসায়নিক সংকেত বোলে।
16. H2S অণুত কেইটাকৈ পৰমাণু আছে?
উত্তৰঃ H2S অণুত দুটা হাইড্ৰজেন(H) পৰমাণু আৰু এটা ছালফাৰ (S) পৰমাণু থাকে।
17. হাইড্রজেন পৰমাণু এটাৰ ব্যাসার্ধ কিমান?
উত্তৰঃ 10-10 m
18. PO4-3 আয়নত কেইটাকৈ পৰমাণু আছে?
উত্তৰঃ PO4-3 আয়ণত এটা ফছফৰাছ (P) পৰমাণু আৰু তিনিটা অক্সিজেন (O) পৰমাণু থাকে।
19. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা।
(a) KNO3
উত্তৰঃ পটাছিয়াম নাইট্রেট।
(b) CaCl2
উত্তৰঃ কেলছিয়াম ক্লৰাইড।
(c) CaCO3
উত্তৰঃ কেলছিয়াম কার্বনেট।
(d) ALL (SO4)2
উত্তৰঃ এলুমিনিয়াম ছালফেট।
(e) KSO4
উত্তৰঃ পটাছিয়াম ছালফেট।
20. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া।
(a) বেকিং পাউডাৰ
উত্তৰঃ বেকিং পাউডাৰ (NaHCO3) :- ছডিয়াম, হাইড্রজেন, কার্বন,অক্সিজেন।
(b) পোৰা চূণ (Quick Lime)
উত্তৰঃ পোৰা চূণ (CaO) :- কেলছিয়াম, অক্সিজেন।
(c) পটেছিয়াম ছালফেট
উত্তৰঃ পটেছিয়াম ছালফেট (K2SO4) :- পটেছিয়াম, ছালফাৰ,অক্সিজেন।
(d) হাইড্রজেন ব্র’মাইড
উত্তৰঃ হাইড্রজেন ব্র’মাইড (HBr) :- হাইড্রজেন, ব্ৰমিন।
21. খালী ঠাই পূৰ কৰা।
(a) এক ম’ল ইথাইন C2 H2 ত থকা কাৰ্বনৰ ম’ল সংখ্যা _____ আৰু হাইড্রজেনৰ পৰমাণুৰ সংখ্যা _____।
উত্তৰঃ 2, 2
(b) 12c পৰমাণুৰ মানক এক পাৰমাণৱিক ভৰ একক বুলি কোৱা হয় আৰু ইয়াৰ চিহ্ন _____।
উত্তৰঃ 1/2,u
(c) সম্ভ্রান্ত গেছবোৰৰ যোজ্যতা হৈছে _____।
উত্তৰঃ 0
(d) হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ _____ আৰু গ্ৰাম পাৰমাণৱিক ভৰ
উত্তৰঃ 1u, 1 গ্রাম।
(e) চূণ পানী আৰু যিংক ফছফেট সংকেত যথাক্রমে ____ আৰু _____।
উত্তৰঃ Ca(OH)2, Zn3(PO4)2
Very Short Type Questions and Answers (Marks : 2/3)
1. অণু বুলিলে কি বুজা?
উত্তৰঃ কোনো মৌল বা যৌগৰ সাধাৰণ অৱস্থাত স্বাধীন স্থিতি থকা আৰু সেই পদাৰ্থৰ আটাইবোৰ ধৰ্ম নিহিত থকা ক্ষুদ্রতম কণিকাটোৱেই হৈছে অণু।
2. যোজ্যতা কাক বোলে?
উত্তৰঃ কোনো মৌলৰ এটা পৰমাণুৰ লগত যোজিত হোৱা হাইড্ৰজেন বা কুৰিণ পৰমাণুৰ সংখ্যাক বা পৰমাণুটোৰ লগত যোজিত হোৱা অক্সিজেন পৰমাণুৰ সংখ্যাৰ দুগুণক সেই মৌলটোৰ যোজ্যতা বুলি কোৱা হয়।
3. বহুপাৰমাণৱিক আয়নবোৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহুপাৰমাণৱিক আয়ন বোলা হয়।
উদাহৰণ – SO2, SO 2, NH4+ ‘ইত্যাদি।
4. গ্রাম পারমাণবিক ভৰ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ পাৰমাণবিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্ৰাম পাৰমাণবিক ভৰ বোলে। উদাহৰণ স্বৰূপে হাইড্ৰজেনৰ পাৰমাণবিক ভৰ 1u, গতিকে ইয়াৰ প্ৰাম পাৰমাণবিক ভৰ 1 গ্রাম।
5. ৰাসায়নিক সমীকৰণ কি?
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটা বুজাবলৈ বিক্ৰিয়াত অংশ লোৱা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাকে ৰাসায়নিক সমীকৰণ বোলে।
6. আপেক্ষিক পাৰমাণবিক ভৰ বুলিলে কি বুজা?
উত্তৰঃ কোনো মৌলৰ আপেক্ষিক পাৰমাণৱিক ভৰ হৈছে এনে এটা সংখ্যা যিটো সংখ্যাই মৌলটোৰ এটা পৰমাণু 12 সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গুণ গধুৰ তাকে বুজায়।
উদাহৰণ স্বৰূপে অক্সিজেনৰ এটা পৰমাণু 12c সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ 16 গুণে গধুৰ। গতিকে অক্সিজেনৰ আপেক্ষিক পাৰমাণবিক ভৰ হ’ব 16u ।
7. গ্রাম আণবিক ভৰ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ আণবিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্রাম আণবিক ভৰ বোলে। উদাহৰণ স্বৰূপে H2, O2 আৰু H2O ৰ গ্ৰাম আণবিক ভৰ যথাক্ৰমে 2 গ্রাম, 32 গ্ৰাম আৰু 18 গ্ৰাম।
8. পৰিবৰ্তী যোজ্যতা কি? উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান মৌলই যৌগ গঠন কৰোতে এটাতকৈ বেছি যোজ্যতা দেখুৱায়। ইয়াকে পৰিবৰ্তী যোজ্যতা বোলে।
উদাহৰণস্বৰূপে, নাইট্ৰজেনৰ অক্সাইডবোৰত NO2, NO, N2O5, NO2, আৰু N2O5ত নাইট্ৰজেনৰ যোজ্যতা যথাক্রমে 1, 2, 3, 4 আৰু 5 অৰ্থাৎ নাইট্ৰজেনে পৰিবৰ্তী যোজ্যতা প্ৰদৰ্শন কৰে।
9. ম’ল বুলিলে কি বুজা?
উত্তৰঃ 12c সমস্থানিকৰ 0.012 কিল’গ্ৰামত যিমান সংখ্যক কাৰ্বন পৰমাণু থাকে সেই একে সংখ্যক কণিকাত থকা কোনো পদাৰ্থৰ পৰিমাণকে সেই পদাৰ্থটোৰ এক ম’ল বুলি কোৱা হয়৷
10. গ্রামাণু বুলিলে কি বুজা?
উত্তৰঃ পদার্থ এটাৰ আণবিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে পোৱা সংখ্যাটোক ইয়াৰ গ্রাম আণৱিক ভৰ বা পৰমাণু বুলি কোৱা হয়। পৰমাণুক ‘n’ আখৰেৰে বুজোৱা হয়।
n = গ্রাম হিচাপে পদাৰ্থৰ ভৰ / পদাৰ্থৰ গ্ৰাম পাৰমাণবিক ভৰ।
11. আপেক্ষিক আণবিক ভৰ কাক বোলে?
উত্তৰঃ আপেক্ষিক আণবিক ভৰ হৈছে এনে এটা সংখ্যা যিটো সংখ্যাই কোনো এটা অণু 12c সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গুণ গধুৰ তাক বুজায়।
12. মূলক কাক বোলে? এটা একযোজী মূলক আৰু এটা দ্বিযোজী মূলকৰ সংকেত লিখা।
উত্তৰঃ কেতিয়াবা বেলেগ বেলেগ মৌলৰ দুটা বা ততোধিক পৰমাণু একেলগে একোটা দুটা বা ততোধিক পৰমাণু একেলগে একোটা গোট হৈৰাসায়নিক বিক্ৰিয়াত অংশ গ্রহণ কৰে। অৰ্থাৎ এই পৰমাণুৰ গোটবোৰে ৰাসায়নিক বিক্ৰিয়াত এটা পৰমাণুৰ দৰে আচৰণ দেখুৱায়। এই গোটবোৰক মূলক বোলে।
একযোজী মূলক – NH4
দ্বিযোজী মূলক – CO3
13. হাইড্ৰজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্রাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্রয়োজন হ’ব?
উত্তৰঃ পানী উৎপন্ন কৰিবলৈ—
1 গ্রাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = ৪ গ্রাম
∴ 3 গ্রাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = 4 × 3 গ্রাম = 24 গ্রাম
14. বিক্রিয়ক দ্ৰব্য আৰু উৎপন্ন দ্রব্য কাক বোলে? এটা উদাহৰণ দি দেখুওৱা।
উত্তৰঃ বিক্রিয়ক দ্রব্য: যিবোৰ পদাৰ্থৰ মাজত বিক্রিয়া ঘটে সেইবোৰক বিক্ৰিয়াক দ্রব্য বোলে।
উৎপন্ন দ্রব্য: বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক উৎপন্ন দ্ৰব্য বোলে।
উদাহৰণঃ C + O2 → CO2
বিক্রিয়ক দ্রব্য উৎপন্ন দ্রব্য
15. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ’লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব?
উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণু = 6.023× 1023 টা পৰমাণু
এতিয়া,
6.023×1023 টা কাৰ্বন পৰমাণুৰ ভৰ = 12 গ্রাম
∴ 1 টা কাৰ্বন পৰমাণুৰ ভৰ = 12/6.023×1023 গ্রাম
= 1.99×10-23 গ্রাম
16. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওঁক বা যৌগই হওঁক বা মিশ্র পদার্থই হওঁক সকলোবোৰ পৰমাণু নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি ৷
17. হাইড্ৰক্লৰিক এছিড, Hcl ম’লাৰ ভৰ গণনা কৰা।
উত্তৰঃ হাইড্ৰক্লৰিক এছিড (Hel)ৰ ম’লাৰ ভৰ = 1+35.5gm
= 36.5gm
18. ইথাইন C2H2 ম’লাৰ ভৰ গণনা কৰা।
উত্তৰঃ ইথাইনৰ (C2H2 ম’লাৰ ভৰ = (2×12+2×1) gm
= (24 + 2) gm
= 26 gm
19. নাইট্রিক এছিড, HNO3 ম’লাৰ ভৰ গণনা কৰা।
উত্তৰঃ নাইট্রিক এছিড (HNO3)ৰ ম’লাৰ ভৰ = (1+14+3×16) gm
= (15+48) gm
= 63 gm
20. ছালফাৰ অণু, S8 ম’লাৰ ভৰ গণনা কৰা।
উত্তৰঃ ছালফাৰ অণু (S8)ৰ ম’লাৰ ভৰ = ৪ x 32gm
= 256gm
21. 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ কিমান ?
উত্তৰঃ1 ম’ল নাইট্ৰ’জেন পৰমাণু = 14 gm
22. ফছফাছ অণু, P4 (ফছফৰাছৰ পাৰমাণবিক ভৰ = 31 ) ম’লাৰ ভৰ গণনা কৰা।
উত্তৰঃ ফছফাছ অণু (P4)ৰ ম’লাৰ ভৰ = 4 × 31gm
= 124gm
23. 10 ম’ল ছডিয়াম ছালফাইট (Na2SO3) ৰ ভৰ কিমান ?
উত্তৰঃ 1 ম’ল ছডিয়াম ছালফাইট = (2×23 + 32 + 3×16)gm
= (46+ 32+48)gm
= 126gm
∴ 10 ম’ল ছডিয়াম ছালফাইট = 126 x 10gm
= 1260gm
24. 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ কিমান?
উত্তৰঃ 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 গ্রাম
∴ 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2×16 গ্রাম
= 3.2 গ্রাম
25. 0.5 ম’ল পানী অণুৰ ভৰ কিমান?
উত্তৰঃ 1 ম’ল পানী (H2O) অণুৰ ভৰ = 18 গ্রাম
∴ 0.5 ম’ল পানী (H2O) অণুৰ ভৰ = 0.5×18 গ্ৰাম
= 9 গ্রাম
26. 12gm অক্সিজেন গেছ (O2) ম’ললৈ পৰিবৰ্তন কৰা।
উত্তৰঃ অক্সিজেনৰ (O2) আণৱিক ভৰ = 32 gm
এতিয়া,
32gm অক্সিজেন গেছ = 1 ম’ল
∴ 1gm অক্সিজেন গেছ = 1/32 ম’ল
∴ 12 অক্সিজেন গেছ = 1/32×12 ম’ল
= 0.375 ম’ল
27. 22 gm কার্বন-ডাই-অক্সাইড (CO2) ম’ললৈ পৰিবৰ্তন কৰা।
উত্তৰঃ কার্বন-ডাই-অক্সাইড (CO2)ৰ আণবিক ভৰ = 44 গ্রাম
44 গ্রাম কার্বন-ডাই-অক্সাইড = 1 ম’ল
∴ 1 গ্রাম কার্বন-ডাই-অক্সাইড = 1/44 ম’ল
∴ 22 গ্রাম কার্বন-ডাই-অক্সাইড = 22/44 ম’ল
= 0.5
28. 20gm (H2O) পানী ম’ললৈ পৰিবৰ্তন কৰা।
উত্তৰঃ পানী (H2O)ৰ আণবিক ভৰ = 18 গ্রাম
18 গ্রাম পানী = 1 ম’ল
∴ 1 গ্রাম পানী = 1/18 ম’ল
∴ 20 গ্রাম পানী = 20/18 ম’ল
= 1.11 ম’ল
29. 4 ম’ল এলুমিনিয়াম পৰমাণু ভৰ কিমান (এলুমিনিয়ামৰ পাৰমাণবিক ভৰ= 27)?
উত্তৰঃ 1 ম’ল এলুমিনিয়াম পৰমাণু = 27 gm
∴ 4 ম’ল এলুমিনিয়াম পৰমাণু = 27 × 4gm
= 108gm
30. 10 গ্রাম কেলছিয়ামত কিমান ম’ল পৰমাণু আছে?
উত্তৰঃ কেলছিয়ামৰ পাৰমাণবিক ভৰ = 40 গ্রাম
40 গ্রাম কেলছিয়ামত থকা পৰমাণুৰ সংখ্যা = 1 ম’ল
1 গ্রাম কেলছিয়ামত থকা পৰমাণুৰ সংখ্যা = 1/40 ম’ল
∴ 10 গ্রাম কেলছিয়ামত থকা পৰমাণুৰ সংখ্যা = 1/40×10 ম’ল
= 1/4 ম’ল
= 0.25 ম’ল পৰমাণু
31. এটা অক্সিজেন অণুৰ নিৰপেক্ষ ভৰ গণনা কৰা।
উত্তৰঃ অক্সিজেন অণু এটাৰ আণবিক ভৰ = 32 গ্রাম
∴অক্সিজেন অণুৰ নিৰপেক্ষভৰ
= আণবিক ভৰ/6.023×1023 গ্রাম
= 32 / 6.023×1023 গ্রাম
= 5.312 × 10-23 গ্রাম
32. 12c সমস্থানিক এটা পৰমাণুৰ নিৰপেক্ষ ভৰ গণনা কৰা।
উত্তৰঃ 12c ৰ গ্ৰাম পাৰমাণৱিক ভৰ = 12 গ্রাম
= 6.023×1023 টা
সমস্থানিক পৰমাণুৰ ভৰ
∴ 12c সমস্থানিকৰ 1 টা পৰমাণুৰ নিৰপেক্ষ ভৰ
= 12/ 6.023×1023 গ্রাম
= 1.993 x10-23 গ্রাম
33. 0, 0, আৰু 03 ৰ প্ৰত্যেকৰে 1 ম’লত থকা পৰমাণুৰ সংখ্যা নিৰ্ণয় কৰা?
উত্তৰঃ O ৰ 1 ম’ল = 6.023× 1023 টা পৰমাণু
O2 ৰ 1 ম’ল = 2 × 6.023× 1023 টা পৰমাণু
= 12.046×1023 টা পৰমাণু
O3 ৰ 1 ম’ল = 3 × 6.023× 10 টা পৰমাণু
= 18.069 × 1023 টা পৰমাণু
34. 4.9 গ্রাম ছালফিউৰিক এছিডৰ কিমান ম’ল আছে গণনা কৰা।
উত্তৰঃ ছালফিউৰিক এছিডৰ (H2SO4) আনবিক ভৰ
= (2×1+32+4×16) গ্রাম
= (2 + 32+64) গ্রাম
= 98 গ্রাম
98 গ্রাম H2SO4 = 1 ম’ল
∴ 1 গ্রাম H2SO4 = 1/98 ম’ল
∴ 4.9 গ্রাম H2SO4 = 1/98× 4.9 ম’ল
= 0.05 ম’ল
35. 1 পাৰমাণবিক ভৰ একক (1u)ক SI এককত প্ৰকাশ কৰা।
উত্তৰঃ lu = 1/12×12c সমস্থানিকৰ এটা পৰমাণুৰ ভৰ
= 1/12×1.993×10-23 গ্রাম
= 1.66×10-24 গ্রাম
= 1.66×107-22 কি.গ্রাম
36. ম’ল Nacl ভৰ গণনা কৰা।
উত্তৰঃ Nacl ৰ আণবিক ভৰ
= (23+35.5) গ্রাম
= 58.5 গ্রাম
1 ম’ল Nacl = 58.5 গ্রাম
∴ 5 ম’ল Nacl = 5 x 58.5 গ্রাম
= 292.5 গ্রাম
37. 0.9 গ্রাম এলুমিনিয়ামত কিমানটা পৰমাণু আছে গণনা কৰা।
উত্তৰঃ এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ = 27 গ্রাম
27 গ্রাম এলুমিনিয়ামত থকা পৰমাণুৰ সংখ্যা = 6.023×1023 টা
∴ 1 গ্রাম এলুমিনিয়ামত থকা পৰমাণুৰ সংখ্যা = 6.023×1023/27 টা
∴ 0.9 গ্রাম এলুমিনিয়ামত থকা পৰমাণুৰ সংখ্যা
= 6.023×1023/27×0.9
= 0.2007×1023
= 2.007×1022 টা
38. 3.011 × 1024 অণু HN3 ভৰ গণনা কৰা।
উত্তৰঃ NH3 ৰ আণবিক ভৰ = (14+ 3×1) গ্রাম
= 17 গ্রাম
6.023×1023 টা NH, অণু = 17 গ্রাম
∴ 1 টা NH3 অণু = 17/6.023×1023 গ্রাম
∴ 3.01 × 1024 টা NH3 অণু
= 17×3.011×1024 / 6.023×1023 গ্রাম
= 8.498 × 10 গ্রাম
84.98 গ্রাম
= 85 গ্রাম
39. 10 গ্রাম কেলছিয়াম কার্বনেট (CaCO3)ত কিমান অণু আছে গণানা কৰা।
উত্তৰঃ কেলছিয়াম কার্বনেটৰ (CaCo3) আনবিক ভৰ
= (40 + 12 + 3×16) গ্রাম
= (40 + 12 + 48 ) গ্রাম
= 100 গ্রাম
100 গ্রাম কেলছিয়াম কার্বনেটত থকা অণুৰ সংখ্যা = 6.023 × 1023 টা
∴ 1 গ্রাম কেলছিয়াম কার্বনেটত থকা অণুৰ সংখ্যা = 6.023×1023/100
∴ 10 গ্রাম কেলছিয়াম কার্বনেটত থকা অণুৰ সংখ্যা = 6.023×1023/100×10
= 6.023×1023/10 টা = 6.023× 1022 টা
Long Type Questions and Answers (Marks : 3/4)
1. ডেল্টনৰ পৰমাণু বাদৰ স্বীকাৰ্য্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্য্য সমূহ—
(i) সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্র কণাৰে গঠিত৷
(ii) পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি৷
(iii) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ বেলেগ বেলেগ।
(iv) যৌগ গণিব বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় ৷
(v) নির্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে।
2. 32 গ্রাম অক্সিজেনত কিমান গ্ৰাম পৰমাণু অক্সিজেন আছে?
উত্তৰঃ অক্সিজেনৰ পাৰমাণবিক ভৰ = 16 গ্রাম
16 গ্রাম অক্সিজেনত থকা গ্ৰাম পৰমাণুৰ সংখ্যা = 1
∴ গ্রাম অক্সিজেনত থকা গ্ৰাম পৰমাণুৰ সংখ্যা = 1/16
∴ গ্রাম অক্সিজেনত থকা গ্ৰাম পৰমাণুৰ সংখ্যা = 32/16 = 2
3. 1.8 গ্রাম পানীত থকা পানীৰ অণু গণনা কৰা।
উত্তৰঃ পানীৰ (H2O) আণবিক ভৰ = (2 × 1 + 16) গ্ৰাম
18 গ্রাম পানীত থকা পানীৰ অণু = 6.023×10 টা
∴ 1 গ্রাম পানীত থকা পানীৰ অণু = 6.023×1023/18 টা
∴ 1.8 গ্রাম পানীত থকা পানীৰ অণু
= 6.023×1023×1.8 / 18 টা
= 6.023×10223×0.1
= 6.023 × 1022 টা
4. 22 গ্রাম কার্বন-ডাই-অক্সাইডত থকা পৰমাণুৰ সংখ্যা গণনা কৰা।
উত্তৰঃ কার্বন-ডাই-অক্সাইড (CO2)ৰ আণবিক
= 12 + 2 × 16
= 12+32
= 44 গ্রাম
44 গ্রাম কার্বন-ডাই-অক্সাইডত থকা পৰমাণুৰ সংখ্যা =1
∴ 1 গ্রাম কার্বন-ডাই-অক্সাইডত থকা পৰমাণুৰ সংখ্যা = 1/44
∴ 22 গ্রাম কার্বন-ডাই-অক্সাইডত থকা পৰমাণুৰ সংখ্যা = 22/44 = 0.5
5. ZnO, Na2O আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn = 64u, Na = 23u, K = 39u, C = 12u আৰু 0 = 16u
উত্তৰঃ ZnO ৰ সংকেত গোট ভৰ = 65u+ 16u = 81u
Na2O ৰ সংকেত গোট ভৰ = 2 × 23u + 16u
= 46u + 16u
= 62u
K2CO3 ৰ সংকেত গোট ভৰ = 2 x 39u + 12u + 3x 16u
= 78u+12u+ 48u
= 138u
6. 16 gm গোটা ছালফাৰত থকা ছালফাৰ অণু (S8)ৰ সংখ্যা গণনা কৰা।
উত্তৰঃ গোটা ছালফাৰৰ ভৰ = 16gm
1 ম’ল ছালফাৰৰ (S8) ভৰ = 8 × 32gm
= 256gm
∴ 16 gm ছালফাৰত থকা ছালফাৰ অণুৰ
সংখ্যা =16/256× 8×6.023×1023
= 3.011 × 1023
7. কি.গ্ৰা. ছালফিউৰিক এছিডত ইয়াৰ কিমান পৰমাণু আছে?
উত্তৰঃ ছালফিউৰিক এচিড (H2SO4)ৰ আণবিক ভৰ
= (2×1+ 32 + 4×16) গ্রাম
= (2+32+64) গ্রাম
= 98 গ্রাম
98 গ্রাম H2SO4 ত থকা পৰমাণুৰ সংখ্যা = 1
∴ 1 গ্রাম H2SO4 ত থকা পৰমাণুৰ সংখ্যা = 1/98
∴ 1 কি.গ্রা. বা 1000 গ্রাম H2SO4 থকা গ্রামাণুৰ সংখ্যা = 1000/98
= 10.204
8. H2, O2, Cl2, CO2, CH4, C2H6, C2H4, NH3 আৰু CH3OH ৰ আণবিক ভৰ গণনা কৰা।
উত্তৰঃ H2 ৰ আণবিক ভৰ = 2 × 1 = 2u
O2 ৰ আণবিক ভৰ = 2 × 16 = 32u
Cl2 ৰ আণবিক ভৰ = 2 × 35.5 =7lu
CH4 ৰ আণবিক ভৰ = 12 + 4 x 1 = 16u
CO2 ৰ আণবিক ভৰ = 12+2 × 16 = 12 +32=44u
C2H4 আণবিক ভৰ = 2 x 12 + 6 × 1 = 24 + 6 =30u
C2H4 ৰ আণবিক ভৰ = 2 x 12 + 4 × 1 = 24 + 4 = 28u
NH3 ৰ আণবিক ভৰ = 14+ 3×1 = 14+ 3 = 17u
CH3OH ৰ আণবিক ভৰ = 12 + 3 × 1 + 16× 1 = 12+3+17 = 32u
9. অক্সিজেন আৰু ৰ’ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24gm বিশ্লেষণ কৰাত 0.096 gm বৰণ আৰু 0.144 gm অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।
উত্তৰঃ যৌগটোৰ ভৰ = 0.24 gm
বৰণৰ ভৰ = 0.096gm
অক্সিজেনৰ ভৰ = 0.144gm
বৰণৰ শতকৰা পৰিমাণ = 0.096/0.24 ×100
= 96/240×100
= 40
অক্সিজেনৰ শতকৰা পৰিমাণ = 0.144 / 0.24×100
= 144/240×100
= 60
10. 3.0gm কার্বন 8.00gm অক্সিজেনৰে সৈতে দহন কৰাত 11.00gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল। 3.00gm কার্বন 50.00 gm অক্সিজেন দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগত কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব?
উত্তৰঃ 3.0 gm কার্বন 8.00gm অক্সিজেনৰ সৈতে দহন কৰাত 11.00 gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল ৷
C + O2 → CO
স্থিৰানুপাত বিধি অনুসৰি কাৰ্বন ডাই অক্সাইডত সদায় কার্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3 : ৪। গতিকে 3.00gm কার্বন 50.00gm অক্সিজেনত দহন কৰিলেও গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ 11.00gm হ’ব।
ইয়াত ৰাসায়নিক সংযোগৰ স্থিবানুপাত বিধি প্রযোজ্য হয়।
11. 0.051gm এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা।
উত্তৰঃ এলুমিনিয়াম আয়ণৰ (Al3+) 1 মল = 27gm
এলুমিনিয়াম আয়ণৰ 27gm = 1 ম’ল
∴ এলুমিনিয়াম আয়ণৰ 0.051gm =0.051/27 ম’ল
1 ম’ল এলুমিনিয়াম অক্সাইডত থকা আয়ণৰ সংখ্যা
∴ 0.057/27 ম’ল এলুমিনিয়াম অক্সাইডত থকা আয়ণৰ সংখ্যা =
0.051/276.023×1023 = 51 / 27 × 6.023×1020
= 1.889 x 6.023×1020
= 11.78 x 1020
= 1.178 × 1021 টা
12. তলত দিয়া বিক্রিয়া অনুসতি 3.6 গ্রাম পানী উৎপন্ন হ’বলৈ কিমান গ্রাম ছ’ডিয়াম হাইড্রক্সাইড (NaOH)ৰ আৱশ্যক হ’ব?
H2SO4 + 2NaOH → Na2SO4 + 2H2O
উত্তৰঃ সমতুল বিক্ৰিয়াটো—
H2SO4 + 2NaOH → Na2SO4 + 2H2O
2 মল = 2 মল
= 2(23+ 16+1) = 2(2×1+16)
=2 (40) = 2 (2 + 16)
= ৪০ গ্রাম = 36 গ্রাম
36 গ্রাম পানী উৎপন্ন হ’বলৈ প্ৰয়োজন হোৱা NaOH ৰ পৰিমাণ = 80 গ্রাম
∴ গ্রাম পানী উৎপন্ন হ’বলৈ প্ৰয়োজন হোৱা NaOH ৰ পৰিমাণ = 80/36 গ্ৰাম
∴ 3.6 গ্রাম পানী উৎপন্ন হ’বলৈ প্ৰয়োজন হোৱা NaOH ৰ পৰিমাণ = 80/36×3.6 = ৪ গ্রাম
13. 1 গ্রাম হাইড্ৰ’জেন গেছৰ লগত 40 গ্ৰাম কৰিণৰ বিক্ৰিয়া ঘটিবলৈ দিলে কোনটো গেছৰ কিমান অণু বিক্ৰিয়া নোহোৱাকৈ থাকিব গণনা কৰা।
উত্তৰঃ সমতুল বিক্ৰিয়াটো—
H2 + Cl2 → 2Hcl
1 ম’ল = 1 ম’ল
= 2 ×1 গ্রাম = 2×35.5
= 2 গ্রাম = 71 গ্রাম
2 গ্রাম H2 য়ে বিক্রিয়া কৰে 71 গ্রাম Cl2 ৰ লগত
∴ 1 গ্রাম H2 য়ে বিক্রিয়া কৰে 71/2=35.5 গ্রাম Cl2O ৰ লগত
প্রশ্নমতে, Cl2ৰ ভৰ = 40 গ্রাম
∴ বিক্ৰিটা নোহোৱা C Cl2ৰ ভৰ = (40 – 35.5) গ্রাম = 4.5 গ্রাম
এতিয়া,
71 গ্রাম Cl2 = 6.023 × 1022 টা অণু
∴ 1 গ্রাম Cl2 = 6.023 × 1023/71 টা অণু
∴ 4.5 গ্রাম Cl2 = 6.023×1023×4.5/71 টা অণু
= 0.381 × 1022 টা অণু
= 3.81 × 1022 টা অণু
∴ নির্ণেয় অণুৰ সংখ্যা = 3.81 × 1022 টা Cl2 অণু
14. 100 গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব। (দিয়া আছে Na ৰ পাৰমাণৱিক ভৰ = 23u, Fe= 56u)
উত্তৰঃ ছড়িয়ামৰ পাৰমাণবিক ভৰ = 23u
1 ম’ল ছডিয়ামৰ ভৰ = 23 গ্রাম
23 গ্রাম ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.023×1023 টা
∴ 1 গ্রাম ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.023/23×1023
∴ 100 গ্রাম ছড়িয়ামত থকা পৰমাণুৰ সংখ্যা = 6.023×1023×100 টা
= 0.261 × 1025 টা
= 2.61 × 1024 টা
আইৰণৰ পাৰমাণবিক ভৰ = 56u
∴ 1 ম’ল আইৰণৰ ভৰ = 56 গ্রাম
56 গ্ৰাম আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.023× 1023 টা
∴ 1 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.023/56×1023 টা
∴ 100 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.023/56× 1023 x 100 টা
= 0.107 × 10225 টা
= 1.07 × 1024 টা
এতেকে, 100 গ্রাম ছডিয়ামৰ পৰমাণুৰ সংখ্যা বেছি থাকিব।
15. বিক্ৰিয়া এটাত 5.3 গ্রাম ছডিয়াম কার্বনেট 6 গ্রাম ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2 গ্রাম কার্বন ডাই-অক্সাইড, 0.9 গ্রাম পানী আৰু 8.2 গ্রাম ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে। ছডিয়াম কার্বনেট + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কার্বন-ডাই-অক্সাইড + পানী
উত্তৰঃ ছডিয়াম কার্বনেট + ইথানয়িক এচিড → ছডিয়াম ইথানয়েট + কার্বন-ডাই- অক্সাইড + পানী
ছডিয়াম কার্বনেটৰ ভৰ = 5.3 gm
ইথানয়িক এচিডৰ ভৰ = 6gm
বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ = (5.3 + 6) gm = 11.3gm
ছডিয়াম ইথানয়েটৰ ভৰ = 8.2gm
কার্বন-ডাই-অক্সাইডৰ ভৰ = 2.2gm
পানীৰ ভৰ = 0.9gm
উৎপাদিত দ্ৰৱ্যৰ মুঠ ভৰ = (8.2 + 2.2 + 0.9 ) gm = 11.3gm
∴ বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ = উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ।
যিহেতু বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰৰ সৈতে উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ সমান গতিকে ফলাফলবেৰে ভৰৰ নিত্যতা সূত্ৰ মানি চলে।
16. তলত দিয়া যৌগবোৰৰ নাম লিখা।
(i) Al2(SO4)3
(ii) Mg (HCO3)2
(iii) (NH4)2S
(iv) KMnO4
(v) KelO3
(vi) Na2PbO2
(vii) KclO
(viii) CuSO4
(ix) Pb (NO3)2
(x) MgCl
(xi) K2MnO4
(xii) KClO4
উত্তৰঃ
যৌগৰ সংকেত | যৌগৰ নাম |
(i) Al2(SO4)3 | এলুমিনিয়াম ছালফেট |
(ii) Mg(HCO3)2 | মেগনেছিয়াম বাইকার্বনেট |
(iii) (NH4)2S | এমনিয়াম ছালফাইড |
(iv) KMnO4 | পটাছিয়াম পাৰমাংগানেট |
(v) KelO3 | পটাছিয়াম ক্লৰেট |
(vi) Na2PbO2 | ছডিয়াম প্লামবাইট |
(vii) KclO | পটাছিয়াম হাইপ ক্লৰাইট |
(viii) CuSO4 | কিউপ্রিক ছালফেট |
(ix) Pb (NO3)2 | লেড নাইট্রেট |
(x) MgCl | মেগনেছিয়াম ক্লৰাইড |
(xi) K2MnO4 | পটাছিয়াম মেগাংনেট |
(xii) KClO4 | পটাছিয়াম পাৰকৰেট। |
17. সাধাৰণতে ব্যৱহাৰ হোৱা কেইবিধমান এচিড আৰু ক্ষাৰৰ নাম লিখা।
উত্তৰঃ
(A) এচিড | নাম |
HCI | হাইড্ৰ’ক্লৰিক এচিড |
H2SO4 | ছালফিউৰিক এছিড |
HNO3 | নাইট্রিক এছিড |
H2CO3 | কার্বনিক এছিড |
CH3CooH | এচিটিক এছিড |
HCOOH | ফমিক এচিড |
(B) ক্ষাৰ | নাম |
NaOH | ছডিয়াম হাইড্রক্সাইড |
KOH | পটাছিয়াম হাইড্রক্সাইড |
NH4OH4 | এমনিয়াম হাইড্রক্সাইড |
Ca(OH)2 | কেলছিয়াম হাইড্রক্সাইড |
Ba(OH)3 | বেৰিয়াম হাইড্রক্সাইড |
Al(OH)3 | এলুমিনিয়াম হাইড্রক্সাইড |
18. এটা মৌল X য়ে দুটা যোজ্যতা দেখুৱায় 2 আৰু 4। ইয়াৰ অক্সাইডবোৰৰ সংকেত লিখা।
উত্তৰঃ প্রথম অক্সাইডঃ
2 | 2 |
X | O |
X2 | O2 |
ৱা X1 | O1 |
দ্বিতীয় অক্সাইড :
4 | 2 |
X | O |
X2 | O4 |
ৱা X | O2 |
ৱা X |
19. তলত দিয়া যৌগবোৰৰ সংকেত লিখা। কিউগ্রিক নাইট্রেট, ছডিয়াম ফছফেট, এলুমিনিয়াম ছালফেট, করাল্ট কার্বনেট, এলুমিনিয়াম অক্সাইড, ফিউপাছক্লৰাইড, বৰিক এছিড, যিংফেট, ফছফৰাছ পেন্ট ‘ক্সাইড, পটেছিয়াম ডাই ক্ৰমেট, মেগনেছিয়াম ‘মাইড, বেৰিয়াম ফছফেট, ছালফিউৰিক এছিড, নিকেল ছালফেট।
উত্তৰঃ
যৌগ | সংকেত |
কিউপ্রিক নাইট্রেট | Cu2NO3 |
ছডিয়াম ফছফেট | Na3(PO4)2 |
এলুমিনিয়াম ছালফেট | Al2(SO4)2 |
কবাল্ট কার্বনেট | CO2CO3 |
এলুমিনিয়াম অক্সাইড | Al2O3 |
কিউপ্রাছ ক্লৰাইড | Cucl |
বৰিক এছিড | H3BO3 |
ছডিয়াম যিংকোট | NaZnO2 |
ফছফৰাছ পেণ্ট’ক্সাইড | P2O5 |
পটেছিয়াম ডাইক্ৰ’মেট | KCrO4 |
মেগনেছিয়াম ব্ৰ’মাইড | Mg2Br |
বেৰিয়াম ফছফেট | BaPo4 |
ছালফিউৰিক এছিড | H2SO4 |
নিকেল ছালফেট | Ni2SO4 |