পৰমাণুৰ গঠন

পৰমাণুৰ গঠন | Chapter 4 | Class 9 General Science – SEBA

পৰমাণুৰ গঠন | Chapter 4 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 4 Notes | SEBA Class 9 HSLC General Science Chapter 4 Question and Answer | Questions and Answers for Class 9 General Science Chapter 4 পৰমাণুৰ গঠন | HSLC General Science Questions and Answers Assam


পৰমাণুৰ গঠন

Multiple Choice Questions and Answers (MCQs)

1. সমস্থানিক হৈছে—
(a) একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ নিউক্লাইড।
(b) বিভিন্ন মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড।
(c) একেটা মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড।
(d) এইবোৰৰ এটাও নহয়৷
উত্তৰঃ (b) বিভিন্ন মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড।

2. অক্সাইড আয়ন, O2- ত থকা যোজক ইলেকট্ৰনৰ সংখ্যা—
(a) 2
(b) 6
(c) 0
(d) 8
উত্তৰঃ (d) 8

3. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেকট্ৰনীয় বিন্যাস—
(a) 2,8
(b) 8, 2, 1
(c) 2, 1, 8
(d) 2, 8, 1
উত্তৰঃ (d) 2, 8, 1

4. ইলেকট্ৰনত থকা আধানৰ মান—
(a) – 4.803x 10-19 কুলম্ব।
(b) – 1.602 × 10-19 ই. এছ. ইউ।
(c) – 4.803×10-19 ই. এছ. ইউ।
(d) – 1.602×10-19 কুলম্ব।
উত্তৰঃ (d) – 1.602×10-19 কুলম্ব।

5. ৰাডাৰফৰ্ডৰ কণিকা বিচ্যুতিৰ পৰীক্ষাত তলত দিয়া কোনটো কণিকা আবিষ্কাৰ হয়—
(a) ইলেকট্ৰন।
(b) প্ৰটন।
(c) নিউট্ৰন।
(d) নিউক্লিয়াছ।
উত্তৰঃ (d) নিউক্লিয়াছ।

6. পাৰমাণৱিক ভৰ এককত প্লটন এটাৰ প্ৰকৃত ভৰ হৈছে—
(a) 5.48 x 10-4u
(b) 1.00728u
(c) 1.00866u
(d) 1.6725 u
উত্তৰঃ (b) 1.00728u

7. কেথ’ড ৰশ্মিত থকা কণিকাটোৰ নাম—
(a) ইলেকট্ৰন।
(b) প্ৰটন।
(c) নিউট্ৰন।
(d) নিউক্লিয়াছ।
উত্তৰঃ (a) ইলেকট্ৰন।

8. এটা মাত্ৰ সমস্থানিকৰ প্ৰকৃতিত পোৱা মৌল এটা হৈছে—
(a) অক্সিজেন।
(b) নাইট্ৰজেন।
(c) নিয়ন।
(d) ফ্লৰিণ।
উত্তৰঃ (d) ফ্লৰিণ।

9. A/Z x মৌলটোত থকা প্ৰটন, নিউট্ৰন আৰু ইলেকট্ৰনৰ সংখ্যা হৈছে—
(a) A, Z, Z
(b) Z, A, (A – Z)
(c) Z, (A – Z), Z
(d) (A – Z), Z, Z
উত্তৰঃ (c) Z, (A – Z), Z

10. তলত দিয়া যোৰ বোৰৰ পৰা সমস্থানিক বাছি উলিওৱা—
(a) 7433x, 7533x
(b) 5525x, 5526x
উত্তৰঃ (a) 7433x, 7533x

11. তলত দিয়া যোৰ বোৰৰ পৰা সমভাৰীবোৰ বাছি উলিওৱা—
(a) 4019x, 3919x
(b) 4019x, 4020x
উত্তৰঃ (b) 4019x, 4020x

Very Short Type Questions and Answers (Marks : 1)

1. আইচ’বাৰ শব্দটো কোনে নামাকৰণ কৰিছিল?
উত্তৰঃ A. W. Stewart.

2. ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণবিক কণা থাকে।
উত্তৰঃ প্ৰটন।

3. মৃত জীৱৰ বসয় গণনাত ব্যৱহাৰ হোৱা সমস্থানিকটোৰ নাম কি?
উত্তৰঃ তেজস্ক্ৰিয় কাৰ্বন (146c) |

4. এটা পৰমাণু ‘x’ৰ ভৰ সংখ্যা 4 আৰু পাৰমাণৱিক সংখ্যা 2। ইয়াৰ যোজ্যতা কিমান?
উত্তৰঃ শূণ্য।

5. যদি a. কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা তেনেহ’লে কি দেখা যাব বুলি ভাবা?
উত্তৰঃ প্ৰায় সকলোবোৰ a. কণা বিক্ষেপিত নোহোৱাকৈ পাৰ হৈ যাব আৰু খুব কম ox -কণাহে বিক্ষেপিত হ’ব পাৰে।

6. ৰাডাৰফৰ্ডে α– ৰশ্মি বিচ্ছুৰণ পৰীক্ষাৰ সোণৰ পাতবাচি লোৱাৰ কাৰণ কি?
উত্তৰঃ কাৰণ তেওঁ যিমান সম্ভব সিমান পাতল স্তৰ এটা বিচাৰিছিল।

7. কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা সমস্থানিক কেইটা কি কি?
উত্তৰঃ 6027Co, 25588Ra আৰু 19879Au

8. কেথড ৰশ্মি কি?
উত্তৰঃ বিদ্যুত মোক্ষা নলী এটাত অতি কম চাপত বিদ্যুৎ পৰিবাহিত কৰিলে কেথডৰ পৰা এনডলৈ সেউজ নীলা ৰঙৰ কিছুমান ৰশ্মি সৰল ৰেখাত গতি কৰে। এই ৰশ্মিবোৰক কেথড ৰশ্মি বুলি কোৱা হয়।

9. 35Cl আৰু 38Cl ৰ যোজ্যতা একে নে? ব্যাখ্যা কৰা।
উত্তৰঃ 3517CI আৰু 3717Cl দুটা সমস্থানিক। ইহঁতৰ ইলেকট্ৰনৰ সংখ্যা সমান। গতিকে ইহঁতৰ ইলেকট্ৰনীয় সজ্জাও একে। এতেকে ইহঁতৰ যোজ্যতা সমান।

10. মৌলৰ পৰমাণু কিয় বৈদ্যুতিকভাৱে উদাসীন?
উত্তৰঃ যিহেতু পৰমাণু এটাত প্ৰটন আৰু ইলেকট্ৰনৰ সংখ্যা সমান গতিকে মৌলৰ পৰমাণু বিদ্যুতিকভাৱে উদাসীন।

11. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?
উত্তৰঃ নকৰে। ই কোনো আধান বহন নকৰে৷

12. ৰাসায়নিক বিক্ৰিয়াত মৌলৰ পৰামাণৱিক সংখ্যা কিয় অপৰিবৰ্তিত থাকে?
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াত মৌলৰ ইলেকট্ৰনেহে অংশ গ্ৰহণ কৰে। গতিকে বিক্ৰিয়া এটাত মৌলৰ প্ৰটুনৰ সংখ্যাৰ পৰিবৰ্তন নহয়।

13. ইলেকট্ৰন এটা আৰু প্ৰটন এটা লগ লাগি নিউট্ৰন এটা গঠন হয়। সেইবাবে ই প্ৰশম ৷ (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

14. টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত আয়ডিনৰ এটা সমস্থানিক ব্যৱহাৰ কৰা হয়। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

15. জে. জে. থমছনে প্ৰভাব কৰিছিল যে পৰমাণুৰ নিউক্সিয়াছত কেৱল নিউক্লিয়ন থাকে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।

16. ইলেকট্ৰন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় 1/2000 গুণ। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

17. টিংচা আয়ডিন মেডিটিন হিচাপে ব্যৱহাৰ কৰা হয়। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

18. সমস্থানিকবোৰত সমান সংখ্যাক _____ আৰু বিভিন্ন সংখ্যক _____ থাকে।
উত্তৰঃ প্ৰটন, নিউট্ৰন।

19. কেথ’ড ৰশ্মিবোৰ _____ আধানযুক্ত কণিকাৰ দ্বাৰা গঠিত।
উত্তৰঃ ঋণাত্মক।

20. সমভাৰীবোৰৰ ভৰ সংখ্যা _____ কিন্তু প্ৰটনৰ সংখ্যা _____।
উত্তৰঃ সমান, বেলেগ৷

21. নিউট্ৰন বৈদুতিকভাৱে _____ আৰু ইয়াৰ ভৰ প্ৰটনৰৰ ভৰৰ _____।
উত্তৰঃ আধানহীন, প্ৰায় সমান।

22. মৌল এটাৰ পাৰমাণবিক সংখ্যা 12 আৰু ভৰ সংখ্যা 24। গতিকে মৌলটোত _____ ইলেকট্ৰন আৰু _____ টা নিউট্ৰন থাকিব।
উত্তৰঃ 12, 12

23. ছডিয়ামৰ ইলেকট্ৰনীয় বিন্যাস ___ ___ আৰু ইয়াৰ যোজ্যতা।
উত্তৰঃ 2, 8, 1; 1

24. প্ৰটনৰ ভৰ _____ কি.গ্ৰা. আৰু ইয়াৰ আধানৰ মান _____ কুলম্ব।
উত্তৰঃ 1.6725×10-27, +1.602×10-19

25. পৰমাণুত থকা আধানযুক্ত মৌলিক কণিকাকেইটা হৈছে _____ আৰু _____।
উত্তৰঃ ইলেকট্ৰন, প্ৰটন।

তলত দিয়া উক্তিবোৰ ভুল নে শুদ্ধ বাছি উলিওৱা, ভুল উক্তিবোৰ শুধৰাই লবা।
26. ব’ৰ বেৰী আঁচনি মতে পৰমাণুৰ শেষৰ আগৰ কক্ষত 2n2 সংখ্যক ইলেকট্ৰন থাকে য’ত n হৈছে সেই শক্তিস্তৰৰ সংখ্যা।
উত্তৰঃ ভুল। পৰমাণুৰ সকলো কক্ষত 2n2 সংখ্যক ইলেকট্ৰন থাকে।

27. পাৰমাণৱিক ভৰ সংখ্যা নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ ভৰৰ সমান।
উত্তৰঃ শুদ্ধ।

28. কেথ’ড ৰশ্মিবোৰ ধণাত্মক আধানযুক্ত কণিকাৰে গঠিত।
উত্তৰঃ ভুল। কেথড় ৰশ্মিবোৰ ঋণাত্মক আধানযুক্ত কণিকাৰে গঠিত।

29. 6027Co সমস্থানিকটো থাইৰয়ড ৰেমাৰত ঔষধ হিচাপে ব্যৱহাৰ হয়।
উত্তৰঃ 60 ভুল। 6027Co সমস্থানিকটো কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

READ MORE  কাৰ্য আৰু শক্তি | Chapter 11 | Class 9 General Science - SEBA

30. পাৰমাণবিক সংখ্যা নিউক্লিয়নৰ সংখ্যাৰ সমান।
উত্তৰঃ ভুল৷ পাৰমাণৱিক সংখ্যা প্ৰটনৰ সংখ্যা আৰু নিউক্লিয়ণৰ সংখ্যা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ সমান।

31. সমভাৰীবোৰত সমান সংখ্যক নিউট্ৰন থাকে।
উত্তৰঃ ভুল। সমভাৰীবোৰত সমান সংখ্যক ভৰ সংখ্যা থাকে।

32. পৰমাণু এটাৰ ব্যাসাৰ্ধ প্ৰায় 10°চে.মি. হয়।
উত্তৰঃ শুদ্ধ।

Very Short Type Questions and Answers (Marks : 2/3)

1. কেনেল ৰশ্মি কি?
উত্তৰঃ বিদ্যুত মোক্ষন নলী এটাত অতি কম চাপত বিদ্যুৎ প্ৰবাহিত কৰিলে এনডৰ পৰা কেথডলৈ সৰল ৰেখাত কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ধণাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক কেনেল ৰশ্মি বোলে।

2. ক্লৰিণ পৰমাণুৰ যোজ্যতা কক্ষত থকা ইলেকট্ৰনৰ সংখ্যা কিমান?
উত্তৰঃ ক্লৰিণ পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 7

∴ যোজ্যতা কক্ষত থকা ইলেকট্ৰনৰ সংখ্যা = 7

3.পাৰমাণুৰ তিনিটা উপ-পাৰমাণবিক কণাৰ নাম লিখা।
উত্তৰঃ পাৰমাণুৰ তিনিটা উপ-পাৰমাণবিক কণাৰ নাম হ’ল-
(i) ইলেকট্ৰন।
(ii) প্ৰটন।আৰু
(iii) নিউট্ৰন।

4. এনড ৰশ্মি কাক বোলে?
উত্তৰঃ বিদ্যুৎ মোক্ষন নলীত ব্যৱহাৰ কৰা কেথডডাল সৰু সৰু ৰন্ধ্ৰ বিশিষ্ট হ’লে কেথড ৰশ্মিৰ বিপৰীত দিশে সৰল ৰেখাত গতি কৰা কিছুমান ৰশ্মি দেখা যায়। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ঋণাত্মক। আধান বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক এনড ৰশ্মি বোলে।

5. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে। ইয়াত কিমানটা নিউট্ৰন থাকিব?
উত্তৰঃ হিলিয়ামৰ পাৰমাণৱিক ভৰ = 4u প্ৰটনৰ সংখ্যা = 2

∴ নিউট্ৰনৰ সংখ্যা = 4-2=2

6. পৰমাণু এটাৰ K আৰু L খেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মুঠ সংখ্যা কিমান হ’ব?
উত্তৰঃ K – শ্বেলত থকা ইলেকট্ৰনৰ সংখ্যা = 2 টা
L – শ্বেলত থকা ইলেকট্ৰনৰ সংখ্যা = ৪ টা
∴ মুঠ ইলেকট্ৰন = 2 + 8 = 10 টা

7. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ (i) ই পৰমাণুৰ স্থিৰতা সম্পৰ্কে ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
(ii) ইহাইড্ৰজেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল।

8. ৰাজৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ (i) ই পৰমাণুৰ সুস্থিৰতাৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
(ii) ইহাইড্ৰ’জেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়ায়।

9. ভৰ সংখ্যা। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে। যদি পৰমাণুটোত P সংখ্যক প্ৰটন আৰু N সংখ্যক নিউট্ৰন থাকে তেন্তে ভৰ সংখ্যা A হ’ব— A = P+N

উদাহৰণস্বৰূপে, কাৰ্বনত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা ক্ৰমে 6 আৰু 6 এতেকে কাৰ্বনৰ ভৰ সংখ্যা হ’ব 6+6 = 12

10. সমভাৰী। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ বেলেগ বেলেগ পাৰমণৱিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰী বোলা হয়। উদাহৰনস্বৰূপে আৰ্গন, পটেছিয়াম আৰু কেলছিয়ামৰ ভৰ সংখ্যা 40 কিন্তু ইহঁতৰ পাৰমাণবিক সংখ্যা যথাক্ৰমে 18, 19 আৰু 20। গতিকে Ar, 4019K আৰু 4020Ca সমভাৰী।

11. পাৰমাণবিক সংখ্যা। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যাই হৈছে সেই মৌলৰ পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যাক “Z” চিনৰ দ্বাৰা সুচিত কৰা হয়। উদাহৰণস্বৰূপে হাইড্ৰজেনৰ পৰমাণুত 1 টা প্ৰটন থাকে। গতিকে হাইড্ৰ’জেনৰ পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা মৌলৰ এটা মৌলিক ধৰ্ম।

12. সমস্থানিকৰ যিকোনো দুটা ব্যাৱহাৰ লিখা।
উত্তৰঃ সমস্থানিকৰ ব্যৱহাৰ—
(i) 6027Co, 22588Ra আৰু 19878 সমস্থানিকক কৰ্কট ৰোগৰ চিকিৎ‍সাত ব্যৱহাৰ কৰা হয় ৷

(ii) তীখাৰ উৎপাদনত চলা লোত থকা ফছফৰাছখিনি সম্পূৰ্ণভাৱে আঁতৰ হৈছে নে নাই চাবৰ কাৰণে 3215P সমস্থানিক ব্যৱহাৰ কৰা হয় ৷

13. সমস্থানিক। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ একে পাৰমাণবিক সংখ্যাযুক্ত বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইডবোৰক সমস্থানিক বোলে। সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্ম একে কিন্তু ভৰ সংখ্যা বিভিন্ন হোৱাৰ বাবে ইহঁতৰ ভৌতিক ধৰ্মবোৰ যেনে– ঘনত্ব, গলনাংক, উতলাংক আদি বেলেগ হয়। উদাহৰণস্বৰূপে ক্লৰিণৰ দুটা সমস্থানিক 3517C আৰু 3217Cl

14. 11H, 21H আৰু 31H নিউক্লাইড কেইটা বৈদ্যুতিকভাৱে প্ৰশম আৰু ৰাসায়নিক ধৰ্ম একে। (কাৰণ দৰ্শোৱা)
উত্তৰঃ 11H, 21H আৰু 31H নিউক্লাইড কেইটাৰ প্ৰত্যেকতে প্ৰটনৰ সংখ্যা 1। সেইবাবে ইহঁত বৈদ্যুতিকভাৱে প্ৰশম আৰু ৰাসায়নিক ধৰ্ম একে।

15. অক্সিজেনৰ যোজ্যতা সদায় দুই। (কাৰণ দৰ্শোৱা)
উত্তৰঃ অক্সিজেনৰ পৰমাণু ক্ৰমাংক ৪। গতিকে অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস হ’ব 2,6।
এতেকে, অক্সিজেনৰ যোজ্যতা = 8-6 = 2

16. Na পৰমাণুতকৈ Na আয়ন বেছি সুস্থিৰ। (কাৰণ দৰ্শোৱা)
উত্তৰঃ Na পৰমাণুত থকা প্ৰটনৰ সংখ্যা 11। গতিকে Na ৰ ইলেকট্ৰনীয় সজ্জা সুস্থিৰ নহয়। আনহাতে Na’আয়নৰ ইলেকট্ৰনীয় সজ্জা সম্ভ্ৰান্ত গেছ Ne ৰ ইলেকট্ৰনীয় সজ্জাৰ সৈতে একে। গতিকে Na+ আয়ন সুস্থিৰ ৷

17. সমভাৰীবোৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মবোৰ কিয় বেলেগ হয়?
উত্তৰঃ সমভাৰীবোৰত প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হয়। সেই কাৰণে ইহঁতৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মবোৰ বেলেগ হয়।

18. ব’ৰৰ পৰমাণুৰ আৰ্হিৰ দুটা স্বীকাৰ্য্য লিখা।
উত্তৰঃ (i) পৰমাণুৰ ভিতৰত ইলেকট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে।

(ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰনে শক্তি বিকিৰণ নকৰে ৷

19. যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা ৪ আৰু প্ৰটনৰ সংখ্যাত ৪ হয় তেন্তে—
(i) পৰমাণুটোৰ পাৰমাণবিক সংখ্যা কি হ’ব?
(ii) পৰমাণুটোৰ আধান কিমান হ’ব?
উত্তৰঃ (i) প্ৰটনৰ সংখ্যা = ৪
∴ পাৰমাণৱিক সংখ্যা = ৪
(ii) আধান শূণ্য হ’ব ৷

20. যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোজ্যতা কিমান হ’ব? মৌলটোৰ নাম লিখা।
উত্তৰঃ Z=3

∴ পাৰমাণৱিক সংখ্যা = 3
∴ ইলেকট্ৰনৰ সংখ্যা = 3
∴ ইলেকট্ৰনীয় বিন্যাস = 2, 1 :
∴ মৌলটোৰ যোজ্যতা = 1
মৌলটোৰ নাম = লিথিয়াম

21. পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস বুলিলে কি বুজা?
উত্তৰঃ পৰমাণু এটাত নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত ইলেকট্ৰনবোৰ ঘূৰি থাকে। এই কক্ষপথ বা শক্তিস্তৰবোৰত প্ৰতিটোতে এক নিৰ্দিষ্ট সংখ্যক ইলেকট্ৰন থাকিব পাৰে। পৰমাণু এটাৰ শক্তি স্তৰবোৰত ইলেকট্ৰনবোৰ থকাৰ সজ্জাক পৰমাণুটোৰ ইলেকট্ৰনীয় বিন্যাস বোলে।

22. Na+ত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L খেল আছে। ব্যাখ্যা কৰা।
উত্তৰঃ Na ৰ পাৰমাণবিক সংখ্যা = 11
∴ Na ত থকা ইলেকট্ৰনৰ সংখ্যা = 11
Na+ ত থকা ইলেকট্ৰনৰ সংখ্যা = 11 – 1 = 10

Na+ ৰ ইলেকট্ৰনীয় বিন্যাস = K2, L8
∴ Na+ ৰ K আৰু L শ্বেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে।

23. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে।

X                           Y
প্ৰটন = 6             6
নিউট্ৰন = 6         6
X আৰু Y ৰ ভৰ সংখ্যা দিয়া। দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?

উত্তৰঃ X ৰ ভৰ সংখ্যা = 6+6 = 12
Y ৰ ভৰ সংখ্যা = 6+8 = 14
যিহেতু দুয়োটা পৰমাণুতে থকা প্ৰটনৰ সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ গতিকে দুয়ো সমস্থানিক

24. যদি ব্ৰ’মিন পৰমাণু 7935Br (49.7%) আৰু 8135Br (50.3%) সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ’ব গণনা কৰা।
উত্তৰঃ ব্ৰ’মিনৰ সমস্থানিক—
দুটা 7935Br আৰু 8135Br
(49.7%) (50.3%)
∴ ব্ৰ’মিনৰ গড় পাৰমাণৱিক ভৰ = 79 49.7 + 81 x 50.3 / 100
= 3926.3+4074.3/100
= 80.0064

READ MORE  আমি অসুস্থ হওঁ কিয়? | Chapter 13 | Class 9 General Science - SEBA

25. তলত দিয়া চিত্ৰ দুটাৰ পৰা পৰমাণুৰ যোজ্যতা নিৰ্ণয় কৰা।

উত্তৰঃ
(a) 0
(b) 1

26. কে’থড ৰশ্মিৰ উৎপত্তিৰ এটা চিহ্নিত চিত্ৰ আঁকা।
উত্তৰঃ

চিত্ৰ : কেথড ৰশ্মিৰ উৎপত্তি

27. হাইড্ৰজেনৰ সমস্থানিককেইটাৰ নাম লিখা আৰু ইহঁতৰ গঠন কেনেকুৱা লিখা।
উত্তৰঃ হাইড্ৰজেনৰ সমস্থানিককেইটা হৈছে—
(a) প্ৰটিয়াম (1/1 H)
(b) ডয়টেৰিয়াম (2/1H)
(c) ব্ৰিটিয়াম (3/1H)
ইহঁতৰ পাৰমাণৱিক গঠন—

28. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰঃ থমছনৰ মতে,
(i) পৰমাণু এটা ধণাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে।

ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম

29. তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকন কৰা।
উত্তৰঃ

চিত্ৰঃ ব’বৰ পৰমাণুৰ আৰ্হি

Long Type Questions and Answers (Marks : 3/4)

1. α- ৰশ্মি বিচ্‌চুৰণ পৰীক্ষাটো কোনে কৰিছিল? এই পৰীক্ষাটোত দুটা পৰ্যাবেক্ষণ লিখা।
উত্তৰঃ ৰাডাৰফ’ৰ্ডে।
এই পৰীক্ষাটোৰ দুটা পৰ্যাবেক্ষণ :-
(i) বেছি ভাগ α– কণিকা সোণৰ পাতখনৰ মাজেদি ওলাই যায়।
(ii)পাতখনৰ মাজেদি সৰকি যাওঁতে খুউব কম সংখ্যক α-কণিকাৰ পথৰ দিশ সলনি হয়। এই কম সংখ্যকৰ প্ৰায় 1000 টা কণিকাৰ এটা কণিকাৰ বিচ্যুতি 180° পৰ্য্যস্ত হয় অৰ্থাৎ সোণৰ পাতচলাত খুন্দা খাই অহা পথত উভতি যায়।

2. ক্লৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা?
উত্তৰঃ ক্লৰিণৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 7
∴ কুৰিণৰ যোজ্যতা =8-7=1

ছালফাৰৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 6
∴ ছালফাৰৰ যোজ্যতা = 8-6 = 2

মেগনেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 2
∴ মেগনেছিয়াম যোজ্যতা = 2

3. অষ্টক নিয়মটো কি এই নিয়মৰ সহায়ত মৌল এটাৰ যোজ্যতা কিদৰে নিৰূপণ কৰিবা এটা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ অষ্টকনিময় : ৰাসায়নিক মিলনৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষ আঠটা ইলেকট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে। ইয়াৰদ্বাৰা পৰমাণু এটাইপৰ্য্যাবৃত্ততালিকাত থকা ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ সুস্থিৰ ইলেকট্ৰনীয় সজ্জা লাভ কৰে।

অষ্টক নিয়মৰ সহায়ত মৌল এটাৰ যোজ্যতা নিৰ্ণয় কৰিব পাৰি। উদাহৰণ স্বৰূপে হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত মৌলৰ পৰমাণুৰ বহিঃকক্ষটো আঠটা ইলেকট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। সেয়ে, সম্ভ্ৰান্ত গেছসমূহে তাৰ বহিঃকক্ষত ইলেকট্ৰন গ্ৰহণ কৰা বা সেই কক্ষৰ পৰা ইলেকট্ৰন এৰি দিয়াৰ প্ৰবণতা নাথাকে। অৰ্থাৎ মৌলবোৰৰ যোজ্যতা শূণ্য, হিলিয়ামৰ পৰমাণুত এটা শক্তিস্তৰ আছে আৰু এই স্তৰত দুটা ইলেকট্ৰন থাকে বাবে হিলিয়ামৰ যোজ্যতাও শূণ্য হয়।

4. পৰমাণুত থকা মৌলিক কণিকা কেইটাৰ নাম লিখা। এই কণিকা কেইটাৰ ভৰ আৰু আধানৰ মান SI এককত লিখা।
উত্তৰঃ পৰমাণুত থকা মৌলিক কণিকা কেইটা হৈছে ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰন।
ইলেকট্ৰনত থকা আধানৰ পৰিমাণ = -1.602×10-19 কুলম্ব
ইলেকট্ৰনৰ ভৰ = 9.109 × 10-31 কি.গ্ৰা.
প্ৰটনত থকা আধানৰ পৰিমাণ = 1.602 × 10-19 কুলম্ব
প্ৰটনৰ ভৰ = 1.625×10-27 কি.গ্ৰা.
নিউট্ৰনত থকা আধানৰ পৰিমাণ = 0
নিউট্ৰনৰ ভৰ = 1.675 × 10-27 কি.গ্ৰা.

5. এটা মৌলৰ পাৰমাণবিক সংখ্যা 16 আৰু ভৰ সংখ্যা 34। মৌলটোত কিমানটা ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰন আছে? মৌলটোৰ ইলেকট্ৰনীয় বিন্যাসটো লিখা। মৌলটোৰ যোজ্যতা কি হ’ব?
উত্তৰঃ মৌলটোৰ পাৰমাণৱিক সংখ্যা = 16
মৌলটোৰ পাৰমাণৱিক সংখ্যা = 34
∴ ইলেকট্ৰনৰ সংখ্যা = 16
প্ৰটনৰ সংখ্যা = 16
নিউট্ৰনৰ সংখ্যা = 34 -16 =18
মৌলটোৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 6
মৌলটো যোজ্যতা = 8-6 = 2

6. একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেকট্ৰনীয বিন্যাস লিখা।
উত্তৰঃ সমস্থানিকঃ 3517cl আৰু 3217cl
ক্লৰিণৰ (cl) পাৰমাণৱিক সংখ্যা = 17
∴ ক্লৰিণৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 7

সমভাৰীঃ 4019Ar আৰু 4019K
আগনৰ (Ar) পাৰমাণৱিক সংখ্যা = 18
∴ আগনৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8
পটেছিয়ামৰ (k) পাৰমাণবিক সংখ্যা = 19
∴ পটেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8, 1

7. এটা মৌল X এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2u। নমুনাটোত সমস্থানিক 168X আৰু 188X ৰ শকতৰা পৰিমাণ কি কি?
উত্তৰঃ ধৰা হ’ল,
16X ৰ শতকৰা পৰিমাণ = P
188X ৰ শতকৰা পৰিমাণ= 100 – P

প্ৰশ্নমতে,
Px16 + (100-P) x 18/100 = 16.2
= 16p + 1800-18p = 1620
= -2p = 1620-1800
= -2p= -180
= p = 90
16X ৰ শতকৰা পৰিমাণ = 90
188X ৰ শতকৰা পৰিমাণ = 100 – 90 = 10

8. চিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কোনো মৌলৰ এটা পৰমাণুৱে ইয়াৰ ওচৰৰ সম্ৰাস্ত গেছৰ সজ্জা পাবলৈ যিমান সংখ্যক ইলেকট্ৰন এৰি দিয়ে বা গ্ৰহণ কৰে বা অন্য মৌলৰ পৰমাণুৰ সৈতে ভাগ কৰে সেই সংখ্যাটোকে সেই মৌলৰ যোজ্যতা বোলে। উদাহৰণস্বৰূপে—

চিলিকনৰ (Si) ইলেক্ট্ৰনীয় বিন্যাস – 2, 8, 4
∴ ইয়াৰ যোজ্যতা = 4
অক্সিজেনৰ (O) ইলেকট্ৰনীয় বিন্যাস = 2, 6
∴ ইয়াৰ যোজ্যতা = 8 – 6 = 2

9.অক্সিজেন আৰু ছালফাৰ পৰমাণুৰ ভৰ সংখ্যা উলিওৱা।
উত্তৰঃ অক্সিজেনৰ পৰমাণুত থকা—
প্ৰটনৰ সংখ্যা = ৪
নিউট্ৰনৰ সংখ্যা = 8
∴ পৰমাণুৰ ভৰ সংখ্যা = 8 +8 = 16
ছালফাৰৰ পৰমাণুত থকা
প্লটনৰ সংখ্যা = 16
নিউট্ৰনৰ সংখ্যা = 16
∴ পৰমাণুৰ ভৰ সংখ্যা = 16 +16 = 32

10. ৰাডাৰফৰ্ডৰ নিউক্লীয় আৰ্হিৰ বৈশিষ্ট্যবোৰ কি আছিল?
উত্তৰঃ ৰাডাৰফৰ্ডৰ নিউক্লীয় আৰ্হিৰ বৈশিষ্ট্যবোৰ হ’ল—
(i) পৰমাণুত ধণাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে। ইয়াক নিউক্লিয়াছ বোলে। পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছটোতেই থুপ খাই থাকে।

(ii) নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেকট্ৰনবোৰ ঘূৰি থাকে।

(iii) পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু।

11. প্ৰথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা।
উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্ৰন বণ্টনৰ নিয়মবোৰ হ’ল—
(i) পৰমাণু এটাৰ কোনো এটা কক্ষত ইলেকট্ৰনৰ—
সৰ্বাধিক সংখ্যা হ’ব 2n21 ইয়াত n হ’ল শক্তিস্তৰটোৰ সংখ্যা।

গতিকে,
প্ৰথম শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা (n=1, K কক্ষ) = 2 x 12 = 2

দ্বিতীয় শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা (n= 2, L কক্ষ) = 2×22 = 8

তৃতীয় শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা (n = 3, M কক্ষ) =2×32 = 18

চতুৰ্থ শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা (n = 4, N কক্ষ) =2×42 = 32 ইত্যাদি।

(ii) পৰমাণু এটাৰ বহিঃতম কক্ষত ৪টাতকৈ আৰু শেষৰ আগৰ কক্ষত 18 টাতকৈ বেছি ইলেকট্ৰন থাকিব নোৱাৰে।

(iii) এটা কক্ষ পূৰ্ণ হোৱাৰ আগতে নতুন কক্ষ এটা ইলেকট্ৰনেৰে পূৰ্ণ হ’বলৈ আৰম্ভ হ’ব পাৰে।

12. বৰ-বেৰী আচনি কি? এই আচনিখনৰ নিয়মবোৰ লিখা।
উত্তৰঃ পৰমাণু এটাৰ বিভিন্ন শক্তিস্তৰত ইয়াৰ ইলেকট্ৰনবোৰ কি ধৰণেৰে সজ্জিত হৈ থাকে সেই বিষয়ে 1921 চনত বৰ আৰু বেৰীয়ে এখন আচনি আগবঢ়ায়। এই আচনিখনক বৰ বেৰী আচনি বুলি কোৱা হয়। এই আচনিখনৰ নিয়মবোৰ তলত দিয়া হ’ল—

(i) পৰমাণু এটাৰ কোনো এটা কক্ষত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা হ’ব 2n2। ইয়াত n হ’ল শক্তিস্তৰটোৰ সংখ্যা।

গতিকে,
প্ৰথম শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা
(n=1, K কক্ষ) = 2 × 12 = 2

দ্বিতীয় শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা
(n = 2, L কক্ষ) = 2 × 22 = 8

READ MORE  গতি | Chapter 8 | Class 9 General Science - SEBA

তৃতীয় শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা
( n = 3, M কক্ষ) = 2 ×32 = 18

চতুৰ্থ শক্তিস্তৰত ইলেকট্ৰনৰ সৰ্বাধিক সংখ্যা
( n = 4, N কক্ষ) = 2 x 42 = 32 ইত্যাদি।

(ii) পৰমাণু এটাৰ বহিতম কক্ষত ৪টাতকৈ আৰু শেষৰ আগৰ কক্ষত 18 টাতকৈ বেছি ইলেকট্ৰন থাকিব নোৱাৰে।

(iii) এটা কক্ষ পূৰ্ণ হোৱাৰ আগতে নতুন কক্ষ এটা ইলেকট্ৰনেৰে পূৰ্ণ হ’বলৈ আৰম্ভ হ’ব পাৰে।

13. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হিকেইটা তুলনা কৰা।
উত্তৰঃ (A) থমছনৰ পৰমাণুৰ আৰ্হিঃ ধমছনৰ পৰমাণুৰ আৰ্হিৰ মতে—
(i) পৰমাণু এটা ধণাত্মকভাৱে আৰ্হিত একোটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে।

(ii) ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম

(B) ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিঃ ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে—
(i) পৰমাণু এটাৰ বেছিভাগ ঠাই খালি আৰু নিউক্লিয়াছটোত পৰমাণুটোৰ গোটেই ভৰখিনি থুপ খাই থাকে।

(ii) নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথত ঋণাত্মক আধানযুক্ত ইলেকট্ৰনবোৰ ঘূৰি থাকে।

(iii) ইলেকট্ৰনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান। (iv) নিউক্লিয়াছ আৰু ইলেকট্ৰনৰ মাজৰ কুলম্বীয় আকৰ্ষণ আৰু ইলেকট্ৰনবোৰে বৃত্তাকাৰ পথত ঘূৰি থাকোতে আৱশ্যকীয় অপকেন্দ্ৰীক বল এই দুয়োটা সাম্যৱস্থাত থাকে।

(C) ব’ৰৰ পৰমাণুৰ আৰ্হিঃ বৰৰ পৰমাণুৰ আৰ্হিৰ মতে—
(i) পৰমাণুৰ ভিতৰত ইলেকট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে।

(ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰনে শক্তি বিকিৰণ নকৰে ৷

14. ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটো ব্যাখ্যা কৰা। এই আৰ্হিৰ আসোঁৱাহ উল্লেখ কৰা।
উত্তৰঃ ৰাডাৰ ফৰ্ডৰ পৰমাণুৰ আৰ্হি—

ৰাডাৰফৰ্ডে তেওঁ কৰা পৰীক্ষাৰ পৰ্য্যাবেক্ষণবোৰৰ ব্যাখ্যা দাঙি ধৰি পৰমাণুৰ এটা আৰ্হি দিয়ে। তেওঁৰ আৰ্হিটোক নিউক্লিয় আৰ্হি বুলিও কোৱা হয়। ৰাডাৰফৰ্ডৰ মতে পৰমাণুত দুটা অংশ থাকে—
a. নিউক্লিয় অংশ। আৰু
b. বহিঃ নিউক্লিয় অংশ।

পৰমাণু টোৰ বেছি ভাগ ঠাই খালি আৰু নিউক্লিয়াছটোত পৰমাণুটোৰ গোটেই ভৰখিনি থুপ খাই থাকে। নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথত ঋণাত্মক আধানযুক্ত ইলেকট্ৰনবোৰ ঘুৰি থাকে। ইলেকট্ৰনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান। নিউক্লিয়াছ আৰু ইলেকট্ৰনৰ মাজৰ কুলম্বীয় আকৰ্ষণ আৰু ইলেকট্ৰনবোৰে বৃত্তাকাৰ পথত ঘূৰি থাকোতে আৱশ্যকীয় অপকেন্দ্ৰীক বল এই দুয়োটা সাম্যবস্থাত থাকে।

ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ আসোঁৱাহ—
ৰাডাৰফৰ্ড পৰমাণুৰ আৰ্হিটো সুস্থিৰ হ’ব নোৱাৰে বুলি বৰে দেখুৱাইছিল। বিকিৰণৰ বিদ্যুত চুম্বকীয় সূত্ৰ অনুসৰি আধান যুক্ত বস্তু এটা বৃত্তাকাৰ পথত ঘুৰি থাকিলে ই অবিচ্ছিন্নভাৱে শক্তি বিকিৰণ কৰিব। ৰাডাৰফৰ্ডৰ আৰ্হিত ইলেকট্ৰনবোৰ বৃত্তাকাৰ কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে। যিহেতু ইলেকট্ৰনটো ঋণাত্মক আধানযুক্ত, গতিকে বৃত্তাকাৰ পথত ঘূৰি থাকোতে ইলেকট্ৰনটোৱে অবিচ্ছিন্নভাৱে শক্তি বিকিৰণ কৰি থাকিব। ফলস্বৰূপে ইলেকট্ৰনটোৱে ক্ৰমান্বয়ে শক্তি হেৰুৱাই কুণ্ডলীৰ দৰে পথেৰে আহি নিউক্লিয়াছত পৰিবহি। অৰ্থাৎ ৰাডাৰফৰ্ডৰ পৰমাণুটো সুস্থিৰ হ’ব নোৱাৰে।

15. ছডিয়াম আয়ন আৰু ক্লাইড আয়নৰ ইলেকট্ৰনীয় বিন্যাস কেইটা লিখা। ছডিয়াম ক্লাইডৰ সংকেত কি হ’ব অষ্টক নিয়ম অনুসৰি লিখা।
উত্তৰঃ Na ৰ পৰমাণু ক্ৰমাংক = 11
∴ Na+ ৰ ইলেকট্ৰনীয় বিন্যাস = 2,8
Cl ৰ পৰমাণু ক্ৰংমাক = 17
∴ CI ৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8 Na য়ে এটা ইলেকট্ৰন ত্যাগ কৰি Na+ আয়ন হয় আৰু ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ Ne ৰ ইলেকট্ৰনীয় বিন্যাস লাভ কৰে।
Na – e→Na+
2.8.1. 2.8 (নিয়ণৰ সজ্জা)
CI য়ে এটা ইলেকট্ৰন গ্ৰহণ কৰি CI-আয়ন হয় আৰু ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ Ar ৰ ইলেকট্ৰনীয় বিন্যাস লাভ কৰে।
Cl + e →Cr
2.8.7 2.8.8 (আৰ্গনৰ সজ্জা)

এতিয়া ৰাসায়নিক বিক্ৰিয়াত Nac য়ে ত্যাগ কৰা ইলেকট্ৰনটো CI য়ে গ্ৰহণ কৰে। ফলত Na+ আয়ন আৰু CI আয়নৰ সৃষ্টি হয় আৰু বিক্ৰিয়াৰ ফলত Na+Cl সৃষ্টি হয়।

গতিকে ছডিয়াম ক্লৰাইডৰ সংকেত হ’ব NaCl

16. ব’ৰৰ পাৰমাণৱিক আৰ্হিৰ প্ৰকল্প কেইটা লিখা।
উত্তৰঃব’ৰৰ পাৰমাণৱিক আৰ্হিৰ প্ৰকল্প কেইটা হ’ল—

(i) পৰমাণু এটাৰ ইলেকট্ৰনবোৰে নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে।এই কক্ষপথবোৰক স্থিৰ কক্ষপথ বা শক্তিক্তৰ বোলে।

(ii) প্ৰতিটো শক্তিস্তৰত নিহিত থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট। শক্তিক্তৰবোৰক K, L, M, N বা 1, 2, 3, 4 – সংখ্যাৰ দ্বাৰা বুজোৱা হয়।

(iii) নিৰ্দিষ্ট কক্ষপথ এটাত ঘূৰি থাকোতে ইলেকট্ৰন এটাত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকা অৱস্থাত ইলেকট্ৰন এটাই শক্তিৰ অৱশোষণ বা বিকিৰণ নকৰো।

(iv) এটা কক্ষপথৰ পৰা অন্য এটা কফপথলৈ ইলেকট্ৰন এটাই জপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ কৰিব। তলৰ কক্ষপথৰ পৰা ওপৰৰ কক্ষপথলৈ গ’লে ইলেকট্ৰনে শক্তি অবশোষণ কৰিব আৰু ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জপিয়ালে ইলেকট্ৰনে শক্তি বিকিৰণ কৰিব।

17. ব’ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা।
উত্তৰঃ ব’ৰে পৰমাণুৰ আৰ্হিটো তলত দিয়া প্ৰকল্পবোৰৰ ওপৰত ভিত্তি কৰি দিছিল—

(i) পৰমাণু এটাৰ ইলেকট্ৰনবোৰে নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত ঘুৰি থাকে। এই কক্ষপথবোৰক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলি কোৱা হয়।

(ii) প্ৰতিটো শক্তিক্তৰত নিহিত থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট। শক্তিস্তৰবোৰক K, L, M, N……… বা 1, 2, 3, সংখ্যাৰ দ্বাৰা বুজোৱা হয় ৷ নিউক্লিয়াছৰ একেবাৰে ওচৰত শক্তিস্তৰটোৰ শক্তি নিম্নতম। নিউক্লিয়াছ পৰা আতৰি যোৱাৰ লগে লগে ওপৰলৈ কক্ষপথবোৰৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। অৰ্থাৎ পৰমাণু এটাত কক্ষপথবোৰৰ শক্তি বাঢ়ি যোৱাৰ ক্ৰমটো হৈছে K<L<M<N……

(iii) নিৰ্দিষ্ট কক্ষপথ এটাত ঘুৰি থাকোতে ইলেট্ৰন এটাত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকা অবস্থাত ইলেক্ট্ৰন এটাই শক্তিৰ অৱশোষণ বা বিকিৰণ নকৰে।

(iv) এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেকট্ৰন এটাই জপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অবশোষণ বা বিকিৰণ কৰিব। তলৰ কক্ষপথৰ পৰা ওপৰৰ কক্ষপথলৈ গ’লে ইলেকট্ৰনে শক্তি অৱশোষণ কৰিব আৰু ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জপিয়ালে ইলেকট্ৰনে শক্তি বিকিৰণ কৰিব।

18. তলত দিয়া মৌলবোৰৰ পৰা সমস্থানিক আৰু সমভাৰীবোৰ বাছি উলিয়াই ভৰ সংখ্যা, প্ৰটন সংখ্যা, ইলেকট্ৰন সংখ্যা আৰু নিউট্ৰন সংখ্যাৰ এখন তালিকা প্ৰস্তুত কৰা।

মৌলৰ নামপাৰমাণৱিক সংখ্যাভৰ সংখ্যাপ্ৰটনৰ সংখ্যানিউট্ৰনৰ সংখ্যাইলেকট্ৰনৰ সংখ্যা
হাইড্ৰ’জেন11101
হিলিয়াম23212
ফছফৰাচ1532151715
নাইট্ৰজেন715787
কাৰ্বন614786
আৰ্গন1840182218
ছালফাৰ1632161616
পটেছিয়াম1940192119
কেলছিয়াম2040202020

19. চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপ পাৰমাণৱিক কণাবোৰ তালিকাভূক্ত কৰা।
উত্তৰঃ

মৌলৰ চিহ্নপাৰমাণৱি সংখ্যাভৰ সংখ্যাইলেকট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যা নিউট্ৰনৰ সংখ্যা
H11110
D12111
T13112

20. ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা।
উত্তৰঃ ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্ম—

 ইলেকট্ৰনপ্ৰটননিউট্ৰন
বিদ্যুতি প্ৰকৃতিঋণাত্মকধনাত্মকপ্ৰশম
আধানৰ মান (কুলম্ব)1.602×10-19+1.602×10-190
ভৰ (গ্ৰাম)9.109×10-281.675×10-101.675×10-24

21. 15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে (3) চিন আৰু ভুল বাচনিৰ বিপৰীতে (x) চিন দিয়া। ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই—
(a) পাৰমাণৱিক নিউক্লিয়াছ।
(b) ইলেকট্ৰন।
(c) প্ৰটন।
(d) নিউট্ৰন আবিস্কাৰ কৰিছিল।
উত্তৰঃ

(a) পাৰমাণৱিক নিউক্সিয়াছ(3)
(b) ইলেকট্ৰন(x)
(c) প্ৰটন(x)
(d) নিউট্ৰন(x)

22. মৌল এটাৰ সমস্থানিকবোৰৰ—
(a) একে ভৌতিক ধৰ্ম।
(b) ভিন্ন ৰাসায়নিক ধৰ্ম।
(c) ভিন্ন সংখ্যক নিউট্ৰন।
(d) ভিন্ন পাৰমাণবিক সংখ্যা থাকে।
উত্তৰঃ

(a) একে ভৌতিক ধৰ্ম(3)
(b) ভিন্ন ৰাসায়নিক ধৰ্ম(x)
(c) ভিন্ন সংখ্যক নিউট্ৰন(3)
(d) ভিন্ন পাৰমাণৱিক(x)

23. CI- আয়নত যোজ্যতা ইলেকট্ৰনৰ সংখ্যা—
(a) 16
(b) 8
(c) 17
(d) 18
উত্তৰঃ

(a) 16(x)
(b) 8(3)
(c) 17(x)
(d) 18(x)

24. তলৰ তালিকাখন সম্পূৰ্ণ কৰা।

পামাণৱিক সংখ্যাভৰ সংখ্যানিউট্ৰনৰ সংখ্যাপ্ৰটনৰ সংখ্যাইলেকট্ৰনৰ সংখ্যাপৰমাণু/ আয়নৰ সংখ্যা
910
1632ছালফাৰ
2412
21
1010

উত্তৰঃ

পামাণৱিক সংখ্যাভৰ সংখ্যানিউট্ৰনৰ সংখ্যাপ্ৰটনৰ সংখ্যাইলেকট্ৰনৰ সংখ্যাপৰমাণু/ আয়নৰ সংখ্যা
9191099ফুৰিণ
1632161616ছালফাৰ
1224121212মেগনেছিয়া
12111ডিউটেৰিয়াম
11010হাইড্ৰজেন

25. তলত দিয়া মৌলসমূহৰ ইলেকট্ৰনীয় বিন্যাস লিখা।
He, B, C, O, Cl, Na, Al, Ca, K, S, P
উত্তৰঃ

মৌলইলেকট্ৰনীয় বিন্যাস
He2
B2,3
C2,4
O2,6
Cl2,8,7
Na2,8,1
Al2,8,3
Ca2,8,8,2
K2,8,81
S2,8,6
P2,8,5

26. ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানী কেইজনমানৰ নাম লিখা।
উত্তৰঃ

ইলেকট্ৰনJ. J. Thomson
প্লটনE.Rutherford
নিউট্ৰনSir Jame Chadwick

27. ছ’ডিয়ামৰ পৰা কেলছিয়ামলৈকে মৌলবোৰৰ পাৰমাণৱিক সংখ্যা, নিউট্ৰনৰ সংখ্যা আৰু ভৰ সংখ্যাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ

মৌলপাৰমাণৱিক সংখ্যা (Z) নিউট্ৰনৰ সংখ্যা (N)ভৰ সংখ্যা (A)
ছডিয়াম111213
মেগনেছিয়াম121224
এলুমিনিয়াম131427
ছিলিকন141428
ফছফৰাচ151732
ছালফাৰ161632
ক্লৰিণ171835
আৰ্গন182240
পটেছিয়াম192039
কেলছিয়াম202040

Leave a Comment

error: Content is protected !!
Scroll to Top