ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন | Chapter 1 | Class 9 Social Science – SEBA

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন | ইতিহাস | Chapter 1 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 1 Notes | SEBA Class 9 HSLC Social Science Chapter 1 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন | HSLC Social Science Questions and Answers Assam


ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

Multiple Choice Questions and Answers (MCQs)

1. ১৫৮০ খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক (Francis Drake) নামৰ ইংৰাজ নাৱিকজনে পৃথিৱী পদক্ষিণ কৰিছিল—
(ক) স্থলপথেৰে
(খ) জলপথেৰে
(গ) স্থলপথ আৰু জলপথেৰে
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) জলপথেৰে

2. ইংৰাজসকলে গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰে—
(ক) ১৬০১ খ্ৰীষ্টাব্দত
(খ) ১৬১০ খ্ৰীষ্টাব্দত
(গ) ১৬১১ খ্ৰীষ্টাব্দত।
(ঘ) ১৬০০ খ্ৰীষ্টাব্দত
উত্তৰঃ (গ) ১৬১১ খ্ৰীষ্টাব্দত

3. ব্যাল ফিচ নামৰ নাৱিকজনে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল—
(ক) ১৫২৮ খ্ৰীষ্টাব্দত
(খ) ১৫১৮ খ্ৰীষ্টাব্দত
(গ) ১৫৮২ খ্ৰীষ্টাব্দত
(ঘ) ১৫৩৮ খ্ৰীষ্টাব্দত
উত্তৰঃ (গ) ১৫৮২ খ্ৰীষ্টাব্দত।

4. ভাৰতবৰ্ষৰ লগত যোগাযোগৰ নতুন পথৰ সন্ধানৰ বাটকটীয়া আছিল—
(ক) পৰ্তুগীজসকল
(খ) গ্ৰীকসকল।
(গ) ইংৰাজসকল
(ঘ) ৰোমানসকল
উত্তৰঃ (ক) পৰ্তুগীজসকল।

5. ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পটুগীজ ৰাজকণ্যা থেনিক বিয়া কৰাই যৌতুক হিচাপে লাভ কৰা চহৰখন আছিল—
(ক) বোম্বাই
(খ) মাদ্ৰাজ
(গ) দিল্লী
(ঘ) কলিকতা
উত্তৰঃ (ক) বোম্বাই

Very Short Type Questions and Answers (Marks : 1)

1. কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফট ইউলিয়াম কিয় ৰখা হৈছিল?
উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে।

2. সত্যেন্দ্ৰ নাথ ঠাকুৰে কিমান চনত লোকসেৱাৰ পদবী লাভ কৰিছিল?
উত্তৰঃ ১৮৬৪ খ্ৰীষ্টাব্দত।

3. পলাশী যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত।

4. ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰঃ জেমছ মিডেন হ’ল।

5. চিপাহী বিদ্ৰোহৰ সময়ৰ গৱৰ্ণৰ জেনেৰে কোন আছিল?
উত্তৰঃ লৰ্ড লৰ্ড কেনিং।

6. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত।

7. পলাশী যুদ্ধৰ সময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব কোন আছিল?
উত্তৰঃ নবাব ছিৰাজ উদ্দৌলা।

8. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ ফান্সিছ ড্ৰেক।

9. কেতিয়াৰ পৰা গৱৰ্ণৰ জেনেৰেলক ভাই চৰয় বা ৰাজপ্ৰতিনিধি বোলা হয়?
উত্তৰঃ ১৮৫৮ চনৰ ভাৰত শাসন বিধিৰ সময়ৰ পৰা।

10. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ কত পোন প্ৰথমে উপস্থিত হৈছিল?
উত্তৰঃ ভাস্কো-ডা-গামা ১৪৯৮ খ্ৰীঃ দক্ষিণ ভাৰত্ৰ কালিকট বন্দৰ।

11. প্ৰথমজন ভাইচৰয় কোন?
উত্তৰঃ প্ৰথমজন ভাইচৰয় হৈছে লৰ্ড কেনিং।

12. ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কি?
উত্তৰঃ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল।

13. মহাৰাণীৰ ঘোষণ পত্ৰ কেতিয়া কেতিয়া ঘোষিত হৈছিল?
উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত।

14. কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম কি?
উত্তৰঃ ফৰ্ট উইলিয়াম।

15. লোকসেৱাৰ পদবী লাভকৰা প্ৰথমজন ভাৰতীয় কোন আছিল?
উত্তৰঃ সত্যেন্দ্ৰ নাথ ঠাকুৰৰ

16. উত্তমাশা অন্তৰীপ ক’ত অৱস্থিত?
উত্তৰঃ আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত।

17. ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কোনখন?
উত্তৰঃ চিপাহী বিদ্ৰোহ।

18. মন্টেগু চেমচফোৰ্ড প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ ১৯১৯ খ্ৰীষ্টাব্দত।

19. কোনগৰাকী ভাইচৰয়ৰ পোষকতাত স্বত্ববিলোপ নীতিক বিসৰ্জন দিয়া হৈছিল?
উত্তৰঃ ভাইচৰয় লৰ্ড কেনিংৰ পোষকতাত।

20. কোনজন পৰ্তুগীজ নাৱিক উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল?
উত্তৰঃ বাৰ্তোলোমিউ ডিয়াস (Bartholomew Diaz)।

21. কোনখন চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল?
উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে।

22. ভাইচৰয়জনৰ মুঠ দৰমহা কিমান আছিল?
উত্তৰঃ ভাইচৰয়জনৰ মুঠ দৰমহা আছিল ২,৫০,০০০ টকা। ইয়াৰ উপৰিও তেওঁ অন্যান্য ভাট্টা পাইছিল।

23. লোকসেৱাৰ পৰীক্ষা পূৰ্বতে কত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ইংলেণ্ডত।

24. কোনখন চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকবল কৰাৰ ক্ষেত্ৰত সম্মতি জনাইছিল?
উত্তৰঃ ১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে।

25. চিপাহী বিদ্ৰোহৰ সূচনা কৰা চিপাহীজনৰ নাম কি?
উত্তৰঃ মংগল পাণ্ডে।

26. কোনখন আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল?
উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দৰ ভাৰত শাসন আইনে।

27. চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ মহাৰাণী কোন আছিল?
উত্তৰঃ চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ মহাৰাণী আছিল ভিক্টোৰিয়া।

28. কোনখন আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিল?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে।

Long Type Questions and Answers (Marks : 4/5)

1. ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল—
ব্ৰিটিছ অধীন ভাৰতবৰ্ষত অসামৰিক লোকসেৱাত নিযুক্তি প্ৰক্ৰিয়া নিৰপেক্ষ নাছিল। প্ৰতিযোগিতামূলক পৰিক্ষা অনুষ্ঠিত কৰা হৈছিল যদিও এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত কৰাৰ বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল।

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতিৰ অৱলুপ্তি ঘটিছিল। সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ল। সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰদেশিক পৰ্য্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ’ল।

2. চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা প্ৰধান কাৰণ হ’ল—
(ক) ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অঅশান্তিয়ে বিদ্ৰোহৰ পৰিবেশ সৃষ্টি কৰিছিল।
(খ) ১৮৩৫ খ্ৰীঃ কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল।
(গ) ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনতন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল।
(ঘ) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাবলম্বী ভাৰতীয়ৰ মনত অযান্তিৰ।

READ MORE  ভাৰতবৰ্ষৰ ভূগোল | Chapter 8 | Class 9 Social Science - SEBA

3. চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল তলত উল্লেখ কৰা হ’ল—
(ক) ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতৰ শাসন ক্ষমতা ইষ্ট-ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ইংলেণ্ডৰ ৰাজমুকুট অৰ্থাৎ ইংলেণ্ডৰ গৃহ চৰকাৰৰ অধিনলৈ যায়।

(খ) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল।

(গ) চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সুচনা হৈছিল। আধুনিকতাৰ পৰশৰ নব্য শিক্ষিত এছাম ভাৰতীয়ই আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল।

(ঘ) চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে এখতাৰ ভাব জগাই তুলিছিল।

4. ভাৰতীয়, পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ ভাৰতীয় পৰিষদ আইন খন ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সাংসদে প্ৰণয়ন কৰিছিল। এই আইনখনৰ দুটা গুণ আৰু দুটা দোষ তলত উল্লেখ কৰা হ’ল—
দুটা গুণ:
(ক) এই আইনখনে সৰ্বোচ্চ প্ৰশাসনত ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ ৰা কৰি ভাৰতীয়ক বিধায়িনী ক্ষমতাত অংশ গ্ৰহণৰ ক্ষমতা দিছিল।

(খ) কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা এটা প্ৰৱৰ্তন্ত কৰি প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছিল।

দুটা দোষ:
(ক) এই আইনখনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেল নামমাত্ৰহে।

(খ) বংগৰ গৱৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰিছিল।

5. লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লৰ্ড লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰ তলত উল্লেখ কৰা হ’ল—
(ক) ১৮৫৯ খ্ৰীষ্টাব্দত বংগ ৰাজহ’ নামৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ৰায়তসকলক ভূমিৰ ওপৰত নিজস্ব কতৃত্ব প্ৰদান কৰিছিল।

(খ) শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনি খন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

(গ) ধপাতৰ ওপৰত কৰ ধাৰ্য্য কৰিছিল।

6. ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি ভোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰঃ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ’ল ৰাট ক্লাইব।

ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিস্কাৰ কৰাৰ আচনি লৈছিল। তেওঁ যুদ্ধ নবা মিত্ৰতাৰ চলেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, অযোধ্যাৰ নবাব আদিয়ে কোম্পানি সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কতৃত্ব বিসৰ্জন দিব লগা হৈছিল। পলাচী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদৰ্দোলাক চল চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ খাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

7. ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত প্ৰনয়ন কৰা ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল—
(ক) এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।

(খ) কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ (Board of Control) আৰু সঞ্চালক সভা (Count of Directors)ৰ কতৃত্বৰ অৱসান ঘটাইছিল।

(গ) ভাৰত শাসনৰ সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। তেওঁক ‘ভাৰত সচিব’ বোলা হয়। ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন। পৰিষদ গঠন কৰা হয়।

(ঘ) “ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। তেওঁক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰা হয়।

8. ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভণি কোনখন আইনৰ যোগেদি হৈছিল? আইনখনে কিদৰে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ মাজৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিছিল আলোচনা কৰা।
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন ব্ৰিটিছ সাংসদে প্ৰণয়ন কৰিছিল। এই আইনখনে ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভণি কৰিছিল।

১৮৬১ খ্ৰীষ্টাব্দ এই ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিল। ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল। এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্য সংখ্যা সৰ্বনিম্ন ছয়জনৰ পৰা সৰ্বাধিক বাৰজন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। মুঠ সদস্যৰ আধা সংখ্যক বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল। বেচৰকাৰী সদস্যসকলক অতিৰিক্ত সদস্য হিচাপে বিধান মণ্ডলত স্থান দিছিল আৰু তেওঁলোকৰ কাৰ্যকাল দুবছৰীয়া আছিল। তেওঁলোক ভাৰতস্থ ইংৰাজ বা দেশীয় ব্যক্তি হ’ব লাগিছিল।

এই আইনে দেশীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। এখন কাৰ্বাহী পৰিষদ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক তিনিজন ব্যক্তিক কাৰ্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। বাকী দুজন সদস্যক ব্ৰিটিছ সংসদে প্ৰত্যক্ষভাৱে নিয়োগ কৰাৰ ক্ষমতা পাইছিল। ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল।

১৮৬১ খ্ৰীষ্টাব্দৰ আইনে বংগ প্ৰদেশ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু পঞ্জাৱত বিধান পৰিষদ গঠনৰ নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশ ভিত্তিত ১৮৬২ খ্ৰীষ্টাব্দত বংগ ভংগ আৰু ১৮৯৮ খ্ৰীষ্টাব্দত পঞ্জাৱত বিধান পৰিষদ গঠন কৰা হৈছিল। এই ব্যৱস্থাৰ জৰিয়তে আইনখনে প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল।

READ MORE  মানৰ অসম আক্রমণ | Chapter 4 | Class 9 Social Science - SEBA

9. ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা। প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডক ৰজা-প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ (১৬০৫-১৬২৭) এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। তেওঁ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আঘ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ : প্ৰথম আগ্ৰাত প্ৰদাৰ্পন। কেপ্টেইন হকিন্সে প্ৰায় দুই বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা- বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা-প্ৰথম জেমছে ছাৰ টমাচৰ (Sir Thomas Roe) নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰৱে আজমীৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল। টমাচ ৰৱে আজসীৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল। উমাচ ৰৱে কোনো ধৰ্ণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছোতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্ৰচেষ্টা চলাই থাকিল আৰু ভিন্ন ভিন্ন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল।

১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাখছিয়াৰক (১৭১৩ ১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাখছিয়াক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে (Hamilton) চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। জাতী। দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিবিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

এইদৰে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা সম্পূৰ্ণ হৈছিল।

10. ইৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ ভাইচৰয় লৰ্ড মেয়ৰ কাৰ্যকালত (১৮৬৯-৭২) গ্ৰহণ কৰা ‘বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল। ১৮৭০ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশ বিলাকক দিয়া হৈছিল। উক্ত বিভাগসমূহৰ ভিতৰুৱা প্ৰাদেশিক কামৰ বাবে কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থৰ যোগান ধৰাৰ নিয়ম কৰা হয়। কেন্দ্ৰ নিৰ্দেশৰ ভিত্তিত প্ৰাদেশিক চৰকাৰেও বিভাগ পৰিচালনাৰ নামত স্থানীয় কৰ কাটলৰ যোগেদি পুঁজি সংগ্ৰহ কৰিব লগা হয়। মেয়ৰ এই প্ৰস্তাৱৰ আঁত ধৰি লৰ্ড ৰিপণে (১৮৮০-৮৪) ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল।

লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল কৰ্ড (আঞ্চলিক পৰিষদ) গঠন কৰে। প্ৰয়োজন অনুসৰি প্ৰত্যেকখন লোকেল ব’ৰ্ডৰ অধীনত থকা গ্ৰামাঞ্চলৰ লাটসমূহত একোখনকৈ প্ৰাথমিক বৰ্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লোকেল ক’ৰ্ডৰ অধিকাংশ সদস্য নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।

লৰ্ড ৰিপনৰ নিৰ্দেশমৰ্মে স্বায়ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্য্যকৰি কৰা হৈছিল। কিছুমান প্ৰদেশত জিলা পৰ্য্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন কৰিছিল। গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহতো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকাৰ নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰি লোৱাৰ ব্যৱস্থা কৰা হৈছিল। আনকি নগৰীয়া অঞ্চলৰ এই নিকায়সমূহৰ সভাপতিগৰাকীক প্ৰয়োজন। বোধে নিৰ্বাচন কৰিব পৰা গৈছিল।

এইদৰে ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে ভাৰতীয়সকলৰ মাজত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰা হৈছিল।

11. মোগল সাম্ৰাজ্যৰ পতনৰ পৰা ১৮৭৫ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ’লৈকে কোম্পানিৰ আমোলৰ এটি চমু আভাষ দিয়া।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজন্যবৰ্গক ক্ষমতাচ্যুত কৰি সিঁচৰিত হৈ থকা ৰাজখণ্ড সমূহক একত্ৰিত কৰি বিস্তাৰিত ভাৰত ব্ৰিটিছ ভূ এলাকাত কেন্দ্ৰীয় শাসনমন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। ৰবাৰ্ট ক্লাইবৰ পৰা লৰ্ড ডেলহাউচীৰ শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল।

ৰবাৰ্ট ক্লাইবৰ দ্বিতীয়টো প্ৰশাসন (১৭৬৫-৬৭) ভাৰতত কোম্পানিৰ শাসনৰ এটা উল্লেখযোগ্য সময় আছিল। এইদোৱা সময়তে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানিয়ে ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল তথা দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল।

লৰ্ড ওৱাৰেণ হেষ্টিংছৰ কাৰ্যকালত (১৭৭৪-৮৫) ইষ্ট-ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল। পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়াকোম্পানিৰ শাসনৰ প্ৰথমছোৱা সময়ৰ ভিতৰত কলিকতা, বোম্বাই আৰু মাদ্ৰাজ কোম্পানিৰ ঘাই শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। কেন্দ্ৰ কেইটাৰ সৰ্বোচ্চ শাসক গৰাকী প্ৰেছিডেণ্টৰ বিষয়বাব দিয়া হৈছিল। প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক ‘প্ৰেছিডেন্সি’ নামে জনাজাত হৈছিল। ১৭৭৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইনৰ যোগেদি বংগ প্ৰেছিডেন্সি গৱৰ্ণৰজনক ‘গৱৰ্ণৰ ডেনেৰেল’ উপাধিৰে স্বীকৃতি প্ৰদান কৰি বোম্বে আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। এই ব্যৱস্থাটোৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা হৈছিল। ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল। ১৮৩৩ আৰু ১৮৫৩ খ্ৰীষ্টাব্দত ব্ৰিটিৰ সংসদে বিধিবদ্ধ কৰা দুয়োখন চনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল।

12. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।
উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ তিনিটা মূল স্থান যেনে মাদ্ৰাজ, বোম্বাই আৰু কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ বাবে কোম্পানীয়ে গ্ৰহণ কৰা তিনিটা মূল কৌশল তলত উল্লেখ কৰা হ’ল—

READ MORE  অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | Chapter 5 | Class 9 Social Science - SEBA

(ক) ১৬৩৬ খ্ৰীষ্টাব্দত কোম্পানিয়ে আৰগাঁৱত এটা বাণিজ্য, কেন্দ্ৰ মুকলি কৰে। পিছত ১৬৩৯ খ্ৰীষ্টাব্দত এই কেন্দ্ৰটো মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ তুলি নিয়া হয়। ইয়াৰ বাবে কোম্পানীয়ে চন্দ্ৰগিৰিৰ ৰজাৰ লগত এখন চুক্তি সম্পন্ন কৰে।

(খ) ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীষ্টাব্দত পঞ্চাশ হাজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তক কৰিছিলি। তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল।

(গ) ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজানাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ। নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফাৰ্ট উইলিয়াম’ ৰখা হৈছিল।

13. চিপাহী বিদ্ৰোহৰ ফলত ভাৰত শাসন ব্যৱস্থাত কেনেধৰণৰ সাংবিধানিক পৰিৱৰ্তন সাধন হৈছিল বহ’লাই লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। ভবিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একানপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পন কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব’ বোলা হৈছিল। ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয়। পৰিষদখনৰ মুঠ সদস্যৰ ৮ জন ইংৰাজ চৰকাৰৰ আৰু বাকী ৭ জন সদস্য কোম্পানিৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ’ল। পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দি সকলো সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।

ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধি খিতাপ প্ৰদান কৰা হয়। ভাইচৰয় জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰা হয় আৰু কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। ভাৰত সচিব আৰু ভাৰত ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

14. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত লোকসেৱাৰ পদবিসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পুৰণ কৰা হৈছিল ভাৰত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ যোৱাৰ পিছত ভাৰতীয় শিক্ষিতসকলেও লোকসেৱাৰ পদবিত দেশীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বাবে আঘ্ৰহ প্ৰকাশ কৰিছিল। শিক্ষিত ভাৰতীয়ৰ মনত গঢ়ি উঠা এনে প্ৰবণতাৰ প্ৰতি লক্ষ্য ৰাখি উনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

১৭৯৩ খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী আইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবিসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবে সংৰক্ষিত কৰাৰ নিয়ম বলৱৎ কৰা হৈছিল।

১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। ১৮৩৩ খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু ১৮৪৩ খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ’ব বুলি জানিবলৈ দিছিল।

১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল। ১৮৬৪ খ্ৰীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰ নাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল।

ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল। পিছত ইয়াৰ বিৰূদ্ধে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ে গঢ়ি তোলা তীব্ৰ জনজাগৰণৰ ফলত ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল।

ভাৰতীয় জাতীয় কংগ্ৰেছে জন্মলগ্নৰে পৰা লোক সেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰ্বিলৈ দাবী জনাই আহিছিল। ভাইচৰয় লৰ্ড ডাৰফিনে গোটেই বিষয়টো বিবেচনা কৰিবলৈ ১৮৮৬ খ্ৰষ্টাব্দত পাব্লিক ছাৰ্ভিচ কমিছন গঠন কৰিছিল। ১৯২২ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লৰ্ড ইচলিংটনৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাভিচ গঠন কৰিছিল। কিন্তু ইংলেণ্ড আৰু ভাৰতত একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টোৰ ক্ষেত্ৰত কোনো এখন কমিছনে কাৰ্যকৰী ব্যৱস্থা ল’ব পৰা নাছিল।

মন্টেগু চেমচফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনে ভাৰতবৰ্ষৰ মুঠ তিনি ভাগৰ এভাগ পদবি দেশীয় লোকৰ দ্বাৰা পূৰণ কৰা হ’ব বুলিও উল্লেখ কৰিছিল।

মন্টেগু চেমচফোৰ্ড প্ৰতিবেদন আৰু ১৯১৯ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ১৯২৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লী, আযোগ গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ১৫ টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। ১৯৩৫ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনখনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু ‘প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল যদিও কাৰ্য্যকৰি হৈ উঠা নাছিল।

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতি অৱলুপ্তি ঘটিছিল। সৰ্বভাৰতীয় পৰ্য্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ল। সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্য্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ’ল।

Leave a Comment

error: Content is protected !!
Scroll to Top