অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি

অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | Chapter 5 | Class 9 Social Science – SEBA

অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | ইতিহাস | Chapter 5 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 5 Notes | SEBA Class 9 HSLC Social Science Chapter 5 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 5 অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | HSLC Social Science Questions and Answers Assam


অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি

Multiple Choice Questions and Answers (MCQs)

1. ডেভিদ স্কটৰ শাসন কালত নামনি অসমৰ সদৰ ঠাই আছিল—
(a) ৰংপুৰ
(b) তেজপুৰ
(c) গুৱাহাটী
(d) এটাও নহয়।
উত্তৰঃ (c) গুৱাহাটী

2. ডেভিদ স্কট ন্যায়াধীশ আছিল—
(a) চিলেট জিলাৰ
(b) গোৱালপাৰা জিলাৰ
(c) কামৰূপ জিলাৰ
(d) এটাও নহয়।
উত্তৰঃ (a) চিলেট জিলাৰ।

3. ডেভিদ স্কট মৃত্যু হৈছিল—
(a) ১৮২৬ খ্ৰীঃত।
(b) ১৮৩১ খ্ৰীতে।
(c) ১৮২৩ খ্ৰীঃত।
(d) ১৮৩২ খ্ৰীঃত।
উত্তৰঃ (b) ১৮৩১ খ্ৰীঃত।

4. ডেভিদ স্কট শাসনকালত উজনি অসমৰ সদৰ ঠাই আছিল—
(a) ৰংপুৰ
(b) গুৱাহাটী
(c) তেজপুৰ
(d) এটাও নহয়।
উত্তৰঃ (a) ৰংপুৰ

5. আসাম লাইট ইনফেন্ট্ৰি নামৰ সামৰিক বাহিনীটো গঠন কৰা হৈছিল—
(a) ১৮২৬ খ্ৰীঃত।
(b) ১৮৬২ খ্ৰীঃত।
(c) ১৮১৬ খ্ৰীঃত।
(d) ১৮২৪ খ্ৰীঃত।
উত্তৰঃ (a) ১৮২৬ খ্ৰীঃত

Very Short Type Questions and Answers (Marks : 1)

1. অসমৰ শেষ আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰঃ পুৰন্দৰ সিংহ।

2. ইঙ্গবাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮২৪ চনত।

3. নগাঁতআৰুৰহৰ খাজনা সংগ্ৰহৰ দায়িত্ব কাক কাক দিয়া হৈছিল?
উত্তৰঃ আৰাধন ৰয় আৰু লতা পানীফুকনক।

4. ইয়াণ্ডাব সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ ১৮২৬ চনত ইংৰাজ আৰু মানৰ মাজত।

5. বাৰ্টনৰ সংস্কাৰসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ তিনি ভাগত ভগাব পাৰি। যেনে– ৰাজহ, প্ৰশাসনিক আৰু বিচাৰ বিভাগীয়

6. বৃটিছে গাৰো পাহাৰৰ সদৰ ক’ত স্থাপন কৰিছিল?
উত্তৰঃ তুত।

7. টাংগনি গোটসমূহৰ দায়িত্ব কাক দিয়া হৈছিল?
উত্তৰঃ একোজন ফুকন, ৰাজখোৱা আৰু বৰুৱাক।

8. গোভা ৰাজ্য ক’ত অৱস্থিত?
উত্তৰঃ নগাঁৱৰ পশ্চিমত জয়ন্তীয়া ৰাজ্যৰ অধীনত।

9. অসমত বঙ্গদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কোনে কৰিছিল?
উত্তৰঃ মেজৰ, জেনকিন্সে।

10. কোনে চিংফৌসকলক পুনৰ দমন কৰিছিল?
উত্তৰঃ নিউভিলে।

11. পুৰন্দৰ সিংহক বৃটিছে কিমান টকাকৈ কৰ দিব কৈছিল?
উত্তৰঃ ৫০,০০০ টকাকৈ।

12. চিংফৌৰ মুখীয়ালজনক কি বোলা হৈছিল?
উত্তৰঃআগি বা মিৰেং আগি।

13. গোৱালপাৰা আৰু গাৰোপাহাৰৰ অসামৰিক কমিছনাৰৰ দায়িত্ব কাক অৰ্পণ কৰা হৈছিল?
উত্তৰঃ ডেভিদ স্কটক।

14. অসমত পোন প্ৰথম বৃটিছ প্ৰশাসনৰ বিৰোধিতা কোনজন আহোমে কৰিছিল?
উত্তৰঃ গোমধৰ কোঁৱৰে।

15. মটকৰ ৰাজধানী কি আছিল?
উত্তৰঃ ৰঙাগড়া।

16. খেলোৱাৰী ব্যৱস্থাৰ প্ৰচলন ক’ত আছিল?
উত্তৰঃ দৰঙত উত্তৰ অঞ্চলত।

17. আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰঃ দুশ বছৰ ৷

18. মেজৰ জেনকিন্সে অসম সম্বন্ধে কোনখন আলোচনীত প্ৰবন্ধ লিখিছিল?
উত্তৰঃ “এছিয়াটিক চছাইটি অৱ বেঙ্গল” নামৰ আলোচনীখনত।

19. ৰবাৰ্টচনৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ জেনকিন্স।

20. কৰ সংগ্ৰহৰ দায়িত্ব কাক দিয়া হৈছিল?
উত্তৰঃ পুৰণি খেলসমূহৰ বিষয়া সকলক।

21. উজনি অসমৰ বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ অঞ্চলটোক বৃটিছে কি ৰাজ্য হিচাপে স্বীকৃতি দিছিল?
উত্তৰঃ মটক ৰাজ্য।

22. আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ চুকাফা।

23. কোনজন কমিছনাৰৰ দিনত উজনি অসমত আহোম ৰজাৰ শাসন পুনৰ প্ৰাতস্থা হৈছিল?
উত্তৰঃ ৰবাৰ্টচনৰ দিনত।

24. ব্ৰিটিছ পশাসনৰ আৰম্ভণিত গাৰো পাহাৰ কোনখন জিলাৰ অংশ আছিল?
উত্তৰঃ গোৱালপাৰা।

25. খাচী চিয়েম তিৰৎ সিঙে বৃটিছক কোনটো পথসাজীবলৈ অনুমতি দিছিল?
উত্তৰঃ ৰাণীৰ পৰা নংখৌৰ মাজেৰে যোৱা পথটো।

26. ডেভিদ কটক ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্ব ভাৰ হৈছিল?
উত্তৰঃ ১৮২০ খ্ৰীষ্টাব্দত। ও কেতিয়া অৰ্পণ কৰা।

27. মেজৰ জেনকিন্সৰ সময়ত জিলাসমূহক কি গোটত ভাগ কৰা হৈছিল?
উত্তৰঃ টাংগনি নামেৰে কিছুমান ৰাজহ গোটত।

28. পূৰণি নথি-পত্ৰত নগাঁও জিলাৰ নাম কি বুলি উল্লেখ আছিল?
উত্তৰঃ খাগৰিজান।

29. বৃটিছে নগা পাহাৰত অভিযান চলাই কি ৰাজ্য দখল কৰিছিল?
উত্তৰঃ আঙ্গাসী ৰাজ্য।

30. পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ কেতিয়া আৰু ক’ত ফাচী দিয়া হৈছিল?
উত্তৰঃ ১৮৩০ খ্ৰীষ্টাব্দত আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত।

31. চিংফৌসকল ক’ত আছিল?
উত্তৰঃ মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেভাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল।

32. লুচাই বা মিজোসকলৰ লগত ইংৰাজসকলৰ প্ৰত্যক্ষ সম্পৰ্ক কেতিয়া হয়?
উত্তৰঃ কাছাৰ অধিকাৰৰ পিছত।

33. চিংফৌ অঞ্চল কিদৰে ইংৰাজৰ তললৈ গৈছিল?
উত্তৰঃ গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ যায়।

34. বৃটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত কোন উপত্যকাৰ সৈতে যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল?
উত্তৰঃ সৰমা উপত্যকাৰ সৈতে।

35. বৃটিছে উজনি অসমত পাইক প্ৰথা উঠাই দি কেনে ধৰণৰ ৰাজৰ ব্যৱস্থা কৰিছিল?
উত্তৰঃ উজনি অসমত পাইক প্ৰথা উঠাই দি তাৰ বিনিময়ত প্ৰত্যেকজন লোকৰ পৰা তিনি টকা হাৰে খাজনা আদায় কৰিছিল।

36. বৰঙণি কি?
উত্তৰঃ আহোম শাসনৰ সময়ত কৰ মুক্ত দেবোত্তৰ, বক্ষোত্তৰ আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজনা নিৰূপন কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বোলা হৈছিল।

READ MORE  মানৰ অসম আক্রমণ | Chapter 4 | Class 9 Social Science - SEBA

37. ৰাণী ৰাজ্যৰ বিৰূদ্ধে হোৱা যুদ্ধত বৃটিছে কাক সহায় কৰিছিল?
উত্তৰঃ ৰাণীৰ ৰজাক।

38. গা-মাটি’ আৰু গা-ধন’ কি?
উত্তৰঃ নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বোলা হৈছিল।

39. বিত্তীয় কৰ কি?
উত্তৰঃ মাটিৰ খাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিত নিয়োজিত লোকসকলৰ ওপৰতো স্কটে কৰ বত্বাইছিল। ইয়াকে বিত্তীয় কৰ বোলা হৈছিল। তাঁতী, , মাছমৰীয়া, কঁহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল।

40. ডেভিদ স্কট কোন আছিল?
উত্তৰঃ কোম্পানীৰ এজেন্ট যিয়ে অসমলৈ আহি গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ বৃহৎ অঞ্চল অধিকাৰ কৰিছিল।

41. তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
উত্তৰঃ খাচী ৰাজ্যৰ।

42. গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ কাছাৰ ৰাজ্যৰ।

43. মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰঃ বৰ সেনাপতি।

44. ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ ক্ৰেৰুকট।

45. ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ/গোবিন্দ চন্দ্ৰ/তিৰৎ সিঙক চিলেটলৈ নিৰ্বাসন সিছিল। (শুদ্ধ উত্তৰ বাছি উলিওৱা)
উত্তৰঃ ৰাজেন্দ্ৰ সিংহ।

46. তিৰৎ সিং খাচী/মণিপুৰী/জয়ন্তীয়া দেশপ্ৰেমিক আছিল। (শুদ্ধ উত্তৰ বাছি উলিওৱা)
উত্তৰঃ খাচী।

47. অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ/কমলেশ্বৰ সিংহ/পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ। (শুদ্ধ উত্তৰ বাছি উলিওৱা)
উত্তৰঃ পুৰন্দৰ সিংহ।

Long Type Questions and Answers (Marks : 4/5/6)

1. তুলাৰাম সেনাপতি। —চমুটোকা লিখা।
উত্তৰঃ তুলাৰাম সেনাপতি আছিল কাছাৰৰ সেনাপতি। কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰ নিঃসন্তান আছিল বাবে তেওঁৰ সেনাপতি তুলাৰামে সমগ্ৰ কাছাৰ অঞ্চল বৃটিছৰ পৰা দাবী কৰিছিল। কিন্তু বৃটিছে বিদ্ৰোহী তুলাৰামৰ দাবী নামানি উত্তৰ কাছাৰ ৰাজ্যৰ পৰ্বতীয়া অঞ্চলহে তেওঁক এৰি দিছিল। তাৰবাবে তুলাৰামে বৃটিছক বছৰি ৭০ পাউণ্ড ওজনৰ চাৰিটা হাতীৰ দাঁত দিছিল। পিছলৈ হাতী দাতৰ মূল্য-স্বৰূপ ৪৯০ টকা দিছিল। ১৮৩২ খ্ৰীষ্টাব্দত বৃটিছে তুলাৰামক মাহিলি পঞ্চাশ টকাৰ অৱসৰ বৃত্তি দি কাছাৰ দখল কৰিছিল। ১৮৪০ খ্ৰীষ্টাব্দত তুলাৰাম সেনাপতিৰ মৃত্যু হয়। তেওঁৰ পুত্ৰদ্বয় আছিল নকুলৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মন। তুলাৰাম সেনাপতিৰ মৃত্যুৰ পিছত ৰাজ্যখন তেওঁৰ দুই পুত্ৰৰ মাজত ভাগ কৰি দিয়া হয়। ৰায়।

2. ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল। —চমুটোকা লিখা।
উত্তৰঃ মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখীয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি-পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ’ল। পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল। ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডা ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফৌসকলে ষড়যন্ত্ৰমূলকভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুনৰ চিংফৌসকলক দমন কৰিবলগীয়া হৈছিল।

3. তিৰৎ সিং। —চমুটোকা লিখা।
উত্তৰঃ তিৰৎ সিং আছিল খাচী পাহাৰৰ চিয়েম। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখেটৰ মাজেৰে এই পথ সজিবলৈ খাচীচিয়েস তিৰৎ সিং অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হলে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখীয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তিৰৎ সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধেহোৱা যুদ্ধত তিৰৎ সিংক বৃটিছে সহায়। নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হৈছিল। ১৮২৯ খ্ৰীষ্টাব্দত তিৰৎ ঙিঙে খাচী সন্যসামন্তলৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। ১৮৩৩ চনলৈকে এইদৰে যুঁজ বাগৰৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰু এনেকৈয়ে খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়।

4. ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। —চমুটোকা লিখা।
উত্তৰঃ বৰ্মী আক্ৰমণৰ পৰৱৰ্তীকালত সৃষ্টি হোৱা অশান্ত বাতাৱৰণৰ কালছোৱাত জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনাৰ সীমায়েদি বৃটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত বৃটিছে তেওঁলোকক ভাবুকি দিছিল। ১৮৩৫ খ্ৰীষ্টাব্দৰ ১৫ মাৰ্চত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য জয় কৰে। এই সংক্ৰান্তত কোনো ডাঙৰ যুদ্ধ বিগ্ৰহ হোৱা নাছিল। জয়ন্তীয়াৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিয়া হৈছিল। বৃটিছে তেওঁক পাঁচশ টকা মাহিলি অৱসৰ বৃত্তি দিছিল। জয়ন্তীয়া চিনতেনসকলৰ পৰা বৃটিছে কলোৱা নাছিল। এজন পলিটিকেল এজেন্টে বৃটিছৰ হৈ সেই তাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল।

5. পুৰন্দৰ সিংহ। —চমুটোকা লিখা।
উত্তৰঃ ১৮৩৩ খ্ৰীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে পুৰৰ সিংহক উজনি অসমৰ ৰজা পাতে। শদিয়া আৰু মটক ৰাজ্য বাদ দি ধনশিৰিৰ পৰা উজনিৰ সমূদায় অঞ্চল তেওঁৰ ৰাজ্যৰ অন্তৰ্গত আছিল। পুৰন্দৰ সিংহই কোম্পানীক বছৰি ৫০ হাজাৰ টকা কৰ দিবলৈ মান্তি হয়। তেওঁৰ ৰাজধানী আছিল যোৰহাট। কিন্তু এইদৰে ৰাজপাট গ্ৰহণ কৰি পুৰন্দৰ সিংহই বিপদতহে পৰে। আহোমৰ পাইক প্ৰথা আৰু শাসন পদ্ধতিৰ তেতিয়া সলনি হৈছিল। সেয়ে পুৰন্দৰ সিংহই বৃটিছক কৰ দিয়াত বহুতো পুৰন্দৰ সিংহ বিফল হৈছিল। ১৮৩৮ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত কোম্পানীয়ে পুৰন্দৰ সিংহৰ প্ৰশাসন ব্যৰ্থ হৈছে বুলি অভিযোগ আনি শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাত নিজৰ পোনপটীয়া শাসন প্ৰৱৰ্তন কৰিছিল। ১৮৩৯ খ্ৰীষ্টাব্দত এখন ঘোষণা পত্ৰযোগে পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি তেওঁলৈ মাহিলি এহেজাৰ টকাৰ এটা অৱসৰ বৃত্তি আগবঢ়োৱা হয়। পুৰন্দৰ সিংহই এই বৃত্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ৰ বৃটিছ কমিছনাৰ আছিল জেনকিন্স। জেনকিন্সৰ দ্বাৰা গঠিত এজনীয়া তদন্ত কমিটিৰ পৰামৰ্শ অনুযায়ী পুৰন্দৰ সিংহ গাদিচ্যুত হৈছিল।

6. গোমধৰ কোঁৱৰ। —চমুটোকা লিখা।
উত্তৰঃ অসমত পোন প্ৰথম ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ আছিল। গোমধৰ কোঁৱৰক সমৰ্থন কৰিছিল, ধনঞ্জয় পিয়লি বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীম দুলীয়া বৰুৱা আদিয়ে। ইংৰাজে উজনি অসমৰ সামৰিক শাসন ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল। সেই অৱস্থাৰ সুযোগ লৈ গোমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল। গোমধৰে ভবাৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্বল নাছিল, তেওঁলোকে তৎক্ষণাৎ বিদ্ৰোহ দমন কৰে। গোমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে। সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিদ স্কটে গোমধৰ কোঁৱৰ প্ৰমুখ্যে বিদ্ৰোহীক সাত বছৰকৈ বংগদেশৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে। হৰনাথে বিচাৰত খালাছ পাইছিল আৰু কিছুদিনৰ মূৰত তেওঁ সংগীসকলক ফাটেকৰ পৰা পলুৱাই নিবলৈ সক্ষম হৈছিল। গোমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত ৭ বছৰলৈ কাৰাবাস খাটিবলগীয়া হয়। পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গোমধৰ কোঁৱৰ কলৈ গ’ল সেই বিষয়ে জনা নাযায়।

READ MORE  অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | Chapter 12 | Class 9 Social Science - SEBA

7. বৃটিছসকলে প্ৰশাসনীয় কাম কাজ চলাবলৈ কৰ পৰা কৰ্মচাৰী আনিছিল আৰু কিয়?
উত্তৰঃ বৃটিসকলে বংগদেশৰ পৰা কৰ্মচাৰী আনিছিল।
নৱ অধিকৃত অসমত পুৰণি শাসন ব্যৱস্থা বদ কৰি হঠাতে নতুন ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকাত বৃটিছসকলে আহোম বিষয়াসকলক কেতবোৰ দায়িত্বপূৰ্ণ প্ৰশাসনিক ভাৰ দিছিল। কিন্তু এনেদৰে চৰকাৰী কাম কৰাৰ অভ্যাস নথকাত তেওঁলোকে বৃটিছৰ এধীনত কাম কৰিবলৈ ভাল পোৱা নাছিল। সেয়ে বৃটিছে পিছলৈ বংগদেশৰ পৰা কেতবোৰ কৰ্মচাৰী আনি অসমত প্ৰশাসনীয় কাম কাজ চলাইছিল।

8. ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল?
উত্তৰঃ ১৮৩২ ৰ পৰা ১৮৩৪ খ্ৰীষ্টাব্দত অসমত কমিছনাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্ৰিটিছ বিষয়া ৰবাৰ্টচন এজন কৰ্মপটু আৰু দূৰদৰ্শী বিষয়া আছিল। ৰবাৰ্টছনে তেওঁৰ কাৰ্যকালত ভালেমান সংস্কাৰ সাধন কৰিছিল৷ তেওঁৰ সংস্কাৰসমূহ তিনি ভাগত ভগাব পাৰি ৰাজহ, প্ৰশাসনিক, আৰু বিচাৰ বিভাগীয় সংস্কাৰ।

ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখা দিয়া মেজালিসমূহ আঁতৰ কৰিবলৈ তেওঁ ভালেমান ব্যৱস্থা হাতত লৈছিল। দৰঙৰ উত্তৰ অঞ্চলত ১৮৪১ খ্ৰীষ্টাব্দলৈকে খেলোৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল। তেওঁ কামৰূপত ঘৰে প্ৰতি, দৰঙত ৰান্ধনিশালে প্ৰতি আৰু নগাঁৱত জনমূৰি কৰৰ ব্যৱস্থা কৰিছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ তেওঁ কৰ নিৰ্ধাৰণৰ বাবে ভূমি, ঘৰ বাৰী, অৰণ্যা অঞ্চল আৰি বিৱৰণী সংগ্ৰহ কৰিছিল। তদুপৰি ৰায়তক পট্টা আৰু খাজনা আদায়ৰ ৰচিদ দিয়া হৈছিল। ৰাজহ আদায়ৰ বাবে নিযুক্ত কৰ্মচাৰীসকলক সংগৃহীত কৰৰ ৭ ৰ পৰা ১৫ শতাংশ লৈকে মাননি হিচাবে আগবঢ়োৱা হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু সুৰা গোচৰ সুধিলেও তেওঁলোকে কলেক্টৰক নজনোৱাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। বাৰ্টচনৰ এনেবোৰ সংস্কাৰে ৰায়ৰ উপকাৰ সাধিছিল।

9. তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল?
উত্তৰঃ তিৰৎ সিং খাছি চিয়েম আছিল।
ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েম তিৰৎ সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হলে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখীয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তিৰৎ সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎ সিঙক বিটিছে সহায় নকৰিলে, বঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হ’ল। ১৮২৯ খ্ৰীষ্টাব্দত তিৰৎ বিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানিৰ লোকৰ ওপৰত আক্ৰমণ চলায়। ১৮৩৩ চনলৈকে এইদৰে যুঁজবাগৰৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰু এনেকৈয়ে খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়।

10. ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
উত্তৰঃ ডেভিদ স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰব সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট ননাহোৱাসকলে এই বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ’লে কমিছনাৰক আপীল কৰিব পাৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল। ফৌজদাৰী গোচৰ সুধিছিল ব্ৰিটিছ বিষয়াই। নামনি অসমত দেৱানী গোচৰৰ বাবে দুখন আৰু ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল। পুলিচ বভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। স্কটৰ প্ৰশাসন কালত মোৱামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে সদ্ভাব স্থাপন কৰা হৈছিল। সকলো কাম ডেভিদ স্কটে নিজে তদাৰক কৰিছিল। ভগ্ন স্বাস্থ্যৰ বাবে অত্যাধিক পৰিশ্ৰম কৰি ১৮৩১ চনত ডেভিট,স্কটৰ মৃত্যু হৈছিল। এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিদ স্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল।

11. জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল?
উত্তৰঃ জেনকিন্সে ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা চাৰিখন জিলাত বিভক্ত কৰিছিল। সেইকেইখন হ’ল গোৱালপাৰা, কামৰূপ, দৰং (বিশ্বনাথ ধৰি) আৰু নগাঁও। পূৰণি নথি-পত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল। খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। ১৮৩৪ চনত এই সদৰ ঠাইৰঙাগড়ালৈ নিয়া হৈছিল, তাৰ পিছত পুৰণিগুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সৰ ঠাই বুলি ঘোষণা কৰা হয়।

পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ কাৰ্যালয় আছিল।

আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল। কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয়।

READ MORE  ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | Chapter 2 | Class 9 Social Science - SEBA

গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। বাৰ্মা যুদ্ধৰ পিছত ডেভিদ স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন হ’ল। গোৱালপাৰাক ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ’ল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ’ল। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হৈছিল। ধুবুৰী সেই সময়ত জাহাজবোৰৰ শেষ ঘাটি আছিল।

কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে। ইয়াৰ সদৰ ঠাই হ’ল শিলচৰ। ১৮৩৬ চনত কাছাৰক ঢাকা ডিভিজনৰ অধীনস্থ কৰা হ’ল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াজন ডেপুটি কমিছনাৰ আখ্যা দিয়া হ’ল। অসমত ইষ্ট ইণ্ডিয়া কোম্পানিৰ হকে ৰবাৰ্টচনে আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছিল। ১৮৩২ খ্ৰীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমত পুৰন্দৰ সিংহক ৰজা পাতি বছৰি ৫০,০০০ টকাকৈ কৰ দিবলৈ কোৱা হৈছিল। তেওঁ কৰ দিব নোৱাৰাৰ বাবে তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ’ল। তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত হ’ল— শিৱসাগৰ আৰু লক্ষীমপুৰ। এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লক্ষীমপুৰ।

12. প্ৰথমলানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কাৰণ কি আছিল?
উত্তৰঃ প্ৰথমলানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কাৰণ সমূহ হ’ল—
(ক) অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ লগে লগে আহোম ডা-ডাঙৰীয়াসকলে ৰজাৰ দিনত উপভোগ কৰা মাটিবাৰী, লগুৱা-লিকচৌ, পাইক আৰু মান-মৰ্যাদা আদিৰ বিশেষ সুবিধা হেৰুৱাবলগীয়া হৈছিল। আহোম ডা-ডাঙৰীয়া শ্ৰেণীৰ এনে অসন্তুষ্টি বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল। সময় বাগৰাৰ লগে লগে ব্ৰিটিছ বিৰোধী অভিজাত শ্ৰেণীটোৱে বুজি উঠিছিল যে ইংৰাজ কোম্পানি চৰকাৰে অসম আহোম ৰজাক এৰি নিদিয়ে আৰু ১৮২৪ খ্ৰীষ্টাব্দত গুৱাহাটীত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি আছিল ভুৱা।

(খ) অভিজাতসকলে পূৰ্বৰ মান-মৰ্যাদাৰ লগত মিলাই ব্ৰিটিছ প্ৰশাসনীয় বিষয়বাব নোপোৱা হ’ল৷ আহোম যুগত উচ্চ আহোম বংশজাত হ’লে আৰু প্ৰশাসন সম্পকীয় মৌখিক ক্ষান থাকিলেই উচ্চস্তৰীয় প্ৰশাসনীয় পদবীৰ বাবে বিবেচনা কৰা হৈছিল। কিন্তু ইংৰাজসকলে স্থানীয় লোকৰ মাজত জাত-পাত, উচ্চ-নীচৰ ব্যৱধান নাৰাখি লিখা-পঢ়া জনা আৰু সাধাৰণ গণনাৰ জ্ঞান থকা লোককহে বিষয়বাব দিছিল।

(গ) প্ৰথমে ব্ৰিটিছে আহোম ডাঙৰীয়া শ্ৰেণীৰ কিছু লোকক বিষয় বাব আৰু পেঞ্চন দি তোষণ কৰিব বিচাৰিছিল। কিন্তু সকলো আহোম ডাঙৰীয়াই এইবোৰ সুবিধা, বিশেষকৈ পেঞ্চনৰ সুবিধা নোপোৱাত অসন্তুষ্ট হৈছিল। বিষয়বাব পোৱাসকলো ‘সোৰোপা আৰু ‘অদক্ষ’ বিবেচিত হৈছিল।

(ঘ) পূৰ্বৰ খাত-পাম হেৰুৱাই আৰু কৰ্মসংস্থাপনহীন হৈ আৰ্থিকভাৱেও এওঁলোক জুৰুলা হৈছিল।

(ঙ) ইংৰাজ শাসনৰ লগত অভ্যস্ত তথা প্ৰশাসনীয় কামত দক্ষ বংগদেশৰ লোকক চৰকাৰে নিযুক্তি দিয়াত সম্ৰান্ত শ্ৰেণীটো বিতুষ্ট হৈছিল।

(চ) মানৰ অত্যাচাৰৰ পিছত সাধাৰণভাৱে শান্তিৰ পৰিৱেশ আহিলেও খাজনা আৰু কৰ বৃদ্ধিয়ে সকলো শ্ৰেণীৰ লোকৰ অৱস্থা শোচনীয় কৰিছিল। বিশেষকৈ গা-খাটনিৰ পৰিৱৰ্তে নগদ ধন দিবলগীয়া হোৱাত তাতে ধনৰ প্ৰচলন কম হোৱাত সাধাৰণ শ্ৰেণীৰ লোকৰ দুৰৱস্থা হৈছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই গৃহভূমি পৰিত্যাগ কৰিবলগীয়া হৈছিল।

(ছ) ইংৰাজ চৰকাৰে আশ্বাস দিয়া মতে মানৰ হাতৰ পৰা দেশখন – উদ্ধাৰ কৰি আহোম ৰজাক ঘূৰাই নিদি গোজেই গজালি হোৱাত অসমৰ জনসাধাৰণো বিতুষ্ট হৈছিল। তেওঁলোকে ইংৰাজক আদৰিছিল এই বিশ্বাস যে কেপ্তেইন ৱেলছৰ দৰে তেওঁলোক উভতি যাব। তাকে বিশ্বাসঘাতকতা কৰি ইংৰাজে অসমৰ স্বাধীনতা হৰণ কৰিলে। প্ৰবল প্ৰতাপী মোগলৰ বাৰম্বাৰ আক্ৰমণ প্ৰতিহত কৰি দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা অসমীয়াই দেশ ৰক্ষাৰ্থে হাতত অস্ত্ৰ তুলি ল’লে। নেতৃত্ব দিলে অভিজাত শ্ৰেণীটোৱে।

13. মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল?
উত্তৰঃ অসমৰ উন্নতিবিধানৰ বাবে অহোপুৰুষাৰ্থ কৰা অন্যতম ইংৰাজ বিষয়া আছিল মেজৰ জেনকিন্স। স্কটৰ দৰে এইজন বিষয়ায়ো অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজ্যৰ চাহপাত, কয়লা আৰু তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্ৰোতভাবে জড়িত। অসমৰ সৈতে বঙ্গৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্তৰ চকীসমূহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰ চকী উঠাই দিছিল। এতিয়া জেনকিন্সে অন্যান্য চকীসমূহো উঠাই দিয়ে। এইজন বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত পুনঃপ্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। বাট পথৰ উন্নতি বিধানৰ প্ৰতিও তেওঁ যথেষ্ট মন কাণ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। উল্লেখযোগ্য যে তেওঁ অসমত বঙ্গদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰিছিল। অসমৰ স্থানীয় লোকৰ তেওঁ উন্নতি বিচাৰিছিল “এছিয়াটিক ছাইটি অৱ বেঙ্গল” নামৰ আলোচনীত তেওঁ অসম সম্বন্ধে এলানি প্ৰবন্ধও লিখিছিল।

জেনকিন্স আছিল ৰবাৰ্টচনৰ পৰৱৰ্তী কমিছনাৰ আৰু তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৮৩৪ খ্ৰীষ্টাব্দত। উজনি অসমৰ ৰজা পুৰন্দৰ সিংহৰ প্ৰশাসনৰ বিৰুদ্ধে তেওঁ ভালেমান চিঠি পত্ৰ, আবেদন আদি পাইছিল আৰু সেয়ে ধৰি লৈছিল যে পুৰন্দৰক ৰজা পাতি বৃটিছে ভুল কৰিছে। সেয়ে জেনকিন্সে পুৰন্দৰৰ ৰাজ্যত প্ৰজাৰ দুৰৱস্থা সম্বন্ধে তদন্ত চলাবলৈ হোৱাইট নামৰ এজন বিষয়াক দায়িত্ব দিছিল। হোৱাইটে কিন্তু পুৰৰ এজন যোগ্য ৰজা আৰু তেওঁৰ পৰা আদায় কৰা ৰাজহৰ পৰিমাণ কমাই দিয়া উচিত বুলি মতপ্ৰকাশ কৰাত জেনকিন্সে সেই পৰামৰ্শ গ্ৰহণ কৰা নাছিল। বৰং পুৰন্দৰক অতি অকম বুলি কৈ গৱৰ্ণৰজেনেৰেল। লৰ্ড অকলেণ্ডক তেওঁক বখাস্ত কৰিবলৈহে আৰ্জি দিছিল। সেই মৰ্মে লৰ্ড অকলেণ্ডে ব্যৱস্থালোৱাত পুৰন্দৰৰ পতন ঘটিছিল।

জেনকিন্সে নামনি অসমক গোৱালপাৰা, দৰং, কামৰূপ, আৰু নগাঁও জিলাত বিভক্ত কৰিছিল। জেনকিন্স বৃটিছ সম্প্ৰসাৰণ বাদী মনোভাবেৰে পৰিপুষ্ট হলেও অসমত উন্নতি বিধানৰ বাবে গ্ৰহণ কৰা আচনিসমূহে তেওঁক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top