চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ | Chapter 11 | Class 9 Social Science – SEBA

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ | ৰাজনীতি বিজ্ঞান | Chapter 11 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 11 Notes | SEBA Class 9 HSLC Social Science Chapter 11 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ | HSLC Social Science Questions and Answers Assam


চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ

Very Short Type Questions and Answers (Marks : 1/2)

1. সিদ্ধান্ত গ্ৰহণ কৰোঁতে সংসদীয় চৰকাৰৰ কিয় লেহেম হয় লিখা?
উত্তৰঃ সংসদীয় চৰকাৰত কোনো সিদ্ধান্ত গ্রহণ কৰোঁতে আলোচনা আৰু সংসদৰ অনুমোদন প্রয়োজন
হয়। সেয়ে লেহেম হয়।

2. সংখ্যাত্মক বা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটি গুণ উল্লেখ কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ শাসনত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় তাৰ লগতে জাতীয় ঐক্য ৰক্ষা কৰে।

3. এককেন্দ্ৰীয় চৰকাৰ কাক বোলে?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অর্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীক চৰকাৰ বোলে।

4. কোনজন পণ্ডিতে চৰকাৰৰ আটাইতকৈ গ্ৰহণযোগ্য শ্রেণীবিভাজন আগবঢ়াইছে?
উত্তৰঃ ষ্টিফেন লীককে।

5. ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ মানে কি?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ডত। সেইবাবে এই সংসদীয় পদ্ধতিৰ চৰকাৰকে ৱেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয়

6. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখন হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ।

7. সংসদীয় পদ্ধতিৰ চৰকাৰ মানে কি?
উত্তৰঃ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰা চৰকাৰেই হ’ল সংসদীয় পদ্ধতিৰ
চৰকাৰ।

8. সংসদীয় চৰকাৰক কিয় দায়িত্বশীল চৰকাৰ কোৱা হয়?
উত্তৰঃ এই চৰকাৰৰ মন্ত্ৰীসভাই কাম-কাজৰ বাবে সংসদৰ ওচৰত দায়িত্বশী হৈ থাকিব লাগে। অন্যথা চৰকাৰে কত হেৰুৱায়। সেয়ে ইয়াক দায়িত্বশীল চৰকাৰ কোৱা হয়।

9. ভাৰতত কোন প্ৰকাৰৰ চৰকাৰৰ চলি আছে?
উত্তৰঃ সংসদীয় চৰকাৰ।

10. ৰাজনীতিবিদ দার্শনিকসকলে বিভাজন কৰা চৰকাৰসমূহ কি কি আছিল?
উত্তৰঃ প্লেটো তথা এৰিষ্ট’টলে বিভাজন কৰা চৰকাৰসমূহ হ’ল— ৰাজতন্ত্র, অভিজাততন্ত্ৰ, ৰাজ্য ব্যৱস্থা, স্বৈতন্ত্র, আঢ্যৱন্ততন্ত্র, গণতন্ত্র ইত্যাদি।

11. এখন একাত্মক চৰকাৰ থকা দেশৰ উদাহৰণ দিয়া।
উত্তৰঃ ফ্রান্স।

12. এককেন্দ্রীয় চৰকাৰ থকা কেইখনমান ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ব্রিটেইন, ফ্রান্স, জাপান, ইটালী, নেডাৰলেণ্ড ইত্যাদি।

13. সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখন হ’ল ইংলেণ্ড।

14. এৰিষ্টটলে গণতন্ত্রক কেনেকুৱা চৰকাৰ বুলি অভিহিত কৰিছে?
উত্তৰঃ বিকৃত চৰকাৰ।

15. এককেন্দ্রীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখন হ’ল জাপান।

16. চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?
উত্তৰঃ চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক হ’ল প্লেটো।

17. বর্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ?
উত্তৰঃ বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হৈছে গণতন্ত্র।

18. মুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কেইখনমান ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ আমেৰিকা, আফ্রিকা, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষ।

19. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হ’ল প্রকৃত কার্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান হ’ল নাম মাত্র কার্যপালিকা।

20. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উত্তৰঃ ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে।

21. ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় প্ৰকাৰৰ চৰকাৰৰ থাকে।

22. এৰিষ্টটলৰ মতে চৰকাৰ কেইবিধ?
উত্তৰঃ ছয়বিধ

23. আমেৰিকাত কেনে ধৰণৰ চৰকাৰ চলি আছে?
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰ।

24. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল— কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।

25. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে।

26. ৰাষ্ট্ৰপতীয় চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ-নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু যত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে।

27. চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যি অনুষ্ঠানৰ দ্বাৰা এখন ৰাষ্ট্ৰ পৰিচালিত হয় সাধাৰণ অৰ্থত তাকেই চৰকাৰ বোলা হয়।

28. একনায়কতন্ত্ৰ আৰু গণতন্ত্ৰ চৰকাৰ মানে কি?
উত্তৰঃ যিবিলাক দেশত একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন চলি আছে। এনেকুৱা
শাসন ব্যৱস্থাক একনায়কতন্ত্র বোলা হয়। আনহাতে, গণতন্ত্র হ’ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।

READ MORE  অসমৰ ভূগোল | Chapter 9 | Class 9 Social Science - SEBA

29. ষ্টিফেন লীককে বিভাজন কৰা চৰকাৰসমূহ কি কি?
উত্তৰঃ একনায়কতন্ত্র বা স্বৈতন্ত্ৰ আৰু গণতন্ত্র।

30. বর্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?
উত্তৰঃ বর্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ’ল— এককেন্দ্ৰীক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ।

31. ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ’ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কার্যক্রমণিকাত অংশ ল’ব নোৱাৰে। এয়ে হৈছে ক্ষমতাৰ পৃথকীকৰণ।

32. গণতন্ত্রক বিভক্ত কৰা ভাগসমূহ কি কি?
উত্তৰঃ গণতন্ত্ৰক বিভক্ত কৰা ভাগ দুটা হ’ল সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ। আকৌ দুয়োটা ভাগকে দুভাগত বিভক্ত কৰিছে এককেন্দ্ৰীক আৰু যুক্তৰাষ্ট্ৰীয়। শেষত এককেন্দ্ৰীক আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো দুটা ভাগত ভাগ কৰিছে– সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ।

33. ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল—
(i) ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধানৰ মাজত পার্থক্য নাইঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধান বুলি দুজন ব্যক্তি নাথাকে।

(ii) ৰাষ্ট্ৰপ্ৰধান নিৰ্দিষ্ট কার্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হয়।

Long Type Questions and Answers (Marks : 3/4/5)

1. হেৰ’ডটাছে চৰকাৰসমূহক কি কি ভাগত ভাগ কৰিছিল?
উত্তৰঃ গ্ৰীক ঐতিহাসিক হেৰ’ডটাছে চৰকাৰসমূহক তিনিটা ভাগ কৰিছিল। সেয়া হৈছে—
(ক) ৰাজতন্ত্ৰ (Monarchy)
(খ) অভিজাততন্ত্র (Aristocracy) আৰু
(গ) গণতন্ত্র (Democracy)

2. যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যি চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে তেনে চৰকাৰকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োবিধ চৰকাৰে সংবিধানে প্ৰদান কৰা নিজ নিজ ক্ষমতা পায় আৰু এনে ক্ষমতাৰ ভিত্তিত দুয়োবিধ চৰকাৰে স্বাধীনভাৱে কাম- কাজ চলাব পাৰে। এনে ক্ষমতাৰ ভিত্তিত দুয়োবিধ চৰকাৰে স্বাধীনভাৱে সুৰক্ষিত হোৱাৰ লগতে জাতীয় ঐক্যও ৰক্ষা পৰে।

3. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল—
(i) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কার্যপালিকা আৰু আনজন নামমাত্র কাৰ্যপালিকা। প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীপৰিষদখন হ’ল প্ৰকৃত কাৰ্য পালিকা আৰু ৰাষ্ট্রপ্রধানজন নামমাত্র কার্যপালিকাহে।

(ii) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

4. সংসদীয় চৰকাৰৰ গুণসমূহ কি কি?
উত্তৰঃ সংসদীয় চৰকাৰৰ গুণসমূহ হৈছে—
(ক) সংসদীয় চৰকাৰত শাসন বিভাগ আৰু আইন প্ৰণয়ন বিভাগৰ মাজত সুসম্পর্ক থাকে।
(খ) সংসদীয় চৰকাৰ স্বেচ্ছাচাৰী হ’ব নোৱাৰে কাৰণ সংসদে সদায় মন্ত্রীসভা নিয়ন্ত্ৰণ কৰে।
(গ) সংসদীয় চৰকাৰ সদায় দুৰ্নীতিমুক্ত হয় কাৰণ বিৰোধী দলে অনবৰত চৰকাৰৰ কামৰ ওপৰত চকু ৰাখে।
(ঘ) সংসদীয় চৰকাৰ পৰিবৰ্তনশীল হয়। জনমতৰ অনুকূলে এই, চৰকাৰ সাল-সলনি হ’ব পাৰে।

5. সংসদীয় গণতন্ত্র কি?
উত্তৰঃ গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা নিবাচিত চৰকাৰ। সংসদীয় গণতন্ত্রত সদস্যসমূহক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে। অথাৎ তেওঁলোকে জনসাধাৰণক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে সংসদ ওচৰত দায়বদ্ধ। এই ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থাত আইন পালিকা আৰু কাৰ্যপালিকাৰ মাজত ঘনিষ্ঠ
সম্বন্ধ থাকে।

ইয়াক মন্ত্রীসভা পৰিচালিত বুলিও কোৱা হয়। কাৰণ ইয়াত সংসদৰ প্ৰাধান্যতকৈ মন্ত্ৰীপৰিষদৰ প্রাধান্য বেছি। মন্ত্রীসভা প্রকৃত কত্তা হ’লেও ই সংসদৰ ওচৰত দায়বদ্ধ। সংসদত অনাস্থা প্ৰস্তাৱ গৃহীত হ’লে মন্ত্রীসভাই পদত্যাগ কৰিব লাগে। বৰ্ত্তমান সয়মত ই সকলোতকৈ জনপ্ৰিয় চৰকাৰ।।

6. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ কি কি উল্লেখ কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ হৈছে—
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰ দেশৰ জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষ উপযোগী নহয়।
(খ) এনে চৰকাৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ দুয়ো নিজ নিজ আইন প্ৰণয়ন কৰে বাবে কেতিয়াবা দুয়োবিধ আইন পৰস্পৰবিৰোধী হ’ব পাৰে।

(গ) দুবিধ চৰকাৰৰ অৱস্থিতিৰ বাবে কেতিয়াবা এনে চৰকাৰত বিচ্ছিন্নতাবাদৰ জন্ম হ’ব পাৰে।

(ঘ) এনে চৰকাৰত দুয়োবিধ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ হোৱাটো দুৰ্বলতাৰ কাৰণ হ’ব পাৰে।

7. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষঃ
(i) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়।

READ MORE  ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | Chapter 2 | Class 9 Social Science - SEBA

(ii) এনে শাসন ব্যৱস্থাত দলীয় প্রথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তঃকলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণঃ
(i) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।

(ii) এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

8. একাত্মক চৰকাৰৰ দোষসমূহ কি কি উল্লেখ কৰা।
উত্তৰঃ একাত্মক চৰকাৰৰ দোষসমূহ হৈছে—
(ক) একাত্মক চৰকাৰত, দেশৰ অধিকাংশ লোকে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায় বাবে এনে চৰকাৰ গণতন্ত্ৰৰ বাবে উপযোগী নহয়।

(খ) একাত্মক চৰকাৰে সমগ্ৰ দেশৰ সকলো অংশৰ সকলো কার্যতে সমানে চকু দিব নোৱাৰে বহুতো স্থানীয় সমস্যা সমাধান হোৱাত অসুবিধাৰ সৃষ্টি হয়।

(গ) এখন দেশত ভিন্ন ধর্ম, সংস্কৃতি, ভাষা আদিৰ েেলাক থকা বাবে গোটেই দেশৰ বাবে একোখন আইন কৰাটো অসম্ভৱ।

9. এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে? সমালোচনা আগবঢ়োৱা।
উত্তৰঃ এককেন্দ্ৰিক চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নহয়। ইয়াৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল—
এককেন্দ্ৰিক চৰকাৰ এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। এককেন্দ্ৰিকচৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কার্যত অংশগ্ৰহণৰ সুযোগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্রিয়তা কম হয়। এখন মাত্ৰ চৰকাৰ থকা বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে। ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। যদিও স্থানীয় প্রশাসনিক গোট থাকে তথাপি এই গোটবিলাকে স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয়। এককেন্দ্ৰিক চৰকাৰ অধিক আমোলাতান্ত্ৰিক হোৱাৰ হেতুকে এই চৰকাৰত আমোলাসকলেই প্রকৃততে শাসন চলায় এনে চৰকাৰত, স্বেচ্ছাচাৰী হোৱাৰ আশংকা প্ৰৱল।

10. একাত্মক চৰকাৰৰ গুণসমূহ কি কি?
উত্তৰঃ একাত্মক চৰকাৰৰ গুণসমূহ হৈছে—
(ক) একাত্মক চৰকাৰ দেশৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে উপযুক্ত কাৰণ কেন্দ্ৰীয় চৰকাৰখনে সমগ্ৰ দেশৰ বাবে আইন প্রণয়ন কৰে।

(খ) একাত্মক চৰকাৰৰ অধীনত শাসন-ব্যৱস্থা শক্তিশালী হয় কাৰণ চৰকাৰে কাৰে সৈতে ক্ষমতাৰ ভাগ-বতৰা নকৰে।

(গ) সকলো সিদ্ধান্ত একোখন চৰকাৰে গ্ৰহণ কৰা বাবে জৰীকালীন অৱস্থাৰ বাবে এনে চৰকাৰ অধিক উপযোগী।

(ঘ) একাত্মক চৰকাৰত বিভিন্ন বিভাগৰ মাজত সুসমন্বয় থাকে।

11. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজও হয়। ফলত আঞ্চলিক স্বায়ত্ত শাসন আৰু জাতীয় একত দুয়োটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায়। ইয়াৰ লগতে এখন বিশাল ৰাষ্ট্ৰত ভিন্ন জাতি, ধৰ্ম আৰু ভাষিক গোষ্ঠী বসবাস কৰাৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথ্য ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্ৰীয় চৰকাৰক ৰেহাই দিয়ে। ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সুবিধা পায়। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা থকাত অন্তৰ্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্ৰৱণতা নাথাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক।
এনে ধৰণৰ বিভিন্ন কাৰণসমূহৰ বাবেই যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান অধিক জনপ্ৰিয় হৈছে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ।

12. এককেন্দ্রীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ গুণঃ
(i) এককেন্দ্ৰিক চৰকাৰে সমগ্ৰ দেশৰ বাবে একে ধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।

(ii) এককেন্দ্ৰিক চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম। ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে।
এককেন্দ্ৰীয় চৰকাৰৰ দোষঃ
(i) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে। এই চৰকাৰ উপযুক্ত নহয়।

(ii) এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্রিক। এনে চৰকাৰত আমোলাসকলেই প্রকৃততে শাসন
চলায়।

13. সংসদীয় চৰকাৰৰ দোষ-ত্রুটিসমূহ উল্লেখ কৰা।
উত্তৰঃ সংসদীয় চৰকাৰৰ দোষ-ত্রুটিসমূহ হৈছে—
(ক) সংসদীয় চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতি মানি চলা নহয় বাবে কেতিয়াবা এনে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে।

(খ) এই চৰকাৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে অনাহকত সময় নষ্ট কৰিব লগীয়া হয়।

(গ) সংসদৰ সমৰ্থনৰ ওপৰত এই চৰকাৰ বৰ্তি থাকে বাবে এনে চৰকাৰ স্থায়ী নহ’বও পাৰে।

(ঘ) এনে চৰকাৰত ক্ষিপ্ৰভাৱে সিদ্ধান্ত লোৱা কঠিন হেতুকে জৰুৰীকালীন অৱস্থাৰ বাবে এনে চৰকাৰ বৰ উপযোগী নহয়।

READ MORE  ভাৰতবৰ্ষৰ ভূগোল | Chapter 8 | Class 9 Social Science - SEBA

14. সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল
(i) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা থাকে। এজন প্রকৃত কার্যপালিকা আৰু : আনজন নামমাত্র কাৰ্যপালিকা। প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ’ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন নামমাত্র কার্যপালিকাহে।

(ii) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্যঃ এইচৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

(iii) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।।

(iv) মন্ত্ৰীপৰিষদ বিধানমণ্ডৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা স্কলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

(v)মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতাঃ এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়।

15. যুক্তৰাষ্ট্ৰীয় বা সংঘাত্মক চৰকাৰৰ গুণসমূহ উল্লেখ কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ হৈছে—
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰত জনসাধাৰণৰ অধিকাংশই শাসনকার্যত যোগদান কৰিবলৈ সুবিধা পায়।

(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী শাসনলৈ পৰিবৰ্তন হ’ব নোৱাৰে।

(গ) এনে শাসনত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় আৰু ফলস্বৰূপে জাতীয় ঐক্য
ৰক্ষা পৰে।

(ঘ) এনে চৰকাৰ সুকলমে চলিব পাৰে কাৰণ ক্ষমতাৰ বিভাজন হোৱা বাবে চৰকাৰৰ কামৰ দায়িত্ব হ্রাস পায়।

16. এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(i) শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এই চৰকাৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী, কিয়নো সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয়। চৰকাৰৰ ওচৰত ন্যস্ত কৰে।

(ii) লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্ৰিক চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেডাৰলেণ্ডলৰ সংবিধানখন লিখিত।

(iii) একক নাগৰিকত্বঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।

(iv) দুর্বল ন্যায়পালিকাঃ এককেন্দ্রিক চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইনসভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।

(v) নমনীয় সংবিধানঃ এককেন্দ্ৰিক চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।

17. সংসদীয় চৰকাৰক মন্ত্রীসভা পৰিচালিত চৰকাৰ বুলি। কিয় কোৱা হয়?
উত্তৰঃ সংসদীয় চৰকাৰত আইনপালিকা আৰু কাৰ্যপালিকাৰ সম্বন্ধ অত্যন্ত ঘনিষ্ঠ আৰু কাৰ্যপালিকাৰ স্থায়িত্ব বিধানমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। তথাপি এই চৰকাৰক মন্ত্রীসভা পৰিচালিত চৰকাৰ বুলি কোৱা হয়। ইয়াৰ কাৰণসমূহ হ’ল—

(ক) সংসদীয় চৰকাৰত প্ৰায়বোৰ সিদ্ধান্তই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ দ্বাৰা লোৱা হয়। যিহেতু সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থাকে সেয়েহে মন্ত্রীসভাই ৰচনা কৰা বিলসমূহ সহজে আইনত পৰিণত হয়।

(খ) সংসদীয় পদ্ধতিৰ চৰকাৰত সাধাৰণতে কাৰ্যপালিকাৰ অৱস্থিতি দেখা যায়। নামমাত্র কাৰ্যপালিকা আৰু প্ৰকৃত কাৰ্যপালিকা। নামমাত্ৰ কাৰ্য পালিকা ৰাষ্ট্ৰৰ প্ৰধান কিন্তু চৰকাৰৰ প্ৰধান নহয়। যেনে— ইংলণ্ডৰ ৰাণী, ভাৰতৰ ৰাষ্ট্ৰপতি ইত্যাদি। আনহাতে প্রকৃত কাৰ্যপালিকা হৈছে প্রধানমন্ত্ৰী আৰু মন্ত্ৰীসভা। তেওঁলোকেই প্ৰশাসনৰ গুৰি ধৰোঁতা।

(গ) মন্ত্রীসভা যৌথভাৱে আইনসভাৰ ওচৰত দায়িত্বশীল। অর্থাৎ এজন মন্ত্ৰীৰ ভুলৰ বাবে গোটেই মন্ত্ৰীপৰিষদ দায়ী হ’ব আৰু অনাস্থা প্ৰস্তাৱত হাৰিলে সমগ্ৰ মন্ত্রীসভাই ইস্তফা দিব লাগিব।

18. ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ তলত উল্লেখ কৰা হ’ল—

গুণঃ
(i) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কার্য-কালৰ বাবে, নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়।

(ii) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ
পায়।

(iii) এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্ৰভাৱে লোৱাটো সহজ হয়।

(iv) কার্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

(v) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কার্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

দোষঃ
(i) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে।

(ii) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে।

(iii) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে।

(iv) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক।

(v) এই চৰকাৰত মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক
গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

Leave a Comment

error: Content is protected !!
Scroll to Top