মোৱামৰীয়া গণ বিদ্রোহ

মোৱামৰীয়া গণ বিদ্রোহ | Chapter 3 | Class 9 Social Science – SEBA

মোৱামৰীয়া গণ বিদ্রোহ | ইতিহাস | Chapter 3 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 3 Notes | SEBA Class 9 HSLC Social Science Chapter 3 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ | HSLC Social Science Questions and Answers Assam


মোৱামৰীয়া গণ বিদ্রোহ

Multiple Choice Questions and Answers (MCQs)

1. ৰূপচন্দ্ৰ বৰবৰুৱাৰ পূৰ্বপুৰুষৰ পেচা আছিল—
(a) দৰ্জী।
(b) পূজাৰী।
(c) শিক্ষক।
(d) বেজ।
উত্তৰঃ (a) দৰ্জী।

2. সৰ্বানন্দক ৰজা পাতিছিল—
(a) মাজুলীত।
(b) বেংমৰাত।
(c) ৰংপুৰত।
(d) বছা দয়াঙত।
উত্তৰঃ (b) বেংমৰাত।

3. পূৰ্ণানন্দৰ পদবী আছিল—
(a) বুঢ়াগোহাঁই।
(b) বৰগোহাঁই।
(c) বৰপাত্ৰগোহাঁই।
(d) বৰবৰুৱা |
উত্তৰঃ (a) বুঢ়াগোহাঁই।

4. গুৰু নিত্যানন্দ দেৱ সত্ৰাধিকাৰ আছিল এক—
(a) আউনিআটী সত্ৰৰ।
(b) দক্ষিণপাট সত্ৰৰ।
(c) মায়ামৰা সত্ৰৰ।
(d) ওপৰৰ এটাও নাহয়।
উত্তৰঃ (c) মায়ামৰা সত্ৰৰ।

5. সত্ৰানুষ্ঠান ধ্বংসত গদাধৰ সিংহৰ সোঁহাতস্বৰূপ আছিল—
(a) বেজদলৈ ভাণ্ডাৰী বৰুৱা।
(b) ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা।
(c) কীৰ্তিচন্দ্ৰ বৰবৰুৱা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা।

Very Short Type Questions and Answers (Marks : 1)

1. পাহক শব্দৰ অৰ্থ কি?
উত্তৰঃ পাইক শব্দৰ অৰ্থ হৈছে পদাতিক সেনা বা সাধাৰণ শ্ৰেণীৰ। কৃষক আৰু কাৰিকৰ লোক।

2. চুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ গুৰু নিত্যানন্দদেৱক।

3. চমুৱা কোন?
উত্তৰঃ ধনৰ বিনিময়ত পাইক খাটাৰপৰা পোৱা ৰেহাই পাইকেই হৈছে চমুৱা।

4. ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ চতুৰ্ভূজদেৱ মহন্ত।

5. মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ কি?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিল অৰ্থনৈতিক আৰু ধৰ্মীয়।

6. আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা।
উত্তৰঃ ছোমদেউ।

7. মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা মান্দক।

8. ৰন্দ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ।

9. মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰঃ গুৰু নিত্যানন্দ।

10. মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ ৩৫/৩৬ বছৰ ধৰি চলিছিল(১৭৬৯ ১৮০৫)।

11. গাগিনি কোন?
উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্ৰ।

12. তিনিচুকীয়াৰ প্ৰাচীন নাম কি?
উত্তৰঃ তিনিচুকীয়াৰ প্ৰাচীন নাম বেংমৰা।

13. কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ।

14. জয়জ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।

15. কীৰ্তিচন্দ্ৰৰ পিতৃ কোন?
উত্তৰঃ কীৰ্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰ বৰবৰুৱা।

16. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।

17. কোন ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল?
উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

18. ৰাণী ফুলেশ্বৰীক কোনে শাক্ত ধৰ্মত দীক্ষা দিয়াইছিল?
উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য।

19. অসমৰ সাধাৰণ মানুহে লোণ কিয়ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ লোণ বৰ দামী বস্তু আছিল বাবে।

20. চুৰক্ষা ভগা ৰজাৰ ৰাজত্ব কালত কোন সত্ৰৰ সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ মায়ামৰা সত্ৰৰ।

21. দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?
উত্তৰঃ ৰজা গৌৰীনাথ সিংহই।

22. কোন ৰজাৰ ৰাজত্ব কালত সত্ৰানুষ্ঠানৰ ধ্বংস সাধন কৰা হৈছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহ।

23. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোন চনত অসমলৈ সামৰিক বাহিনী পঠিয়াইছিল?
উত্তৰঃ ১৭৯২ চনত।

24. মোৱামৰীয়া বিদ্ৰোহ কোনে দমন কৰিছিল?
উত্তৰঃ কেপ্তেইন থমাছ ওৱেলছ।

25. কোন ৰজাৰ ৰাজত্ব কালত পোনতে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।

26. অসমৰ ক’ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ শদিয়া আৰু নগা পাহাৰত।

27. দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্ৰ কোন?
উত্তৰঃ দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণনাৰায়ণ।

28. মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

29. বৰকান্দাজ বুলিলে কি বুজা?
উত্তৰঃ ভেৰোনীয়া সৈনিক।

30. মায়ামৰা কি?
উত্তৰঃ এখন বৈষৰ সত্ৰৰ নাম।

31. মোৱামৰীয়াসকলে কাৰ দিনত দ্বিতীয়বাৰ বিদ্ৰোহ ঘোষণা কৰে?
উত্তৰঃ মোৱামৰীয়াসকলে গৌৰীনাথ সিংহৰ ৰাজত্ব কালত দ্বিতীয়বাৰ বিদ্ৰোহ ঘোষণা কৰে।

32. সংহতি কি?
উত্তৰঃ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা বিবাদকদলৰ পৰিণতিস্বৰূপে এই সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল।

33. উজনিত মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ স্বাধীনতা ঘোষণা কৰা আহোমৰ কৰলীয়া ৰাজ্য এখনৰ নাম লিখা।
উত্তৰঃ দৰঙ।

34. কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ চুহুংমুঙে।

35. শিৱসিংহৰ ৰাণীৰ নাম কি?
উত্তৰঃ শিৱসিংহৰ ৰাণীৰ নাম ফুলেশ্বৰী।

36. কোনজন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।

37. ৰাণী ফুলেশ্বৰীক বৰজা উপাধি কিয় দিয়া হৈছিল?
উত্তৰঃ শাক্ত ব্ৰাহ্মণ পুৰোহিতসকলে ৰজা শিৱ সিংহৰ ছত্ৰভংগ। যোগ আছে বুলি পতিয়ন নিয়াই ৰাণী ফুলেশ্বৰীক ছত্ৰ ধাৰণ কৰিবলৈ দি বৰজা’ উপাধি দিছিল।

38. কোনবোৰ ব্যক্তিয়ে আহোম ৰাজৰ পাইক সেৱা দানৰ ‘পৰা ৰেহাই পাইছিল?
উত্তৰঃ ব্ৰাহ্মণ-পুৰোহিত, সংসাৰ বৈৰাগীসন্ন্যাসী, সত্ৰাধিকাৰ আৰু ভকতসকলে পাইক সেৱা দনৰ পৰা ৰেহাই পাইছিল।

39. সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নামধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

40. বৰৰজা ফুলেশ্বৰীয়ে কেনেকৈ দেৱীপূজা জৰিয়তে বৈষ্ণৱসকলক নিৰ্যাতন কৰিছিল?
উত্তৰঃ বৈষ্ণৱ সকল শক্তি পূজাৰ বিৰোধী আছিল। ফুলেশ্বৰীয়ে দেৱী পূজাৰ আয়োজন কৰি তালৈ সত্ৰাধিকাৰ আৰু মহন্ত-ভকতসকলক ধৰি আনি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে ফোঁট দিয়াই তেওঁলোকক নিযাৰ্তন কৰিছিল।

41. নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰুৰ হত্যাৰ পাছত কি প্ৰতিজ্ঞা কৰিছিল?
উত্তৰঃ নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰৰ হত্যাৰ পাছত প্ৰতিজ্ঞা কৰিছিল— মাৰি যাও, মৰি যাও, গুৰুৰ ঋণ শুজি যাও।

42. মোৱামৰীয়াসকল কোন সত্ৰৰ শিষ্য আছিল?
উত্তৰঃ মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ কালসংহতিৰ অন্তৰ্গত মায়ামৰা সত্ৰৰ শিষ্য আছিল। এইসকল লোক আছিল সাধাৰণতে আহোম কৈৱৰ্ত, মৰাণ, চুতীয়া, কছাৰী আৰু কিছুসংখ্যক বৰ্ণ হিন্দুৰ লোক।

43. কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক পৰ্বতীয়া গোসাঁই’ নামেৰে জনাজাত হল।

Long Type Questions and Answers (Marks : 3/4/5/6)

1. ভৰত সিংহ। —চমুটোকা লিখা।
উত্তৰঃ ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল। মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত এওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল।

2. সৰ্বানন্দ। —চমুটোকা লিখা।
উত্তৰঃ ১৭৮৮ চনত গৌৰীচন্দ্ৰ সিংহ গুৱাহাটীলৈ পলাই যোৱাৰ পিছত বিদ্ৰোহীসকলে বেংমৰাত (তিনিচুকীয়াত) হাতীচুংগী মৰাণসকলে সবানন্দ নামৰ এজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লয়। সবানন্দই এই ৰাজত্ব বেছ কিছুদিন সুকলমে শাসন চলাইছিল। তেওঁ ১৮০৫ চনলৈ শাসন চলাইছিল।

3. পৰ্বতীয়া গোসাঁই। —চমুটোকা লিখা।
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই আনিছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকল ‘পবতীয়া গোসাই’ নামেৰে জনাজাত হল।

4. ডফলা বহতীয়া। —চমূটোকা লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নগা সীমান্তৰ কাষত যিসকল প্ৰজা বসবাস কৰিছিল তেওঁলোকক আহোমসকলে। ডফলা বহতীয়া বুলি জনাজাত আছিল। এই আহোম প্ৰজাসকলে আহোম, ৰজাক দুই প্ৰকাৰৰ কৰ দিব লাগিছিল। এই প্ৰজাসকলে আন সাধাৰণ প্ৰজাৰ দৰে ৰজাঘৰীয়া ডা-ডাঙৰীয়াসকলৰ ঘৰত বছৰত চাৰি মাহ পাইক হিচাপে গা খাটিব লাগিছিল। আনহাতে নগা সীমান্তত থকা ডফলা জনজাতিসকলক পচা নামেৰে এবিধ কৰ দিব লাগিছিল। এই ধৰণৰ কৰৰ বোজাই নিম্নশ্ৰেণীৰ দুখীয়া প্ৰজাক বৰ অতিষ্ঠ কৰি তুলিছিল। মোৱামৰীয়া বিদ্ৰোহীসকলে বিদ্ৰোহ আৰম্ভ কৰাৰ সময়ত এইপ্ৰজাসকলেও ৰজাৰ বিৰুদ্ধে বিদ্ৰোহত সহযোগ কৰিছিল।

5. মোহনমালাদেও। —চমূটোকা লিখা।
উত্তৰঃ মোহনমালাদেও (গোহাঁই) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ আছিল। ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ ৰজা প্ৰমত্ত সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক মোহনমালাদেওক ৰজা নাপাতি তেওঁৰ সৰু ভায়েক ৰাজেশ্বৰ সিংহক ৰজা পাতে! মোহনমালাদেওৰ গাত বসন্তৰ দাগ থকা বাবে তেওঁক ৰজা পতা নহ’ল। ৰাজেশ্বৰ সিংহ ৰজা হোৱাৰ পিছত মোহনমালাদেওক ৰাজেশ্বৰ সিংহৰ কথা মতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই অটব্য নিবাৰ্সন দিছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, কেইবাজনো ডা-ডাঙৰীয়াই মোহনমালাদেওকহে ৰজা পতাৰ কথাত সমৰ্থন দিছিল যদিও কীৰ্তিচন্দ্ৰৰ ষড়যন্ত্ৰত ৰাজেশ্বৰ সিংহকহে ৰজা – পতা হয়। এই কাৰ্যত বহুতো ডা-ডাঙৰীয়া বিক্ষুব্ধ হৈ থাকিল। এইটোও মোৱামৰীয়া বিদ্ৰোহৰ আন এটা কাৰণ আছিল। পিছত বিদ্ৰোহী মোৱামৰীয়াসকলে সিংহ্বসনৰ লোভ দেখুৱাই মোহনমালাক নিজৰ ফলীয়া কৰি অৱশেষত বিহ খুৱাই হত্যা কৰে।

6. চমুৱাসকল। —চমূটোকা লিখা।
উত্তৰঃ আহোম যুগত মুদ্ৰাৰ ব্যৱহাৰ বৰ কম আছিল। প্ৰজাৰ মাজত মুদ্ৰাৰ ব্যৱহাৰ খুব কম আছিল। ধনী শ্ৰেণীৰ মানুহেহে টকা-পইচাৰ লেনদেন কৰিছিল। আহোম যুগত প্ৰায় সকলো প্ৰজাই পাইক খটাৰপৰা ৰেহাই পাইছিল। ধনৰ বিনিময়ত ৰেহা যোৱা পাইককে চমুৱা বোলা হয়। এইদৰে কাঁড়ী পাইকসকলে ধনৰ বিনিময়ত চমুৱা শ্ৰেণীলৈ উন্নীত হৈছিল। এওঁলোকক সাধাৰণ পাইক শ্ৰেণীতকৈ উচ্চ শ্ৰেণীৰ বুলি গণ্য কৰা হয়।

7. পূৰ্ণানন্দ বুঢ়াগোহাঞি। —চমুটোকা লিখা।
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম সাম্ৰাজ্যৰ শেষ শক্তিশালী ব্যক্তিত্ব। এইজন ব্যক্তিয়ে বিদ্ৰোহ দমনৰ নামত লোৱা ব্যৱস্থা সমূহে প্ৰজা সাধাৰণক অধিক অশান্ত আৰু ক্ষুভিত কৰি তুলিছিল। বিদ্ৰোহাত্মক পৰিস্থিতিৰ সুযোগ লৈ তেখেতে অধিক ক্ষমতাশালী হৈ পৰিছিল আৰু নিজ পৰিয়ালৰ লোকক গুৰুত্বপূৰ্ণ পদবীত মকবল কৰি প্ৰকৃত আহোম ডাঙৰীয়া শ্ৰেণীৰ অন্যান্য যোগ্য লোকক ন্যায়সংগত প্ৰাপ্যৰপৰা সততে বঞ্চিত কৰি সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল। সেই সময়ত ৰাজই ৰাজত্ব কৰিছিল যদিও পূৰ্ণানন্দই আছিল আহোম ৰাজ্যৰ সৰ্বেসৰ্বা। এই প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু নামনি অসমৰ গৱৰ্ণৰ তথা বৰফুকন বদনচন্দ্ৰৰ মাজত থকা ক্ষমতাৰ অৰিয়া-অৰিৰ ফলতেই পাছলৈ অসম অন্যৰদ্বাৰা শোষিত হৈছিল। তেখেত, তেখেতৰ পিতৃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছৰপৰা অৰ্থাৎ ১৭৮২ চনৰপৰা ১৮১৭ চনলৈ প্ৰায় ৩০-৩৫ বছৰ ধৰি আহোম ৰাজ্য বুঢ়াগোহাঁই তথা ৰাজমন্ত্ৰী আছিল।

8. কৃষ্ণ নাৰায়ণ। —চমূটোকা লিখা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ আহোম ৰাজ্যৰ উজনি অসমতে সীমাবদ্ধ আছিল। মোৱামৰীয়া বিদ্ৰোহে আহোম ৰজাৰ শাসন ব্যৱস্থা, বিদ্ৰোহ দমনত সম্পূৰ্ণ বিদ্ধস্থ হৈ পৰা সময়তে নামনি অসমৰ। কতলীয়া ৰাজ্য ন-দুৱাৰ আৰু দৰঙেও স্বাধীনতা ঘোষণা কৰি ৰাজ্য শাসন কৰিবলৈ লয়। গৌৰীনাথ সিংহই দৰঙৰ ৰজা হংসনাৰায়ণক চক্ৰান্ত কৰি মাতি আনি বধ কৰে। তাৰ পিছত পুতেক কৃষ্ণনাৰায়ণে বৰকাণ্ডাজ চিপাহীৰ সহায় লৈ কামৰূপ দখল কৰি ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে। কেপ্টেইন ওৱেলছে গুৱাহাটী উদ্ধাৰ কৰি তাৰ পিছত কৃষ্ণনাৰায়ণক আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰাই আহোমৰ কৰতলীয়া ৰজা কৰি ৰাখে।

9. বৰ ৰজা ফুলেশ্বৰী। —চমুটোকা লিখা।
উত্তৰঃ ফুলেশ্বৰীকুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল। তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ পুৰোহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ দীক্ষা লৈছিল। সেই সময়ত ব্ৰাহ্মণ পণ্ডিত সকলে শিৱসিংহৰ ছত্ৰভংগৰ যোগ আছে বুলি কৈ ফুলেশ্বৰীক বিৰৰজা উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই বৈষ্ণৱ-মহন্তসকলক বহুতো নিৰ্যাতন কৰিছিল। তেওঁ সত্ৰাধিকাৰ তথা ভক্তসকলক দেৱী পূজালৈ নিমন্ত্ৰণ কৰি জোৰ কৰি পূজাৰ প্ৰসাদ খুৱাইছিল আৰু কঁপালত বলিৰ তেজৰ ফোঁট দিছিল।

এই ঘটনা প্ৰতিক্ৰিয়া আহোম বুৰঞ্জীত অতি সুদূৰপ্ৰসাৰী আছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ ই এই ঘাই কাৰণ। ফুলেশ্বৰী কুঁৱৰী এগৰাকী বিদ্যেৎসাহী মহিলা আছিল। তেওঁ লিখা পঢ়াৰ সুবিধাৰ কাৰণে ৰাজ্যত বহুতো টোল পাতি দিছিল। তেওঁৰ নিৰ্দেশতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিমাৰ্ণ কৰা হয়। এওঁৱে আছিল আহোমৰ ৰাজত্বকালত ৰাজকাৰ্য পৰিচালনা কৰা প্ৰথম মহিলা। ১৭৩১ খ্ৰীঃত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।

10. মায়ামৰা সত্ৰ। —চমুটোকা লিখা।
উত্তৰঃ ‘মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তভূক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বহুতো জনজাতি যেনে- কাছাৰী, চুতীয়া, আত্তাম, কৈৱৰ্ত্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই জনপ্ৰিয়তাৰ আৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্ৰ সম্প্ৰদায় ভূক্ত। শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত জনজাতীয় লোকসকলে এক সুকীয়া মৰ্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা কঢ়ি গৈছিল। এই সত্ৰৰ শিষ্যসকলৰ গুৰুৰ প্ৰতি ভক্তি আছিল অপাৰ। এই মায়ামৰা শব্দৰ পৰাই মোৱামৰীয়া’ শব্দটোৰ উৎপত্তি হোৱা বুলি জনা যায়। এই সত্ৰৰ শিষ্য তথা মহন্তসকলেই পৰৱৰ্তী কালত আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।

READ MORE  ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | Chapter 6 | Class 9 Social Science - SEBA

11. গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫)। —চমূটোকা লিখা।
উত্তৰঃ আহোম ৰজা লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ লোকনাথ গোহাঁই আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ ৰজা হৈ গৌৰীনাথ সিংহ নাম লয়। তেওঁ ৰজা হৈয়ে মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। ৰজাৰ অত্যাচাৰত অতিষ্ঠ হৈ মৰাণসকল আকৌ বিদ্ৰোহী, হৈ উঠে। এদিন ৰাতি বিদ্ৰোহীসকলে ৰজাক বাটতে আক্ৰমণ কৰি, যাকে য’তে পালে কাটিলে। প্ৰথমে বিদ্ৰোহীসকলক খেদি পঠায় যদিও পিছলৈ ৰংপুৰ দখল কৰে। ৰজাই বিদ্ৰোহ দমনত ব্যৰ্থ হৈ, ভয়তে গুৱাহাটীলৈ পলায়ন কৰে। অৱশ্যে ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে অতি কম দিনৰ ভিতৰতে বিদ্ৰোহ দমন কৰি, গৌৰীনাথ সিংহক পুনৰ ৰজা পাতি দিয়ে। গৌৰীনাথ সিংহ আহোম ৰজাসকলৰ ভিতৰতে আটাইতকৈ অকৰ্মন্য, ৰক্তপিপাসু, কাপুৰুষ ৰজা আছিল। তেওঁ সামান্য কথাতে মানুহক বধ কৰিছিল। তেওঁ শাসন ক্ষমতা বিষয়াৰ হাতত এৰি দি, আমোদ-প্ৰমোদত দিন কটাইছিল। এই অত্যাচাৰী, অবিবেচক ৰজাজনৰ শাসনে আহোম ৰাজ্যৰ . পতনৰ বাট মুকলি কৰিছিল।

12. ৰংপুৰ নগৰ। —চমুটোকা লিখা।
উত্তৰঃ ৰংপুৰ নগৰ আছিল গৌৰীনাথ সিংহৰ ৰাজ্যৰ ৰাজধানী। মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰৰ সমীপত উপনীত হোৱাত নিৰাপত্তাহীনতাৰ আশংকা কৰি আহোম ৰজা গৌৰীনাথ সিংহ ১৭৮৯ চনত গুৱাহাটীলৈ পলায়ন কৰে। পিছত কেপ্টেইন ওৱেলছ আৰু তেওঁৰ বৃটিছ ফৌজৰ সহায়ত আহোম সন্যই ৰংপুৰ নগৰ সোৱামৰীয়াসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু কেচেইন ওৱেলছৰ প্ৰত্যাৱৰ্তনৰ পিছতে মোৱামৰীয়া সকলে পুনৰ ৰংপুৰ দখল কৰিছিল। বাধ্যহৈ স্বৰ্গদেৱে যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।

13. কাড়ী পাইক আৰু চমুৱা পাইক। —চমুটোকা লিখা।
উত্তৰঃ আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই (১৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ) আছিল একো একোজন পাইক। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো কাড়ী পাইক আৰু দ্বিতীয় ভাগটো চমুৱা পাই। ইন বাধ্যতামূলক পাইক খটাৰ পৰা ৰেহাই নোপোৱা সাধাৰণ কৃষক শ্ৰেণীৰ পাইকক ‘কাড়ী’ বোলা হৈছিল। বৃত্তিজীৱি সোণাৰি, কঁহাৰ আদিও এনে কাঁড়ী পাইকৰ লেখত পৰিছিল। তেওঁলোকে নিৰ্দিষ্ট নিৰিখত ৰজাক কৰ দিব লাগিছিল। পাইকৰ মাটিৰ ওপৰত কোনো স্বত্ব নাছিল। তেওঁলোকৰ মাটিবোৰ ৰজাই আধিগ্ৰহণ কৰিছিল। পাইকসকল দাস নাছিল, সঁচা কিন্তু তেওঁলোকক ব্যক্তিগত সম্পতিৰ দৰেই ব্যৱহাৰ কৰা হৈছিল। কিন্তু ব্যক্তিগত স্বাধীনতা তেওঁলোকৰ নাছিল বুলিলেও ভুল হ’ব। ইচ্ছাকৰিলে বছৰেকীয়া কৰ দি তেওঁলোকে পাইখৰ বাবে নিৰ্দিষ্ট বাধ্যতামূলক গা-খটাৰপৰা ৰেহাই পাইছিল। কিন্তু এনে কৰ বাবে প্ৰয়োজনীয় ২/৩ টকা সংগ্ৰহ কৰাটোৱেই তেওঁলোকৰ বাবে কঠিন আছিল।

যিসকল পাইকে খাটিব নোখখাজে তেনে প্ৰজাই ৰজাক দুটকাকৈ (কোনো কোনো সূত্ৰমতে তিনি টকা) বাৰ্ষিক কৰ দিছিল। এনে লোকক “চমুৱা বোলা হৈছিল। দুপুৰা কৰ মুক্ত মাটি তথা গা- মাটিৰ বাহিৰে পাইকে অধিকাৰ কৰা অইন মাটিৰ বাবে বাৰ্ষিক এটকা কৰ দিব লাগিছিল। এনে ‘চমুৱা” শ্ৰেণীয়ে বিষয়া নিযুক্ত হোৱাৰ সুবিধা পাইছিল।

14. কীৰ্তিচন্দ্ৰ বৰবৰুৱা। —চমুটোকা লিখা।
উত্তৰঃ ৰাজেশ্বৰ সিংহই ৰাজকাৰ্য পৰিচালনা কৰাতকৈ আমোদ প্ৰমোদত দিন কটাবলৈহে বেছি ভাল পাইছিল। তেওঁ ৰাজ্য-শাসনৰ ভাৰ বকতিয়ালৰ কীৰ্তিচন্দ্ৰ গেন্ধেলা বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। বৰবৰুৱাৰ ক্ষমতা দিনকদিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱৰা হ’ল। কীৰ্তিচন্দ্ৰ সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগোহাঁয়ে ‘চকৰীফেঁটী’ নামে এখন বুৰঞ্জী লিখি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক ‘জলম বটা’ অৰ্থাৎ নকল আহোম বুলি উল্লেখ কৰিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্ৰতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্ৰমাণ কৰিলে যে তেওঁ সম্পূৰ্ণ সম্ৰান্ত আহোম পৰিয়ালৰ। এনে কাৰ্যই ৰজাৰ বিষয়েও কিবা বেয়া কথা থাকিব পাৰে বলি সন্দেহ জগালে আৰু ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ ল’লে। তেওঁ বুৰঞ্জী কিছুমান পৰীক্ষা কৰি আপত্তিজনক কথা থকা বুৰঞ্জীবোৰ পুৰি পেলায়। বৰবৰুৱাৰ এই কাৰ্যই তেওঁক বৰ অপ্ৰিয় কৰি তোলে। কিছুমানে ষড়যন্ত্ৰ কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে; কিন্তু তেওঁ কোনো ৰকমে পলাই প্ৰাণ ৰক্ষা কৰে। পাছত তেওঁ ষড়যন্ত্ৰকাৰীসকলক ধৰি কঠোৰ শাস্তি দিয়ে।

কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তসকলৰ ওপৰত বৰ অত্যাচাৰ কৰে। তেওঁ কেইজনমান মোৱামৰীয়া নেতাক অপমান আৰু লঘু লা না কৰা বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে। মোৱামৰীয়া বিদ্ৰোহীসকলে বিদ্ৰোহৰ সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে।

15. ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি। —চমুটোকা লিখা।
উত্তৰঃ আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিমতে—
(ক) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হল।

(খ) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হ’ল।

(গ) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।

(ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ
কৰাৰ ব্যৱস্থা কৰা হ’ল।

(ঙ) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

16. মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি কব পৰা যায় নে?
উত্তৰঃ মোৱামৰীয়া শব্দটো ‘মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰউপৰি অসমৰ অন্যান্য বহুতো জনজাতি যেনে কছাৰী, চুতীয়া, আহোম কৈবৰ্ত্ত আদি লোকৰ মাজত এই সত্ৰই যথেষ্ট। জনপ্ৰিয়তা অৰ্জন কৰিছিল। তথাকথিত সমাজ ব্যৱস্থাত এই জনজাতীয় সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। কিন্তু শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল। যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ, সংখ্যা বাঢ়ি গৈছিল।

মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি অভিহিত কৰিব পাৰি। কাৰণ এই বিদ্ৰোহত যোগদান কৰিছিল অজস্ৰ সাধাৰণ প্ৰজাই যাৰ ভিতৰত অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক।

17. কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ১৭১৪ চনত ৰূপচন্দ্ৰ বৰবৰুৱাৰ মৃত্যু হোৱাত স্বৰ্গদেউ। শিৱসিংহই তেওঁৰ পুত্ৰ কীৰ্তিচন্দ্ৰক বৰবৰুৱা পদত নিযুক্তি দিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা বৰ অত্যাচাৰী আৰু স্বেচ্ছাচাৰী আছিল। তেওঁৰ উছটনিতে ৰাণী ফুলেশ্বৰীৰ বৈষ্ণৱ নিৰ্যাতনৰ মাত্ৰা অধিক হৈছিল। ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ মোহনমালা দেওক কীৰ্তিচন্দ্ৰই কু-চক্ৰান্ত কৰি ৰজা হোৱাৰ পৰা বঞ্চিত কৰিছিল। কীৰ্তিচন্দ্ৰই মোহন মালাদেওক ভায়েক ৰাজেশ্বৰ সিংহক ৰজা পাতিছিল। কীৰ্তিচন্দ্ৰই মোহনমালাদেওক ষড়যন্ত্ৰ কৰি নামৰূপৰ অটব্য অৰণ্যলৈ নিবাসিত কৰিছিল। ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত ৰজা পতা বিষয়টোক লৈ আহোম ডা-ডাঙৰীয়াসকলৰ মাজত মতানৈক্য হৈছিল। কিন্তু কীৰ্তিচন্দ্ৰই তেওঁলোকক গুৰুত্ব নিদি ৰাজেশ্বৰ সিংহৰ পুতেক লক্ষ্মীসিংহক ৰজা পাতিছিল। ফলত তেওঁৰ বিৰুদ্ধে ডা- ডাঙৰীয়াসকলৰ মাজত বিদ্ৰে সৃষ্টি হৈছিল।

18. কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উত্তৰঃ মোৱামৰীয়া প্ৰজা বিদ্ৰোহে সমগ্ৰ আহোম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়েই উফৰি ৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়াবক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ অভ্যন্তৰীণ ভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্টইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আবেদনৰ প্ৰতি সহাৰি জনায় কোম্পানী চৰকাৰে অসমলৈ সামৰিক অভিযান চলাই। তাশ্যে ইংৰাজেও এনে এক সুযোগৰ অপেক্ষাতেই আছিল। এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্ৰহ আৰু লগতে বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰাইসিংহাসনত প্ৰতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দি কেপ্তেইন থমাছ ওৱেলছ অসমলৈ আহিছিল।

কোম্পানিৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্ৰসুৰী হিচাপে ছাৰ জন ডাৰে নতুন নীতি গ্ৰহণ কৰিছিল। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ওৱেলছক অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা স্বত্ত্বেও ওৱেলছে আধাতে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত লয়।

19. কোনজন আহোম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্ৰানুষ্ঠানৰ ধ্বংস সাধন কৰিছিল? তাৰ পৰিণতি কি হৈছিল আলোচনা কৰা।
উত্তৰঃ সত্ৰসমূহ হৈছে বৈষ্ণৱসকলৰ পৱিত্ৰ স্থান। এইবোৰ পোন প্ৰথম শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। পোন প্ৰথমে ৰজা বা ডা ডাঙৰীয়াসকলে এই সত্ৰসমূহলৈ মুক্তহস্তে দানবৰঙণি আগবঢ়াইছিল। সত্ৰসমূহৰ লগত জড়িত সত্ৰাধিকাৰ, ভকত সকলে পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল।

ক্ৰমে এই সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হোৱাত শাৰীৰিক শ্ৰমদান কৰা লোকৰ সংখ্যা কমি আহিব ধৰিলে। গতিকে গদাধৰ সিংহই বৈষ্ণৱ সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সাসম্পত্তিসমূহ ৰাজকোষলৈ স্থানান্তৰিত কৰিলে। ইয়াৰ উপৰিও তেওঁ শ-শ বৈষ্ণৱ মহন্ত আৰু ভকতক শ্ৰমদান কৰিবলৈ আদেশ দিছিল। যিয়েই এই আদেশ অমান্য কৰিছিল তেওঁলোকক টোকলাই, নামৰূপ, বছদয়াঙ আদি ঠাইলৈ নিৰ্বাসিত কৰিছিল। এই ধ্বংসকাৰ্যত স্বৰ্গদেউ গদাধৰ সিংহক সহায় কৰিছিল ৰংগাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱাই। . এই বৈষ্ণৱ নিৰ্যাতনৰ ঘটনাই বৈষ্ণৱসকলৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। যিহেতু এই ঘটনাই তেওঁলোকৰ ধাৰ্মিক অনুভূতিত আঘাত কৰিছিল সেয়ে তেওঁলোক শাসকবৰ্গৰ প্ৰতি বিতৃষ্ট হৈ পৰিছিল। মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱাত এই ঘটনাৰো যথেষ্ট অৱদান আছে।

20. পাইক প্ৰখা মোৱামৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।
উত্তৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাইকৰ সংখ্যা হ্ৰাস পাই অহাৰ লগে লগে প্ৰজাৰ ওপৰত ৰাজকীয় শোষণৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল। একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাষ্ট্ৰই পাইকৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বোজা বৃদ্ধিৰ মাজেৰে প্ৰজা শশাষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলাবহতীয়াৰূপে পৰিগণিত আহোম প্ৰজাসকলে সততে দুই ধৰণে কৰৰ বোজা মূৰ পাতি ল’ব লাগিছিল। তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতিসকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল।

দেশত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হোৱা নাছিল যদিও যেনেকৈ মানুহৰ হাতত অলপ-অচৰপ মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰপৰা ৰেহাই পোৱাৰ ব্যৱস্থা কৰিছিল। ধন বিনিময়ত পাইক খটাৰপৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল। চহকী পৰিয়ালৰ লোকে ধন- চিত সংগ্ৰহ কৰি ৰজা ঘৰত জমা দি কাঁড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা শ্ৰেণীলৈ উঠিছিল। চমুৱা শ্ৰেণীলৈ উঠাৰ অৱশিষ্ট কাঁড়ী পাইকৰ ওপৰত শ্ৰমৰ বোজা বাঢ়ি গৈছিল।

এনে ধৰণৰ প্ৰজা শশাষণে আহোম ৰাজতন্ত্ৰৰ ৰাজহাড় জোকাৰি। তুলিছিল। সাধাৰণ প্ৰজাসকল সামাজত নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত এই প্ৰজাসকলৰ মান-মৰ্যাদা বোলা বস্তুটো নাছিল, তেওঁলোক আছিল শ্ৰম কৰা যন্ত্ৰ। তাৰেই ফলস্বৰূপে দেশত সামাজিক সংঘাত বৃদ্ধি পাইছিল। সেইকাৰণেই সমাজৰ নিম্ন শ্ৰেণীৰ প্ৰজাসকলে আহোম ৰাজতন্ত্ৰৰ ওপৰত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিত আছিল। তেওঁলোকে বিদ্ৰোহ সমাগত হোৱাৰ লগে লগে আন আন বিদ্ৰোহীসকলৰ লগতো যোগাযোগ স্থাপন কৰিছিল। এই শোষণ নীতিৰ বাবেই লাহে লাহে মোৱাৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল।

21. বৈষ্ণৱ সত্ৰানুষ্ঠানৰ ধবংস সাধনে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱাত কিমানখিনি অৱদান দিছিল আলোচনা কৰা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান উৎস আছিল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ হত্যাকাণ্ড। আহোম স্বৰ্গদেউ ভগা ৰজাৰ ৰাজত্বকালত বেজদলৈ ভাণ্ডাৰী বৰুৱাই গুৰুজনাক হত্যা কৰিছিল। গুৰুজনাক সৎকাৰ কৰি শিষ্যসকলে প্ৰতিশোধ লোৱাৰ বাবে প্ৰতিজ্ঞা কৰিছিল।

গুৰুজনাৰ হত্যাৰ ঘটনা মাৰ নাযাওঁতেই গদাধৰ সিংহৰ বৈষ্ণৱ নিৰ্যাতনৰ কাৰ্যই জ্বলাই জুইত ঘিউ ঢালি দিছিল। অংগক্ষতৰপৰা হাত সাৰিবলৈ পলাই ফুৰোতে গদাধৰ সিংহই সত্ৰানুষ্ঠানসমূহত গোট খোৱা প্ৰচুৰ ধন-সম্পত্তিৰ সম্ভেদ পাইছিল। ধনে-সম্পদে সত্ৰানুষ্ঠানবোৰ একো একোখন পৃথক পৃথক ৰাষ্ট্ৰ হৈ পৰিছিল।

READ MORE  ভাৰতবৰ্ষৰ ভূগোল | Chapter 8 | Class 9 Social Science - SEBA

প্ৰচলিত নিয়ম মতে পুৰোহিত, ব্ৰাহ্মণ, ভকতসকলে পাইক সেৱা। দানৰপৰা ৰেহাই পাইছিল। তাৰ সুবিধা লৈয়ে বহু লোকে সত্ৰৰ ভকত হৈ পাইক সেৱাৰপৰা নিষ্কৃতি লাভ কৰিছিল। তাৰ ফলস্বৰূপে আলি পদুলি, ৰাস্তা আদি নিৰ্মাণ ক্ষেত্ৰত শ্ৰম শক্তিৰ নাটনি হৈছিল। সেইবাবেই গদাধৰ সিংহই সত্ৰানুষ্ঠানৰ ধ্বংস কৰি তাত জমা হোৱা ধন-সম্পত্তি ৰাজকোষলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল আৰু বৈষ্ণৱ ভকতসকলক শাৰীৰিক শ্ৰম কৰিবলৈ লগাইছিল। সেই কাৰণেই ভকতসকলক শাৰীৰিক নিৰ্যাতন কৰাৰ উপৰিও ঘৰৰপৰা বলপূৰ্বকভাৱে টানি আনি বিভিন্ন কামত নিয়োগ কৰিছিল।

সত্ৰানুষ্ঠানৰ ধ্বংস কাৰ্যৰপৰা বৈষ্ণৱীয়াসকলৰ মনৰোৰ বিদ্ৰোহী হৈ। উঠিছিল আৰু তাৰ পৰিণতিস্বৰূপে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল।

22. মোৱামৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহীসকলক দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আহ্বানক্ৰমে কোম্পানী চৰকাৰে পঠোৱা সামৰিক অভিযানৰ নেতৃত্ব দিবলৈ কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল।

আহোম ৰজাৰ দূৰ্বলতাৰ সুযোগ লৈ নামণি অসমত বহুকেইজন কতলীয়া ৰজাই আহোম বশ্যতা ওফৰাই দিছিল। দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্ৰতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল। কিন্তু নগাঁৱতো সিন্ধু হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। গুৱাহাটীৰ আশ্ৰয়ো বৰ সুখকৰ নাছিল। বৈৰাগী ৰজাৰ নেতৃত্বত কৈবৰ্ত সম্প্ৰদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্ৰয়গ্ৰহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হয়। ব্ৰহ্মপুত্ৰৰে ভটীয়াই যাওতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হ’ল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰোণীয়া সৈনি দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ’ল। হৰদত্ত চৌধুৰীৰ বিদ্ৰোহ দমন কৰি তেওঁলোকক আহোমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হল। দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনিত আহোম ৰাজ্য নিষ্কন্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰ কৰে।

গৱৰ্ণৰ জেনেৰেল কৰ্ণৱলিছে ওৱেলছৰ অনুৰোধতে অসমলৈ অতিৰিক্ত ফৌজ পঠাইছিল। ওৱেলছৰ নেতৃত্বত অহা নতুন বৃটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিছিল। বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মোৱামৰীয়াসকল তিষ্ঠিব নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমান মোৱামৰীয়াৰ মৃত্যু হল।

কেপ্তেইন ওৱেলছ এই বিদ্ৰোহ দমনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপেই সফল আছিল। কিয়নো তেওঁ সন্যসহ প্ৰত্যাৱৰ্তন নকৰালৈ মোৱামৰাসকল পুনৰ গা কৰি উঠিব পৰা নাছিল। কিন্তু তেওঁৰ প্ৰত্যাৱৰ্তনৰ পিছতেই দেশত আকৌ অৰাজকতাৰ সৃষ্টি হৈছিল।

23. মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাৰ? যুক্তি দিয়া।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহত যদিও আহোম ৰজাসকলে বিদ্ৰোহীসকলক দমন কৰিবলৈ সক্ষম হৈছিল, তথাপি এই বিদ্ৰোহত মোৱামৰীয়াসকল বিফল হোৱা বুলি কব নোৱাৰি। কিয়নো মোৱামৰীয়া। প্ৰজা বিদ্ৰোহে আহোমৰ লাইখুটা লৰাই পেলাইছিল। এই বিদ্ৰোহত বিদ্ৰোহীসকলে উজনি, নামনিৰ বহু অঞ্চল নিজৰ দখলৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। প্ৰায় ৩৫ বছৰ কাল জুৰি চলা এই বিদ্ৰোহে মানৰ আক্ৰমণৰ সময়লৈ কেইবাজনো ৰজাৰ ৰাজত্বকাল অস্থিৰ কৰি ৰাখিছিল।

মোৱামৰীয়া চতুৰ্থ বিদ্ৰোহত চিংফৌসকলৰ জৰিয়তে মোৱামৰীয়াসকলে মানসকলক দুবাৰো অসমলৈ আনিছিল। যদিও দুয়োবাৰেইবুঢ়াগোহাঁশিয়ে মানসকলক ভেটিদি ওভতাই পঠাইছিল আৰু মোৱামৰীয়াসকলকো দমন কৰিছিল। কিন্তু মানৰ লগত থকা মোৱামৰীয়া শেহতীয়া বুজাবুজি দেশৰ কাৰণে মংগলজনকনহয় বুলিবঢ়াগোহাঞিয়ে হাড়ে হিমজুৱে বুজি পাইছিল আৰু সেইবাবে যথাসম্ভৱ সোনকালে বিদ্ৰোহৰ এটা স্থায়ী সমাধান কৰিবলৈ বিচাৰিছিল। মোৱামৰীয়াসকলৰ ভিতৰত মৰাণসকলেই স্বাতোকৈ শক্তিশালী আৰু সংখ্যা গৰিষ্ঠ আছিল। সেয়েহে তেওঁলোকক সন্তুষ্ট কৰাটো অত্যন্ত জৰুৰী আছিল। বুঢ়াগোঞিয়ে মোৱামৰীয়া নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বৌমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূ-খণ্ড মটক ৰাজ্য’ নাম দি এখন নতুন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰে। বানন্দয়ো বছৰি কৰ সোধাবলৈ মান্তি হৈছিল। ইয়াৰ পিছত মোৱামৰীয়াসকলে বিদ্ৰোহত সফল হৈছিল। কিন্তু এইবিদ্ৰোহে আহোম ৰাজতন্ত্ৰৰ ভেটি ওফৰাই পেলোৱাৰ উপক্ৰম কৰিছিল যাৰ ফলত ইংৰাজসকলক অসমত খোপনি পোতাৰ পথ মুকলি কৰি দিয়া হৈছিল আৰু এনেদৰে অসমখনক এক ভয়াৱহ ভৱিষ্যতৰ ফালে আগুৱাই দিছিল। সেইফালৰ পৰা চালে এই বিদ্ৰোহক এক বিফল বিদ্ৰোহ বুলি কব পাৰি।

24. মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু প্ৰায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল। বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ আছিল এনেধৰণৰ—
মোৱামৰীয়া শিষ্যসকলৰ গুৰুৰ প্ৰতি অগাধ ভক্তি আছিল। প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোৱাইছিল। তেনে পৰিস্থিতি গুৰুৱে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো তুলনা ৰ দুঃসাহস কৰিছিল। ফলত আহোম ৰজা আৰু গুৰুৰ মাজত দ্বন্দ্ব সৃষ্টি হৈছিল। এবাৰ স্বৰ্গদেউ প্ৰতাপ সিংহই মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখন দুখন চোকা তৰোৱাল সিহতৰ ডিঙিৰ সমানকৈ পঠালিকে বান্ধি ৰাখিলে। তেওঁ ভাবিছিল যে মোৱামৰীয়া শিষ্য দূজনে মৃত্যুৰ ভয়ত। শিৰ নত কৰিবলৈ বাধ্য হ’ব। কিন্তু সকলোকে হতচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্ৰহণ কৰিলে কিন্তু নিজৰ মূৰ নোদোৱালে। এই ঘটনাই মোৱামৰীয়া মহন্তৰ মান, আত্মবিশ্বাস আৰু সাহস দুগুণ বৃদ্ধি কৰিলে।

প্ৰতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজা চুকফা ভগাৰ্জাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ অজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়া এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকেইজগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছত আৰু কেইবাটাও ৰাজ অতিশয্যাৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত শিৱসিংহৰ দিনত বৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক বলিৰ ফোট লবলৈ বাধ্য কৰোৱাটো এটা উল্লেখযোগ্য ঘটনা। এনে ধাৰাবাহিক নিৰ্যাতনৰ পুঞ্জীভূত বেদনাৰ বহিঃপ্ৰকাশ ঘটিছিল মোৱামৰীয়া বিদ্ৰোহত।

25. বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত ভকত নিৰ্যাতন বৰজা ফুলেশ্বৰীৰ ভূমিকা নিৰ্ণয় কৰা।
উত্তৰঃ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত মোৱামৰীয়া মহন্ত প্ৰতি কৰা অন্যায়-অপমানে চূড়ান্ত ৰূপ পাইছিল। বৈষ্ণৱ সত্ৰাধিকাৰ মহন্ত-ভকত নিৰ্যাতনত বৰৰজা ফুলেশ্বৰীৰ ভূমিকা আছিল লেখত ল’বলগীয়া। তেওঁ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ সৈতে জড়িত সন্ত মহন্ত, ভকত স্কলোকে লঘু-লাঞ্ছনা কৰি অশেষ নিৰ্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লোৱা এইগৰাকী ৰাণীৰ বৈষ্ণৱ নিৰ্যাতন কাৰ্যত ইন্ধন যোগাইছিল কীৰ্তিচন্দ্ৰ বৰুৱাই। শক্তি ব্ৰাহ্মণ পুৰোহিতসকলে ৰজা শিৱসিংহৰ ছত্ৰভংগ যোগ আছেবুলি পতিয়ন নিয়াই ৰাণী ফুলেশ্বৰীক ৰাজকীয় ছত্ৰ ধাৰণ কৰিবলৈ দিবৰৰজা উপাধি দিছিল। ৰজা আৰু ৰাণী দুয়ো কৃষ্ণৰাম ভট্টাচাৰ্য বোলা শাক্ত পুৰোহিত এজনৰ প্ৰভাৱত পৰি হিতাহিত জ্ঞানশূণ্য হৈ পৰিছিল। বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰোধী আছিল। সেয়েহে ৰাণীয়ে দেৱীমন্দিৰত পূজাৰ আয়োজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্ৰানুষ্ঠানৰ মহন্ত-ভকতসকলক প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফোঁট দিয়াইলঘু-লাঞ্ছনা কৰিছিল। বৈষ্ণৱপন্থী মহন্তসকলক ৰা এনে অপমানে ইতিমধ্যে তেওঁলোকৰ মাজত উমি উমি জ্বলি থকা বিদ্ৰোহৰ জুইকুৰা জ্বলি উঠাত দুগুণে উৎসাহিত কৰিছিল।

26. আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উত্তৰঃ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ এটা প্ৰধান কাৰক আছিল। সেইবিষয়ে তলত আলোচনা কৰা হ’ল—

আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। ছোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটিবাৰী, ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। ভিন্ন সংহতি কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজত ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। ভিন্ন সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হ’বলৈ লৈছিল। তাৰ পিছত লাহে লাহে গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ এই প্ৰতিপত্তি বোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবোৰ একো একোখন আহোম ৰাজ্যৰ ভিতৰতে থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিস্থিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজনা ৰজা ৰুদ্ৰসিংহই এইনীতিৰ পুনৰাই পৰিৱৰ্তন সাধিছিল আৰু নিৰ্বাসিত, নিৰ্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল। তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰসকলৰ ওপৰত সজাগ দৃষ্টি দিব পাৰিছিল। ইমানেইনহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দুয়ো বৰ্ণৰ মাজৰ মতান্তৰ বৃদ্ধিহে কৰিছিল। তাৰ পৰিণতি আমি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ।

স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিবলৈ সুবিধাপালে। এটাসয়ত ৰাজআজ্ঞামতেইশূদ্ৰ মহত্তকলৰ ওপৰত নিৰ্যাল চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাত ভা লৈ বলিৰ তেজৰ ফোট ল’বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্ৰোহ।

27. মোৱামৰীয়া বিদ্ৰোহৰ কৃতকাৰ্যতা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰি ভৰত সিংহক ৰজা আৰু শুকুৰা নামৰ আন এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ দিছিল। ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ সম্পৰ্কীয় লোক আছিল আৰু বছা-দয়াঙৰ জপৰা গোহাঁইৰ তলত নিজকে স্বতন্ত্ৰ বুলি ভাবিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰে জাপৰিভিটাত ডফলা বহতীয়াসকলে তাঁতী এজনক ৰজা পাতিছিল। মাজুলীত হাউহা বোলা এজনক মোৱামৰীয়াসকলে ৰজা পাতিছিল। বেংমৰাত হাতীচুংগী মৰাণসকলে সবানন্দক ৰজা আৰু গোধাক বৰবৰুৱা পাতিছিল। সবানন্দই ১৭৮৮ ৰপৰা ১৮০৫ লৈ বেংমৰাত ৰাজত্ব কৰিছিল। শদিয়াত খামটীসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামে দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল।

উজনিৰ ৰাজনৈতিক পৰিৱৰ্তনৰ লগে লগে নামনিতে সমপৰিমাণে ৰাজনৈতিক পৰিৱৰ্তনৰ চেষ্টা চলিছিল। উজনিত ৰাজ ভগনৰ সুযোগ লৈ নামনিতে কতলীয়া ৰাজ্য ন-দুৱাৰ আৰু দৰঙেও স্বাধীনতা ঘোষণা কৰিছিল। গতিকে দেখা যায় মোৱামৰীয়া প্ৰজা বিদ্ৰোহে আহোম ৰাজতন্ত্ৰ লাইখুটা সম্পূৰ্ণৰূপে লৰাই পেলাইছিল। এনেদৰেই মোৱামৰীয়া বিদ্ৰোহত বিদ্ৰোহীসকলে উজনি, নামনিক নিজৰ দখললৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

28. প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ এটি আভাস দিয়া আৰু ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ খবৰ পাই ৰজাই বিদ্ৰোহৰ নেতা বাঙ্গনক ধৰি আনিবৰ বাবে মানুহে পঠালে। কিন্তু মানুখিনি বিদ্ৰোহীৰ হাতত নিহত হ’ল। ৰজাই এইবাৰ তিপামলৈ আগবাঢ়ি অহা বিদ্ৰোহীক ভেটা দিবৰ বাবে সৈন্য বাহিনী পঠালে। ডিব্‌ৰু নদীৰ পাৰত প্ৰথম যুদ্ধ লাগিল। যুদ্ধত মোৱামৰীয়াসকল হাৰি পিছুৱাই যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাঘব মৰাণে কেইবাখনো যুদ্ধত আহোমক পৰাস্ত কৰে। ইয়াকে দেখি ৰজাই বৰবৰুৱাৰ দিহামতে গুৱাহাটীৰ ফালে ভটিয়াই যাওঁতে বাটতে ধৰা পৰিল আৰু বন্দী কৰি ৰংপুৰত ৰাখিলে। এই যুদ্ধত আহোমৰ বহুত বিষয়াও বন্দী হ’ব লগাত পৰে। প্ৰবাদ আছে যে, এই যুদ্ধত নাহৰ মৰাণৰ দুই পত্নী ৰাধা ৰুক্মিণীয়ে ৰাজকীয় সৈন্যৰ বিৰুদ্ধে যুঁজ কৰিছিল।

অৱশেষত, মোৱামৰীয়া ৰাজধানী দখল কৰি বৰবৰুৱা আৰু তেওঁৰ পুতেককেইজনক হত্যা কৰিলে। তেওঁৰ জীয়েক আৰু ঘৈণীয়েকহঁতক বিদ্ৰোহীবিলাকে পত্নী হিচাপে ৰাখিলে। – নাহৰখোৱা মৰাণৰ পুতেক ৰমাকান্তক ৰজা বুলি ঘোষণা কৰা হ’ল। বিদ্ৰোহীৰ গুৰিয়ালসকলে ডা-ডাঙৰীয়াৰ বাব পালে। ৰাঘৱে বৰবৰুৱা বাব পালে আৰু ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী কুঙ্গনয়নীক বিয়া কৰাই ৰাখিলে। ৰমাকান্তৰ নামত ন-চুকীয়া মোহৰ মাৰি দেশ শাসন কৰে।

READ MORE  ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন | Chapter 1 | Class 9 Social Science - SEBA

ফলাফলঃ ৰমাকান্ত আহোমৰ ৰাজসিংহাসনত বহাত প্ৰজাসকলে ভাল পোৱা নাছিল। ৰমাকান্তই এই কথা জানি লক্ষ্মীসিংহ আৰু তেওঁৰ বিষয়াসকলক হত্যা কৰিবলৈ স্থিৰ কৰিলে। এই খবৰ পাই বিষয়াসকলে চ’তৰ বিহুৰ আগ মুহূৰ্তত কুৰঙ্গনয়নীৰ দিহামতে একগোট হৈ হুচৰি গোৱাৰ ছলেৰে ১৭৭০ খৃঃত চ’তৰ বিহুত ৰজা আৰু বৰবৰুৱাৰ ঘৰ আগুৰি তেওঁলোকক হত্যা কৰে। মোৱামৰীয়া শাসন আঘোনৰপৰা চ’তৰ সংক্ৰান্তিলৈ পাঁচমাহহে চলিল। লক্ষ্মীসিংহ বন্দীশালৰপৰা মুকলি হৈ সিংহাসনত পুনৰ আৰোহণ কৰে।

29. কেপ্তেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰঃ কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এই মূল্যবান টোকা লিখি সেই সময়ৰ বৃটিছ গৱৰ্ণৰ জেনেৰেল বাৰ জন ছোন’ প্ৰেৰণ কৰিছিল। সেইবিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়।

ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কৰ্থ এটা বৰ্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্ৰ পাঁচগৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়ে ও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদবীধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওঁক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায় বাণিজ্য সম্পৰ্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানিৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি। প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সোমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি উল্লেখযোগ্য আছিল। বংগদেশৰ পৰা বহুৰি প্ৰায় ১২০,০০০ মোন লোণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমৰ্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল।

সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল আৰু তাৰে তিনিটা ইউৰোপত তৈয়ৰী আছিল। ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এড়োখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বৰ্ণনা দিছিল। ইয়াৰ পৰিসীমা প্ৰায় ২০ মাইলমান হ’ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰব দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উত্পন্ন বস্তুৰ বেচা কিনা নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভূগিছিল। তথাপি অসম এখন ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই বৃটিছ সেনাৰ ভৰণ-পোষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

30. দ্বিতীয় আৰু তৃতীয়বাৰ মোৱামৰীয়া বিদ্ৰোহ কিয় হ’বলৈ পালে আৰু ইয়াৰ ফল আহোম ৰাজ্যত কেনেদৰে দেখা দিলে?
উত্তৰঃ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহঃ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ ও গৌৰীনাথ সিংহ ৰজা হৈয়ে মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰ ফলত মোৱামৰীয়াসকলে দ্বিতীয়বাৰ বিদ্ৰোহ আৰম্ভ কৰে। বিদ্ৰোহীসকলে ৰাতি গড়গাঁও নগৰত সোমাই অত্যাচাৰ কৰে; কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁলোকক খেদি পঠোৱাত ৰংপুৰ নগৰত সোমাই ঘৰ-দুৱাৰত জুই দি অত্যাচাৰ কৰে। বুঢ়াগোহাঁয়ে তাৰ পৰাও বিদ্ৰোহীসকলক খেদি পঠায়।

দূৰদৰ্শী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গৌৰীনাথ সিংহক বিদ্ৰোহীসকলক অত্যাচাৰ কৰাৰ পৰিৱৰ্তে কৌশলেৰে বশ কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু ৰজাই মোৱামৰীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰে। এই অত্যাচাৰে মোৱামৰীয়াসকলক অতিষ্ঠ কৰি পুনৰ বিদ্ৰোহৰ বাবে জগাই তোলে।

তৃতীয় মোৱামৰীয়া বিদ্ৰোহঃ ১৭৮৬ খৃঃত অসমৰ পূৱ অংশত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰে। বিদ্ৰোহীসকলে সকলো বাধা অতিক্ৰম কৰি ৰংপুৰৰ ওচৰ পায়। গৌৰীনাথ সিংহ ভয়তে গুৱাহাটীলৈ পলাই যায়। সাধাৰণ প্ৰজাই ভয়তে বিদ্ৰোহীসকলৰ লগত যোগদান কৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠায়ে ঠায়ে বিদ্ৰোহীসকলক বাধা দি থাকি ১৭৮৫ খ্ৰীঃৰ পৰা ১৭৯২ খ্ৰঃলৈ সাহসেৰে যুদ্ধ চলাই থাকিল। এই সময়ছোৱাত প্ৰজাৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হয়। বহুতো প্ৰজাই দেশ এৰি পলাই যায়।

প্ৰশ্নঃ ৩১। মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ বিদ্ৰোহৰ আৰম্ভণিতে মোৱামৰীয়া নেতাসকল ডেকা মহন্ত সপ্তভুজ ওৰফে গাগিনী ডেকা, ৰাঘ নেওগ আদিয়ে মোহন মালাদেও, চাৰু চন্দ্ৰ মাজুগগাহাঁই, ৰত্নেশ্বৰ সৰুজমা গোহাঁই আদি আহোম ৰাজকোঁৱৰসকলক সিংহাসনত বহুওৱাৰ আশ্বাস দি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছিল।

বিদ্ৰোহৰ আৰম্ভণিতে বিদ্ৰোহীসকল ৰাজধানী ৰংপুৰ দখল কৰি ৰজা লক্ষ্মীসিংহক বন্দী কৰিছিল। কীৰ্তিচন্দ্ৰ সিংহৰ লগতে তেওঁৰ তিনি পুত্ৰ, ভগী বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন আৰু ভামোন চৰকাৰী বিষয়াসকলক বিদ্ৰোহীসকলে হত্যা কৰিছিল। মোহন মালদেওক তেওঁৰ পুত্ৰসকলৰ সৈতে বিহ খুৱাই হত্যা কৰিছিল। আনহাতে বিদ্ৰোহীসকলে তেওঁলোকৰ মাজৰপৰা নতুন নতুন বিষয় নিয়োগ কৰিছিল। কিন্তু বিদ্ৰোহীসকলৰ কাৰ্য স্থায়ী নহ’ল। চৰকাৰ পক্ষই ব’হাগ বিহুত হাৰী গোৱাৰ চলেৰে গাগিনী ডেকা মহন্তৰ সৈতে বিদ্ৰোহী নেতাবোৰক হত্যা কৰি লক্ষ্মীসিংহক ৰাজসিংহাসনত বায়।

গৌৰীনাথ সিংহৰ সময়ত মোৱামৰীয়াসকলে দ্বিতীয়বাৰৰ কাৰণে যুদ্ধ কৰে। এইবাৰ বিদ্ৰোহীসকলে ৰজাই গড়গাওঁলৈ আহি থাকোতে তেওঁক বাটতে অতৰ্কিতে আক্ৰমণ কৰে। আক্ৰমণত ৰজাই কোনোমতে বাচি আহি ৰাজকাৰেং পায়হি। তাৰ পাছত বিদ্ৰোহীসকলে পুনৰ ৰংপুৰত উপস্থিত হয় আৰু ৰজাৰ পক্ষৰ বহু লোকক হত্যা কৰে। দুয়ো পক্ষৰ মাজত গুৰুত্বৰ সংঘাতৰ সৃষ্টি হয়। এই দ্বিতীয়বাৰৰ বিদ্ৰোহৰ সময়ত দিহিং, আউনীআটী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰসকলে তেওঁলোকৰ শিষ্যসকলক লগত লৈ ৰাজকীয় বাহিনীৰ সৈতে লগলাগি মোৱামৰীয়া বিদ্ৰোহীসকলক দমন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। এনেদৰেই মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল।

31. ৰাজকীয় স্বেচ্ছাচাৰিতাই মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱাত কি ধৰণে অৱদান দিছিল আলোচনা কৰা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ আহোম যুগৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম আৰু প্ৰধান কাৰণ ধৰ্মীয় বুলিয়ে ক’ব পাৰি। আহোম ৰজাসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি ঘোৰ শাক্ত পূজাৰী হৈ পৰিছিল। আনহাতে বৈষ্ণৱ মহন্তসকলে শাক্ত ধমক ঘিণ কৰিছিল। এই কাৰণতে আহোম ৰজাসকলে বৈষ্ণৱ মহন্তসকলক নানা অত্যাচাৰ, উৎপীড়ন কৰিছিল। স্বেচ্ছাচাৰী আহোম ৰজাসকল এই বিদ্ৰোহৰ বাবে যথেষ্ট দায়ী। কাৰণ—

(১) আহোম ৰজা চুৰক্ষাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ ৰজাই ষড়যন্ত্ৰ কৰি হত্যা কৰাইছিল। সত্ৰাধিকাৰৰ শিষ্যসকলে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ অত্যন্ত ক্ষোভ পুহি ৰাখিছিল।

(২) আহোম ৰজা গদাধৰ সিংহই ৰজা হোৱাৰ আগতে অংগক্ষতৰ হাত সাৰি থাকিবলৈ ছদ্মবেশে ঘূৰি ফুৰোঁতে বৈষ্ণৱ ভকতকসকলৰ ব্যৱহাৰত বৰ ক্ষুন্ন হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে। সত্ৰানুষ্ঠানবোৰ ধ্বংস কৰি, সা সম্পত্তি বাজেয়াপ্ত কৰি ৰাজভঁৰালত জমা কৰিছিল। তেওঁ ভকতসকলক আলি-পদূলি, মথাউৰি নিৰ্মাণ কামত শ্ৰমিকৰূপে কাম কৰিবলৈ বাধ্য কৰাইছিল।

(৩) আহোম ৰজা শিৱসিংহৰ শাসনকালত, বৰৰজা, ৰাণী ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি, দেৱী পূজা কৰি, ধৰ্মান্ধ হৈ সত্ৰাধিকাৰ, বৈষ্ণৱ মহন্তসকলক বলপূৰ্বকভাৱে ধৰি পূজাৰ প্ৰসাদ খুৱাই, বলিকটা তেজেৰে কলাপত ফোট দি অপমান কৰিছিল। এইদৰে স্বেচ্ছাচাৰী আহোম ৰজাসকলে মোৱামৰীয়াসকলক বিদ্ৰোহী কৰি তুলিছিল।

(৪) ৰাজকীয় পৰিয়াল, ডা-ডাঙৰীয়াসকলে পাইকসকলক অধিক শ্ৰমৰ বোজা দিবছৰৰ ৪ মাহ খাটনী খাটিবলৈ বাধ্য কৰাইছিল। এইবোৰেই আছিল আহোম ৰজাৰ স্বেচ্ছাচাৰিতাৰ নিদৰ্শন। গতিকে ৰজাৰ স্বেচ্ছাচাৰী শাসনেই আছিল বিদ্ৰোহৰ মূল কাৰণ।

32. প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি কি? উল্লেখ কৰা।
উত্তৰঃ বিদ্ৰোহৰ কাৰণসমূহ—
(১) আহোম ৰজা গদাধৰ সিংহৰ প্ৰতিশোধঃ গদাধৰ সিংহই ছদ্মবেশে ঘূৰি ফুৰোঁতে বৈষ্ণৱ ভকতসকলৰ ব্যৱহাৰত বৰ ক্ষুন্ন হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে বৈষ্ণৱ মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে। এইটোৱেই আছিল মোৱামৰীয়া মহন্তসকলৰ বিক্ষুব্ধ হোৱাৰ প্ৰথম কাৰণ।

(২) ফুলেশ্বৰী কুঁৱৰীৰ বৈষ্ণৱসকলৰ প্ৰতি ব্যৱহাৰঃ আহোম ৰজা শিৱসিংহৰ বৰ কুঁৱৰী বৰজা ফুলেশ্বৰীয়ে দুৰ্গাপূজা পাতি বৈষ্ণৱ মহন্তসকলক বলেৰে গোসাঁনীক সেৱা কৰাই বলিকটা ফোঁট দি প্ৰসাদ খুৱায় এই কাৰ্য মোৱামৰীয়াসকলক মমান্তিক আঘাত দিয়ে। ইয়াক তেওঁলোকে পাহৰিব পৰা নাছিল।

(৩) বৈষ্ণৱসকলৰ প্ৰতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ব্যৱহাৰঃ লক্ষ্মীসিংহৰ ৰাজত্ব কালত দেশৰ শাসনকাৰ্য প্ৰকৃততে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত পৰাত তেওঁ বৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী হৈ উঠে। ৰজা আৰু বৰবৰুৱাই ফুৰিবলৈ যাওঁতে বাটতে মোৱামৰীয়া মহন্তৰ লগত দেখাদেখি হোৱাত ৰজাক মহন্তই যথাযথ সম্মান জনালে; কিন্তু বৰবৰুৱাক নজনালে। তাৰ বাবে মহন্তক নানা কটুবাক্য শুনালে। এবাৰ হাতীচুঙ্গী মৰাণৰ দলপতি নাহৰখোৱা ৰাঘবক সৌকাৰে কোবালে আৰু চুলি খুৰাইদিলে। দুয়োজনে এইঅপমানৰ প্ৰতিশোধ লবলৈ বিচাৰিলে। তেওঁলোকৰ গুৰু মোৱামৰীয়া ওচৰলৈ গৈ বিদ্ৰোহ কৰি বাবে অনুমতি বিচাৰিলে।

(৪) মোৱামৰীয়া মহন্তৰ অনুমতিঃ বৈষ্ণৱ মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তইও পূৰ্বকথা সুঁৱৰি বিদ্ৰোহৰ অনুমতি দিলে আৰু পুতেক বাঙ্গনক দলপতি পাতি সৈন্য পৰিচালনাৰ ভাৰ দি শিষ্যসকলেৰে এটা ফৌজ গঠন কৰি দিলে। তেওঁ প্ৰথমে নামৰূপলৈ গৈ মৰাণ কছাৰী শিষ্যসকলৰ অভ্যৰ্থনালৈ নামৰূপীয়া ৰজা’ উপাধি গ্ৰহণ কৰিলে।

(৫) ক্ষুব্ধ ৰাজকোঁৱৰসকলঃ ইতিমধ্যে নিৰ্বাসিত হৈ থকা মোহনমালা গোহাঁইদেৱ, চাৰিঙ্গীয়া কেঁৱৰ আৰু তিপমীয়া কোঁৱৰেও বিদ্ৰোহত যোগ দিলে। এইদৰে প্ৰতিশোধ আৰু প্ৰতিহিংসাত জ্বলি-পকি মোৱামৰীয়া মহন্তৰ সৈতে লগলাগি ১৭৬৯ খ্ৰীঃত নৱেম্বৰ মাহত ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা হয়।

33. মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ আহোম শাসনৰ কালছোৱাত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ পৰিণতি বৰ সুদূৰপ্ৰসাৰী আছিল। এই বিদ্ৰোহৰ ফলতে পৰাক্ৰমী ইংৰাজী সাম্ৰাজ্যবাদী শক্তিক অসম দেশৰ আহোম শাসকে নিজেই নিজৰ প্ৰজাৰ বিদ্ৰোহ দমন কৰিবলৈ মাতি আনিছিল। এই বিদ্ৰোহৰ পৰিণতিস্বৰূপে প্ৰথমবাৰৰ বাবে শক্তিশালী বিদেশী শাসকে অসমৰ মাটিত ভৰি দিয়ে।

(১) ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰি গৌৰিনাথ সিংহক পুনৰ শাসনভাৰ দি উভতি যোৱা কাৰ্য আহোম ৰজাৰ শাসনৰ ক্ষমতাৰ স্বৰূপটো ভালদৰে বুজি পাইছিল। এই অৱস্থাই অসমৰ প্ৰতি এক ইংৰাজসকলৰ এক স্থায়ী আকৰ্ষণ আনে। ইংৰাজসকল অসমলৈ আহি সমৃদ্ধিশালী অসমৰ ওপৰত তেওঁলোকৰ লোলুপ দৃষ্টি পৰিছিল। ই অসমৰ প্ৰতি ভৱিষ্যৎ পৰাধীনতাৰ এক ইংগিত বহন কৰিছিল।

(২) ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে অসম অভিযানলৈ আহি আহোম ৰজাৰ শাসন ব্যৱস্থাৰ যে একেবাৰে শোচনীয় অবস্থা আছিল তাক জানিব পাৰিছিল।

(৩) মোৱামৰীয়া বিদ্ৰোহীসকলৰ নেতাসকলে নিজৰ ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য দি দেশৰ স্বাৰ্থ অৱজ্ঞা কৰিছিল। নেতাসকলে নিজে ৰাজ্য প্ৰতিষ্ঠা কৰি, ৰজা হৈ দেশ শাসন কৰিবলৈ লৈছিল। নেতাসকলৰ বিভাজনে বিদ্ৰোহ মূল উদ্দেশ্যটোক দুৰ্বল কৰি তুলিছিল।

(৪) বিদ্ৰোহী মোৱামৰীয়া নেতাসকলে ৰজাক উচ্ছেদ কৰি বিকল্প এককেন্দ্ৰিক চৰকাৰ এখন গঢ় দিব পৰা নাছিল। বিদ্ৰোহীসকলে ঠায়ে ঠায়ে পতা ৰাজ্যবোৰ ক্ষণস্থায়ী আছিল। কেৱল বেংমৰাত বানন্দ সিংহই পতা ৰাজ্যখন ১৮০৫ চনলৈ বৰ্তি আছিল।

(৫) মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজ্যৰ শাসন ব্যৱস্থা সম্পূৰ্ণ ভাঙি পৰিছিল। বিদ্ৰোহ দমনৰ পিছত ৰজা নামতহে আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই বিদ্ৰোহ দমনৰ নামত নিজৰ মইমতালিৰে শাসন চলাই সকলো প্ৰজাকে অতিষ্ঠ কৰি তুলিছিল।

(৬) আহোম ৰজাৰ ক্ষমতাহীনতাৰ সুযোগ লৈ বিদ্ৰোহীৰ পিছত বুঢ়াগোহাঁই পূৰ্ণানন্দই সৰ্বেসৰ্বা হৈ পৰিছিল। তেওঁ আন ডা ডাঙৰীয়াসকলক আওকাণ কৰি, তেওঁলোকক যোগ্য স্থান নিদি নিজৰ স্বাৰ্থ পূৰণৰ বাবেহে শাসন চলাই গৈছিল। ৰজাৰ নামত, পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাই সীমা চেৰাই গৈছিল। ইয়াৰ ফলত অসমৰ ডা ডাঙৰীয়াসকল বিদ্ৰোহী হৈ উঠিছিল। এই সুবিধাতে পানীমুৱাৰ বিদ্ৰোহ, সত্ৰামৰ ষড়যন্ত্ৰ, বৰফুকন বদল চন্দ্ৰ বিদ্ৰোহ আদিয়ে দেখা দিছিল। এইদৰে অসমৰ আহোম শাসনৰ পতনমুখী গতিয়ে শেষসীমা পাইছিলগৈ।

(৭) মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈছিল। খেতিপথাৰ বছৰ বছৰ পৰি ৰৈছিল। দেশত দুৰ্ভিক্ষই দেখা দিছিল। বেছিভাগ প্ৰজা হাবিয়েবননিয়ে পলাই গৈছিল। দেশ উচ্ছন্ন হৈছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top