ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | ইতিহাস | Chapter 2 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 2 Notes | SEBA Class 9 HSLC Social Science Chapter 2 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | HSLC Social Science Questions and Answers Assam
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
Multiple Choice Questions and Answers (MCQs)
1. ১৮৫৩ খ্ৰীষ্টাব্দৰ বোম্বে আৰু থানেৰ মাজত মুকলি কৰা প্ৰথমটো ৰেল লাইনৰ দৈৰ্ঘ্য আছিল—
(a) ৫০ কিঃমিঃ
(b) ৪৫ কিঃমিঃ
(c) ৩৯ কিঃমিঃ
(d) ২১ কিঃমিঃ
উত্তৰঃ (d) ২১ কিঃমিঃ।
2. প্ৰথমটো ছাপাখানা স্থাপন কৰা হৈছিল—
(a) ১৭৯৭ খ্ৰীষ্টাব্দত
(b) ১৭৭৯ খ্ৰীষ্টাব্দত
(c) ১৭১৭ খ্ৰীষ্টাব্দত
(d) ১৭০৭ খ্ৰীষ্টাব্দত
উত্তৰঃ (a) ১৭৯৭ খ্ৰীষ্টাব্দত।
3. আলীগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ আলীগড় বিশ্ববিদ্যালয়ত পৰিণত হয়—
(a) ১৯২০ খ্ৰীষ্টাব্দত
(b) ১৯১০ খ্ৰীষ্টাব্দত
(c) ১৯২১ খ্ৰীষ্টাব্দত
(d) ১৯২২ খ্ৰীষ্টাব্দত।
উত্তৰঃ (a) ১৯২০ খ্ৰীষ্টাব্দত।
4. “বেংগল গেজেট” নামৰ সংবাদ পত্ৰখন প্ৰকাশ পাইছিল—
(a) ১৭৮০ খ্ৰীষ্টাব্দত।
(b) ১৭৯০ খ্ৰীষ্টাব্দত
(c) ১৭০৮ খ্ৰীষ্টাব্দত
(d) ১৭০৯ খ্ৰীষ্টাব্দত
উত্তৰঃ (a) ১৭৮০ খ্ৰীষ্টাব্দত।
5. বন্দে মাতৰম্ গীতটোৰ ৰচক আছিল—
(a) ৰবীন্দ্ৰনাথ ঠাকুৰ।
(b) স্বামী বিবেকানন্দ।
(c) বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
(d) লক্ষ্মীনাথ বেজবৰুৱা।
উত্তৰঃ (C) বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
6. “প্ৰেছ ৰেগুলেচন এক্ট” প্ৰয়োগ কৰা হৈছিল—
(a) ১৭৯০ চনত
(b) ১৭৯১ চনত
(c) ১৭৮৮ চনত
(d) ১৭৯৯ চনত
উত্তৰঃ (d) ১৭৯৯ চনত
7. স্বামী বিবেকানন্দৰ প্ৰকৃত নাম—
(a) নৰেন্দ্ৰনাথ দত্ত
(b) বীৰেন্দ্ৰনাথ দত্ত
(c) গোপাল কৃষ্ণ গোখলে
(d) সুৰেন্দ্ৰ নাথ ঠাকুৰ।
উত্তৰঃ (a) নৰেন্দ্ৰনাথ দত্ত
8. দেশীয় ভাষাৰ বাতৰিকাকতৰ নিষিদ্ধকৰণ আইন কোনজন গৱৰ্ণৰ জেনেৰেল আৰু ভাইচৰয়ৰ দিনত গ্ৰহণ কৰা হৈছিল—
(a) লৰ্ড কাৰ্জন
(b) লৰ্ড ৰিপন।
(c) লৰ্ড লিটুন।
(d) লৰ্ড ডেলহাউচি।
উত্তৰঃ (c) লৰ্ড লিটুন।
9. টেলিগ্ৰাফ ব্যৱস্থা চৰকাৰী নিয়ন্ত্ৰণলৈ অনা হৈছিল—
(a) ১৮৫১ চনত
(b) ১৮৪১ চনত
(c) ১৮৫৩ চনত
(d). ১৮৫৭ চনত
উত্তৰঃ (a) ১৮৫১ চনত
10. আলীগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰা হৈছিল—
(a) ১৮৭৫ খ্ৰীষ্টাব্দত
(b) ১৮৫৭ খ্ৰীষ্টাবত
(c) ১৮০৫ খ্ৰীষ্টাব্দত
(d) ১৮০৭ খ্ৰীষ্টাব্দত
উত্তৰঃ (a) ১৮৭৫ খ্ৰীষ্টাব্দত।
Very Short Type Questions and Answers (Marks : 1)
1. আধুনিক পৰিবহন যোগাযোগ ব্যৱস্থাৰ প্ৰৱৰ্তন কেতিয়া হৈছিল?
উত্তৰঃ ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত
2. আধুনিক পৰিবহন আৰু যোগাযোগ ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল?
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে।
3. আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ’ল বংকিমচন্দ্ৰ চট্টোপাধ্যায়।
4. অসমত কিয় ৰেল যোগাযোগ আৰম্ভ কৰা হৈছিল?
উত্তৰঃ অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ দিশটোৰ চিন্তা কৰিয়ে ৰেল যোগােেযাগ আৰম্ভ কৰা হৈছিল।
5. ভাৰতবাসীৰ মাজলৈ ভাৰতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথম গৰাকী ব্যক্তিৰ নাম কি আছিল?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়।
6. ‘স্যাৰে জাহাছে আচ্ছা……….গীতৰ গীতিকাৰ কোন?
উত্তৰঃ কবি ইকবাল।
7. ৰাজা ৰামমোহন ৰায়ে প্ৰকাশ কৰা হাতেলিখা পুস্তিকা দুখনৰ নাম লিখা।
উত্তৰঃ ব্ৰাহ্মণ সেবধি আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ।
8. থিয়’ছফিকেল ছ’চাইটিৰ শাখা কাৰ্যালয় ভাৰতত কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?
উত্তৰঃ ১৮৮৫ খ্ৰীষ্টাব্দত মাদ্ৰাজত।
9. কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে নিৰ্মূল কৰিছিল?
উত্তৰঃ লৰ্ড ইউলিয়াম বেন্টিংকে।
10. ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল।
উত্তৰঃ স্বামী বিবেকানন্দ।
11. ব্ৰাহ্ম সভা’ নামৰ অনুষ্ঠানটো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত।
12. থিয়’ছফিকেল ছ’চাইটি কেতিয়া আৰুক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৮৭৫ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত।
13. ভাৰতবৰ্ষত থিয় ছফিকেল ছ’চাইটি জনপ্ৰিয় কৰি কোনে তুলিছিল?
উত্তৰঃ আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে।
14. আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক জনা যায়?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়ক।
15. হোমৰুল লীগ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৯১৬ খ্ৰীষ্টাব্দত এনি বেছান্টে।
16. কংগ্ৰেছৰ শিবিৰ দুটাৰ নাম কি কি?
উত্তৰঃ চৰমপন্থী আৰু নৰমপন্থী।
17. জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰঃ এনি বেছান্ট।
18. ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত।
19. কোনজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াই পলাচী যুদ্ধত বংগৰ নবাবক পৰাস্ত কৰিছিল?
উত্তৰঃ ৰবাৰ্ট ক্লাইব।
20. বংগ ভংগ আন্দোলন কোনে কেতিয়া প্ৰয়োগ কৰিছিল?
উত্তৰঃ ১৯০৯ খ্ৰীষ্টাব্দত লৰ্ড কাৰ্জনে।
21. চেস্ট্ৰেল হিন্দু স্কুল’ কোনে, কেতিয়া, ক’ত প্ৰতিষ্ঠা কৰে?
উত্তৰঃ এনি বেছান্টে ১৭৫৭ খ্ৰীষ্টাব্দত বাৰাণসীত প্ৰতিষ্ঠা কৰে।
22. ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল?
উত্তৰঃ দাদাভাই নৌৰজী।
23. আৰ্য সমাজৰ প্ৰতিষ্ঠাপক, কোন আছিল?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।
24. নৌৰজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল?
উত্তৰঃ স্বায়ত্ত শাসনৰ এটা ৰূপ।
25. ইণ্ডিয়ান এছচিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।
26. চাৰ্লচ উডৰ প্ৰেৰণ পত্ৰক আধুনিক শিক্ষাৰ কি হিচাপে আখ্যা দিয়া হৈছিল?
উত্তৰঃ মেগনা কাটা।
27. ভাৰতবৰ্ষত যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰা হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ।
28. ভাৰতত আধুনিক ইংৰাজী শিক্ষাৰ বাটকটীয়া কোন?
উত্তৰঃ থমাছ বেবিংটন মেকলে।
29. গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড় কেতিয়া আৰু ক’ত নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ।
30. আগ্ৰাক কলিকলাৰ সৈতে টেলিগ্ৰাফ লাইনেৰে কিমান চত সংলগ্ন কৰা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত।
31. প্ৰাৰ্থনা সমাজ কেতিয়া ক’ত আৰু কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৮৬৭ খ্ৰীষ্টাব্দত, মহাৰাষ্ট্ৰত কেশবচন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ।
32. অসমত কেতিয়া আৰু ক’ত ৰেল যোগাযোগ আৰম্ভ হয়?
উত্তৰঃ ১৮৮৩ খ্ৰীষ্টাব্দত শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে।
33. বেদলৈ উভতি যোৱা এই বাণী কোনে প্ৰচাৰ কৰিছিল আৰু কিয়?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে। তেওঁৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম।
34. কেতিয়া আৰু কাৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল?
উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত চালচ উডৰ প্ৰচেষ্টাত।
35. ভাৰতত সংবাদপত্ৰ প্ৰকাশৰ বাটকটীয়া কোন আছিল?
উত্তৰঃ উইলিয়াম হিকি।
36. পলাচী যুদ্ধ কেতিয়া হৈছিল আৰু যুদ্ধৰ সময়ত বংগৰ নবাৱ কোন আছিল?
উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত। সেই সময়ত বংগৰ নবাৱ আছিল চিৰাজুদ্দৌলা।
37. স্বৰাজ আমাৰ জন্মস্বত্ব’ এইবাক্যশাৰী কোনে কেতিয়া কৈছিল?
উত্তৰঃ ১৯০৬ খ্ৰীষ্টাব্দৰ কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত দাদাভাই নৌৰজীয়ে কৈছিল।
38. প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব কোনে গ্ৰহণ কৰিছিল?
উত্তৰঃ জাষ্টিছ মহাদেৱ গোস্বামীয়ে।
39. ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰিছিল?
উত্তৰঃ দাদাভাই নৌৰজীয়ে।
40. কোনে বন্দে মাতৰ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল?
উত্তৰঃ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে।
41. কলিকতাৰ প্ৰেছিডেঙ্গী কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ নামেৰে বৰ্তমানৰ কলিকতাৰ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা হৈছিল।
42. ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া কত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম ৰেল যাতায়াত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ২১ কিঃমিঃ পথত
ৰেল চলাচলৰ সূচনা হয়।
43. ভাৰতত গোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰঃ ১৭৯৭ খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে শ্ৰীৰামপুৰত প্ৰথমটো ছপাশাল স্থাপন কৰে।
44. কাৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰঃ অক্টোভিয়ান হিউম।
45. ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ ১৭৮০ খ্ৰীষ্টাব্দত জেমছ আগষ্টাচ হিকিৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ-পত্ৰ বেংগল গেজেট।
46. ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ
ব্যৱস্থাৰ প্ৰৱৰ্তন হয়।
47. লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
(i) আইনী প্ৰক্ৰিয়াৰে সতীদাব প্ৰথাৰ বিলুপ্তি সাধন।
(ii) কন্যা শিশু বধ বন্ধ কৰা তথা বলি-বিধান বন্ধ কৰি ভাৰতীয় মানুহক অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰা।
48. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰকটো হ’ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ঊণবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। ১৮৫৪ খ্ৰীষ্টাব্দত চাৰ্লচ উড়ৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ’ল আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত এচাম ভাৰতীয়ৰ সন্তত জাতীয়তাবাদৰ উন্মেষণ হয়।
Long Type Questions and Answers (Marks : 4/5)
1. শুদ্ধি কি?
উত্তৰঃ আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াকে ‘শুদ্ধি’ বুলি জনা যায়। হিন্দু ধৰ্মত আগতে অহিন্দু েেলাকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্ৰথা বা নিয়ম নাছিল। স্বামী বিবেকানন্দই প্ৰথম প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল।
2. উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত চাৰ্লচ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডৰ প্ৰেৰণ পত্ৰক আধুনিক শিক্ষাৰ মেনা কাৰ্টা ৰূপে অভিহিত কৰা হয়। এই পত্ৰৰ মূল উদ্দেশ্য আছিল—
(i) প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা যাতে চৰকাৰী পদবীসমূহত যথাৰ্থ প্ৰশিক্ষিত লোকে লাভ কৰিব পাৰে।
(ii) পশ্চিমী সংস্কৃতিৰ প্ৰসাৰ।
(iii) কৰ্তব্য পালনৰ ক্ষেত্ৰত বৃটিছ ৰাজমুকুটৰ প্ৰতি আনুগত্য অক্ষুন্ন ৰখা।
3. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত স্বামী বিবেকানন্দ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা (১৮৮৭ খ্ৰীষ্টাব্দ) কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল— ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্ৰীতিৰ ভাৱ গঢ়ি তুলিব পাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল। বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। তেওঁৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। ১৮৯৩ খ্ৰীষ্টাব্দত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত তেওঁ হিন্দু ধৰ্মৰ ওপৰত দিয়া সাৱলীল বক্তৃতাত আমেৰিকাবাসী মন্ত্ৰমুগ্ধ হৈছিল। তেওঁৰ কৰ্ম চিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল, যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰমনত জাতীয়তাবাদী চেতনাৰ উন্মেষ হৈছিল।
4. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোত কেশৱচন্দ্ৰ সেন। অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ব্ৰাহ্ম বান্ধৱ কেশৱ চন্দ্ৰ সেনে বঙ্গৰ ব্ৰাহ্ম আন্দোলনক। সৰ্বভাৰতীয় আন্দোলনত পৰিণত কৰিবৰ বাবে দেশৰ বিভিন্ন ঠাইলৈ গৈছিল। ১৮৬৪ খ্ৰীষ্টাব্দত তেওঁ বোম্বাই ভ্ৰমণ কৰে। তাৰে ফলশ্ৰুতি হিচাপে পুনাত ১৮৬৭ খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ’ৰ প্ৰেৰণাৰে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠিত হয়। পৰম্পৰাগত মহাৰাষ্ট্ৰীয় সমাজখনক এক গতিশীল অৱস্থালৈ নিয়াৰ কথাই আছিল প্ৰাৰ্থনা সমাজৰ মূল লক্ষ্য। শিক্ষা বিস্তাৰ, জাতি-ভেদ দূৰ কৰা, বিধৱা বিবাহ প্ৰচলন, বাল্য বিবাহ বন্ধ কৰা, পৰ্দা প্ৰথাৰ বিলোপ ঘটোৱা, নাৰীমুক্তি আৰু স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ আদি সামাজিক সংস্কাৰৰ কাৰ্যসূচী লৈ ‘প্ৰাৰ্থনা সভাৰ সদস্যসকলে পশ্চিম ভাৰতত এক সামাজিক জাগৰণ গঢ়ি তোলে। সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক দিশত এক সামগ্ৰিক সংস্কাৰ সাধনৰ কথা ‘প্ৰাৰ্থনা সমাজে’ দাঙি ধৰিছিল। প্ৰাৰ্থনা সমাজৰ উদ্যোক্তাসকলৰ মূল চেষ্টাই আছিল মহাৰাষ্ট্ৰত নৱজাগৰণৰ সৃষ্টি আৰু তাক সাৰ্থক কৰি তোলা। এনেদৰে কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি। সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক সংস্কাৰৰ মাজেদি সমগ্ৰ দক্ষিণ ভাৰতত জাতীয় জাগৰণ গঢ়ি তোলাত অৱদান যোগাইছিল।
5. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দাদাভাই নৌৰজীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ব্ৰিটিছ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে দাদাভাই নৌৰজীৰ নাম উল্লেখনীয়অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা নৌৰজীয়ে পিছত কৰ্মস্থান সলনি কৰি, লণ্ডনত এজন আইনবিদ হিচাপে প্ৰতিষ্ঠিত হৈছিল। ব্ৰিটিছ পালিয়ামেণ্টৰ নিৰ্বাচনত তেওঁ দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। 1892 খ্ৰীষ্টাব্দৰ দ্বিতীয়বাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰি তেওঁ ব্ৰিটিছ কমন্স সভাৰ সদস্য হৈছিল। কমন্স সভাৰ সদস্য হৈয়ে তেওঁ ভাৰতৰ সমস্যাসমূহ দাঙি ধৰি ভাৰতৰ আৰ্থিক দিশটোৰ ওপৰত নজৰ দিবলৈ ব্ৰিটিছ চৰকাৰক সকীয়াই দিছিল। তেওঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইংৰাজে ভাৰতৰ ওপৰত অৰ্থনৈতিক শোষণ চলোৱাৰ কথা জনাইছিল। তেওঁ ব্ৰিটিছ পাৰ্সিয়ামেণ্টৰ বিতৰ্কত অংশগ্ৰহণ কৰি ভাৰতৰ বাবে স্বায়ত্ত শাসনৰ দাবী তুলিছিল। ১৯০৬ খ্ৰীষ্টাব্দৰ কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত তেওঁ ‘স্বৰাজ আমাৰ জন্মস্বত্ব’ এই বাক্যশাৰী উচ্চাৰণ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটোৰ প্ৰথম প্ৰয়োগ তেঁৱেই কৰিছিল।
6. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী সহজ সৰল ব্যক্তি। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ আদৰ্শ দেশে- বিদেশে বিস্তাৰ কৰিছিল। ৰামকৃষ্ণ মিছনৰ বিশেষত্ব আছিল ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। এইদৰে ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শই ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অৱদান যোগাইছিল।
7. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।
উত্তৰঃ আধুনিক পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই দ্ৰুত পৰিৱৰ্তন আনি ভাৰতত জাতীয় চেলা যথেষ্ট অৰিহণা যোগায়। লৰ্ড ডেলহাউচিৰ দিনত (১৮৪৮-৫৬) কলিকতা-ডায়মণ্ড হাৰ্বাৰৰ মাজত টেলিগ্ৰাফ লাইন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত আগ্ৰা, বোম্বে আৰু পেছোৱা আদি। লৈ সংলগ্ন কৰা হয়। ডেলিহাউচিৰ দিনতে ডাক-তাঁৰ বিভাগটোও সংগঠন। কৰা হয়। ডেলহাউচিৰ শাসন কালতে ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বে। আৰু থানেৰ মাজত ভাৰতৰ প্ৰথম ৰেল লাইনত ৰে’ল চলাচল কৰিছিল। এইজনা গৱৰ্ণৰ জেনেৰেলেই মটৰ গাড়ী চলাচলৰ বাবেও ৰাস্তা, দলং নিৰ্মাণৰ বাবে এটা কেন্দ্ৰীয় গড়কাপ্টানি বিভাগ স্থাপন কৰিছিল। কি ভাৰতবৰ্ষ ৰেল-মটৰ চলাচল কৰাৰ ফলত দেশত বিভিন্ন পৰিৱৰ্তনে দেখা দিছিল। বিশেষকৈ কৃষিজাত সামগ্ৰীৰ বাণিজ্যিকীকৰণ কৰা সম্ভৱ। হৈছিল। কৃষিৰ উৎপাদিত সামগ্ৰীনগৰচহৰলৈ, সামুদ্ৰিক বন্দৰলৈ সহজে নিব পৰা হৈছিল। তাৰোপৰি ধৰ্মীয় গোড়ামী, জাতিভেদ প্ৰথা ক্ৰমে শিথিল হৈ আহিছিল আৰু সংকীৰ্ণতা আৰু অন্ধবিশ্বাস লগে লগে। আঁতৰিবলৈ আৰম্ভ কৰে। বিভিন্ন ভাষা-ভাষী ধৰ্ম, জাতৰ মানুহৰ মাজত দেখা-দেখি, ভাব বিনিময় হৈ এক ভাৰতীয় জাতীয়তাৰ ভাব উন্মেষণ হবলৈ ধৰে। ৰে’ল আৰু পৰিবহণে ভাৰবাসীৰ মাজত মিলামিছা কৰাত সহায়ক হৈছিল। ফলত সৰ্বভাৰতীয় সংগঠন, ৰাজনৈতিক সংগঠনসমূহ গঢ়ি উঠাত সহয়ক হৈছিল। ভাৰতবাসীৰ মাজত ঐক্যতাৰ ভাব গঢ়ি উঠাত যথেষ্ট সহায় হৈছিল।
8. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছাল্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি ভোলাত এনি বেছান্টৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ১৮৭৫ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহপ্ত প্ৰতিষ্ঠিত থিয় ছফিকেল ছ’চাইটি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ শাখা কাৰ্যালয়। ১৮৮৫ খ্ৰীষ্টাব্দত মাদ্ৰাজত মুকলি কৰা হয়। এই অনুষ্ঠানটো জনপ্ৰিয়
কৰি তুলিছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে। ম এনি বেছান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওৰত মনোনিবেশ কৰিছিল।
1907 খ্ৰীষ্টাব্দত এনি বেছান্টে বাৰাণসীত প্ৰতিষ্ঠা কৰা ‘চেস্ট্ৰেল হিন্দু কলেজখনেই ১৯১৫ খ্ৰীষ্টাব্দত কাশী বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয়।
এনি বেছান্টে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। ১৯১৬ খ্ৰীষ্টাব্দত “হোমৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল।
9. চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ ৰক্ষণশীল মনোভাৱাপন্ন এচাম ক্ষুদ্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সংস্কাৰ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল। বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য-সংস্কৃতিৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছিল। এক কথাত চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল। আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয়ই আত্ম প্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল। বিদ্ৰোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ। এইদৰে চিপাহী বিদ্ৰোহে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল।
10. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ। চাৰিটা প্ৰভাৰ তলত উল্লেখ কৰা হ’ল—
(i) পাশ্চাত্য শিক্ষাৰ মাজেৰে ভাৰতীয়সকলে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা, চাল-চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল ।
(ii) জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতুহলেৰে ভৰি পৰিছিল। ছাত্ৰ জীৱন শেষ কৰি উভতি অহাসকলে তেওঁলোকৰ নৱ চিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল।
(iii) তেওঁলোকৰমনত একতাৰ ভাব গঢ়ি উঠিছিল।
(iv) পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল।
11. বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত। জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা।
উত্তৰঃ আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰউত্ব উপলব্দি কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুত কেইখন কাকত প্ৰকাশ পাইছিল। দেশীয় ভাষাৰ ক কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত বংগ দৰ্শন’, ‘সঞ্জীৱনী’, ‘আৰ্য্য দৰ্শন’, ‘অমৃত বাজাৰ পত্ৰিকা’ আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল। ১৮৬১ খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষৰ বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুৰ্বিক্ষৰ কৱলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল’ব লগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক চোকা সমালোচনা কৰিছিল। লিটনে ইয়াৰ বাবে দেশীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰিবলৈ ১৮৭৮ খ্ৰীষ্টাব্দত কুখ্যাত ‘প্ৰেছ আইন’ জাৰি কৰিছিল। এই প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুদ্ধ কৰিছিল। ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল।
12. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আৰ্য সমাজ (১৮৭৫) প্ৰতিষ্ঠা কৰিছিল। এই সমাজেও মূৰ্তি পূজা অসাৰ বুলি কৈ এক ঈশ্বৰক বিশ্বাস কৰিছিল। এই সমাজে বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহ আদিক সামাজিক ব্যাধি বুলি জনসমাজত প্ৰচাৰ কৰিছিল। এই সমাজে বিধৱা বিবাহ, স্ত্ৰী শিক্ষাৰ বিস্তাৰত আগভাগ লৈছিল। স্বামী দয়ানন্দৰ মতে বেদত যি লিখা আছে সেয়াই ধৰ্ম। বেদলৈ উভতি যোৱা এইটো তেওঁৰ মহৎ বাণী আছিল। স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান। কৰিছিল। তেওঁ খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। ভাৰতৰ বিভিন্ন ঠাইত আৰ্য সমাজৰ শাখা স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।
13. আলীগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক, কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰঃ ভাৰতীয় মুছলমান সমাজক আলীগড় অনুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব – চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়।
ছাৰ ছৈয়দ আহমদ খানে মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তুলিবলৈ ১৮৬৪ খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী – আদৰ্শ বিদ্যালয় স্থাপন কৰে। ছাৰ ছৈয়দ আহমদ খানে মুছলমান সকলক আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল। তেওঁ ১৮৬৫ খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁ ইংৰাজী ভাষাৰ এ কেইখনমান গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰে। তেওঁ ১৮৭৫ খ্ৰীষ্টাব্দত – প্ৰতিষ্ঠা কৰা মহম্মদান এংলো ইণ্ডিয়ান কলেজে অতি কম সময়ৰ ভিতৰতে পাশ্চাত্য-সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম। কেন্দ্ৰ হৈ পৰিছিল।
ছৈয়দ মহম্মদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছৰ সমভাবাপন্ন আন এটা জীতায় অনুষ্ঠান গঢ়ি তোলাৰ বাবে আলীগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি যোগাইছিল। এই ক্ষেত্ৰত কলেজ অধ্যক্ষ থিওডোৰ বেগে বিশেষ আগভাগ লৈছিল। এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা সংস্কৃতিলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিছিল। ১৯২০ খ্ৰীষ্টাব্দত এই কলেজখন ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল।
14. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালতজন্ম গ্ৰহণ কৰা ৰাজা ৰামমোহন ৰায়েই হৈছে ভাৰবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি (১৭৭২-১৮৩৩)। তেওঁ ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ ছটিয়াই দিছিল। তেঁৱেই আছিল আধুনিক ভাৰত নিৰ্মাণৰ বাটকটীয়া। তেওঁ প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু ইউৰোপীয় (পাশ্চাত্য) এই তিনিওটা সভ্যতাৰ মহাসমন্বয়ক আঁকোৱালি ভাৰতবৰ্ষত নৱযুগৰ সুচনা কৰিছিল। খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনেৰীসকলে হিন্দু ধৰ্মক নিন্দা কৰাত ৰাজা ৰামমোহন ৰায়ে উচিত প্ৰত্যুত্তৰ দিছিল। সেই উদ্দেশ্যে তেওঁ ব্ৰাহ্মণ সেবধি আৰু ব্ৰাহ্মণ মিছনেৰি সংবাদ’ নামৰে দুখন হাতেলিখা পুস্তিকা উলিয়াই তাৰ যোগেদি হিন্দু ধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত কেবাটাই প্ৰবন্ধ লিখি হি, আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত যে কোনো আদৰ্শগত প্ৰভেদ নাই তাক প্ৰতীয়মান কৰিছিল। হিন্দু ধৰ্ম নিকা ভাবমূৰ্তি প্ৰকাশৰ বাবে তেওঁ ১৮১৫ খ্ৰীষ্টাব্দত কলিকতাত ‘আত্মীয় সভা’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্ৰীষ্টাব্দত তেওঁ ব্ৰাহ্ম সভা” নামৰ আন এটা অনুষ্ঠান। স্থাপন কৰিছিল। এই অনুষ্ঠানটো পিছলৈ ব্ৰাহ্ম সমাজ” নামেৰে জনাজাত হয়। তেওঁ ভাৰতীয় প্ৰাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ মাজেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি কৰাৰ লগতে গোড়া ৰক্ষণশীল হিন্দু পুৰোহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্ৰবল আলোড়ন সৃষ্টি কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ অধ্যয়ন চলাই প্ৰাচীন হিন্দুসকলেও একেশ্বৰ বাদত বিশ্বাসী বুলি এই সিদ্ধান্তত উপনীত হৈছিল। তেওঁৰ মতে ঈশ্বৰ এজন আৰু তেওঁ নিৰাকাৰ।
ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক তেওঁ সামাজিক স্বীকৃতি দিয়াইছিল। তেওঁৰ সহযোগত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকে (১৮২৮-৩৫) সতীদাহ প্ৰথা বিলুপ্তি ঘটাইছিল। তেওঁ স্ত্ৰী-শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহে-কেহে খাটিছিল। ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ খ্ৰীষ্টাব্দত কিলকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। এই কলেজখনেই পিছলৈ প্ৰেছিডেন্সি কলেজ। (১৮৫৪ খ্ৰীষ্টাব্দত) নামেৰে জনাজাত হৈছিল।
ৰাজা ৰামমোহন ৰায়ে ভাৰতত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে। কোম্পানীৰ চৰকাৰক আহ্বান জনোৱাৰ লগতে কাপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ, দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ। সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। খেতিয়কসকলৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বৰ্ধিত ভূমিৰ কৰ উঠাই দিবলৈ আহ্বান জনাইছিল। তেওঁ ১৮৩৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ হাউছ অব কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনলৈ গৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চনদৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল।
ৰায়ে দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰিজয়। আদিক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল।
ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰতৰ জন্মদাতা আছিল। আধুনিকতাৰ পৰশ তেওঁ সকলো ক্ষেত্ৰলৈ সমানে ছটিয়াইছিল।
15. ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা।
উত্তৰঃ ১৮৮৫ চন ভাৰত বুৰঞ্জীৰ এক স্মৰণীয় বছৰ। সেই বছৰতে ভাৰতীয় জতীয় কংগ্ৰেছ’ নামৰ এটি অনুষ্ঠানৰ জন্ম হয়। অৱশ্যে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণৰ কাৰণে ভাৰতত ৰাজনৈতিক অনুষ্ঠান গঢ়ি উঠা দেখা যায়। সেইবোৰ আছিল ১৮৩৭ চনত কলিকতাৰ জনিদাৰসকলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ জমিদাৰী এছচিয়েচন নামৰ এটা অনুষ্ঠান গঢ়ি তোলে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ভাৰতত কেইবাটাও বিখ্যাত ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হয়। এইবোৰৰ ভিতৰত পুনাৰ ‘সাৰ্বজনিক সভা”, বংগদেশৰ ইষ্ট ইণ্ডিয়া এছচিয়েচন’, মাদ্ৰাজৰ মহাজনসভা আৰু বম্বেৰ ‘প্ৰেচিডেন্সি এছচিয়েচনৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু এই সকলোবোৰৰ ভিতৰত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে প্ৰতিষ্ঠা কৰা ইণ্ডিয়ান এছচিয়েচনেই আছিল অধিক প্ৰসিদ্ধ।
ইতিমধ্যে ভাৰতবাসীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক – অৱস্থাৰ উন্নতি সাধনৰ বাবে এখন সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান সংগঠন। – কৰিবলৈ অৱসৰপ্ৰাপ্ত আই. চি. এছ. বিষয়া এলেন অক্টোভিয়ান হিউমে – চেষ্ট কৰে। ১৮৮৩ চনৰ ১ মাৰ্চ তাৰিখে শিক্ষিত ভাৰতীয় সমাজৰ প্ৰতীক হিচাপে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰিধাৰী সকলক লৈ দেশমাতাৰ সেৱাৰ বাবে সঁহাৰি বিচাৰি এখন চিঠি লিখে। তাৰ ফলস্বৰূপে ১৮৮৫ চনৰ ২৮ ডিচেম্বৰ তাৰিখে বম্বেত ইণ্ডিয়ান নেচনেল কংগ্ৰেছ’ বা ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। দেশৰ বিভিন্ন প্ৰাক্তৰ ৫০জন প্ৰতিনিধিয়ে ইয়াত যোগদান কৰে। উমেশচন্দ্ৰ বেনাৰ্জীয়ে ইয়াত সভাপতিত্ব কৰিছিল।
16. ইণ্ডিয়ান এছচিয়েছনে কিদৰে জাতীয় চেতনাক এটা সভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল বহলাই লিখা।
উত্তৰঃ ইণ্ডিয়ান এছচিয়েচনে জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে ইণ্ডিয়ান এছচিয়েচন প্ৰতিষ্ঠা কৰিছিল। এটা সামান্য দোষতে আই চি এছ চাকৰি হেৰুৱাব লগা হোৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনোবৃত্তিৰে ভাৰতীয়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা লৈছিল।
সেই সময়ৰ ইংৰাজ চৰকাৰৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড লিটনে। ভাৰতীয়ক আই চি এচ পদত নিয়োগ নকৰাৰ চক্ৰান্ত কৰি আই চি এছ পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমা ১৯-ৰ ৰা ২১ বছলৈ হ্ৰাস কৰিছিল যাতে এজন ১৯ বছৰীয়া ভাৰতীয়ই ইংলেণ্ডত উপস্থিত হৈ আই চি এছ। পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে। সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ বিৰদ্ধে তেওঁ এটা আন্দোলন গঢ়ি তুলিছিল। আই চি এছ পৰীক্ষাক লৈ তেওঁ আন্দোলন কৰিছিল যদিও তেওঁৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয় জাগৰণক ৰাজনৈতিক জাগৰণৰ ৰূপ দিয়া। এই উদ্দেশ্যেৰে তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি সমগ্ৰ ভাৰতজুৰি জনমত গঠনেৰে ইংৰাজ শাসকৰ ভাৰত। বিৰোধী চক্ৰান্ত প্ৰচাৰ কৰিছিল। কিন্তু ইণ্ডিয়ান এছচিয়েছনে লণ্ডনলৈ পঠোৱা বেৰিষ্টাৰ জনৰ বুজনিত ব্ৰিটিছ চৰকাৰে ঘোষৰ যুক্তি মানি ল’বলৈ বাধ্য হৈ আই চি এছ পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমা পুনৰ ২১ বছৰ কৰিছিল।
গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰিপণে (১৮৮০-৮৪) ছাৰ ৰমেশচন্দ্ৰ মিত্ৰক কলিকতা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিয়োগ কৰাত ইউৰোপীয়ানসকল অসন্তুষ্ট হৈ ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছিল। সেই একে সময়তে ব্ৰিটিছ চৰকাৰে ইলবাৰ্ট বিল উত্থাপন কৰি জিলা দণ্ডাধীশ পৰ্যায়ৰ ভাৰতীয় বিচাৰকক অভিযুক্ত ইউৰোপীয়ানক বিচাৰ কৰাৰ ক্ষমতা দিয়া কাৰ্যটোতো ইউৰোপীয়ানসকলে এই বিলখনৰ তীব্ৰ আপত্তি কৰিছিল। সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত ভাৰতীয়সকলে এই বিলখন কাৰ্যকৰী কবিলৈ আপ্ৰান চেষ্টা চলাইছিল। ইবাৰ্ট বিলক কেন্দ্ৰ কৰি ভাৰতীয়ৰ মাজত একতাৰ ভাব গঢ়ি তুলিবলৈ ইণ্ডিয়ান এছচিয়েছনে। জাতীয় সন্মিলন’ নাম দি কলিকতাত এখন জনসভাৰ আয়োজন কৰিছিল। এইখন সভাই জাতীয় কংগ্ৰেছ গঠনৰ পথ প্ৰশস্ত কৰি তুলিছিল।
17. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল ইংৰাজ শাসক আৰু বৃটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয়ই প্ৰতিনিধিত্ব কৰা। এই উদ্দেশ্যে ১৮৯০ খ্ৰীষ্টাব্দত সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সঁজাতী দল ইলেংগুলৈ যায়। কিন্তু ১৮৯২ খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে কাৰ্যতঃ ভাৰতীয়ক একো নিদিয়াত জাতীয় কংগ্ৰেছ হতাশ হৈ পৰিছিল। শান্তিপূৰ্ণ উপায়েৰে। ব্ৰিটিছৰ পৰা একো নোপোৱাত কংগ্ৰেছৰ এচাম নেতাই প্ৰচলিত চিন্তাধাৰাৰ বিপৰীতে গৈছিল। কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিৰ উদ্ভৱ হৈছিল। তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ’বলৈ সকলোকে সকীয়াই দিছিল।
১৯০৫ খ্ৰীষ্টাব্দত জাপানৰ হাতত ৰুছিয়াৰ পৰাজায় আৰু বংগভংগ ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এছিয়াৰ ক্ষুদ্ৰশক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনা জাগ্ৰত কৰিছিল। আনহাতে লৰ্ড কাৰ্জনৰ (১৮৯৯-১৯০৫) বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱ জাগ্ৰত কৰিছিল।
১৯০৫ খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপালকৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিনচন্দ্ৰ পালে বিৰোধিতা কৰিছিল। বিপিনচন্দ্ৰ পালে স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। ফলত কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিল। ১৯০৬ খ্ৰীষ্টাব্দত দাদাভাই নৌৰজীৰ সভাপতিত্বত কলিকতাত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতিৰ কিছু পৰিৱৰ্তন হয়। কিন্তু ১৯০৭ খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছে চৰমপন্থী আৰু নৰমপন্থী দুটা শিবিৰত বিভক্ত হয়। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক (১৮৫৬ ১৯২০), লালা লাজপত ৰায় (১৮৬৫-১৯২৮) আৰু বিপিনচন্দ্ৰ পাল (১৮৫৮-১৯৩২)। এই তিনিজনক একেলগে লালবাল-পাল বোলা হৈছিল। চৰমপন্থী দলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। ১৯১৬ খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল।
18. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা তোলা এটা মুখ্য কাৰক হিচাপে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰঃ কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু কু- সংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে সামাজিক আন্দোলন গঢ়ি তুলিছিল। সমাজত নাৰীৰ প্ৰতি কৰি অহা অৱজ্ঞা, অন্যায় আৰু বঞ্চনাৰ মনোভাবক ভেটা দি এখন যুক্তিবাদী সুশৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। আধুনিক শিক্ষাক আলম হিচাপে লৈৰ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলোৰে মাজত পৰিচয় কৰাৰ প্ৰয়াস এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল।
(ক) ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে। ৰাজা ৰামমোহন ৰায়। তেওঁ হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত কোনো আদৰ্শগত পাৰ্থক্য নাই বুলি তেওঁৰ লিখনিৰ মাজেৰে প্ৰমাণ কৰিছিল। হিন্দু ধৰ্মত দেখা পোৱা দোষ-ত্ৰুটিসমূহ পৰৱৰ্তী যুগৰ ধৰ্মীয় নেতাসকলে। নিজাকৈ তৈয়াৰ কৰা ভুল আচাৰ বুলিহে তেওঁ জনমানসত প্ৰচাৰ কৰিছিল। আত্মৰক্ষাৰ মনোবৃত্তিৰে হিন্দু ধৰ্মক সজীৱ কৰি তোলাৰ উদ্দেশ্যে ধৰ্মীয় সংস্কাৰৰ প্ৰতি তেওঁ মনোযোগ দিছিল। হিন্দু ধৰ্ম নিকা ভাবমূৰ্তি প্ৰকাশ উদ্দেশ্যে তেওঁ ১৮১৫ খ্ৰীষ্টাব্দত কলিকতাত ‘আত্মীয় সভা’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা” নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল। ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে।
হিন্দু ধৰ্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্ৰাচীন ধৰ্মীয় গ্ৰন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। গোড়া-ৰক্ষণশীল হিন্দু পুৰোহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু- সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্ৰবল আলোড়ন সৃষ্টি কৰিছিল।
ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আৱদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়েই গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকে (১৮২৮ ৩৫) সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাইবলৈ সক্ষম হৈছিল। স্ত্ৰী-শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহে-কেহে খাটিছিল। ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ খ্ৰীষ্টাব্দত কিলকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। এই কলেজখনেই পিছলৈ প্ৰেছিডেন্সি কলেজ (১৮৫৪ খ্ৰীষ্টাব্দত) নামেৰে জনাজাত হৈছিল।
ৰাজা ৰামমোহন ৰায়ে ভাৰতত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনোৱাৰ লগতে কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ, দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। খেতিয়কসকলৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বৰ্ধিত ভূমিৰ কৰ উঠাই দিবলৈ আহ্বান জনাইছিল। তেওঁ ১৮৩৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ হাউছ অব কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনলৈ গৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰায়ে দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেবিজয় আদিক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল।
ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰত্ৰ জন্মদাতা আছিল। আধুনিকতাৰ পৰশ তেওঁ সকলো ক্ষেত্ৰলৈ সমানে ছটিয়াইছিল।
(খ) আৰ্য সমাজঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আৰ্য সমাজ (১৮৭৫) প্ৰতিষ্ঠা কৰিছিল। ব্ৰাহ্ম সমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূৰ্তিপূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচৰি কৰিছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি জনসমাজত প্ৰচাৰ কৰিছিল। এই সমাজে বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰত আগভাগ লৈছিল। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা স্বামী দয়ানন্দ সৰস্বতীয়ে ‘বেদলৈ উভতি যোৱা এই বাণীটো প্ৰচাৰ কৰিছিল
(গ) প্ৰাৰ্থনা সমাজঃ ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱচন্দ্ৰ সেনে মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাড়ে। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলন সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰভাৱে। প্ৰেৰণা সঞ্চাৰ কৰিছিল।
(ঘ) ৰামকৃষ্ণ মিছনঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ তেজস্ব ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰৈৰণা – জগাই তুলিছিল।
(ঙ) থিয়’ছফিকেল ছ’চাইটিঃ ১৮৭৫ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহপ্ত প্ৰতিষ্ঠিত থিয়’ছফিকেল ছ’চাইটি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ শাখা কাৰ্যালয় ১৮৮৫ খ্ৰীষ্টাব্দত মাদ্ৰাজত মুকলি কৰা হয়। এই অনুষ্ঠানটো জনপ্ৰিয় কৰি তুলিছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে।
এনি বেছান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিবেশ কৰিছিল। ১৯০৭ খ্ৰীষ্টাব্দত এনি বেছান্টে বাৰাণসীত প্ৰতিষ্ঠা কৰা ‘চেলে হিন্দু কলেজ’খনেই ১৯১৫ খ্ৰীষ্টাব্দত কাশী বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয়।
এনি বেছান্টে ভাৰত্বৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। ১৯১৬ খ্ৰীষ্টাব্দতহোমৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল।
(চ) আলীগড় আন্দোলনঃ ভাৰতীয় মুছলমান সমাজক আলীগড় অনুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়।
মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ঘৰ ছৈয়দ আহমদ খানৰ অৱদান উল্লেখযোগ্য। ১৮৭৫ খ্ৰীষ্টাব্দত তেওঁ আলীগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। এই শিক্ষানুষ্ঠানৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটিছিল। এই অনুষ্ঠানটোৰ যোগেদি ভাতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। ১৯২০ খ্ৰীষ্টাব্দত এই কলেজখন ‘আলিগড় মুছলিম। বিশ্ববিদ্যালয়ত পৰিণত হৈছিল।
এইদৰে দেখা যায় যে ধৰ্ম আৰু সমাজ সংস্কাৰৰ আন্দোলনে ভাৰতীয় জাতীয় জাগৰণৰ এটা প্ৰধান কাৰক হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
19. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ তলত উল্লেখ কৰা কাৰকসমূহে ভাৰতবৰ্ষত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল—
(i) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ ।
(ii) যাতায়াতৰ উন্নতি।
(iii) ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন।
(iv) বাতৰি কাকতৰ ভূমিকা।
(v) জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি।
(vi) ভাৰতীয় জাতীয় কংগ্ৰেছ
উক্ত কাৰকসমূহৰ চমু বিৱৰণ তলত আগবঢ়োৱা হ’ল—
(i) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱঃ ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। বৃটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ১৮৫৪ খ্ৰীষ্টাব্দত চাৰ্লচ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হল।
পাশ্চাত্য শিক্ষাই বংগবাসীক পোন প্ৰথম আলোড়িত কৰিছিল। এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আৰু আনফালে ইয়াৰ শিক্ষা প্ৰতি কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিৰয় হৈ পৰিছিল। দুয়োটাৰে সান্নিধ্যত তেওঁলোকৰ মন-প্ৰাণ নৱ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল। তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা, চাল-চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। ৰুছো, ভল্টেয়াৰ, বাৰ্ক, মেলে, স্পেনচাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। জাতীয়তা, স্ব শাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতুহলেৰে ভৰি পৰিছিল। ছাত্ৰ জীৱন শেষ কৰি উভতি অহাকলে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল। তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল। পৰাধীনতাৰ পৰা মুক্তি পোৱৰ স্বপ্ন তেওঁলোকে দেখিছিল।
কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্ৰথমে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল। আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে স্যাৰে জাহাছে আচ্ছা, হিন্দু স্তা হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল।
(ii) যাতায়াতৰ উন্নতিঃ কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল। ফলত বৃটিছ চৰকাৰে অতি কম সময়ৰ ভিতৰতে গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড, ৰেল’ যাতায়াত ব্যৱস্থা আদিৰ সূচনা। কৰে। ইয়াৰ উপৰিও ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ। মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। এনেদৰে আধুনিক যোগাযোগ ব্যৱস্থাইশিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্তপ্ৰসাৰ কৰিছিল।
(iii) ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনঃ কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু। কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে পিচ সামাজিক আন্দোলন গঢ়ি তুলিছিল। সমাজত নাৰীৰ প্ৰতি কৰি অহা অৱজ্ঞা, অন্যায় আৰু বঞ্চনাৰ মনোভাৱক ভেটা দি এখন যুক্তিবাদী সু শৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। আধুনিক। শিক্ষাক আলম হিচাপে লৈ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলোৰে মাজত পৰিচয় কৰাৰ প্ৰয়াস এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল। তলত তেনে কিছুমান সংস্কাৰ আন্দোলনৰ কথা উল্লেখ কৰা হ’ল—
(ক) ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ।
(খ) স্বামী দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজ।
(গ) প্ৰাৰ্থনা সমাজ। প্ৰতিষ্ঠাপক আছিল কেশৱ চন্দ্ৰ সেন আৰু মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোৱিন্দ ৰাণাডে।
(ঘ) ৰামকৃষ্ণ মিছন আৰু স্বামী বিবেকানন্দ।
(ঙ) আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান থিয়’ছফিয়েল ছ’চাইটি আৰু এনি বেছান্ট।
(চ) আলীগড় আন্দোলন। এই আন্দোলনে ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰিছিল।
(iv) বাতৰি কাকতৰ ভূমিকাঃ ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰত্বৰ্ষত সংবাদ-পত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ ফলস্বৰূপে উনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুত কেইখন কাকত প্ৰকাশ পাইছিল। আঞ্চলিক ভাষাৰ সংবাদপত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কা কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি।
(v) জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতিঃ ইণ্ডিয়ান এছচিয়েচনে জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা কৰিছিল। এটা সামান্য দোষতে আই চি এছ চাকৰি হেৰুৱাব লগা হোৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনোবৃত্তিৰে ভাৰতীয়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা লৈছিল। আই চি এছ পৰীক্ষাক লৈ তেওঁ আন্দোলন কৰিছিল যদিও তেওঁৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয় জাগৰণক ৰাজনৈতিক জাগৰণৰ ৰূপ দিয়া। এই উদ্দেশ্যেৰে তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি সমগ্ৰ ভাৰতজুৰি জনমত গঠনেৰে ইংৰাজ শাসকৰ ভাৰত বিৰোধী চক্ৰান্ত প্ৰচাৰ কৰিছিল।
(vi) ভাৰতীয় জাতীয় কংগ্ৰেছঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিণৰ (১৮৮৪ – ৮৮) কাৰ্যকালত এলেন অক্টোভিয়ান হিউম (১৮২৯ – ১৯১২) নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে (১ মাৰ্চ, ১৮৮৩ খ্ৰীঃ) তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্ৰায় ৫০ জন ছাত্ৰৰ সঁহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্তমৰ্মে ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইত অনুষ্ঠিত মহাসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন-নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। কিন্তু পিছলৈ জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়— এটা নমপন্থী আৰু আনটো চৰমপন্থী। এইদৰে ওপৰোক্তা কাৰকসমূহে ভাৰতীয়সকলৰ মাজত জাতীয়। জাগৰণ গঢ়ি তুলিছিল।