ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটা | ফকৰা যোজনা

ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটাঃ কোনো বস্তু কাটিবলৈ হলে ধাৰ থকা দাৰে সহজে কাটিব পাৰি কিন্তু দাহৰ গাদিৰে কাটিব নোৱাৰি। অবশ্যে যদি কোনো কাৰণত দাহৰ গাদিৰে কাটিব লগা হয় তেন্তে বহুত কষ্টৰ বিনিময়ত কটাও যায়। গতিকে দুয়োটা উপায়েৰে কটা কাৰ্য্য সমাপন কৰিব পাৰি কেৱল কাৰ্য্য সম্পাদন কৰাৰ পদ্ধতিটোহে বেলেগ।

গতিকে আমাৰ মানুহৰ ক্ষেত্ৰতো যদি কোনোৱে প্ৰত্যক্ষ্য ভাৱেই হওক বা পৰোক্ষভাৱেই হওক কাৰোবাৰ অপকাৰ কৰিলে অপকাৰ কৰাকে বুজাব। সেয়েহে নিজেই কৰক বা আনৰ দ্বাৰাই হওক এজনে আনজনৰ অপকাৰ বা অপমান কৰা উচিত নহয়। এনে কার্যকে ধাৰ থকা দাৰে কাটিলেও কটা গাদিৰে কাটিলেও কটা কথাষাৰৰ লগত তুলনা কৰা হৈছে।

অৰ্থাৎ আনৰ বেয়া চিন্তা কৰাটোও যি উপায়েৰে হওক বেয়া কৰাটোৱেই বুজায়। এনে কৰ্মৰ পৰা সকলোৱে বিৰত থকা উচিত।

READ MORE  তুলসীৰ লগত কলপটুৱাৰ মুক্তি | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top