হাতী মাৰি ভুৰুকাত ভৰোৱা | ফকৰা যোজনা

হাতী মাৰি ভুৰুকাত ভৰোৱাঃ হাতী এটা প্রকাণ্ড জন্তু আৰু ভুৰুকা হ’ল এধানমান পাত্র। প্রকাণ্ড হাতী এটা মাৰি ভুৰুকাৰ নিচিনা সৰু পাত্ৰ এটাত ভৰাব নোৱাৰি; ই এক অসম্ভৱ কাম। অসম্ভৱ কাম এটা যেতিয়া সম্ভৱ কৰাৰ নিচিনা হয় তেতিয়া এই যোজনা প্রয়োগ কৰা হয়।

শংকৰদেৱে ভাগৱতৰ নিচিনা প্রকাণ্ড গ্রন্থ এখনৰ সাৰমৰ্ম ‘গুণমালা’ নামৰ সৰু পদ-পুথি এখনত সামৰিছিল; শংকৰদেৱৰ ই আছিল হাতী মাৰী ভুৰুকাত ভৰোৱাৰ নিচিনা কাম; অসাধাৰণ প্ৰতিভা আৰু স্বকীয় দক্ষতাৰ পৰিচায়ক। এনেদৰে প্ৰতিভা আৰু দক্ষতাৰে অসম্ভৱ বা দুঃসাধ্য কাম সম্পন্ন কৰাৰ অৰ্থতে হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয়।

READ MORE  কথাতে কটা যায়, কথাতে বঁটা পায় | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top