ছাত্ৰ জীৱনৰ কৰ্তব্য ৰচনা | ছাত্ৰৰ কৰ্তব্য ৰচনা | ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য অসমীয়া ৰচনা| Duties of Student Life Essay in Assamese | Essay on Duties of Student Life | Assamese Essay on Duties of Student Life | Satrar Sartabya Essay | Satra Jibonor Sartabya Asomiya Essay | Satra Jibonor Sartabya Axomiya Rosona
ছাত্ৰ জীৱনৰ কৰ্তব্য ৰচনা
আৰম্ভণি
শিক্ষা আহৰণত যিসকল লোক ব্ৰতী সেই সকলকে ছাত্ৰ বোলা হয়। শিক্ষা আহৰণৰ ক্ষেত্ৰত বয়সৰ কোনো নিৰ্ধাৰিত সময়-সীমা নাই। যদিও ছাত্ৰ-ছাত্ৰী বুলিলে প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যন্ত যিসকল সৰু ল’ৰা-ছোৱালী আৰু ডেকা-গাভৰুৱে শিক্ষা আহৰণত ব্যস্ত থাকে সেইসকলকে সাধাৰণতে ছাত্ৰ-ছাত্ৰী বুলি ধৰা হয়। ছাত্ৰৰ কৰ্তব্য সম্পৰ্কে সংস্কৃত ভাষাত এষাৰ নীতি বচন আছে- “ছাত্ৰানাং অধ্যয়নং তপং”। অধ্যয়ন ছাত্ৰ- সকলৰ বাবে তপস্যা অৰ্থাৎ ছাত্ৰৰ কৰ্তব্য অধ্যয়ন কৰা।
ছাত্ৰৰ অধ্যয়ন আৰু পৰিৱেশ
ছাত্ৰসকলৰ প্ৰাথমিক বা ঘাই কৰ্তব্য অধ্যয়নৰ দ্বাৰা জ্ঞান আহৰণ কৰা। এই অধ্যয়নৰ বাবে ছাত্ৰসকলক এটা সুস্থ, শান্তিময় পৰিৱেশ লাগে। পৰিশেষ শব্দই ইয়াত বিদ্যালয়, ঘৰ, সমাজ আৰু দেশৰ চাৰিওফালৰ অৱস্থাক বুজায়।
ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য আৰু সমাজ সেৱা
অধ্যয়নৰ জৰিয়তেই ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যৎ জীৱন গঢ়ি তুলিব পাৰে। এই সময়ছোৱাত অধ্যয়নৰ প্ৰতি আৰু শিক্ষা আহৰণৰ প্ৰতি যি সকলে অৱহেলা কৰে, অকণমান সময় অবাবত নষ্ট কৰে, সেই সকলৰ ভবিষ্যৎ জীৱন অন্ধকাৰ। ভবিষ্যতে তেওঁলোকে কোনো কামৰ উপযোগী হৈ নপৰে। সংসাৰত মানুহ হিচাপে জীয়াই থাকিবলৈ বা চলিবলৈ বিভিন্ন সামগ্ৰীৰ লাগতে অনেক গুণৰো প্ৰয়োজন হয়। এই গুণ আৰু প্ৰতিভাসমূহ লাভ হয় ছাত্ৰ জীৱনত অধ্যয়নৰ জৰিয়তে। অধ্যয়নেই ছাত্ৰ জীৱনও মহা ব্ৰত আৰু এই ব্ৰত ফলৱতী হয় সাধনাৰ জৰিয়তে। অধ্যয়নত একান্ত আন্তৰিকতাপূৰ্ণ, মনোযোগ, অধ্যৱসায় ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যোগেদিহে সাধনা আহে। সমাজাৰ কাৰণে নিজকে এজন অতি প্ৰয়োজনীয় আৰু পৰিহাৰ্য ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ছাত্ৰ সকলে একমাত্ৰ অধ্যয়নৰ জৰিয়তে।
পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ প্ৰতি কৰ্তব্য, ঘৰ, গাওঁ, সমাজ তথা দেশৰ প্ৰতি কৰ্তব্য, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, আনকি আধ্যাত্মিক চিন্তাধাৰা আদিসমূহ বিষয়ৰ শিক্ষা লাভ হয় ছাত্ৰ জীৱনতে। এই সকলো আদৰ্শ শিক্ষা ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমত অন্তভুক্ত কৰা হৈছে। গতিকে নিজকে পূৰ্ণ মানুহ হিচাপে গঢ়ি তুলিবলৈ ছাত্ৰ-জীৱনত একান্ত মনোযোগেৰে অধ্যয়ন আৰু সাধনাৰ জমিয়তে আহৰণ কৰিব লাগে।
ছাত্ৰ জীৱনটো হ’ল নিজাৰ বাৰে, সমাজ তথা দেশৰ বাবে উপযুক্ত কৰি গঢ়াত অমূল্য সময়। যিহেতু ছাত্ৰসকল একোখন সমাজৰ উল্লেখযোগ্য অংগ গতিকে সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বও উল্লেখযোগ্য।
ছাত্ৰ-ছাত্ৰীসকলে নিজ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী, গুৰুজন, সন্মানীয় ব্যক্তিসকলক প্ৰতি বাধ্য আৰু শ্ৰদ্ধাভক্তিশীল হোৱা উচিত। ইয়ো ছাত্ৰ-ছাত্ৰীৰ সামাজিক কৰ্তব্য।
গাওঁ বা অঞ্চলত অনুষ্ঠিত সংঘ, পুথিভঁৰাল, উৎসৱ উদযাপন আদিত সাধাৰণতে মুখ্য ভূমিকা লয় ছাত্ৰ-ছাত্ৰীসকলেই। সমাজৰ, গাঁৱত বিভিন্ন সেৱা, সংগঠন আৰু উন্নয়ণৰ বাবেই এনেবোৰ অনুষ্ঠানত নিয়োজিত হয়।
সামৰণি
মুঠতে ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য হ’ল অধ্যায়ন কৰা। অধ্যয়নৰ জৰিয়তে নিজৰ জীৱনৰ লগতে সমাজৰ প্ৰতি নিজক প্ৰয়োজনীয় ব্যক্তি ৰূপে গঢ়ি তোলা। সমাজৰ উন্নয়নৰ এনে এটা কাম নাই যত ছাত্ৰসকল জড়িত নহয়।