মোৰ প্ৰিয় সাহিত্যিক ৰচনা - ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | My Favorite Writer Essay Birendra Kumar Bhattacharya in Assamese

মোৰ প্ৰিয় সাহিত্যিক ৰচনা – ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | My Favorite Writer Essay Birendra Kumar Bhattacharya in Assamese

মোৰ প্ৰিয় সাহিত্যিক ৰচনা – ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | তোমাৰ প্ৰিয় সাহিত্যিক ৰচনা – ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচনা | ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ৰচনা | My Favorite Writer Essay Birendra Kumar Bhattacharya in Assamese | Mor Priya Sahityik Essay Dr Birendra Kumar Bhattacharya In Assamese | Assamese Essay on Birendra Kumar Bhattacharya | Birendra Kumar Bhattacharya Asomiya Rosona| Tomar Priya Sahityik Rosona Birendra Kumar Bhattacharya | Your Favorite Writer Dr Birendra Kumar Bhattacharya Axomiya Rosana


মোৰ প্ৰিয় সাহিত্যিক ৰচনা – ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

আৰম্ভণি

সাহিত্য জাতিৰ দাপোন স্বৰূপ। এই সাহিত্য সৃষ্টি কৰা ব্যক্তিসকলোক সাহিত্যিক বুলি কোৱা হয়। মই যি কেইজন সাহিত্যিকৰ সাহিত্য পঢ়িছো কোনোজনেই মোৰ অপ্ৰিয় নহয়। তথাপি সেই সকলোৰ ভিতৰত বিশেষ এজন সাহিত্যিকৰ সাহিত্যই মোক আপ্লুত কৰে৷ সেই জন সাহিত্যিক হৈছে প্ৰসিদ্ধ অসমীয়া সাহিত্যিক প্ৰথম অসমীয়া “জ্ঞানপীঠ” বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

সাহিত্যিকৰ পৰিচয় (জন্ম-শিক্ষা)

স্বৰাজোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ জন্ম হয় ১৯২৪ চনত শিৱসাগৰ জিলাৰ সোণাৰিৰ ওচবৰ চফ্ৰাই চাহ-বাগিচাত। তেওঁ ডাঙৰ-দীঘল হৈছিল যোৰহাটৰ ঢেকীয়া খোৱা গাঁৱত। যোৰহাটৰ পৰাই তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। ভট্টাচাৰ্যদেৱৰ কৰ্ম জীৱন আৰম্ভ কৰে শিক্ষকতাৰে। শেষৰ ফালে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল আৰু কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ “ৰাম মনোহৰ লোহীয়া আসন”ৰ অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে হাস্যৰস বিষয়ত ডক্টৰেট উপাধি লৈছিল।

ৰচনা-ৰাজিৰ আভাস

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টচাৰ্য আছিল একেৰাহে কবি, গল্পকাৰ, ঔপন্যাসিক আৰু এজন সফল সাংবাদিক। অৱশ্যে ঔপন্যাসিক হিচাপে তেওঁ আছিল জগদ্বিখ্যাত। 

READ MORE  মোৰ প্রিয় গ্রন্থ ৰচনা - মিৰি জীয়ৰী | Mor Priya Grantha Miri Jiyori Essay

“মৃত্যুঞ্জয়”, “ঈয়াৰুইঙ্গম”,“শতঘ্নী” “প্ৰতিবাদ”,“বল্লৰী”,” ৰাজপথে ৰিঙিয়াই” আদি অলেখ উপন্যাসৰ স্ৰষ্টা, ভট্টাচাৰ্যদেৱে- “মৃত্যুঞ্জয়” উপন্যাসৰ বাবে ১৯৭৯ চনত “জ্ঞানপীঠ বঁটা” লাভ কৰে। ১৯৬১ চনত “ঈয়াৰুইঙ্গম” উপন্যাসখনৰ বাবে তেওঁ লাভ কৰিছিল “সাহিত্য অকাডেমী বঁটা”।

এইজন সাহিত্যিকৰ একমাত্ৰ কবিতা পুথি- “সন্ধ্যস্বৰ”। তেওঁৰ গল্প সংকলন কেইখন হ’ল– “কলং আজিও বয়”,“সাতসৰী” “খিৰিকি কাষৰ আসন”। তেওঁ বিভিন্ন আলোচনীত লেখা-মেলা কৰাৰ উপৰিও “ৰামধেনু”, “নৱযুগ”, “অসমীয়া” আদি আলোচনাৰ সম্পাদনাও কৰিছিল।

প্ৰিয় হোৱাৰ কাৰণ

নিজস্ব সৃষ্টিৰে অসমীয়া সাহিত্য সৰ্ব ভাৰতীয় পৰ্যায়ৰ আসনত অধিষ্ঠিত কৰা ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনাৰাজিয়ে পাঠকক সহজেই আকৰ্ষণ কৰে অৰ্থাৎ মই নিজেও আকৰ্ষিত হৈছো। তেওঁৰ সাহিত্যৰ ভাষা স্পষ্টবাদিতা, সৰলতা আদিৰ উপৰিও চৰিত্ৰ সৃষ্টিৰ দক্ষতা, পৰিবেশ সৃষ্টিৰ দক্ষতা, সমাজৰ বলিষ্ঠ প্ৰকাশ আদি সকলোবোৰ দিশ মোৰ মন চুই গৈছে। তাৰোপৰি তেওঁৰ সাহিত্যত প্ৰকাশ পায় বিশ্বৰ সকলো ঠাইত মানুষ অনুভূতি। এই সামাজিক লিখক জনৰ কাব্যৰীতি, উপন্যাসৰ আদৰ্শবাদী, সাহসী চৰিত্ৰবোৰ আৰু অন্তস্পৰ্শী বৰ্ণনাই কেৱল মোকেই নহয়, সকলো পাঠককে মোহিত কৰে।

সামৰণি

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ এক ভাস্কৰ। ১৯৯৭ চনৰ ৬ আগস্ট অৰিখে এইজন সাহিত্যিকে ইহলীলা সম্বৰণ কৰে৷ মহাকালৰ বুকুত খোজ থৈ যোৱা সাহিত্যিক জনাৰ প্ৰতি সম্মান সাঁচি অসমীয়া সন্তান ৰূপে তেখেতৰ লক্ষ্য আৰু আদৰ্শক সমূহীয়া ভাৱে কাৰ্যকৰি কৰিবলৈ মন কৰিলো। 

Leave a Comment

error: Content is protected !!
Scroll to Top