কথাতে কটা যায়, কথাতে বঁটা পায়ঃ মানুহৰ আচাৰ ব্যৱহাৰতেই মানুহৰ পৰিচয় পোৱা যায়। সেয়ে কথা কোৱাৰ সময়ত সকলো দিশ চাইহে কোৱা উচিত। সেয়েহে কোনো ব্যক্তি এজনে আনজনৰ প্ৰিয় পাত্ৰ হ’বলৈ ভাবি চিন্তিহে তেওঁৰ বক্তব্য প্রকট কৰিব লাগে। কথাৰে মানুহৰ মন জয় কৰিব পাৰি। তাৰ বিপৰীতে আনৰ মনত আঘাত পোৱাকৈ নতুবা নানা অকথ্য, ঠাট্টা, অপবাদ কৰিলে আনৰ মনত বিৰাগ বিভাজন বা ঘৃণাৰ পাত্ৰহে হোৱা যাব। সেয়ে ইয়াত মানুহৰ কথাৰ দুটা ৰূপ আছে তাকেই বুজোৱা হৈছে।
গতিকে কথা কওঁতে সময়, পৰিবেশ, পৰিস্থিতিৰ প্ৰতি জ্ঞান থকা জনে সকলোৰে সন্মান আনিবলৈ সক্ষম হয়। এই সন্মান তেওঁলোকৰ বাবে এটা বঁটা বা প্রশংসা স্বৰূপ হয়। সেইদৰে অকথ্য অপ্রিয় কোৱা মানুহে কেতিয়াবা তিৰস্কাৰ, গর্জন আদি শুনিবলগীয়া হয়। ইয়াৰ পৰা ইয়াকে বুজা যায় এনে অযথা কথা কৈ আনৰ পৰা তিৰস্কাৰৰ সন্মুখীন হোৱাতকৈ আমি নিজকে সংযত ৰাখি কথা কবলৈ যত্ন কৰা উচিত।