যি মূলা বাঢ়ে তাৰ দুপাততে চিন | ফকৰা যোজনা

যি মূলা বাঢ়ে তাৰ দুপাততে চিনঃ মুলা গজি যেতিয়া দুপতীয়া হব তেতিয়াই মূলা কেনেকুৱা হ’ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হলে দুপাতত সি লহপহীয়া আৰু সতেজ হ’ব। এই কথাৰে ইয়াকে বুজাব বিছাৰিছে যে সৰু কালতেই ল’ৰা-ছোৱালী কেনে গঢ়ৰ হ’ব তাক বুজিব পৰা যায়।

মানুহৰ ভৱিষ্যতৰ লয়-লক্ষণ, গুন, স্বভাৱ আদি সৰু কালতেই ফুটি ওলাই। যিসকল ভবিষ্যতে বেয়া মানুহ হ’ব তাৰ বেয়া গুন আৰু যিসকল ভাল মানুহ হ’ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে।

READ MORE  উলুৰ লগত বগৰী পোৰা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top