অচিন কাঠৰ থোৰা নলগাবা | ফকৰা যোজনা

অচিন কাঠৰ থোৰা নলগাবাঃ ঘৰ-দুৱাৰ বা মূল্যবান আচবাব আদি সজাওতে আমি জনা-শুনা ভাল কাঠ ব্যৱহাৰ কৰোঁ। কিয়নো এইবোৰ কামত খৰচ বেছি হয় আৰু ক’ৰবাত সামান্য বেয়া কাঠ এচলা থাকিলেও সি গোটেইখনকে নষ্ট কৰি পেলায়। ঢেঁকী-থোৰা তেনে বস্তু নহয় আৰু আওকাঠী থোৰা হলেও তাক সতকাই বদলাব পাৰি। কিন্তু এনে সামান্য ঢেঁকী থোৰাও সময়ত বিপদ বা অসুবিধাৰ কাৰণ হ’বগৈ পাৰে।

যেনে- ঢেঁকীত বিহুৰ সান্দহ সুন্দিবলৈ আৰম্ভ কৰিছে; তেনেতে যেনিবা ক’ৰবাৰ অচিন কাঠৰ থোৱাটো গ’ল চিঙি। হ’ল সান্দহ খন্দা বন্ধ। থোৰাটো ছিটিকি আহি বাঢ়তীব খুন-জখম হোৱাৰো আটক নাই। সেইদৰে অচিন-অজান লোকৰ লগত মিতিৰালি পাতিবলৈ গ’লে বিপদত পৰাৰহে সম্ভাৱনা সৰহ। সেয়েহে অচিন লোকৰ লগত মিতিৰালি পাতিব নালাগে। এয়ে ইয়াৰ অভিপ্রেত অর্থ।

READ MORE  উলুৰ লগত বগৰী পোৰা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top