অধিক মাছত বগলী কণা | ফকৰা যোজনা

অধিক মাছত বগলী কণাঃ মাছ বগলীৰ প্রিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নোহোৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো এৰি কোনটো ধৰিম কৈ ভাবি থাকোঁতেই মাছে পলাই পত্রং দিয়ে। ফলত বগলীয়ে বহু আশাৰে স্থাপ দি থকাতেই যায় আৰু মুখৰ আগত পায়ো হেৰুৱাই নিৰাশ হবলগীয়া হয়। অর্থাৎ ভোগৰ উভৈনদী বস্তু পাই ভোগ কৰিব নোৱাৰাৰ বেদনাত ভূগিব লগা হয়।

সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোঁতে যেতিয়া আশা পূৰণৰ উভৈনদী সুযোগ পায়, তেতিয়া এনেভাবে আনন্দত বিভোৰ হৈ পৰে যে সময়ৰ কৰ্তব্য পাহৰি যায়, ফলত আশা অপুৰণ হৈয়ে থাকি যায়। গতিকে মানুহে অধিক পোৱাৰ আনন্দত নিজ কর্তব্য পাহৰি যোৱা অনুচিত।

READ MORE  এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top