আঁঠুৱা চাই ঠেং মেলা | ফকৰা যোজনা

আঁঠুৱা চাই ঠেং মেলাঃ আঁঠুৱাৰ ভিতৰত আঁঠুৱা যিমান দীঘল সেই হিচাপেহে ভৰি মেলি শুব লাগে, নহ’লে ভৰি লাগি আঁঠুৱা ফাটিব পাৰে অথবা দাং খাই মহ সোমাব পাৰে। এনে হ’লে আঁঠুৱা তৰাৰ কোনো অর্থই নাথাকিব।

ঠিক এনেদৰে যাৰ যিমান সামৰ্থ তেনেদৰে কাম কৰিব লাগে অথবা যাৰ যিমান আয় সেইদৰেহে ব্যয় কৰিব লাগে। আগ-গুৰি ভাবি চাই কাম নকৰিলে বিপদহে মাতি অনা হ’ব।

READ MORE  চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top