তুলসীৰ লগত কলপটুৱাৰ মুক্তি | ফকৰা যোজনা

তুলসীৰ লগত কলপটুৱাৰ মুক্তিঃ তুলসীক পৱিত্ৰ বুলি গণ্য কৰা হয়; সকলো পূজা-পাতল আদিত তুলসীৰ প্রয়োজন। কলপটুৱাৰ খোল সাজি তাতে তুলসীৰ থৈ পুজা-পাতলৰ কামত ব্যৱহাৰ কৰা হয়। কলপটুৱা সাধাৰণ বস্তু; কিন্তু তুলসী নিচিনা পৱিত্ৰ বস্তুক কলপটুৱাত ৰখাৰ কাৰণে কলপটুৱাও পৱিত্ৰ হৈ মুক্তি লাভ কৰিব পৰাৰ নিচিনা হৈ পৰে।

এই যোজনাই ইয়াকে বুজাইছে যে সাধাৰণ বা সামান্যজনেও সন্মানীয় বা গুণীজনৰ লগত থাকিলে সন্মান লাভ কৰিব পাৰে আৰু গৌৰৱৰো অধিকাৰী হ’ব পাৰে।

READ MORE  এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top