বৰগীত (উঠৰে উঠ বাপু) (Borgeet) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


বৰগীত (উঠৰে উঠ বাপু)
মাধৱদেৱ

বৰগীত (উঠ ৰে উঠ বাপু) কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ বৰগীত কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ প্ৰকাশ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ এক মনমুগ্ধ ছবি ফুটাই তুলিছে। এই কবিতাটিত ৰাতিপুৱা এন সুন্দৰ ক্ষণত মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আৰু সুন্দৰ ৰূপ পৰিস্ফুট হৈছে।

যশোদাই কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্ৰাণধন আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ’ল কিন্ত শ্ৰীকৃষ্ণ উঠাই নাই। (উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।।)

যশোদাই শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখযেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্ৰৰ মুখৰ লগত তুলনা কৰি (সুচান্দ বয়ন) তেওঁৰ প্ৰাণধন (মোৰ প্ৰাণধন) বুলি কৈ টোপণি ত্যাগ কৰিবলৈ অনুৰোধ/মিনতি কৰিছে। লগতে যশোদাই কৈছে যে, শ্ৰী কৃষ্ণ হেনো সকলো পুৰুষৰে শীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আৰু তেওঁয়ে ত্ৰিজগতৰ পতি বাপু গোবিন্দ। (মোৰ প্ৰাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ। সব পুৰুষৰ শিৰৰ ভূষণ তুমিসে বাপু গোবিন্দ।।)

মাধৱদেৱে বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে। মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্ৰ (মোৰ পুত্ৰ) বুলি সুৱৰি কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে। (মোৰ পুত্ৰ বুলি যশোদা গোৱালী বুকে বান্ধি কোলে লৈলা। বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা।।)

বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাৰ এক প্ৰসংগও ফুটাই তুলিছে। মাধৱদেৱৰ মতে, যিজন শ্ৰীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়, সেই একে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে।

ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। লগতে, মাধৱদেৱে নিজকে মূৰুখ বুলি উল্লেখ কৰি ত্ৰিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে। (সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে। ত্ৰিজগত পৰি ভকতি মিলিল মূৰুখ মাধৱে বোলে।।)

Very Short Type Questions and Answers (1 Marks)

1. মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ 1489 খৃষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়।

2. মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপক গৰাকীৰ নাম কি আছিল?
উত্তৰঃ মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপক গৰাকীৰ নাম আছিল— ৰাজেন্দ্ৰ অধ্যাপক (Rajendra Adhyapak) ৷

3. শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়।

4. শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্য গৰাকীৰ নাম লিখা।
উত্তৰঃ শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্য গৰাকীৰ নাম হ’ল— মাধৱদেৱ ৷

5. শংকৰদেৱ আৰু মাধৱদেৱে কোনটো ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ৷

6. মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল?
উত্তৰঃ মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ ‘আদিকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল ৷

7. কোনখন গ্ৰন্থক মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় ?
উত্তৰঃ ‘নামঘোষা’ গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।

8. মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰঃ মাধৱদেৱে 157 টা বৰগীত ৰচনা কৰিছিল।

9. ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?
উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা।

10. ‘ত্ৰিজগত পতি’ – এই শব্দ যুগলেৰে কি বুজোৱা হৈছে?
উত্তৰঃ ‘ত্ৰিজগত পতি’ – এই শব্দ যুগলেৰে ভগৱান শ্ৰীকৃষ্ণক বুজোৱা হৈছে।

Short Type Questions and Answers (2 Marks)

1. মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হ’ল—
(ক) পিম্পৰা গুচোৱা।
(খ)অৰ্জুন ভঞ্জন ৷

2. মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে- বাৎসল্য ভাৱৰ প্ৰকাশ। তেওঁৰ বৰগীতসমূহত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা পোৱা যায়।

READ MORE  আঘোণৰ কুঁৱলী | Class 12 Assamese (MIL) - AHSEC

3. ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?
অথবাঃ কিয় ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’, কালিৰাম মেধিয়ে বৰগীতক ‘Great Song বা Song Celestial’ আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই ‘Holy Songs’ বুলি কৈছে বা আখ্যা দিছে?
উত্তৰঃ অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত বৰগীতক ‘বৰগীত’ আখ্যা দিয়া হয়। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’, কালিৰাম মেধিয়ে বৰগীতক ‘Great Song বা Song Celestial’ আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই ‘Holy Songs’ বুলি কৈছে বা আখ্যা দিছে।

4. বৰগীতবোৰ কোনে কি ভাষাত ৰচনা কৰিছিল ?
উত্তৰঃ বৰগীতবোৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল।

5. ‘উঠ ৰে উঠ বাপু’ বুলি কোনে কাক টোপনিৰ পৰা জগাইছে ?
উত্তৰঃ ‘উঠ ৰে উঠ বাপু’ বুলি যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে।

6. ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।— সিদ্ধ মণিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।
উত্তৰঃ সিদ্ধ মুণি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগবান কৃষ্ণক বিচাৰি নাপায়, প্ৰেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰিছে। মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্ৰভাৱ বুলি উল্লেখ কৰিছে।

Long Type Questions and Answers (3 Marks)

1. বৰগীত কাক বোলে বা বৰগীত বুলিলে কি বুজা ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা।
উত্তৰঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী মন্ত মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাব আৰু ৰাগ-তাল-সম্বলিত গীতকেই ‘বৰগীত’ আখ্যা দিয়া হয় বা বোলে। বৰগীতৰ বিষয়বস্তুক ছয় শ্ৰেণী/ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল—
১। লীলা
২। বিৰহ
৩। বিৰক্ত
৪। পৰমাৰ্থ
৫। চোৰ
৬। চাতুৰি

2. ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?
উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৱে আৰাধ্য কৃষ্ণক, বুকুত বান্ধি আৰু কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাই এইদৰে ব্যক্ত কৰিছে।

3. এই শব্দবোৰৰ অৰ্থ লিখাঃ নিশি, পৰভাত, তেজ, নিন্দ, বয়ন, মগন।
উত্তৰঃ

শব্দঅৰ্থ
নিশিৰাতি, নিশা
পৰভাতপ্ৰভাত, ৰাতিপুৱা
তেজত্যাগ কৰা
নিন্দনিদ্ৰা, টোপনি
বয়নমুখ
মগন মগ্ন, নিমজ্জিত হোৱা

4. ‘মোৰ প্ৰাণধন সুচান্দ বয়ন’ বুলি কোনে, কাক, কিয় সম্বোধন কৰিছে ?
উত্তৰঃ ‘মোৰ প্ৰাণধন সুচান্দ বয়ন’ যশোদাই ভগৱান শ্ৰীকৃষ্ণ সম্বোধন কৰিছে। যশোদাই মৰমতে শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্ৰাণধন, সুচান্দ বয়ন আদি বুলি সম্বোধন কৰিছে আৰু টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো মাকৰ নিজৰ শিশুৰ প্ৰতি থকা মৰমৰ নিচিনাকৈ যশোদাৰো পুত্ৰ হিচাপে প্ৰাপ্ত শ্ৰীকৃষ্ণৰ প্ৰতি অশেষ মৰম বিৰাজমান। এই মৰম-চেনেহৰ আলোড়নৰ বাবে যশোদাই মৰমতে মতা এই শব্দবোৰৰ প্ৰয়োগ কৰিছে। লগতে, শুই থকা অভিমানী শ্ৰীকৃষ্ণক জগোৱাৰ নিমিত্তেও মৰমতে এনেদৰে সম্বোধন কৰিছে।

5. ‘মুৰুখ মাধৱে বোলে’- মাধৱদেৱে কিয় নিজকে মুৰ্খ বুলি অভিহিত কৰিছে ?
উত্তৰঃ মাধৱদেৱে নিজকে মুৰ্খ বুলি অভিহিত কৰিছে কাৰণ তেওঁ যিজন মানৱ ৰূপী ভগৱানৰ কথা ব্যক্ত কৰিছে তেওঁৰ সৈতে মাধৱদেৱৰ আকাশ-পাতাল পাৰ্থক্য আছে। সিদ্ধ মুনি, ঋষিসকল, যোগীসকল আদি লোকবিন্দই বহু ধ্যান, বহু সাধনাৰ পাছতো ভগৱান শ্ৰীকৃষ্ণক লগ পাবলৈ সক্ষম নহয়। আনহাতে, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। কিন্তু যশোদাৰ দৰে ভক্তি কৰিবলৈ বা ধ্যান-ধাৰণা কৰিবলৈ মাধৱদেৱ সক্ষম নহয়। সেয়েহে, নিজকে মুৰ্খ বুলি অভিহিত কৰি ভগৱান আৰু গুৰুৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ হৃদয়ত থকা দাস্যভাবৰ প্ৰতিপন্ন কৰিছে।

Long Type Questions and Answers (4 Marks)

1. মহাপুৰুষ মাধৱদেৱ বিৰচিত গ্ৰন্থবোৰৰ তালিকা এখন প্ৰস্তুত কৰা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱ বিৰচিত গ্ৰন্থৰাজি গ্ৰন্থৰ নাম হ’ল—
১। নাম ঘোষা বা হাজাৰি ঘোষা
২। ভক্তি ৰত্নাৱলী
৩। বৰগীত (১৯১ টা বৰগীত)
৪। ঝুমুৰা (৯, একাংকিকীয়া নাট)
৫। জন্ম ৰহস্য
৬। নাম মল্লিকা
৭। বাল্মিকী ৰামায়নৰ আদি কাণ্ড
৮। গুৰু ভটিমা
৯। ধ্যান বৰ্ণনা (শংকৰদেৱৰ কীৰ্ত্তণ ঘোষাৰ তৃতীয় অধ্যায়)

2. ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে / সো হৰি যশোৱা কোলে।’ – সিদ্ধ মুনিসকলে নোপোৱা শ্ৰীকৃষ্ণক যশোৱাই কিহৰ বলত পুত্ৰ হিচাপে লাভ কৰিছিল বুজাই লিখা।
উত্তৰঃ বৰগীত কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ প্ৰকাশ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ এক মনমুগ্ধ ছবি ফুটাই তুলিছে। এই কবিতাটিত ৰাতিপুৱা এন সুন্দৰ ক্ষণত মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আৰু সুন্দৰ ৰূপ পৰিস্ফুট হৈছে।

READ MORE  মগনিয়াৰ | Class 12 Assamese (MIL) - AHSEC

বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাৰ এক প্ৰসংগও ফুটাই তুলিছে। মাধৱদেৱৰ মতে, যিজন শ্ৰীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়, সেই একে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। লগতে, মাধৱদেৱে নিজকে মূৰুখ বুলি উল্লেখ কৰি ত্ৰিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে। (সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে। ত্ৰিজগত পৰি ভকতি মিলিল মূৰুখ মাধৱে বোলে।।)

3. ‘বয়নে চুম্বন কৰি ঘনে ঘনে’ – কোনে কাৰ মুখত কিয় বাৰে বাৰে চুমা খাইছে, বুজাই লিখা
উত্তৰঃ মাধৱদেৱে বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে। মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্ৰ (মোৰ পুত্ৰ) বুলি সুৱৰি কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মৰমতে মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে। (মোৰ পুত্ৰ বুলি যশোদা গোৱালী বুকে বান্ধি কোলে লৈলা। বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা।।)

যশোদাই কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্ৰাণধন আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ’ল কিন্ত শ্ৰীকৃষ্ণ উঠাই নাই। (উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।।)

যশোদাই শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখযেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্ৰৰ মুখৰ লগত তুলনা কৰি (সুচান্দ বয়ন) তেওঁৰ প্ৰাণধন (মোৰ প্ৰাণধন) বুলি কৈ টোপণি ত্যাগ কৰিবলৈ অনুৰোধ/মিনতি কৰিছে। লগতে যশোদাই কৈছে যে, শ্ৰীকৃষ্ণ হেনো সকলো পুৰুষৰে শীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আৰু তেওঁয়ে ত্ৰিজগতৰ পতি বাপু গোবিন্দ। (মোৰ প্ৰাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ। সব পুৰুষৰ শিৰৰ ভূষণ তুমিসে বাপু গোবিন্দ।।)

4. বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি আৰু আধাত্ম্যিক ভাবেৰে পুষ্ট উচ্চ গুণবিশিষ্ট্য ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বোলা হয়।
বৰগীতসমূহৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। ইয়াৰে উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল—
১।বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত।
২। বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম সাহিত্যিক ভাষাত ৰচিত।
৩। বৰগীতবোৰৰ ৰচনা আধ্যাত্মিক ভাবেৰে পুষ্ট।
৪। বৰগীতসমূহত বেদ, উপনিষদ, পুৰাণ আদিত সন্নিবিষ্ট থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক বিষয়বোৰ প্ৰকাশিত হয়।
৫। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰিছিল।
৬। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্ৰৱাহ লক্ষ্য কৰা যায়।
৭। অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত বৰগীত সমূহক আখ্যা দিয়া হয়।
৮। বৰগীতসমূহত লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰি, এই ছয় বিষয়বস্তুক প্ৰাধান্য দিয়া হয়।
৯। বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেবতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়।
১০। শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা বৰগীতসমূহত প্ৰকাশ পাইছে।

Long Type Questions and Answers (5 Marks)

1. ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূলভাৱটো লিখা।
উত্তৰঃ মূলভাৱঃ
বৰগীত কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ প্ৰকাশ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ এক মনমুগ্ধ ছবি ফুটাই তুলিছে। এই কবিতাটিত ৰাতিপুৱা এন সুন্দৰ ক্ষণত মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আৰু সুন্দৰ ৰূপ পৰিস্ফুট হৈছে।

যশোদাই কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্ৰাণধন আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ’ল কিন্ত শ্ৰীকৃষ্ণ উঠাই নাই। (উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।।)

যশোদাই শ্ৰীকৃষ্ণক চন্দ্ৰৰ মুখযেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্ৰৰ মুখৰ লগত তুলনা কৰি (সুচান্দ বয়ন) তেওঁৰ প্ৰাণধন (মোৰ প্ৰাণধন) বুলি কৈ টোপণি ত্যাগ কৰিবলৈ অনুৰোধ/মিনতি কৰিছে। লগতে যশোদাই কৈছে যে, শ্ৰীকৃষ্ণ হেনো সকলো পুৰুষৰে শীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আৰু তেওঁয়ে ত্ৰিজগতৰ পতি বাপু গোবিন্দ। (মোৰ প্ৰাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ। সব পুৰুষৰ শিৰৰ ভূষণ তুমিসে বাপু গোবিন্দ।।)

মাধৱদেৱে বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে। মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্ৰ (মোৰ পুত্ৰ) বুলি সুৱৰি কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে। (মোৰ পুত্ৰ বুলি যশোদা গোৱালী বুকে বান্ধি কোলে লৈলা। বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা।।)

বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাৰ এক প্ৰসংগও ফুটাই তুলিছে। মাধৱদেৱৰ মতে, যিজন শ্ৰীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়, সেই একে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। লগতে, মাধৱদেৱে নিজকে মূৰুখ বুলি উল্লেখ কৰি ত্ৰিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে। (সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে। ত্ৰিজগত পৰি ভকতি মিলিল মূৰুখ মাধৱে বোলে।।)

READ MORE  আনন্দৰাম বৰুৱা | Class 12 Assamese (MIL) - AHSEC

2. ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মাজেৰে মাতৃস্নেহ কিদৰে প্ৰকাশ পাইছে, বুজাই লিখা।
অথবাঃ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উত্তৰঃ বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত ফুটি উঠিছে। পুৱা শুই উঠি মাতৃ যশোদাই পুত্ৰ শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে। যশোদাই কৃষ্ণক মৰমতে বাপু, কমল-নয়ন, প্ৰাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে। সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আৰু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে। সিদ্ধ মুনি, ঋষিমুনি সকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্ৰৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক মাতৃস্নেহেৰে আকোৱালী লৈছে।

3. ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোত শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ অংকন হৈছে বিচাৰ কৰা।
অথবাঃ বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপটো সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে। শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনা কৰিছে। তাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠৰ প্ৰতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।

ইয়াৰ জৰিয়তে, ভক্তিৰ শ্ৰেষ্ঠৰ প্ৰতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এইদৰে ইফালে পুত্ৰৰূপী মানৱীয় ৰূপ আৰু সিদ্ধ মুনি আৰু ঋষিসকলৰ উপমাৰ মাধ্যমেৰে ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে।

4. ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মাজেৰে ভক্তিৰস প্ৰকাশিত হৈছে নেকি বিচাৰ কৰা।
অথবাঃ বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ নামৰ কবিতাটোৰ জৰিয়তে ভক্তিৰ প্ৰকাশ হৃদয়স্পৰ্শী ৰূপত ফুটি উঠিছে।

বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ বৰ্ণনা কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। কাৰণ, যুগে যুগে সিদ্ধমুনি, ঋষিমুনি আদিসবে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায়। সেইজনাকে, পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।

5. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
ত্ৰিজগত পতি ভকতি মিলিল
মুৰুখ মাধৱে বোলে।
উত্তৰঃ প্ৰশ্নোদ্ধৃত ব্যাখ্যা ফাকি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত ‘উঠৰে উঠ বাপু গোপাল হে’- ৰ পৰা তুলি অনা হৈছে।

বৰগীতটোৰ জৰিয়তে ‘ত্ৰিজগতৰ যি অধিকাৰী ভগবান, শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে মূৰুখ বুলি প্ৰসংগ ক্ৰমে উল্লেখ কৰিছে।

এই কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো শ্ৰীকৃষ্ণক বিচাৰি নাপায়। আনহাতে, যশোদাই সেইজন শ্ৰীকৃষ্ণক পৰম ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে আৰু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য হৈছে। মাধৱদেৱে উল্লেখ কৰিছে যে মহা মহা সিদ্ধ মুনি আৰু ঋষিবৃন্দই যাক ধ্যান-ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আৰু লীলা-মাহাত্ম্য বুজিব পৰা নাই। সেই সন্দৰ্ভত আৰু প্ৰসংগত মাধৱে নিজকে ‘মুৰুখ’ বুলি প্ৰতিপন্ন কৰি তেওঁ কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰাত নিজকে হ্ৰেয় প্ৰতিপন্ন কৰিছে।

6. মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফূট হৈছে।

যশোদাই শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্ৰাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। সকলো পুৰুষৰ শিৰৰ ভূষণ হ’ল কৃষ্ণ। যশোদাই ‘মোৰ পুত্ৰ’ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত লৈ বাৰে বাৰে চুমা খাইছে আৰু আনন্দত নিমৰ্জিত হৈছে।

মাধৱদেৱৰ এইদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে। সিদ্ধ মুনি আৰু ঋষিসকলে বহু ধ্যান আৰু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগবানক ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰি স্নেহ কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top