অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা (Axomiya Chalachitrar Gotidhara) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
লেখক- উৎপল দত্ত

Very Short Type Questions and Answers (1 Marks)

1. জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস হ’ল— সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকখন ।

2. জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল ।

3. ‘চিত্ৰবন’ ষ্টডিঅ’ কোনে আৰু ক’ত নিৰ্মাণ কৰিছিল?
উত্তৰঃ ‘চিত্ৰবন’ ষ্টডিঅ’ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিছাত নিৰ্মাণ কৰিছিল ।

4. লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা ।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল— নিমিলা অংক ।

5. লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা ।
উত্তৰঃ লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল— এৰা বাটৰ সুৰ ।

6. প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল?
উত্তৰঃ প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ 1935 চনত মুক্তি লাভ কৰিছিল ।

7. জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম লিখা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম হ’ল— ইন্দ্ৰমালতী ।

8. ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা কোন আছিল?
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা আছিল- ভূপেন হাজৰিকা ।

9. অসমীয়া হাস্য ৰসাত্মক কথাছবি এখনৰ নাম লিখা ।
উত্তৰঃ অসমীয়া হাস্য ৰসাত্মক কথাছবি এখনৰ নাম হ’ল—যোগবিয়োগ ।

10. প্ৰথম অসমীয়া থ্ৰিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি) খনৰ নাম লিখা ।
উত্তৰঃ প্ৰথম অসমীয়া থ্ৰিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি) খনৰ নাম ‘ডাঃ বেজবৰুৱা’ (1969 চন, ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত) ।

Short Type Questions and Answers (2 Marks)

1. জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল— জয়মতী আৰু ইন্দ্ৰমালতী ।

2. ব্ৰজেন বৰুৱা কোন আছিল?
উত্তৰঃ ব্ৰজেন বৰুৱা অসমীয়া চিনেমা জগতৰ এজন প্ৰখ্যাত পৰিচালক আছিল । তেখেতে 1969 চনত প্ৰথম আৱেগ মিশ্ৰিত থ্ৰিলাৰ ছবি হিচাপে ‘ডাঃ বেজবৰুৱা’ নিৰ্মাণ কৰি উলিয়াইছিল । পৰৱৰ্তী পৰ্যায়ত তেখেতে ‘মুকুতা’, ‘ললিতা’, ‘ওপজা সোণৰ মাটি’ আদি ছবিসমূহৰ পৰিচালনাৰে অসমীয়া ছবিজগতক আগুৱাই লৈ গৈছিল । অন্তৰ্দৃশ্য দৃশ্যগ্ৰহণ কৰাৰ উদ্দেশ্যে তেখেতে কলকতা যোৱাৰ পৰিৱৰ্তে অসমৰে সাধাৰণ ঘৰতে দৃশ্যগ্ৰহণৰ কাম কৰিছিল আৰু অসমৰ থলুৱা ল’ৰা-ডেকাকে কাৰিকৰী কাম শিকাই লৈ তেওঁ ছবি পৰিচালনা কৰিছিল ।

3. কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম লিখা ।
উত্তৰঃ কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম হ’ল— ‘অপৰাজেয়’(1970, চতুৰংগ পৰিচালিত) আৰু ‘গঙা চিলনীৰ পাখি’(1976, পদুম বৰুৱাৰ দ্বাৰা পৰিচালিত) ।

4. বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম লিখা ।
উত্তৰঃ বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম আছিল ক্ৰমে- ‘আলয়াৰণ’ (বড়ো), পৰিচালক আছিল-জাওদাং বডোচা আৰু ‘জিৰ চং’(কাৰ্বি), পৰিচালক আছিল-প্ৰফুল্ল শইকীয়া ।

5. অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা ।
উত্তৰঃ অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম- জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকা ।

READ MORE  বাক্যৰ পৰিৱৰ্তন |অসমীয়া ব্যাকৰণ| Transformation of Sentences

Long Type Questions and Answers (3 Marks)

1. এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা- এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা আৰু গঙা চিলনীৰ পাখি ।
উত্তৰঃ এৰা বাটৰ সুৰ কথাছবিখনৰ পৰিচালকৰ নাম হ’ল— ভূপেন হাজৰিকা ।
ডাঃ বেজবৰুৱা কথাছবিখনৰ পৰিচালকৰ নাম হ’ল— ব্ৰজেন বৰুৱা ৷
গঙা চিলনীৰ পাখি কথাছবিখনৰ পৰিচালকৰ নাম হ’ল— পদুম বৰুৱা ।

2. ভবেন্দ নাথ শইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম লিখা ।
উত্তৰঃ ভবেন্দ নাথ শইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম হ’ল— সাৰথি, কোলাহল আৰু আবৰ্তন ।

3. জয়মতী, চিৰাজ আৰু সতী বেউলা- এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইগৰাকীৰ লিখা ।
উত্তৰঃ জয়মতী কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল— জ্যোতিপ্ৰসাদ আগৰৱালা
চিৰাজ কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল— কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
সতী বেউলা কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল— ভূপেন হাজৰিকা ।

4. হাই ডেফিনেচন পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? কোনে, কেতিয়া এই ছবিখন নিৰ্মাণ কৰে?
উত্তৰঃ হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ’ল— ‘জাংফাই জোনাক’ । সঞ্জীৱ সভাপণ্ডিতে 2010 চনত এই ছবিখন নিৰ্মাণ কৰে ।

5. অসমীয়া কথাছবি- শিল্প উদ্যোগ হিচাপে প্ৰতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ অসমীয়া কথাছবি- শিল্প উদ্যোগ হিচাপে প্ৰতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ হ’ল—
(ক) অসমীয়া কথাছবিৰ কাৰিকৰী দিশৰ উচ্চ মানৰ অভাৱ আছে ।
(খ) অসমীয়া কথাছবিৰ বিষয়বস্তুৰ বৌদ্ধিক গুণ আৰু দাৰ্শনিক সমলৰ অভাৱ পৰিলক্ষিত হয় ।
(গ) অসমীয়া কথাছবিৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱে বাৰুকৈয়ে প্ৰভাৱ পেলায় ।

Long Type Questions and Answers (4 Marks)

1. জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ কথাছবি সম্পৰ্কে এটি টোকা প্ৰস্তত কৰা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ হ’ল অসমীয়া চিনেমাৰ প্ৰথমখন কথাছবি । এই কথাছবিখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত ৰচিত হৈছিল । তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নামৰ ষ্টুডিঅ’ সাজি ‘জয়মতীৰ’ দৃশ্যগ্ৰহণ কৰিছিল । লাহোৰৰ ষ্টুডিঅ’ত জয়মতী ছবিখনৰ সম্পাদনা কৰা হৈছিল । 1935 চনৰ 10 মাৰ্চ তাৰিখে কলকতাৰ ‘ৰাউনাক’ পেক্ষাগৃহত এই ছবিখনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিল । এই ছবিখন 1935 চনৰ 20 মাৰ্চত গুৱাহাটীত মুক্তিলাভ কৰিছিল ।

অসমীয়াৰ প্ৰথমখন ছবি বাবে অসমৰ ৰাইজৰ আগ্ৰহ অসীম আগ্ৰহ আছিল। ‘জয়মতী ছবিখনৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ হৈছিল আৰু ছবিখনৰ বাবে বহু টকা লোকচান ভৰিবলগীয়াও হৈছিল । তথাপিও ৰাইজৰ অত্যন্ত সমাদাৰ লাভ কৰিছিল । ‘জয়মতি’ অতীত গৌৰৱৰ কাহিনী আছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত এই কাহিনীটোয়ে ঐত্যহ্যৰ বাবে এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হিচাপে খ্যাত হৈ পৰিছিল ।

2. অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ লগত বিষ্ণু প্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কিদৰে জৰিত, দহোটামান বাক্যৰে উত্তৰ লিখা ।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ লগত বিষ্ণু প্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কম-বেছি পৰিমাণে জড়িত । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচলনা কৰি অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল ।

কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম আছিল- ‘অপৰাজেয়’(1970, চতুৰংগ পৰিচালিত) আৰু আনখন হ’ল— ‘গঙা চিলনীৰ পাখি’ । এই ছবিখন 1976 চনত পদুম বৰুৱাৰ দ্বাৰা পৰিচালিত এক উল্লেখযোগ্য ছবি আছিল । পদুম বৰুৱাৰ এই ছবিখনে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰণাটোক শক্তিশালী কৰি তুলিছিল ।

1955 চনত লক্ষ্যধৰ চৌধুৰীয়ে ‘নিমিলা অংক’ নামৰ এক মধ্যবিত্তীয় সমাজৰ ছবি নিৰ্মাণ কৰিছিল । এই ছবিখনে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটায় ।

1956 চনত ভূপেন হাজৰিকাদেৱৰ দ্বাৰা পৰিচালিত ‘এৰা বাটৰ সুৰ’ ছবিখন নিৰ্মাণ কৰা হৈছিল । এই ছবিখনত ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰে কন্ঠদান কৰিছিল আৰু অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰিছিল ।

READ MORE  উভতি নহাৰ কবিতা | Class 12 Assamese (MIL) - AHSEC

3. ‘ব্যৱসায়িক ভাৱে সফল অসমীয়া কথাছবি’ শীৰ্ষক চমু প্ৰবন্ধ এটি লিখা ।
উত্তৰঃ প্ৰথম কথাছবি হিচাপে ‘জয়মতি’ৰ নিৰ্মাণত খৰচ আৰু লোকচান হৈছিল । কিন্তু 1939 চনত নিৰ্মাণ কৰি উলিওৱা ইন্দ্ৰমালতী ছবিখন ব্যৱসায়িক দিশত সফল হৈছিল । এই ছবিখনে ‘জয়মতী’ত হোৱা ক্ষয়-ক্ষতিসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছিল ।

1969 চনত ব্যৱসায়িক ভাৱে সফল অসমীয়া কথাছবি আছিল- ‘ডাঃ বেজবৰুৱা’ । ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে সফল ব্যৱসায়ৰ বাৰ্তা বহন কৰিছিল আৰু বহু পৰিচালকে সেই বাটেৰে বাট বুলিছিল ।

1998 চনত মুক্তি লাভ কৰা আন এক উল্লেখনীয় ছবি আছিল- ‘যৌৱনে আমনি কৰে’ । অশোক কুমাৰ বিষয়াৰ দ্বাৰা নিৰ্মিত এই ছবিখনে অসমীয়া ছবিৰ ব্যৱসায়ৰ বৰ্ণহীন ছবিখনক উজ্জ্বল কৰি তুলিছিল । এই ছবিখনৰ সাফল্যতাৰ বাবে বহু নিৰ্মাতাই হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদানৰ সমাবেশ ঘটায় চিনেমা নিৰ্মাণ কৰিছিল ।

অসমীয়া চিনেমাৰ আন কেইখন সফল চিনেমা আছিল- ‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ আদি । ইয়াৰ সমসাময়িকভাৱে ব্যৱসায়িক দিশত সফল লাভ কৰা চিনেমাখন হ’ল— মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ ।

4. অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাত অসমীয়া চিনেমাৰ থন ধৰি উঠিছিল । অসম চৰকাৰে পাছলৈ অসমীয়া চিনেমা নিৰ্মাণ আৰু কাৰুকাৰ্যৰ পৰিপেক্ষিতত আৰ্থিক অনুদান প্ৰদান কৰিছিল । অসম চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ‘জ্যোতিচিত্ৰবন ছোছাইটি’ নামৰ ষ্টুডিঅ’ কমপ্লেক্স এটি নিৰ্মাণ কৰিছিল । ইয়াৰ সহায়ত অসমৰ চলচ্চিত্ৰ নিৰ্মাণ কৰ্তাসকলে প্ৰযোজনাৰ বাবে বাহিৰত নোযোৱাকৈ এই ‘ছবি গৃহ’ৰ সহায়ত প্ৰযোজনা কৰিবলৈ সক্ষম হৈছিল ।

লগতে অসম চৰকাৰে ‘জ্যোতিচিত্ৰবন ছোছাইটি’ নামৰ ষ্টুডিঅ’ কমপ্লেক্সৰ চৌহদতে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ এক চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খন স্থাপন কৰিছিল । ইয়াৰ উপৰি, অসম চৰকাৰে চিনেমা প্ৰযোজনাৰ সহায়ক হোৱাকৈ ‘অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম’ স্থাপন কৰিছিল । সমসাময়িকভাৱে, অসম চৰকাৰে চলচিত্ৰ সংগ্ৰাহলয় আৰু আৰ্কাইভ স্থাপন কৰি অসমীয়া চিনেমা জগতত সহায় কৰিছে ।

5. ‘অসমীয়া চলচ্চিত্ৰৰ সংগীত আৰু সংগীত পৰিচালক’ শীৰ্ষক চমু প্ৰবন্ধ এটি প্ৰস্তুত কৰা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ সংগীত পৰিচালনা কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাই ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল । ভূপেন হাজৰীকা দেৱে ‘সতী বেউলা’ ছবিখনৰ সংগীত পৰিচালক কৰিছিল আৰু সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল । তেখেতে ‘চামেলি মেমচাব’ ছবিখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

প্ৰখ্যাত ব্ৰজেন বৰুৱাই ‘স্মৃতিৰ পৰশ’ ছবিখনত অভিনেতা আৰু সংগীত পৰিচালক কৰিছিল । গায়ক ৰমেন বৰুৱাই ‘ডাঃ বেজবৰুৱা’ ছবিখনৰ মাধ্যমেৰে সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠিত হৈছিল । অসমৰ এন কেইগৰাকীমান খ্যাত সংগীত পৰিচালক হ’ল— জিতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ আদি ।

Long Type Questions and Answers (5 Marks)

1. অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল । তাৰ পাছত তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলম লৈ 1935 চনৰ 10 মাৰ্চ তাৰিখত ‘জয়মতী’ নামৰ কথাছবিখনেৰে অসমীয়া চিনেমা জগতৰ আৰম্ভণি কৰিছিল । প্ৰথম অসমীয়া চিনেমা হোৱা পৰিপেক্ষিতত সকলো অসমীয়াৰ মন মুগ্ধ কৰিছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বহুতো অভাৱ, ব্যয় আৰু টকা লোকচানৰ সন্মুখীন হব লগা হৈছিল ।

অসমীয়া চিনেমা জগতৰ বাবে তেওঁ দ্বিতীয়খন চিনেমা ‘ইন্দ্ৰমালতী’ 1939 চনত নিৰ্মাণ কৰি উলিয়াইছিল । অতীত গৌৰৱ কাহিনীৰে ‘জয়মতি’ আৰু স্বাধীনতা আন্দোলনৰ আদৰ্শৰে ‘ইন্দ্ৰমালতি’ নিৰ্মাণ কৰি তেওঁ অসমীয়া চিনেমা জগতৰ বাবে দেশপ্ৰেমৰ আদৰ্শ জাগ্ৰত কৰিছিল । ছবি নিৰ্মাণ কৰি অধিক লাভজনক হোৱা নাছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চলচ্চিত্ৰ কলাটি ভালপোৱা আৰু ছবিৰ মাধ্যমেৰে জনগণৰ বাবে কিছু আদৰ্শ আৰু প্ৰেৰণা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিছিল । অসমীয়া ছবি নিৰ্মাণ কৰাৰ বাবে অতি সুবিধা নাছিল যদিও তেখেতে প্ৰথমে ‘চিত্ৰবন’ ষ্টুডিঅ’ আৰু পাছত কলকতাৰ ‘অৰোৰা ষ্টুডিঅ’ত ছবিৰ দ্ৰাবিং আৰু আন আন সম্পাদন কৰিছিল ।

READ MORE  ভাৰতীয় আদৰ্শত বৈৰাগ্য | Class 12 Assamese (MIL) - AHSEC

2. অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকা দেৱৰ অৱদান অতুলনীয় আছিল । তেখেতে 1956 চনত ‘এৰা বাটৰ সুৰ’ ছবিখনৰ মাধ্যমেৰে অসমৰ মাটিৰ সুৰৰ ওপৰত আৰু স্বদেশ প্ৰেমৰ ভাব চিনেমাৰ জৰীয়তে ফুটাই তুলিছিল । ‘এৰা বাটৰ সুৰ’ ছবিখনৰ বিখ্যাত সংগীতজ্ঞ প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কন্ঠৰ গীত সংলগ্ন কৰি অসমীয়া চলচ্চিত্ৰ জগতখনক এদোপ আগুৱাই নিবলৈ সক্ষম হৈছিল ।

অসমীয়া ছবিক দুপত দুপে আগবঢ়াই নিয়াৰ নিমিত্তে তেখেতে 1965 চনত খাচি লোককথাৰ ভেটিত ‘প্ৰতিধ্বনি’ নিৰ্মাণ কৰিছিল । পাছত এই ছবিখন খাচি ভাষালৈ ‘ডাব’ কৰি তেওঁলোকৰ সংস্কৃতিকো উতগনি জোগাছিল ।

অসমীয়া চিনেমাৰ উৎকন্ঠা বঢ়াবৰ বাবে তেওঁ হিন্দী ছবি ‘তকদীৰ’(ভাগ্য) চিনেমাখনক অসমীয়ালৈ ‘ডাব’ কৰিছিল । ভূপেন হাজৰিকাদেৱে ৰাজশ্ৰী প্ৰডাকচনৰ সৈতে যৌথ প্ৰযোজনাৰে ‘চিকমিক বিজুলি’ নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ মুধৰতাৰ প্ৰদান কৰিছিল । এইখনেই আছিল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰে প্ৰথমখন অসমীয়া ছবি । ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা অসমীয়া ছবিত ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হৈছিল ।

3. ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰ শিল্পলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভৱেন্দ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অভূতপূৰ্ব অবদান আছে । ভবেন্দ নাথ শইকীয়াদেৱৰ 1977 চনত নিৰ্মাণ হোৱা ‘সন্ধ্যাৰাগ’ ছবিখনে ব্যৱসায়িক আৰু কলাগত সফলতাই অসমীয়া চিনেমাগজগতক একদুপ আগুৱাই নিবলৈ সক্ষম হৈছিল । তেখেতৰ এই ছবিখনৰ মাধ্যমেৰে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাটোৰ সঞ্চাৰ ঘটিছিল । অসমীয়া চিনেমা জগতৰ বাবে আগবঢ়োৱা তেখেতৰ আন আন ছবিসমূহ আছিল- ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবৰ্তন’, ‘ইতিহাস’ আদি । তেখেতে হিন্দী ভাষাত ‘কালসন্ধ্যা’ ছবিখন পৰিচালনা কৰি অসমীয়াৰ মান একদুপ বৃদ্ধি কৰিছিল ।

জাহ্নু বৰুৱাই সমসাময়িকভাৱে অসমীয়া চলচ্চিত্ৰলৈ অৰিহণা জোগাইছিল । তেখেতৰ ‘অপৰূপা’ ছবিখনে অসমীয়া চিনেমাৰ মধুৰতাৰ ভাৱ প্ৰদান কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ ছবিসমূহে দেশৰ ভিতৰে আৰু বাহিৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতে বাস্তৱধৰ্মী ছবিৰ মাধ্যমেৰে অসমীয়া ছবিজগতক এক আদৰ্শ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিছিল ।

4. অসমীয়া বিনোদধৰ্মী চলচ্চিত্ৰৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা ।
উত্তৰঃ অসমীয়া বিনোদধৰ্মীৰ চিনেমাৰ অতিকৈ প্ৰফুল্লিত হৈছিল 1969 চনত ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ চিনেমাখনৰ মাধ্যমেৰে । এই ছবিসমূহে দৰ্শকক উপভোগ্য ছবিৰ উপহাৰ প্ৰদান কৰিছিল । এই ছবিসমূহৰ কাহিনী আছিল-আৱেগপূৰ্ণ আৰু নাতকীয় উপাদানেৰে ভৰপূৰ । ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্ৰহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, আজলী নবৌ আদি বিনোদধৰ্মীমূলক অসমীয়া ছবি ।

এই ছবিসমূহ চলচ্চিত্ৰ ভাষাৰ দিশৰ পঢ়া অতি উচ্চ খাপৰ নাছিল । তথাপি, এই ছবিসমূহে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান জনাই এক নিটোল গ্ৰহণযোগ্য কাহিনীৰে মনোযোগ আকৰ্ষণ কৰিছিল । বিনোদধৰ্মী ছবিসমূহৰ কেইজনমান খ্যাত পৰিচালক আছিল- নিপ বৰুৱা, দ্বিবন বৰুৱা, আব্দুল মজিদ, শিৱ ঠাকুৰ আদি ।

5. অসমীয়া কথাছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ অসমীয়া কথাছবিয়ে প্ৰথমটো পুৰস্কাৰ 1955 চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনৰ বাবে ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰিবলৈ সক্ষম হৈছিল । ড° ভূপেন হাজৰিকা দেৱে ‘চামেলি মেমচাব’ ছবিখনৰ সংগীত পৰিচালনাৰ বাবে প্ৰথমটো ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ অৰ্জন কৰিছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত, ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । জাহ্নু বৰুৱাৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে ‘শ্ৰেষ্ঠ পৰিচালকৰ বঁটা’ লাভ কৰিছিল ।

ৰাষ্ট্ৰীৰ বটা প্ৰাপ্ত আন কেইখনমান খায়ত অসমীয়া ছবি হ’ল— ‘ৰাগ বিৰাগ’(বিদ্যুত চক্ৰৱৰ্তী), ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা), ‘ৱশ্ব’বিপু’(গৌতম বৰা), ‘হালধীয়া চৰায়ে বাওধান খায়’(জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভব’ (মঞ্জু বৰা), ‘তৰা’(জাহ্নু বৰুৱা), ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই’(মঞ্জু বৰা) আদি ।

আন আন শিতানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকীমান হ’ল— শ্বেৰ চৌধুৰী(সংগীত পৰিচালনাৰ বাবে), মলয়া গোস্বামী(অভিনয়), এ শ্ৰীকৰ প্ৰসাদ(সম্পাদনা), মৃণালকান্তি দাস(চিত্ৰগ্ৰহণ)আদি । অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল- ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়া ।

Leave a Comment

error: Content is protected !!
Scroll to Top